প্ৰেৰণামূলকঃ জীয়াই থকাৰ প্ৰমাণ উশাহ নহয় জীৱনময়তাহে... :: কাবেৰী গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰেৰণামূলকঃ জীয়াই থকাৰ প্ৰমাণ উশাহ নহয় জীৱনময়তাহে... :: কাবেৰী গোস্বামী

প্ৰেৰণামূলকঃ জীয়াই থকাৰ প্ৰমাণ উশাহ নহয় জীৱনময়তাহে... :: কাবেৰী গোস্বামী

Share This
আমাৰ ঘৰত বৰমাই এদিন এটি শিশুক সোধা মনত আছে, "তুমি কাক আটাইতকৈ বেছি ভাল পোৱা?" শিশুটিয়ে কৈছিল, "নিজকে"৷ সেয়া আছিল এটি শিশুৰ সৰল স্বীকাৰোক্তি৷ এৰা আমি নিজকে আটাইতকৈ বেছি ভাল পাওঁ, তাৰ পাছত পিতৃ মাতৃ, আপোনজন, বন্ধুবৰ্গ আদি৷ এই যে ভাল পাওঁ, কিয়? তাৰ কাৰণটোও হৈছে আমাৰ প্ৰতি থকা তেওঁলোকৰ মৰম আমি বুজি পাওঁ, আৰু এইটোও বুজি পাওঁ যে শৈশৱৰ আমাৰ সেই শাৰিৰীক, মানসিক অসহায় সময়খিনিত তেওঁলোকেই আমাৰ অৱলম্বন৷ প্ৰায় অচিনাকী, নতুত্বৰে ভৰা চৌপাশৰ পৃথিৱীখনক তেওঁলোকেই আমাক চিনাকী কৰায় দিয়ে৷ অৰ্থাৎ তেওঁলোকক ভাল পোৱাৰ কাৰণটোৰ আঁৰতো আমাৰ নিজৰ প্ৰতি থকা ভালপোৱাই থাকে৷ লাহে লাহে ডাঙৰ হোৱাৰ লগে লগে আমাৰ মনটো বহল হয়, নিজৰ বাহিৰেও আমি আনৰ প্ৰতিও আত্মীয়তাৰ টান বুজিব/ অনুভৱ কৰিব পৰা হওঁ, তথাপিও কিন্তু আমাৰ নিজৰ প্ৰতি ভালপোৱা কমি নাযায়৷ 
নিজক ইমানকৈ ভাল পোৱাৰ পাছতো আমি কেতিয়াবা হাৰি যাওঁ বা হাৰি যোৱাৰ ভাৱ কিয় হয়? হতাশা কিয় আহে? কাৰণ আমি নিজৰ লগতে আনক লৈও অনেক নেতিবাচক ধাৰণা কৰোঁ৷ ভুল- শুদ্ধৰ সঠিক বিছাৰ কৰিব নোৱাৰো৷ আৱেগক বিবেকৰ ৰিম’টটোৰে নিয়ন্ত্ৰণত ব্যৰ্থ হওঁ আৰু ইয়াৰ ফলত এটা ভুল পৰিণতি বা অনাকাংখিত পৰিস্থিতিত পৰি আমি হতাশ হওঁ, ক্ষোভিত হওঁ, দুখী হওঁ৷ যিদৰে ভুল অংকৰ শুদ্ধ উত্তৰ আশা কৰা নাযায়, একেদৰে ভুল বা নেতিবাচক ধাৰণাইও শুদ্ধ সিদ্ধান্ত নিদিয়ে৷ 

যিদৰে সুখ- দুখ, হৰ্ষ- বিষাদ, ক্ৰোধ- অভিমান আদি অনুভূতিৰ প্ৰকাশ আমাৰ সহজাত প্ৰবৃত্তি, একেদৰে এনে অনুভূতিৰ মাত্ৰাধিক্যই আকৌ আমাৰ অস্বাভাৱিক মানসিক অৱস্থাকহে সূচায়৷ মানুহ হিচাপে আমাৰ প্ৰথম পৰিচয় হ’ব আমাৰ বোধশক্তিৰদ্বাৰা৷ বোধশক্তিয়েই আমাক পশুৰ পৰা পৃথক কৰিছে আৰু বয়সৰ লগে লগে জীৱনৰ অভিজ্ঞতাই আমাৰ বোধশক্তিৰ বিকাশ ঘটাইছে৷ সকলো ঘটনাই মানুহক অভিজ্ঞতাৰে সমৃদ্ধ কৰে৷ জীৱনটোক নিজৰ পৰা আঁতৰাই থৈ চোৱাটো সম্ভৱ নহয়৷ কিন্তু জীৱনক অনুভৱ কৰিবলৈ হেনো জীৱনত এবাৰকৈ হ’লেও এনিশা হস্পিটালত, এদিন শ্মশানত আৰু এদিন আৰক্ষী থানাত থাকি চাই আহিব পাৰি৷ শেষৰটোৰ এতিয়ালৈ অভিজ্ঞতা হোৱা নাই যদিও প্ৰথম দুটাৰ অভিজ্ঞতা আছে৷ চিকিৎসালয়ত নিজে ৰোগী হিচাপে থকাৰ উপৰিও একাধিকবাৰ ৰোগীৰ attendant হিচাপেও আছো৷ যেতিয়াই আছো তেতিয়াই চৌপাশৰ হঁহা- কন্দা, উৎকণ্ঠা, যন্ত্ৰণাৰ চাক্ষুস অভিজ্ঞতাই মোকো বহুসময়ত অনুভৱী কৰি তুলিছে৷ 

বহুসময়ত অসহনীয় যেন লগা যন্ত্ৰণাক যেতিয়া চকুৰ আগত এজনে ভুগি থকা দেখো, নিজকে সেই ঠাইত কল্পনা কৰোঁ৷ হাত চিগা লোকজনৰ যন্ত্ৰণা, প্ৰসূতি এগৰাকীৰ পীড়া, মূমুৰ্ষ ৰোগীৰ যন্ত্ৰণাদায়ক অৱস্থা কোনোটোৰে কোনোটোৰ লগত তুলনা নহয়৷ অথচ এই সকলোবোৰেই যন্ত্ৰণা৷ আকৌ আপোনজনৰ সেই যন্ত্ৰণাৰ প্ৰত্যক্ষদৰ্শী হোৱাৰ যি মানসিক যন্ত্ৰণা সেয়া জানো কম! তথাপিও চিকিৎসালয় যন্ত্ৰণাৰ স্থান নহয়, চিকিৎসালয় যন্ত্ৰণা উপশমৰ স্থান, আৰোগ্যৰ আশা লৈ যোৱা স্থান৷ জন্ম আৰু মৃত্যুক একেসময়তে চুই চাব, অনুভৱ কৰিব পৰাৰ স্থান৷ এই আছে, এই নাই৷ উশাহ আৰু উশাহহীনতাৰ স্থান৷ চকুৰে দেখা এই দৃশ্যবোৰে কিমান সহজ কৰি দিয়ে কথাবোৰ! বহুসময়ত দেখো শুই থকা দুৰ্বল ৰোগীজনক দেখা কৰিব অহা কোনো আত্মীয়ই দেখা কৰিবলৈ আহি ইমানেই স্বভাৱিক আৰু ধেমেলিয়াকৈ কথা কয় যে কিছুসময় পাছত তেওঁ উঠি বহে৷ আকৌ বিপৰীতে আৰোগ্যৰ পথত থকা এজনো কাৰোবাৰ কথাৰ বিষত শুই পৰে৷ ICU ত থকাজন মূহূৰ্ততে এটা খবৰ হৈ পৰে৷ 

এজন মানুহ জীৱনত একাধিকবাৰ মানসিকভাৱে মৰিব লগা পৰিস্থিতি আহিব পাৰে৷ সংসাৰৰ শ্মশানত নিজে জ্বলিও ফিনিক্সৰ দৰে জীয়াই উঠাতে জীৱনৰ সাৰ্থকতা৷ আছলতে অসহনীয় একোৱেই নাই, দুৰ্ঘটনাত পৰি সুস্থ এজনে এখন ভৰি হেৰুৱাইও জীয়াই থাকে, ডেকা সন্তান/ নিকট আত্মীয়জনক/ প্ৰিয়জনক অকালতে হেৰুৱাইও আপোনজন জীয়াই থাকে, কিছুমান কথাৰ বিকল্প নাথাকে, নিঃস্বতাই মানুহক দৈন্য নকৰে, অনুভূতিৰ অভাৱেহে কৰে৷ আৰু শ্মশান! ক’ৰবাত পাইছিলো শ্মশান সকলো অহংকাৰৰ শেষ স্থান৷ জ্বলি যোৱাৰ পাছত, চাই হৈ বতাহত উৰি যোৱাৰ পাছত কিয়েই বা বাকী ৰয়! বলীউডৰ "মাছান" নামৰ ছবিখন যেতিয়াই চাওঁ এই অনুভৱ তীব্ৰ হৈ উঠে প্ৰতিবাৰেই৷

এই যে জীয়াই আছো মাথোঁঁ আজি দিনটোৰ বাবে, কাইলৈটোক কোনে বা দেখিছে! সেয়ে প্ৰতিটো দিন জীয়াই থকাত অসুবিধা ক’ত! এষাৰ কথা আছে, Add life to your days, not days to your life! তেনেহ’লে! দুখবোৰকো উদযাপন কৰিব পাৰি, জীৱনত জীয়াই আছো বাবেইতো সুখৰ দৰে দুখো আহিছে৷ ৰবট এটাই না কান্দিব পাৰে না হাঁহিব পাৰে৷ সুখত হঁহাৰ দৰে দুখতো কান্দিব পাৰিছো৷ জীয়াই আছো বুলি ইয়াতকৈ ডাঙৰ প্ৰমাণ কি লাগে! 

সেয়েই Sometimes we can face fear as fun… জীয়াই থাকোঁ জীৱনময়তাৰে, অলপমান বেপৰোৱাহ, অলপমান সংবেদনশীল বা অনুভৱী হোৱাৰ লগতে জীৱনৰ সন্মুখীন হোৱাৰ বাস্তৱ সাহসখিনিৰ সৈতে৷ ক’ৰবাত পঢ়িছিলো, Everything heals. Your body heals, your heart heals, your mind heals, wounds heal. Your soul repairs itself. Your happiness is always going to comeback. Bad times don’t last... হয়! জীৱন এনেকুৱাই, জীৱন এনেদৰেই৷ "মাঝি… দা মাউণ্টেইন মেন" ছবিত মুখ্য চৰিত্ৰ দশৰথ মাঝিয়ে কোৱা সংলাপৰ দৰেই, "Shandaar, Jabardast, Zindabaad"… 
 ফোন- ৯১০১০১৩২০২

No comments:

Post a Comment