Thursday, March 15, 2018

প্ৰৱন্ধ

চৰ-চাপৰিৰ মুছলমান সমাজত প্ৰচলিত লোকবিশ্বাস, লোকসংস্কাৰ 
                                       ৰেহনা চুলতানা
লোকবিশ্বাস আৰু লোকসংস্কাৰ আদিম মানুহৰ এটি অতি সাধাৰণ ধৰ্ম। অসহায় আদিযুগৰ মানুহ আছিল অতি দুৰ্বল আৰু অজ্ঞ। নানা অন্ধবিশ্বাস, লোকসংস্কাৰে  তেওঁলোকৰ জীৱন আগুৰি আছিল। অৱেশ্য আধুনিক মানুহৰ মাজতো এইধৰণৰ লোকবিশ্বাস, লোকসংস্কাৰ আদি যে সমূলি নাই সেয়া ক'ব নোৱাৰি। আজিৰ বৈজ্ঞানিক যুগতো মানেহে অনেক বিশ্বাস, লোকসংস্কাৰ আদিৰ কবলৰ পৰা মুক্ত হ'ব পৰা নাই।

লোকবিশ্বাস আৰু কুসংস্কাৰ সমাৰ্থক নহয়। লোকবিশ্বাস ঐতিহ্যগত আৰু স্থিতিশীল।  বিজ্ঞান চেতনাৰ দ্বাৰা সেয়া দূৰীভূত নোহোৱা পৰ্যন্ত লোকবিশ্বাস আৰু ভ্ৰান্ত বুলি প্ৰমাণিত হোৱাৰ পিছতো তাক পালন কৰি থাকিলে সেয়া কুসংস্কাৰ।  আপাত দৃষ্টিত লোকবিশ্বাস আৰু লোকসংস্কাৰ অভিন্ন যেন বোধ হয় যদিও উভয়ৰে মাজত পাৰ্থক্য আছে। মানুহৰ মানসিক দুৰ্বলতা, অনিশ্চয়তা, শুভাশুভ বোধৰ পৰাই উভয়ৰে উদ্ভৱ। মানৱ জীৱনত ঘটা কোনো ঘটনাৰ পৰাই জন্ম লয় লোকবিশ্বাস যি পৰৱৰ্তী সময়ত লোকসংস্কাৰত পৰিণত হয় আৰু যি লোকাচাৰৰ মাজেদি পালিত হৈ থাকে। গতিকে দেখা যায় যে লোকবিশ্বাস আৰু লোকাচাৰৰ মাজত সম্পৰ্ক আছে। এটা উদাহৰণৰ সৈতে কথাষাৰ বুজাই দিয়া হওক। যাত্ৰা কালত জেঠীৰ মাত অশুভ বুলি লোকসমাজত লোকবিশ্বাস প্ৰচলিত আৰু এই বিশ্বাসৰ বাবে যাত্ৰা নকৰিলে সেয়া হ'ব লোকসংস্কাৰ। আন কথাত কোনো এটা জাতি বা সমাজৰ মাজত সাধাৰণভাৱে যেতিয়া এই লৌকিক অতি বিশ্বাসবোৰে প্ৰভাৱ বিস্তাৰ কৰে তেতিয়া সি হৈ পৰে লোকসংস্কাৰ।


পৃথিৱীৰ সকলো দেশৰ সকলো জাতি, গোষ্ঠীৰ মাজত এনে অনেক লোকবিশ্বাস, লোকসংস্কাৰ আদিতম যুগৰ পৰা প্ৰবাহিত হৈ বৰ্তমান আধুনিক কাললৈকে চলি আছে। আমাৰ আলোচ্য জনগোষ্ঠীটোৰ অশিক্ষিত আৰু অল্পশিক্ষিত মানুহৰ মাজত এনে অনেক লোকবিশ্বাস, লোকসংস্কাৰৰ দৃষ্টান্ত পোৱা যায়। অজ্ঞতা, অন্ধবিশ্বাস, ভুল তথ্য, সীমিত যুক্তি, শিক্ষাৰ অভাৱ, ধৰ্মীয় গোড়ামি, ভ্ৰান্ত বিবেচনা, ভিত্তিহীন পৰিকল্পনাৰ প্ৰভাৱত চৰ- চাপৰিৰ সাধাৰণ মানুহৰ মাজত অতি সহজেই নানাবিধ লোকবিশ্বাসৰ উদ্ভৱ ঘটে। মিঞা মুছলমান সমাজত প্ৰচলিত যিবোৰ লোকবিশ্বাস লোকসংস্কাৰে আমাৰ দৃষ্টি আকৰ্ষণ কৰিছে সেইবোৰক তলত দিয়া শ্ৰেণীত ভাগ কৰি স্পষ্টকৈ দেখুৱাই দিয়াৰ প্ৰয়াস কৰা হৈছে।
মিঞা মুছলমান সমাজত সচৰাচৰ দেখা পোৱা লোকবিশ্বাসবোৰক তলত দিয়া ধৰণে শ্ৰেণীবিভাগ কৰি দেখুৱাব পাৰি-
১) নিষেধ সম্পৰ্কিত লোকবিশ্বাস
২) জন্ম সম্পৰ্কিত লোকবিশ্বাস
৩) বিবাহ সম্পৰ্কিত লোকবিশ্বাস
৪) মৃত্যু সম্পৰ্কিত লোকবিশ্বাস
৫) অতিথি আগমন সম্পৰ্কিত লোকবিশ্বাস
৬) যাত্ৰা সম্পৰ্কিত লোকবিশ্বাস
৭) কৃষি সম্পৰ্কিত লোকবিশ্বাস
৮) বৃষ্টি সম্পৰ্কিত লোকবিশ্বাস
৯) খাদ্য বিষয়ক
১০) ভূত-প্ৰেত, মন্ত্ৰ- তন্ত্ৰ বিষয়ক লোকবিশ্বাস

নিষেধ সম্পৰ্কীয় লোকবিশ্বাস:
এই ধৰণৰ লোকবিশ্বাসবোৰ অশুভজনক। সেয়ে নিষেধ আজ্ঞা কৰা হয়। নিষেধমূলক লোকবিশ্বাস বিভিন্ন ধৰণৰ হয়। যেনে:
মানুহৰ আচাৰ সম্পৰ্কীয়: 
১) মানুহৰ গাত থুৱাব নালাগে। যিয়ে থুৱায় আৰু যাৰ গাত থুৱা হয় দুয়োজনৰে জ্বৰ হয়।
২)  হাতে হাতে চূণ, বেজী সূতা, পিন আদি লোৱা নিষেধ। কাজিয়া লাগে বুলি বিশ্বাস।
৩) গৰ্ভৱতী মহিলাই নদী পাৰ হোৱা নিষেধ।
৪) শোৱা গাৰুৰ ওপৰত বহা নিষেধ, ডিঙি বিষায় বুলি বিশ্বাস।
৫) গৰ্ভৱতী মহিলাই কোনো বস্তুৰ ওপৰেৰে পাৰ হৈ যোৱা নিষেধ।
৬) গৰ্ভৱতী মহিলাৰ কবৰস্থানত যোৱা নিষেধ।
৭) গৰ্ভৱতী মহিলাৰ লাউ কোমোৰা কটা নিষেধ।
৮) ছোৱালীয়ে কটা, ভঙা খাৰু হাতত দিব নাপায়।
৯) বিচনা দুইজনে দুইফালে ধৰি ঠিক কৰা নিষেধ।
১০) ছোৱালী-মহিলাসকলে শৌচ প্ৰেচাব কৰাৰ সময়ত বা আজান দিয়াৰ সময়ত মূৰৰ কাপোৰ পেলাব নালাগে।
১১) মৰাপাটৰ খৰি দি কাকো মাৰিব নাপায়( মাৰিলে খৰিৰ দৰে খিনাই শুকাই যায় বুলি বিশ্বাস)
১২) মূৰত মূৰ লগাব নাপায়, লগালে শিং হয় বুলি বিশ্বাস।
‎১৩) কোনো মানুহ শুই থাকিলে তাৰ ওপৰেদি পাৰ হৈ যাব নাপায়।
‎১৪) খোৱাৰ সময়ত গালত, মূৰত হাত দি খাব নাপায়, দুৰ্ভাগ্য হয় বুলি বিশ্বাস।
‎১৫) বয়স্ক মানুহৰ শৰীৰত ভৰি লগাব নাপায়।
‎১৬) ফটা কাপোৰ গাত লগাই চিলাই কৰিব নাপায়।
‎১৭) ৰাতি গছৰ পাত কটা নিষেধ।
‎১৮) জন্ম দিনত দাড়ি চুলি, নখ কটা নিষেধ।

ভোজন সম্পৰ্কিত নিষেধ:
‎১)  ভঙা বাচন, কাঁহীত খাব নাপায়।
‎২) ছোৱালীক আগ ভাত খাব নোৱাৰে। খালে সেই ছোৱালী কুলক্ষ্মী হয়।
‎৩) খোৱাৰ সময়ত খোৱা কাঁহীখন লৰাই বা শব্দ কৰি খাব নাপায়।
‎৪) ভাত ৰন্ধাৰ লগে লগে ছোৱালীয়ে আগভাত খিনি খোৱা নিষেধ। 
জন্ম সম্পৰ্কীয় লোকবিশ্বাস: প্ৰতিটো সমাজতেই গৰ্ভৱতী অৱস্থাতেই অৰ্থাৎ সন্তান জন্মৰ পূৰ্বৰপৰাই অনেক বিশ্বাসৰ ওপৰত ভিত্তি কৰি চলিবলগীয়া হয়।  আলোচ্য জনগোষ্ঠীটোৰ জন্ম সম্পৰ্কীয় লোকবিশ্বাস কেতবোৰ হ'ল-
১) প্ৰসূতি ঘৰত দা, কটাৰী, লোহাৰ সামগ্ৰী আৰু ঘৰৰ আগ বেৰত দুৱাৰৰ কাষত বগৰী গছৰ ডাল ওলোমাই ৰখা হয়
২) মিঞা মুছলমান সমাজত ল'ৰা সন্তান জন্ম হ'লে আজান দিয়া হয়
৩) প্ৰসূতিক কলা জিৰাৰ চাটনি কৰি ভাত খাবলৈ দিয়া হয়
৪) গৰ্ভৱতী নাৰীক শ্মশান, কৱৰস্থান আদি ঠাইত যাবলৈ দিয়া নহয়
৫) সন্তান ভূমিষ্ঠ হোৱাৰ পিছতেই  নাড়ী কাটি সেই নাড়ীৰে সন্তানৰ নাকত স্পৰ্শ কৰি দিয়া হয়, এনে কৰিলে সন্তানটো নিৰ্লজ্জ নহয় বুলি বিশ্বাস।
৬) ভূমিষ্ঠ সন্তানৰ মুখত মুখত কেঁচা হালধীৰ ৰস বা মৌ দিয়া হয়।

বিবাহ সম্পৰ্কিত লোকবিশ্বাস:
মিঞা মুছলমান লোকৰ মাজত বিবাহ সম্পৰ্কীয় নানান লোকবিশ্বাস প্ৰচলিত। যেনে-

১) মিঞা মুছলমানসকলৰ মাজত প্ৰচলিত লোকবিশ্বাস অনুসৰি শনিবাৰ আৰু মঙ্গলবাৰে বিয়াৰ কইনা চাবলৈ যাব নাপায়।
২) বিবাহৰ দিন ধার্য হোৱাৰ পিছত দৰাৰ ঘৰত কোনো অমংগল ঘটিলে ছোৱালীজনী অমংগলীয়া বুলি জ্ঞান কৰি বহুতক্ষেত্ৰত বিয়া বাতিল কৰা হয়। 
৩) কাতি মাহত ন-কইনাই মাকৰ ঘৰলৈ যোৱাটো অমংগলীয়া বুলি বিশ্বাস কৰে
৪) কইনা চাবলৈ যোৱাৰ সময়ত যদি কইনা ঘৰৰ পদূলিমুখত কলহ ভৰ্তি পানী দেখা পায় তেতিয়াহ'লে ছোৱালীজনী ভাগ্যৱতী বুলি ভবা হয়
৫) দাঁতৰ মাজত বেছি ফাঁক থকা ছোৱালী আৰু ভৰিৰ তালু বেছি দ' থকা ছোৱালী( চৰ- চাপৰিৰ ভাষাত খৰম পাইয়া বুলি কোৱা হয়) বিয়াৰ বকবে কুলক্ষ্মী বুলি গণ্য কৰা হয়।

মৃত্যু সম্পৰ্কীয়:
১) ঘৰৰ চালত বা গছৰ ডালত বহি কাউৰীয়ে কা কা কৰি থাকিলে কাৰোবাৰ মৃত্যুৰ খবৰ নিশ্চিত বুলি বিশ্বাস
২) মৃতদেহক উত্তৰ দিশে মূৰ কৰি শোৱাৰ নিয়ম

অতিথি আগমন সম্পৰ্কীয় লোকবিশ্বাস: 
অতিথি আগমন প্ৰত্যাগমন সম্পৰ্কিত অনেক লোকবিশ্বাস লোকসমাজত এতিয়াও বিদ্যমান। অতিথি সম্পৰ্কীয় লোকবিশ্বাস কিছুমান এনেধৰণৰ:

১) ঘৰৰ চালত জোৰা শালিকীয়ে মাতিলে ঘৰত আলহী আহে।
২) কুলীয়ে মাতিলে আলহীৰ আগমন বুলি বিশ্বাস।
৩) কাম কৰি থাকোতে হাতৰ পৰা কোনো বস্তু (কাঁহী বাটি) পৰি গ'লে আলহী অহাৰ সংকেত।

যাত্ৰা সম্পৰ্কিত লোকবিশ্বাস:
১) যাত্ৰা পথত খালি কলহ অশুভ কিন্তু পানী ভৰাবলৈ লৈ যোৱা কলহ দেখিলে শুভ
২) যাত্ৰাকালত পিছফালৰ পৰা কোনোবাই মাতিলে অমংগল বুলি ভবা হয়
৩) যাত্ৰা পথত ভীমকল দেখা পালে যাত্ৰা অশুভ
৪) শনিবাৰে কোনো শুভ কামত যাত্ৰা কৰিলে সিদ্ধি নহয় বুলি লোকবিশ্বাস প্ৰচলিত
৫) ঘৰৰ পৰা যাত্ৰা কৰাৰ সময়ত কৰবাত খুন্দা খালে যাত্ৰা শুভ নহয় বুলি মিঞা মুছলমান লোকসকলে বিশ্বাস কৰে।


কৃষি সম্পৰ্কিত লোকবিশ্বাস: মিঞা মুছলমানৰ মাজত অধিকাংশ লোকেই কৃষিজীৱী। তেওঁলোকৰ জীৱন কৃষিৰ লগতেই নিবিড়ভাবে জড়িত। কৃষিৰ লগত জড়িত অনেক লোকবিশ্বাস তেওঁলোকৰ মাজত প্ৰচলিত। হাল দিয়া, কৃষিজাত সামগ্ৰীৰ সিঁচা, কৃষিত আৰ্থিক অৱনতি উন্নতি, কৃষিক্ষেত্ৰ ৰক্ষণ, কৃষিজাত দ্ৰব্যাদি সম্পৰ্কে বাধা নিষেধ, ফল আদি বিভিন্ন কৃষি সম্পৰ্কীয় লোকবিশ্বাস প্ৰচলিত হৈ আছে তেওঁলোকৰ মাজত। কৃষি বিষয়ক যিবোৰ লোকবিশ্বাস মিঞা মুছলমানৰ জনজীৱনত প্ৰচলিত ইয়াত তাৰে কেইটামান উদাহৰণ দিয়া হ'ল।
ক) উৎকৃষ্ট কৃষিজাত দ্ৰব্যাদি উৎপন্নৰ উপায় সম্পৰ্কে
১) হালধি লগোৱাৰ সময়ত পান খাই ল'লে হালধিৰ ৰং ভাল হয়
‎২) জিকাৰ গুটি দিয়াৰ সময়ত মুখত জহা চাউল কেইটামান দি চোবালে জহা জহা গোন্ধায় সেই জিকা
‎৩) শাক-পাচলিৰ বীজ ৰোৱাৰ সময়ত কথা কবলৈ নাপায়
‎৪)কোনো নতুন গছত ফল ধৰিলে মছজিদত দিলে বা মুন্সি মৌলৱীক মাতি আনি খুৱালে ফল বেছিকৈ ধৰে।
‎৫) ঘৈণীয়েকৰ আঁচলত বান্ধি ধানৰ বীজ খেতিত লৈ সিচিলে ধান বেছি হয় বুলি বিশ্বাস

আৰ্থিক উন্নতি সম্পৰ্কে:
১) ঈদৰ দিনা নতুন বাচন উলিয়াই ৰন্ধা বঢ়া কৰিলে সংসাৰত উন্নতি হয়
২) জোনটো দক্ষিণ ফালে কাতি হৈ উঠিল পাটৰ দাম বেছি হয়
৩) সাপৰ মূৰৰ মণি পালে ধনী হয়। সেই মণি যদি ধানৰ ডুলিত থৈ দিয়া হয় সংসাৰত কেতিয়াও অভাৱ নহয়।

কৃষিক্ষেত্ৰ ৰক্ষাৰ উপায় সম্পৰ্কে:
১) খেতিৰ মাজত গৰুৰ মূৰ ওলোমাই ৰাখিলে কাৰো মুখ নালাগে
‎২) ডুলিত ধান তোলাৰ সময়ত কথা নকলে ইন্দুৰ নিগনীয়ে সেয়া অনিষ্ট কৰিব নোৱাৰে
‎৩) ফলন্ত গছত চূণৰ ফোট দি থলে  সেই গছত মানুহৰ মুখ নালাগে
‎৪) খেতি পথাৰত খেৰেৰে মানুহৰ আকৃতিৰ মূৰ্তি সজাই থলে কাৰো কুদৃষ্টি নপৰে আৰু শস্য ভাল হয় বুলি বিশ্বাস
৫) আম গছৰ আম পোকে ধৰিলে সেই গছৰ গুৰিত কোৰবাণীৰ গৰুৰ ৰক্ত দিলে আমত পোকে নধৰে

ফল-মূল নষ্টৰ লক্ষণ সম্পৰ্কে:
১) আম খাই আমৰ গুটিৰে সেই আম গছত দলিয়ালে আমত পোকে ধৰে
২) হাল বোৱাৰ সময়ত প্ৰেচাব কৰিব বহিলে ফচল পচি যায়
৩) খেতিৰ শামুকত ভৰি কাটিলে সেই খেতিৰ শস্য নিগনীয়ে খায়
৪) খেতিৰ পশ্চিম দিশৰ পৰা হাল জুৰিলে খেতি ভাল নহয়, পূবৰ পৰা জুৰিলে ভাল হয়
৫) জোতা, ছেণ্ডেল পিন্ধি বেঙেনাৰ খেতিত গলে সেই বেঙেনাত পোকে ধৰে
৬) মাংস দি ভাত খাই কোনোবাই যদি পান খুজি গছৰ পৰা পান চিঙে সেই পান গছ মৰি যায়।

অন্যান্য কিছুমান কৃষি সম্পৰ্কীয় লোকবিশ্বাস:
১) দিন বাৰ চাই প্ৰথম হাল বোৱা হয়
২) প্ৰথম হাল পূব দিশে মুখ কৰি কৰা হয়
৩) প্ৰথম ধান কটাৰ দিনা এমুঠি ধান কলপাতত ৰখাৰ নিয়ম আছে।

বৰষুণ সম্পৰ্কিত লোকবিশ্বাস:
১) আকাশত ফৰিং উৰিলে বৰষুণ অহাৰ সম্ভাৱনা
২) পৰুৱাই লানি পতা দেখিলে বৰষুণ আহিব বুলি বিশ্বাস
৩) আকাশত চিলনী উৰিলে বৰষুণ অহাৰ সম্ভাৱনা থাকে
৪) ভেকুলীয়ে মাতিলে বৰষুণ আহে বুলি বিশ্বাস

খাদ্য সম্পৰ্কীয় লোকবিশ্বাস:
১) খোৱাৰ সময়ত মূৰে কপালে হাত দি খালে দুৰ্ভাগ্য নামি আহে বুলি লোকসমাজে বিশ্বাস কৰে।
২) খোৱাৰ সময়ত কাঁহীৰ পৰা ভাত মাটিত পৰিলে সেই ভাত তুলি খাব লাগে বুলি বিশ্বাস কৰে।
৩) ভাত খাই উঠি লগে লগে পেট পিহিলে সেই ভাত কুকুৰৰ পেটত যায় বুলি লোকবিশ্বাস আছে
৪) ৰন্ধা বঢ়াৰ পাছত জুহালত অলপ নিমখ ছটিয়াই দিব লাগে বুলি বিশ্বাস প্ৰচলিত
৫) মুৰি ভজাৰ সময়ত কথা পাতিলে মুৰি ফুলি নুঠে বুলি আলোচ্য জনগোষ্ঠীটোৰ লোকে বিশ্বাস কৰে।
৬) খোৱাৰ সময়ত কাঁহীখন লৰাই খাব নালাগে, অন্যথা ভোক নপলায়।
৭) খাবলৈ লোৱা বস্তু হাতৰ পৰা পৰি গ'লে তুলি লৈ খাব লাগে। অন্যথা শত্ৰু বৃদ্ধি হয় বুলি লোকবিশ্বাস আছে।
৮) থিয় হৈ ভাত খালে সেই খাদ্য কুকুৰৰ পেটত যায়
৯) দুজনে দুই হাতে পান ছিঙি খালে কাজিয়া লাগে বুলি বিশ্বাস কৰে।


ভূত প্ৰেত তন্ত্ৰ মন্ত্ৰমূলক লোকবিশ্বাস:
১) ভজা পিঠা খাই ৰাতি ওলাব নাপায়
‎২) ভূতৰ নাম ৰাতি উচ্চাৰণ কৰিব নাপায়। কৰিলে ভূতে ধৰে
‎৩) ভৰ দুপৰীয়া, সন্ধ্যা সময়ত, কোনো গছৰ তলত, নিৰ্জন পথাৰত যোৱা নিষেধ। কাৰণ সেই স্থানবোৰ ভূতৰ স্থান
‎৪) ঘৰত পিঠা পনা ভাজিলে প্ৰথম পিঠাটো ভূতক খাবলৈ ঘৰৰ পিছফালে দলিয়াই থৈ আহিব লাগে। নহ'লে ভূতে কুদৃষ্টি দিয়ে। পিঠা  ভাজিব নোৱাৰে।

উল্লেখ্য যে মিঞা মুছলমান সমাজত প্ৰচলিত এই লোকবিশ্বাস, লোকসংস্কাৰবোৰৰ কিছুমানে শুভ আৰু কিছুমানে অশুভ সংকেত বহন কৰে। সেইবোৰ হ'ল-
অশুভ বহনকাৰী লোকবিশ্বাস/ লোকসংস্কাৰ:
১) শুভকামত ওলোৱাৰ সময়ত অথবা ৰাতিপুৱা ঘৰৰ বাহিৰ হোৱাৰ সময়ত বিধৱা, কাঠবাজী তিৰোতাৰ মুখ দেখা অশুভ
২) যি কোনো শুভ কাম বিধৱা এগৰাকীক দি কৰোৱা অশুভ
৩) হাঁচি আহিলে যাত্ৰা  অশুভ হয়
৪) যাত্ৰাকালত খালি কলহ দেখিলে যাত্ৰা অশুভ
৫) যাত্ৰাকালত কাউৰীৰ মাত অশুভ
৬) যাত্ৰাৰ সময়ত পিছফালৰ পৰা কোনোবাই মাতিলে যাত্ৰা অশুভ
৭) শনিবাৰ আৰু মঙ্গলবাৰে যাত্ৰা অশুভ
৮) শনিবাৰ অথবা মঙ্গলবাৰে হালৰ ৰচী ছিঙি গ'লে পেলাই দিব নালাগে

শুভ সংকেত বহনকাৰী লোকবিশ্বাস
১) যাত্ৰাকালত পিছফালৰ পৰা মাকে মাতিলে শুভ
২) পানী ভৰ্তি কলহ দেখিলে শুভ
৩) যাত্ৰা কালত মাছ দেখা শুভ
৪) শুক্ৰবাৰে খেতিত হাল দিয়া বা ধান সিঁচা শুভ

ইয়াৰ উপৰিও অন্য কিছুমান লোকবিশ্বাস আছে। যেনে- সংখ্যাবাচক কিছুমান চিহ্ন যিবিলাক শুভ অশুভৰ প্ৰতীক হিচাপে বিবেচনা কৰা হয়। বিশেষকৈ  বিজোৰ সংখ্যাবোৰ শুভ বুলি বিবেচনা কৰা  হয়। মুছলমান সকলৰ শুভ সংখ্যা হৈছে ৭৮৬। এই সংখ্যাটি শুভৰ প্ৰতীক। ঘৰ-বাৰী, গাড়ী, দোকান আদি সৰ্বত্ৰে এই সংখ্যাটি লিখি ৰখা হয়। ভৰ দুপৰীয়া, সন্ধিয়া দান কৰা,  পইচা ধাৰে দিয়া নিষেধ বুলি মানি চলে। ইয়াৰোপৰি  বিশেষ কিছুমান প্ৰাণী যিবোৰক ৰাতি অন্য নামেৰে মতা হয়। যেনে- সাপক পোকা, শিয়ালক হোৱা, হাতীক গণেশ। সেইদৰে চূণ নুবুলি বগা, হালধিক ৰংগুৰা বুলি কোৱা লোকবিশ্বাসৰে ফল।

লোকসমাজত পৰম্পৰাগত ভাবে চলি অহা এই লোকবিশ্বাসবোৰেই এটা সময়ত লোকসংস্কাৰত পৰিণত হৈ উঠে। গ্ৰামীণ লোকসমাজত এই লোকসংস্কাৰবোৰ বিশেষভাৱে পালিত হৈ থাকে।  চহৰকেন্দ্ৰিক লোকজীৱনৰ মাজতো অনেক লোকসংস্কাৰ পালিত হৈ থাকে। মিঞা মুছলমান সমাজত পালিত বিভিন্ন  লোকসংস্কাৰবোৰ এনেধৰণৰ-
১) প্ৰসূতি ঘৰত অশুভ দৃষ্টিৰ পৰা মাতৃ, সন্তানক বচাই ৰাখিবৰ বাবে লগত দা, কটাৰী, লোজাতীয় সামগ্ৰী ৰখা হয়। সেইদৰে নৱজাতকৰ বিচনাত গৰুৰ হাড়, শগুণৰ পাখি, দিয়াশলাই ৰাখিলে ভূত প্ৰেতে অনিষ্ট কৰিব নোৱাৰে বুলি লোকবিশ্বাস প্ৰচলিত।
২) বাহিৰৰ পৰা আহি প্ৰসূতি ঘৰত সোমোৱা ব্যক্তিয়ে জুইত হাত ভৰি সেকিহে সোমাব পাৰে। কাৰণ জুই দেখি ভূত প্ৰেতে ভয় খাই বুলি বিশ্বাস আছে।
৩) ‎ল'ৰা সন্তান জন্ম হ'লে নাভিৰ পৰা সাত আঙুল আৰু কন্যা সন্তান হ'লে পাঁচ আঙুল নাড়ী ৰাখি বাঁহৰ চেকাৰে নাড়ী কটা হয় আৰু নাড়ী সন্তানৰ নাকত স্পৰ্শ কৰি দিয়া হয়
৪) ‎সন্তানৰ মুখত প্ৰথম মৌ বা হালধিৰ ৰস দিয়া হয়
৫) সন্তান জন্মৰ ৪০ দিন পাছত 'কামানি' দিয়া হয়। সেইদিনা ঘৰৰ সকলো বস্তু, কাপোৰ কানি ধুই প্ৰসূতি গৰাকীয়ে পৰিশুদ্ধি হয়।
৬) বিয়াৰ পাটিত দৰা বা কইনাৰ লগত অন্য এজনক সদায় বহাই ৰখা হয়, দৰা-কইনা বহা পাটী খালি কৰি ৰখাৰ নিয়ম নাই।
৭) বিয়াত দৰা কইনাক বিদায় দিয়াৰ সময়ত কইনাৰ আঁচলত হালধি এটুকুৰা, সৰিয়হ আৰু লোজাতীয় সামগ্ৰী বান্ধি দিয়া হয়। এনে কৰিলে ভূত প্ৰেত আহিব নোৱাৰে বুলি বিশ্বাস
৮) দৰাই গাত লোৱা চাদৰৰ লগত কইনাৰ আঁচল বান্ধি দিয়া হয়। দৰা-কইনাৰ মাজত বিচ্ছেদ নহয় বুলি। লোকবিশ্বাস আছে।
৯) নাৰিকল গছ, তামোল গছত পুৰণি জোতা, ফটা কানি কাপোৰ বান্ধি দিয়া হয়। এনে কৰিলে বেয়া নজৰ নপৰে বুলি বিশ্বাস
১০) কলপাতত ভোজ খাব দিলে কলপাতৰ ওলোটা ফালেহে খাব দিয়া হয়
১১) সন্তান মৃত্যু সম্ভৱা মাতৃসকলে সন্তানৰ দীৰ্ঘজীবি কামনা কৰি ধাইৰ ওচৰত সন্তানটোক বিক্ৰী কৰি আকৌ সামান্য টকা, বা অন্য অৰ্থ সম্পত্তি দি ধাইৰ পৰা কিনি লোৱা দেখা যায়।
১২)  কোনো মাতৃৰ সন্তান জন্ম হৈ মৃত্যু হৈ থাকিলে ভূত, প্ৰেত, অশুভ দৃষ্টিৰ পৰা সন্তানটোক বচাই ৰাখিবলৈ ফালানী, পঁচা, কালা এইধৰনৰ  অনাকৰ্ষণীয় নামবোৰ ৰাখে।
১৩) গৰু ছাগলীৰ বেমাৰ হৈ মৰিলে গৃহস্থই গাঁৱৰ সৰু সৰু ল'ৰা ছোৱালীক মাতি আনি ছিন্নী ৰান্ধি গোহালিতে খাবলৈ দিয়ে। তেনে কৰিলে অশুভ শক্তিৰ দৃষ্টি নপৰে বুলি বিশ্বাস
১৪)  কাতি মাহত গাঁৱত কলেৰা আদি মহামাৰীয়ে দেখা দিলে গাঁৱৰ মানুহক কবিৰাজে কলা জিৰা, চেনী আদি জাৰি খাবলৈ দিয়ে। সেইদৰে পানীলাউৰ গুটি কঁকালত বা ডিঙিত অথবা হাতত সূতাৰ লগত বান্ধি ৰাখিবলৈ দিয়ে। তেনে কৰিলে সহজে কলেৰাই নধৰে।
১৫) কাতি মাহত কলেৰা আদি মহামাৰীৰ পৰা বা অশুভ দৃষ্টিৰ পৰা গাঁৱৰ মানুহক ৰক্ষা কৰিবলৈ গাঁৱৰ মানুহে মিলি গাঁৱলীয়া ছিন্নী কৰে আৰু সেই ছিন্নীৰ প্ৰথম ভাগখিনি দেওৰ উদ্দেশ্যে পথাৰত দি থৈ আহে ।
১৬) মনৰ আশা পূৰণ কৰিবলৈ বহুতে দৰগাহ বা মছজিদত গৈ বেলেগ বেলেগ মান্নত কৰে আৰু সেই আশা পূৰণ হ'লে মান্নত পূৰ্ণ কৰে।
১৭) খেতিৰ ধান পকিলে তাৰ কেইটামান লেচেৰি আনি ঘৰৰ বেৰত আঁৰি থোৱা হয়
১৮) শস্য- পথাৰ , শাক- পাচলিৰ খেতি আদি মানুহৰ কুদৃষ্টিৰ পৰা ৰক্ষা কৰিবলৈ মাটিৰ পাত্ৰত মূৰ, চকুৰ ছবি আদি আঁকি ফটা ছিটা কাপোৰেৰে মূৰ্তিৰ দৰে সজাই বা গৰুৰ দাঁত বা মূৰৰ অংশ আদি আঁৰি থোৱা দেখা যায়, যাতে মানুহৰ উপৰিও চয়তানৰ কুদৃষ্টি নপৰে। 

লোক-সংস্কৃতিৰ গৱেষক,  গুৱাহাটী বিশ্ববিদ্যালয়, ‎ভ্রাম্যভাষ: ৮৮৭৬৭০৫৬৭০

1 comment: