মহীৰূহৰ লেখাঃ অসম আৰু জাতীয় সংস্কৃতিৰ বিলুপ্তি:: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ অসম আৰু জাতীয় সংস্কৃতিৰ বিলুপ্তি:: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ অসম আৰু জাতীয় সংস্কৃতিৰ বিলুপ্তি:: ড° হীৰেন গােহাঁই

Share This
ভাৰতে নব্য-উদাৰ অর্থনীতি গ্রহণ কৰাৰ ফলত “বিশ্বায়ন”ৰ গৌৰৱ-ধ্বজাৰ আঁৰত জাতীয় সংস্কৃতিৰ প্রতি বিজাতীয় সংস্কৃতি প্লাৱনে কি ভাবুকি আনিছে, আমি গণ্যই কৰা নাই। আমাৰ চেতনাৰ পৰাই সি অন্তর্হিত হৈছে, উঠি অহা চামৰ কথাই নাই। এতিয়া কেৱল “বিশ্ব দৰবাৰত স্থান পােৱাৰ” কথাই মুখে-মুখে শুনা যায়, শুনা যায় বিশ্ব জয় কৰাৰ আকাংক্ষাৰ কথা। কিন্তু সি যে বাস্তৱিকতে বিশ্বত জাহ যােৱা, বিশ্ববজাৰত চামিল হােৱা, কাৰাে খেয়ালেই নাই। জাতীয় সংস্কৃতিৰ চেতনা অধঃপতিত হৈছে এক ধৰণৰ স্মৃতিকাত, “নষ্টালজিয়াত। আমাৰ উঠি অহা চামে “ইণ্ডিয়ান আইডল” আদি মার্কিন ঠাচৰ প্রতিযােগিতাত অংশ ল’লে অসমীয়া গীত গাই অসম আৰু জাতীয় সংস্কৃতিৰ “বিশ্বজয়ৰ পিনে আগনাবাঢ়ে। আগবাঢ়ে হিন্দী গীত গাই। অসমত চিনেমা কৰা কথাই সিমান গুৰুত্ব নাপায়, যিমান গুৰুত্ব পায় মুম্বাইৰ চিনেমা জগতত স্থান পালে। চিন্তাৰ কাৰণ এয়ে যে আজিৰ সংস্কৃতিৰ চকা ঘূৰায় টকাই। আৰু টকাৰ জোৰ যত বেছি— বলীউডৰ পৰা হলিউডলৈ- তাতেই সংস্কৃতিৰ প্রাণস্পন্দন যেন বেছিকৈ শুনা যায়। 
প্রক্রিয়াটো আৰম্ভ হৈছিল নব্য-উদাৰ অর্থনীতি-সংস্কৃতিৰ উন্মুক্ত বিচৰণৰ আগতেই। তেনে সময়তে, যেতিয়া অসমৰ বেছিভাগ শিশু আৰু চেমনীয়াই অসমীয়া ভাষাত শিক্ষালাভ কৰিছিল। অসমীয়া সাহিত্যৰ পাঠ্যপুথিত সৰুৰে পৰা বিভিন্ন কবিতা, সাধু, গল্প, জীৱনী, বুৰঞ্জীমূলক কাহিনীৰ জৰীয়তে দেশপ্ৰেমৰ তথা অসমপ্ৰেমৰ শিক্ষা পাইছিল। জাতীয় বােধ টনিয়া হৈ আছিল। অসম আন্দোলনৰ এক দুর্ভাগ্যজনক পৰিণাম আছিল উগ্ৰ অসমীয়া জাতীয়তাৰ প্ৰচাৰ। কিন্তু যেতিয়া উগ্র জাতীয়তাবাদৰ প্রতিক্রিয়া স্বৰূপে জনজাতীয় স্বাতন্ত্র্যবােধাে প্রবল হৈ উঠিল, সাংস্কৃতিকভাবে তাক চম্ভালিব পৰা কোনাে ক্ষমতা অসমীয়া নেতৃত্বৰ নাছিল। তেওঁলােকৰ মনােভাৱৰ পৰা অভিযাত্রী দূৰদৰ্শিতা অন্তর্হিত হৈছিল, যি সকলােকে সামৰি আগবঢ়াৰ মনােবৃত্তি জাগ্রত কৰিব পাৰিলেহেতেন। তেতিয়া পাঠ্যপুথিত অসমীয়া কৃতবিদ্য লােকৰ জীৱনীৰ লগতে কালিচৰণ ব্রহ্ম, ভীমবৰ দেউৰীৰ জীৱনীও থাকিলহেতেন। বিভিন্ন শ্রেণীৰ অসমীয়া পাঠ্যপুথিত অসমৰ থলুৱা জনজাতিৰ সংস্কৃতিৰ মনােমােহা ৰূপাে জিলিকি থাকিলহেতেন। কিন্তু কি অসমৰ ৰাজনীতি, কি অসমৰ শিল্প-সাহিত্য, কতাে তেনে দূৰদৰ্শী নেতৃত্ব নাছিল। এনেবােৰ ধাৰণাৰ ঠাইত আছিল ৰাজনৈতিক আধিপত্যৰ সহায়ত একচেতিয়া সম্পদ আৰু ক্ষমতা ভােগ কৰাৰ প্ৰবল হাবিয়াস। তেতিয়াৰ পাঠ্যপুথিবােৰৰ পৰা জাতিগঠন, জাতি নির্মাণৰ ভাব আঁতৰি গৈ আহিল সমূহীয়া আদর্শহীন মধ্যবিত্তীয় ব্যক্তিকেন্দ্রিক নৈতিকতাৰ আদর্শ। সেই শূন্যস্থান পূৰণ। কৰিলে আজিৰ বিশ্বৰ দূৰদিগন্তৰ তৰাৰ চিকমিকনিয়ে।

নৱকান্ত-নিৰ্মলপ্রভা, জয়ন্ত হাজৰিকা-জ্যোতিষ ভট্টাচার্য্য, তফজ্জ্বল আলি-পুৰুষােত্তম দাস আদি সৃষ্টিশীল প্রতিভাৰ পিছত আজিৰ সংগীতজগতত অসমীয়া আধুনিক গীতৰ স্বাক্ষৰ ক'ত? জুবীন গাৰ্গৰ দুটামান গান আছে, বাকীসকলৰ গীতত গীতিকবিতাৰ আবেদন তেনেকৈ নায়েই। আৰু সকলােৰে গীতত কেৱল ব্যক্তিগত প্ৰেমৰ উন্মাদনাই সাৰ যেন লাগে। কেৱল মানস ৰবীনে নদীবান্ধ লৈ এটা ভাল গীত ৰচিছিল। কিন্তু অসমত ইমান হৃদয়বিদাৰক ঘটনা ঘটি আছে। একোখন প্রাকৃতিক সৌন্দৰ্যৰে চকুজুৰাই থকা ঠাই কেইবছৰমানৰ ভিতৰতে মৰপ্ৰান্তৰত পৰিণত হৈছে। ডেকা বয়সতে জীৱনত হতাশ হৈ বছৰি কেবাটিও ডেকা বা গাভৰু ছােৱালীয়ে আত্মহত্যা কৰিছে, পুত্রকন্যাৰ অৱহেলাত কৰাল মৃত্যুৰ গ্ৰাসত পৰিছে বৃদ্ধ পিতৃ-মাতৃ। টকাৰ খকে পিহি চেপেটা কৰিছে সকলাে মৰম-চেনেহৰ ভাব। বাতৰিকাকতত দুখনমান চিঠি পঢ়িয়েই আমি এই বুলি সান্ত্বনা লাভ কৰোঁ যে। ‘মানবীয় মূল্যবােধ বাচি আছে।”আমাৰ সাম্প্রতিক গীতত এইবােৰৰ কোনাে চিন-মােকাম নাই। অথচ আমেৰিকাত— য'ত টকাৰ প্রতিপত্তি আৰু প্রবল কিছুসংখ্যক অভিলেখ সংখ্যাৰ এলবাম বিক্রী হােৱা গায়ক-গায়িকায়াে নিকৰুণ বাস্তৱতাৰ বিৰুদ্ধে ক্ষোভ-প্রতিবাদ ব্যক্ত কৰিবলৈ সাহস কৰে। আমাৰ ইয়াত বােধহয় সংগীতজগতৰ মালিক ব্যৱসায়ীমহলে গায়ক-গায়িকাক সম্পূর্ণ নাকী লগাইছে। প্রতিবাদী ধাৰা চকুতে নপৰে। কেৱল দুই-এক স্থানীয় গােষ্ঠীৰ বাহিৰে সকলােতে প্রতিবাদ-প্রতিৰােধ স্তব্ধ। অখিল গগৈৰ বিশাল কৃষকসমাৰােহতাে উত্তপ্ত বক্তৃতা থাকে, তাহানিৰ গণনাট্য সংঘৰ দিনৰ দৰে কৃষকৰ যাতনা, বেদনা, ক্ষোভ-বিদ্রোহ লৈ গান গােৱা শুনা নাযায়।

তেন্তে জাতীয় সংস্কৃতি বাচি থাকিব কেনেকৈ? যাদুঘৰৰ সামগ্ৰীৰ দৰে মঞ্চত কেইটামান বৰগীত, দুই-এটা সত্ৰীয়া নৃত্য পৰিবেশন কৰিয়েই জাতীয় সংস্কৃতি ৰক্ষা কৰা যায় জানাে? | শেষ কৰাৰ পূৰ্বে আৰু এষাৰ কথা কৈ থওঁ। কিছুদিনৰ পৰা সি মনৰ মাজত বিনাই আছে। যােৱা কেইটমান বছৰৰ ভিতৰত আমেৰিকা আৰু পাশ্চাত্যৰ আন দেশত কেবাগৰাকীও তৰুণ গায়ক-গায়িকাৰ জীৱনৰ অকালতে সামৰণি পৰিছে। কাৰণ স্নায়ৱিক উন্মাদনা জগােৱা বা মানসিক চাপ হ্রাস কৰা ঔষধৰ মাত্ৰাধিক সেৱন। কেইটামান হয়তাে আত্মহত্যা। আনবােৰ স্নায়ুতন্ত্র নিয়ন্ত্রণ কৰা ঔষধৰ অপৰিমিত ব্যৱহাৰ।

ইয়াৰ কাৰণ কি? মােৰ বােধেৰে ঘাইকৈ দুটা কাৰণ। প্রথমতে সংস্কৃতিৰ চালিকাশক্তি টকা হােৱা বাবে সংগীতৰ বজাৰৰ মালিকবােৰে সংগীতৰ উৎপাদকসকলৰ ওপৰত অনবৰত ন-ন গীত আৰু সুৰ উৎপাদন কৰিবলৈ হেঁচা দি থাকে। সংগীতৰ উৎপাদক সকলাে একধৰণৰ প্রতিযােগিতাত নামি যায়। “চার্ট”বা জনপ্রিয়তাৰ তালিকাত উঠানমা চলি থাকে। জনপ্রিয়তাই সংগীতৰ মান নিৰূপক হয়। সি গীতিকাৰ-সুৰকাৰ তথা গায়কক অসম্ভৱ মানসিক চাপত ৰাখে। তদুপৰি আধুনিক জীৱন-যাত্ৰাৰ লগত সংগতি ৰাখিবলৈকে হয়তাে সংগীতাে স্নায়ৱিক উত্তেজনাত মাতাল হৈ পৰে। তেনে ধৰণে বেছি-বেছি মাত্ৰাৰ উন্মাদনা সৃষ্টি কৰিবলৈকো গায়ক-সুৰকাৰে স্নায়ৱিক উন্মাদনা বঢ়োৱা নিছাযুক্ত ঔষধ সেৱন কৰে। তাৰ শেষ ফল এনেকুৱাই হয় কেতিয়াবা।

আমেৰিকাত হিন্দুত্বৰ ধ্বজা
এসপ্তাহমান হ’ল আৰএছএছৰ “সৰসংঘচালক মােহন ভগৱতে ৱশিংটনত অনুষ্ঠিত "World Hindu Congress" (বিশ্ব হিন্দু সন্মিলন)ত হিন্দুধর্ম সম্পর্কে এক ভাষণ দিয়ে। আমেৰিকা-প্রবাসী বেছিভাগ পুৰণা ভাৰতীয় পৰিবাৰ সম্প্রতি হিন্দুত্বত আসক্ত। ৰাজীৱ মেলহােত্রা নামৰ এজন বাক্‌পটু আৰু আধুনিক ঠাচৰ তাত্ত্বিক পৰিভাষাক জনপ্রিয় ৰূপত সজাই তােলাত পাৰ্গত লােকে অলপতে আৰএছএছৰ বিষয়ে মােহন ভগৱতৰ সাক্ষাৎকাৰ লৈ তেওঁৰ ভামূৰ্ত্তি উজ্জ্বল কৰাৰ উদ্যোগ লৈছে, বিশেষকৈ বিদেশী গ্রাহকৰ সুবিধার্থে। “হিন্দুত্বক” এক ৰাগীয়াল পণ্যত পৰিণত কৰাৰ চেষ্টা যেন লাগিছে। 

ভগৱতজীৰ ভাষণতাে আধ্যাত্মিকতাৰ কুঁৱলিৰ আঁৰত দেখা গৈছে। ৰাগীয়াল ৰাজনীতিৰ চেহেৰা। হিন্দুধৰ্মৰ গৰিমা বিৰি তেওঁ এষাৰ তাৎপর্যপূর্ণ কথা কৈছে। শস্য ক্ষেত্ৰত অপতৃণ, অপকাৰী, কীট-পতংগ থাকেই। হিন্দু ঐতিহ্য অনুসৰি সিহঁতক “নিয়ন্ত্রণ”কৰিব লাগে। আধুনিক কীটনাশকে সিহঁতক সম্পূর্ণ বিনাশ কৰে। কিন্তু ভাৰতৰ পৰম্পৰাগত কৃষিত ব্যৱহৃত সামগ্ৰীয়ে সিহঁতক নাশ নকৰি “নিয়ন্ত্রণ কৰে। (অর্থাৎ কিছুমানক মাৰিলেও আটাইখিনি মাৰি পেলােৱাৰ দৰকাৰ নহয়।) এতিয়া কোটিটকীয়া প্ৰশ্নটো হ'ল ভাৰতত এনে অপকাৰী তৃণ বা কীট কোনবিলাক? উত্তৰটো আধ্যাত্মিক নে সম্পূর্ণ জীৱন্ত আৰু জাগতিক? 

No comments:

Post a Comment