Sunday, April 2, 2017

মনৰ কথা

বাৰে বাৰে অসম উত্তাল হৈ পৰে কিয়?
লীলাকান্ত পায়েং
অসম নামৰ এখন ৰাজ্যৰ মই সাধাৰণ জীৱন-যাপন কৰা এজন ভাৰতীয় স্বাধীন নাগৰিক। ভাৰতৰ সূর্য্য উঠা এখন ঠাইৰ নাম অসম। মই অসমৰ সন্তান বুলি গৌৰৱ কৰি স্বাধীন ভাবে চিঞঁৰিব পাৰো। আমাৰ দৰে সাধাৰণ নাগৰিকৰ বাবে ৰাজনৈতিক কথাবোৰ বৰ জটিল। জনা-বুজা হোৱাৰপৰাই দেখি আহিছো শান্ত অসম-অশান্ত অসম।  শান্ত অসমৰপৰা আজিৰ পৰিৱর্তিত উত্তাল অসমলৈ দায়ী কোন। ভাৰতীয় সংবিধানৰ অনুচ্ছেদ আনুয়ায়ী ভোট দিয়াৰ স্বধীনতা সকলো নাগৰিকৰে আছে।
দেশৰ হকে, ৰাজ্যৰ হকে, সমাজৰ হকে, ৰাইজৰ হকে সকলোৱে এজন ভাল প্রতিনিধী বিচাৰে। ভাৰত স্বাধীন হোৱাৰপৰা বর্তমানলৈকে তেনে এজন প্রতিনিধিৰ অভাৱ বাৰুকৈয়ে হয়। ব্রিটিছৰ শাসনৰ পৰা মুক্ত পালে অসমৰ সকলো সমস্যাৰ সমাধান হব বুলিহে ভাবিছিল। কিন্তু স্বাধীনতা লভাৰ পাছত অসমত সমস্যাৰ যেন বেছিকৈহে সৃষ্টি হ'ল। বর্তমান অসমৰ জনসংখ্যা তিনি কোটিৰো অধিক। তিনি কোটি জনসংখ্যা সমস্যাৰ সমাধান কৰাটো ইমান সহজ কথা নহয়। অসমৰ এই সমস্যাবোৰৰ লাভাম্বিত হৈ আছে বিভিন্ন ৰাজনৈতিক দল আৰু দলৰ নেতাবোৰ। কাৰণ অসমৰ সমস্যা নাথাকিলেহেঁতেন সম্ভৱ লেতেৰা ৰাজনৈতিক দলৰ সৃষ্টি নহলেহেঁতেন। অসমত ইমানবোৰ ৰাজনৈতিক দল নথাকাহেঁতেন অসমৰ ইমানবোৰ সমস্যাৰ কেতিয়াবাই সমাধান হ’লেহেঁতেন। কিন্তু অতি কম সময়ত ইমানবোৰ সমস্যা এতিয়াই সমাধান কৰে তেন্তে ৰাজনৈতিক দলবোৰ কোনবোৰ সমস্যাক লৈ ৰাজনীতিৰ খেলা খেলিব। গতিকে অসমত সমস্যা থাকিবই লাগিব। 

অসম বিভিন্ন জাতি-জনগোস্তীৰ ভৰপূৰ এখন ৰাজ্য। প্রতিটো জাতি-জনগোস্তীৰ বিভিন্ন সমস্যাৰে ভাৰক্রান্ত।  এই সমস্যাবোৰ সমাধানৰ বাবে বিভিন্ন ৰাজনৈতিক দলবোৰ উপৰিও বিভিন্ন দল-সংগঠনৰে ভৰি আছে।  কবলৈ গলে প্রতিটো সমস্যাৰ  সমাধানৰ বাবে নিতৌ নতুন নতুন দল-সংগঠন আৰু ৰাজনৈতিক দল খুলিহে আছে। কিন্তু কোনোটো দল-সংগঠন বা  ৰাজনৈতিক দলৰ মূল উদ্দেশ্য অসমৰ জনসাধাৰণৰ উন্নয়নৰ বাবে নহয়, অকল নিজৰ নিজৰ স্বার্থ পূৰণ। অসমত প্রতিটো দিনেই ধৰ্ণা, প্রতিবাদ, অসম বন্ধৰ কার্য্যসূচী পালন কৰে। এইবোৰৰ একমাত্র উদ্দেশ্য হ'ল ৰাইজৰ সমস্যা সমাধান। কিন্তু সঁচাকৈয়ে এইবোৰ কৰি আমাৰ জনসাধাৰণৰ সমস্যা সমাধান হৈছেনে? বর্তমান অসমৰ অৱস্থা চালে সঠিক ভাবে ইয়াৰ উত্তৰত কব পাৰি যে ফলাফল শূণ্যহে!

এইবোৰ কার্য্যসূচী পালন কৰি একমাত্র লাভ হৈছে আমাৰ ৰাজনৈতিক দল আৰু বিভিন্ন দল-সংগঠনৰ নেতাসকলৰহে। এইবোৰৰ অন্তৰালত হিচাব থাকে একো একোটা ৰাজনৈতিক মুনাফাৰ।  কিন্তু আমাৰ জনসাধাৰণে বুজি নাপায় আৰু কাহানিও বুজি নাপাব চাগে।  অসমত থাকিহে বিভিন্ন ৰাজনৈতিক দল, দল-সংগঠনে নিজৰ মাজতে বিভাজন আনিছে। সকলোকে স্বাধীন আৰু সুকীয়া ৰাজ্য লাগে। চাবলৈ গলে অসমৰ মাটিকালিনো কিমান। মাত্র ৭৮,০০০ বর্গ কিলোমিটাৰ।  তাতেই অন্য ওচৰ-চুবুৰীয়া ৰাজ্যৰ লগত সীমা বিবাদ আছেই।  বড়ো, কোঁচ-ৰাজবংশী, আহোম, কলিতা, বামুন মিচিং, তিৱা, দেউৰী, চুতীয়া, মটক, কছাৰী সকলোকে সুকীয়া লেণ্ড লাগে। আনফালে বড়োৱেও অসমৰপৰা পৃথক ৰাজ্য গঠন কৰিবলৈ মন।  সকলোকে সংৰক্ষণ লাগে। কিন্তু বুৰঞ্জীৰ পাত মেলিলে আন এক প্রতিচ্ছবিহে দেখিবলৈ পোৱা যায়।

ভাৰতৰ পৃথক হৈ পাকিস্তান, বাংলাদেশ, অসমৰপৰা পৃথক হৈ নাগালেণ্ড, মেঘালয় আদি ৰাজ্যৰ সৃষ্টি হল। কিন্তু আজিকোপতি এইবোৰ উল্লেখিত দেশ বা ৰাজ্যবোৰৰ সমস্যা সমাধান হৈছে নে? বেলেগ হৈ গলে সকলো সমস্যা সমাধান হৈছে নে নাইবা উন্নয়নৰ জখলা গঢ়িব পাৰিছে নে? শূণ্য মাথো শূণ্য। সকলোৱে ভবাৰ দৰে পৃথক হলে সকলো সমস্যা সমাধান হব বুলি ভবাটো সমূলি অযুক্তিকৰ কথা। বিভিন্ন দল-সংগঠন, ৰাজনৈতিক দলবোৰ মুনাফাৰ বাহিৰে আন একো হোৱা নাই।  স্বাধীন অসমৰ সপোন দেখি আলফাৰ সৃষ্টি হল। কিন্তু কি হল। নিজৰ আপোন মানুহকে তেজেৰে লুটুৰি-পুটুৰি কৰিলে। অসমৰ সমস্যাবোৰ সমাধান কৰিব বুলি প্রথমে অসমৰ মুখ্যমন্ত্রী  হিচাপে শপত লোৱা নেতাবোৰৰ বাবেও এইবোৰ সমস্যা নগন্য হৈ পৰি ৰল। আজি চিলাপথাৰত  এনে অসামাজিক কাণ্ড সংঘটিত হল। নিজৰ মাটিতে অসমীয়াৰ জাত্যাভিমানক থিতাপি নলগা শৰণাৰ্থী বিদেশীয়ে ভৰিৰে মোহাৰি গুচি গ'ল। এনে কাণ্ড কিয় সংঘটিত হয়। আপোনালোক কেতিয়াবা ভাবি চাইছেনে। এইবোৰো একো একোটা গেলা ৰাজনৈতিক দলৰ কূটনীতিহে।  বিভিন্ন ৰাজনৈতক দলৰ নেতাবোৰ  ভাল দৰে জানে যে আমাৰ জনসাধাৰণ মূর্খ। এই সুযোগ গ্রহণ কৰি নেতাবোৰ বিভিন্ন সময়ত বিভিন্ন নাটক ৰচে।

আমাৰ জনসাধাৰণো পিছে কম নহয়। কালিলৈকে গালি পাৰি থকা মন্ত্রী-বিধায়কৰ টকাৰ লোভ সামৰিব নোৱাৰি আজি ভাল গুণ বখানি ফুৰে। কত যে কিমান নির্বাচন। বিধান সভা, ৰাজ্যসভা, পঞ্চায়ত নির্বাচন। নির্বাচনৰ সময়ত এই নেতাবোৰ কিমান যে প্রতিশ্রতি দিয়ে তাৰ হিচাপ নাই। নির্বাচনৰ সময়ত তেঁওলোক একো একোজন সমাজকর্মী হৈ পৰে। দেশৰ হকে এইটো কৰিম, ৰাইজৰ বাবে এইটো কৰিম। কিন্তু বিজয়ী সাব্যস্তু হোৱাৰ পাছত তেঁওলোকৰ আচল স্বৰপ ওলাই পৰে। নির্বাচনৰ সময়ত তেঁওলোক একো একোজন সমাজকর্মী।  নির্বাচনত পৰাস্তু হোৱা সমাজকর্মী, ৰাজনৈতিক নেতাবোৰৰ সমাজসেৱা পিছে পাছলৈ দেখিবলৈ পোৱা নাযায়।  কিন্তু নির্বাচনৰ সময় অহাৰ লগে লগে তেঁওলোক পুনৰ সমাজকর্মী হৈ পৰে।

আকৌ দিল্লীবাসীয়েটো আমাক অকল নির্বাচনৰ সময়তে মনত পেলায়। এই নির্বাচন গ'ল, অসম নামৰ ৰাজ্যৰ নাম নিচান নাইকিয়া হৈ যায়। আমাৰ মন্ত্রী-বিধায়কসকল দিল্লীৰ গাদীৰ বাবে দৌৰা-ফুৰা কৰি থাকোতে সময় যায়।  আমাৰ সমস্যাবোৰ তেওঁলোকৰ চকুত দেখা নপৰা হৈ যায়। যি সময়ত বানপানী আৰু বান গৰাখহনীয়াৰ ফলত খেতি-বাতি নষ্ট হৈ কৃষকে আত্মহত্যা কৰিব লগিয়া হয় এনে সময়ত মন্ত্রী-বিধায়কসকল ক'লৈ যায়।  যিখন ৰাজ্যত শিক্ষকে নিযুক্তি নাপাই আত্মহত্যা কৰিব লগিয়া হয় তেওঁলোকৰ সমাজ সেৱা 
ক'লৈ যায়?  খাদ্যৰ সমস্যা, খোৱা পানীৰ অভাৱ, বিজুলী-বাতিৰ সমস্যা,  চিকিৎসাৰ সমস্যা...কিমান উল্লেখ কৰিম। তেওঁলোকে দেখা নাপাইনে এইবোৰ সমস্যা। কিমান লিখিম। বহুজনে বিভিন্ন কথা লিখিছে। লিখি লিখি ভাগৰি গৈছো।  আমাৰ জনসাধাৰণৰ কথা কাক কম, কোনে শুনিব। সকলো একে বিলৰ মাছ। তথাপিও আমি আশা কৰোঁ, কিবা মৌলিক পৰিৱর্তন হব বুলি ভাবি।

তেতিয়াৰপৰা আজিলৈকেতো এই আশাতেই আপোনালোকক প্রতিনিধি পাতিয়েই আছো। স্বাধীনতাৰ আগৰ দিনবোৰেই ভাল আছিল নেকি। আমি সকলো অসমীয়া আছিলো। আমাৰ মাজত কোনো বিভাজন নাছিল। আজি অসমীয়া জাতি থৰক-বৰক। সকলোকে স্বাধীনতা লাগে। আগৰ অসমীয়া জাতিৰ একগোট নাই। আজি অসমত বিচাৰিব লগিয়া হৈছে আচলতে অসমত অসমীয়া কোন। কিছু বছৰৰ পাছত ইয়াৰ সঠিক উত্তৰ ওলাব চাগে। বর্তমান অৱস্থালৈ চালে পাছৰ প্রজন্মই অসমত অসমীয়া জাতি বিচাৰি ফুৰিব লাগিব। কাৰণ ৰাজনীতিৰ চক্রান্তলৈ চাই ভৱিষ্যতে আমি চিক্রৰিব লাগিব অসমত বাংলাদেশী অসমীয়া জাতি।  বাংলাদেশীৰ বিপেক্ষে যুঁজিব কোনে। ৰাজনৈতিক দলৰ কথা বাদেই দিওক। বাংলাদেশীৰ বিপেক্ষে যঁজিবলৈ  আমাৰ নিজৰ মাজতে এক গোট নাই।  প্রতিজন অসমীয়াই নিজক লৈ ব্যস্ত। এই মোৰ ল’ৰা-ছোৱালীয়ে আছে, পৰিয়াল আছে। মোক কিয় এইবোৰৰ মাজলৈ কিয় টানিছা।  কিন্তু আজি যদি আমি এক গোট হৈ থিয় নহও তেন্তে তাৰ বাবে দায়ী হব লাগিব অসমত বসবাস কৰা প্রতিজন অসমীয়া। ইমান কথা আজিহে লিখি পেলালে কি হব, থাকক দিওক। আজিলৈ সামৰিছো। আজিহে যদি লেখি শেষ কৰি দিও তেন্তে পাছলৈ কিনো বাচি থাকিব।  হয় আজিহে যদি সকলোবোৰ সমস্যা সমাধান হৈ যায় তেন্তে কাকনো লৈ খেলিব ৰাজনীতিৰ বোকা পানী। 
ফোনঃ৮০১১৭৭৮০৩৮          

No comments:

Post a Comment