প্ৰৱন্ধঃ সত্ৰ ব্যৱস্থাপনা আৰু ধৰ্মৰ চাৰিখুঁটি:: ভাস্কৰজ্যোতি মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ সত্ৰ ব্যৱস্থাপনা আৰু ধৰ্মৰ চাৰিখুঁটি:: ভাস্কৰজ্যোতি মহন্ত

প্ৰৱন্ধঃ সত্ৰ ব্যৱস্থাপনা আৰু ধৰ্মৰ চাৰিখুঁটি:: ভাস্কৰজ্যোতি মহন্ত

Share This
অসমীয়া জাতিৰ জনক শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদী আধ্যাত্মিকতাই পঞ্চদশ শতিকাৰ পৰাই অসম মুলুকত আর্থ-সামাজিক আৰু সাংস্কৃতিক নৱজাগৰণ সৃষ্টি কৰিছিল। সেই সময়ত ভক্তি আন্দোলনে সর্বভাৰতীয় স্তৰতাে এক সামাজিক বিপ্লৱৰ ৰূপত গা কৰি উঠি সাধাৰণ প্ৰজা আৰু খাটিখােৱা লােকৰ মনত আত্মসম্মান আৰু ঈশ্বৰ প্ৰাপ্তিৰ পথৰ ন চেতনাৰ উন্মেষ ঘটাইছিল। অসমৰ দৰে ভাৰতবৰ্ষৰ আন প্রান্ততাে একেশ্বৰবাদী নৱবৈষ্ণৱ আন্দোলনে বাৰুকৈয়ে চুই যােৱা সত্ত্বেও তাৰ প্ৰভাৱ অসমত হােৱাৰ দৰে চিৰস্থায়ী আৰু দিক নির্ণয়কাৰী নহ’ল। অৱশ্যে এইক্ষেত্ৰত গুৰুনানক আৰু শংকৰাচাৰ্যৰ নেতৃত্বৰ কথা সুকীয়া। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনন্য প্রতিভা, মহান পাণ্ডিত্য, দূৰদৰ্শী মানৱ প্ৰেম আৰু কর্মপটুতাৰ বাবেই অসমত হােৱা নৱজাগৰণে খােপনি পুতি ধৰিলে। গুৰুজনাৰ পৰৱৰ্তী কালছােৱাতাে তাৰেই ফলস্বৰূপে তেৰাই ৰােপণ কৰি যােৱা সাহিত্য-সংস্কৃতি, দর্শন, ধর্ম আৰু সুকুমাৰ কলাৰ গছজোপা ঠাল-ঠেঙুলি মেলি জাকতজিলিকা হৈ পৰিল।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দিনতে অংকুৰিত হােৱা সামাজিক কাঠামােতে সত্র অনুষ্ঠানৰ বীজ অংকুৰিত হৈছিল। কীর্তনঘৰকে মধ্যমণি কৰি বা চৌদিশে হাটি স্থাপন কৰি ভগৱৎ প্ৰেম আৰু ঈশ্বৰ প্রাপ্তিৰ মাধ্যমৰূপে ভিন্নসুৰী সংস্কাৰ মানি চলা আৰু অনুশীলন কৰাটো এক পৰম্পৰাৰ ৰূপ লৈ সত্র’ অনুষ্ঠানসমূহ জনাজাত হয়। মহাপুৰুষ মাধৱদেৱ আৰু দামােদৰদেৱে এইক্ষেত্ৰত বাটকটীয়া ভূমিকা পালন কৰি বিভিন্ন স্থানত সু-সংগঠিত ৰূপত সত্র স্থাপন কৰে। এই সত্ৰসমূহে কেইবাটাও দশক ধৰি অসমৰ সমাজ ব্যৱস্থাৰ অভিভাৱকৰ লগতে সমাজ গঠনৰ অংশীদাৰৰ ভূমিকা পালন কৰি আহিছে। সত্র তিনি প্রকাৰে ভগােৱা যায়— মূল সত্র, শাখা সত্র (চলাবন্তি) আৰু আজ্ঞাপৰ। সত্ৰাধিকাৰৰ বা ডেকা সত্ৰাধিকাৰৰ কোনাে এজন উত্তৰাধিকাৰীৰ যদি মূল সত্ৰৰ পৰা কোনাে পৱিত্র প্রতীক আনি অন্য ঠাইত একে নামে বা অন্যনামতাে সত্র স্থাপন কৰে, তাক শাখা-চলাবন্তি বােলা হয়। কোনাে এজন শিষ্য বা ভকতে যদি গুৰুৰ আজ্ঞা বা অনুমতি অনুসাৰে নতুনকৈ সত্র স্থাপন কৰে, তাক আজ্ঞাপৰ বােলা হয়। 

