বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নমামি ব্ৰহ্মপুত্ৰঃ আশীৰ্বাদ নে অভিশাপ
অনন্ত কলিতা
যোৱা ৩১ মাৰ্চৰ পৰা চাৰি এপ্ৰিললৈ ‘নমামি ব্ৰহ্মপুত্ৰ’ উৎসৱৰ নামত উখলমাখল লাগিছে অসমৰ ২১খন জিৱাত। অকল অসমৰ নহয়, হৰিদ্বাৰৰ পৰাও ২৭জন পূজাৰী আমদানি কৰি আনিছে পূজা অৰ্চনা কৰিবলৈ। ব্ৰহ্মপুত্ৰক পূজা-অৰ্চনাৰ মাজেৰে হেনো ব্যৱসায়, পৰ্যটন আৰু সংস্কৃতিৰ সম্ভাৱনাখিনিক দাঙি ধৰিব।


সচেতন নাগৰিকসকলৰ মাজত প্রশ্নৰ উদয় হৈছে- প্রকৃততে ব্ৰহ্মপুত্ৰক পূজা-অৰ্চনাৰ প্রকৃত উদ্দেশ্য কি? পূজা-অৰ্চনাৰে ব্ৰহ্মপুত্ৰক নিয়ন্ত্ৰণ কৰি অসমৰ জনসাধাৰণক মুক্ত কৰিব নেকি বান-খহনীয়াৰ তাণ্ডৱৰ পৰা। সেয়ে হৰিদ্বাৰৰ পৰাও পূজাৰী লৈ আহিছে। ব্ৰহ্মপুত্ৰ অসমৰ জনসাধাৰণৰ বাবে যিদৰে আশীর্বাদ লগতে অভিশাপলৈও পৰিবৰ্তিত হৈছে। ব্ৰহ্মপুত্ৰৰ অভিশাপখিনিক আশীর্বাদত পৰিণত কৰিবলৈ নমামি ব্ৰহ্মপুত্র উৎসৱৰ মাজেৰে পূজা আৰু গান-বাজনাৰ বাহিৰে আন কোনোধৰণৰ পৰিকল্পনা গ্ৰহণৰ বিষয়ে প্রতিফলিত হোৱা নাই যিদৰে “নমামি গংগে” উৎসৱৰ নামত গংগাৰ দীৰ্ঘম্যাদী আঁচনিৰ বাবে ২০ হেজাৰ কোটি টকা আবণ্টন কৰিছে। ১৩ কোটি টকা খৰচ হ’ব উৎসৱ উদযাপনত, কিন্তু দীৰ্ঘম্যাদী আঁচনি নাই ব্ৰহ্মপুত্ৰৰ বাবে। কণা হাঁহক পতন দিছে নেকি? সি যিয়েই নহওক, হেজাৰ-লাখ অসমীয়া দৌৰিছে নমামি ব্ৰহ্মপুত্ৰৰ উৎসৱ উপভোগ কৰিবলৈ। অসমীয়াসকল মূৰ্খ নে বুধিয়ক সময়েহে ক’ব। 

বিশ্বত আজি পানী অতি মূল্যৱান সামগ্ৰী। বিশ্বত মুঠ পানীৰ ৯৭.৫ শতাংশ মানুহে ব্যৱহাৰৰ অযোগ্য লুনীয়া পানী। বাকী ২.৫ শতাংশ পানীহে মানৱ জাতিয়ে ব্যৱহাৰ কৰিব পাৰে। এই ব্যৱহাৰযোগ্য পানীখিনিৰ ৬৮.০৭ শতাংশ বৰফ, হিমবাহ, ২৯.০৯ শতাংশ ভূগৰ্ভত আছে। মাত্র বাকী ২.৮৪ শতাংশ পানীহে নদী-জান-জুৰি-হ্রদ-পুখুৰীত আছে। বিশ্বৰ ব্যৱহাৰযোগ্য পানীৰ ৪ শতাংশহে ভাৰতত আছে, বিপৰীতে বিশ্বৰ ১৭ শতাংশ লোক ভাৰতৰ। ভাৰতত ব্যৱহাৰযোগ্য পানীৰ অতি অভাৱ তথা সংকট। আমাৰ সাধাৰণ মানুহবোৰৰ ধাৰণা— পানীৰ কোনো মূল্য নাই, আমাৰ চাৰিওফালে অপর্যাপ্ত পানী। প্রয়োজন হ’লেই নদী, বিল, হ্রদ, পুখুৰী বা নাদ, নলীনাদৰ পৰা পানী খাব পাৰে। কিন্তু বিজ্ঞানীসকলে নিশ্চিতভাৱে কৈছে যে ২০৫০ চনৰ পৰা কৃষি, উদ্যোগ, জীৱন ধাৰণ আদিৰ বাবে মানৱ জাতি পানীৰ তীব্র সংকটত নিমজ্জিত হ’ব। সেইবাবে ৰাষ্ট্ৰসংঘৰ উদ্যোগত ব্রাজিলৰ ৰিঅ’ ডি জেনেইৰেঅ’ চহৰত অনুষ্ঠিত এখন সন্মিলনত ১৯৯২ চনৰ ২২ মাৰ্চত সিদ্ধান্ত হয়— ২২ মার্চৰ দিনটোক প্রতি বছৰে ‘জলদিৱস’ হিচাপে পালন কৰাৰ মানুহৰ মাজত সচেতনতা বৃদ্ধি কৰিবলৈ জল সংৰক্ষণ তথা অপব্যৱহাৰ বন্ধ কৰিবলৈ আৰু পানীৰ সৃষ্টি কৰিবলৈ। ১৯৯৩ চনৰ পৰা ২২ মাৰ্চৰ দিনটো প্রতি বছৰে জলদিৱস’ হিচাপে পালন হৈ আহিছে। বিশ্বৰ পানীৰ এই অৱস্থাৰ পৰিপ্ৰেক্ষিতত পুঁজিপতিসকলৰ চকু পৰিছে পানীৰ মালিকানা লৈ পানীৰ ব্যৱসায়ৰ বাবে। পানী মানুহৰ জীৱন ধাৰণৰ অতি আৱশ্যকীয় সামগ্ৰী হোৱাৰ বাবে এই ব্যৱসায়ীসকলে ধাৰণা কৰি লৈছে যে পানী পেট্রলিয়াম সামগ্ৰীতকৈ মূল্যৱান হ’ব, কাৰণ মানৱ জাতিৰ সকলোকে প্রতি মুহুর্ততে পানীৰ প্রয়োজন। সেইবাবেই বিশ্বৰ বৃহৎ পুঁজিপতি সকলৰ স্বাৰ্থৰক্ষাকাৰী বিশ্ববেংকে World water forum-j উদ্যোগত, মেক্‌কিনছে কোম্পানীৰ লগত যৌথভাৱে ২০০৮ চনত পানীৰ বেচৰকাৰীকৰণ আৰু ব্যৱসায়ৰ বাবে “বিশ্ব জলসম্পদ গোষ্ঠী অথবা ৱাটাৰ ৰিছাৰ্চ গ্রুপ তৈয়াৰ কৰিছিল। এই জলসম্পদ গোষ্ঠীৰ উল্লেখযোগ্য অংশীদাৰৰ ভিতৰত ইতিমধ্যে পানীৰ ব্যৱসায় আৰম্ভ কৰা বহুজাতিক নিগম কাৰ্গিল, হেইনকেন ইন্টাৰনেচনেল, দাও কেমিকেল, কোকাকোলা, নেলচে আৰু ইউনিলিভাৰ আদিও আছে।

এসময়ৰ আমেৰিকাৰ ৰাষ্ট্রপতি কেনেডি চাহাবৰ নাতি ৰবার্ট এফ কেনেডি জুনিয়ৰে অতি সঠিক কথাটোকে কৈছিল— ‘আমি অভূতপূর্ব বিষয় এটা লক্ষ্য কৰিছে৷— পানীৰ প্রবাহ এতিয়া আৰু নিম্নমুখী নহয়। পানীৰ প্রবাহ এতিয়া ধনৰ অভিমুখে।” (We are witnessing something unprecedented: Water no longer flows downhill. It flows towards money.) বিশ্বত পানীৰ চৰম সংকটৰ পটভূমিত অসমত অপর্যাপ্ত পানী। বিশ্বৰ অধিকতম সংখ্যক নদী থকা ঠাই অসম বুলি ১৭৯৮ চনতে Dr. J. P. Wade  নামৰ এজন ইংৰাজ বিশেষজ্ঞই কৈছিল — “As far as my information, reading or recollection extends, this country (Assam) exceeds every other in the universe of similar extent in the number of rivers. আমাজান, কংগোৰ পিচতে ব্ৰহ্মপুত্র বিশ্বৰ তৃতীয় নদী। কিন্তু বিশ্বত অৱবাহিকাৰ প্রতি বৰ্গ কিলোমিটাৰৰ অধিকতম কঢ়িওৱা নদী হ’ল ব্ৰহ্মপুত্র। বছৰি ৬,২৭,০০০ নিযুত ঘনমিটাৰ পানী এই নদীৰে প্রবাহিত হয়। ব্ৰহ্মপুত্ৰৰ মুঠ দৈর্ঘ্য যদিও ২৮৮০ কিলোমিটাৰ অসমৰ মাজেৰে ৭২৫ কি.মি. অতিক্ৰম কৰি বাংলাদেশত প্ৰৱেশ কৰিছে। সমগ্র গতিপথত অসংখ্য সৰু-ডাঙৰ নদী-উপনদী সংযোজিত হৈছে। যিসময়ত বিশ্বত পানী দুর্লভ সামগ্ৰী, কিন্তু অসমৰ এই মূল্যৱান পানীৰ উপযুক্তভাৱে ব্যৱহাৰ কৰা ব্যৱস্থাৰ সৃষ্টি নকৰাৰ ফলত জনসাধাৰণৰ বাবে পানী অনেক প্ৰকাৰে অভিশাপত পৰিণত হৈছে। দীৰ্ঘম্যাদী পৰিকল্পনা তথা প্রকল্পৰ বাবে কোনো কর্মসূচী গ্রহণ নকৰি পাঁচদিনীয়া বিভিন্ন আৱেগপ্ৰৱণ কাৰ্যসূচীৰে ৰং-ধেমালি, গান-বাজনা, তামাচা, খানা-পিনাৰ চমকেৰে জনসাধাৰণক মোহিত কৰিলে জনসাধাৰণৰ বাবে ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা সমস্যাবোৰৰ অৱসান নঘটিব তথা ব্ৰহ্মপুত্র জনসাধাৰণৰ জীৱন-জীৱিকাৰ পথ সৃষ্টিৰ সহায়ক নহ’ব।

বিশেষজ্ঞসকলৰ হিচাপমতে ব্ৰহ্মপুত্র নদীৰ পানীয়ে বছৰি গড়ে ৪০২ নিযুত মেট্রিক টন গেদীয় পদার্থ কঢ়িয়াই আনে। এই গেদীয় পদার্থবোৰ নদীৰ তলিত জমা হোৱা বাবে নদীখনৰ তলিখন ওপৰলৈ উঠি আহিছে, ফলত গৰাখহনীয়াকে ধৰি নদীখনৰ বিভিন্ন ধ্বংসাত্মক ক্রিয়া বৃদ্ধি পাইছে। ১৯৬৫ চনৰ পাচৰে পৰা জলপৰিবহণৰ বাবে অনুপযোগী হৈ পৰিছে। মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কৈছে যে অতি সোনকালেই ব্ৰহ্মপুত্ৰৰ তলি খান্দি গেদবোৰ তুলি অনা হ’ব। কিন্তু প্রতি বছৰে ৪০.২ নিযুতকৈও অধিক গেদী জমা হয়, গতিকে এই বিৰাট পৰিমাণৰ গেদ ক’ত ৰাখিব। নদীৰ পাৰৰ খেতিপথাৰবােৰত জমা কৰিলে শদিয়াৰ পৰা মানকাচৰলৈ বৃহৎ এলেকাৰ খেতিপথাৰ নষ্ট হ’ব। তদুপৰি প্রতিবছৰে ৪০০ বা ৫০০ নিযুত গেদী জমা হৈ থাকিব, গতিকে প্রতিবছৰে এইদৰে গেদ তুলি আনি ক’ত ৰাখিব। অকল ব্ৰহ্মপত্ৰই নহয়, ব্ৰহ্মপুত্ৰত সংযোগ হোৱা নদীবোৰেও যথেষ্ট পৰিমাণৰ গেদ জমা দিয়ে ব্ৰহ্মপুত্রত। ব্ৰহ্মপুত্ৰৰ তলিৰ পৰা গেদ উঠাই অনাৰ লগতে গেদ সৃষ্টি হোৱা উৎসবোৰ বন্ধ কৰিব লাগিব। সমস্যা হৈছে ব্ৰহ্মপুত্ৰ আৰু উপনদীবোৰে ওলাই আহিছে ভূটান আৰু অৰুণাচল, সামগ্রিকভাৱে হিমালয়ৰ পৰা। অৰুণাচল, ভূটান তথা ওপৰৰ হিমালয় পর্বত গেদীয় পদার্থৰে গঠিত আৰু ঠুনুকা পাহাৰ। অৰুণাচল বা হিমালয় পৰ্বতৰ এই অঞ্চলত খোজ কাঢ়িলে এনেহেন লাগে যেনিবা পৰ্বতখন কিছুবছৰ আগতহে সাগৰৰ মাজৰ পৰা ওপৰলৈ উঠি আহিছে। ১৯৫০ চনৰ ভূমিকম্পয়ো এই পাহাৰবােৰৰ অনেক গেদীয় পদার্থ নদীবােৰলৈ নমাই অনাত সহায়ক হৈছিল। কিন্তু ১৯৫০ চনৰ পিচত জাতীয় চৰকাৰৰ সময়ছোৱাত হাবি-জংঘল অপৰিকল্পিতভাৱে কাটি তহিলং কৰি পেলালে তথা অসংখ্য ৰাস্তা-ঘাট নির্মাণৰ কাৰণে পাহাৰ কটা আদিৰ ফলত অৰুণাচলভূটানৰ পৰা অধিক পৰিমাণৰ গেদীয় পদার্থ কঢ়িয়াই আনে ব্ৰহ্মপুত্ৰ আৰু আন উপনৈবোৰে। এই পটভূমিত অকল ব্ৰহ্মপুত্ৰৰ তলি এবাৰ খান্দিলে বানগৰাখহনীয়াকে ধৰি ব্ৰহ্মপুত্ৰৰ তাণ্ডৱ বন্ধ কৰিব পৰা নাযাব। তদুপৰি বাংলাদেশ অঞ্চলত ব্ৰহ্মপুত্ৰৰ তলি বাম হৈ থাকিলেও সমস্যা আহিব।

নমামি ব্ৰহ্মপুত্ৰ’ পূজা-অৰ্চনাৰ মাজেৰে ব্ৰহ্মপুত্ৰক বিশ্ব দৰবাৰলৈ নিলেও কোনো লাভ নহ’ব অসমৰ জনগণৰ। ভূপেন হাজৰিকাই ইতিমধ্যে ব্ৰহ্মপুত্ৰক বিশ্ব দৰবাৰলৈ লৈ গৈছিল। বিশ্ব দৰবাৰলৈ নিয়াৰ আন এটা উদ্দেশ্যৰ বাবেও বুলি সন্দেহ কৰাৰ যথেষ্ট ভিত্তি আছে। হিন্দু হিন্দী-হিন্দুস্থানক বিদ্যুতৰ প্রয়োজন, পানীৰ প্রয়োজন। ৰাজস্থান, পঞ্জাব, হাৰিয়ানা, উত্তৰ প্রদেশ আদি ৰাজ্যত কৃষকে অত্যধিক পৰিমাণে ভূগৰ্ভৰ পানী তুলি খেতি কৰে আৰু ইতিমধ্যে বিশেষজ্ঞসকলে এই ৰাজ্যবােৰত ভূগৰ্ভৰ পানী তোলা বন্ধ কৰাৰ কথা কৈছে। এই পৰিস্থিতিত এই ৰাজ্যবোৰত আন ঠাইৰ পৰা পানী যোগান দিয়াৰ প্রয়োজন হৈ পৰিছে। অটল বিহাৰী বাজপেয়ী চৰকাৰৰ আমোলতে ২০০২ চনত জাতীয় জলনীতিত মৌলিক পৰিবর্তন। দেশৰ পানী সম্পাদক ব্যক্তিগত পুজিৰ বাবে মুকলি কৰি দিয়াৰ সিদ্ধান্তৰ ফলত দেশী-বিদেশী পুঁজিপতিবােৰ জপিয়াই পৰিছে পানীৰ ব্যৱসায়িত। প্রধানমন্ত্রী বাজপেয়ীৰ উদ্যোগতে “জাতীয় নদী সংযোগ কাৰ্যসূচী’ সূচনা কৰিছিল। কেন্দ্রীয় চৰকাৰে ধন খৰচ কৰি অসমৰ জনসাধাৰণৰ বাবে ব্ৰহ্মপুত্ৰক আশীর্বাদত পৰিণত কৰাৰ বিপৰীতে নমামি ব্ৰহ্মপুত্র’ উৎসৱৰ মাজেদি বিশ্বৰ বৃহৎ পুজিপতিসকলৰ দৰবাৰলৈ ব্ৰহ্মপুত্ৰক লৈ নগ’লেই ৰক্ষা। 

ইতিমধ্যে পুজিপতিসকলৰ চকু পৰিছে অৰুণাচল-অসমকে ধৰি প্রায় ৬০ হেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনৰ সম্ভাৱনাৰ প্রতি। অৰুণাচল প্রদেশত ১৫৬ টা বান্ধ প্রকল্পৰ প্ৰস্তাৱ ইতিমধ্যে কৰিছে। এই প্রস্তাৱিত প্রকল্পবোৰৰ লগত কেন্দ্রীয় চৰকাৰৰ বন্ধু পুঁজিপতিসকল ক্ৰমে জেপী, ৰিলায়েন্স, জিভিকে, জিন্দাল আদি জড়িত আছে। যিসকল মোড়ী চৰকাৰৰ তথা ৰাজনীতিক শ্ৰেণীটােৰ ভিতৰৰ মানুহ। নৰেন্দ্ৰ মোড়ী চৰকাৰে ২০১৪ চনৰ ২৪ জুলাইৰ দিনা কেবিনেট সভাত নদী সংযোগৰ বাবে এখন বিশেষ কমিটী গঠন কৰিছে। মন্ত্রী উমা ভাৰতী সক্রিয় নদী সংযোগ কাৰ্যসূচীত। উত্তৰ প্ৰদেশৰ বিধানসভাৰ নির্বাচনত বিজেপিয়ে জিকি চৰকাৰ গঠন কৰিছে। এই ৰাজ্যবোৰত পানীৰ সংকট। অসমত পানী পর্যাপ্ত। গতিকে পুঁজিপতিক অসমৰ পানীৰ মালিকানা দি বিক্ৰীৰ বাবে বোৱাই নিনিলে ৰক্ষা। ইতিমধ্যে আন ৰাজ্যলৈ বিদ্যুৎ লৈ যাবলৈ উত্তৰ-পূৰ্বাঞ্চলৰ অনেক নদীৰ পানীৰ মালিকানা দিয়া হৈছে পুঁজিপতিক। সম্প্রতি প্রকাশিত প্রতিবেদন এখনত উল্লেখ কৰি যে ২০৫০ ত ভাৰতে তেলৰ দৰে পানী আমদানি কৰিব লাগিব। গতিকে অসমৰ পানী তেলৰ দৰে মূল্যৱান হৈ পৰিব। বৃহৎ পুঁজিপতিসকলৰ শোনচকু আছে অসমৰ পানীৰ ওপৰত। এই পটভূমিত নমামি ব্ৰহ্মপুত্ৰৰ উদ্দেশ্য প্রধানমন্ত্রী মোডী বা চৰকাৰেহে ভালকৈ জানিব, অসমৰ জনগণে নহয়।
লেখকৰ ফোন-৯৪৩৫ ০৪:১২০৩, লেখাটি অসমীয়া প্ৰতিদিন কাকততো প্ৰকাশ পাইছে।

1 comment:

  1. Aamar axomot kiba eta notun koribo goley kunba nohoi kunbai gorihona diboi..kunu fale udgoti nai...dheyyy...

    ReplyDelete