চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জন্ম-নিয়ন্ত্ৰণৰ নীতি, চাকৰি, বিয়া ইত্যাদি
অজয় লাল দত্ত
অসম চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে নীতি তৈয়াৰ কৰিব বুলি প্ৰকাশ পাইছে। বৰ ভাল কথা, নীতি তৈয়াৰ হব লাগে, প্ৰয়োগ হব লাগে, বৰ্ধিত জনসংখ্যা নিয়ন্ত্ৰণৰ বাবে আধুনিক জন্মনিয়ন্ত্ৰণৰ সকলো ব্যৱস্থা সুলভ হব লাগে, জনজাগৰণ হব লাগে। এই কথাত কোনো দ্বি-মত থকাৰ প্ৰশ্ন উঠিবই নোৱাৰে।

ৰাজহুৱা বিষয় একোটাত নীতি নিৰ্ধাৰণৰ কথা আহিলে বিষয়টোৰ সৈতে জড়িত থকা বেলেগ বেলেগ দিশ সমূহৰ কথাও ৰাজহুৱা মঞ্চত আলোচনা হোৱাৰ প্ৰয়োজন। এনে সামগ্ৰিক আলোচনাৰ লক্ষ্য হোৱা উচিত, এক উপযুক্ত আৰু সঠিক নীতি তৈয়াৰ কৰাৰ বাবে পৰিপুষ্টি যোগোৱা। প্ৰস্তাৱিত নীতিৰ সৱলতা-দুৰ্বলতা আদিৰ বিচাৰ বিশ্লেষণ কৰা আৰু সেইবোৰত সা-সলনি কৰিব লগীয়া দিশৰ কথা অনুভৱ কৰিলে, সেই বিষয়ে নীতি নিৰ্ধাৰকৰ দৃষ্টি আকৰ্ষণ কৰা। যদি দৃষ্টি আকৰ্ষণ কৰিলেও তেনে সমাজৰ কাংক্ষিত সংশোধনী কৰা নহয়, তেন্তে গণতান্ত্ৰিক ভাৱে প্ৰতিবাদ কৰা তথা জনমতৰ হেঁচা প্ৰয়োগ কৰা। এয়া হৈছে আমাৰ সংবিধান স্বীকৃত অধিকাৰৰ আওতাৰ কথা আৰু অংশগ্ৰহণকাৰী গণতন্ত্ৰৰ বাবে দৰকাৰী কথা।

এতিয়া অসমৰ বাবে জনসংখ্যা নিয়ন্ত্ৰণৰ নীতিৰ কথাটো অৰাজনৈতিক নে ৰাজনৈতিক সেই কথাৰ বিচাৰ কৰি চোৱা যাওক। যিহেতু ৰাজনৈতিক নেতৃত্বই নীতি নিৰ্ধাৰকৰো কাম কৰে, সেয়ে তেওঁলোকে প্ৰস্তাৱ কৰা নীতিত ৰাজনৈতিক মা-মচলা তথা লাভালাভৰ হিচাব নিকাচ থকাটো এক স্বত্ঃসিদ্ধ কথা, যাক ৰাইজেও অস্বীকাৰ নকৰে। কিন্তু এই ৰাজনীতি হব লাগিব, সামাজিক সংহতি ৰক্ষাৰ হকে, সকলো স্তৰৰ, সকলো ধৰণৰ-জাতৰ-ধৰ্মৰ মানুহৰ কল্যাণৰ হকে। সাম্প্ৰতিক সময়ত পিছে এনে নীতি নিৰ্ধাৰণৰ আলোচনাবোৰে এই বিশালতাক পাহৰি ক্ষুদ্ৰ গণ্ডীৰ বিবেচনালৈহে গতি কৰি থকা দেখা যায়। ৰাজনৈতিক দল সমূহেও নিজা সাময়িক স্বাৰ্থৰ বাবে প্ৰপাগাণ্ডাত ভাগ লয়, আৰু প্ৰচাৰ-প্ৰপাগাণ্ডাৰ যি আগ্ৰাসী ৰূপ, তাত অৱশেষত নীতিৰ জৰিয়তে কৰিব লগা ৰাজনীতিৰ ধাৰাল ৰূপটোহে সমুখলৈ ওলাই আহে আৰু আচল সামূহিক কল্যাণৰ প্ৰশ্ন আৰু দিশবোৰ কৰবাত সুপ্ত হৈ পৰিবলৈ বাধ্য হয়।

অসমৰ জনসংখ্যা নীতিৰ কথাটোত হোৱা প্ৰচাৰো এই বেমাৰতে আক্ৰান্ত হোৱা যেন অনুভৱ হয়। বিশেষকৈ জনসংখ্যা বৃদ্ধি কৰিছে কোনে, তাৰ পাছতেই জনগাঁঠনি সলনি কৰিছে কোনে, অহা কেইবছৰমান পাছতেই কোন জাতি-ধৰ্ম-সম্প্ৰদায়ৰ মানুহে গোটেইখন ছানি ধৰিব, বাকী সকলৰ অস্তিত্ব বিপন্ন হব, সেইবাবেহে জনসংখ্যা নীতিৰ অতীৱ প্ৰয়োজন অসমত হৈছে বুলি প্ৰচাৰ কৰিব খোজা কথাৰ পৰাই এই সুপ্ত ৰাজনৈতিক এজেণ্ডাবোৰ পোহৰলৈ ওলাই আহে। 

সন্তান জন্ম দিয়া আৰু প্ৰতিপালন কৰাটো মানুহৰ ব্যক্তিগত সিদ্ধান্ত। বহু দেশত এক সন্তানৰ নীতিও আছে, আৰু ভাৰতেও বহুদিন পূৰ্বেই পৰিয়াল পৰিকল্পনাক জনসচেতনতাৰ জৰিয়তে সফল কৰিবলৈ চেষ্টা কৰি আহিছে। আমি দুটি, আমাৰ দুটি শ্লোগানৰ প্ৰচাৰ কৰিয়েই আছে। ৰাষ্ট্ৰীয় স্তৰত এতিয়াও  চৰকাৰী তথা চৰকাৰৰ নিয়ন্ত্ৰিত কোম্পানী তথা সংস্থাত দুটাতকৈ অধিক সন্তান থাকিলে, তৃতীয় সন্তানৰ বাবে পঢ়াৰ খৰছ, মেডিকেলৰ সুবিধা, শিশু যতনৰ বাবে এতিয়া থকা দুবছৰ পৰ্যন্ত দৰমহা সহিত বা দৰমহাবিহীন ভাৱে ছুটি লব পৰা ব্যৱস্থাকে ধৰি বিভিন্ন সন্তান লালন-পালনৰ বাবে থকা সুবিধাবোৰত দুটি সন্তানতে সীমাৰেখা বান্ধি থোৱা আছে। তৃতীয়বাৰলৈ সন্তান সম্ভৱা হলেও সেইবাৰত মেডিকেলৰ খৰছ, প্ৰসৱকালীন ছুটি আদি নিদিয়াৰ ব্যৱস্থা আছেই। কিন্তু এই সকলো ১৯৮৯চনৰ পিছত জন্ম হোৱা সন্তানৰ ক্ষেত্ৰতহে প্ৰযোজ্য। গতিকে এই কথা স্পষ্ট যে, চৰকাৰী বা চৰকাৰ নিয়ন্ত্ৰিত সংস্থাৰ সৈতে জড়িত লোক সকল এই ক্ষেত্ৰত পূৰ্বৰ পৰাই সচেতন। বিশেষকৈ চৰকাৰী চাকৰি পাব পৰাকৈ শিক্ষা তথা অৰ্হতা লোৱা ব্যক্তি সকলৰ সচেতনতাৰ পৰিমানো সেইমতে আছেই। সেয়ে তেওঁলোকৰ পৰা জনসংখ্যাৰ বিস্ফোৰণ হোৱাৰ যুক্তিক তথ্যৰে কাটিব পৰাকৈ ডাটাও পোৱা যাব।

প্ৰকৃততে জনসংখ্যাৰ বিস্ফোৰণলৈ বেছি অৰিহণা যোগোৱা পৰিয়াল সমূহৰ অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক দিশবোৰৰ কথা বিবেচনা কৰিলে, ৰাষ্ট্ৰ ব্যৱস্থাৰ কল্যাণকামী আঁচনিয়েও চুব নোৱোৰা, আজিও জীৱনধাৰা উন্নীত কৰিব নোৱাৰা সকলোদিশৰ পৰা অনুন্নত পৰিয়ালতে সন্তানৰ সংখ্যা বেছি। বিশেষকৈ মাতৃ গৰাকী শিক্ষিত, সচেতন আৰু প্ৰতিবাদ কৰিব পৰাকৈ সৱল নহ'লে জন্মৰ হাৰ বৃদ্ধি পায়। জনজাতীয়, অজনজাতীয় সমাজতো যিদৰে সচেতনতাৰ প্ৰৱল জনজাগৰণৰ অভাৱৰ ফলতে শিশুৰ জন্মৰ হাৰ বেছি, একেদৰেই ইছলামধৰ্মী পৰিয়ালবোৰৰ ভিতৰতো শিক্ষা-দীক্ষা নোহোৱা পৰিয়ালতহে এই হাৰ বেছি। ইছলামধৰ্মী শিক্ষিত আগৰণুৱা সকলৰ দুটি সন্তানৰ উদাহৰণেই বেছি। আৰু ইৰাণ, ইণ্ডোনেচিয়াকে ধৰি বিভিন্ন ইছলামিক দেশতো জন্ম-নিয়ন্ত্ৰণৰ নীতি, দিহা আৰু পৰিয়াল পৰিকল্পনাৰ ব্যৱহাৰ অতি সুলভ। কিছুমান মৌলবী মাতব্বৰে যদিও ধৰ্মই জন্ম-নিয়ন্ত্ৰণৰ ব্যৱস্থাক সমৰ্থন নকৰে বুলি অপযুক্তি দিয়ে, তথাপি ডাঃ ইলিয়াছ আলীৰ নেতৃত্বত চলা সচেতনতাৰ অভিযানে অসমৰ ইছলামধৰ্মী সংখ্যাগৰিষ্ঠ থকা বহু অঞ্চলতে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। আধুনিক শিক্ষাৰ সচেতনতাৰ সৈতে নতুন যুৱ চামেও কথাবোৰ বুজিবলৈ ধৰিছে। এনে মিটিঙত ধৰ্মীয় শিক্ষাদান কৰা মৌলবী আদিয়েও ভাগ লোৱাৰ কথাও বাতৰিত পঢ়িবলৈ পোৱাটো আশা ব্যঞ্জক বতৰা বুলিয়েই ভাৱো।

প্ৰতিখন কলেজতে বা হাইস্কুলত কিশোৰী সকলক জনসংখ্যা বৃদ্ধিয়ে পৰিয়াল আৰু দেশৰ ওপৰত কি ধৰণে প্ৰভাৱ বিস্তাৰ কৰে তাৰ শিক্ষা দিয়াৰ আৱশ্যক। বিজ্ঞানে আজি কি কি সুবিধা আনি দিছে তাৰো ব্যাপক জনসচেতনতা বৃদ্ধিৰ প্ৰয়োজন। নাৰী শিক্ষাই এই নীতিৰ তথা পৰিয়াল পৰিকল্পনাৰ অভিযানক সৱল ৰূপত সফল কৰিব পাৰিব। এই অভিযানৰ বাবে সঁচাকৈ মনসা শুদ্ধ থাকিলে সকলো ধৰ্মৰে যাজক-মৌলবী-সত্ৰাধিকাৰ-ধৰ্মগুৰু সকলক লৈ সৰ্বধৰ্ম পৰিয়াল পৰিকল্পনা প্ৰচাৰ অভিযানৰ ৰাজ্যজোৰা অভিযান আৰম্ভ কৰাৰ ইতিবাচক পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব লাগিব। লগতে প্ৰতি গৰাকী শিশুকে স্কুললৈ অনা আৰু উচ্চতৰ মাধ্যমিক পৰ্যন্ত বাধ্যতামূলক শিক্ষাৰ ব্যৱস্থা নিশ্চিত কৰিব পাৰিলে এই পৰিকল্পনা অধিক কাৰ্যক্ষম হব। নাৰী শিক্ষাৰ বিষয়টোত এতিয়াও এডাল্ট এডুকেচনৰ দৰে বগাহাতীবোৰক কৰ্মক্ষম কৰি বিবাহিত মহিলা সকলক এই বিষয়ে সচেতন কৰিব পাৰি। আশা কৰ্মী সকলৰ সংখ্যা বৃদ্ধি কৰিলেও এইক্ষেত্ৰত সুফল পোৱা যাব। তাৰ বাবে এক সামগ্ৰিক পৰিকল্পনাৰে লক্ষ্যপ্ৰাপ্তিৰ দিশে আগুৱাব লাগিব।

বৰ্তমানে প্ৰস্তাৱিত অসমৰ জনসংখ্যা নীতিত থকামতে বোলে-দুটাতকৈ অধিক সন্তান থকা সকলে চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত হব। কিন্তু প্ৰকৃত কথাটো হৈছে এয়ে যে স্বাধীনতাৰ ইমান কেইটা দশকৰ পাছতো চৰকাৰী কল্যাণকাৰী আঁচনিয়ে বা সা-সুবিধাই তেওঁলোকৰ জীৱনধাৰাক চুবই পৰা নাই তথা মান সামাজিক-শৈক্ষিক-অৰ্থনৈতিক আৰু মানসিক ভাৱে উন্নীত কৰিব নোৱাৰাৰ বাবেহে পৰিয়ালবোৰ দুটাতকৈ অধিক সন্তানৰ অধিকাৰী হৈছে! ইয়াৰ বাবে জগৰীয়া কোন, ঘূঁণে ধৰা ৰাষ্ট্ৰ ব্যৱস্থাহে নেকি সেই কথাও ৰাইজে বিচাৰ কৰক। আচলতে তেওঁলোক চৰকাৰী সা-সুবিধাৰ পৰা ইমানদিনে বঞ্চিত স্তৰহে, তেওঁলোকক পুনৰ বঞ্চিত কৰণৰ জাল তৰিলে কিন্তু হিতে বিপৰীতহে হব, সেয়া খাটাং।

একেদৰেই বিয়া পাতিবৰ বাবে যোগ্য বিবেচিত হোৱাৰ বাবে আজিও আমাৰ সমাজৰ আটাইতকৈ দৰকাৰী উপাদান হৈছে চৰকাৰী চাকৰি। নীতিত হেনো কোৱা গৈছে যে দুটাতকৈ অধিক সন্তান থকা লোকে চৰকাৰী চাকৰি নাপাব! অসমত থকা লাখ লাখ নিবনুৱা বেছিভাগেই অবিবাহিতহে আৰু দুটাকৈ সন্তান ইতিমধ্যেই জন্ম দি অযোগ্য ঘোষিত হব লগা মানুহো হব কৰবাত এপাচি শাকত এটা জালুকৰ দৰেহে। আৰু নীতি কাৰ্যকৰী হোৱাৰো একোটা তাৰিখ থাকিব, যেনে অহা ১ এপ্ৰিলৰ পাছত দুটাতকৈ অধিক সন্তান জন্ম দিলে চৰকাৰী চাকৰি নাপাব ধৰণৰ! যিটো পূৰ্বৰে পৰা সন্তান থকা সকলৰ বাবে প্ৰযোজ্য কৰাটো সম্ভৱপৰ কথা নহয়েই।  একেদৰেই দুটাতকৈ অধিক সন্তান থকা সকলে পঞ্চায়ত তথা পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব নোৱাৰিব বুলিও প্ৰকাশ পাইছে। সেয়া কিয় ইয়াতে সীমাবদ্ধ, ইয়াক সাৰ্বজনীন কৰক, জিলা পৰিষদ, এমএলএ, এমপি আদিৰ ক্ষেত্ৰতো ইয়াক প্ৰযোজ্য কৰক! পিছে তাতো এটা কাৰ্যকৰী তাৰিখ থাকিব! হঠাত আপুনি বা মই ইচ্ছা কৰিলেই তিনিটা সন্তান জন্ম হৈছিল বাবেই একোজন মানুহৰ নাগৰিক হিচাবে নিৰ্বাচনত অংশগ্ৰহণৰ অধিকাৰ হনন কৰিব পাৰিব বুলি ভবাটো ইমান সহজ আৰু সৰল নহয়। ই ৰাষ্ট্ৰীয় স্তৰত নিৰ্বাচনী আয়োগৰ মত, উচ্চতম ন্যায়ালয়ৰ ৰায়দানে নিকপকপীয়া কৰিলেহে বাস্তৱিক ৰূপ দিয়াৰ কথা ভবাটো সম্ভৱপৰ হব। 

আৰু এটা প্ৰশ্ন হয়, যোৱা কেইবা বছৰে শিক্ষা আৰু স্বাস্থ্য মন্ত্ৰীৰ দায়িত্বত থকা মন্ত্ৰী এগৰাকীয়ে যদি আজি কয় যে পৰিয়াল পৰিকল্পনাৰ কাৰ্যসূচীবোৰ অসমত সফল হোৱা নাই, মানে শিক্ষা আৰু স্বাস্থ্য সচেতনতাৰ অভাৱৰ বাবেই যিটো সম্ভৱ হোৱা নাই, তাৰ অৰ্থ কি হব বাৰু? ইমান দিনে বিভাগ দুটাই কৰিব লগা কামখিনিৰ বিফলতাক ঢাকিবলৈকে আৰু নতুন ৰাজনৈতিক আহিলা ৰূপেই এই নীতিৰ প্ৰস্তাৱনা কৰা হৈছে নেকি? বেলেগ ৰাজ্যত যদি একেই নীতি প্ৰযোজ্য নহয়, তেন্তে আইএমডিটিৰ দৰেই এই নীতিও এটা সময়ত ভালুকৰ সাঙীহে হবগৈ নেকি? এই প্ৰশ্নবোৰেও কিন্তু দোলা দিবলৈ ধৰিছে।


তেতিয়ালৈ "আগতে মূৰ্গী নে আগতে কনী"ৰ দৰেই চাতুৰিৰ প্ৰচাৰে ৰাজনৈতিক ক্ষেত্ৰখনক খোৰাক যোগাব! প্ৰথমে চাকৰি  নে বিয়া, প্ৰথমে সন্তান নে বিয়া, এনে কনফিউজনত মানুহে বাস্তৱিক প্ৰশ্নবোৰ উলাই কৰিব। চলি থকা প্ৰপাগাণ্ডাই যে কোনো সম্প্ৰদায় বিশেষক হেয় কৰি এচামক সাময়িক মানসিক তুষ্টি যোগাব বিচাৰিছে সেই কথা স্পষ্ট। আৰু সেয়া ঘৃণাৰ সিঁচি ৰাজনীতি কৰা সকলৰ বাবে এটা আহিলা হৈ উঠিছে, সেই কথাহে কিন্তু নিশ্চিত।

No comments:

Post a Comment