Sunday, December 3, 2017

মনৰ কথা


উৰহী গছৰ ওৰ বিচাৰি 
ইন্দ্ৰজিত বৰা
'আমাৰ অসম' কাকতখনৰ জৰিয়তে 'দিল্লীত নাগৰিকপঞ্জী উন্নীতকৰণৰ ভিন্ন দিশৰ আলোচক্ৰ' কেন্দ্ৰিক গণমাধ্যম সৃষ্ট বিতৰ্কৰ প্ৰসংগতে অসমৰ দুগৰাকীকৈ আগশাৰীৰ লেখক-বুদ্ধিজীৱিয়ে নিজৰ নিজৰ চিন্তন-মননেৰে যুক্তি আগবঢ়ালে। এই বিষয়তোত ফণীন্দ্ৰ কুমাৰ দেৱচৌধাৰী দেৱৰ তিনিটা খণ্ডৰ লেখাৰ সমান্তৰালকৈ ডঃ হীৰেন গোহাঁইদেৱৰো লেখা প্ৰকাশ পালে। আলোচনাই অসমৰ সচেতন ৰাইজৰ মনলৈ আৰু কিছু নতুন চিন্তাৰ পাতনি মেলাবলৈ সক্ষম হ'ল বুলি অনুভৱ কৰিছো। বিশেষকৈ দেৱচৌধাৰীদেৱৰ বিশ্লেষণাত্মক লেখনিৰ সন্দৰ্ভতে আমাৰ মনৰ কথা এই প্লেটফৰ্মৰ যোগেদিয়ে ব্যক্ত কৰিবলৈ চেষ্টা কৰিছো।

If you’re not a communist at the age of 20, you haven’t got a heart. If you’re still a communist at the age of 30, you haven’t got a brain. এনে জাতীয় ফকৰা যোঁজনাৰ ফাঁকেৰে চাই সমাজ অধ্যযন কৰিবলৈ ল’লে সেয়া সমাজ বিজ্ঞান হৈ থাকিবনে? বয়সানুক্ৰমে সমাজতত্বৰ অনুধাৱন যদি সলনি হ’বলৈ হয় তেন্তে ঘটনা আৰু উপন্যাস বা ইতিহাস আৰু কাহিনীৰ মাজত প্ৰভেদ বিচাৰি উজুটি খোৱাটো নিশ্চিত ৷


এইটো অনস্বীকাৰ্য যে ঘটনা আৰু উপন্যাস বা ইতিহাস আৰু কাহিনীৰ মাজৰ সৰল ৰেখাডাল অংকন কৰাৰ প্ৰচেষ্টাই বৌদ্ধিক বিকাশ, অন্যথা সমালোচনা সাময়িক গন সংবেদনশীলতাতেই সীমাবদ্ধ হৈ ৰয় ৷ অতীত আৰু বৰ্তমানৰ অনুধাৱনেৰে ভৱিষ্যতৰ কৰ্মপন্থা নিৰুপনৰ বিভিন্ন অৱধাৰণাতে আত্মপ্ৰকাশ কৰি আহিছে বিভিন্ন আদৰ্শবাদী ব্যাখ্যাই । এফালেদি ক্ৰমবিৱৰ্তন সূত্ৰৰ বিশ্লেষণাত্মক কুশলতাৰ যান্ত্ৰিকধৰ্মী সীমাবদ্ধতা আৰু আনফালে সংস্কৃতিৰ বিশাল ক্ষেত্ৰখনত অধ্যয়ন পদ্ধতিৰ স্বাভাৱিক পক্ষপাতদৃষ্টতাই মতাদৰ্শৰ ঐতিহাসিক পৰিসৰৰ শীৰ্ষসীমাত মতান্ধতাৰ পথ মুকলি কৰে । অবৌদ্ধিকতা হ'ল যুক্তিবাদৰ সৈতে কোনো বিশেষত্ববাদী ব্যক্তিগত মতাদৰ্শৰ সংঘাতৰ ফলস্বৰুপেই বাগধাৰা হিচাবে আত্মপ্ৰকাশ কৰা বিষমবাদী প্ৰতিক্ৰিয়া । ইতিহাসে আমাক শিকনি দিছেই যে কোনো ঐতিহাসিক অভিসন্ধিৰ স্থুল অৱধাৰণাই সাময়িক গন সংবেদনশীলতাৰ পৰিধি ভাঙি বিৱৰ্তনৰ এক প্ৰতিষ্ঠিত বিশ্লেষণ দাঙি ধৰিব নোৱাৰে ।

ইতিহাস কেতিয়াও এক কাৰকীয় হ'ব নোৱাৰে, বৰঞ্চ গতিশীল সামাজিক আৰু অৰ্থনৈতিক গাঁথনি সাঙুৰি লোৱা বহু কাৰকীয় অধ্যয়ন পদ্ধতি । সম্প্ৰতি এই পটভূমিতেই সাঁথৰ যেন হৈ পৰা দুটা আৰ্থ-সামাজিক সংগঠন হ’ল এনে ধৰণৰ৷ এটা সাংস্কৃতিক সংৰক্ষনশীলতা আৰু অন্যটো একচেটিয়া পুঁজিৰ বিকাশৰ অমানৱীয় ভীতিত সৃষ্টি হোৱা ৰাষ্ট্ৰ-সৰ্বস্ব বিকল্প ৷ দুয়োটাই অধিনায়কত্ববাদী আৰু প্ৰয়োগিক দিশত পুঁজিৰ বিকাশৰ অন্তৰায় হৈ পৰিছে । আমি জানো যে আৰ্থ-সামাজিক শক্তিবিলাকৰ নিৰৱিচ্চিন্ন সংযুক্ত আত্মপ্ৰকাশেই হ'ল ৰাজনৈতিক প্ৰক্ৰিয়া । সামগ্ৰিক বিফলতাই স্বাভাৱিকভাৱেই একচেটিয়া যুক্তিক সাময়িকভাৱে প্ৰভাৱশীল কৰি তোলে ।

বিশেষত্ববাদ আৰু ধৰ্মীয় আদৰ্শবাদৰ পৃষ্ঠপোষকতা আচলতে নাস্তিকতা ৷ এই নাস্তিকতা নৈতিকতাৰ প্ৰশ্নৰে আক্ৰান্ত ৷ অৱশ্যে ইয়াৰ জন্ম আধুনিকতাৰ ছত্ৰছায়াতেই ৷ বিশ্লেষণত দক্ষ বস্তুবাদী, কিন্তু আধুনিক ৰীতি-নীতিৰ আৱৰেৰে ভাৱৰীয়া হৈ থাকে ৷ সাহিত্য-কৃষ্টি হৈ পৰে মাত্ৰ কৌতুক বিনোদন ৷ আধুনিকতাৰ পোহৰত সামন্তীয় ধংসস্তূপত আজিও ৰত্ন বিচৰাত মগন ৷ সেই ৰত্ন পিন্ধি লৈ সাংস্কৃতিক আপেক্ষিকতাৰে ঐতিহাসিক দন্দ্ববোৰ পিছুৱাই নিব পাৰি ৷ সেয়ে ঐতিহাসিক বস্তুবাদৰ দক্ষতাক লৈ তেওঁলোক সন্দিহান আৰু সচকিত ৷ তেওঁলোকে এই দক্ষতা যেতিয়াই বৰকৈ অনুভৱ কৰে, উপৰিসৌধৰ আঁৰকাপোৰখন সযত্নে টানি লয় ৷

সমাজ বৈজ্ঞানিক অধ্যয়ন বস্তুনিষ্ঠ আৰু পদ্ধতিগত বিশ্লেষণৰ অবিহনে অৰ্থহীন । বিভিন্ন আদৰ্শবাদৰ ঐতিহাসিক গুৰুত্ব হ’ল বিৱৰ্তনৰ বিভিন্ন স্তৰ । তেনেকৈ ঐতিহাসিক বস্তুবাদ সমাজ অধ্যয়নৰ এক গঠনমূলক সূচনা ৷ বহু সীমাবদ্ধতাৰ মাজতো ঐতিহাসিক বস্তুবাদে পদ্ধতিগত সমাজ অধ্যয়নৰ ক্ষেত্ৰত এক যুগান্তকাৰী ভূমিকা পালন কৰিছে । ঐতিহাসিক দৃষ্টিকোণৰ পৰা মাৰ্ক্সবাদী দৰ্শনৰ নিজস্ব অৱস্থান আছে, লগে লগে এই দৰ্শনৰ ওপৰত বিতৰ্ক আৰু গৱেষণাৰ গুৰুত্বতা আছে । মাৰ্ক্সেীয় দৰ্শণ তাত্বিক ৷ সমাজৰ বিকাশ আৰু ইতিহাস অধ্যয়নৰ এয়া এক বৈজ্ঞানিক আৰম্ভণিহে, শেষ বুলি মাৰ্ক্সেও কোৱা নাই ৷ মাৰ্ক্সবাদ হেগেলৰ বাস্তৱবাদ আৰু ফেওৰবেকৰ বস্তুবাদৰ সমন্বয়ৰ সৃষ্টি ৷ এই বিশ্লেষণাত্মক পদ্ধতি আধ্যত্মজ্ঞানৰ বিপৰীতে এক সদা পৰিবৰ্তনশীল প্ৰকৃতিৰ ওপৰত প্ৰতিষ্ঠিত ৷ এই পৰিবৰ্তনৰ মূল হ’ল আভ্যন্তৰিণ দন্দ্বাত্মক শক্তিবোৰ আৰু এই পৰিবৰ্তনশীল প্ৰকৃতিয়েই হ’ল বাস্তৱ সত্য ৷ এই নিৰৱিছিন্ন দন্দ্ব আৰু পৰিবৰ্তনৰ মাজত কোনো অন্বেষণেই এক অপৰিৱৰ্তিত পৰম তত্ব উদ্ভাৱন কৰিব নোৱাৰে ৷ আধ্যত্মজ্ঞানৰ দৰে বস্তুগত বাস্তৱ জগতখনৰ অস্তিত্ব আমাৰ মানসিক চেতনাৰ দ্বাৰা নিৰ্ণিত নহয় ৷ এই বস্তুগত প্ৰক্ৰিয়াবিলাকৰ ধাৰাবাঢ়িক অধ্যয়ন আৰু অনুধাৱনেই সত্য সন্ধানৰ একমাত্ৰ সমল ৷ সেয়ে উৰহী গছৰ ওৰ বিচৰাৰ দায়িত্ব সকলোৰে আছে আৰু এই বিতৰ্কৰ পৰা কিছু হলেও ওৰ ওলালে আমি সকলো লাভৱাম্বিত হ’ম ৷

“The question whether objective truth can be attributed to human thinking is not a question of theory but is a practical question. Man must prove the truth, i. e. the reality and power, the this-sidedness of his thinking, in practice. The dispute over the reality or non-reality of thinking which is isolated from practice is a purely scholastic question.” — Karl Marx.

"ৰিমিক্স: উৰহী গছৰ আচল ওৰ" সম্পৰ্কে:
আবিদ আজাদ
ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰী দেৱ যে এজন অতি সংবেদনশীল আৰু কোমল হৃদয়ৰ লিখক তথা নিজৰ ভাৱমূৰ্তি সম্পৰ্কেও সচেতন ব্যক্তি সেয়া "আমাৰ অসম"ৰ আজিৰ শেষৰটো খণ্ডৰ লেখাত আকৌ এবাৰ প্ৰমাণ হ’ল ৷ ভালেকেইটা খণ্ডৰ দীঘলীয়া লেখাটো পঢ়ি শেষ কৰি উঠি এটা কথা উপলব্ধি কৰিলোঁ যে তেওঁ নিজৰ লেখাৰ ওপৰত আলোচনা বা গৱেষণা হোৱাটো যিদৰে বিচাৰে, একেটা সময়তে কোনোবাই সমালোচনা কৰিলে, লাগিলে ফেচবুকতেই হওক, অন্তৰত দুখো পায়৷ (সমালোচনাৰ কথাহে কোৱা হৈছে, ব্যক্তিগত পৰ্যায়ৰ আক্ৰমণৰ কথা কোৱা নাই।) এই প’ষ্টটোতো অৱশ্যে দেৱ চৌধুৰী দেৱৰ লেখাৰ (ব্যক্তিৰ নহয়) কেইটামান দিশ সমালোচনাই কৰা হ’ব।

সুদীৰ্ঘ প্ৰবন্ধলানিত আগবঢ়োৱা যুক্তিবোৰকলৈ দেৱ চৌধুৰীদেৱ নিজেই যে দ্বিধাগ্ৰস্ত সেয়া পাঠক হিচাপে আজিৰ লেখাত অৱশেষত আমি দেখিবলৈ পালোঁ ৷ তেওঁ লিখিছে— "মোৰ যুক্তি ভুল হ'ব পাৰে, কিন্তু যুক্তিহীনভাৱে মোৰ লেখাত কোনো মন্তব্য দিবলৈ চেষ্টা কৰা নাই৷" “মোৰ যুক্তি ভুল হ’ব পাৰে” এয়া কেনেকুৱা যুক্তি? অৰ্থাৎ নিজৰ যুক্তিৰ ওপৰত নিজৰেই দৃঢ় বিশ্বাস নাই! বিভিন্ন বিষয় টানি আনি ব্যক্তি বিশেষ তথা দেশ আৰু জাতিৰ প্ৰতি পাঠকক “ভুল হ'ব পৰা যুক্তিৰে" বিভ্ৰান্ত কৰাৰ দৰে নহ'ল নে এয়া ?

ডঃ গোহাঁইক গোটেই জীৱন (!) সমালোচনা কৰি কৰি চক্ৰৱৰ্তী ডাঙৰীয়াই অৱশেষত তেখেতকে অসমৰ শ্ৰেষ্ঠ বুদ্ধিজীৱী বুলি ৰাজহুৱা মন্তব্য কৰি সামাজিক জীৱন 'ত্যাগ' কৰাৰ দৰে; দেৱচৌধুৰীদেৱেও গোটেই লেখাটোত ডঃ গোহাঁইক ভুৱা চেকুলাৰ, সাম্প্ৰদায়িক, স্বাৰ্থন্বেষী, জাতিৰ পৰিপন্থী বুদ্ধিজীৱী আদি অভিধাৰে আওপকীয়াকৈ অনুকিয়াব বিচাৰি বিচাৰি অৱশেষত ডঃ গোহাঁইক ধ্ৰুৱ তৰাৰ সৈতে তুলনা কৰি তেওঁক ক্ষমা বিচাৰিয়ে লেখাটো সমাপ্ত কৰিলে ৷

(নিতুমণি শইকীয়ায়ো মাজে মাজে একেটা কাম কৰে৷ প্ৰথমে 'ৰাইজৰ মন'ত উদয় হোৱা প্ৰশ্ন বুলি কৈ লৈ নিজৰে প্ৰশ্ন কৰে আৰু তাৰ পিছত আগতীয়াকৈ কৰযোৰে মাফো খোজে! পাঠক-দৰ্শক বিলাকতো শিশু নহয়!)

কেৱল সেয়াই নহয়, আজিৰ লেখাত দেৱ চৌধুৰীদেৱে তেওঁ উত্থাপন কৰা বিষয়বোৰৰ ওপৰত হ'ব পৰা সাম্ভাব্য আলোচনাৰ পৰাও চিৰ-বিদায় মাগি এইবুলি লিখিলে যে — "মই ভাবি-চিন্তি সিদ্ধান্ত লৈছোঁ যে এই বিষয়টোৰ ওপৰত আৰু মই একো নিলিখোঁ৷ আপুনি অযুক্তিকৰভাৱে অসত্য বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিলেও মই নীৰৱে থাকিম৷ ... ... মই উভতি যাম মোৰ প্ৰিয় সৃজনশীল ক্ষেত্ৰলৈ৷"

এয়া পাঞ্চজন্য বজাই কুৰুক্ষেত্ৰৰ পৰা অন্তৰ্ধান হ'ব খোজাৰ দৰে নহ'ল নে ?

প’ষ্টটো দীঘলীয়া নকৰো ৷ কোনো চন্দুক খুলিবলৈও নাযাও৷ কিন্তু তেওঁৰ এন আৰ চি সম্পৰ্কে আগবঢ়োৱা আজিৰ লেখাৰ (ঙ) নং পইন্টটো পঢ়ি আঁচৰিত নহৈ নোৱাৰিলোঁ৷ তেওঁ লিখিছে যে— "এন আৰ চি প্ৰক্ৰিয়াত যাতে কোনো বিলম্ব নহয়, তাৰবাবে চৰকাৰ আৰু ন্যায়ালয়ৰ ওপৰত এটা চাপৰ বাবে #জনমত গঠন কৰা উচিত৷ এন আৰ চি প্ৰক্ৰিয়া বন্ধ কৰাৰ প্ৰতি সকলো সজাগ হৈ থকা উচিত৷" গুৱাহাটীৰ অভিৱৰ্তনে দিল্লীৰ উক্ত মিটিংখনলৈ অসমৰ ছয় প্ৰতিনিধিক তেনেকুৱা ধৰণৰ উদ্দেশ্যতেইতো পঠিয়াইছিল ৷ কিন্তু দেৱ চৌধুৰী দেৱেই দেখোন সেই মিটিঙৰ মূল বিষয়ক লঘূ কৰি ধুমকেতুৰ দৰে ওলাই গুচি যোৱা 'দাঢ়ি-টুপিৱালা' মাদানিৰ পিছত উঠি পৰি লাগিল ৷ মূল ইচ্যুক গুৰুত্ব নিদি একেটা কামকেতো টিআৰপি খকুৱা চেনেল বোৰেও কৰিছিলে ৷ এই প্ৰশ্নটো কৰিলে ভুল হ’ব নেকি যে জনমত গঠনৰ বাবে উপদেশ দিয়া দেৱ চৌধুৰী দেৱে মিটিংখনত আলোচিত মূল বিষয়ৰ ওপৰত প্ৰৱন্ধলানিত এটা কথাও নিলিখিলে কিয় ? আমাৰ সন্দেহ হৈছে যে দেৱ চৌধুৰী দেৱে এতিয়ালৈকে মূল ভিডি’টো চাগে চোৱাই নাই! টি ভি চেনেলৰ সম্পাদিত ভিডিঅ' ক্লিপিঙৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁ এটাৰ পিছত এটা চন্দুক খুলিয়েই থাকিল খুলিয়েই থাকিল। কিন্তু একো নোলাল হে নোলাল । ডঃ গোহাঁই বা মাদানিয়ে কোৱা কথাৰ অসম্পাদিত ভিডিঅ' ইউ টিউবত উপলব্ধ ৷ নোচোৱা সকলে এতিয়াও চাব পাৰে৷

দেৱ চৌধুৰীদেৱে অসমত যি "নেক্সাচ"ৰ আমদানীৰ কথা কৈছে, আচলতে সেয়া তেওঁৰ অন্তৰলৈহে উপৰুৱাকৈ আমদানী হৈছে বুলি ভাৱ হয় ৷ মৌলবাদী ৰাজনৈতিক ইছলামত বিশ্বাসী পৃথিৱীৰ আটাইতকৈ গোড়া ইছলামিক দেশখনেই হৈছে ছৌদি আৰৱ৷ এই ছৌদি আৰৱেই আকৌ পুঁজিবাদী আমেৰিকাৰ পৰমমিত্ৰ দেশ ৷ তাৰোপৰি আমি কি নাজানো নে যে মৌলবাদী সন্ত্ৰাসবাদী তালিবানৰ সৃষ্টিকৰ্তা কোন? লাডেনৰ সৃষ্টিকৰ্তা কোন? অল-কাইদা, আইছিছৰ সৃষ্টিকৰ্তা কোন? ইছলামিক সন্ত্ৰাসবাদীক অস্ত্ৰৰ যোগান ধৰোঁতা কোন ? পুঁজিবাদী-সাম্ৰাজ্যবাদী আমেৰিকাই নহয় নে ? তেওঁলোকৰ নীতি তথা এজেণ্ডাক বিৰোধিতা কৰা প্ৰতিবাদক নানান নাম দি বিশ্বৰ জন-গণৰ মনত হেয় কৰিব বিচৰাটো আমেৰিকাৰ পুৰণি প্ৰপাগাণ্ডা নহয় নে? সেই আমেৰিকাকে সাৱটি ধৰিবলৈ কোনবোৰ শক্তিয়ে উঠিপৰি লাগিছে নিজৰ ঘৰতে এবাৰ চাওকছোন! তেনেস্থলত, আমেৰিকাৰ তেনে বৈদেশিক নীতিক সমৰ্থন কৰা, আমেৰিকাৰ প্ৰতিৰক্ষাৰ সৈতে জৰিত লিখকৰ গ্ৰন্থৰ উদ্ধৃতি দি দেৱ চৌধুৰী দেৱে সেইবোৰ প্ৰপাগাণ্ডাকে অসমতো জনপ্ৰিয় কৰিব বিচৰাৰ দৰে নহ’ল জানো?

(তাতে ট্ৰাম্পক দেৱতা ৰূপে পূজা কৰা বোৰতো আছেই!)

যি নহওক, লেখাটোত তেওঁ আৰু এইবোৰ নিলিখে বুলি কৈছে ৷ কোনোবাই প্ৰশ্ন কৰিলে নীৰৱে থাকিম বুলি কৈছে ৷ সৃজনীশীল ক্ষেত্ৰলৈ ঘূৰি যাম বুলিও কৈছে । খুবেই ভাল লগা কথা ৷ শেষত তেওঁৰ উদ্ধৃতিৰেই এই লেখা সামৰিব বিচাৰিছোঁ । (কথাখিনি মন কৰিব লগীয়া।)

তেওঁ লিখিছে - "মই ইতিহাসবিদো নহওঁ, মই বুদ্ধিজীৱীও নহওঁ । মই এজন সাধাৰণ সৃজনশীল লেখক, যি সাধাৰণ মানুহৰ আৱেগ, অনুভূতি, জীৱন, ভৱিষ্যতৰ সৈতে সংপৃক্ত হৈ থকা আপাত তুচ্ছ-তৰল সুক্ষ্ম চিন্তাত নীৰৱে নিমজ্জিত হৈ থাকি ভাল পাওঁ। ... মোৰ যিকোনো ভুলৰ বাবে মই আগতীয়াকৈ সকলোৰে ওচৰত ক্ষমা বিচাৰিছোঁ । বিশেষকৈ ক্ষমা বিচাৰিছোঁ ড° গোহাঁই আদিৰ দৰে বিশিষ্ট ব্যক্তিসকলক । এতিয়াও সামাজিক-ৰাজনৈতিক ক্ষেত্ৰত মূৰ তুলি আকাশৰ ধ্ৰৱতৰাৰ দৰে ড° গোহাঁইৰ দৰে ব্যক্তি আদিলৈ চাওঁ । তেওঁলোকৰ মই ভুল বুলি উপলব্ধি কৰা সামাজিক প্ৰক্ষেপক নিৰ্মোহভাৱে সমালোচনা কৰাটো মোৰ দেশৰ প্ৰতি দায়ব্ধতা, যাক মই লেখক জীৱনৰ নীতি বুলি গণ্য কৰিছোঁ। মই নিশ্চিত এই কথা তেওঁ আৰু তেওঁৰ অনুৰাগীসকলে এদিন উপলব্ধি কৰিব।"

কথাখিনিত পৰস্পৰ বিৰোধিতা আছে যদিও তেওঁৰ শেষৰ এই কথাখিনিক শ্ৰদ্ধাৰে সমৰ্থন কৰিছোঁ । ড° হীৰেন গোহাঁই গড নহয়, মানুহেই । তেওঁৰ যথোপযুক্ত সমালোচনা হ’লে আমিও শিকিবহে পাৰোঁ ।

বাকী মাৰ্ক্সবাদ সম্পৰ্কে তেওঁ লিখা কথাৰ ওপৰত মন্তব্য দিবলৈ আমাৰ জ্ঞান নাই৷ তথাপিও, অন্ততঃ এয়া জানো যে মাৰ্ক্সবাদত বিশ্বাসী লোকে এচি গাড়ীত কিয় ঘূৰে ধৰণৰ কৰা প্ৰশ্নবোৰ মাৰ্ক্সবাদৰ ওপৰত কৰা তেনেই তৰল যুক্তিহে৷

No comments:

Post a Comment