সত্ৰসমূহৰমূল বিষয়ববীয়াসকলৰ যুগ্মজীৱনৰ অৱস্থান লৈও সত্ৰসমূহক উদাসীন, অর্ধ উদাসীন আৰু গার্হস্থ্য এই তিনি ভাগত চিনাক্ত কৰা হয়। ইয়াৰে প্রথম দুই ধৰণৰ সত্ৰত ভগৱৎ চিন্তাত ব্ৰতী থকা ভকতসকলে জীৱনটো অৰ্পণ কৰে ধৰ্ম আৰু সংস্কৃতিৰ ধ্বজা কঢ়িয়াই ফুৰাত। শংকৰদেৱৰ পিছৰ পৰ্যায়ৰ পৰা অসমীয়া জাতিয়ে নিজ পৰিচয় দিবলৈ গৌৰৱবােধ কৰা মেটমৰা সাহিত্য-সংস্কৃতিৰ সম্ভাৰ পুৰুষানুক্রমে এইসকল গােসাঁই ভকতৰ যােগেদিয়েই আজিৰ প্ৰজন্মৰ হাতত পৰিলহি। এই অপূর্ব সম্পদৰাজি সত্ৰই সুদীর্ঘ পাঁচ শতিকাতকৈ বেছি সময় সংৰক্ষণ, পৰিশীলন আৰু প্ৰসাৰ নকৰা হ'লে আজি অসমীয়া জাতি অসভ্য চুক ভেকুলীৰ দৰে জাতি এটাত পৰিণত হ'লহেঁতেন। নাট-গীত, বাদ্যনৃত্য, ছবি, মূর্তি, পুথি আৰু পুথি চিত্ৰ আৰু সকলাে প্রকাৰৰ কলা আৰু সার্বজনীন মানৱীয় প্ৰমূল্যৰ পৰম্পৰাৰ সম্ভাৰ এই সত্ৰসমূহে দি আহিছে ইতিহাসৰ এক সুদীর্ঘ পৰিক্ৰমাত।


কালক্ৰমত সত্ৰৰ আধ্যাত্মিক পথ সম্পর্কীয় বিষয়সমূহৰ প্রাধান্য অনুসৰি সত্ৰসমূহৰ পৰিচয় চাৰি ভাগত হ’ল। বৈষ্ণৱ পন্থা অৱলম্বন কৰিও ব্রাহ্মণ্য পন্থাই অলপ হ'লেও গুৰুত্ব পােৱা সত্ৰসমূহক ব্রহ্ম সংহতি আৰু মন তথা দেহৰ পৰিচ্ছন্নতাৰ ওপৰত প্ৰধানকৈ গুৰুত্ব দিয়া ঠালটোক নিকা সংহতি বুলি জনা যায়। ঠিক সেইদৰে গােপালদেৱ আৰু অনিৰুদ্ধদেৱৰ ঠাল-ঠেঙুলিৰ উত্তৰপুৰুষসকলে স্থাপন কৰা সত্ৰসমূহক মূল সত্র ‘কালঝাৰ সত্ৰনামৰ আউটিত কালসংহতি আৰু শংকৰ গুৰুজনাৰ নাতি পুৰুষােত্তম ঠাকুৰৰ পৰা উদ্ভৱ হােৱা সত্ৰসমূহক পুৰুষ সংহতিৰ সত্ৰ বুলি কোৱা হয়।

গুৱাহাটীস্থ বিবেকানন্দ কেন্দ্ৰৰ দ্বাৰা ২০০৮ চনতে চাৰিশ পঞ্চাছখন সত্ৰৰ বিভিন্ন বিষয়ত এক বিজ্ঞানসন্মত জৰীপ তথা গৱেষণা কৰা হৈছিল। অসমৰ বিভিন্ন এলেকাত সংহতিভেদে সত্ৰৰ সংখ্যা আৰু অৱস্থিতি তালিকাত দেখুৱা ধৰণে উক্ত সমীক্ষাত দিয়া হৈছে। 
উক্ত সমীক্ষাটোৰ মতে ষষ্ঠদশ শতিকাত ৮২খন, সপ্তদশ শতিকাত ১২৫, অষ্টদশ শতিকাত (১৮২৫ চনলৈ) ৮৭খন, ১৮২৬ৰ পৰা ১৯৫০লৈ ৭১খন আৰু ১৯৫০ চনৰ পৰা ২০০০ চনলৈ ৪৬খন সত্র স্থাপন হৈছিল। এইসমূহ সত্ৰৰ ভিতৰত ষষ্ঠদশ শতিকাত সর্বসংখ্যক ৪৩খন সত্ৰ নামনি অসমত স্থাপন হৈছিল। শংকৰ গুৰুজনাৰ জীৱনৰ শেষকালছােৱা আৰু পৰৱর্তী গুৰুসমূহৰ কার্যক্রমণিকা প্রধানতঃনামনিত হােৱাৰ বাবেই হয়তাে সেয়া হৈছিল। কিন্তু পৰৱর্তী শতিকাকেইটাত উজনিত আটাইতকৈ বেছিসংখ্যক সত্র স্থাপন হৈছিল আৰু উত্তৰ, মধ্য আৰু নামনি অসমত কম-বেছি। পৰিমাণে সমানসংখ্যক সত্র স্থাপন হৈছিল। এয়া নিশ্চয় হৈছিল সমাজত সত্ৰসমূহৰ ভূমিকা প্রাসংগিক হৈ অহাৰ লগে লগে সেই অনুষ্ঠানসমূহৰ চাহিদাও বাঢ়ি গৈছিল আৰু কর্মযােগী সত্ৰীয়া গুৰুসকলে ৰাজ্যৰ প্রান্তে প্রান্তে জনসমাজৰ মাজত কৰা আত্মােৎসৰ্গাৰ ফলত ইখনৰ পিছত সিখন সত্র স্থাপন হৈ গৈ আছিল। সমাজ গঠন আৰু শৃংখলিত জীৱন-যাপনৰ এক নতুন ধাৰা সংযােজন হৈছিল অসমৰ বিভিন্ন জাতি-জনজাতি আৰু ভাষা-ভাষীৰ মাজত।

