চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শৈক্ষিক উত্তৰণত বিদ্যালয় পৰ্য্যায়ত গ্ৰন্থাগাৰৰ ভূমিকা: 
অসমৰ দৃষ্টিকোনেৰে এক পৰ্য্যালোচনা
ড° বিজয় কৃষ্ণ চেতিয়া
“The Only thing that you absolutely have to know, is the location of the library”- Albert Einstein
সাম্প্ৰতিক সময়ত বিশ্বায়নৰ প্ৰভাৱত শৈক্ষিক ব্যৱস্থাৰ মূল সমল সমূহৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে। আৰু এই পৰিৱৰ্তনৰ প্ৰভাৱত নিতৌ ন ন চিন্তাৰ সংযোজনও ঘটিছে শৈক্ষিক ব্যৱস্থাত। এনে পৰিৱেশত শৈক্ষিক ব্যৱস্থাৰ এক প্ৰধান সমল “গ্ৰন্থাগাৰ বা পুথিভঁৰাল”ৰ গুণগত মানদণ্ডক অংকীয় (digital) চিন্তাৰে উন্নত কৰাও বহু নতুন চিন্তাৰ আৰম্ভণি হৈছে বা হোৱাটো জৰুৰী হৈ পৰিছে কিয়নো বতৰ্মান সময়ত গ্ৰন্থাগাৰক কেৱল মাত্ৰ গ্ৰন্থ ভাণ্ডাৰ বুলিয়ে গণ্য কৰা পৰিৱেশ সলনি হৈছে, বতৰ্মান সময়ত গ্ৰন্থাগাৰ সমূহক আধুনিক বিশ্বৰ বহুমুখী তথ্য ভাণ্ডাৰ ৰূপে গণ্য কৰা পৰিৱেশৰ সূচনা হৈছে। গতিকে এনে পৰিৱেশত আমিও গ্ৰন্থাগাৰকলৈ কিছু আলোচনা কৰাটো জৰুৰী বুলি অনুভৱ কৰি আজি এই আলোচনাত সাম্প্ৰতিক সময়ত শৈক্ষিক উত্তৰণৰ দিশত স্কুল পৰ্য্যায়ত গ্ৰন্থাগাৰৰ ভূমিকা বিষয়ে কিছু কথা আলোচনা কৰা প্ৰয়াস কৰিছোঁ।

আলোচনা আৰম্ভণিতেই এটা কথা উল্লেখ কৰি থোৱা ভাল হব যে গ্ৰন্থাগাৰক আধুনিক শৈক্ষিক ব্যৱস্থাৰ “স্বতন্ত্ৰ শিক্ষা সমল (Independent Learning Resource)” ৰূপে বিবেচনা কৰা হয় অৰ্থাৎ শিক্ষাৰ্থীয়ে বা ছাত্ৰই গ্ৰন্থাগাৰত শিক্ষক অবিহনেই স্বতন্ত্ৰ অধ্যয়নৰ দ্বাৰা জ্ঞান আহৰণ কৰিব পাৰে। এইখিনিতে গ্ৰন্থাগাৰৰ ব্যৱহাৰৰ দ্বাৰা স্কুল পৰ্য্যায়ত এজন ছাত্ৰ কেনেদৰে লাভাৱণ হব পাৰে বা নিজৰ জ্ঞান পিপাসু মনক কেনেদৰে অধিক সুস্থিৰ গতি প্ৰদান কৰিব পাৰে তাৰ বিষয়ে তলত কিছু দিশ উল্লেখ কৰিলোঁ,

ক। গ্ৰন্থাগাৰৰ ব্যৱহাৰে এজন ছাত্ৰক প্ৰথমতেই এক স্বতন্ত্ৰ অধ্যয়নশীল মন অধিকাৰী কৰি তুলে। 

খ। গ্ৰন্থাগাৰত এজন ছাত্ৰই এক সংগঠিত (organised) পৰিৱেশত অধ্যয়নৰ সুবিধা লাভ কৰে যাৰ দ্বাৰা ছাত্ৰজনে নিজৰ আৰ্জিত জ্ঞানকও সংগঠিত কৰা এক সুবিধা লাভ কৰে। 

গ। এজন ছাত্ৰই গ্ৰন্থাগাৰত পাঠপুথিৰ লগতে সময়ভিত্তিক জ্ঞানক চহকী কৰিব পৰা এক বহল তথ্য ভাণ্ডাৰক (database) অনুকৰণ কৰা সুবিধা লাভ কৰে যাৰ দ্বাৰা ছাত্ৰজনে প্ৰয়োজনীয় তথ্য আহৰণ কৰা কিটিপও আদায় কৰা লগতে বিভিন্ন তথ্য উৎসৰ (source of data) লগত নিজকে পৰিচয় কৰোৱাও সুবিধা লাভ কৰে। 

ঘ। গ্ৰন্থাগাৰৰ নিয়মিত ব্যৱহাৰে ছাত্ৰ এজন জ্ঞানৰ বহুমুখীতাক (multidisciplinary) উপলব্ধি কৰিব পৰা গুণটোক সক্ৰিয় কৰি তোলাৰ লগতে সময়ভিত্তিক সতেজতা (Timely Refreshment) প্ৰদান কৰে। 

ঙ। গ্ৰন্থাগাৰৰ ব্যৱহাৰে এজন ছাত্ৰক অধিক তথ্য বিশ্লেষণৰ সুবিধা প্ৰদান কৰে যাৰ দ্বাৰা ছাত্ৰ এজনক তথ্য বিশ্বাসযোগ্যতাক (reliability of information) মূল্যায়ণ কৰা সাহস প্ৰদান কৰে। 

উপৰোক্ত আলোচনা দ্বাৰা বিদ্যালয়ত ছাত্ৰ শৈক্ষিক উত্তৰণত গ্ৰন্থাগাৰৰ ভূমিকা বিষয়ে এক সম্যক আভাস দিয়াত আমি কিছু পৰিমাণে সফল হৈছোঁ বুলি বিশ্বাস কৰিছোঁ। এইখিনিতে উল্লেখ কৰা ভাল হব বিদ্যালয়ৰ এটি উন্নত গ্ৰন্থাগাৰে কেৱল মাত্ৰ ছাত্ৰৰ শৈক্ষিক উত্তৰণতেই সহায় নকৰে ই শিক্ষক সকলৰ সময়ভিত্তিক জ্ঞান উন্নত ও বৃদ্ধি কৰা লগতে ছাত্ৰৰ লগত মুক্ত জ্ঞানৰ আদান-প্ৰদান কৰিব পৰা এক পৰিৱেশৰ সূচনা কৰে। গতিকে এক গতিশীল শৈক্ষিক পৰিৱেশৰ স্বাৰ্থত বিদ্যালয় পৰ্য্যায়ত গ্ৰন্থাগাৰ সমূহক বৈজ্ঞানিক চিন্তাৰে আধুনিক ৰূপত সজাই তোলাটো বতৰ্মান সময়ত অতিকৈ জৰুৰী হৈ পৰিছে। এনে চিন্তাৰে সাম্প্ৰতিক সময়ত অসমৰ শৈক্ষিক ব্যৱস্থাত গ্ৰন্থাগাৰৰ স্থিতি সম্পৰ্কে তলত কিছু সংক্ষেপে আলোচনা আগবঢ়াব বিচাৰিছোঁ।

আমাৰ দৃষ্টিৰে অসমৰ শৈক্ষিক ব্যৱস্থাত বিদ্যালয় পৰ্য্যায়ত গ্ৰন্থাগাৰৰ সদব্যৱহাৰৰ বিষয়টো আজিও তেনেই চালুকীয়া অৱস্থাতেই আছে আৰু এই ক্ষেত্ৰত আমি দুটা দিশক পোনচাটেই জগৰীয়া কৰিব বিচাৰোঁ,

