Friday, April 7, 2017

মুকলি চিন্তা

সাত এপ্ৰিলঃ এজন সাধাৰণ অসমীয়াৰ দৃষ্টিৰে 
দেৱব্ৰত গগৈ
“ আজি কি কচোন?” 
“জানো কি !!! ” 
“ আজি মুক্তি বাহিনীৰ জন্মদিন” --- আশীদশকৰ শেহৰ ফালে কোনোবা এটা বছৰত কাণ-সমনীয়া সহোদৰ এজনে এনেকৈ কোৱা এতিয়াও মনত আছে। পিছে সাধাৰণতে কৰোবাৰ জন্মদিন বুলিলে যিখিনি উল্লাস মনলৈ আহে , কোনোবা এটা সংগঠনৰ জন্মদিনত উল্লাস কৰিব পৰাকৈ সেইসময়ত পৈণত নাছিলো। কিন্ত সেই উল্লাস কেতিয়াও নাহিল। কাৰণ লাহে লাহে দিনবোৰ আৰু জটিল হৈ আহিবলৈ ধৰিলে। 

“কাইলৈ সাত এপ্ৰিল, বাহিৰলৈ নুলাবি, আৰ্মীয়ে খুন্দিব”--- জ্যেষ্ঠ সকলে আমাক সাৱধান কৰি দিয়ে, আমি নাযাওঁ। পিছদিনা পেপাৰত পঢ়িবলৈ পাওঁ, “ প্ৰতিষ্ঠা দিৱসৰ বাবে কৰবাত তেলৰ পাইপলাইনত বোমা বিস্ফোৰণ ঘটিল, আমুকত বিহাