মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

উদ্দেশ্যপ্ৰণোদিত সমীক্ষা আৰু বদমাচী
পংকজজ্যোতি মহন্ত
অসংখ্য সমীক্ষাত কিছুমান বদমাচী নীহিত থাকে৷ এই বদমাচী কেৱল আলোচনীয়েই নকৰে৷ গৱেষক, চিকিৎসক বা আন কৰ্মচাৰী আদিয়েও এইবোৰ কৰা দেখা যায়৷ এনেকৈ বহুতে পিএইচডি লৈ আছে৷ তাৰে বহুতক নিজে দেখিছোঁ৷

সমীক্ষা এটা শুদ্ধ হ'বলৈ বহুতো কাৰক জড়িত থাকে৷ ই সৰল অংক নহয়৷ এই সম্পৰ্কীয় কাৰকবোৰ, তাৰ লগত জড়িত গণিত তথা পৰিসংখ্যা সম্পৰ্কীয় কিছুমান প্ৰবন্ধ আছে৷ সেইবোৰলৈ নাযাওঁ৷ তাৰ পৰিৱৰ্তে সৰল কথা কিছুমান চাওক৷

১৯ খন চহৰত মানুহৰ মাজত সমীক্ষা চলোৱা হ'ল৷ বাচি লোৱা মুঠ মানুহ ২৫০০জন৷ তাৰমানে এখন চহৰত গড়ে প্ৰায় ১৩০ জন মানুহ লোৱা হৈছে৷

আপুনি এতিয়া গুৱাহাটী চহৰখন বাচি লওক৷ আৰু আপোনাৰ সমীক্ষাৰ বিষয়টো হৈছে, গুৱাহাটীত কৰ্মচাৰীসকলে দুপৰীয়া চাহ খাই নে নাখায়৷

আপুনি গুৱাহাটীৰ ১৩০জন মানুহৰ তথ্য আহৰণ কৰিলে৷ আৰু তেওঁলোকৰ পৰা ফলাফল পালে ৮০ শতাংশই চাহ নাখায় আৰু ২০ শতাংশই খায়৷ তাৰ পৰা আপুনি নানা সিদ্ধান্ত দিলে - মানুহৰ সচেতনতা, চাহৰ চাহিদা, চাহ কোম্পানীৰ অৱস্থা, থলুৱা খাদ্যৰ প্ৰতি মানুহৰ আগ্ৰহহীনতা, নানা বিষয়ত সিদ্ধান্ত৷ কাৰণ আপোনাৰ সমীক্ষাই সেয়া কৈছে!!

কিন্তু, গুৱাহাটী এনে এখন চহৰ য'ত প্ৰায় ছয় লাখ মানুহ থাকে, যিখন চহৰলৈ দিনে প্ৰায় এক লাখ মানুহ সোমাই, এক লাখ মানুহ ওলাই যায়৷ গতিকে, সেই সমস্ত মানুহৰ তথ্য গোটালে আপোনাৰ সমীক্ষাটোৰ কি হ'ব?? সমস্ত নালাগে বাৰু, আপুনি এইবাৰ ১৩০জনৰ লগত আৰু ৩৭০জন যোগ কৰক৷ মানে, এইবাৰ ১৩০ জনৰ পৰিৱৰ্তে ৫০০জন মানুহৰ কাষলৈ যাওক৷ যদি এই নতুন ৩৭০জনে চাহ খাও বুলি কৈ দিয়ে, তেন্তে পূৰ্বৰ সমীক্ষাটোক কি বুলি কোৱা উচিত?? বদমাচী, ফটুৱামী, ফাংফুং কাৰবাৰ??

এনেকুৱা ফাংফুং কাৰবাৰেই চলি থাকে৷ কোনেও এইবোৰ সিমান গুৰুত্ব নিদিয়ে, কিন্তু যেতিয়া স্পৰ্শকাতৰ বিষয়ত সিদ্ধান্তবোৰ কেতিয়াবা আহি যায় তেতিয়া বিতৰ্ক হয়৷ এনেকুৱা বিতৰ্কত ছাত্ৰ এজনৰ অপকাৰ হ'ব পাৰে, যে বিতৰ্ক হ'লে তেওঁ ডিগ্ৰীটো নাপাব পাৰে, গতিকে সিদ্ধান্তবোৰ কম মানুহে পঢ়া কৰি আলমাৰিত জাপি থ'ব পৰা হ'লে ভাল৷ কিন্তু আলোচনীৰ ক্ষেত্ৰত বিতৰ্ক হ'লেহে আলোচনীখনৰ লাভ হয়৷ আনহাতে, ১৩০ জন মানুহ - এই কথাটো মন কৰা মানুহ বহুত কম৷ কিন্তু ৮০%, ২০% বুলি কৈ দিয়া লগে লগে এই কথাটো একেকোবেই খামুচি ধৰি বেলেগ কথা নভবা মানুহ বহুত বেছি৷

আলোচনীৰ প্ৰচলন বহুত বেয়া আজিকালি৷ তেওঁলোকে এখন চহৰত ১০ হাজাৰ মানুহৰ মাজত সমীক্ষা চলাবলৈ ধন খৰচ কৰিব নোৱাৰে, গতিকে ১৩০ জনতে সীমাবদ্ধ৷ আৰু বিতৰ্কই প্ৰচলনত সহায় কৰে৷ এইবোৰ পেটৰ ভাতমুঠিৰ বাবেই কৰিব লগা হয়৷ অৱশ্যে সেই ভাতমুঠি সঘনাই দামী ৰেস্তোৰাত আশা কৰাটোৱে এটা কাৰক৷

দুটা আমোদজনক কথা কওঁ - পাপনৰ বিতৰ্কটোৰ সময়ত, পাপনক গালি পাৰি থকা কেইজনমানে পাপনৰ ফে'চবুক পে'জটো লাইক কৰিছিল৷ নিউজফিডত কেইবাজনো আহি আছিল৷ মাৰিয়া চাৰাপভাই শচীনক চিনি নাপাও বুলি কওঁতে যেতিয়া বিতৰ্ক চলি আছিল তেতিয়াও সেইটো দেখা পাইছিলোঁ৷ পটকৈ দেখা কথা এইবোৰ৷ ভালকৈ তথ্য চালে কিমান ওলাব? তাৰমানে বিতৰ্কই তেওঁলোকক বেয়াপোৱা কেইজনকো তেওঁলোকৰ প্ৰতি আকৰ্ষণহে কৰিছে পূৰ্বতকৈ৷ একেটা কথাই বিতৰ্কিত আলোচনীৰ ক্ষেত্ৰতো হ'ব৷

পিচে, সকলো সমীক্ষাই এনে ফাংফুং নেকি? নহয়৷ অসমৰ নতুন প্ৰজন্মৰ মানসিক আৰু চাৰিত্ৰিক কথা সম্পৰ্কীয় দুটা সমীক্ষাৰ কথা বাতৰিত পাইছিলোঁ৷ সেয়া চলিছিল, দুই-তিনিখনমান স্কুলত কেইশমান ছাত্ৰ-ছাত্ৰীৰ মাজত৷ উন্নত দেশৰ দুজন বিশ্ববিখ্যাত গৱেষকৰ দুটা সমীক্ষাৰ কথা বেলেগ বেলেগ সময়ত পঢ়িছিলোঁ, তাৰে এটাত সমীক্ষা চলোৱা হৈছিল ৬০ হাজাৰৰ মাজত৷ সেইদৰে আনটোতো বহু সংখ্যকৰ মাজত৷ গতিকে, সঠিক সিদ্ধান্তবোৰ ক'ত ওলাব?? আৰু ফলাফল ৰূপে সঠিক সমাধানবোৰ ক'ত ওলাব?? ভাল কোনবোৰ দেশৰ হ'ব?? নিশ্চয় সেইবোৰ দেশত৷ আৰু আমাৰ ইয়াত ফাংফুঙেৰে ভুলকে সিদ্ধান্ত বুলি দিয়াৰ ফলত, আৰু তাৰ দ্বাৰা ভুল সমস্যা উত্থাপন কৰা ফলত মূল সমস্যা সমস্যাৰূপেই থাকি যায়৷

No comments:

Post a Comment