চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বাটে-ঘাটে যৌন হাৰাশাস্তিৰ পৰা মহিলা সুৰক্ষিত হ’বনে?
দীপাংকৰ মল্ল বৰুৱা

“ৰম্ভা, মেনকা কিম্বা যুথিকা. নামবোৰ নাজানো ভাই
হংস গামিনী ইমান ৰমণী. কলিজা ধপে ধপায় ।
তঁহতৰ লাজ কাজ নাই যা, গাভৰুক জোকাব নাপায়"। 

জয়ন্ত হাজৰিকাৰ এই গীতটোত ডেকাল’ৰাই আলিবাটত গাভৰু ছোৱালীক জোকাইছে। বাটে ঘাটে চেঙেলিয়া ডেকাই ছোৱালী জোকোৱাটো বা ছোৱালীয়ে উভতি ধৰাটো যৌৱনৰ নিৰ্দোষ ধেমালি। যৌৱনৰ এই সৰল ধেমালিক লৈয়েই যুগে যুগে গীতিকাৰে লিখিছে গান, কবিয়ে ৰচিছে কবিতা, লিখা হৈছে অনেক গল্প উপন্যাস। কিন্তু যৌৱনৰ এই ধেমালিয়ে যেতিয়া হাৰাশাস্তিৰ ৰূপ লয়, কামুক পুৰুষৰ আক্ৰমণত বাটে ঘাটে নাৰী আক্ৰান্ত হয়, তেতিয়া সেয়া হৈ পৰে কুত্সিত, ভয়ংকৰ। ৰাজহুৱা স্থানত যেতিয়া এগৰাকী নাৰী অতৰ্কিতে জঘন্য মানসিকতাৰ কিছুমান পুৰুষৰ বিকৃত যৌনবাসনাৰ বলি হয়, তেতিয়া প্ৰশ্ন উত্থাপিত হয়, সঁচাকৈয়ে আমি এখন সভ্য সমাজত বাস কৰিছোঁনে?  


ৰাজহুৱা স্থানত মহিলাৰ ওপৰত যৌন হাৰাশাস্তিৰ ঘটনা কোনো নতুন সমস্যা নহয়। বাটে পথে সুন্দৰী নাৰীক লোলুপ দৃষ্টিৰে অনুসৰণ কৰি থকা ৰোমিঅ’ৰ অভাৱ নাই। সমগ্ৰ বিশ্বৰ প্ৰায় প্ৰতিখন দেশতে নাৰী পুৰুষৰ এনে যৌন আতিশয্যৰ বলি হৈ আহিছে। নাৰীৰ প্ৰতি পুৰুষৰ আকৰ্ষণ স্বাভাৱিক আৰু চিৰাচৰিত। কিন্তু এই আকৰ্ষণ যেতিয়া শালীনতাৰ সীমা চেৰাই গৈ অশ্লীল যৌনগন্ধী হৈ পৰে, সাধাৰণ ছোৱালী জোকোৱাৰ পৰা গৈ অবাইচ চিত্কাৰত পৰিণত হয়, সাধাৰণ স্পৰ্শৰ পৰা গৈ শৰীৰৰ গোপন স্থানত আক্ৰমণলৈ পৰিৱৰ্তিত হয়, তেতিয়াই ই যৌন হাৰাশাস্তিৰ ৰূপ লয়। অতীজৰে পৰা নাৰী সকল পুৰুষৰ এই বিকৃত ৰুচিবোধৰ চিকাৰ হৈ আহিছে। সেয়ে পৃথিৱীৰ বহুতো দেশত এতিয়াও নাৰী সকলৰ সামাজিক ভাৱে প্ৰতিবন্ধকতাৰ মাজত ৰখা হয়। ইছলামীয় দেশ সমুহত এতিয়াও পৰ্দা বা হিজাবৰ প্ৰথা চলি আছে। ভাৰতীয় সমাজতো নাৰী সকলক সাজ পোচাক, আচৰণ, চলন ফুৰণ আদিত শালীনতা বজাই ৰাখিবলৈ সৰুৰে পৰা শিকনি দিয়া হয়।

আজিৰ সময়ত পুৰুষ আৰু মহিলা সকলো ক্ষেত্ৰতে সমানে আগবাঢ়ি গৈছে। পশ্চিমীয়া দেশ সমুহৰ নেতৃত্বত বিশ্ব জুৰি নাৰীৰ সম অধিকাৰৰ বাবে জাগৰণৰ সৃষ্টি হৈছে। বৰ্তমান সময়ত নাৰী সকলে ঘৰৰ চাৰিবেৰৰ মাজতে আৱদ্ধ হৈ নাথাকি পুৰুষৰ সমানে সমানে পঢ়া শুনা, কাম কাজ কৰিবলৈ লৈছে। সেয়ে পূৰ্বতকৈ অধিক সংখ্যক নাৰী এতিয়া নিতৌ ৰাজহুৱা স্থানলৈ ওলাই আহে। শিক্ষা, চাকৰি, ব্যৱসায় আদি নানান কামত নাৰী সকল ৰাজহুৱা স্থানলৈ ওলাই যায়, খোজকাঢ়ি অহাযোৱা কৰে, ৰাজহুৱা পৰিবহন ব্যৱস্থা ব্যৱহাৰ কৰে। পিছে অতি পৰিতাপৰ কথাযে ৰাজহুৱা স্থান বা ব্যৱস্থাসমূহ এতিয়াও নাৰীৰ বাবে সুৰক্ষিত নহয়। পদে পদে একোজনী নাৰী এচাম পুৰুষৰ কামুক দৃষ্টি আৰু অশ্লীল মন্তব্যৰ সন্মুখীন হ’বলগীয়া হয়। বাটে পথে যিকোনো সময়তে তেওঁলোক মুখামুখি হ’ব পাৰে একোটা অভাবনীয় অনাকাংক্ষিত ঘটনাৰ। যিকোনো দিশৰ পৰা, যিকোনো ৰূপত ভুমুকি মাৰিব পাৰে একোজন লম্পট পুৰুষ আৰু অকস্মাতে ঘটি যাব পাৰে এটা অঘটন। কেৱল নাৰী হোৱাৰ বাবেই এগৰাকী মহিলা ৰাজহুৱা স্থানত একাংশ বিকৃত মানসিকতাৰ পুৰুষৰ পৰা শাৰীৰিক আৰু মানসিক ভাৱে অপদস্থ হ’ব লগীয়া হোৱাটো অতি পৰিতাপৰ কথা।

যৌন হাৰাশাস্তিৰ সাধাৰণ যেন লগা ঘটনা কিছুমানেই যে পিছলৈ বিকট ৰূপ লৈ বলাত্কাৰ বা দলবদ্ধ ধৰ্ষণৰ ৰূপ ল’ব পাৰে সেয়া সহজেই অনুমান কৰিব পাৰি। নিতৌ বাতৰি কাকতত নাৰীৰ ওপৰত পুৰুষৰ যৌন আতিশয্যৰ কাহিনী প্ৰকাশ পায়েই থাকে। দিল্লীৰ লোমহৰ্ষক ডামিনী কাণ্ডৰ আৰম্ভণিও যৌন হাৰাশাস্তিৰে আৰম্ভ হৈ পিছলৈ এক নাৰকীয় দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডত পৰিণত হৈছিল। গুৱাহাটীৰ জি এছ ৰোড কাণ্ড বা বেলতলা কাণ্ডও যৌন হাৰাশাস্তিৰে আৰম্ভ হৈ পাছলৈ এক বিকট ৰূপ লোৱা ঘটনাৰ উদাহৰণ। বাটে ঘাটে যৌন হাৰাশাস্তিৰ সন্মুখীন হোৱা এগৰাকী নাৰী অকল শাৰীৰিক ভাৱেই নহয়, মানসিক ভাৱেও আঘাটপ্ৰাপ্ত হয়। এনে ঘটনাৰ সন্মুখীন হোৱা বহুতো নাৰীয়ে হীনমন্যতাত ভোগে, কেতিয়াবা আত্ম হত্যাৰ পৰ্য্যায়ো পায়গৈ। পৰিতাপৰ কথাযে এই কথাবোৰ মুকলিকৈ পতাৰ পৰিৱেশ এটাও আমাৰ সমাজত এতিয়াও সৃষ্টি হোৱা নাই।

মন কৰিবলগীয়াযে ৰাজহুৱা স্থানত অশ্লীল মন্তব্য দিয়া, অনাহকত শৰীৰ স্পৰ্শ কৰা আদি নিমাখিত যেন লগা যৌন উপদ্ৰৱবোৰৰ কোনো প্ৰতিবাদ নহ’লে বা এনে কাম কৰা সকলৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ভৱিষ্যতে এচাম বিকৃত মানসিকতাৰ ব্যক্তি তৈয়াৰ হ’ব পাৰে যিসকলে ডামিনী কাণ্ডৰ দৰে ঘৃণনীয় কাম কৰিবলৈকো কুণ্ঠাবোধ নকৰিব। সেয়েহে এনে আতিশয্যৰ সন্মুখীন হোৱা প্ৰতিগৰাকী মহিলাই এনে আচৰণৰ জোৰদাৰ প্ৰতিবাদ কৰা উচিত। অলপতে যোৰহাটৰ ছাত্ৰী এগৰাকীয়ে ছ'চিয়েল মেডিয়া ফেচবুকত দিয়া এটা পোষ্টে সমগ্ৰ অসম জুৰি খলকনি তুলিছে। ছাত্ৰীগৰাকীয়ে অসীম সাহসৰ পৰিচয় দি সমাজত সকলোৰে চকুৰ আগত গটি থকা যৌন হাৰাশাস্তিৰ ঘটনা কিছুমান উদঙাই দিছে। বাইক আৰোহী যুৱকে বেপৰোৱা ভাৱে কৰি থকা যুৱতীৰ শ্লীলতা হানি কৰা উপদ্ৰৱবোৰৰ বিষয়ে লিখি তেওঁ ইমানদিনে অপ্ৰকাশিত হৈ থকা নঙঠা সত্য এটাকে বলিষ্ঠ ৰূপত ৰাইজৰ আগত প্ৰতিষ্ঠা কৰিলে। তেওঁৰ এই পোষ্টটো হয়তো অসমত সাম্প্ৰতিক সময়ত পুৰুষৰ যৌন আতিশয্যৰ বিৰুদ্ধে কৰা আটাইতকৈ বলিষ্ঠ প্ৰতিবাদ। ইমানদিনে কামুক পুৰুষৰ মানসিক আৰু শাৰীৰিক নিৰ্যাতন নিৰৱে সহ্য কৰি অতিস্থ হৈ পৰা বহুতো নাৰীৰ মনৰ কথাবোৰেই যেন ছাত্ৰীগৰাকীয়ে মুকলিকৈ কৈ দিলে। সেই ছাত্ৰীগৰাকীৰ সাহসত বহুতো নাৰীয়ে বিচাৰি পালে প্ৰতিবাদৰ ভাষা। অতি কম সময়ৰ ভিতৰতে প্ৰতিবাদ বিয়পি পৰিল অসমৰ চুকে কোণে, নগৰে চহৰে।
এগৰাকী কলেজীয়া ছাত্ৰীৰ সাহসিকতাই আমাৰ সমাজত চলি থকা, অথচ সভ্য সমাজে সহজতে আওকাণ কৰা বিষয় এটাৰ মুখা খুলি দিলে। আমাৰ সমাজত এগৰাকী নাৰী সঁচাকৈয়ে সুৰক্ষিত হয়নে এই প্ৰশ্নটো আকৌ এবাৰ উত্থাপিত হ’ল। নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ এটা সমীক্ষাত প্ৰকাশ পাইছিল এক ভয়ংকৰ তথ্য - গুৱাহাটী মহানগৰীৰ ৭০% মহিলাই ৰাজহুৱা স্থানত যৌন হাৰাশাস্তিৰ সন্মুখীন হয়। যিসময়ত নাৰীৰ সম অধিকাৰ আৰু নাৰীৰ লিংগ বৈষম্য বিনাশ কৰাৰ অৰ্থে সমগ্ৰ পৃথিৱীতে এক জাগৰণৰ সৃষ্টি হৈছে, সেই সময়ত ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মহানগৰ গুৱাহাটীত সৰহ সংখ্যক মহিলাই অসুৰক্ষিত অনুভৱ কৰাটো এক লজ্জাজনক বিষয়। কেৱল গুৱাহাটীতে নহয়, দেশৰ সৰু বৰ অনেক চহৰত বাটে ঘাটে অবাধে চলি আছে নাৰীৰ ওপৰত যৌন নিৰ্যাতন। কিন্তু বেছিভাগ ঘটনাই আৰক্ষী – প্ৰশাসনৰ ওচৰ নাপায়গৈ। আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিলেও এনে অভিযোগবোৰ প্ৰায়েই গুৰুত্ব সহকাৰে লোৱা নহয়। কেতিয়াবা অভিযোগ দাখিল কৰা নাৰীগৰাকীহে সমাজত লাঞ্চিত হ’বলগীয়া হয়। বলাত্কাৰৰ দৰে জঘন্য অপৰাধত অভিযুক্ত যুৱকক ‘সৰু ল’ৰাৰ এনে ভুল হয়েই” বুলি ধোৱা তুলসীৰ পাত সাজিবলৈ চেষ্টা কৰা ৰাজনৈতিক নেতাও এইখন দেশতে আছে।

এনে পৰিস্থিতিত যোৰহাটৰ ছাত্ৰীগৰকীৰ সাহসী পদক্ষেপ নি:সন্দেহে শলাগিবলগীয়া। কিন্তু অতি পৰিতাপৰ কথাযে ছাত্ৰীগৰাকীৰ এই পদক্ষেপক লৈও পৰৱৰ্তী সময়ত ৰাজনীতিৰ বোকা ছটিয়া-ছটি আৰম্ভ হ’ল। এনে ঘটনাত ছাত্ৰীগৰাকীৰ লগত সহমৰ্মিতা প্ৰদৰ্শন কৰি দোষীৰ শাস্তি দাবী কৰাতকৈ তেওঁ কোন ৰাজনৈতিক আদৰ্শৰ অনুৰক্ত, তেওঁ আৰক্ষীৰ সহায় বিচৰাৰ সলনি ফেচবুকত কিয় লিখিলে আদি বিষয়েহে প্ৰাধান্য পালে। ছাত্ৰীগৰাকীৰ ঘটনাটোৰ সুবিধা লৈ কিছুমান দল সংগঠনে দলীয় শক্তি বৃদ্ধি কৰাৰো সুযোগ ল’লে। ৰাজনৈতিক নেতাৰ তুলুঙা মন্তব্যই সমগ্ৰ ঘটনাটোক বিতৰ্কৰ মাজলৈ ঠেলি লৈ গ’ল। দুৰ্ভাগ্যজনকভাৱে ৰাজনৈতিক বাদ বিবাদত ছাত্ৰীগৰাকীয়ে উত্থাপন কৰা ৰাজহুৱা স্থানত যৌন হাৰাশাস্তিৰ মূল বিষয়টোৱেই তল পৰি গ’ল। 

আজিৰ সময়ত এই সংবেদনশীল বিষয়টোত অযথা বিতৰ্ক কৰাতকৈ এগৰাকী ছাত্ৰীয়ে সন্মুখীন হ’বলগীয়া হোৱা অবাঞ্চিত পৰিস্থিতি কিদৰে প্ৰতিহত কৰিব পাৰি সেই বিষয়েহে এক ব্যাপক চিন্তা-চৰ্চাৰ প্ৰয়োজন হৈছে। সকলোৰে মনত সজোৰে এই প্ৰশ্ন উত্থাপিত হৈছে – যৌন হাৰাশাস্তিৰ পৰা মহিলা সুৰক্ষিত হ’বনে? ৰাজহুৱা স্থানত মহিলাৰ ওপৰত হোৱা উত্পীড়নৰ অন্ত পৰিবনে? আজিৰ সময়ত এনে ঘটনাৰ সংখ্যা আশাতীতভাৱে বৃদ্ধি পোৱাৰ কাৰণসমূহো ফঁহিয়াই চোৱাৰ  প্ৰয়োজন আছে।

এই কথা স্বীকাৰ্যযে আজিৰ সময়ত আধুনিক জীৱন শৈলী আৰু অৱনমিত নৈতিকতাই মানুহৰ ভাৱ চিন্তাত নেতিবাচক প্ৰভাৱ পেলাইছে। ব্যৱসায়িক গোষ্ঠী সমুহে বিজ্ঞাপন সমুহত নাৰী দেহৰ সুষমা আৰু কমনীয়তা অবাধে প্ৰয়োগ কৰি নাৰী দেহক এক পন্য সামগ্ৰীত পৰিণত কৰিছে। সেইদৰে বিভিন্ন মধ্যমত যৌনতা মনোৰঞ্জনৰ এক প্ৰধান আহিলা হিচাপে ব্যৱহাৰ হৈ আহিছে। ইণ্টাৰনেটৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পিছত নগ্নতা (পৰ্ণ’গ্ৰাফী) সকলো শ্ৰেণীৰ মানুহৰ কাৰণে সহজলভ্য হৈ পৰিছে। এনে পৰিস্থিতিত নাৰীৰ প্ৰতি সন্মানৰ সামাজিক মূল্যবোধ অধ:পতিত হৈছে আৰু যৌন অপৰাধৰ সংখ্যা বৃদ্ধি পাইছে।

যৌন হাৰাশাস্তিৰ ব্যাপকতা ৰোধ কৰিবলৈ হ’লে সকলোতকৈ আৱশ্যকীয় কথা হ’ল এক সুদৃঢ় প্ৰশাসনিক ব্যৱস্থা আৰু আৰক্ষীৰ সহযোগিতা। বৰ্তমান সময়ত ৰাজহুৱা স্থান আৰু পৰিবহন ব্যৱস্থাত CCTVৰ জৰিয়তে মানুহৰ আচৰণ নিৰন্তৰ পৰ্য্যবেক্ষণ কৰাৰ সুবিধা হৈছে। এনে ব্যৱস্থাৰ সহায় লৈ যৌন হাৰাশাস্তিত নিয়োজিত লোক সকলক হাতে লোটে ধৰা পেলাই তেওঁলোকৰ বিৰুদ্ধে দৃষ্টান্তমুলক ব্যৱস্থা লোৱা উচিত। দিল্লীৰ মেট্ৰ’ ৰেলত CCTV সংযোগ কৰাৰ পিছত এনে অপৰাধৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। সমীক্ষাত প্ৰকাশ পাইছে যে সৰহ ভাগ যৌন অপৰাধত আন্ধাৰৰ সুযোগ লোৱা হয়। সেয়ে সকলো ৰাজহুৱা স্থান আৰু পথত পৰ্য্যাপ্ত পোহৰৰ ব্যৱস্থা থকাটো প্ৰয়োজনীয়। কম পোহৰ থকা ঠাইত আৰক্ষীৰ অধিক নিৰীক্ষণৰ ব্যৱস্থা কৰিব লাগে। যৌন হাৰাশাস্তিৰ অভিযোগ দিবলৈ আৰক্ষীৰ বিশেষ হেল্প লাইন নম্বৰ থাকিব লাগে, য’ত ফোন কৰাৰ লগে লগে আৰক্ষীয়ে তেনে অপৰাধীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’ব পাৰে। আৰক্ষী চকী সমুহত এনে ধৰণৰ অভিযোগ সমুহৰ বাবে বিশেষ মহিলা আৰক্ষী বিষয়াৰ মোতায়ন কৰা উচিত আৰু অনতিপলমে এই অভিযোগ সমুহৰ ওপৰত তদন্ত কৰি দোষীক শাস্তি বিহাৰ ব্যৱস্থা হ’ব লাগে। এনে ব্যৱস্থাই নাৰী সকলক যৌন হাৰাশাস্তি কৰা লোকসকলৰ বিৰুদ্ধে তত্কালিনভাৱে অভিযোগ কৰিবলৈ উত্সাহিত কৰিব।

নাৰী সকলক যৌন হাৰাশাস্তিৰ পৰা সুৰক্ষিত কৰিবলৈ হ’লে তেওঁলোকৰ শাৰীৰিক আৰু মানসিক সৱলীকৰণ আন এটা প্ৰয়োজনীয় দিশ। চীন দেশত নাৰী সকল আন দেশতকৈ সুৰক্ষিত বুলি কোৱা হয় কাৰণ সেই দেশত সকলো নাৰীয়ে কম বেছি পৰিমাণে সমৰ কলাত অভ্যস্ত। আমাৰ দেশতো নাৰী সকলক সমৰ কলাৰ শিক্ষা দিয়াৰ প্ৰয়াস কিছু পৰিমাণে আৰম্ভ হৈছে। অতৰ্কিতে হোৱা আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ নাৰীসকলক কিছুমান উপায়ৰ বিষয়ে সজাগ কৰাৰ প্ৰয়াস কৰা হৈছে। দীঘল নখ, জলকীয়াৰ গুড়ি বা ছেফটি পিন আদি নাৰীসকলৰ আত্মৰক্ষাৰ সহায়ক হ’ব পাৰে। আজিকালি মোবাইল ফোন আৰু CCTV সংযোগো নাৰী সকলৰ আত্মৰক্ষাৰ বাবে সহায়ক হৈছে। যৌন হাৰাশাস্তি কৰা সকলক নিৰুত্সাহিত কৰিবলৈ হ’লে শাৰীৰিক আৰু মানসিক ভাৱে নাৰী সকল শক্তিশালী হোৱাটো প্ৰয়োজনীয়।

যৌন হাৰাশাস্তিৰ সমস্যাটোৰ পৰা সকাহ পোৱাৰ উদ্দেশ্যে নাৰী সকলৰো কিছু কৰ্তব্য আছে। বৰ্তমান যুগটো নাৰী স্বাধীনতা আৰু সম অধিকাৰৰ যুগ যদিও প্ৰায় ৩০ শতাংশ অশিক্ষিত মানুহ বাস কৰা ভাৰতত মানুহৰ মানসিকতাৰ পৰিৱৰ্তন সাধন হৈছে বুলি ক’ব পৰা নাযায়। এটা কথা অপ্ৰিয় সত্যযে নাৰীৰ যৌন আবেদনময় সাজ-পোছাক, আচৰণ আৰু ব্যৱহাৰে কিছুমান বিকৃত মানসিকতাৰ পুৰুষক উত্সাহিত কৰে। এনেবোৰ পুৰুষে ক্ষণিকৰ কামোত্তেজনাৰ কাৰণে নাৰী গৰাকীক শাৰীৰিক ভাৱে উপদ্ৰৱ কৰিবলৈও কুণ্ঠাবোধ নকৰে। অৱশ্যে নাৰীৰ সাজ-পোছাকেই যৌন হাৰাশাস্তিৰ একমাত্ৰ কাৰণ নিশ্চয় নহয়। পশ্চিমীয়া সংস্কৃতিৰ আগমণে নাৰীৰ সাজ-পোছাক আৰু আচৰণত বিপুল পৰিৱৰ্তন লৈ আহিছে যদিও ভাৰতীয় সমাজত পৰম্পৰাগত সংস্কাৰ সমুহৰ প্ৰয়োজনীয়তা এতিয়াও আছে। সাজ-পোছাকত শালীনতা বোধ, মাৰ্জিত আচৰণ, সংযত ব্যৱহাৰ আদি নাৰী চৰিত্ৰৰ চিৰাচৰিত ভূষণ সমুহে এগৰাকী নাৰীৰ ব্যক্তিত্ব শক্তিশালী কৰিহে তুলিব পাৰে।  

আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ২০১০ চনত ৰাষ্ট্ৰসংঘৰ “Safe Cities Free of Violence against Women and Girls” আচনিৰ অধীনত বিশ্বৰ পাঁচখন চহৰত মহিলা আৰু ছোৱালীৰ বাবে সুৰক্ষিত মহানগৰ গঢ়ি তোলাৰ বাবে পৰীক্ষামুলক ভাৱে ৰাষ্ট্ৰসংঘ, চৰকাৰ, সামাজিক অনুস্থান সমুহ, মহিলা সংগঠন সমুহ, প্ৰচাৰ মাধ্যম, গৱেষণা প্ৰতিস্থান সমুহ, ব্যক্তিগত খণ্ডৰ অনুস্থান সমুহ আদিৰ উমৈহতীয়া প্ৰচেষ্টাত দীৰ্ঘকালিন আৰু ফলপ্ৰসু কাৰ্য্যপ্ৰণালী যুগুত কৰাৰ প্ৰয়াস কৰা হৈছে। এই চহৰ সমুহৰ ভিতৰত ইকুৱাড’ৰৰ কুইটো, ৰুৱাণ্ডাৰ কিগালি, পাপুৱা নিউগিনিৰ পোৰ্ট মোৰ্চবি আৰু ইজিপ্তৰ কাইৰোৰ লগত ভাৰতৰ নতুন দিল্লীও আছে। এই প্ৰচেষ্টাৰ উদ্দেশ্য হ’ল বিশ্বৰ সকলো মহানগৰত কাৰ্য্যকৰী কৰিব পৰাকৈ এলানি ব্যৱস্থা গঢ়ি তোলা যাতে মহিলা সকলে যৌন নিৰ্য্যাতনৰ সন্মুখীন হ’ব লগীয়া নহয়, মহিলাসকলৰ মনৰ পৰা ৰাজহুৱা স্থানৰ ভীতিগ্ৰস্থতা আঁতৰে। এই প্ৰচেষ্টাৰ অংশ হিচাপে ভাৰতত আইন আৰু সামাজিক কল্যাণৰ আচনি সমুহত মহিলাৰ সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰা দেখা গৈছে। আমি আশা কৰিছোঁ যে দেশৰ সকলো গাওঁ-চহৰ এসময়ত মহিলাৰ বাবে সুৰক্ষিত  হৈ উঠিব।

লেখকৰ ব্যক্তিগত ব্লগলৈ যাবলৈ তলৰ সূত্ৰ ক্লিক কৰিব পাৰিবঃ http://likhoni.blogspot.in/

1 comment:

  1. What's up to every , since I am genuinely keen of reading this website's post to be updated daily. It includes pleasant stuff. capitalone com login

    ReplyDelete