প্ৰৱন্ধঃ যেতিয়া কবিতাই দিয়ে মানুহৰ মুক্তি-পথৰ সন্ধান ::ডo কমল কুমাৰ তাঁতী - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
প্ৰৱন্ধঃ যেতিয়া কবিতাই দিয়ে মানুহৰ মুক্তি-পথৰ সন্ধান ::ডo কমল কুমাৰ তাঁতী

প্ৰৱন্ধঃ যেতিয়া কবিতাই দিয়ে মানুহৰ মুক্তি-পথৰ সন্ধান ::ডo কমল কুমাৰ তাঁতী

Share This
কৈশোৰ-যৌৱনৰ সন্ধিক্ষণত কটন মহাবিদ্যালয়লৈ পঢ়িবলৈ আহি যেতিয়া পঢ়াশুনাৰ লগে লগে ক্ৰমান্বয়ে কবিতা লেখা আৰু পিছলৈ ছাত্ৰ-ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিলোঁ, তেতিয়া আন কেইবাটাও অসমীয়া কবিতাৰ দৰে মোৰ অন্যতম প্ৰিয় কবিতা দুটা আছিল: ‘ৰাতিৰ কবিতা’ আৰু ‘মৃতদেহ চিনাক্তকৰণ’। 
এতিয়াও যেতিয়া নিজৰ সৈতে মুখামুখি হ’ব খোঁজো, তেতিয়াও পুন:পুন: মনত পেলাওঁ এই কবিতা দুটাৰ অবিস্মৰণীয় পংক্তিবোৰ: “ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য / কিন্তু ৰাতিৰ কবিতাই পাৰে” (ৰাতিৰ কবিতা); “চাই যোৱা মুখবোৰ / চিনি উলিওৱা তাহানিৰ আপোনজনক / নাই নাই / ওভতাই পাবলৈ নহয় নহয় / চিনি উলিওৱা আজি আৰু ভালদৰে হেৰুৱাবলৈ” (মৃতদেহ চিনাক্তকৰণ)। দ্বিতীয়টো পংক্তিৰ মাজেৰেই আচলতে হেমাংগদা যেন মোৰ সন্মুখত জীৱন্ত হৈ আমাৰ চ’ৰাঘৰৰ চকীখনত বহি লৈ মাত দিয়েহি: কেনে আছা কমল ? মোৰ মুখৰ মাত পিছে নোলায়। কিয়নো ‘তাহানিৰ আপোনজন’ হেমাংগ কুমাৰ দত্তক ‘আজি আৰু ভালদৰে হেৰুৱাব’ নোখোঁজো। 

প্ৰকৃততে মই কোনোদিনেই হেমাংগ কুমাৰ দত্তক মোৰপৰা নিলগলৈ গুছি যাবলৈ দিয়া নাই; বৰং যোৱা প্ৰায় দুটা দশকধৰি মই হেমাংগ কুমাৰ দত্তক লৈ ফুৰিছোঁ নিজৰ মগজুৰ অভ্যন্তৰত, মনৰ মাজত, প্ৰতি মুহূৰ্ততে; যিবোৰ মুহূৰ্তত মই নিজৰ সৈতে মুখামুখি হওঁ, যিবোৰ মুহূৰ্তত মই হেজাৰ হেজাৰ মানুহৰ সন্মুখত থিয় হৈ মানুহৰ মুক্তিৰ সপোন দেখোঁ। মানুহৰ মুক্তিৰ সপোন আৰু কবি হেমাংগ কুমাৰ দত্ত যেন সমাৰ্থক !

যোৱাটো শতিকাৰ নব্বৈৰ দশকৰ আৰম্ভণিতে আত্মপ্ৰকাশ কৰি কবি হেমাংগ কুমাৰ দত্তই অসমীয়া কবিতাৰ অপাৰ সম্ভাৱনীয়তাসমূহ আটকীয়াকৈ আঙুলিয়াই দিয়ে ৷ সেইজন তৰুণ অসমীয়া কবি আছিল তদানীন্তন অসমীয়া কবিতাৰ সকলোতকৈ উজ্জ্বলতৰ জ্যোতিষ্ক’সমূহৰ নৱতম জ্যোতিষ্ক’৷ পিছে যোৱা প্ৰায় এটা দশকতকৈও অধিককাল অসমীয়া কবিতাৰপৰা আৰু অসমীয়া সমাজ-জীৱনৰপৰা হেমাংগ কুমাৰ দত্ত সম্পূৰ্ণভাৱে নিৰুদিষ্ট হৈ আছে ৷ কোনেও নাজানে হেমাংগ কুমাৰ দত্ত ক’ত আছে ! সাম্প্ৰতিক অসমীয়া কবিতাৰ বাবে এইটোৱেই হয়তো সকলোতকৈ দূখ:জনক ঘটনা !! কেৱলমাত্ৰ ২৫টা কবিতা সন্নিবিষ্ট “অথবা” শীৰ্ষক এখন ক্ষুদ্ৰকায় কবিতাপুথি আৰু পৰৱৰ্তী সময়ত বিভিন্ন কাততে-পত্ৰই প্ৰকাশিত কেইটামান কবিতা, গীত আৰু কেইখনমান ৰচনাৰ জৰিয়তে আজিও অসমীয়া সাহিত্যজগতত নিজৰ সুকীয়া, একক, সবল স্থিতি ঘোষণা কৰি তাৰ জৰিয়তে অসমীয়া পাঠকসমাজক বিস্ময়-বিমুগ্ধ কৰি ৰখা কবি হেমাংগ কুমাৰ দত্তৰ প্ৰসংগ উত্থাপন হ’লেই একেলগে অনেক প্ৰশ্ন উঠে – কেনে আছে হেমাংগ কুমাৰ দত্ত ? ক’ত আছে নিৰুদ্দিষ্ট কবি? জীৱিত নে মৃত? যদি জীয়াই আছে, ক’ত আছে তেওঁ? এইবোৰ প্ৰশ্নৰ উত্তৰ এই মুহূৰ্তত কাৰোবাৰ ওচৰত আছে বুলি মই নাভাবোঁ।

প্ৰায়েই গধূলি সময়ত মনত পৰে হেমাংগদালৈ। কেনে আছে বাৰু কবি? কায়িকভাৱে কৰিব নোৱাৰিলেও, মানসিকভাৱে সন্ধান চলি থাকে হেমাংগদাৰ। মোৰ মনত দোলা দি যায় বহুকেইটা প্ৰশ্নই: হেমাংগদা কেতিয়াকৈ ঘূৰি আহিব? ঘূৰি আহি ওলাবহি নেকি মোৰ ঘৰ? ক’ব নেকি যে কমল, নতুন কবিতা শুনিবা? শুনিবা নেকি মই লিখা নতুন গীত? তেনেবোৰ প্ৰশ্নই মনত খুন্দিয়াই থকাৰ সময়তে হঠাতে কাম এটা কৰিলোঁ। 

জনপ্ৰিয় সামাজিক মাধ্যম ‘ফেচবুক’ত ২০১৮ চনৰ ৩০ মাৰ্চৰ দিনা এটা আপডেট দিলোঁ: “হেমাংগ কুমাৰ দত্তৰ ‘অথবা’ শীৰ্ষক কবিতা-সংকলনখন প্ৰকাশিত হৈছিল ২০০০ চনৰ ডিছেম্বৰ মাহত; যিখন গ্ৰন্থই আমাৰ দৰে অসমীয়া কবিতাৰ সাধাৰণ পাঠকক আজিও বিস্ময়-বিমুগ্ধ কৰি আহিছে৷ কিতাপখন এতিয়া বজাৰত পাবলৈ নাই; কিয়নো ২০০০ চনত কেৱল কেইশমান কপি প্ৰকাশিত হোৱাৰ পিছত কিতাপখনৰ দ্বিতীয় সংস্কৰণ ওলোৱা নাই ৷ বহু পাঠকে বহু সময়ত আমাক কিতাপখন বিচাৰি যোগাযোগ কৰিলেও নিজৰ কপিটো নিজৰ হাতত নথকাৰ বাবে সকলোকে নিৰাশ কৰি আহিছিলোঁ ৷ তেনে সময়তে এদিন ব্যক্তিগত আলোচনাৰ মাজতে, অসম বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ড° সূৰ্যশিখা পাঠক বাইদেৱে জনালে যে তেওঁৰ ব্যক্তিগত সংগ্ৰহত কিতাপখনৰ কপি এটা আছে৷ আলোচনামৰ্মে ঠিক হ’ল যে, তেওঁ কিতাপখনৰ এটা Scanned PDF কপি কৰি উলিয়াব, যাতে কোনো সদাশয় আগ্ৰহী পাঠকে কিতাপখনৰ কবিতাবোৰ পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰিলে, তেওঁলৈ ই-মেইল বা WhatsApp যোগে কিতাপখন পঠিওৱা হ’ব ৷ সুখৰ খবৰ যে, হেমাংগ কুমাৰ দত্তৰ “অথবা”ৰ সেই Softcopy এতিয়া মোৰ হাতত পৰিছেহি, সূৰ্যশিখা বাইদেউৰ অনুগ্ৰহত ৷ যিসকল সদাশয় পাঠকে হেমাংগদাৰ “অথবা” খন পঢ়িব বিচাৰে, তেওঁলোকে মোৰ সৈতে যোগাযোগ কৰিব পাৰে; তলৰ Email Id নাইবা WhatsApp No.-ত; নিজৰ নাম-ঠিকনা উল্লেখ কৰি ৷” 

হঠাতে যেন ক’ৰবাত জুই লাগি গ’ল, ক’ৰবাত যেন যুদ্ধৰ ঘোষণা হ’ল !! তাৰপিছত প্ৰায় এমাহমানতকৈও অধিক সময় ধৰি অসম আৰু অসমৰ বাহিৰৰ বিভিন্ন ঠাইৰপৰা অজস্ৰজনৰ কেৱল ফোন, মেছেজ আৰু ইমেইল – সকলোকে তুৰন্তে সেই PDF ফাইলটো লাগে। সকলোৱেই অধৈৰ্য-অধীৰ-অস্থিৰ; মুহূৰ্ততে হেমাংগদাৰ কবিতা পঢ়িবলৈ লাগে !! 

আমি অবাক বিস্ময় আৰু আনন্দেৰে সৈতে তেনে প্ৰতিটো অনুৰোধ ৰক্ষা কৰি, প্ৰত্যেকজন আগ্ৰহী পাঠকলৈ সেই ফাইলটো পঠিয়াবলৈ ধৰিলোঁ। আমি যিসকললৈ পঠিয়ালোঁ, তেওঁলোকে আন বহু আগ্ৰহী পাঠকলৈ পঠালে; তেওঁলোকে আকৌ আন সকললৈ। ময়েই চাগে’ প্ৰায় সাত-আঠশজন আগ্ৰহী পাঠকলৈ হেমাংগদাৰ ‘অথবা’ৰ সেই ডিজিটেল কপিটো পঠিয়াইছিলোঁ। কবি-লেখক-প্ৰকাশক, অগ্ৰজ ভাতৃপ্ৰতিম কমল কুমাৰ মেধিয়ে ফেচবুকতে লিখিলে: “হেমাংগ কুমাৰ দত্তৰ কবিতাৰ ডিজিটেল উৎসৱ এটা চলি আছে৷ উদ্যোক্তা- কমল কুমাৰ তাঁতী, সূৰ্যশিখা পাঠক৷ কমলে পঠিয়াই দিয়াৰ পিছত আকৌ এবাৰ কবিতাকেইটা পঢ়িলোঁ৷ সঁচাই কি অপূৰ্ব এই শব্দ৷ মন আৰু মগজুক একেলগে আলোড়িত কৰিব পৰা এই কবিতা ৷ হেমাংগদালৈ মনত পৰিছে ৷ ‘অথবা’ প্ৰকাশৰ আগতে পাণ্ডুলিপিটোৰ কবিতাবোৰ এদিন এফালৰ পৰা মাতি শুনাইছিল ৷ মনত পৰিছে সেই গানবোৰ ! গানবোৰতো ৰেকৰ্ডিং নহ’ল৷ পাৰফেক্ট গায়ক এজন তেওঁ বিচাৰি ফুৰিছিল ৷ কি অভিমানত ক’লৈ গুচি গ'ল হেমাংগদা ! এবাৰ উভতি অহা হ’লে ! উভতি আহক, হেমাংগদা ৷ মহামায়াত আড্ডা মাৰি ফেৰীৰে উত্তৰ গুৱাহাটী গুচি যাব ৷ আহক, এইবাৰ আপোনাৰ ফেৰী মিচ হ’বলৈ নিদিওঁ৷” 

বিভিন্নজনে এনেদৰে বিভিন্ন প্লেটফ’ৰ্মত হেমাংগদাৰ কবিতাখিনিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু কবিতাখিনি পঢ়ি হোৱা তেওঁলোকৰ অনুভৱসমূহ (ৰাজহুৱাভাৱে আৰু ব্যক্তিগতভাৱে) ব্যক্ত কৰিছিল। ৩০ মাৰ্চৰ দিনাই ৰাতিলৈ ভাতৃপ্ৰতিম সুব্ৰত তালুকদাৰৰ ফোন আহিল। তেওঁ আগ্ৰহ প্ৰকাশ কৰিলে ‘অথবা’ৰ পুনৰ-প্ৰকাশৰ বাবে। মই লগে লগেই হেমাংগদাৰ বন্ধু, বিশিষ্ট অধিবক্তা শান্তনু বৰঠাকুৰদাৰ সৈতে কথা পাতিবলৈ দিলোঁ। তেনেদৰেই কথাবতৰা বহুখিনি আগবাঢ়িল আৰু ঠিক হ’ল যে, ‘অথবা’খন পুনৰ-প্ৰকাশ কৰি উলিওৱা হ’ব আৰু এই নতুন কিতাপখনত ‘অথবা’ত সন্নিবিষ্ট কবিতাখিনিৰ বাহিৰেও, হেমাংগদাৰ ‘অথবা’-পৰৱৰ্তী কবিতাখিনি আৰু আন আন প্ৰবন্ধ-ৰচনা, গীত, ‘অথবা’ কাব্যগ্ৰন্থৰ সমালোচনা আৰু হেমাংগদা সম্পৰ্কীয় লেখা-মেলা আদি অন্তৰ্ভূক্ত কৰা হ’ব। 

ক্ৰমান্বয়ে বিভিন্নজনলৈ যোগাযোগ কৰা হ’ল, পৰিয়ালবৰ্গৰ সৈতেও এই সম্পৰ্কে আলাপ-আলোচনা কৰা হ’ল। তেনেবোৰ আলোচনাৰ জৰিয়তেই ঠিক হ’ল যে, বিশিষ্ট গল্পকাৰ-লেখক আৰু হেমাংগদাক তেওঁৰ কৈশোৰৰ সময়ৰপৰাই খুউব ভালদৰে জনা জয়ন্ত কুমাৰ চক্ৰৱৰ্তীদেৱক এই গ্ৰন্থখনৰ সম্পাদনাৰ বাবে অনুৰোধ জনোৱা হ’ব আৰু প্ৰত্যাশিতভাৱেই তেখেতে সাগ্ৰহে আমাৰ অনুৰোধ ৰক্ষা কৰি সম্পাদনাৰ দ্বায়িত্ত্ব গ্ৰহণ কৰি প্ৰচেষ্টাটোক অধিক ত্বৰান্বিত কৰি আগবঢ়াই লৈ গ’ল। বিভিন্নজনে বিভিন্ন সময়ত হেমাংগদাৰ লেখা বিচাৰি দিয়াৰ লগতে গোটেই প্ৰক্ৰিয়াটোত ওত:প্ৰোতভাৱে জড়িত হৈ থাকি সকলোকে সমূহীয়াভাৱে অনুপ্ৰেৰণা যোগাই থাকিল। তেনে কেইজনমান সদাশয় ব্যক্তিৰ নাম এই লেখাটোত উল্লেখ নকৰাকৈ থাকিব নোৱাৰিলোঁ: সৰ্বশ্ৰী গুণমণি শৰ্মা, দীপক বৰ্মন, দিগন্ত ওজা, কুশল দত্ত, অৰিন্দম বৰকটকী, শৈলেন বৰকটকী, টুনুজ্যোতি গগৈ, বেদান্ত পূজাৰী, গীতাশ্ৰী ফুকন, মুক্তি দুৱৰা আদি।

আৰু এই সমূহীয়া প্ৰচেষ্টাৰ অন্ত পৰিল ২০১৮ চনৰ ৯ নবেম্বৰ তাৰিখে। প্ৰকাশিত হৈ ওলাল হেমাংগ কুমাৰ দত্তৰ “অথবা আৰু অন্যান্য” শীৰ্ষক গ্ৰন্থখনি; সম্পাদক: জয়ন্ত কুমাৰ চক্ৰৱৰ্তী; প্ৰকাশক: ব্ৰহ্মপুত্ৰ বুকছ এণ্ড পাব্লিকেশ্যনছ, চানমাৰি, গুৱাহাটী; প্ৰথম প্ৰকাশ: নৱেম্বৰ, ২০১৮। 

এই গ্ৰন্থখনিত সন্নিবিষ্ট হৈছে ‘অথবা’ত সন্নিবিষ্ট ২৫ টা কবিতা, ১১ টা অন্যত্ৰ প্ৰকাশিত কবিতা, এটা অনুবাদ কবিতা, ৫ টা গীত, তিনিটা প্ৰবন্ধ, এখন ৰম্য-ৰচনা, ৩ টা ‘অথবা’ কাব্যগ্ৰন্থ সন্দৰ্ভত সমালোচনামূলক লেখা আৰু তিনিটা অন্যান্য লেখা। এক কথাত এক অসম্পূৰ্ণ ৰচনা-সমগ্ৰ। ১৪৪ পৃষ্ঠাৰ এই নতুন কিতাপখনে হেমাংগদাৰ কেইবাটাও অনাৱিস্কৃত দিশ পাঠকৰ সন্মূখত মুকলি কৰাৰ লগে লগে হেমাংগদাৰ কেইবাখনো (প্ৰায় হেৰাই যাবলৈ ধৰা) অনন্য ৰচনাৰ পুনৰ-পাঠ কৰাৰ কৰাৰ সুবিধা দিছে। সকলোতকৈ উল্লেখযোগ্য হৈছে হেমাংগদাৰ ৰম্য-ৰচনাখন। তদুপৰি অনুবাদ কবিতাটো আৰু হেমাংগদা ৰচিত গীতকেইটায়ো কবি হেমাংগ কুমাৰ দত্তৰ সৃষ্টিশীল যাত্ৰাৰ আন আন দিশসমূহৰ সম্যক পৰিচয় আমাৰ সন্মুখত দাঙি ধৰিছে। মোৰ ভাৱ হৈছে, সমকালীন অসমীয়া কবিতাৰ সকলো পাঠক, সকলো কবি আৰু সমালোচকে হেমাংগ কুমাৰ দত্তৰ সকলোখিনি প্ৰকাশিত কবিতা আৰু অন্যান্য ৰচনাসম্ভাৰ পঢ়াটো আৰু সেই সম্পৰ্কে নিৰন্তৰ চৰ্চা অব্যাহত ৰখাটো অসমীয়া সাহিত্যৰ বাবেই এক মংগলজনক কথা হ’ব। হেমাংগ কুমাৰ দত্তৰ কবিতা সম্পৰ্কে বিশিষ্ট অসমীয়া সমালোচক অৰিন্দম বৰকটকীদেৱৰ কেইশাৰীমান সমালোচনামূলক মন্তব্যৰ উল্লেখৰ জৰিয়তেই এই নাতিদীৰ্ঘ, অসম্পূৰ্ণ আৰু আবেগিক লেখাটো শেষ কৰিব বিচাৰিছোঁ: “… হেমাংগৰ কবিতাই দাৰ্শনিক চেতনাৰ আয়তন লাভ কৰিছে। এই দাৰ্শনিক চেতনাবোধ জাগতিক চিন্তা-চৰ্চাৰ আধাৰত গঢ় লোৱাৰ বাবে এইকেইটি কবিতাত প্ৰকাশ পোৱা কবিৰ মননশীলতা আধুনিক পলায়নবাদী চিন্তা হোৱাৰ পৰিৱৰ্তে আধুনিকতালৈ ৰূপান্তৰিত হোৱা বাস্তৱৰ মাজত চেতনা বিচাৰি চোৱাৰ আগ্ৰহ হিচাপে দেখা দিছে। হেমাংগৰ সমসাময়িক কোনোজন কবিয়েই এতিয়ালৈকে এই যোগ্যতা আহৰণ কৰিব পৰা নাই। ”
(লেখকৰ ফোন: ৮২৫৭০৬৭২৯৭; ই-মেইল: maarangburu@gmail.com)

1 comment:

  1. ভাল পালো পঢ়ি। ধন্যবাদ।

    ReplyDelete