চিন্তন:: অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদ কিয় লাগে? ::শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তন:: অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদ কিয় লাগে?  ::শোণিত কুমাৰ গোস্বামী

চিন্তন:: অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদ কিয় লাগে? ::শোণিত কুমাৰ গোস্বামী

Share This
অসমত অসমীয়াৰ জাতীয়তাবাদ কি? অসমীয়া লোকৰ জাতীয়তাবাদ আছেনে ? অসমীয়াই জাতীয়তাবাদৰ সূত্ৰ কিদৰে নিৰ্ধাৰণ কৰিছে। এনেবোৰ প্ৰশ্নৰ অৱতাৰণা কেতিয়াবা নতুন প্ৰজন্মৰ বাবে অমূলক হৈ পৰে। কিয়নো অসমীয়া জাতীয়তাবাদৰ শুদ্ধ বিশ্নেষণৰ অভাৱে অসমীয়া ঐতিহাসিক ক্ষণবোৰত দুৰ্বল কৰি পেলোৱা দেখা যায়। তথাপিও অসমীয়া জাতি ৰক্ষাৰ আন্দোলনৰ কথা শুনিলেই প্ৰতিগৰাকী অসমীয়া উত্ৰাৱল হৈ পৰাটো আমি সকলোৱে দেখি আহিছো। অসমীয়াৰ জাতীয়তাবাদক কোনবোৰ কাৰকে জাগ্ৰত কৰে বুলি যদি বিশ্লেষণ কৰা হয়, তেন্তে প্ৰথমে মনলৈ আহিব জাতি-মাটি-ভেটিৰ শ্ল’গানৰ কথাটো। হয়, প্ৰতিজন আন্দোলনকাৰীৰ আস্ফালনত আমি শুনিবলৈ পাওঁ এই জাতি-মাটি আৰু ভেটিৰ শ্ল’গান। পৃথিৱীৰ প্ৰতিটো জাতিৰ ক্ষেত্ৰতেই এই কথাকেইটা খাটে। জাতি-মাটি বা ভেটি নাথাকিলে যিদৰে এজন ব্যক্তিৰ অস্তিত্বৰ সংকট দেখা যায় ঠিক তেনেদৰে সেই ব্যক্তিমণ্ডলৰ সমূহ গোটৰ সমষ্টি এটা জাতিৰ ক্ষেত্ৰটো একেটা কথাই প্ৰয়োগ হয়। 

জাতিৰ শক্তিশালীকৰণত মাটি আৰু ভেটিৰ গুৰুত্বৰ পাছত সবাতোকৈ গুৰুত্বপূৰ্ণ দিশটো হৈছে ভাষাৰ কথাটো। ভাষাৰ বিকাশ আৰু ভাষাৰ শক্তিশালীকৰণে এটা জাতিক একগোট কৰি ৰখাত যিমান সহায় কৰে সেয়া আন কোনো উপাদানে কৰিব নোৱাৰে। ভাষাৰ জৰিয়তে সাহিত্য, সংস্কৃতি. আচাৰ-বিচাৰ-ব্যৱহাৰ, শব্দৰ প্ৰয়োগ আদি কথাবোৰে জাতিটোক টনকিয়াল কৰে। বিশ্বত সিঁচৰতি হৈ থকা অসমীয়া ব্যক্তি-বিশেষক কেৱল অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদেহে একগোট কৰি ৰাখিছে। অন্য কোনো উপাদানে নহ’য়। সেয়েহে জাতি-মাটি আৰু ভেটিৰে সুদৃঢ় হোৱা এটা জাতিক একমাত্ৰ ভাষাৰ প্ৰয়োগে শক্তিশালী কৰি তোলে।
অসম ভূমিত প্ৰায়েই বিভিন্ন ভাষাই নিজৰ অস্তিত্ব জাহিৰ কৰাৰ এক আন্দোলনত ব্ৰতী থাকে। যি প্ৰকৃতাৰ্থত অমূলক। কিয়নো মূলত মঙ্গোলীয় লোকৰ বাসস্থান ব্ৰহ্মপুত্ৰ-বৰাক উপত্যকাত অসমীয়া ভাষাটো তথা ভাষাকেন্দ্ৰীক জাতীয়তাবাদৰহে একমাত্ৰ প্ৰয়োজন আছে। কিয়নো আৰ্য লোকৰ আগমনত তেওঁলোকৰ সৈতে অহা মাগধী প্ৰাকৃতৰ বিৱৰ্তনত সৃষ্টি হোৱা অসমীয়া, বাঙালী, উড়িয়াৰ অন্যতম এই অসমীয়া ভাষাটো সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহৰ সংযোগী ভাষা হোৱাটো প্ৰতি মুহুৰ্তত বাঞ্চনীয়। যিদৰে নাগামিজ ভাষাৰ সৃষ্টি হৈছিল তেনেদৰে প্ৰকৃতাৰ্থত সামগ্ৰিকভাৱে সেয়া হোৱা পৰিলক্ষিত হোৱা নাই। মাগধী প্ৰাকৃতৰ পৰা সৃষ্টি হোৱা এই অসমীয়া ভাষাটোক কিয় বৰ্তমানৰ অসম নামৰ ভূখণ্ডৰ ভৌগলিক পৰিসীমাত থকা সকলো লোকে আকোঁৱালি লোৱা নাই। এনে নোহাৱা বা নকৰাৰ আঁৰত যুক্তি-দাবী সকলোৰে আছে। কিন্তু মাগধী প্ৰাকৃতৰ অন্য এটা ঠাল শক্তিশালী বাঙালী ভাষাৰ সৈতে মোকাবিলা কৰিবলৈ অসমৰ ভূখণ্ডত ভিন্ন অনাৰ্য ভাষাসমূহৰ সংযোগী ভাষা একমাত্ৰ অসমীয়া হোৱা উচিত (হিন্দী, বাঙালী বা ইংৰাজী নহ’য়)। গতিকে কোনো এটা উপজাতিৰ লোকসকলে ব্যক্তিগত জাতি স্বাৰ্থৰ পৰা উৰ্ধত গৈ এক বৃহত্তৰ স্বাৰ্থৰ বাবেই অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ প্ৰয়োজন আছে। নহ'লে ক্ষুদ্ৰ আৰু তাকৰীয়া মংগোলীয় মূলৰ ভাষাক মষিমূৰ কৰিবৰ বাবে বাঙালী ভাষাৰ যথেষ্ট শক্তি আছে। অসমীয়া ভাষাক মূল কৰি লৈ উত্তৰ-পূবৰ সমূহ ভাষাৰ বিকাশৰ বাবেই অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ প্ৰয়োজন।

অসমৰ জনজাতীয় আৰু অজনজাতীয় গাঁঠনিয়েই হৈছে অসমৰ পৰিচয়। কিয়নো অসমত বসবাস কৰা ভূমিপুত্ৰৰ সৈতে অজনজাতীয় লোকৰ মিত্ৰতাৰ আধাৰতেই অসম প্ৰদেশত অসমীয়া সত্বাৰ জন্ম হৈছে। সময়ে সয়য়ে এই সত্বাক অস্বীকাৰ কৰিবলৈ যিবোৰ ঐতিহাসিক ভুল হৈছে সেইবোৰৰ আৰম্ভণি ঘটিছিল ইংৰাজ প্ৰশাসকৰ আগমন আৰু পাছলৈ অসমীয়াৰ অৰ্থনৈতিক তথা জাতিগত দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি হোৱা অন্য জাতিৰ লোকৰ আগমন। স্বাধীনতাৰ সময়ত দেশৰ বিভিন্ন প্ৰান্তত সীমা নিৰ্ধাৰণত আৰু ৰাজ্য গঠনত যি সমস্যাৰ সৃষ্টি হৈছিল, সেই সমস্যাত সৰ্বাধিক ভূক্তভোগী ৰাজ্য আছিল অসম আৰু জম্মু-কাশ্মীৰ। অসমৰ বেলিকা বংগমূলীয় (হিন্দু-মুছলমান) ব্যক্তিসকলৰ পৰা আহিছিল সৰ্বাধিক সমস্যা। কিয়নো অন্য ভাষিক আৰু সংখ্যাধিক এই লোকসকলৰ উদ্দেশ্য আছিল অসমীয়া ভাষাক আকোঁৱালি নোলোৱাৰ মানসিকতা। তথাপি জাতি-মাটি আৰু ভেটিৰ আশাত ৫০ৰ দশকত এই বংগমূলীয় লোকসকলে অসমক অসমীয়াকৰণৰ প্ৰতিশ্ৰুতিৰে আশ্ৰয় লৈছিল। যি পাছত ৰাজনীতিকৰণৰ ফলত মূল বিষয় ভাষাৰ পৰা কথাখিনি পৃথক কৰি ধৰ্মলৈ লৈ যোৱা হ'ল। শেহতীয়াকৈ নাগৰিক সংশোধনী বিধেয়কৰ প্ৰসংগৰে কথাবোৰ পুনৰ অসমীয়াৰ চৰ্চালৈ আহিছে। এনে এটা ঐতিহাসিক সন্ধিক্ষণত মূল বিষয় ভাষাৰ কথাটোৰ গুৰুত্ব দিয়াৰ সলনি অসমীয়াৰ মাজত ধৰ্মকলৈহে এটা ন্যস্তস্বাৰ্থই বেমেজালিৰ সৃষ্টি কৰি পুনৰবাৰ অসমীয়াক আন এটা মাৰাত্মক জাতিধ্বংসী সিদ্ধান্ত দিশে নিয়াৰ চেষ্টা কৰা পৰিলক্ষিত হৈছে। সেয়ে অসমত কেৱল অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰহে প্ৰয়োজন আছে।

নাগৰিক সশোধনী বিধেয়কখনৰ প্ৰসংগক লৈ অসমত অসমীয়া ভাষিক জাতীয়তাবাদ গঢ় লৈ উঠাতো প্ৰয়োজনীয়। ধৰ্মীয় আবেগ নহ'য়। কিয়নো বাংলাদেশীৰ আগমনত দুয়োটা ধৰ্মৰ কথা জড়িত হৈ আছে। পূৰ্বতে হোৱা মুছলমান বাংলাদেশীৰ ঠাই পূৰণ কৰিবলৈ হিন্দু বাংলাদেশীৰ প্ৰয়োজন বুলি কোৱা কাথাষাৰ কেৱল এটা ৰাজনৈতিক দলৰ নিজা ইস্তাহাৰ। তাত কোনো ভুল নাই। পূৰ্বতেও এই একেটা সূত্ৰতেই অন্য শাসনাধিষ্ঠিত ৰাজনৈতিক দলবোৰে নিজৰ দলীয় ইস্তাহাৰ বা স্বাৰ্থৰ বাবেই মাত নমতাকৈ আছিল। গতিকে আইনখনে কি পৰিৱৰ্তন আনিব সেয়া আলোচনা কৰিবলৈ গৈ অসমীয়াই ধৰ্মৰ বিষয়টোত ওলমি নাথাকি ভাষাৰ বিষয়টোত অধিক গুৰুত্ব দিয়াটো সময়ৰ আহ্বান। আনহাতে বিদেশীৰ ক্ষেত্ৰত কেতিয়াও কোনোকালে ধৰ্ম, ভাষা আদি একোৰেই কথা নাহে। বিদেশীৰ ক্ষেত্ৰত দেশৰ সুৰক্ষা ৰক্ষা কৰাই হৈছে মূল কথা কিন্তু অসমৰ ক্ষেত্ৰত ইতিপূৰ্বে হৈ যোৱা কিছুমান ভুল বা পৰিঘটনাক নুই কৰিব পৰা নাযায়। সেয়েহে ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ অতীৱ প্ৰয়োজন। প্ৰয়োজনত বৰাক উপত্যকাক কেন্দ্ৰীয় শাসিত অঞ্চলৰূপে ঘোষণা কৰাৰ দাবী কৰি হ’লেও অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদ জাগ্ৰত কৰাৰ প্ৰয়োজন আছে। এনে কৰিলে বিধানসভাত অসমীয়া কেন্দ্ৰিক জাতীয়তাবাদ বৃদ্ধি পোৱাৰ অধিক সম্ভাৱনা আছে। এই বিষয়ত বৰ বেছি বিবুধিত থকা উচিত নহ'য়।

আজি অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদ ন’থকাৰ বাবেই বা ভাষাৰ জৰিয়তে উমৈহতীয়া সংস্কৃতি গঢ়ি নুঠাৰ বাবেই অসমীয়াই নিজৰ ভৌগলিক পৰিসীমাৰ মাজত থাকিও জিলা বিশেষে আচহুৱা পৰিৱেশত থকাৰ কথা বিভিন্ন মাধ্যমত প্ৰকাশ কৰি আহিছে। অসম বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈ বা চাকৰি কৰিবলৈ গৈ অসমীয়াভাষীয়ে লাভ কৰা অভিজ্ঞতা তথা টেটৰ শিক্ষকসকলে (বিশেষত পূব-অসমৰ জিলাকেইখনৰ) ধুবুৰী-বৰপেটাত পোৱা অভিজ্ঞতাৰ কথা এই ক্ষেত্ৰত উল্লেখ কৰাৰ প্ৰয়োজন আছে। শিৱসাগৰ-যোৰহাট-তিনিচুকীয়াৰ মানুহে কিয় বাৰু ধুবুৰী-বৰপেটাৰ পৰিৱেশত ভাষিক তথা সাংস্কৃতিক অসামঞ্জস্যতাৰ সম্মুখীন হৈ শংকাত থাকিবলগীয়া হৈছে। এনে হোৱাৰ কাৰক মুখ্যত অসমৰ ৰাজনৈতিক ভুলবোৰ আৰু অসমীয়া ভাষাকেন্দ্ৰিক জাতীয়তাবাদৰ অভাৱ।

উত্তৰ-পূবৰ সকলো ভাষাৰ সংযোগী ভাষা হিচাপে অসমীয়াক প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে গুৰুত্ব দিয়া উচিত। অহমিকাভাৱ আঁতৰাই ভাষাৰ বাণিজ্যিকৰণত চৰকাৰ আৰু জাতীয় সংস্থা-সংগঠনসমূহে গুৰুত্ব দিলে অসমীয়া জাতিয়ে বঙালী ভাষাক সহজেই পৰাভূত কৰি হিন্দী বা ইংৰাজীৰ সমকক্ষ হ’বলৈ বেছি দিন নালাগিব। 
লেখকৰ ঠিকনাঃ আশ্ৰম, দিল্লী-১১০০১৪, ফোনঃ ৯৮৯৯৬৬০৫৮২, লেখাটি অসমীয়া খবৰ কাকততো পূৰ্বতে প্ৰকাশ পাইছে। এই লেখাৰ মতামত লেখকৰ নিজা।

No comments:

Post a Comment