প্ৰৱন্ধঃ ৰাখীগঢ়ীৰ ৰহস্যঃ ইতিহাস আৰু বিতৰ্ক :: ৰূপশ্ৰী বৰা বৰদলৈ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ৰাখীগঢ়ীৰ ৰহস্যঃ ইতিহাস আৰু বিতৰ্ক :: ৰূপশ্ৰী বৰা বৰদলৈ

প্ৰৱন্ধঃ ৰাখীগঢ়ীৰ ৰহস্যঃ ইতিহাস আৰু বিতৰ্ক :: ৰূপশ্ৰী বৰা বৰদলৈ

Share This
সিন্ধু সভ্যতা বৈদিক আৰ্যসকলৰ সভ্যতা আছিল নেকি ? নে আৰ্যসকল আছিল ভাৰতৰ বাহিৰৰ পৰা অহা আক্ৰমণকাৰী ? ভাৰতীয় সভ্যতাৰ আৰম্ভণি কোনে কৰিছিল? ভাৰতৰ মূল বাসিন্দা কোন আছিল? সিন্ধু সভ্যতাৰ লোক সকল আৰ্য আছিল নে অনাৰ্য আছিল? শেহতীয়াকৈ চৰ্চা আৰু বিতৰ্কলৈ অহা কেইটামান প্ৰশ্ন৷ইতিহাস , প্ৰত্নতাত্বিক অধ্যয়ন, সংবাদ মাধ্যম, ছচিয়েল মিডিয়া আৰু আনকি দেশৰ ৰাজনৈতিক ক্ষেত্ৰতো তোলপাৰ লগাইছে প্ৰসংগটোৱে৷ প্ৰশ্নকেইটাক লৈ কৌতূহলৰ কেন্দ্ৰবিন্দু হৈ পৰিছে “ৰাখীগঢ়ী” ৷

হাৰিয়াণাৰ হিছাৰ জিলাৰ এখন ঠাই ৰাখীগঢ়ী৷ এই ৰাখীগঢ়ীতে আবিস্কৃত হৈছে সিন্ধু সভ্যতাৰ অৱশেষ৷ ১৯৬০চন মানৰ পৰা চৰ্চালৈ আহে ৰাখীগঢ়ীৰ নাম৷ ১৯৯৮ৰ পৰা ২০০১চনৰ মাজত এই ঠাইত চেগাচোৰোকাকৈ কেইবাটাও ভাগত খনন কাৰ্য চলে৷ খননত আবিস্কৃত হয় খ্ৰীষ্ট পূৰ্বৰ প্ৰায় ৫০০০ হাজাৰ বছৰ পূৰ্বৰ এক নগৰসভ্যতা৷ সিন্ধু সভ্যতাৰ এতিয়ালৈকে আবিস্কৃত ক্ষেত্ৰ সমূহৰ ভিতৰত আটাইতকৈ বৃহৎ ক্ষেত্ৰ হিচাবে চৰ্চালৈ আহিছে ৰাখীগঢ়ী৷ মহেঞ্জোদাৰোতকৈও দুগুণ ডাঙৰ চহৰ হিচাবে চিহ্নিত কৰি ২০১৪ চনৰ পৰা ইতিহাসৰ পাঠ্যপুথি, পৰ্যটনৰ বিভিন্ন পুষ্টিকাত অন্তৰ্ভূক্ত কৰা হৈছে ৰাখীগঢ়ীৰ নাম৷ ২০১৪চনৰ পৰা ২০১৫ চনৰ ভিতৰত চলা খননত ৰাখীগঢ়ীৰ ৫৫০ হেক্টৰ জোৰা প্ৰত্নতাত্বিক ক্ষেত্ৰৰ ২২ মিটাৰ তলত আবিস্কৃত হয় ইটাৰে নিৰ্মিত প্ৰায় ৫৩ টা সমাধি৷
এই সমাধিসমূহত উদ্ধাৰ হয় কমেও ৪৬টা কংকাল৷ ইয়াৰ ভিতৰত ৩৭ টা কংকালৰ নৃতাত্বিক আৰু DNA পৰীক্ষা কৰা হয়৷ এই ৩৭ টা কংকালৰ ভিতৰত ১৭টা কংকাল ১৮ বছৰৰ ওপৰৰ লোকৰ,৮টা ১৮বছৰৰ তলৰ ৷১২টা কংকালৰ বয়স নিৰ্ধাৰণ কৰিব পৰা হোৱা নাই৷কংকাল সমূহৰ ভিতৰত দুটা কংকাল শিশুৰ আৰু ১০ টা মহিলাৰ ৷ শেহতীয়াকৈ কংকালসমূহৰ  DNA পৰীক্ষাৰ ফলাফলকলৈয়ো তুমুল বিতৰ্কৰ সৃষ্টি হৈছে৷

ৰাখীগঢ়ীত উদ্ধাৰ হোৱা মানৱ কংকাল
প্ৰত্নতত্ববিদ তথা পুনে ডেক্কান কলেজৰ উপাচৰ্য ড৹ বসন্ত সিন্দেৰ নেতৃত্বত ছিউল নেচনেল ইউনিভাৰ্চিটীৰ সহযোগত চলা গৱেষনাত ৰাখীগাঢ়ীত উদ্ধাৰ হোৱা কংকাল সমূহৰ DNA পৰীক্ষা সম্পন্ন কৰা হয়৷দক্ষিণ কোৰিয়াৰ বিজ্ঞানীৰ এটা দলে হায়দৰাবাদৰ গৱেষণাগাৰত DNA পৰীক্ষা সম্পন্ন কৰে৷যোৱা ফেব্ৰুৱাৰী মাহত এখন বিজ্ঞান পত্ৰিকাত প্ৰকাশ পায় বসন্ত সিন্দেৰ এখন গৱেষণা পত্ৰ৷এই সম্পৰ্কীয় আন দুখন গৱেষণা পত্ৰৰ পূৰ্ব মুদ্ৰণ (pre print) শেহতীয়াকৈ প্ৰকাশ পাইছে৷ এখনত আছে সিন্ধু সভ্যতাৰ লোক সকল দেখিবলৈ কেনেকুৱা আছিল তাৰ সবিশেষ৷এই গৱেষণাৰ সৈতে জড়িত কোৰিয়াৰ জেনেটিক বিজ্ঞানীসকলে প্ৰথম বাৰৰ বাবে “ফেচিয়েল ৰিকনষ্ট্ৰাকশ্যন”অৰ্থাৎ মুখমণ্ডলৰ পুনৰ্গঠনৰ জৰিয়তে হৰপ্পাৰ লোকসকলৰ মুখৰ গঢ় নিৰ্ধাৰণৰ চেষ্টা কৰিছে৷আনখন গবেষণা পত্ৰ লক্ষ্ণৌৰ Birbal Sahni Institute for Palaeosciences (ancient DNA Lab) ৰ মূৰব্বী নীৰজ ৰয় আৰু হাভাৰ্দৰ জেনেটিচিষ্ট ৱাগীছ নৰসিম্ভনৰ ৷এই গৱেষণা পত্ৰখনত প্ৰথম বাৰৰ বাবে হৰপ্পা অৰ্থাৎ সিন্ধু সভ্যতাৰ লোকলকলৰ জেনেটিক পূৰ্বপুৰুষ কোন আছিল তাক চিনাক্ত কৰা হৈছে ৷

ৰাখীগঢ়ীৰ বিষয়ে চলোৱা অধ্যয়নৰ গৱেষণাপত্ৰ আনুষ্ঠানিকভাৱে প্ৰকাশ হবলৈ এতিয়াও বাকী৷ গৱেষণাপত্ৰ প্ৰকাশত অযথা বিলম্ব হৈছে বুলি সমালোচনাও হৈছে৷ এনে বিলম্ব ৰহস্যজনক বুলি সংবাদ মাধ্যমতো চৰ্চা চলিছে৷ ৰাখীগঢ়ী গৱেষণাৰ সৈতে জড়িত হাভাৰ্ডৰ দলটো অধৈৰ্য হৈ পৰা বুলিও বাতৰি ওলাইছে৷ ইয়াৰ মাজতে হাভাৰ্ডৰ গৱেষক ডেভিদ ৰাইখ আৰু তেঁওৰ দলৰ এখন গৱেষণা পত্ৰৰ পূৰ্ব মুদ্ৰণ (pre print) ৰাজহুৱা হয়৷ ইয়াৰ পিছতে দেশৰ আগশাৰীৰ সংবাদ মাধ্যমত শিৰোনাম দখল কৰে ৰাখীগঢ়ীয়ে৷ ৰাখীগঢ়ীৰ ডি এন এ ৰহস্য সন্দৰ্ভত বিস্ফোৰক তথ্যৰে প্ৰতিবেদন,নিবন্ধ প্ৰকাশ পায় “আউটলুক”, “ইণ্ডিয়ান এক্সপ্ৰেছ” “ইণ্ডিয়া টুডে”কে ধৰি দেশৰ আগশাৰীৰ বিভিন্ন কাকত,আলোচনীত৷ 

কি সেই বিস্ফোৰক তথ্য ? 
আউটলুক আলোচনীত যোৱা ২ আগষ্টত প্ৰকাশিত সুনীল মেনন আৰু সিদ্ধাৰ্থ মিশ্ৰৰ এক প্ৰতিবেদনত ৰাখীগঢ়ী গৱেষণাৰ অন্যতম সহযোগী নীৰজ ৰয়ৰ মতামত প্ৰকাশ কৰা হৈছে৷ৰয়ে সদৰি কৰা মতে এই গৱেষণাৰ উত্তৰ সমূহ এতিয়া পৰিস্কাৰ হৈছে৷

“We are not getting any Central Asian gene flow in Rakhigarhi.....we have concluded they have more of an affinity with the Ancestral South Indian population compared to the north Indian population”অৰ্থাৎ ৰয়ৰ মতে ৰাখীগঢ়ীৰ কংকালত মধ্য এছীয় জিন পোৱা নগ’ল৷ উত্তৰ ভাৰতীয় লোকতকৈ আজিৰ দক্ষিণ ভাৰতীয় জনজাতীয় লোকৰ লগতহে বেছি সাদৃশ্য আছে সিন্ধু সভ্যতাৰ লোকসকলৰ৷''The Rakhigarhi samples have a significant amount of Iranian farmers' ancestry.In India’s present day population,only the south Indians have Iranian farmer ancestry.You won’t find Iranian farmer DNA in North Indian population.”ৰয়ৰ মতে ৰাখীগঢ়ীৰ DNA নমুনাত ইৰাণীয় কৃষজীৱী পূৰ্বপুৰুষৰ জিন পোৱা গৈছে৷ আজিৰ ভাৰতীয়সকলৰ ভিতৰত কেৱল দক্ষিণ ভাৰতীয়সকলৰ জিনতহে ইৰাণীয় মূলৰ DNAপোৱা যায়৷উত্তৰ ভাৰতীয়সকলৰ জিনত পোৱা নাযায়৷ৰয়ে লগতে এই কথাও স্পষ্ট কৰি দিয়ে যে সিন্ধু সভ্যতা ধ্বংস হোৱাৰ পিছতহে এই ভূখণ্ডৰ লোকসকল মধ্য এছীয় লোকৰ সম্পৰ্কলৈ আহিছিল৷

যোৱা ৩১ আগষ্টৰ “ইণ্ডিয়া টুডে”ত প্ৰকাশ পায় কাৰ্যবাহী সম্পাদক কাই ফ্ৰীজৰ প্ৰচ্ছদ নিবন্ধ The Explosive Truth.এই নিবন্ধত ৰাখীগঢ়ীৰ গৱেষণালব্ধ তথ্যৰ ওপৰত আলোকপাত কৰা হৈছে৷

ইতিহাস আৰু বিজ্ঞানৰ এই যৌথ গৱেষণাত পোহৰলৈ অহা তথ্য আৰু সংশ্লিষ্ট গৱেষকৰ মন্তব্যৰ আধাৰত কাই ফ্ৰীজে কেইটামান প্ৰশ্নৰ উত্তৰ এনেদৰে জুকিয়াইছে-

১: সিন্ধু সভ্যতাৰ লোকসকল সংস্কৃত ভাষা আৰু বৈদিক হিন্দু সংস্কৃতিৰ মূল উৎস নাছিল৷

২: আজিৰ ভাৰতীয় আৰু সিন্ধু সভ্যতাৰ লোকৰ মাজত জিনৰ সংযোগ আছে৷

৩: সিন্ধু সভ্যতাৰ লোক সকল আৰ্যতকৈ দ্ৰাবিড়ৰ বেছি নিকট৷

৪: আজিৰ উত্তৰ ভাৰতীয় সকলতকৈ দক্ষিণ ভাৰতীয় সকলৰ লগত সিন্ধু সভ্যতাৰ লোকৰ বেছি মিল আছে৷

এতিয়া প্ৰশ্ন হৈছে DNA পৰীক্ষাত এনে কি তথ্য পোৱা গ’ল যাৰ ওপৰত ভিত্তি কৰি ৰাখীগঢ়ী অৰ্থাৎ সিন্ধু সভ্যতাৰ লোকসকলক আজিৰ দক্ষিণ ভাৰতীয় সকলৰ নিকট বুলি ভৱা হৈছে ? ৰাখীগঢ়ীৰ কংকালৰ DNA ত জেনেটিক মাৰ্কাৰ R1a1 পোৱা নাই৷R1a1 ক আৰ্য জিন বুলি কোৱা হয়৷এই জিন আজিৰ উত্তৰ ভাৰতীয় সকলৰ জিনত পোৱা যায়৷ আজিৰ প্ৰায়ভাগ উত্তৰ ভাৰতীয় লোকৰ জিনৰ (male y chromosome)১৭.৫ শতাংশ R1a1 জিনৰ দৰে৷গৱেষক ৰয়ৰ মতে R1a1ৰ অনুপস্থিতিৰ দুটা কাৰণ হব পাৰে৷হয়তো পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা DNAৰ নমুনাত জেনেটিক তথ্য যথেষ্ট নাছিল ৷নাইবা ৰাখীগঢ়ীৰ DNA ত সঁচাকৈয়ে R1a1 জিন নাই৷

আন একাংশ সংবাদ মাধ্যমত আকৌ সমগ্ৰ বিষয়টোক অন্যধৰণে ব্যাখ্যা কৰা হৈছে৷যোৱা জানুৱাৰী মাহত এখন হিন্দী বাতৰি কাকতত ৰাখীগঢ়ীৰ কংকালৰ DNA ৰ সৈতে উত্তৰ ভাৰতীয় ব্ৰাহ্মণ সকলৰ যথেষ্ট মিল আছে বুলি প্ৰকাশ পায়৷ ইণ্ডো ইউৰোপীয় ভাষা গোষ্ঠীৰ লোকসকল যে ভাৰতৰ মূল নিবাসী আছিল সেই কথা DNA ৰ সাদৃশ্যই প্ৰমাণ কৰিছে বুলি দাবী কৰে কাকতখনে৷আন এটা সংবাদ প্ৰতিষ্ঠানে দুই গৱেষক বসন্ত সিন্দে আৰু নীৰজ ৰয়ে জনোৱা বুলি দাবী কৰি কয় যে ৰাখীগঢ়ীৰ কংকালৰ DNA ত মধ্য এছীয়সকলৰ জিনৰ অৱস্থিতি পোৱা নগ’ল৷গতিকে বৈদিক সভ্যতাৰ লোকসকল বাহিৰৰ পৰা অহা লোক নহয়, ভাৰতৰ মূল নিৱাসী অৰ্থাৎ ভূমিপুত্ৰ আছিল৷

ইমান দিনে দক্ষিণ ভাৰতীয়সকলে দাবী কৰি আহিছে তেঁওলোক ভাৰতৰ মূল বাসিন্দা৷মধ্য এছিয়াৰ পৰা অহা আক্ৰমণকাৰী আৰ্যসকলে তেঁওলোকক বিন্ধ্য পৰ্বতৰ সিপাৰে খেদি পঠিয়াইছিল৷ইয়াৰ বিপৰীতে হিন্দুত্ববাদী উত্তৰ ভাৰতীয়সকলৰ দাবী আৰ্যসকল আক্ৰমণকাৰী নাছিল, তেঁওলোক এই ভূমিৰ মূল বাসিন্দা৷বেছিভাগ মূলসূঁতিৰ ইতিহাসবিদৰ মতে সিন্দু সভ্যতা বৈদিক আৰ্যসকলৰে সভ্যতা আছিল৷ 

১৯২২- ১৯২৩ খ্ৰীষ্টাব্দত প্ৰত্নতত্ববিদ ৰাখালদাস বন্দোপাধ্যায়ে সিন্ধু প্ৰদেশৰ লৰকানা জিলাৰ মহেঞ্জোদাৰোত আৰু দয়াৰাম চাহানীয়ে পশ্চিম পঞ্জাবৰ মণ্টগোমাৰি জিলাৰ হৰপ্পাত দুখন প্ৰাচীন নগৰৰ ধ্বংসাৱশেষ আৱিস্কাৰ কৰিছিল৷হৰপ্পা, মহেঞ্জোদাৰোত আৱিস্কৃত নগৰ সভ্যতাক ইতিহাসবিদ, প্ৰত্নতত্ববিদসকলে আৰ্য সভ্যতাৰ শ শ বছৰ আগৰ বুলি ঠাৱৰ কৰিছিল৷প্ৰাচীন সুমেৰু,বেবিলন,মিচৰ,

চিৰিয় সভ্যতাৰ সমসাময়িক আছিল সিন্ধু আৰু ইয়াৰ উপনৈ সমূহৰ পাৰত গঢ়ি উঠা এই সভ্যতা৷পৰৱৰ্তী সময়ত হৰপ্পা,মহেঞ্জোদাৰোৰ ওপৰিও আন কেইবাঠাইত সিন্ধু সভ্যতাৰ ধ্বংসাৱশেষ আৱিস্কৃত হয়৷ভাৰতৰ ধ'লাভিৰা,লোঠাল, কালিবাংগান আদি কেইবাঠাইতো আৱিস্কৃত হৈছে সিন্ধু সভ্যতাৰ ধ্বংসাৱশেষ৷ইতিহাসবিদসকলৰ মতে বৈদিক সভ্যতা আছিল গ্ৰাম্য সভ্যতা আৰু সিন্ধু সভ্যতা আছিল নগৰ সভ্যতা৷

শেহতীয়াকৈ প্ৰাচীন ভাৰতৰ এই ইতিহাসক অন্য ধৰণে ব্যাখ্যা কৰিবলৈ লোৱা হৈছে৷আৰ্য সভ্যতা সিন্ধু সভ্যতাৰ পৰৱৰ্তী নাছিল, বৰং আৰ্য সভ্যতাই সিন্ধু সভ্যতা আছিল বুলি ইতিহাসৰ নতুন ব্যাখ্যা কৰা হৈছে ৷ঔপনিবেশিক ইতিহাসবিদ আৰু প্ৰত্নতত্ববিদ সকলে পক্ষপাতমূলক ভাৱে প্ৰাচীন ভাৰতৰ ইতিহাসৰ ভুল বাখ্যা কৰা বুলিও যুক্তি দাঙি ধৰা হৈছে৷এই যুক্তিৰ আধাৰত ভাৰতৰ ইতিহাস নতুনকৈ ৰচনা কৰাৰ কাম আৰম্ভ হৈছে৷এই কাম চলি থকাৰ সময়তে ৰাখীগঢ়ী গৱেষণাৰ তথ্য ফাদিল হয়৷ফলত অস্বস্তিত পৰে ৰাখীগঢ়ী গেৱষণাত জড়িত ভাৰতীয় গৱেষক সকল৷এক সূত্ৰৰ মতে কাংক্ষিত ফলাফল নোলোৱাৰ বাবে গৱেষণা পত্ৰ প্ৰকাশ আৰু গৱেষণাৰ ফলাফল ৰাজহুৱাকৰণত অযথা বিলম্ব হৈছে৷পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা এটা নমুনা ভেজাল (contamination) হোৱাত এই বিলম্ব হৈছে বুলি কোৱা হৈছে ৷ ছিউল আৰু হাভাৰ্ডৰ গৱেষণাগাৰলৈ পৰীক্ষাৰ বাবে পুনৰ DNA ৰ নমুনা প্ৰেৰণ কৰা হৈছে বুলি সদৰি কৰে প্ৰকল্পটোৰ অন্যতম গৱেষক নীৰজ ৰয়ে৷ ইয়াৰ মাজতে ভাৰতীয় গৱেষক সকল ৰাজনৈতিক হেঁচাৰ সন্মুখীন হৈছে বুলিও বাতৰি ওলাইছে৷ এই সম্পৰ্কত কাই ফ্ৰীজে সোধা এক প্ৰশ্নৰ উত্তৰত ৰাখীগঢ়ী প্ৰকল্পৰ প্ৰধান গৱেষক বসন্ত সিন্দেয়ে কয় –“It’s a very politically sensitive issue”.প্ৰশ্ন উঠিছে ৰাখীগঢ়ী গেৱষণাৰ প্ৰকৃত তথ্য গোপন কৰাৰ বাবে কোনো মহলে হেঁচা প্ৰয়োগ কৰিছে নেকি? সমগ্ৰ বিষয়টোক লৈ ৰহস্য ঘনীভূত হৈছে৷

আহিবলগীয়া দিনবোৰত ৰাখীগঢ়ীৰ গৱেষণাই হয়তো আৰু বহু নতুন তথ্য পোহৰলৈ আনিব৷এটাই আশা ইতিহাসৰ অপব্যাখ্যা নকৰাকৈ,ৰহণ নসনাকৈ ৰচিত হওক প্ৰাচীন ভাৰতৰ গৌৰৱোজ্জ্বল ইতিহাস৷ইতিহাসক ইতিহাস হিচাবে চোৱা যাওক, পক্ষপাত,মতবাদৰ চচমাৰে নহয়৷ 

No comments:

Post a Comment