প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিহুগীতত ব্যৱহাৰ হোৱা বিভিন্ন বাদ্যযন্ত্ৰঃ 
এক চমু আলোকপাত
অভিনন্দন গোস্বামী
বিহু অসমীয়াৰ জাতীয় উৎসৱ৷ বিহু আহিলেই প্ৰতিজন অসমীয়াৰ দেহ মন আনন্দ-উলাহেৰে উপচি পৰে৷ প্ৰধানতঃ বিহু হৈছে এক কৃষিভিত্তিক উৎসৱ৷ জাতি-ধর্ম-ভাষা নির্বিশেষে অসমৰ সকলো ৰাইজেই বিহু উলহ মালহৰে পালন কৰে৷ অসমীয়াৰ তিনিটা বিহুৰ ভিতৰত বহাগ বিহু বা ৰঙালী বিহু বসন্ত কালত উদযাপন কৰা হয়৷ পৰম্পৰাগতভাবে সাত দিনৰ বাবে ৰাইজে বহাগ বিহু পালন কৰে আৰু বিহুৰ প্ৰথম দিনাৰ পৰা অসমীয়া নৱবর্ষৰ আৰম্ভণি হয়৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী আৰু ঠাইভেদে বহাগ বিহু ভিন্ন নামেৰে আৰু ভিন্ন পদ্ধতিৰে পালন কৰা হয়৷ বিহু হৈছে অসমীয়া সংস্কৃতিৰ দীর্ঘদিনীয়া উত্তৰনৰ এক চানেকী৷ বিহুৰ উৎপত্তি তথা ক্ৰমবিকাশৰ বিষয়ে কোনো নির্দিষ্ট তথ্য নাই৷ এই বিষয়ে জানিবলৈ বিভিন্ন সময়ত বিভিন্নজনে গৱেষণা আৰু অধ্যয়ন চলাইছে যদিও কোনো নির্দিষ্ট সিদ্ধান্তত উপনীত হব পৰা নাই৷ কিন্ত নিশ্চিতভাবে বিহুৱে অসমীয়া সংস্কৃতিৰ বাৰেৰহণীয়া ৰুপটোক প্ৰতিফলিত কৰি আহিছে৷ সময়ৰ বোৱতী নৈত উটি ভাহি নগৈ বিহুৱে নিজৰ সুকীয়া সাংস্কৃতিক ঐতিহ্যক বজাই ৰাখিবলৈ সক্ষম হৈছে৷


বহাগ বিহু বা ৰঙালী বিহুৰ এক সুকীয়া বৈশিষ্ট্য হৈছে বিহুগীত বা হুচঁৰি৷ অসমীয়া বিহুগীতত এক বিশেষ মাদকতা আছে৷ বিহুগীতৰ সমানেই গুৰুত্বপূর্ণ হৈছে বিহুগীতত বজোৱা বাদ্যযন্ত্ৰসমূহ৷ এই বাদ্যযন্ত্ৰসমূহ প্ৰধানকৈ সংগীতৰ বিশেষ জ্ঞান নথকা গাৱঁলীয়া কৃষক সমাজৰ অনবদ্য সৃষ্টি৷ সময়ৰ সোঁতৰ লগত খাপ খুৱাবলৈ পাছত বিভিন্ন সংগীতজ্ঞসকলে এই বাদ্যযন্ত্ৰসমূহৰ বিশ্লেষন কৰি ইয়াৰ বিকাশ ঘটাইছে৷ বিহুগীতত বজোৱা বিভিন্ন বাদ্যযন্ত্ৰসমূহৰ ভিতৰত আছে—
১) ঢোল ২) পেপাঁ ৩) গগণা ৪) তাল ৫) টকা ৬) বাহীঁ ইত্যাদি

১) ঢোলঃ- নিঃসন্দেহে ঢোল হৈছে অসমীয়া লোকসংস্কৃতিৰ এক গুৰুত্বপূর্ণ বাদ্যযন্ত্ৰ৷ অসমৰ সকলো জাতি-জনগোষ্ঠীৰ মাজতেই ঢোলৰ বহুল ব্যৱহাৰ আছে৷ সেয়েহে অসমৰ বিভিন্ন ঠাইত ভিন্ন প্ৰকাৰৰ ঢোল তথা বজোৱাৰ বিভিন্ন পদ্ধতি পোৱা যায়৷ ধর্মীয় শাস্ত্ৰত উল্লেখ থকা মতে ঢোলৰ সৃষ্টি হৈছিল কৈলাশ পর্বতত, যাক পান্ডৱসকলৰ অর্জুনে পৃথিৱীলৈ আনিছিল বুলি বিশ্বাস কৰা হয়৷ 

বিহুগীত বা হুচঁৰি ঢোল অবিহনে কেতিয়াও সম্পূর্ণ নহয়৷ ঢুলীয়াৰ ঢোলৰ ধ্বনিৰেই বিহুগীত আৰম্ভ হয়৷ অকল বিহুগীত বা বিহুনাচতেই নহয়, অন্য বাদ্যযন্ত্ৰ যেনে পেপাঁ, গগনা আদি বজোৱাৰ সময়তো ঢোল বজোৱা হয়৷ বিহুগীতত আৰম্ভনিৰ পৰা শেষলৈকে ঢোল বজোৱা হয়, আনহাতে পেপাঁ, গগনা, ইত্যাদিবোৰ বিহুগীতৰ মাজ অংশতহে বজোৱা হয়৷ বিহু বা হুচঁৰিৰ বাহিৰেও ওজা ঢোল বিভিন্ন ধর্মীয় আৰু বিবাহ অনুষ্ঠানৰ এক অপৰিহার্য অংগ৷ ঢোলক এক পবিত্ৰ বাদ্যযন্ত্ৰ বুলি গণ্য কৰা হয়৷ সত্ৰসমুহৰ বিভিন্ন ধর্মীয় উৎসৱ যেনে ৰাসলীলা বা ফাল্গুৎসৱত ঢোল বহুলভাবে ব্যৱহ্ৰত হয়৷ অসমৰ পৰম্পৰাগত খেল-ধেমালি যেনে ম’হযুঁজ, কুকুৰাযুঁজ আদিৰ সময়তো ঢোল বহুলভাৱে ব্যৱহ্ৰত হয়৷ 

ঢোলক অসমীয়া লোক-সংস্কৃতিত জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত আহোম স্বর্গদেউসকলৰ গুৰুত্বপুর্ণ অৱদান আছে৷ ঢুলীয়াসকলৰ গুৰু সাধন ওজাই প্ৰথম আহোম স্বর্গদেউ চুকাফাৰ ৰাজসভাত ঢোল পৰিবেশন কৰিছিল বুলি জনা যায়৷ আহোম ৰাজত্বকালত ঢোলে এক ৰাজকীয় মর্য্যদা লাভ কৰিছিল৷ যেতিয়া আহোম ৰজাসকল বা ৰাজসভাৰ অন্যান্য সভাসদসকল ওলাই গৈছিল তেতিয়া ঢুলীয়াসকলে ঢোলবাদ্য পৰিবেশন কৰি তেওঁলোকক আগবঢ়াই নিছিল৷ তদুপৰি ৰজাৰ বিভিন্ন নির্দেশ , বা-বাতৰি আদিবোৰ ঢোল পিটি ৰাইজক শুনোৱা হৈছিল৷ গতিকে আহোম ৰাজত্বকালতো ঢোলৰ বিভিন্ন ব্যৱহাৰৰ বিষয়ে উমান পোৱা যায়৷

অসমীয়া লোক সংস্কৃতিত ব্যৱহাৰ হোৱা ঢোলৰ বিভিন্ন প্ৰকাৰঃ- 
ক) বিহু ঢোল বা পাটী ঢোল আৰু ওজা ঢোলঃ- বিহু ঢোল বা পাটী ঢোল হৈছে বিহুগীতত ব্যৱহাত হোৱা সৰু আকাৰৰ এবিধ ঢোল৷ ওজা ঢোলৰ আকাৰ বিহু ঢোলতকৈ সামান্য ডাঙৰ৷ ওজাসকলে এই ঢোল পৰিবেশন কৰাৰ বাবে ইয়াক ওজা ঢোল নামেৰে জনা যায়৷ এই ঢোলৰ সহায়ত ওজাসকলে বিভিন্ন চৰাই-চিৰিকতি, জন্ত, ধুমুহা, গাজনি আদিৰ শব্দ অনায়েসে সৃষ্টি কৰিব পাৰে৷ 

খ) ঢেপা ঢোল:- অসমৰ দৰং জিলাৰ ঢেপা ঢুলীয়া উৎসৱত ঢেপা ঢোল পৰিবেশন কৰা হয়৷ এই ঢোলৰ এটা ফাল ছাগলীৰ চামৰাৰে তৈয়াৰী আৰু ঢোল বজোৱাৰ সময়ত ভিতৰলৈ পানী ভৰোৱা হয়৷ 

গ) জয় ঢোলঃ-অসমৰ দেওধানী নৃত্যত জয়ঢোল পৰিবেশন কৰা হয়৷ জয়ঢোল হৈছে এবিধ বৃহৎ আকাৰৰ ঢোল আৰু ইয়াৰ শব্দও যথেষ্ট বেছি৷ অসমৰ নামনি অন্চলত জয়ঢুলীয়াৰ একক জয়ঢোল পৰিবেশন এক সুলভ দৃশ্য৷ মনসা আৰু মাৰৈ পূজাৰ সময়তো জয়ঢোল ব্যৱহাৰ কৰা হয়৷

ঘ) বৰ ঢোলঃ- বৰ ঢোল হৈছে অসমৰ আটাইতকৈ বৃহৎ ঢোল৷ বৰ ঢোলৰ এটা ফাল হাতেৰে আৰু আনটো ফাল ঢোলৰ মাৰিৰে বজোৱা হয়৷ অসমৰ কামৰুপ জিলাৰ বিভিন্ন অন্চলত বৰঢুলীয়াৰ বৰঢোল পৰিবেশন দেখিবলৈ পোৱা যায়৷ গীত আৰু নৃত্যৰ তালে তালে বৰঢোল পৰিবেশন এক জনপ্ৰিয় ৰাজহুৱা উৎসৱ৷ 

২) পেঁপাঃ- বিহুগীতত ব্যৱহাৰ হোৱা এক অন্যতম গুৰুত্বপূর্ণ বাদ্যযন্ত্ৰ হৈছে পেঁপা৷ আহোম স্বর্গদেউসকলৰ ৰাজত্বকালত ৰং শিঙাই সুখ আৰু আনন্দৰ বতৰা আৰু খং শিঙাই সকীয়নি বা সতর্কবাণীক চিহ্নিত কৰিছিল আৰু ইয়াৰ যোগেদিয়েই ৰাইজলৈ ৰাজ্যৰ বিভিন্ন বতৰা প্ৰেৰণ কৰা হৈছিল৷ পেঁপা বিশেষকৈ ম’হৰ শিঙৰ পৰা প্ৰস্তত কৰা হয় যিয়ে অসমীয়া সংস্কৃতিত চীনা-তীব্বতীয় সংস্কৃতিৰ প্ৰভাৱক প্ৰতিফলিত কৰিছে৷ পেঁপাক কেনেকৈ বিহুগীতৰ মাজলৈ অনা হল বা এবিধ সুমধুৰ বাদ্যযন্ত্ৰ হিচাপে পেঁপাৰ উত্তৰণ কেনেকৈ হৈছিল তাৰ বিষয়ে সঠিক তথ্য লাভ কৰা হোৱা নাই৷ পৰম্পৰাগতভাবে পেঁপাক আবিষ্কাৰ আৰু ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ম’হপালকসকলৰ বিশেষ অৱদান আছে৷ পিছলৈ বিভিন্ন সংগীতজ্ঞসকলৰ পৰশত পেঁপাই এবিধ সুমধুৰ বাদ্যযন্ত্ৰৰুপে পূর্ণাংগ ৰূপ লাভ কৰে৷

পেঁপা বিহুগীতৰ এক অনবদ্য অংগ৷ প্ৰা্য় সকলো বিহুগীতেই পেঁপাৰ ওপৰত কম বেছি পৰিমানে নির্ভৰশীল৷ পেঁপাক সাধাৰণতে ডেকা বিহুৱাসকলে পৰিবেশন কৰে, তেওঁলোকক পেপুঁৱা বুলি কোৱা হয়৷ পেঁপা বজোৱাৰ সময়ত ঢোলৰ স্বৰ কম কৰি দিয়া হয় যাতে পেপুঁৱাসকলে অধিক গুৰুত্ব লাভ কৰে৷ 
পেঁপা বিশেষকৈ দুই প্ৰকাৰৰ:-
১) গুটীয়া পেঁপা/ গোৱাল পেঁপা 
২) জুৰীয়া পেঁপা

সাধাৰণতে ব্যৱহাৰ হোৱা পেঁপাবিধ হৈছে গুটীয়া পেঁপা৷ এটা ম’হৰ শিঙৰ পৰা গুটীয়া পেঁপা তৈ্য়াৰ কৰা হয়৷ আনহাতে জুৰীয়া পেঁপা হৈছে দুই গুটীয়া পেঁপাৰ সংমিশ্ৰণ৷ এইবিধ পেঁপাৰ দুটাকৈ শিং থাকে৷

৩) গগনাঃ- গগনা এনে এবিধ বাদ্যযন্ত্ৰ যাক প্ৰধানকৈ বিহুগীতত ব্যৱহাৰ কৰা হয়৷ গগনাক মুখত লৈ বজোৱা যায় বাবে ইয়াক ‘Jaw Harp’   বুলিও জনা যায়৷ গগনা হৈছে মংগোলীয় সংস্কৃতিৰ এক অৱদান৷ অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত গগনাক বিভিন্ন নামেৰে জনা যায়৷ গগনাৰ সুৰ অতি মধুৰ আৰু শুৱলা হোৱাৰ বাবে অসমীয়া বিহুগীতত ই এক মর্যাদাপূর্ণ স্হান দখল কৰি আহিছে৷ 

বিহুগীতত ওপৰিও অসমৰ সকলো মংগোলীয় জনগোষ্ঠীৰ লোকগীত আৰু লোকনৃত্যত গগনাৰ বহুল প্ৰচলন আছে৷ আজিকালি বিভিন্ন বিহুৱতী প্ৰতিযোগীতত নাচনীৰ বাবে মন্চত উঠি গগনা বজোৱাতো একপ্ৰকাৰ বাধ্যতামূলক হৈ পৰিছে৷ গগনাৰ আটাইতকৈ তাৎপর্যপূর্ণ দিশটো হৈছে যে ইয়াৰ আকাৰ সৰু হোৱাৰ বাবে গগনাৰ পৰিবেশন নকৰাৰ সময়তো নাচনীয়ে ইয়াক চুলিত মাৰিবলৈ ‘ Hairpin’ হিচাবে ব্যৱহাৰ কৰে৷

৪) তালঃ- অসমীয়া লোক-সংগীতত তালৰ বহুল প্ৰচলন দেখিবলৈ পোৱা যায়৷ লোকসংগীতৰ বিভিন্ন অধ্যয়নৰ পৰা তাল যে বহু বছৰৰ পৰা প্ৰচলন হৈ আহিছে তাৰ এক স্পষ্ট উমান পোৱা গৈছে৷ তাল বিশেষকৈ বিভিন্ন ধর্মীয় অনুষ্ঠান সমূহৰ এক অবিচ্ছেদ্য অংগ৷ ই এবিধ অতি প্ৰাচীন বাদ্যযন্ত্ৰ যদিও তালৰ গুৰুত্ব আৰু মর্য্যদা অপৰিসীম৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কর্ম আৰু জীৱনৰ বিষয়ে লিখা বিভিন্ন পুথিত উল্লেখ থকা মতে গুৰুজনাই তাল বনোৱা লোকক মতাই নিজৰ পছন্দ অনুযায়ী বিভিন্ন ধৰণৰ তাল বনোৱাইছিল৷ কিন্ত দুর্ভাগ্যক্ৰমে সময়ৰ সোতঁত বিভিন্ন প্ৰকাৰৰ তাল অসমীয়া লোক-সংস্কৃতিৰ পৰা চিৰদিনৰ বাবে বিলুপ্ত হৈ গল৷ 

অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত তালক বিভিন্ন নামেৰে জনা যায়৷ বড়োসকলৰ মাজত ‘জথা’, কার্বিসকলৰ মাজত ‘চেংচ’, আৰু মিচিংসকলৰ মাজত ‘লুপি’ নামেৰে তাল পৰিচিত৷ অসমৰ লোক-সংস্কৃতিত ব্যৱহাৰ হোৱা তালৰ ভিন্ন প্ৰকাৰৰ ভিতৰত ভৰ তাল, পাটী তাল, বিহু তাল, খুটি তাল আৰু মন্জিৰা অন্যতম৷ ইয়াৰ ওপৰিও বিভিন্ন তাল যেনে কৰি তাল, কৰ তাল, খান্জাৰীৰো গুৰুত্ব অপৰিসীম৷ 

৫) টকাঃ- টকা অসমীয়া লোক সংগীতত ব্যৱহাৰ হোৱা এবিধ জনপ্ৰিয় বাদ্যযন্ত্ৰ৷ টকাক বিশেষকৈ বাহেঁৰে তৈয়াৰ কৰা হয় আৰু ইয়াক অসমৰ লোক সংগীতৰ সংগীতজ্ঞসকলে বহুলভাবে ব্যৱহাৰ কৰে৷ টকা হৈছে বিহুগীতত ব্যৱহাৰ হোৱা আঠবিধ প্ৰধান বাদ্যযন্ত্ৰৰ ভিতৰত অন্যতম৷ বড়োসকলে ব্যৱহাৰ কৰা টকাক ‘ঠৰকা’ নামেৰে জনা যায়৷ 

টকাৰ নির্মাণ পদ্ধতি আৰু ব্যৱহাৰ পদ্ধতি সহজ হোৱাৰ বাবে বিহুগীতৰ ওপৰিও মুগা ৰখীয়া আৰু ধান ৰখীয়া সকলৰ মাজত টকাই বিশেষ স্হান দখল কৰি আহিছে৷ গাভৰু বিহুৰ প্ৰধান বাদ্যযন্ত্ৰ হোৱাৰ বাবে এই বিহুক ‘টকা বিহু’ বুলিও জনা যায়৷ সেইদৰে জেং বিহুৰ প্ৰধান বাদ্যযন্ত্ৰ হৈছে টকা, গগনা আৰু সুতুলি৷ 

অসমীয়া লোক সংগীতত ব্যৱহাৰ হোৱা টকা প্ৰধানকৈ তিনি প্ৰকাৰৰঃ-
ক) পাটী টকা বা হাত টকাঃ- এই টকাবিধ ১.৫ ৰ পৰা ২ ফুট দীঘল৷ হাতত লৈ সহজে বজাব পাৰি বাবে ইয়াক হাত টকা বুলি কোৱা হয়৷ 
খ) বৰ টকা বা মাটি টকাঃ- এইবিধ টকাৰ আকাৰ ডাঙৰ হোৱাৰ বাবে ইয়াক মাটিত থৈ বজাব লাগে৷ সেয়েহে ইয়াক মাটি টকা বুলি কোৱা হয়৷
গ) জেং টকা বা ধুতুং:- জেং টকাৰ নির্মাণ পদ্ধতি কিছু জটিল আৰু ইয়াৰ পৰা যথেষ্ট সুন্দৰ মানদন্ডৰ সুৰ সৃষ্টি কৰিব পাৰি৷ লহৰী সংগীতত জেং টকাত বিশেষ তাৎপর্য আছে৷

        হেৰ’ সমনীয়া, 
        খেলো আমি লহৰীয়া
        ফুটুকলা মৃদং, বজাইদে ধুতং
        নাচ এৈ নাচ এৈ লগৰীয়া
৬) বাঁহীঃ- বাঁহীক অসমৰ এবিধ খীলন্জীয়া বাদ্যযন্ত্ৰ বুলি ক’ব নোৱাৰি যদিও বিহুগীত বা অসমীয়া লোকসংগীতত বাঁহীৰ বিশেষ তাৎপর্য আছে৷ ভগৱান শ্ৰীকৃষ্ঞই বজোৱা এবিধ বাদ্যযন্ত্ৰ হিচাবে অসমৰ বৈষ্ঞৱ সমাজত বাঁহীক পবিত্ৰ বুলি গণ্য কৰা হয়৷ প্ৰাচীন বৈষ্ঞৱ সাহিত্যত বাঁহীৰ কথা সঘনে উল্লেখ আছে৷ বাঁহী সর্বপ্ৰথম চীন দেশত ব্যৱহাৰ কৰা হৈছিল বুলি বিশ্বাস কৰা হয়, কিন্ত ভাৰতীয় লোকসংগীতত ইয়াৰ আগমন সর্ম্পকে বুৰন্জীয়েও উত্তৰ দিব পৰা নাই৷

বাঁহী অসমীয়া বিহুগীতৰ এক প্ৰধান বাদ্যযন্ত্ৰ৷ অসমৰ বিভিন্ন জনগোষ্ঠী যেনে মিচিং, ৰাভা, বড়ো আদিয়েও তেওঁলোকৰ লোকসংগীতত বাঁহীৰ ব্যৱহাৰ কৰে, হলেও তেওঁলোকৰ বাঁহীসমূহৰ নির্মাণ পদ্ধতি আৰু আকাৰৰ ক্ষেত্ৰত পার্থক্য লক্ষ্য কৰা যায়৷ দেওধানী নৃত্যৰ বাবে বাঁহী বিশেষ গুৰুত্বপূর্ণ বাদ্যযন্ত্ৰ৷ বিভিন্ন বৈষ্ঞৱ সংগীত যেনে ভাওনা, ৰাসোৎসৱ, বৰগীত আদিতো বাঁহী ব্যৱহাৰ কৰা হয়৷

ইয়াৰ ওপৰিও সুতুলি আৰু বীণাও বিহুগীতৰ বাদ্যযন্ত্ৰৰ ভিতৰত অন্যতম যদিও এই দুবিধ বাদ্যযন্ত্ৰৰ ব্যৱহাৰ আৰু প্ৰচলন দিনক দিনে কমি আহিবলৈ ধৰিছে৷ কেৱল পেছাদাৰী সংগীতজ্ঞসকলৰ মাজতহে এই দুবিধ বাদ্যযন্ত্ৰই স্হান পাবলৈ সক্ষম হৈছে৷ 

বিহু হৈছে গীত আৰু নৃত্যৰ এক উৎসৱ আৰু সেইধৰনেই বিহুগীতত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰসমূহৰো গুৰুত্ব অপৰিসীম৷ আধুনিক যুগৰ সৈতে খাপ খুৱাবলৈ বিহুক মন্চমুখী কৰি তোলা হৈছে: আগৰ দিনৰ দৰে ঘৰৰ চোতালত আৰু গছৰ তলত বিহু মৰাৰ দৃশ্য আজিকালি দুর্লভ হৈ পৰিছে৷ তৎসত্বেও বিহুগীতৰ বাদ্যযন্ত্ৰসমূহৰ গুৰুত্বক কোনেও নুই কৰিব নোৱাৰে৷ সকলো লোকগীত আৰু লোকসংগীততেই এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে এই বাদ্যযন্ত্ৰসমূহে৷ লোকসংস্কৃতিক জীয়াই ৰাখিবলৈ হলে বাদ্যযন্ত্ৰসমূহৰ সঠিক ব্যৱহাৰ অৰু প্ৰচলনৰ ওপৰত আমি গুৰুত্ব দিব লাগিব৷ তেতিয়াহে আমি সাংস্কৃতিকভাবে চহকী জাতি হিচাবে বিশ্ববাসীৰ আগত চিনাকি দিব পাৰিম৷

3 comments: