সাক্ষাৎকাৰঃ অসমীয়াৰ গৌৰৱ উদ্ভাৱক উদ্ধৱ ভৰালীৰ সৈতে:: ভাস্কৰজ্যোতি ডেকা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাক্ষাৎকাৰঃ অসমীয়াৰ গৌৰৱ উদ্ভাৱক উদ্ধৱ ভৰালীৰ সৈতে:: ভাস্কৰজ্যোতি ডেকা

সাক্ষাৎকাৰঃ অসমীয়াৰ গৌৰৱ উদ্ভাৱক উদ্ধৱ ভৰালীৰ সৈতে:: ভাস্কৰজ্যোতি ডেকা

Share This
কঠোৰ পৰিশ্ৰম, ত্যাগ, সাহস আৰু সংগ্ৰামৰ যেন এক প্রতীকি নাম উদ্ধৱ ভৰালী। একাগ্রতা আৰু নিৰলস সাধনাৰ মাজেৰে উদ্ভাৱনৰ জগতখনত এক নতুন মাত্রা দিয়া উদ্ধৱ ভৰালী আজি সমগ্র দেশ তথা বিদেশতাে এক তেনেই চিনাকী নাম। টকাৰ অভাৱৰ বাবেই এটা পলিথিন প্রস্তুত কৰা যন্ত্র ক্রয় কৰিব নােৱাৰি অৱশেষত নিজহাতে এটা সদৃশ যন্ত্র অতি কম খৰচতে সাজি উলিওৱা ভৰালীয়ে নিজে জীৱন পাত কৰি উদ্ভাৱন কৰিলে প্রায় ডেৰ শতাধিক প্রযুক্তি। 

মেধা আৰু বুদ্ধিদ্বীপ্ততাৰ বাবে অতি কম বয়সতে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হােৱা ভৰালীয়ে আর্থিক দুৰৱস্থাৰ বাবেই যােৰহাট অভিযান্ত্রিক মহাবিদ্যালয়ৰ শিক্ষা আধাতে সামৰিব লগা হয় আৰু ইয়াৰ পিছত চেন্নাইৰ Institute of Engineers Madras Chapter টো পিতৃ বিয়ােগৰ বাবে আধাতে শিক্ষা সামৰিব লগা হয়। কিন্তু নিজৰ কৰ্ম-চিন্তা আৰু উদ্ভাৱনী শক্তিৰ চৰ্চাৰে সফলতা লভি  তেখেতে  লাভ কৰিলে তিনিটাকৈ সন্মানীয় ডক্তৰেট ডিগ্রী। ২০১২ চনত আৱিস্কাৰ কৰা ডালিমৰ গুটি গােচোৱা যন্ত্র (Benchtop pomegranate de-seeder) ৰ বাবে NASA ৰ The Create the future design contestত দ্বিতীয় পুৰস্কাৰৰ বাবে নির্বাচিত হােৱা ভৰালীয়ে বর্তমানলৈ প্রায় অর্ধশতাধিক আৱিস্কৃত প্রযুক্তিৰ বাবে লাভ কৰিছে পেটেন্ট।
১৯৬২ চনত লক্ষিমপুৰ জিলাত জন্মলাভ কৰা উদ্ধৱ ভৰালী আজি অসমীয়া আৰু অসমৰ গৌৰৱ । প্রতিপল বাস্তৱসম্মত আৰু ইতিবাচক চিন্তাধাৰাৰ অধিকাৰী এই ব্যক্তিজনে লাভ কৰা সন্মান সমুহৰ ভিতৰত অন্যতম হল২০০৯ চনত উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰপতিৰ বিশেষ বঁটা, ২০০৭ চনত জাতীয় উদ্ভাৱনী সংস্থাৰ সৃষ্টি সন্মান, ২০১৩ চনত ৰাষ্ট্ৰীয় একতা সন্মান ইত্যাদি। বর্তমান দেশ-বিদেশৰ কেইবাখনাে শিক্ষানুষ্ঠানত অতিথি অধ্যাপক হিচাপে কৰ্মৰত হৈ থকাৰ উপৰিও নিয়মীয়াকৈ বিভিন্ন গৱেষণাৰ কামতাে নিজকে ব্যস্ত ৰাখিছে সহজ-সৰল জীৱন যাপন কৰা অসাধাৰণ ব্যক্তিসত্বাৰ অধিকাৰী এই লােকজনে। কেৱল এইয়াই নহয় সম্পূর্ণ নিজা খৰচতে তেখেতে এখন বৃদ্ধাশ্রম পৰিচালনা কৰি অহাৰ লগতে বহু পৰিয়ালক সংস্থাপনাে দি আহিছে। সকলােধৰণৰ প্ৰত্যাহ্বানক হাঁহিমুখে গ্ৰহণ কৰি জীৱন যুঁজত এগৰাকী সফল যােদ্ধা হিচাপে পৰিগণিত হােৱা এই গৰাকী বিশেষ ব্যক্তিৰ সৈতে xukhdukh.com ৰ 'কথা-বাৰ্তা' শিতানৰ বাবে গ্ৰহণ কৰা হৈছিল এটি সাক্ষাৎকাৰ। সেই কথা-বতৰাৰ লিখিত ৰূপ তলত বৰ্ণনা কৰা হ'ল।

ভাস্কৰজ্যোতিঃ আপােনাৰ শৈশৱ আৰু শিক্ষাগত জীৱনৰ বিষয়ে আমি প্রথমে জানিব পাৰােনে? ভড়ালীঃ মােৰ শৈশৱ আছিল কিছু ৰােমাঞ্চকৰ চাৰিবছৰ বয়সতে স্কুললৈ গৈছিলাে। যােৰহাট চাৰিগাওত আৰম্ভ হােৱা এই শিক্ষা জীৱন অন্যতকৈ পৃথক আছিল; কিয়নাে দাদক ৰুমাল দিবলৈ গৈ স্কুলৰ বাইদেউক ভৰিত ধৰি মােকো পঢ়াবলৈ অনুৰােধ জনাইছিলাে। তেনেকৈয়ে স্কুলত নামভর্তি কৰি একেটা বছৰতে দুটাকৈ ক্লাছ উত্তীৰ্ণ হৈছিলাে। আমাৰ আর্থিক অবস্থা ভাল নাছিল; এসাজ ভাতৰ বাবেও কেতিয়াবা বহু চিন্তা কৰিবলগীয়া হৈছিল। স্কুলত পঢ়ি থাকোতে বৃত্তি পাইছিলাে; পঢ়াত কিছু চোকা আছিলাে বাবেই চাগে অষ্টম শ্রেণীত থাকোতেই সহপাঠীকো টিউচন কৰি নিজৰ পঢ়া খৰচ উলিয়াই লৈছিলাে। সৰুৰে পৰা দায়িত্ববােধ থকা যেন লাগিছিল; কিয়নাে দেউতাক সৰুৰে পৰা সকলাে কামতে সহায় কৰিবলৈ আগবাঢ়ি গৈছিলাে। বাকী মােৰ শিক্ষা জীবন জে বি কলেজ আৰু যােৰহাট অভিযান্ত্রিক কলেজত পাৰ কৰিছিলাে।


ভাস্কৰজ্যোতিঃ ছাত্ৰ জীৱনত কোনবােৰ বিষয়ৰ প্রতি বেছি আগ্রহ আছিল? ইয়াৰ প্ৰতি পৰিয়ালৰ লােকসকলে সন্মান জনাইছিলনে? 
ভড়ালীঃ মইনা পাৰিজাতত থকাৰে পৰা আকষ্মিক বক্তৃতা, তর্ক আদি বিষয়ত যথেষ্ট দখল আছিল। আকষ্মিক বক্তৃতাত সদায়েই প্রথম হৈছিলাে। ঘৰৰ মানুহে মােক ডাঙৰ হলে উকীল হম বুলি কৈছিল। ইয়াৰ উপৰিও মই ফুটবল খেলি ভাল পাইছিলাে, ৰহস্যঘন কিতাপবােৰ পঢ়িছিলাে; তথাপিও সকলােতকৈ বেছি ভাল লাগিছিল খুটুং-খাটাং কামবােৰ কৰি ঘৰৰ ৰেডিঅ'টো সদায়েই খুলি খুলি চাইছিলাে ভিতৰত কি আছে চাবলৈ বুলি। কিন্তু এই কামবােৰৰ বাবে ঘৰৰ মানুহে মোক বেয়া পাইছিল; ইয়াৰ বাবে কেতিয়াবা মােক মাৰপিটো কৰিছিল, দেউতাই আনকি মই কথা নুশুনা ৰাৰে চকুত এবাৰ জলকীয়া গুৰি সানি দিছিল; মােৰ পঢ়া লােকচান হ'ব বুলি ভাবিছিল। ইমানৰ পিছতাে কিন্তু মই এই কামবােৰ কৰিবলৈ এৰা নাছিলাে।

ভাস্কৰজ্যোতিঃ ছাত্ৰাৱস্থাত আপুনি কোনবােৰ কিতাপ পঢ়ি ভাল পাইছিল? 
ভড়ালীঃ সদায়েই তথ্য সমৃদ্ধ আৰু ৰহস্যঘন কিতাপবােৰ পঢ়ি ভাল পাইছিলাে। তেতিয়া দস্যু ভাস্কৰৰ পা-ফু চিৰিজৰ কিতাপবােৰ পঢ়িছিলাে। কিতাপ ভাড়াত আনি ৰাতিতােৰ ভিতৰতে পঢ়ি উভতাই দিছিলাে। জিলা পুথিভড়ালৰ পৰাও যথেষ্ট কিতাপ আনি পঢ়িছিলাে। উপন্যাস পঢ়ি একেবাৰে বেয়া পাইছিলাে, কবিতা পঢ়িও একেবাৰে ভালপােৱা নাছিলাে।

ভাস্কৰজ্যোতিঃ আমি জানাে যে এটা পলিথিন প্রস্তুত কৰা এটি যন্ত্ৰ আপুনি প্রথমে উদ্ভাৱন কৰিছিল। এই যন্ত্ৰটো কেতিয়া আৰু কেনেদৰে উদ্ভাৱন কৰিছিল? 
ভড়ালীঃ হয়, মই প্রথম উদ্ভাৱন কৰা যন্ত্ৰটো আছিল এটা পলিথিন প্রস্তুত কৰা যন্ত্র। ১৯৮৮ চনত উদ্ভাৱন কৰা এই যন্ত্ৰটোৰ আঁৰত বহুতাে কাৰণ আছিল। সেই সময়ছােৱাত আমাৰ ঘৰৰ অৱস্থা লাহে লাহে ভাল হৈ উঠিছিল যদিও বিভিন্ন পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত আমাৰ ঘৰখন দেউলীয়া অৱস্থা হৈছিল। বেংকত কেইবালাখ টকা ধাৰ হৈছিল; যাৰ বাবে বেংকে আমাৰ ঘৰৰ মাটি-সম্পত্তি জব্দ কৰিবলৈ ওলাইছিল। তেনেতে সেই সকলাে বােজা মই নিজে মূৰপাতি লৈছিলাে আৰু অতিশীঘ্ৰে সকলাে ঋণ পৰিশােধ কৰিম বুলি কৈছিলাে।ইয়াৰ বাবে আমি পলিথিন প্রস্তুত কৰা যন্ত্র এটা কিনিবলৈ ওলাইছিলাে যদিও তাৰ মুল্য কেইবালক্ষাধিক হােৱা বাবে সেইয়া ক্ৰয় কৰাতাে মােৰ পক্ষে সম্ভৱ নাছিল। সাত লাখ টকা মুল্যৰ সেই যন্ত্ৰটোৰ আহিত এটা যন্ত্ৰ মই জেদ কৰি কমাবশাল ভাড়ালৈ লৈ ঘৰতে সাজি উলিয়ালাে; ইয়াত মােৰ খৰচ আছিল ৬৭ হাজাৰ টকা। সেয়া আছিল মােৰ বাবে এটা বৃহৎ সফলতা।

ভাস্কৰজ্যোতিঃ আপােনাৰ উদ্ভাৱনৰ সংখ্যা এতিয়ালৈ প্রায় ডেৰ শতাধিক হ'ব। ইয়াৰ ভিতৰত আপােনাৰ দৃষ্টিত শ্রেষ্ঠ পাঁচটা উদ্ভাৱন কি কি? 
ভড়ালীঃহয়, এতিয়ালৈকে মােৰ উদ্ভাৱনৰ সংখ্যা প্রায় ডেৰশতাধিক হ'ব। ইয়াৰ ভিতৰত অন্যতম হ'ল- দিব্যাংগ লােকসকলৰ বাবে চলা-ফুৰা, খােৱা-লােৱাৰ বাবে উদ্ভাৱন কৰা প্রযুক্তি; যিটোৰ জড়িয়তে এই লােকসকলে নিজে নিজৰ প্ৰয়ােজনীয় কামখিনি কৰিব পাৰে। মােৰ দৃষ্টিত এইটো মােৰ শ্রেষ্ঠ উদ্ভাৱন; আন এক উদ্ভাৱন আছিল ঢেকী, এই যন্ত্ৰটোৰ জড়িয়তে মই প্রতিজন মানুহৰ কাষ চাপিবলৈ সমৰ্থ হৈছিলাে; কেৱল এয়াই নহয়, ইয়াৰ জড়িয়তে মই যথেষ্ট টকা উপার্জন কৰিবলৈ সক্ষম হৈছোঁ। তৃতীয়তে ডালিমৰ গুটি উলিওৱা যন্ত্ৰটো যিটোৰ জড়িয়তে অতি সহজে ডালিমৰ পৰা গুটি বাহিৰ কৰিব পৰা যায়। এই যন্ত্ৰটোৱে সমগ্র বিশ্বতে জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হ'ল। চতুর্থতে হ’ল ইটা প্রস্তুত কৰা যন্ত্ৰ, ইয়াৰ জড়িয়তে অতি সহজতে চিমেন্টৰ পৰা মজবুট হটা প্রস্তুত কৰিব পাৰি। এই যন্ত্ৰটোৰ বাবে প্রামাঞ্চলত বহু মানুহে সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। পঞ্চমত, অপৰম্পৰাগতভাবে ধান খেতি কৰিব পৰা যন্ত্রটা। অৱশ্যে মােৰ বাবে প্রতিটো উদ্ভাৱনেই শ্রেষ্ঠ।

ভাস্কৰজ্যোতিঃ এই উদ্ভাৱন সমূহৰ ক্ষেত্ৰত কোনবােৰ কাৰকে প্রত্যাহ্বান হিচাপে থিয় দি আহিছে ? ভড়ালীঃ প্রত্যাহ্বান বুলিবলৈ প্রথম সময়ছােৱাত অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিলাে। কাৰণটো কৈছােৱেই যে আৰম্ভণিৰ সময়ছােৱাত আমাৰ ঘৰৰাে আর্থিক অবস্থা বেয়া আছিল। ইয়াৰ ওপৰিও ঘৰখনৰাে সৰু বৰ প্রায় সকলাে কাম মই নিজেই কৰো; যাৰ বাৰে মােৰ সময় কিছু খৰখেদা হয়। মূল প্রত্যাহ্বানটো আহিছিল মানসিক ক্ষেত্ৰতহে; কিয়নাে মই কৰা কামবােৰক প্রথম অৱস্থাত বহুতেই সন্মান দিয়া নাছিল। আরশ্যে এতিয়া সকলােৱে মই কৰা প্ৰতিটো কামকে স-সম্মানে গ্ৰহণ কৰি আহিছে। এতিয়া হ'ল ভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে ভিন্ন কামৰ বাৰে মােৰ ওচৰলৈ যেতিয়া আহে তেতিয়া সদায়েই মই নতুন নতুন বিষয় অতি কম সময়ৰ ভিতৰতে অধ্যয়ন কৰি কামতাে কৰিব লগা হােৱাতাে। অৱশ্যে মই এইবােৰ প্ৰত্যাহ্বান ভালপাওঁ; কিয়নাে এই প্রত্যাহ্বান বােৰে মােক সৱল হােৱাত সহায় কৰে। কেতিয়াবা আকৌ কিছুমান সময়ত নিজে নিজৰ বাবে কিছু চাপ লৈ লও; কাৰণ মই চাপত কাম কৰি ভালপাওঁ।

ভাস্কৰজ্যোতিঃ চৰকাৰ প্ৰশাসনৰ পৰা আজিলৈকে কেনেধৰণৰ সহায়-সহযােগ পাই আহিছে? ভড়ালীঃআজিৰ তাৰিখলৈ একো সহায়-সহযােগিতা পােৱানাই। অৱশ্যে মই একো সহায় বিচাৰি, চৰকাৰৰ কাষ চপা নাই। চৰকাৰৰ সহায়-সহযােগ পাবলৈ হ'লে আজিকালি কোনাে নেতাৰ আত্মীয় হ'ব লাগিব অথবা কোনাে ৰাজনৈতিক দলৰ সদস্যহেহব লাগিব। কিন্তু কিছুমান কথা কেতিয়াবা বেয়া লাগে; বিগত বৰ্ষত(২০১৭) বর্তমান মুখ্যমন্ত্ৰীগৰাকীয়ে মােক ফোনযােগে ‘পদ্মশ্রী সম্মানৰ বাৰে নামটো মনােনয়ন কৰিম নে নকৰিম জানিবলৈ ফোন কৰিছিল তাৰ পিছক একে খবৰ নাপালাে; এইবাৰাে প্রধানমন্ত্রী কার্যালয়ৰ পৰা লক্ষিমপুৰ জিলা উপায়ুক্তৰ অফিচলৈ নিশ্চিতকৰণৰ বাবে ফোন আহিছিল, কিন্তু দেখিলাে এইবাৰাে তালিকাখনত মােৰ নাম নাহিল। অৱশ্যে ইয়াকে লৈ মােৰ কোনাে আক্ষেপ নাই। মােৰ লক্ষ্য সদায়েই মােৰ কামৰ প্রতি, কোনাে বঁটা-সম্মানৰ প্রতি নহয়।

ভাস্কৰজ্যোতিঃ ছাত্ৰাৱস্থাত আপুনি যথেষ্ট আর্থিক সমস্যাৰ সন্মুখীন হৈছিল; তাৰ পিছতাে কিন্তু এবাৰলৈয়াে থমকি ৰােৱা নাছিল? 
ভড়ালীঃ মই আগতেওঁ কৈছে যে মই সদায় যুজি ভালপােৱা মানুহ সকলােকে মই প্রত্যাহ্বান হিচাপে লৈ ভালপাওঁ। আর্থিক অভাৱৰ বাবে সময়ে সময়ে মােৰ যথেষ্ট সমস্যা হৈছিল সচা; কিন্তু আজিলৈ অৰ্থৰ অভাৱৰ বাৰে মােৰ কোনাে কাম থমকি ৰােৱা নাই। সৰুৰে পৰাই সদায়েই নিজৰ খৰচ নিজেই উলিয়াবলৈ চেষ্টা কৰিছিলাে, আজিও তাৰ ব্যতিক্রম নহয়। মই কষ্ট কৰি ভালপাওঁ আৰু কষ্ট কৰিব পাৰাে। সাহস আৰু মনােবল মােৰ যথেষ্ট আছে, যাৰ বাবে আজি হাজাৰ বাধায়াে মােক স্তব্ধ কৰিব পৰা নাই। আগুৱাই যাবলৈ সকলােৰে ক্ষেত্ৰত এই গুণৰ প্রয়ােজন।

ভাস্কৰজ্যোতিঃ আপুনি নিয়মীয়াকৈ বিভিন্ন বিষয়কলৈ গৱেষণা কৰি আহিছে বুলি আমি জানি পাৰিছাে। বর্তমান কোনবােৰ বিষয়কলৈ গৱেষণা কৰি আছে? 
ভড়ালীঃ এতিয়া নিয়মীয়াকৈ গৱেষণা কৰা বুলি কব নােৱাৰাে; কাৰণ বেছিভাগ সময় মই বিভিন্ন সভা, আলােচনাচক্র অথবা আন আন কাৰ্যসূচীৰ বাবে বিভিন্ন প্রান্তলৈ যাবলগীয়া হয়। অৱশ্যে ইয়াৰ মাজতে নিয়মীয়াকৈ দিব্যাংগ লােকসকলৰ কাম কৰাৰ বাবে গৱেষণা অব্যহত ৰাখিছাে। কেইবাখনাে শিক্ষানুষ্ঠানত অতিথি অধ্যাপক হিচাপেও কাম কৰি আছো, যাৰ বাবে সদায়েই নতুন নতুন কিছুমান বিষয় অধ্যয়ন কৰিব লগা হৈ আহিছে। দেশ-বিদেশৰ বহু চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানে প্রায়ই বিভিন্ন কামৰ বাবে মােৰ ওচৰ চাপে; তেওঁলােকৰ কামবোৰে নিয়মীয়াকৈ কৰি আহিছে। বর্তমান বিভিন্ন কৃষি বিষয়ৰ সম্ভাৱনা আৰু ইয়াৰ কার্যকাৰিতা সম্পর্কে বিশেষভাবে গৱেষণা কৰি আছাে।

ভাস্কৰজ্যোতিঃ বহু শিক্ষার্থীক সময়ে সময়ে আপুনি প্রশিক্ষণ দি আহিছে। কোনবােৰ শিক্ষার্থীকে এই প্রশিক্ষণবােৰ দি আহিছে আৰু কেনেধৰণৰ প্রশিক্ষন দিছে? 
ভড়ালীঃ হয়, প্রতিবছৰে কমেও ৫০ জনকৈ ছাত্র-ছাত্রীক মই প্রশিক্ষণ প্রদান কৰি আহিছাে। আপােনাক জনাবলৈ পাই সুখী যে মই প্রশিক্ষণ প্রদান কৰি অহা ছাত্র-ছাত্রীসকল কেৱল অভিযান্ত্রিক অথবা বিজ্ঞানৰ নহয়; অনুসন্ধিৎসু মনৰ ক'লা অথবা বাণিজ্য সকলাে শাখাৰে ছাত্ৰ-ছাত্ৰীক মই প্রশিক্ষণ দি আহিছো। মােৰ বিশ্বাস যে কেৱল অভিযান্ত্রিক অথবা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীয়েই নহা আন আন শাখা ছাত্র-ছাত্রী সকলােৱেও নতুন নতুন ধাৰণাৰে নতুন প্রযুক্তি উদ্ভাৱন কৰিব পাৰে। মােৰ পৰা প্রশিক্ষণ গ্রহণৰ বাবে দেশ-বিদেশৰ ভিন্ন প্রান্ত শিক্ষার্থীসকল আহে। এই সকলক মই বাস্তৱ জনজীৱনৰ লগত জড়িত বিভিন্ন সমস্যা সমাধানৰ প্রযুক্তি উদ্ভাৱনৰ বাবে প্রশিক্ষণ দিয়াৰ চেষ্টা কৰে।

ভাস্কৰজ্যোতিঃ সম্পূর্ণ নিজা ঘৰচেৰে আপুনি এখন বৃদ্ধাশ্রম পৰিচালনা কৰি আহিছে বুলি জানিব পাৰিছে। এই সম্পর্কে কিছু জনাবচোন।
ভড়ালীঃ এইখন আচলতে কেৱল বৃদ্ধাশ্রম নহয়; নিৰাশ্রয়জনক আশ্রয় দিয়াৰ এক আন্তৰিক প্রয়াসহেমাথোঁ। মােৰ নিজৰ ঘৰৰ ওচৰতে থকা এইআশ্ৰমখনত বর্তমানে কেইবাগৰাকীও আশ্রয়হীন লােক আছে। তেওঁলােকক চোৱাচিতাৰ বাবে মই এগৰাকী লােক নিয়ােগ কৰিছে। মই নিজেও প্রায়েই সময় উলিয়াই এইলােকসকলক চোৱাচিতা কৰোঁ; তেওঁলােকৰ বাবে মই শেষ ভৰসা। অৱশ্যে মােৰ এই আশ্রয়াগৃহত কেৱল আশ্রয়হীন সকলেই নহয়; বিভিন্ন কাৰণত সমস্যাৰ সম্মুখীন হােৱা ছাত্র-ছাত্রীৰ পৰা শ্রমিকলৈ সকলােকে সাময়িকভাবে থকা-খােৱাৰ ব্যৱস্থা কৰাৰ চেষ্টা কৰোঁ। ইয়াৰ উপৰিও মােৰ নিজৰ উপাৰ্জনৰ টকাৰেই সমগ্ৰ অসমৰ ভিন্ন প্রান্তৰ ২৫ টাকৈ পৰিয়ালক সম্পূর্ণ চোৱাচিতা কৰি আহিছে, সাতজনকৈ দিব্যাংগ লােকক মই প্রতিমাহে ২৫০০ টকাকৈ দিও, ১০ গৰাকীকৈ বিধৱা লােকক মাহেকীয়াকৈ টকা দিও।

ভাস্কৰজ্যোতিঃ ৰাজ্য তথা দেশ-বিদেশৰ ভিন্ন প্রান্তলৈ আপুনি সময়ে সময়ে গৈ আহিছে। এই ক্ষেত্ৰত কেনেধৰণৰ সঁহাৰি পায় ? এজন অসমীয়া হিচাপে আপােনাৰ কেনে অনুভৱ হয় ? 
ভড়ালীঃ হয়, ৰাজ্য তথা দেশ-বিদেশৰ ভিন্ন প্রান্তলৈ এজন উদ্ভাৱক হিচাপে সময়ে সময়ে গৈ আহিছে। সকলােবােৰ ঠাইতে যথেষ্ট সন্মান আৰু মৰম পাওঁ; এজন অসমীয়া হিচাপে এইদৰে ভিন্ন প্রান্তলৈ গৈ যথেষ্ট ভাল লাগে আৰু য'তেই যাও তাতেই অসম আৰু অসমীয়াৰ প্ৰচাৰ কৰিছো। অৱশ্যে এজন অসমীয়া হিচাপে নহয়; এজন উদ্ভাৱক হিচাপেহে ভিন্ন প্রান্তলৈ যােৱাৰ সুযােগ পাই আহিছো।

ভাস্কৰজ্যোতিঃ ৰাষ্ট্ৰপতিৰ পৰা সন্মান লাভৰ সময়ছােৱাত আপােনাৰ কেনে অনুভৱ হৈছিল? ভড়ালীঃসেইদিনটোৰ আগলৈ কেতিয়াও মােৰ চকুপানী ওলােৱা মনত নপৰে; কিন্তু সেই সম্মান লাভৰ দিনটোত মােৰ সাংঘটিক চকুপানী ওলাইছিল। প্রথমতে কেনেধৰণে অৱহেলিত হৈছিলাে, কেনেদৰে প্রায় সকলােৱে মােক গুৰুত্বহীন কৰি মন্তব্য কৰিছিল এই কথাবােৰ সেই দিনটোত বাৰুকৈয়ে মনত পৰিছিল। কাৰণ তীব্র লাঞ্চনা-বঞ্চনা সহ্য কৰা মানুহটোৱে দেশৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মান পাইছিলাে। সন্মান লাভৰ দিনটোত মই যথেষ্ট ভাগি পৰিছিলাে; তাৰ তিনিদিন পিছতহে মই আকৌ সুস্থিৰ অৱস্থালৈ ঘুৰি আহিছিলাে। সেই সময়খিনিৰ সমস্ত অনুভৱ আপােনাক ভাষাৰে বুজাব নােৱাৰিম।

ভাস্কৰজ্যোতিঃ এতিয়া যথেষ্ট খ্যাতি-যশ অর্জনৰ পিছতােইমান সহজ-সৰল আৰু সাধাৰণ জীৱন এটা কেনেকৈ যাপন কৰে? 
ভড়ালীঃজীৱনটো আচলতে এনেকুৱাই সহজ-সৰল। আনক দেখুওৱাৰ বাবে নহয়, নিজে নিজৰ স্থানত থকাটোৱেই আচল কথা। মই সদায় মাটিৰ সৈতে মিলি থাকিব বিচাৰোঁ; মাটিৰ পৰা এক ইঞ্চিও ভৰিখন ওপৰলৈ নিয়াৰ চেষ্টা নকৰাে। সৰুৰে পৰা একেবাৰে সহজ-সৰল জীৱন এটা যাপন কৰি আহিছে যেতিয়া, এতিয়াও সেয়া মােৰ বাবে তেনেই কথা। কাৰণ মানুহ সুখী হােৱাৰ বাবে লাস-বিলাসিতা আনক দেখুৱাবৰ প্ৰয়ােজন নাই। এতিয়াও মই ঘৰৰ দৈনন্দিন বহু কাম কৰাে, বজাৰ কৰাৰ পৰা আৰম্ভ কৰি সকলাে কামেই সময় উলিয়াইকৰে। ইয়াৰ বাবে কিন্তু মােৰ কামৰ ক্ষেত্ৰত কোনাে বাধা আহা নাই। সকলাে সভা-সমিটি, আলােচনাৰ পৰা আৰম্ভ কৰি নিমন্ত্রিত বিয়া-সবাহ সকলােলৈ যাওঁ।

ভাস্কৰজ্যোতিঃ জীৱনলৈ আপুনি কিমান আশাবাদী? আপােনাৰ বর্ণময় জীৱনটোৰ আটাইতকৈ ভাল লগা মুহূর্ত এটাৰ বিষয়ে আমাক জনাবনে? 
ভড়ালীঃ সৰুৰে পৰা মই জীৱনকলৈ বহুত আশাবাদী। স্কুলীয়া জীৱনৰে পৰাই কিবা এটা কৰাৰ দূর্দান্ত হেঁপাহ আছিল; আৰু ইয়াৰ বাবে মই সকলাে ধৰণৰ প্ৰত্যাহ্বান নেওচিও কাম কৰিব শিকিছিলাে। মােৰ বাবে জীৱন আৰু আশা এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। যিবােৰ আশা ৰাইজৰ সুখ-দুখ, অভাৱ অভিযােগৰ লগত জড়িত মােৰ মনত সদায়ে সেই আশাবােৰে দোলা দি থাকে; আৰু মই সদায়েই আনৰ বাবে কিবা এটা কৰি ভালপাওঁ৷ যাৰ বাবে ৰাইজৰ পৰা যথেষ্ট মন-আদৰ পাও; ইয়ে মােৰ জীৱনটো আৰু অধিক আশাবাদী কৰি তােলে।

জীৱনটোৰ আটাইতকৈ ভাললগা মুহূর্ত বুলিবলৈ মােৰ প্রায় প্রতিটো মুহূর্তই ভাললগা; কাৰণ মই প্ৰতিটো দিনেই নতুন কথা নতুন চিন্তা কৰিবলৈ পাই আহিছে। ইয়াৰ ভিতৰতেই যদি আটাইতকৈ ভাললগা মুহূৰ্তৰ কথা কোৱা হয় তেন্তে মই নিশ্চিতভাৱে ৰাষ্ট্ৰপতিৰ পৰা সম্মান লাভৰ সময়ছােৱাৰ কথা কৰ বিচাৰিম। কাৰণ যথেষ্ট কষ্ট কৰাৰ পিছতাে তীব্র লাঞ্চনা-বঞ্চনা সহ্য কৰা মানুহটোৱে সেইদিনা দেশৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মান পাইছিলাে।

ভাস্কৰজ্যোতিঃ আপােনাৰ আদর্শ শিক্ষাগুৰু কোন আছিল? 
ভড়ালীঃ আচলতে মােৰ এই উদ্ভাৱনৰ ক্ষেত্ৰখনত শিক্ষাগুৰু বুলিবলৈ তেনেকৈ কোনো নাই কাৰণ আপুনিও জানে যে উদ্ভাৱনটো হ'ল মােৰ সম্পূর্ণ ব্যক্তিগত। কিন্তু ছাত্ৰাৱস্থাত যদি মােৰ আদর্শ শিক্ষাগুৰুৰ নাম কবলৈ কোৱা হয় তেন্তে মই প্রথমে মােৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু কুতুবুদ্দিন আহমেদ ছাৰৰ নামতাে লবই লাগিব। ছাৰৰ পৰা যথেষ্টখিনি মৰম, সাহসৰ লগতে উচাহ পাইছিলাে।

ভাস্কৰজ্যোতিঃ ভবিষ্যতকলৈ আপােনাৰ আৰু কেনেধৰণৰ পৰিকল্পনা আছে? 
ভড়ালীঃ পৰিকল্পনা বহুতাে আছে ইয়াৰ ভিতৰত মই এতিয়া প্রাধান্য দিছে দিব্যাংগ লােকসকলৰ বাৰে কাম কৰাৰ ক্ষেত্ৰত। ইতিমধ্যে এই লােকসকলৰ সহায়ক হােৱাকৈ মই বহুখিনি উদ্ভাবন কৰিছোঁ যদিও আৰু কিছুমান ক্ষেত্ৰত তেওঁলােকৰ বাবে আৰু কাম কৰাৰ যথেষ্ট ইচ্ছা আছে; ইয়াৰ বাবে মই নিয়মীয়াকৈ গৱেষণা অব্যাহত ৰাখিছে। ইয়াৰ উপৰিও শেহতীয়াকৈ মই এক বিশেষ পৰিকল্পনা কৰি আছাে; এই পৰিকল্পনা অনুযায়ী ভােকাতুৰ অথবা খাদ্যৰ অভাৱত ভােগা প্রায় পঞ্চাছজনকৈ লােকক নিয়মীয়াকৈ আহাৰ বনাই বিতৰণ কৰাৰ ব্যৱস্থা কৰিম। এই কামটো অতিশীঘ্ৰে আৰম্ভ কৰিম।

ভাস্কৰজ্যোতিঃ দৈনিক কিমান ঘন্টা কাম কৰে আৰু কিমান সময় জিনি লয়?  এই ক্ষেত্ৰত কাম কৰিবলৈ প্ৰেৰণা কৰ পৰা পায়? 
ভড়ালীঃ কিমান সময় কাম কৰাে তাৰ কোনাে নির্ধাৰিত সময়সীমা নাই; আজিলৈ মােৰ ভাগৰ লাগি পােৱা নাই। ভাগৰ লগা ভাৱটোৱে মানুহক নেতিবাচক ৰূপতহে বেছিকৈ ক্রিয়া কৰে; আপুনি যদি ভাবে আপােনাৰ ভাগৰ লাগিছে তেতিয়াহে আপুনি ভাগৰুৱা হৈ পৰিব। মই বাসত্তৰ ঘন্টালৈকে একেৰাহে কাম কৰিও পাইছে। কোনাে এটা কাম আৰম্ভ কৰিলে সেইটো শেষ নােহােৱালৈকে মই ব্যস্ত হৈয়ে থাকো। যেতিয়া কিছু জিৰণিৰ প্রয়ােজন অনুভৱ কৰো তেতিয়াই জিৰণি লৈ লওঁ।কামৰ ক্ষেত্ৰত মানুহৰ মৰম আৰু বিশ্বাসে মােক যথেষ্ট প্রেৰণা দিছে। মােৰ প্ৰতি থকা বিশ্বাস আৰু অকৃত্রিম ভালপােৱাৰােৰ দেখিলে মােৰ নিজৰে কেতিয়াবা আচৰিত লাগে। এই বিশ্বাসবােৰে কাম কৰিবলৈ দুগুণ শক্তি দি আহিছে।

ভাস্কৰজ্যোতিঃ শেষত, নৱপ্ৰজন্মকলৈ আপুনি কিমান আশাবাদী? তেওঁলােকৰ প্রতি আপােনাৰ কিবা আহ্বান? 
ভড়ালীঃ কেৱল নৱপ্রজন্ম বুলিয়েই নহয়, মই সকলােকে লৈ যথেষ্ট আশাবাদী। প্ৰতিটো প্ৰজন্মৰ, প্রতিটা ক্ষেত্ৰতে, প্রতিটো দিশতে মই সম্ভাৱনা দেখাে। নৱপ্ৰজন্মলৈ আহ্বানৰ কথা কলে মই কম যে তেওঁলােকে যাতে জানি-শুনি ভুলবােৰ নকৰে। আমি কৰা ভুলবােৰ সংশোধন কৰি আগবাঢ়িব লাগে; আৰু আনক আদর্শ হিচাপে লােৱাতকৈ নিজে একো একোটা লক্ষ্য নিধৰিণ কৰি লব লাগে। এই ক্ষেত্ৰত 'If you can do that, why not we”” বচনফাঁকি মনত ৰাখিব লাগে। সস্তিয়া জনপ্রিয়তাৰ পিছত দৌৰিব নালাগে; মাথোঁ নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি যাব লাগে।।।
সাক্ষাতগ্ৰহণকাৰীৰ ফোন নম্বৰঃ ৮৮২২৮৫৪০৬১

1 comment: