Thursday, April 6, 2017

সাম্প্ৰতিক প্ৰসংগ

ব্ৰহ্মপুত্ৰঃ ভৌগোলিক ঐক্য বনাম ৰাজনৈতিক সাঁথৰ
ইন্দ্ৰজিত বৰা

১৯৯৮ চনৰ কথা, বানপানীত জুৰুলা অসম। অসম চৰকাৰৰ প্ৰাক্তন মূখ্য সচিব এইচ এন দাসে সাংবিধানিক অধিকাৰৰ স্বীকৃতি হিচাবে পোৱা বান নিয়ন্ত্ৰনৰ দৰে ৰাজ্য চৰকাৰৰ বিভাগ এটাৰ স্বৰুপ উদঙাই দি কৈছিল, ”Build a dam or be dammed" । আমাৰ এতিয়াও সপোনত বিৰাজমান হৈ থকা বহুমুখী ব্ৰহ্মপুত্ৰ পৰিকল্পনাটোৰ ভৱিষ্যত কি?

পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী প্ৰণালী ব্ৰহ্মপুত্ৰৰ সৈতে এক সমন্বিত সহাৱস্থান তথা অৰ্থায়নৰ দিশত অসমৰ ভৈয়ামত দীৰ্ঘকালীনভাৱে হৈ থকা বানপানী নতুবা এনে নৃতাত্ত্বিক ঋণাত্মক বাহ্যিকতাবিলাকৰ (Anthropogenic Negative Externalities) প্ৰযুক্তি-অৰ্থনৈতিক আভ্যন্তৰীণকৰণ অৱশ্যম্ভাৱী । ভাৰত, চীন, ভূটান আৰু বাংলাদেশৰ মাজত মুঠ ৫৮০,০০০ বৰ্গ কিলোমিটাৰ ব্যাপক এই বৃহৎ নদী প্ৰণালীয়ে ভাৰতবৰ্ষৰ ভূখণ্ডৰ ৩৩ শতাংশ সাঙুৰি লৈছে । ৫৩০০ মিটাৰ উচ্চতাৰ দক্ষিণ তিৰ্বতৰ কৈলাশ পৰ্বতমালাত অৱস্থিত বিশাল তুষাৰাবৃ্ত্ত মানস সৰোবৰৰ পৰা উৎপন্ন হৈ তিৰ্বতৰ মাজেৰে ১৬২৫ কিলোমিটাৰ, ভাৰতৰ মাজেৰে ৯১৮ কিলোমিটাৰ আৰু বাংলাদেশৰ ৩৩৭ কিলোমিটাৰ দৈৰ্ঘ অতিক্ৰম কৰি গংগা নদীৰ লগত মিলিত হৈ বঙ্গোপসাগৰত পৰিছে । এখন অনন্য নদী, যি তিৰ্বতৰ তুষাৰাবৃত শীতল শুষ্ক শীৰ্ষ, হিমালয়ৰ এঢলীয়া সেমেকা এলেকাবোৰ, অসমৰ ভৈয়ামৰ স্থলৰুদ্ধ গেদীয় সমতলভূমি আৰু বাংলাদেশৰ বিশাল ব-দ্বীপৰ নিম্নভূমিৰ দৰে বৈচিত্ৰ্যময় পৰিৱেশৰ মাজেদি প্ৰবাহিত হৈছে ।

উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে বিক্ষিপ্ত পৰিৱেশ পৰিস্থিতিতন্ত্ৰৰ অৰুনাচল প্ৰদেশক দেশৰ বিদ্যুৎগৃহ হিচাবে আখ্যা দি ২০১২ চনতেই ১৩৩ টাকৈ বান্ধ-প্ৰকল্প (তাৰে ১২৫ টা ব্যক্তিগত খণ্ডত)আবণ্টন কৰা হৈছিল । ভাৰতৰ শক্তি মন্ত্ৰালয়ৰ বাৰ্ষিক প্ৰতিবেদন ২০১১-১২ অনুসৰি উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰস্তাৱিত ৫৭,৬৭২ মেগৱাট মুঠ জলবিদ্যুৎ উৎপাদনৰ ভিতৰত ৪৬,৯৭৭ মেগাৱাট কেৱল অৰুনাচল প্ৰদেশতেই উৎপন্ন হ’ব । তাৰ তিনি বছৰৰ পাছত - জন পৰিমণ্ডলত এতিয়াও তথ্য তেনেই সীমিত – ২০২০ চনৰ ভিতৰত ভূটানত ভাৰতৰ প্ৰযুক্তিগত সহযোগিতাত স্থাপন কৰাৰ প্ৰস্তাৱ লোৱা হয় মুঠ ১০,৮০০ মেগাৱাট ক্ষমতাসম্পন্ন ১০ টাকৈ জলবিদ্যুৎ প্ৰকল্প ।তাৰোপৰি, ভাৰতৰ কেন্দ্ৰীয় বিদ্যুৎ প্ৰাধিকৰণে ভূটানত তেনে মুঠ ২৩,৭৬০ মেগাৱাট বিদ্যুৎ উৎপাদনৰ লক্ষ ৰাখি প্ৰতি খন নদী সাঙুৰি মুঠ ৭৬ টা সাম্ভাব্য স্থান চিনাক্তকৰণ কৰে । “অৰণ্যক”ৰ দৰে পৰিৱেশ বিশেষজ্ঞ সংগঠনে প্ৰকাশ কৰা মতে এই প্ৰকল্পবিলাকৰ পৰিৱেশ প্ৰভাৱ নিৰ্ধাৰণ প্ৰতিবেদন (Environment Impact Assessment Reports) এতিয়াও উপলব্ধ নহয় । এফালে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰতি বছৰে হৈ থকা ভৈয়ামৰ প্ৰলয়ৰূপী বানপানী আনফালে জলবিদ্যুৎ বান্ধ-প্ৰকল্পৰ আবণ্টনৰ মাজত হেৰাই যোৱা সংযোগ ৰেখাডালৰ আঁৰত বিভিন্ন বান্ধ বিৰোধী আন্দোলনে মুৰ দাঙি উঠিছে ।

জলসম্পদৰ উপত্যকা ভিত্তিত পৰিকল্পনাৰ ক্ষেত্ৰত জলবায়ুৰ পৰিৱৰ্তনে সদায় প্ৰত্যহ্বান হিচাবে থিয় দিয়ে । আকৌ, পৰিবেশ বিজ্ঞান নতুবা জলবায়ুৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত আমাৰ বুৎপত্তি সদায় সীমাবদ্ধ । তৎসত্বেও আমি আইন হিচাবে প্ৰণয়ন কৰি এক কাৰ্যকৰী মাপকাঠিৰ ভিত্তিত তাৰ প্ৰভাৱ নিৰ্ধাৰণ (Impact Assessment) কৰোঁ । যদি এই মাপকাঠিৰ সঠিক প্ৰয়োগ হৈছে, তেন্তে কোনোবা আন্দোলনকাৰী নেতাই যিমানেই নিজৰ ৰাজনৈতিক মুনাফাৰ পৰিকল্পনা নকৰক কিয়, বান্ধ বিৰোধী আন্দোলনৰ অৱকাশ থাকিব নোৱাৰে । দক্ষ পৰিৱেশ প্ৰশাসন থাকিলে চৰকাৰী প্ৰচাৰ মাধ্যমতকৈ আৰু শক্তিশালী কি হ'ব পাৰে - ইতিবাচক জনমতৰ সন্মুখত কোনো বান্ধ বিৰোধী আন্দোলনেই যুক্তিযুক্ততা প্ৰতিপন্ন কৰিব নোৱাৰে । তেন্তে সমস্যা আচলতে ক'ত ? স্বাধীনতাৰ পিছৰ পৰাই প্ৰশাসনে বান্ধবিলাকক লৈ সবল জনমত গঢ়ি তুলিব পৰা নাই কিয়? সন্দেহৰ থল আছে । দৰাচলতে জলসম্পদৰ সামগ্ৰিক ব্যৱহাৰ পৰিবেশ আৰু জলবায়ুৰ পৰিৱৰ্তনক সাঙুৰি লৈ এক ব্যাপক ভৌগোলিক ভিত্তিক প্ৰযুক্তি-আৰ্থিক পৰিকল্পনাৰ অবিহনে অসম্ভৱ । এই ভৌগোলিক বাস্তৱতা কোনো আন্তৰ্জাতিক ৰাজনৈতিক সীমায়ো অস্বীকাৰ কৰিব নোৱাৰে । গতিকে, ব্ৰহ্মপূত্ৰ পৰিকল্পনাৰ বাবে ভাৰত, বাংলাদেশ, নেপাল আৰু ভূটানৰ মাজত উন্নত সহযোগিতাৰ অতিকৈ প্ৰয়োজন। গতিকে জলসম্পদৰ সামগ্ৰিক পৰিকল্পনা কেৱল পৃথক পৃথককৈ উপনদী কিছুমানৰ ওপৰত বান্ধ দি সম্ভৱ হবনে? এই বান্ধবোৰৰ সম্পূৰ্ণ প্ৰভাৱ নিৰ্ধাৰণেই হ'ল উপত্যকা ব্যাপক পৰিকল্পনা ।

পাগলাদিয়াৰ বুৰঞ্জী পুনৰ কোৱাৰ প্ৰয়োজন নাই বোধহয় । মূলতে বাননিয়ন্ত্ৰন আঁচনি হিচাবে আৰম্ভ হোৱা এই বান্ধ প্ৰকল্পই পৰ্যায়ক্ৰমে জলসিঞ্চন আৰু সৰ্বশেষত জলবিদ্যুৎ উৎপাদন সাঙুৰি লয় । কিন্তু চাৰি বছৰত ৩০ কিলোমিটাৰ গতিপথ সলনি কৰা নদীখনৰ বাবে পুৰ্ব-প্ৰৰিকল্পিত ৩ কিলোমিটাৰ বান্ধ অৰ্থহীন হৈ পৰিল । এয়া আমাৰ জলসম্পদৰ পৰিকল্পনাৰ স্বৰুপ নেকি? স্বাধীনতাৰ পাছতেই কৰা সমুদায় বান নিৰ্মূলৰ ঘোষণা গৈ প্ৰযুক্তি-আৰ্থিকভাৱে (Techno-economically) সম্ভৱপৰ নিয়ন্ত্ৰণলৈ সুৰ সলনি হবলৈ বেছিদিন নালাগিছিল । মাজে মাজে বানপানীক এক দুৰ্বোধ্য প্ৰাকৃতিক দুৰ্যোগ বুলিও পতিয়ন নিয়াবলৈ চেষ্টা কৰা হয় । যেন জলবিদ্যুৎ উৎপাদনৰ লগত বাননিয়ন্ত্ৰনৰ কোনো সম্পৰ্ক থাকিবই নোৱাৰে । স্বাধীনতাৰ পাছৰ পৰা কেন্দ্ৰীয় চৰকাৰে জলসম্পদৰ কাৰনে কৰা অভৌগোলিক ক্ষেত্ৰভিত্তিক ৰাজনৈতিক পৰিকল্পনাবোৰৰ ফলাফল আমি জানোঁ । ৰাজ্য চৰকাৰ বিলাকে বাননিয়ন্ত্ৰনৰ সাংবিধানিক অধিকাৰেৰে এটা বিভাগ গঠন কৰি মথাউৰিকেই (Embarkment) একমাত্ৰ উপায় কৰি ললে । অসম চৰকাৰেও আজিলৈকে ৫০০০ কিলোমিটাৰতকৈ বেছি মথাউৰি নিৰ্মাণ কৰিলে, ইয়াৰ পৰিনতিৰ খতিয়ান কি? পৰিবেশ বিশেষজ্ঞ ড° দুলাল গোস্বামীয়ে এই গুৰুত্বপূৰ্ণ দিশটো আঙুলিয়াই দিছে, "We have constructed so many embankments. Yet, engineering solutions so far have failed to provide any relief to the people of the Northeast. The flood situation has only aggravated in the absence of a holistic approach to tackle the situation.” ড° গোস্বামীৰ মতে, "The geophysical nature of the Brahmaputra river basin is fragile and dynamic. The scientific knowledge base on the river system for example on aspects such as sedimentation and hydrology is linked to the economic life of the project. This needs to be strengthened urgently, more so in light of emerging threats from climate change. Without the availability of comprehensive information, how can we determine the long-term viability of projects in this region?"

এতিয়া, গোটেই বান্ধবোৰৰ মুঠ প্ৰভাৱ নিৰূপণ পদ্ধতিয়েই ব্যাপক পৰিকল্পনা নহয় জানো ? গতিকে সামগ্ৰিক স্বাৰ্থত জলসম্পদৰ ব্যৱহাৰ কৰিবলৈ তেনে এটা মানৱীয় প্ৰমূল্যৰ দৰকাৰ । তেনে পৰিকল্পনাৰ বাবে প্ৰয়োজন হলে পদ্ধতিগতভাৱে ব্যক্তিগত পুঁজি আকৰ্ষণ কৰিব লাগিব । কিন্তু কেৱল বৃহৎ পুঁজিৰ দুৱাৰ মুকলি কৰিবলৈ নদীবান্ধ দিলে নহব । তাৰ পৰিনাম বিষম হব । সেয়া নিশ্চয় প্ৰবৃত্তিগত হব আৰু এনে প্ৰবৃত্তিয়ে সামগ্ৰিক স্বাৰ্থক বিকাশ বিৰুদ্ধ আখ্যা দিয়াৰ প্ৰচুৰ উদাহৰণ আছে । কিন্তু পৰিবেশৰ প্ৰভাৱবোৰক আভ্যন্তৰীণ কৰি প্ৰযুক্তি-আৰ্থিকভাৱে সম্ভৱ (Techno-economically feasible) প্ৰকল্প ব্যাপক হবই লাগিব । এই প্ৰভাৱবোৰক বহিৰাগত কৰি ইচ্ছাকৃতভাৱে কাৰোৱাৰ মুনাফাৰ বাবে প্ৰকল্প এটা প্ৰযুক্তি-আৰ্থিকভাৱে সম্ভৱ কৰাটো নিশ্চয় বিকাশ নহয় আৰু ই অত্যন্ত অসুৰক্ষিত প্ৰস্তাৱ । জলবিদ্যুৎ শীঘ্ৰে বিক্ৰয় গ্ৰাহক সামগ্ৰীৰ (FMCG) উৎপাদন বা তৃতীয় খণ্ডৰ সেৱা নহয় - ই হ'ল সাময়িকভাৱে অক্ষয়ৰূপী (Renewable) যেন লাগিলেও জলবায়ুৰ পৰিৱৰ্তনেৰে প্ৰভাৱগ্ৰস্ত এক প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ । এই ব্যৱহাৰক বহনক্ষম কৰিবলৈ হলে বিজ্ঞান আৰু প্ৰযুক্তিগত সক্ষমতাৰ সম্প্ৰসাৰণ আৰু লগে লগে পৰিৱেশ সঞ্চলনৰ মাপকাঠি উন্নিতকৰণৰ কোনো গত্যন্তৰ নাই ।

সামগ্ৰিক আৰ্থ-সামাজিক স্বাৰ্থক, প্ৰাকৃতিক পৰিবেশৰ ওপৰত প্ৰভাৱ আৰু জলবায়ুৰ পৰিৱৰ্তনক আওকাণ কৰি নদীবান্ধৰ চুক্তি কৰিবলৈ নিৰ্লিপ্ত পৰিৱেশ সঞ্চালনেই যথেষ্ট । আমাৰ সপোনৰ ব্যাপক ব্ৰহ্মপূত্ৰ প্ৰকল্পক সামগ্ৰিক আৰ্থ-সামাজিক স্বাৰ্থত সঁচাৰূপ দিবলৈ কিন্তু আমাক নেতৃত্বৰ প্ৰয়োজন । ব্যক্তিগত পুঁজিক সামগ্ৰিক স্বাৰ্থত গতিশীল কৰি তোলাটো সাম্প্ৰতিক সময়ৰ আটাইতকৈ কঠিন পদক্ষেপ - নেতৃত্বৰ আচল প্ৰয়োজন তাতেই ।

No comments:

Post a Comment