১। বিদ্যালয় পৰ্য্যায়ত বৈজ্ঞানিক চিন্তাৰে গ্ৰন্থাগাৰৰ আন্ত:গাঁঠনি অভাৱ।

২। উপযুক্ত গ্ৰন্থাগাৰিক নিযুক্তিৰ ব্যৱস্থাৰ অভাৱ।

আমি আৰম্ভণিতেই উল্লেখ কৰিছিলোঁ যে বতৰ্মান সময়ত শৈক্ষিক ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তন ঘটিছে আৰু এনে পৰিৱেশত সুস্থিৰ বৈজ্ঞানিক চিন্তাৰে আগবাঢ়িব নোৱাৰিলে আমি যে আধুনিক বিশ্বতকৈ বহু পিছ পৰি ৰম সি ধুৰূপ। আমি যদি বতৰ্মান সময়ত অসমৰ বিদ্যালয় পৰ্য্যায়ৰ গ্ৰন্থাগাৰ সমূহলৈ মন কৰোঁ তেন্তে দেখিম যে প্ৰায় বিদ্যালয়তে উপযুক্ত গ্ৰন্থাগাৰিক শিক্ষাৰে শিক্ষিত গ্ৰন্থাগাৰিকৰ অভাৱ বা তেনে নিযুক্তিৰ ব্যৱস্থা কৰা হোৱা নাই, তাৰ পৰিৱৰ্তে বিদ্যালয়ৰ কোনো এজন শিক্ষকেই এই দায়িত্ব অৰ্পন কৰা হৈছে, যাৰবাবে গ্ৰন্থাগাৰ সমূহ যেনেদৰে শৈক্ষিক দিশেৰে গতিশীল আৰু উৎপাদনমুখী হব লাগিছিল তেনেদৰে হব পৰা নাই। আধুনিক শিক্ষা ব্যৱস্থাত গ্ৰন্থাগাৰ শিক্ষাক বিজ্ঞানৰ এক বিভাগ (Library Science) গণ্য কৰা হয়, এই শিক্ষাত গ্ৰন্থাগাৰৰ লগত জড়িত অন্যান বিষয়ৰ ওপৰিও গ্ৰন্থাগাৰ এটা সুচাৰু পৰিচালনা কৰিবলৈ প্ৰয়োজনীয় সংগঠিত বৈজ্ঞানিক মানসিকতাৰ (Organised scientific mentality) লগতে ছাত্ৰৰ মন:স্তাত্বিক দিশৰ ওপৰত শিক্ষা প্ৰদান কৰা হয়। আমি বিশ্বাস কৰোঁ যে ওপৰোক্ত জ্ঞানৰ অবিহনে এটি গ্ৰন্থাগাৰক গতিশীল কৰি ৰখাটো খুব সহজ নহয়, উদাহৰণস্বৰূপে এজন ছাত্ৰক তেওঁ আগ্ৰহ অনুসৰি গ্ৰন্থ উৎসৰ যোগান ধৰা বা গ্ৰন্থৰ প্ৰতি আকৰ্ষিত কৰাটো এজন সাধাৰণ শিক্ষকৰ বাবে বৰ এটা সহজ বিষয় নহয়, কিয়নো এইক্ষেত্ৰত ছাত্ৰজনৰ মন:স্তাত্বিক দিশটোক গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। গতিকে অসমৰ শৈক্ষিক পৰিৱেশৰ ক্ষীপ্ৰ উত্তৰণৰ স্বাৰ্থত অসমৰ বিদ্যালয় পৰ্য্যায়ৰ গ্ৰন্থাগাৰ সমূহত উপযুক্ত গ্ৰন্থাগাৰিক নিয়োগ কৰাটো আমাৰ বিবেচনাত খুবেই জৰুৰী আৰু এইক্ষেত্ৰত চৰকাৰে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহন কৰিব বুলি আমি আশাবাদী। 

আলোচনাৰ শেষত অসমৰ বিদ্যালয় পৰ্য্যায়ৰ গ্ৰন্থাগাৰ সমূহৰ আধুনিককৰণ তথা অংকীয়কৰণ (digitalised) বাবে প্ৰয়োজনীয় কিছু সময়োপযোগী পৰামৰ্শ আগবঢ়াব বিচাৰিছোঁ,

১। পাঠ্যপুথিৰ জ্ঞানক সহায় কৰিব পৰা সমল পুথিৰ নিয়মীয়া যোগানৰ ব্যৱস্থা হওঁক।

২। প্ৰতিখন বিদ্যালয়ত ইণ্টাৰনেটৰ সুবিধা প্ৰদান কৰা হওঁক।

৩। আঞ্চলিক খবৰ কাগজৰ লগতে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খবৰ কাগজ নিয়মীয়াকৈ যোগান ধৰা হওঁক।

৪। বিভিন্ন বিষয়ৰ শৈক্ষিক গৱেষণা পত্ৰিকা সংগ্ৰহৰ ব্যৱস্থা কৰা হওঁক। এনেধৰণৰ পত্ৰিকাসমূহ আজিকালি ইণ্টাৰনেটৰ পৰাও সংগ্ৰহ বা ক্ৰয় কৰিব পাৰি।

৫। সময়ে সময়ে বিদ্যালয়ৰ গ্ৰন্থাগাৰ সমূহৰ তুলনামূলক অধ্যয়নৰ দ্বাৰা অধিক উত্তৰণৰ চিন্তা কৰা হওঁক।

No comments:

Post a Comment