বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


দুখীয়া সকল আৰু বেংকত সোমাব নোৱাৰিব
অনন্ত কলিতা
যোৱা কেইবছৰমান ধৰি ভাৰত চৰকাৰে দেশৰ সমগ্ৰ জনসাধাৰণকে বেংকিং ব্যৱস্থাৰ লগত সংযুক্ত কৰি 'বিত্তীয় অন্তৰ্ভুক্তিকৰণ' ইংৰাজীত কৈছিল 'ফাইনেন্সিয়েল ইনক্লুজন'ৰ লক্ষ্য লৈছিল। আজি ১০ বছৰ আগতে দেশৰ ২৫ শতাংশ লোকৰো বেংক একাউণ্ট নাছিল। লোকসকলৰ বেংক একাউণ্ট খোলাৰ বাবে জিৰো বেলেন্স একাউণ্ট অর্থাৎ একাউণ্টত ধন জমা নাৰাখিলেও বেংকত একাউণ্ট খুলিব পৰাৰ নিয়ম প্রবর্তন কৰিছিল। ২০১২ৰ পৰা বেংকবোৰৰ একাউণ্ট খুলিবলৈ যি নূন্যতম দিয়া হৈছিল। এই বিষয়ত ইউ পি এ চৰকাৰে বিশেষ উদ্যোগ গ্রহণ কৰিছিল।
২০১৪ত বিজেপি চৰকাৰৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমস্ত জনসাধাৰণৰ বেংক একাউণ্ট খোলাৰ বাবে আক্রমণাত্মক পদ্ধতিৰে বেংকবোৰক বাধ্য কৰিছিল সমস্ত লোকৰ একাউণ্ট খোলাৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছিল যে দুখীয়াসকলৰ প্ৰতি একাউণ্টতে ১৫ লাখ টকা জমা দিব ক'লা ধন উদ্ধাৰ কৰি। সেইবাবে সমাজৰ দুখীয়া শ্ৰেণীৰ লোকেও হেতা-ওপৰা লগাইছিল বেংকবোৰত একাউণ্ট খোলাৰ বাবে। ইউপিএ চৰকাৰৰ দিনত ১৮ কোটিমান এনেধৰণৰ একাউণ্ট আছিল। মোদীৰ একাউণ্ট খোলাৰ বাবে প্ৰচাৰ তথা বেংকবোৰৰ ওপৰত প্ৰচণ্ড হেঁচাৰ ফলত এই একাউণ্টৰ সংখ্যা ২৫.৮০ কোটিলৈ বৃদ্ধি হ’ল। শেহতীয়া তথ্য অনুযায়ী দেশৰ ২৪.৬৭ কোটি পৰিয়ালক সামৰি ৫৮.৭ শতাংশ লোকৰ বেংক একাউণ্ট আছে। 

ভাৰতৰ বেংক ব্যৱস্থাৰ উক্ত পটভূমিত ১৯৬৯ত ইন্দিৰা গান্ধীৰ বেংক জাতীয়কৰণৰ ঐতিহাসিক সিদ্ধান্তৰ কথা প্ৰাসংগিক। ১৯৫৫ত ইংৰাজ চৰকাৰৰ ইস্পেৰিয়েল বেংক অৱ ইণ্ডিয়াক ৰাষ্ট্ৰীয়কৃত কৰি ষ্টেট বেংক ইণ্ডিয়ালৈ ৰূপান্তৰ কৰাৰ পাছতো ভাৰতত গৰিষ্ঠ পৰিমাণৰ বেংকিং ব্যৱসায় ব্যক্তিগত পুঁজিপতিৰ হাততে আছিল। তদানীন্তন প্রধানমন্ত্রী ইন্দিৰা গান্ধীয়ে কৈছিল- বেংকবোৰত জমা হােৱা ৮০ শতাংশ ধন জনসাধাৰণৰ কিন্তু এইসমূহ ব্যৱহাৰ হয় পুঁজিপতিৰ স্বার্থত, যিহেতু বেংক ব্যৱস্থা ব্যক্তিগত পুঁজিপতিৰ মালিকানাত আছে। এই ধনবোৰ জনসাধাৰণৰ স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ ইন্দিৰা গান্ধীয়ে বেংক জাতীয়কৰণ কৰিছিল ১৯৬৯ত। ১৯৬৯ৰ ১৯ জানুৱাৰীৰ দিনা ইন্দিৰা গান্ধীয়ে বেংক জাতীয়কৰণৰ ঘোষণা কৰি জাতিৰ উদ্দেশ্যে এইদৰে কৈছিল-'সামাজিক আৰু অৰ্থনৈতিক উদ্দেশ্য সিদ্ধিৰ বাবে বিত্তীয় প্রতিষ্ঠানসমূহ হ’ল সমাজৰ প্ৰয়োজনীয় অংগ। জনসাধাৰণৰ সঞ্চয়ক উৎপাদনশীল উদ্দেশ্যত ব্যৱহাৰৰ স্বাৰ্থত বেংক ৰাষ্ট্রীয়কৰণ হ’ল এটা উল্লেখযোগ্য পদক্ষেপ। চৰকাৰে বিশ্বাস কৰে যে এই কার্যই ৰাষ্ট্রীয় সম্পাদক, ৰাইজৰ কৃতকার্যতাৰে পূৰণ কৰিব পৰা যাব। বেংকিং ব্যৱস্থা আজি লক্ষ লক্ষ জনগণৰ জীৱিকাৰ সতে জড়িত হৈ পৰিছে আৰু এই ব্যৱস্থা বিকশিত কৰিব লাগিব বৃহৎ সামাজিক উদ্দেশ্যতে। কৃষি, ক্ষুদ্র উদ্যোগ আৰু ৰপ্তানিৰ দ্রুত বিকাশ, কর্মসংস্থানৰ সুযোগ সৃষ্টি আৰু নতুন উদ্যোগক উৎসাহ যোগোৱা আৰু অনুন্নত অঞ্চলৰ বিকাশ আদিৰ দৰে ৰাষ্ট্ৰীয় লক্ষ্য-উদ্দেশ্য আৰু অগ্ৰাধিকাৰ খণ্ডৰ বাবে ব্যৱহৃত হ’ব লাগিব এই ব্যৱস্থা।

এই উদ্দেশ্যৰে বেংকিং ব্যৱস্থা সম্প্রসাৰণ তথা বিস্তাৰ আৰু বেংকিং ব্যৱস্থাৰ গুৰুত্বপূর্ণ অংশৰ কাম-কাজৰ বাবে এই ব্যৱস্থাৰ পোনপটীয়া দায়িত্ব গ্রহণ কৰাটো চৰকাৰৰ বাবে প্রয়োজনীয় হৈ পৰিছে। প্রকৃততে বেংক জাতীয়কৰণৰ পাছত দেশৰ অৰ্থনৈতিক উন্নয়নত প্রচণ্ড অৰিহণা আগবঢ়াইছিল বিশেষকৈ কৃষি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডত। ১৯৭০লৈ ভাৰতে আমেৰিকাৰ পৰা পি এল ৪৮০ আঁচনিত খাদ্য আমদানি কৰিব লাগিছিল। বেংকৰ অৰিহণাৰ ফলত ভাৰতত 'সেউজ বিপ্লৱ’ সমাধা হৈছিল আৰু খাদ্যদেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ খণ্ডৰাে উল্লেখযোগ্য বিকাশ ঘটিছিল। ১৯৯১ত ড° মনমোহন সিঙৰ নেতৃত্বত দেশত অর্থনৈতিক সংস্কাৰ আৰম্ভ হোৱা দিন ধৰি বেংকবোৰৰ জাতীয়কৰণৰ লক্ষ্য আৰু উদ্দেশ্যত পৰিবৰ্তন ঘটিল। বেংকবোৰ দেশৰ বৃহৎ পুঁজিপতিৰ স্বার্থত পৰিচালিত হবলৈ ধৰিলে আৰু বেংকবোৰ বেচৰকাৰীকৰণৰ বাবে বিভিন্ন প্ৰচেষ্টা চলালে। কিন্তু বেংকবোৰত ট্রেড ইউনিয়ন আন্দোলন অতি শক্তিশালী আৰু সমস্ত কর্মচাৰী এখন পতাকাৰ তলতে থিয় হৈ আছে। বেংক বেচৰকাৰীকৰণৰ তথা আন আন অনেক জনসাধাৰণ বিৰোধী পদক্ষেপক পৰাজিত কৰবিলৈ সক্ষম হৈছে বেংকৰ ট্ৰেড ইউনিয়নে। তৎসত্ত্বেও ৰাজহুৱা খণ্ডৰ বেংকবোৰক দুর্বল কৰা তথা বেংকবোৰৰ ক্ষমতা হ্রাস কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। এইক্ষেত্ৰত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ড° মনমোহন সিঙতকৈ অধিক সক্ৰিয় ব্যক্তিগতকৰণ কৰাৰ প্ৰচেষ্টাত।

বিশ্ব পর্যায়ত ভাৰতৰ দুৰ্নাম আছিল যে দেশৰ অধিকাংশ লোকৰে বেংক একাউন্ট নাই। এই ক্ষেত্ৰত বিশ্ববেংক, আন্তজাৰ্তিক মুদ্রাভাণ্ডাৰ তথা বিভিন্ন আন্তর্জাতিক আর্থিক প্ৰতিষ্ঠানৰ ওপৰত ভাৰত লজ্জিত হৈছিল দেশৰ অধিকাংশ লোকৰ বেংক একাউন্ট নথকাৰ বাবে। সি যিয়েই নহওক ইউপিএ চৰকাৰৰ দিনতে প্ৰচেষ্টা চলিছিলত অশিক্ষিত দুখীয়া তথা সকলো শ্ৰমিক কৃষকে বেংক একাউণ্ট খোলাৰ। নৰেন্দ্ৰ মোদীৰ যুদ্ধংদেহি প্ৰচেষ্টাৰ ফলত সমাজৰ প্ৰায় সকল সাধাৰণ লোকে বেংকত একাউণ্ট খুলিছিল। কিন্তু হঠাতে ষ্টেট বেংক কর্তৃপক্ষই সিদ্ধান্ত ল’লে যে এক এপ্রিলৰ পৰা চহৰৰ একাউণ্টত নূন্যতম পাঁচ হেজাৰ টকা নাথাকিলে মাহে এশ টকাকৈ জৰিমনা ভৰিব লাগিব। অৱশ্যে গাঁৱৰ বেংকৰ একাউণ্টত এহেজাৰ টকা অৰ্ধ চহৰত দুহেজাৰ টকা আৰু সাধাৰণ চহৰত তিনি হেজাৰ টকা নুন্যতম জমা থাকিব লাগিব। তদুপৰি মাহত তিনিবাৰকৈ নগদ ধন জমা কৰিব পাৰিব। ইয়াৰ অধিক প্ৰত্যেকবাৰতে ৫০টকাকৈ সেৱা মাচুল দিব লাগিব। ষ্টেট বেংকৰ এ টি এমৰ পৰা পাঁচবাৰতকৈ অধিকবাৰ ধন উঠাই ল’লেও প্রতিবাৰতে ১০ টকাকৈ মাচুল কাটিব। এছ এম এছ এলাৰ্টৰ বাবেও ১০ টকা মাচুল কাটিব। ষ্টেট বেংক ইণ্ডিয়াৰ এই ব্যৱস্থাবোৰ বাকী ৰাজহুৱা খণ্ডৰ বেংকবোৰেও অতিশীঘ্ৰে অনুসৰণ কৰিব। কাৰণ ৰাজহুৱা খণ্ডৰ আটাইতকৈ শক্তিশালী বেংকটোৱেই যেতিয়া এই ব্যৱস্থা গ্ৰহণ কৰিছে, বাকীবোৰেওটো তাকেই কৰিব। 

ব্যক্তিগত বেংক বা বিদেশী বেংকবোৰত সাধাৰণ লোকৰ দূৰৰ কথা নিম্ন মধ্যবিত্ত লোকেই একাউন্ট খুলিব নোৱাৰে। প্ৰকৃততে উক্ত ব্যৱস্থাবোৰৰ পৰা দুখীয়া লোকসকলৰ চৰকাৰী ভাষাত আম আদমীক বেংকবোৰৰ পৰা আঁতৰাই পঠিয়াব। অধিকাংশ একাউণ্টতে উক্ত ধৰণে জমা ধন ৰাখিব নোৱাৰিব। মাচুলৰ উৎপাতত দুখীয়া লোকসকলে একাউণ্টত লেনদেন নকৰিব আৰু একাউণ্ট নিস্ক্ৰিয় হৈ বন্ধ হৈ যাব। ইমান দিনে ষ্টেট বেংককে ধৰি আন বেংকবোৰে আপত্তি কৰি যে জনধন একাউণ্ট বা জিৰো বেলেন্স একাউণ্টবোৰৰ কাৰণে বেংকৰ অনেক ধন খৰচ হয়। ৰাজহুৱা খণ্ডৰ বেংকৰ প্রয়োজন জনসাধাৰণক সেৱা আগবঢ়াবলৈ তথা এওঁলোকৰ বিত্তীয় অন্তর্ভুক্তিকৰণৰে জীৱন-জীৱিকাৰ পথ সৃষ্টিত সহায় আগবঢ়োৱাটো। দেশৰ জনসাধাৰণৰ জীৱিকাৰ পথ সৃষ্টিত অৰিহণা যোগোৱাটােৱেই দেশৰ কাৰণে বৃহৎ লাভ। লাভ অকল প্ৰতিষ্ঠানটোৰ বেলেন্স ছীটত প্ৰতিফলিত কৰা অংকটোৱে লাভ হ'ব নোৱাৰে।

তদুপৰি ভাৰতত অর্থনৈতিক সংস্কাৰ আৰম্ভ হোৱা দিন ধৰি ৰাজনৈতিক হস্তক্ষেপৰ দ্বাৰা পুঁজিপতিসকলে বেংকবোৰ লুণ্ঠন কৰিছে। ৰিজাৰ্ভ বেংকৰ Asset Quality Review প্ৰতিবেদনত কৈছে যে ২০১৬ৰ মাৰ্চলৈকে বৃহৎ পুঁজিপতিসকলে ৰাজহুৱা বেংকক ৮.৫ লাখ কোটি টকা ঋণ ঘূৰাই দিয়া নাই। চি এ জিৰ প্ৰতিবেদন মতে বৃহত্তম ১০টা ব্যৱসায় গোষ্ঠীয়ে ৰাজহুৱা বেংকৰ সাত লাখ কোটি টকা ঘূৰাই দিয়া নাই। ইয়াৰে বৃহৎ অংশ ধন হেনো বিদেশলৈ পঠিয়াই দিছে। মোদী চৰকাৰে ২০১৪ আৰু ২০১৫ত ১,১২,০৮ কোটি টকা কৰ্পৰেট ঋণো ৰেহাই দিছে। বেংকবোৰৰ ৭৫ শতাংশ জমা হ’ল জনসাধাৰণৰ আৰু ২০ শতাংশ চৰকাৰৰ। পুঁজিপতিয়ে ধন বেংকত জমা নাৰাখে তেওঁলোকে ঋণাহে লয়। এই পটভূমিত পুঁজিপতিসকলৰ ঋণ তথা তেওঁলোকে বেংকক দিবলগীয়া সুদ আদায় কৰিলে বেংকবোৰ অতি লাভজনক হ’ব।

কিন্তু বেংকবোৰে পুঁজিপতিক সকাহ দিবলৈ সাধাৰণ গ্রহকক শোষণ কৰা পদ্ধতি প্রৱর্তন কৰিছে। পৰোক্ষ ভাৱে বেংকবোৰে ব্যক্তিগতকৰণ দিশে অগ্রগতি কৰিছে। ৰাজহুৱা খণ্ডৰ বেংকবোৰৰ ধন বৃহৎ পুঁজিপতিসকলে লুণ্ঠন কৰি বেংকবোৰৰ অৱস্থা বেয়া কৰিছে। এই পুঁজিপতিসকলৰ সা-সম্পত্তি বাজেয়াপ্ত কৰাৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ বেংকবোৰ ব্যক্তিগতকৰণৰ দাবী উঠিছে অর্থাৎ যিসকল পুঁজিপতিয়ে ঋণ লৈ আদায় নিদিয়াকৈ বেংকবোৰৰ লুণ্ঠন কৰিছে সেই সকলৰ মালিকানাতে বেংকবোৰ গতাই দিব খুজিছে। ইতিমধ্যে যি সকল পুঁজিপতিয়ে ৰাজহুৱা খণ্ডৰ বহু লাখ কোটি টকা আত্মসাত কৰিছে তেওঁলোকেকে ব্যক্তিগত বেংক খোলাৰ অনুজ্ঞা প্রদান কৰিছে চৰকাৰে।

নগদবিহীন লেনদেনৰ নামতো বৃহৎ কৰ্প'ৰেছন সমূহক ব্যৱসায়ৰ সুযোগ দিছে। দেখাত এই কোম্পানীবোৰে নগদহীন লেনদেনৰ পৰা কোনো মাছুল নাপায়, কিন্তু দোকানবোৰে ডেৰ শতাংশ মাচুল দিব লাগে। দোকানীবোৰে কৈছে আমাৰ পকেটৰ পৰা এই মাচুল নিদিওঁ। সামগ্ৰীৰ দাম বঢ়াই গ্ৰাহকৰ পৰা লয়। বেংকবোৰত সাধাৰণ লোকৰ অনাদায়ী ঋণ সামান্য। সাধাৰণ মানুহৰ অনাদায়ী ঋণ দুজন পুঁজিপতিৰ অনাদায়ী ঋণতকৈ কম হ’ব। এই পটভূমিত ষ্টেট বেংকে সাধাৰণ লোকৰ পৰা জৰিমনা মাচুল কি যুক্তিত প্ৰৱৰ্তন কৰিছে সেইটাে এক ৰহস্য। এই জৰিমনা মাচুল প্রৱর্তনত সন্দেহ ওপজে যে বহু কোটি গ্ৰাহকক ৰাজহুৱা বেংকক অাঁতৰাই দিয়া তথা ৰাজহুৱা বেংক ক্ৰমান্বয়ে ব্যক্তিগতকৰণৰ ফালে লৈ যোৱা। বিভিন্ন অৰ্থনৈতিক গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰিছে যে এই ব্যৱস্থাৰ পৰা দেশৰ ৩৩ কোটি লোক বেংকৰ পৰা আঁতৰি যাব।
লেখকৰ ফোন-৯৪৩৫০৪১২০৩, লেখাটি দৈনিক অগ্ৰদূত কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment