চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

দুৰ্নীতি, কৰ্ম-সংস্কৃতিলৈ ইতিবাচক পৰিবৰ্তন 
অজয় লাল দত্ত
কাৰ্যপালিকা হিচাবে চৰকাৰ একোখনৰ দায়িত্ব মূলত বিধান পালিকাৰ দ্বাৰা আইন প্ৰণয়ন কৰোৱা আৰু প্ৰণয়ন হোৱা আইনক সৱল ৰূপত বাস্তৱত সফল ৰূপায়ণ কৰোৱা। এই দুটা কামকে কৰি সাধাৰণ নাগৰিকৰ জীৱন কিমান সুচলতৰ কৰিব পাৰিছে তাকেই তুলাচনীত জুখি মানুহে চৰকাৰ এখন কিমান দায়বদ্ধ তাৰ উমান লবলৈ চেষ্টা কৰে। ইয়াৰ মাজতে নিৰ্বাচনী প্ৰতিশ্ৰুতি সমূহ পালন কৰিবলৈ কি কি পদক্ষেপ হাতত লৈছে তালৈকো ৰাইজে দৃষ্টিপাত কৰে আৰু তাৰ উমানলৈয়ে সমাজখনে সন্তুষ্টি অথবা অসন্তুষ্টি প্ৰকাশ কৰে।
ৰাইজৰ সঁহাৰি তথা জনমতৰ উমঘাম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদমাধ্যমত প্ৰতিফলিত হয় আৰু এই কাম অতি দ্ৰুততাৰে নব্য মাধ্যম চ’ছিয়েল মেডিয়াৰ যোগেও সমাপিত হৈছে। যিকোনো এটা কামতে কামৰ ফলাফল সন্দৰ্ভত ক্ৰিয়া, প্ৰতিক্ৰিয়াৰ কথা জনাটো ব্যৱস্থাটোৰ নিয়ন্ত্ৰণপ্ৰণালীক কাৰ্যকৰী ৰূপত চলাবলৈকে দৰকাৰ। কোনো ক্ৰিয়াৰ প্ৰতিক্ৰিয়া জনমানসৰ পৰা জানি তাৰ ওপৰত দ্ৰুততাৰে প্ৰয়োজনীয় সংশোধনীসুলভ পদক্ষেপ গ্ৰহণ কৰিব পৰাটোত চৰকাৰৰ দায়িত্ব লোৱা সকলৰ দক্ষতা প্ৰকাশ পায়। ফিডবেক গ্ৰহণ কৰি দ্ৰুততাৰে কাম কৰা আৰু জনগণে পোনপটীয়াকৈ চৰকাৰী মূৰব্বীৰ সৈতে সম্পৰ্ক স্থাপন কৰাৰ নব্য নতুন দ্বাৰ মুকলি হৈ অহাটো দেশখনৰ গণতন্ত্ৰত দেশৰ জনতাৰ অংশীদাৰিত্ব বৃদ্ধিৰ দিশেই এক গুৰুত্বপূৰ্ণ দিশবুলি গণ্য কৰিব পাৰি।

আজিৰ তাৰিখত কেন্দ্ৰীয় চৰকাৰৰ প্ৰধানমন্ত্ৰী, বৈদেশিক মন্ত্ৰী আৰু ৰেল মন্ত্ৰীয়ে টুইটাৰৰ যোগেদি পোনপটীয়াকৈ অভিযোগ তথা অসহায় অৱস্থাৰ কথা জনোৱা সকলৰ প্ৰতি তাতক্ষণিক সহায়ৰ হাত আগবঢ়াই দেশৰ জনগণৰ দৃষ্টি কাঢ়িছে। আৰু ইয়েই প্ৰতিযোগী ৰাজনৈতিক দল সমূহকো প্ৰচলিত মানসিক বেষ্টনীৰ পৰা ওলাই আহিবলৈ বাধ্য কৰিছে। বহুদিনৰ পৰা মাতৃৰ পেঞ্চনৰ ফাইল মোকোলাই নিদিয়াৰ বাবে হোৱা অসুবিধাৰ কথা ব্যক্ত কৰি এগৰাকী কিশোৰীয়ে আম আদমী পাৰ্টিৰ দিল্লীৰ শিক্ষামন্ত্ৰীজনালৈ কৰা টুইটৰ ওপৰতো শিক্ষামন্ত্ৰীগৰাকীয়ে সঁহাৰি দিয়া পৰলক্ষিত হৈছে। অসমতো মুখ্যমন্ত্ৰীগৰাকীয়ে কেইবাটাও স্পৰ্শকাতৰ বিষয়ত হোৱা বিতৰ্কত প্ৰতিফলিত হোৱা জনগণৰ ক্ষোভৰ প্ৰতি সঁহাৰি জনাই, সংশোধনী পদক্ষেপ গ্ৰহণ কৰিছে। সেয়া সংস্কৃতৰ বাধ্যতামূলকেই হওক, দুৰ্নীতি নিবাৰক শাখাৰ সঘন অভিযানেই হওক বা চিলাপথাৰ কাণ্ডতেই হওক, মানুহৰ আৱেগক সন্মান জনাই প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণ কৰি নিদৰ্শন দেখুওৱাটো অতিশয় প্ৰশংসনীয় কথা হৈছে। পূৰ্বৰ চৰকাৰৰ দিনত ৰাইজৰ অভিযোগক লঘু কথাৰে ভেঙুচালি কৰাৰ দৃষ্টিকটু অভ্যাসৰ বিপৰীতে এনে পদক্ষেপে সন্তোষৰ বতৰা কঢ়িয়াই আনিছে। অভিযোগ দিলে পদক্ষেপ লয় অথবা সহায় বিচাৰিলে পোৱা যায় ধৰণৰ ইতিবাচক বাৰ্তা সমাজে লাভ কৰিবলৈ সক্ষম হোৱাটোৱে মানুহক চৰকাৰ-প্ৰশাসনৰ প্ৰতি আস্থাশীল কৰিবলৈ আৰু সামগ্ৰিকভাৱে ৰাষ্ট্ৰ-ব্যৱস্থাৰ প্ৰতি আগ্ৰহ সৃষ্টি কৰিবলৈ সক্ষম হোৱা বুলি অনুভৱ কৰিব পাৰি।

চৰকাৰৰ মূৰব্বীৰ সদিচ্ছা নাথাকিলে কোনো দুৰ্নীতি বিৰোধী অভিযানেই পুলিচ প্ৰশাসনে সফল কৰিব নোৱাৰে। অসমৰ মাটিত শুভাৰম্ভ হোৱা দুৰ্নীতি নিবাৰক শাখাৰ অভিযানবোৰ সঘন আৰু ধাৰাবাহিকভাৱে হৈ থকাৰ বাতৰিবোৰে সেই সদিচ্ছাৰ ইংগিতেই বহন কৰিছে। অসম লোকসেৱা আয়োগৰ দৰে সাংবিধানিক সংস্থা এটা নিকাকৰণৰ বাবে লোৱা পদক্ষেপে মানুহৰ মনত আশাৰ বতৰা কঢ়িয়াই আনিছে। শেহতীয়াকৈ আয়োগে মেডিকেল কলেজৰ শিক্ষক ৰূপে ডাক্তৰ আৰু নাৰ্ছৰ পৰীক্ষাৰ ফলাফল মৌখিক পৰীক্ষাৰ একেদিনাই বা দুদিনৰ ভিতৰতে ঘোষণা কৰিও অভিলেখ গঢ়িছে। কিন্তু ৰাষ্ট্ৰীয় স্তৰত জনলোকপালৰ দৰে দুৰ্নীতিবিৰোধী শক্তিশালী আইন প্ৰণয়ন কৰাত কেন্দ্ৰীয় চৰকাৰখনে হোঁহোকাপিছলা নীতিহে অৱলম্বন কৰিছে, যিটো অতি দৃষ্টিকটু হৈ পৰিছে।  

দেশ অথবা ৰাজ্যত শাসক সলনিৰ পাছত বাস্তৱিকতে দুৰ্নীতি কমিছেনে? দুৰ্নীতিৰ প্ৰকোপ জুখিব পাৰিনে, এই প্ৰশ্নই মানুহৰ মাজত আগ্ৰহৰ সৃষ্টি কৰিছে। এয়া অনুবীক্ষণিক ৰূপত কাৰ্যালয়ে কাৰ্যালয়ে মানুহে অনুভৱ কৰিব পাৰে আৰু ৰাষ্ট্ৰীয় স্তৰত সেয়া স্বচ্ছতা নিৰীক্ষণ সংস্থা ‘ট্ৰেন্সপাৰেন্সি ইণ্টাৰনেচনেল’, কৰাপচন-ৱাটচ.অৰ্গ আদিৰ প্ৰতিবেদনত প্ৰতিফলিত হয়।

গুৱাহাটীত নিৰ্মাণ সম্পৰ্কীয় অনুমতি প্ৰদান সংস্থা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণত দুৰ্নীতিৰ কথা সৰ্বজনবিদিত। যোৱা বৰ্ষটোলৈকে তাত ঘৰ নিৰ্মাণৰ অনুমতি, মাটি বিক্ৰীৰ অনুমতিৰ ফাইলৰ বাবে মানুহক নচোৱা আৰু ধন খোৱাৰ কথাৰ লগতে সেই অফিচৰ ইঞ্জিনীয়াৰক হাতে লোটে পুলিচে গ্ৰেপ্তাৰ কৰাৰ বাতৰিও আছিল অতি সুলভ। তাৰ বিপৰীতে এই ২০১৭ৰ ফ্ৰেব্ৰুৱাৰী মাহত এটি ইতিবাচক বাতৰিয়ে আশাৰ বতৰা কঢ়িয়াইছে। নতুনকৈ জিএমডিএৰ মুখ্য কাৰ্যবাহী বিষয়াৰ দায়িত্ব লোৱা আই.এ.এছ বিষয়া বৰ্ণালী ডেকাই তেওঁক কাৰ্যালয়তে ঘোঁচ দিবলৈ চেষ্টা কৰাৰ বাবেহে হাতে লোটে এগৰাকী নাগৰিকক গ্ৰেপ্তাৰ কৰোৱায়।এনে উদাহৰণ দাঙি ধৰা প্ৰশাসনিক বিষয়াৰ সৱল নেতৃত্বই বিভাগটোকে অচিৰেই নিকা কৰাৰ লগতে কৰ্ম-সংস্কৃতিলৈকো ব্যাপক পৰিবৰ্তন আনিব বুলি আশা কৰিব নোৱাৰিনে? ৰাইজে এনেবোৰ বাতৰিলৈকো দৃষ্টি দিয়াৰ লগতে ইয়াৰ ধাৰাবাহিকতাৰে সমাজ নিকা কৰাৰ বাবেও সচেতন পৰ্যবেক্ষণ নিশ্চয়কৈ ৰাখিব লাগিব।

একেদৰেই মাটি-বাৰীৰ নামজাৰিৰ সৈতে জড়িত ৰাজহ বিভাগটোত মণ্ডল-কানুনগোৰ মতগৰ্বী মানসিকতা আৰু ব্যৱস্থাটোৱে দুৰ্নীতিৰ পোহাৰ মেলিবলৈ সুযোগ দিয়াৰ কথাও সকলোৱে জানেই।কিন্তু তাতো এতিয়া তথ্য প্ৰযুক্তিৰ ব্যৱহাৰেৰে ভূ-সম্পত্তিৰ তথ্য আৰু জৰীপৰ মেপ সকলো ডিজিটাইজেচনৰ কাম চলি আছে আৰু কিছুমান কাম সম্পন্ন হৈছে।অতি সোনকালেই চিথা বহী চাবলৈ খাটনি ধৰাৰ সলনি, অনলাইন চাৰ্টিফিকেচন পোৱাৰ দিশলৈ বাট মুকলি হবলৈ গৈ আছে, সেই কথাও ৰাইজে জানি থবৰ হ’ল। একেদৰেই পাচপৰ্ট আৰু পেনকাৰ্ডক সেৱা কেন্দ্ৰ, অনলাইন আদিৰ জৰিয়তে সহজ, নিকা পদ্ধতিৰে পোৱাৰ ব্যৱস্থা এইখন ভাৰততে ইতিমধ্যেই সুলভ হৈ উঠিছে। এতিয়া পৰিবহন বিভাগটো অনলাইন পদ্ধতিৰে সেৱা আগবঢ়োৰ দৃঢ় পদক্ষেপে স্বচ্ছতা বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে।

সিদিনা উজনি অসমৰ এখন জিলাৰ পৰিবহন বিষয়াৰ সৈতে সাক্ষাত কৰাৰ সৌভাগ্য হৈছিল। তেখেতে নিজাববীয়া উদ্যোগ গ্ৰহণ কৰি সম্পূৰ্ণ কাৰ্যালয়তে ক্ল’জ চাৰ্কিট কেমেৰাৰ সংস্থাপন কৰিছে আৰু মুৰব্বী হিচাবে সকলোৰে প্ৰতি প্ৰতিক্ষণ তেখেতৰ নজৰ থাকে। আনকি নিজৰ কেবিনৰো সকলো দৃশ্যাংশও সেই ক্ল’জ চাৰ্কিট কেমেৰাত বন্দী কৰি ৰাখে। ফলত এতিয়া কৰ্মচাৰী সকল দেৰিকৈ আহি সোনকালে পলোৱাৰ অৱধাৰণাৰ পৰা মুক্ত হবলৈ বাধ্য হৈছে। অফিচত দালালৰ অস্তিত্ব বিপদাপন্ন হৈছে। অফিচতে ড্ৰাইভিং লাইচেন্সৰ বাবে প্ৰয়োজনীয় স্বাস্থ্য-পৰীক্ষাৰ চাৰ্টিফিকেট বিনাপৰীক্ষাতে প্ৰদান কৰিবলৈ অহা এগৰাকী ডাক্তৰকো তেখেতে পুলিচৰ হাতত গ্ৰেপ্তাৰ কৰোৱাইছে। এতিয়া দালালৰ জৰিয়তে নহয়, অনলাইন আবেদন, তাৰ পাছত সমজুৱাকৈ গাড়ী চালনাৰ পৰীক্ষাত অৱতীৰ্ণ হৈহে ধনী-দুখীয়া সকলোৱে সম-সুযোগেৰে ড্ৰাইভিং লাইচেন্স পোৱাৰ বাট প্ৰশস্ত কৰিছে। এই ৩১মাৰ্চৰ আগতে প্ৰায় দুমাহ তেখেতে চৰকাৰী ৰাজহ সংগ্ৰহৰ টাৰ্গেট পূৰা কৰিবৰ নিমিত্তে শনিবাৰ আৰু দেওবাৰেও কাৰ্যালয় খোলা ৰাখিছে আৰু সেই কথা অফিচৰ সমুখতে ডাঙৰ হৰ্ডিং লগাই ৰাইজৰ অৱগত কৰিছে।আৰু তাৰ ফলাফল বাতৰি কাকতেই সদৰী কৰিছে, মুঠ ৩০কোটিৰ অধিক ৰাজহ তেখেতৰ নেতৃত্বত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ে অসম চৰকাৰক এই বিত্তীয় বৰ্ষত জমা কৰিছে আৰু সেয়া চৰকাৰে দিয়া টাৰ্গেটতকৈ ০.৭৬ শতাংশ অধিকহে। এনে ব্যতিক্ৰমী বিষয়াসকলৰ কথা আৰু নিৰৱ সদ-কামবোৰৰ কথাও বাতৰি কাকত তথা টিভি চেনেলে স-সন্মানে প্ৰচাৰ কৰি সমাজৰ ইতিবাচক দিশবোৰকো গম্ভীৰতাকে উজ্বলাই তোলাৰ প্ৰয়োজন আছে।

প্ৰতিটো কাৰ্যালয়ৰ সমুখতে মানুহক বুজাই দিবলৈ সক্ষম, কাৰ্যকুশল গ্ৰাহক সেৱা কেন্দ্ৰ, প্ৰতিটো কামৰ বাবে কি নিয়ম, সেই বিষয়ে হাতপুথি, আবেদনৰ সৈতে প্ৰয়োজনীয় নথি জমা দিছেনে নাই তাৰ চেক লিষ্ট (Check List), যদি সকলো নথিৰে সৈতে আবেদন গ্ৰাহক সেৱা কেন্দ্ৰত জমা দিছে তেন্তে সেৱা কেন্দ্ৰই কম্পিউটাৰ প্ৰদত্ত তাৰিখ-আবেদন নম্বৰ আদিৰ ৰিচিপ্ট দিয়াৰ ব্যৱস্থা সকলো কাৰ্যালয়তে কৰিবৰ হ’ল। সকলো কাৰ্যালয়তে ক্ল’জ চাৰ্কিট কেমেৰা, নিৰাপত্তাৰক্ষীৰ ওচৰত ৰেজিষ্টাৰত অফিচৰ পৰা ওলোৱা-সোমোৱাৰ সময়সহ চহী কৰা আৰু তাকেই উপস্থিতিৰ হাজিৰা হিচাবে গণ্য কৰাৰ ব্যৱস্থা কৰিলে চৰকাৰী কাৰ্যালয়টো কৰ্ম-সংস্কৃতিৰ ক্ষেত্ৰত সংশোধ আহিবলৈ নিশ্চয়কৈ বাধ্য হবই। যি কোনো কামৰ বাবে নিৰ্দিষ্ট সময়ৰ নাগৰিক সেৱা সময়সূচীৰ কঠোৰ প্ৰৱৰ্তনে অনাগত দিনত দুৰ্নীতি ৰোধত আৰু কৰ্ম-সংস্কৃতিৰ নতুন চানেকি দাঙি ধৰিবলৈ নিশ্চয়কৈ সক্ষম হব। কিন্তু ইয়াৰ বাবে লাগিব, জনসচেতনতাৰ বাবে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক ও সঘন অভিযান আৰু দুৰ্নীতিকাৰীৰ দৃষ্টান্তমূলক শাস্তি। আৰু ইয়াৰ বাবে প্ৰয়োজনী এক শক্তিশালী জনলোকপাল বিলেৰে আইনী সুৰুঙাবোৰ বন্ধ কৰাৰ বাবেও চৰকাৰে যে প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment