Tuesday, December 5, 2017

সাম্প্ৰতিক প্ৰসংগ


আমচাঙ-ছিপাঝাৰঃ উচ্ছেদৰ যাতনা 
বনাম পক্ষপাতমূলক প্ৰপাগাণ্ডা 
পাৰভিন চুলতানা  
গেছৰ চুলা হাতত লৈ ধীৰ গতিত নিজৰ বাসগৃহৰ ধ্বংসস্তুপ এৰি আগুৱাই অহা মহিলা গৰাকীৰ ফটোৱে গোটেই ৰাজ্যবাসীক স্তম্ভিত কৰিছিল। মহিলাগৰাকীৰ ভাবলেশহীন মূখত ফুটি উঠিছিল তেওঁৰ নিঃসহায়তাৰ চিহ্ন। আমচাঙত উচ্ছেদিত প্রায় ৭০০ টা পৰিয়ালৰ মাজত তেওঁৰ পৰিয়ালো আছিল। তেওঁলোকক ২৭ আৰু ২৮ নৱেম্বৰৰ দিনা উচ্ছেদ কৰা হৈছিল। উচ্ছেদৰ সেই ঠাইবোৰত কণ কণ ল’ৰা ছোৱালীৰ স্কুলৰ কিতাপ পত্র সিঁচৰিত হৈ আছিল। হাই স্কুল শিক্ষান্ত পৰীক্ষাত বহিব লগীয়া ছাত্র ছাত্রী নিজৰ ভঙা ঘৰৰ সন্মুখত থিয় হৈ কান্দি আছিল যে তেওঁলোকে কেনেকৈ পঢ়াশুনা চলাই লৈ যাব। সংবাদ মাধ্যমবোৰেও এই মানুহবোৰৰ দুর্দশাৰ বিষয়ে অবিৰতভাৱে ৰাইজক অৱগত কৰাই আছিল। মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য হোৱা এই মানুহবোৰৰ অৱস্থাই নিশ্চয় সকলোৰে চকুত চকুলো আনিছিল।

এতিয়া তিনিদিন পিছলৈ যোৱা যাওক। ২৪ নৱেম্বৰত ঠিক একেধৰণৰ উচ্ছেদ চলোৱা হয় ছিপাঝাৰৰ কুৰুৱা গাওঁৰ গন্ধীয়া পথাৰ এলেকাত। প্রায় ৬৫টা পৰিয়ালক চৰকাৰী মাটি বেদখল কৰাৰ বাবে উচ্ছেদ কৰা হয়। সৰু সৰু ল’ৰা ছোৱালীৰ স্কুলীয়া কিতাপ ইয়াতেও চাৰিও পিনে পৰি আছিল। হিয়া ভগা ক্রন্দন ইয়াতেও শুনা গৈছিল। সপৰিয়ালে মানুহবোৰ বাহিৰত থাকিব লগা হৈছিল। কিন্তু এই দৃশ্যবোৰ সংবাদ মাধ্যমৰ জৰিয়তে সাধাৰণ ৰাইজলৈ নগল। কিছু সমাজ কর্মী এই সাধাৰণ মানুহৰ মাজত গৈ হে এওঁলোকৰ দুর্দশা ফেচবুক আদিৰ দৰে সামাজিক গণমাধ্যমৰ দ্বাৰা সম্প্রচাৰিত কৰিল। সংবাদ মাধ্যমৰ বাবে গন্ধীয়া পথাৰৰ মানুহবোৰ উচ্ছেদৰ ভুক্তভোগী নাছিল, তেওঁলোক আছিল কেৱল সন্দেহযুক্ত মানুহ আৰু বেদখলকাৰী। এইসকল মানুহ পূর্ববঙ্গীয় মূলৰ মুছলমান মানুহ আৰু কেৱল এই ভিত্তিত কিছু সংবাদ মাধ্যমে কোনো প্রমান অবিহনে এওঁলোকক অবৈধ প্রব্রজনকাৰী বুলি ঘোষণা কৰি দিলে।

সংবাদ মাধ্যমৰ প্রচাৰৰ মাজত থকা এই প্রভেদ গণতন্ত্রৰ চতুর্থ স্তম্ভৰ নিৰপেক্ষতাৰ ওপৰত প্রশ্ন উত্থাপন কৰে। ছিপাঝাৰৰ ২৪ নৱেম্বৰৰ উচ্ছেদ আৰম্ভ হয় আনন্দ দাস বোলা এজনৰ অপহৰণ আৰু মৃত্যুৰ পিছত। কুৰুৱা গাওঁৰ বাসিন্দা আনন্দ দাস যোৱা ২১ নৱেম্বৰত নিৰুদ্দেশ হৈছিল। আৰু ২৩ নৱেম্বৰত ঠিক একে ঠাইত তেওঁৰ মৃতদেহ উদ্ধাৰ হৈছিল। এই মৃত্যুৰ সন্দর্ভত কুৰুৱা গাঁওৰ দুজন মানুহক আটক কৰা হয় সোধ পোচৰ বাবে। কিন্তু আইনী প্রক্রিয়ায় কোনো উত্তৰ খুজি নৌপাওঁতেই, বজৰং দল আদিকে কৰি কিছু দল সংগঠনে এটা অপপ্রচাৰ আৰম্ভ কৰে যে আনন্দ দাসক সন্দেহযুক্ত নাগৰিকে হত্যা কৰিছে আৰু গন্ধীয়া পথাৰত বসবাস কৰাসকল অবৈধ প্রব্রজনকাৰী। পৰিস্থিতি উত্তাল কৰি এই সংগঠনবোৰৰ সদস্যই কিছু মানুহৰ ঘৰ জ্বলাই দিয়ে আৰু উচ্ছেদৰ দাবী জনায়। জিলা প্রশাসনেও ২৩ তাৰিখে আবেলি মাইকিং কৰে যে ২৪ তাৰিখে বেদখলকাৰীসকলক উচ্ছেদ কৰা হব। আৰু ২৪ তাৰিখে প্রায় ৬০ ঘৰ মানুহক উচ্ছেদ কৰি গৃহহাৰা কৰা হয়।

আনহাতে ২৭ তাৰিখে গুৱাহাটীৰ নিকটৱর্ত্তী আমচাঙ সংৰক্ষিত বনাঞ্চলতো উচ্ছেদ চলোৱা হয়। দুদিনতে প্রায় ৭০০ পৰিয়ালক উচ্ছেদ কৰা হয়। আমচাঙৰ উচ্ছেদ উচ্চ ন্যায়ালয়ৰ এটা আদেশৰ ভিত্তিত কৰা হয়। ২০১৩ চনত ন্যায়ালয়ৰ ওচৰ চাপিছিল Early Bird বোলা এটি বেচৰকাৰী সংগঠন। তেওঁলোকৰ মতে বনাঞ্চলত মানুহ অবৈধ ভাৱে প্রবেশ কৰাৰ বাবে সেই ঠাইৰ বণ্যপ্রানীৰ ক্ষতিসাধন হয়। পিছে আমচাঙ উচ্ছেদে বিভিন্ন মহলত এটি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰে। যত ছিপাঝাৰৰ দুখীয়া মানুহবোৰক কেৱল পূর্ববঙ্গীয় মূলৰ মুছলমান হোৱাৰ বাবে অবৈধ বাংলাদেশী বুলি প্রচাৰ চলোৱা হৈছিল, আমচাঙত উচ্ছেদিতসকলৰ সৰহভাগ অসমৰ খিলঞ্জীয়া জনজাতিমূলৰ মানুহ আছিল। বড়ো, মিছিং জনগোষ্ঠীৰ এই মানুহবোৰ মাজুলী, লক্ষীমপুৰ, ধেমাজি আদিত গৰাখহনীয়াত নিজ মাটি হেৰুৱাই ইয়ালৈ উঠি আহিছিল। কিন্তু এইসকল পীড়িতক কোনো বিকল্প সহায় অবিহনে উচ্ছেদ কৰা হল। শীত আৰু বৰষুণৰ মাজতে এওঁলোকক মুক্ত আকাশৰ তললৈ ঠেলি দিয়া হল।

আমাচাঙৰ উচ্ছেদৰ ক্ষেত্রত কিছু খেলিমেলি দেখা দিয়ে। ২০০৪ চনত আমচাঙ, খানাপাৰা আৰু দক্ষিণ আমচাঙ লগ লগাই বর্ত্তমানৰ আমচাঙ সংৰক্ষিত বনাঞ্চল গঠন কৰা হয়। পিছে তাতে বসবাস কৰা সকলৰ মতে বন বিভাগৰ মানুহে কেতিয়াও বনাঞ্চলটোৰ সীমান্ত সঠিক ভাৱে থিৰাং কৰা নাছিল। আমচাঙৰ উচ্ছেদ প্রক্রিয়াত বহু অসামঞ্জস্য দেখা যায়। প্রতিবাদকাৰীসকলৰ মতে ভালে কেইটা উচ্ছেদিত গাওঁৰ মানুহে ৰাজহ কৰ দি আহিছে। এই গাওঁবোৰক ‘Eco sensitive’ বুলি ঘোষণা কৰা হৈছিল, কিন্তু এই অঞ্চলবোৰ সংৰক্ষিত বনাঞ্চলৰ অংশ নহয়। তাৰ ওপৰিও ভালে সংখ্যক মানুহ ২০০৪ চনৰ আগৰে পৰা এই ঠাইবোৰত বসবাস কৰি আছে। নিয়মমতে এইসকল Forests Rights Act, 2006 ৰ অধীনত কিছু অধিকাৰ পোৱা উচিত, কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২০০৯ চনৰ এটি ৰায়ৰ মতে অসমত বনাঞ্চলত বসবাস কৰা কোনো জনজাতি নাই আৰু সেইবাবে এই জনজাতিবোৰ উক্ত আইনৰ অধীনত কোনো অধিকাৰ নাপায়। এফালে যত দুখীয়া মানুহক বনাঞ্চলৰ বাবে ভাবুকি বুলি ধৰি লোৱা হৈছে, ঠিক একে সময়ত আমচাংত অবৈধ ভাৱে গঢ়া চিমেণ্ট ফেক্টৰী বা আর্মীৰ ফায়াৰিং ৰেঞ্জৰ বিৰুদ্ধে তৎপৰ হৈ উঠা নাই চৰকাৰ বা কোনো বেচৰকাৰী সংগঠন।

দুটা উচ্ছেদৰে ভুক্তভোগীৰ মাজত ভালে সাদৃশ্য দেখা দিয়ে। দুটা ক্ষেত্রতে ভুক্তভোগীসকল গৰাখহনীয়া পীড়িত। ছিপাঝাৰত বসবাস কৰা মানুহবোৰৰ পুর্ব প্রজন্ম বৰপেটা আদিৰ পৰা উঠি যাব লগা হৈছিল গৰাখহনীয়াৰ বাবে। কিন্তু কুৰুৱাত গৈও এইসকলৰ শোষণৰ অন্ত নপৰিল। তাতে চৰকাৰী মাটি বেআইনী ভাৱে কিছু দালালে এওঁলোকৰ ওচৰত বিক্রী কৰিল। উপায়বিহীন মানুহবোৰে নিজৰ বহু কষ্টৰে সঞ্চিত ধন দি এই মাটিবোৰ ক্রয় কৰিলে – কাৰণ আছিল এটায় যে স্থানীয় ৰাইজে যেন কোনো ধৰণৰ আপত্তি নকৰে। পিছে এই অবৈধ মাটিৰ কিনা বেচাকলৈ কোনো ধৰণৰ অনুসন্ধান চৰকাৰে ঘোষণা কৰা নাই। আনহাতে অবৈধ বাংলাদেশী বুলি কৈ এইসকলৰ ঘৰ বাৰী জ্বলাই দিয়া সকলকো কোনো ধৰণৰ শাস্তি বিহা নহল।

উচ্ছেদৰ পিছতো ছিপাঝাৰৰ মানুহবোৰৰ ওপৰত চলা অত্যাচাৰ বন্ধ নহল। কিছুমান সংবাদ মাধ্যমে এই মানুহবোৰ অবৈধ অনুপ্রবেশকাৰী বুলি অপপ্রচাৰ চলাই গল। সংবাদ মাধ্যমৰ এনে বৈষম্যমূলক দায়বদ্ধহীন ব্যৱহাৰ এটি সুস্থ গণতন্ত্রৰ বাবে ক্ষতিকাৰক। এনআৰচিকলৈ বহু দুশ্চিন্তাত আছে ৰাজ্যৰ মানুহ। এনে ক্ষেত্রত কেৱল ধর্মৰ ভিত্তিত এটা সৰহ সংখ্যক মানুহৰ নাগৰিকত্ব নাকচ কৰি দিয়াটো জনমতত এটা বিৰূপ প্রভাৱ পেলাব। পূর্ববঙ্গীয় মূলৰ মুছলমান সকল প্রায় অসমৰ বিভিন্ন ঠাইত কাম কৰিব গৈ হাৰাশাস্তিৰ সন্মুখীন হব লগা হয়। এনে অপপ্রচাৰে পৰিস্থিতি আৰু বেয়াহে কৰি তুলিব। বাংলাদেশীৰ ‘ভূত’ বিভিন্ন ৰাজনৈতিক দলে সময়ে সময়ে নিজ স্বার্থ পূৰণৰ বাবে ব্যৱহাৰ কৰিছে। কিন্তু সংবাদ মাধ্যমেও যদি এনে কথা কৈ সমাজত বিভেদ সৃষ্টি কৰাৰ চেষ্টা কৰে, এয়া চিন্তনীয়। চৰকাৰেও দুখীয়া খাটি খোৱা মানুহক এই একে অজুহাতত হাৰাশাস্তি কৰে। ১৯৫০ চনৰ পৰা বছৰেকীয়া বান আৰু গৰাখহনীয়াৰ ফলত অসম ৰাজ্যই প্রায় ৭ শতাংশ মাটি হেৰুৱাব লগা হয়। মাটিৰ দৰে সীমিত প্রাকৃতিক সম্পদৰ ওপৰত ভালে চাপ সৃষ্টি হৈছে। তেনে ক্ষেত্রত চৰকাৰে ভূমিদানৰ আইন প্রণয়ন কৰাৰ ঠাইত, ভুক্তভোগীৰ মাজতো বিভাজন অনাৰ চেষ্টা কৰিছে। দুর্ভাগ্যজনকভাৱে চৰকাৰৰ ক্ষতিপূৰণৰ প্রতিশ্রুতিয়ো যেন সম্প্রদায় ভিত্তিক ভিন্ন।

অসমীয়া সংবাদ মাধ্যম বিশেষকৈ বৈদ্যুতিক মাধ্যমৰ নৈতিকতাকলৈ আগতেও বহু বাৰ প্রশ্ন উত্থাপিত হৈছে। প্রায় ক্ষেত্রতে দেখা যায় যে সংবাদ মাধ্যমে ৰাজনৈতিক নেতাসকলক কঠিন প্রশ্ন কৰি দায়বদ্ধ কৰিবলৈ বিফল হৈছে। বানপানী, গৰাখহনীয়া প্রতিৰোধ কৰিবলৈ চৰকাৰে কি কি পদক্ষেপ লৈছে – এনে প্রশ্ন সংবাদ মাধ্যমে কৰা দেখা নাযায়। এই সমস্যাবোৰ চৰকাৰী মাটি বেদখলৰ এটা ডাঙৰ কাৰণ যিহেতু মানুহবোৰ উপায়বিহীন। যেতিয়ালৈকে এই সমস্যাবোৰ সমাধান নহব, বেদখলৰ স্থায়ী সমাধান সম্ভৱ নহয়। সর্বহাৰা মানুহবোৰ এঠাইৰ পৰা বিতাড়িত হৈ আন ঠাইত থিতাপি লবলৈ বাধ্য। চহৰত বসবাস কৰাৰ বাবে লাগতীয়াল টকা যোগাৰ কৰিবলৈ বিফল হোৱা সকল চহৰৰ দাঁতিতে অবৈধ ভাৱে বসবাস কৰিবলৈ লয়। বৃহত্তৰ অসমীয় সমাজে চৰকাৰৰ লগতে সংবাদ মাধ্যমকো জবাবদিহী কৰা উচিত – অবৈধ মাটিৰ বেচা-কিনাৰ কথাত নীৰৱ থকাৰ বাবে, বন সংৰক্ষণ আইনৰ লঙ্ঘন কৰি যেতিয়া ডাঙৰ হোটেল বা ৰিচর্ট গঢ়ি তোলা হয় তেতিয়া প্রশ্ন উত্থাপন নকৰাৰ বাবে আৰু প্রায় সময় এটি মানৱতাবাদী সমস্যাৰ ওপৰত সাম্প্রদায়িক ৰহণ সানি দিয়াৰ বাবে।
ৰাষ্ট্ৰীয় গণমাধ্যম raiot.in ত প্ৰকাশিত লেখাটিৰ অসমীয়া অনুবাদিত ৰূপ।

1 comment:

  1. নিকা NRC প্ৰস্তুত নোহোৱা পৰ্য্যন্ত পূব-বংগীয় মূলৰ মানুহখিনিৰ প্ৰকৃত নাগৰিকত্ব সম্বন্ধে প্ৰশ্ন যিকোনো অসমীয়াই সদায়ে কৰিব। সন্দেহজনক স্বত্বেও NRCৰ অবিহনে বহিষ্কাৰ কৰিব পৰা নাই, কিন্তু তাৰমানে এইটো নহয় যে তেওঁলোক ভাৰতীয় নাগৰিক বুলি প্ৰমাণিত হৈছে। তাৰোপৰি বেদখলকাৰী সদায় অবৈধ, তাৰ কোনো নায্যতা থাকিব নোৱাৰে।

    পূব-বংগীয় এই মানুহখিনি ইছলাম ধৰ্মীয় হোৱাৰ ছল লৈ সাম্প্ৰদায়ীকতাৰ ৰহণ সানিবলৈ চেষ্টা কৰাটো গৰিহণাৰ যোগ্য।

    কাম কৰিবলৈ যোৱাৰ অজুহাতত পূব-বংগীয় মানুহখিনি যলৈকে যায়, তাতেই গোজেই গুজালি হৈ আৰু ৰঘুমলা সদৃশ বেদখল বা অন্যান্য বিভিন্ন ছল-ছাতুৰীৰে নিজৰ আওতালৈ আনি লোৱাৰ অজস্ৰ উদাহৰণ আছে।

    সৰ্বশেষত, but not the least, পূব-বংগীয় মানুহখিনিৰ বাবে লিখিকাৰ পক্ষপাত মূলক সহানুভূতিৰ কাৰণ বুজিব নোৱাৰিলো।

    ReplyDelete