বিভিন্ন সত্ৰত থকা পদবীধাৰীসকলৰ নামকৰণৰ পৰাই বুজা যায় সত্ৰসমূহৰ ঐতিহাসিক আৰু সামাজিক প্রবৃত্তিৰ ব্যাপকতা। সাধাৰণতে সত্ৰসমূহৰ কৰ্ম প্ৰকৃতিৰ বিভাগসমূহ অন্তর্বর্তী আৰু বহিঃৱর্তী। মণিকূট বিভাগত দেউৰী, পূজাৰী, পাঠক আদি আৰু নামঘৰ বিভাগত নাম লগােৱা, পালধীয়া, সাতােলা, ভাগৱতী আৰু তামুলী আদি বিষয়ববীয়া থাকে। সাধাৰণ প্রশাসন বিভাগত কেইবাবিধ আলধৰা আৰু ভৰালী থাকে। মেধিসকলৰ ভিতৰত ৰাজ মেধি সকলাে মেধিৰ মুখ্য আৰু সত্ৰৰ হৈ সমাজ আৰু বিভিন্ন সামাজিক গােটৰ লগত মতামত বিনিময় আৰু কাম-বনবিলাক সম্পাদন কৰে। সেইদৰে জ্যেষ্ঠানুসৰি বৰমেধি আৰু সৰু মেধিসকলেও ভগাই দিয়া এলেকা অনুসৰি সেই কামবিলাক হাতত লয়। বিবেকানন্দ কেন্দ্রই কৰা গৱেষণাত অসমত মুঠ ৩১খন সত্ৰত এই তিনিবিধ পদবীধাৰী বিষয়াৰ অস্তিত্ব পাইছিল। পাখি মেধিসকল সমাজ আৰু জনপদৰ মাজত থাকি সত্ৰ পৰিচালনাৰ বিভিন্ন কামত সহায় কৰে।


উক্ত পদবীবােৰৰ উপৰি জনসম্পৰ্কৰ বিভিন্ন দিশত আন বহুত বিষয়া সত্রভেদে থকাৰ কথা জনা যায়। সেইবিলাকৰ ভিতৰত ভৰালীয়ে সত্ৰৰ ভঁৰালৰ দায়িত্ব, মুক্তিয়াৰে খাজনা ৰচিদ আৰু চৰকাৰ তথা ৰাইজৰ লগত জনসম্পৰ্কৰ দায়িত্ব, মজুমদাৰে সত্ৰৰ নথি-পত্র, খাটনিয়াৰে কৰ্ম আৰু সময়ৰ ভিতৰত কর্তব্য সম্পাদন নিশ্চিতকৰণৰ দায়িত্ব পালন কৰে। এইবােৰৰ উপৰি বৰগায়ন আৰু গায়ন, বায়ন আৰু বায়ন আৰু ওজা পদবীধাৰীসকল হ’ল সত্ৰৰ সাংস্কৃতিক প্রশাসনৰ মুখ্য বিষয়াবৃন্দ। তদুপৰি খনিকৰে সত্ৰৰ শিল্পকর্ম নির্মাণ আৰু চোৱা-চিতা কৰে। সাম্প্রতিক সময়ত উক্ত খিতাপসমূহৰ ভিতৰত ভৰালী ৫৬খন সত্ৰত, মুক্তিয়াৰ ৫৩খন, মজুমদাৰ বিশেষকৈ নামনিৰ ১২খন, খাটনিয়াৰ ৫২খন সত্র, গায়ন ৩৪খন আৰু বায়ন ৫০খন সত্ৰত থকাৰ প্ৰমাণ পােৱা গৈছে উল্লিখিত জৰীপটোৰ যােগেদি।


‘সেৱাৰ দৰ্শন’ ধাৰণাটোৰ বিষয়ে অৱলােকন কৰোঁতে উল্লিখিত পটভূমি আৱশ্যক বুলি এইকাৰণেই অনুভৱ কৰা গ'ল যে সত্ৰসমূহৰ সৃষ্টি, বিকাশ,কর্ম আৰু ব্যাপকতাৰ লগত অংগাংগীভাৱে জড়িত হৈ আছে ঐতিহাসিকভাৱে গঢ় লৈ উঠা আধ্যাত্মিকতা, সংস্কৃতি আৰু সমাজ। সংগঠিত ৰূপত এই তিনিবিধ কাৰকৰ চৰ্চন, কর্ষণ আৰু প্ৰসাৰ লাভ কৰিবৰ বাবে অর্থনৈতিক ব্যৱস্থাপনাও ইয়াৰ এক অত্যাৱশ্যকীয় অংশ আছিল। গতিকে ঈশ্বৰ কৃষ্ণৰ আগত ভকতে কায়মনােবাক্য কৰা আত্মসমর্পণ আৰু আত্মনিবেদন ভক্তিবাদ দৰ্শনৰ মূল ভেটি হ'লেও অসমৰ ভাগৱতী বৈষ্ণৱ ধৰ্মত মানুহ সেৱা আৰু মানুহৰ মাজেদি পমাত্মাৰ উপলব্ধিৰ বিষয়ে বহুতাে সমল আছে। এই সমলখিনিক অগ্রাধিকাৰ দি ইতিহাসৰ এক সুদীর্ঘ শতিকাটোৰ পৰিক্ৰমাত সত্ৰসমূহৰ কাণ্ডাৰীসকলে আগ নাবাঢ়ি কেৱল অদৃষ্টবাদকে সাৰােগত কৰি নাম-কীর্তনকে কৰি থকা হ'লে অসমৰ সভ্যতা আৰু নৱজাগৰণে আজিৰ পৰিশালিত ৰূপ কেতিয়াও পাব নােৱাৰিলেহেঁতেন৷
গুৰুজনাপ্রদত্ত ভাগৱতী বৈষ্ণৱ ধর্মই নিৰূপণ কৰা ধৰ্মৰ চাৰি খুঁটিৰ গুৰু, দেৱ, নাম, ভকতেই ইংগিত বহন কৰে এই আধ্যাত্মিকতাৰ পৰিপক্কতা আৰু এক চিৰন্তন চিন্তাধাৰাৰ। মাধৱদেৱ মহাপুৰুষে পৰৱৰ্তী কালত যােগ কৰা প্রথমটো খুঁটি ‘গুৰু শ্ৰীমন্ত শংকৰদেৱ অসমীয়াৰ জনক পথ প্রদর্শক। দেৱ হ'ল আমাৰ আৰাধ্য শ্রীকৃষ্ণ। সাংগীতিক প্ৰমূল্য আৰু সৌন্দর্যৰে মহীয়ান নামৰ যােগেদি পৰমাত্মাৰ অন্বেষণ অসমীয়া জাতিৰ এক গৌৰৱােজ্জ্বল অধ্যায়। ভকত’ হ’ল মানুহ। পৰমাত্মাৰ লগত আত্মিক বিলীনতাৰ বাবে নামৰ যােগেদি, গুৰু শংকৰদেৱে শিকাই যােৱা পথেৰে আগবঢ়া ভকত’ হ’ল এদল নিবেদিত প্রাণৰ সমষ্টি। এই আধ্যাত্মবাদৰ ভকত সমূহ হ’ল ঈশ্বৰ কৃষ্ণৰে একো একোজন প্রাণময় প্রকাশ।
‘শুনিয়ে দুর্বাসা মই নােহাে স্বতন্তৰ
কেৱলে অধীন মই ভৈলাে ভকতৰ।
ভকতেসে হৃদি মােৰ ভকতেসে প্রাণ,
ভকতৰ বিনে মই নিচিন্তোহাে আন।
(শ্ৰীশংকৰদেৱ- ভাগৱত, একাদশ স্কন্ধ)
মহাপুৰুষজনাৰ চিন্তাৰ বিশালতাৰ উমান পােৱাসকলে অনুধাৱন কৰিব পাৰিব যে এই আধ্যাত্মবাদৰ আদৰ্শ ইমান উচ্চ আৰু দীপ্তবিশাল যে ভকতসকল কেতিয়াও একেলগে নাম গাই প্রসাদ খােৱা বা চর্চন কৰা সতীর্থসকলৰ মাজত সীমাবদ্ধ হ'ব নােৱাৰে। জাতি, বর্ণ, ধর্ম। নির্বিশেষে সকলােৰে আত্মাত ঈশ্বৰ-কুকুৰ শৃগাল গর্দভৰাে আত্মা ৰাম'। মানৱ জাতিৰ প্রতিজন সদস্যৰে জ্ঞাতে বা অজ্ঞাতে থাকে আধ্যাত্মিক তৃষ্ণা আৰু বাসনা। গতিকে যিহেতু মানুহ মাত্রেই ঈশ্বৰ হাবিয়াসী লােকৰ পৰিচয়, সকলাে মানুহেই ভকত। সকলাে মনুষ্যৰে মাজতে বিষ্ণুক বিচাৰি পােৱা যাব পাৰে।

‘বিশেষত মনুষ্যগণত যিটো নৰে । 
বিষ্ণু বুদ্ধি কৰি সর্বদায় মান্য কৰে।
ইৰি, অসূয়া তিৰস্কাৰ অহংকাৰ।
সবে নষ্ট হােৱয় তবে তৱৈৰূণে তাৰ”। 
বিয়ােগাত্মক চিন্তা-চর্চা নহয়, মানুহৰ মাজত আৱিষ্কাৰ হওক স্বয়ং ঈশ্বৰ বিযুৰ । আৰুবিষুক ভাৰতীয় পৰম্পৰাত কিদৰে চোৱা হৈছে। পৃথিৱীৰ মনুষ্যগণৰ প্রতিমূর্তি হিচাপে।

“তং স্ত্রী, তং কুমানসি, তং কুমাৰ ? উত কুমাৰী 
তং জীর্ণো, দণ্ডেন বঞ্চসি, তং জাতাে ভৱসি-বিশ্বতাে মুখঃ 
(উপনিষদ) 
‘তুমিয়েই তিৰােতা,পুৰুষ, কুমাৰ কুমাৰী-তুমিয়ে লাঠীক আশ্রয় কৰি থকা শীর্ণকায় জন-তুমিয়ে বিশ্বৰ জাতি-অজাতি। গতিকে গুৰু দেৱ, নাম, ভকত ধৰ্মৰ এই চাৰিস্তম্ভৰ অন্য এক প্রধান স্তম্ভ মানুহ প্রতিজন মানুহেই ভকত— প্রতিজন মানুহৰ কল্যাণেই এই ধৰ্ম আৰু সংস্কৃতিৰ এক উদ্দেশ্য, কৰণীয়। আৰু শংকৰ গুৰুজনাই আমাক দি গ’ল মানুহৰ সেৱা কৰাৰ দ্বাৰাই ঈশ্বৰ প্ৰাপ্তিৰ এক অপূর্ব আধ্যাত্মিক আহিলা।গতিকে শৰণৰ সেৱা লওঁতে উত্তম সেৱকীয়ে গুৰু দেৱনাম ভকত সেৱা কৰাৰ উপৰি প্রাত্যহিক জীৱনত গুৰুজন, ঈশ্বৰ কৃষও নাম-গীতৰ চৰ্চা আৰু মানুহ সেৱা কৰিবলৈ আত্মােৎসর্গা কৰাটে বাঞ্ছনীয়। এয়া এক আন্তর্জাতিক আৰু চিৰন্তন প্ৰমূল্যৰ চানেকি ‘পৰােপকাৰ পূণ্যায়– পাপায় পৰ পীড়নম’ ‘সবাৰ উপৰে মানুষ সত্য, এই শাশ্বত মূল্যবােধেই হােৱা উচিত আজিৰ দিনৰ উপভােক্তাবাদৰ ধামখুমীয়াত কক্কাই থকা সমাজৰ গুৰি ধৰিবলৈ সত্ৰসমূহৰ প্রধান চালিকা শক্তি।

আজি সময়বােৰ ক্ষিপ্রগতিত সলনি হৈছে। বিজ্ঞানৰ জয়যাত্ৰাৰ অদ্ভুত গতিত চলিত মূল্যবােধ, ভুল-শুদ্ধ, সামাজিক জীৱন আৰু জীৱনৰ অর্থ, পৰম্পৰা-সম্বন্ধ আদি মানৱীয় প্রমূল্যই থৰকাছুটি হেৰুৱাইছে। ইয়াৰ মাজত ঈশ্বৰৰ সত্য আৰু আধ্যাত্মিক চেতনাৰ স্বৰূপে এক আলােচিত বিষয় হৈ পৰিছে। এনে অৱস্থাত ভাগৱতী বৈষ্ণৱ ধৰ্মৰ কাণ্ডাৰীসকলে কি কৰা উচিত?

মেক্স ৱেবাৰ আৰু প্রটেষ্টান্ট কর্মনীতিঃ
এই সন্দৰ্ভত আমি আলােকপাত কৰিবলৈ বিচাৰোঁ ১৯০৫ চনত জার্মান পণ্ডিত মেক্স ৱেবাৰৰ কুৰি শতিকাৰ শ্রেষ্ঠতম সমাজবৈজ্ঞানিক তত্ত্ব বুলি আখ্যা পােৱা গ্ৰন্থখনৰ বিষয়ে। "Protestant Etic and Spirit of Capitalism" বুলি ১৯৩০ চনত টেলকট পাছছে ইংৰাজীলৈ অনুবাদ কৰা জার্মান ভাষাত লিখা গ্রন্থখনৰ নামটো আছিল "Die protestantische ethik und der Geist des Kapitalismus."। গ্রন্থখনৰ মূল ভাবটে হৈছে যে উত্তৰ ইউৰােপত প্রটেষ্টান্ট ধৰ্মৰ ভাবধাৰাই প্ৰভাৱ বিস্তাৰ কৰাৰ ফলত মানুহবােৰ কর্মপটু হৈ ধনবান হৈ পৰিল আৰু ইয়াৰ ফলতে পুঁজিবাদৰ বিস্তাৰে খােপনি পুতিলে। ৱেবাৰে যুক্তি দাঙি ধৰিছিল যে পৰম্পৰাগত কেথলিক ভাবধাৰাই জীৱন, যৌৱন সম্পত্তি, সম্বন্ধ আদিক অর্থহীন বুলি অভিহিত কৰাৰ পৰিৱর্তে একে খীষ্টিয়ান ধৰ্মৰ বিভিন্ন পুথি-পাঁজিক বেলেগ ধৰণে ব্যাখ্যা দি প্রটেষ্টার্ণ ধর্মই স্থাপন কৰিলে যে এইজীৱনৰ অৰ্থ আৰুআনন্দ লাভ কৰিব পাৰি মানুহৰ মাজতেই। অর্থ আহৰণৰ বাবে কৰিবলগীয়া কষ্ট আৰু বুদ্ধিমত্তাও এই চিন্তাধাৰাৰেই প্রসূত। বেঞ্জামিন ফ্ৰেংকলিনৰ দৰে বিজ্ঞজনেও এই আদর্শক ঈশ্বৰপ্রদত্ত বুলি অভিহিত কৰাৰ পিছত ইউৰােপত এক নতুন কর্ম জাগৰণৰ সৃষ্টি হ’ল। ঈশ্বৰ প্ৰাপ্তিৰ বাবে মানুহৰ মাজত, সাম্প্রতিক জীৱনৰ মাজত আপােন প্রাপ্তিৰ এক নতুন মূল্যবােধে জন্ম ল'লে।

সাম্প্রতিক কালৰ সত্ৰসমূহে তেওঁলােকৰ সমাজ-প্রজ্ঞা তথা ঈশ্বৰ চেতনাৰ অপূর্ব ঐতিহ্যক আগুৱাই নিব পৰা নাই। ইয়াৰ বহুতে ঐতিহাসিক আৰু আর্থ-সামাজিক কাৰণ আছে। কিন্তু যিসকল সত্ৰৰ কাণ্ডাৰীয়ে কিবা এটা কৰিব পৰা অৱস্থাতে আছে, তেওঁলােকেও কিমান কৰিছে সি বিচার্য বিষয়। সামন্তকুলীয়া ৰীতি-নীতি, নিজবে উচ্চ বৰ্ণৰ বুলি ভাবি শিষ্য তথা সাধাৰণ ৰাইজক নীহকুলীয়াবুলি গণ কৰা, আধ্যাত্মিক প্রাপ্তিৰ পথৰ প্রকৃত সন্ধান দিনতুনচামক এই ধাৰাৰ প্রতি আকৃষ্ট কৰিবলৈ অনীহা, সভা-সমিতিয়ে, সংবাদ মাধ্যমেৰে বিশেষ একো নকৰাকৈ বহুল আত্মপ্রচাৰ আৰু অত্যধিক সংৰক্ষণশীল মনােবৃত্তি প্রকট কৰি অসমীয়া সত্তাৰ ধাৰণাটোক আগবঢ়োৱাত চুড়ান্ত ব্যর্থতা— এইবােৰে সত্ৰ সমাজক লাহে লাহে জনচক্ষুত হে কৰিবলৈ ধৰা যেন উপলব্ধি হৈছে। লগতে সত্রইখালী কৰি দিয়া স্থান পূৰণ কৰিবলৈ নিত্যনতুন বাবা, গুৰু, আচার্য— এইসকলৰ দলদোপ হেন্দোলদোপ লাগিছে। আন বিদেশী ধৰ্মৰ আগ্রাসনৰ কথা নকলোৱেইবা।

গতিকে সময় আহি পৰিল অসমীয়া সমাজখনক শ্ৰীমন্ত শংকৰ মাধৱে নিজ জীৱন, ধর্ম আৰু জ্ঞানেৰে উদ্বুদ্ধ কৰি যােৱা ধৰণে এক নতুন দিক নির্ণয় কৰা। আজি শংকৰদেৱৰ উদাৰতাবাদী মানৱ ধৰ্মৰ কর্ষণ হ'ব লাগিব পিছপৰা লােকসকলৰ মাজত, জনগােষ্ঠীসমূহৰ মাজত, অনা-অসমীয়া ৰাইজৰ মাজত। ইউৰােপৰ ভাৱৰীয়া কেইজনমানৰ লগত ভাওনা কৰি বিশ্ব দৰবাৰত (?) দামামা কোবালে শিশুপালৰ হাঁহি মাৰি ৰেকৰ্ড কৰিলে, ভাওনা প্রতিযােগিতাৰ আতিশয্য হ'লে, কাগজেপত্রই বিবৃতিৰ ফুলজাৰি মাৰিলে ধর্ম নয় সংস্কৃতি নাবাচে। মহাপুৰুষসকলৰ মহান ৰচনা আৰু জীৱন-কৰ্মৰ বাণীক ন-ৰূপেৰে নতুন প্রজন্মলৈ সত্ৰসমূহে আগুৱাই দিব লাগিব। দৰ্শনৰ নতুন ব্যাখ্যা হ’ব লাগিব। য'ত আজিৰ সমাজৰ আৱশ্যকীয় চাহিদা তথা আধ্যাত্মিক ক্ষুধা নিবাৰণ কৰিব পৰা যাব। শংকৰ গুৰু আৰু তেওঁৰ উত্তৰসুৰীসকলৰ ৰচনাত প্ৰচুৰ সমল আছে, মানুহৰ বাবে উপকাৰ এনে সমলৰ ন-ব্যাখ্যা হ’ব লাগিব। সকলােকে লগত লৈ নিজ দৰবাৰখনত শংকৰ গুৰুপ্রদত্ত অপূর্ব দর্শন স্থাপন কৰিব লাগিব।
লেখাটি আমাৰ অসম কাকততো যোৱা ২৪ আগষ্ট ২০১৮ তাৰিখে প্ৰকাশ পাইছে। লেখকৰ মৌখিক অনুমতি সাপেক্ষে ইউনিকোডীয় সমল ৰূপে সুখ-দুখত সংৰক্ষণৰ অৰ্থে পুনৰ প্ৰকাশ কৰা হৈছে। লেখকৰ ইমেইলঃ bj.mahanta@gmail.com

No comments:

Post a Comment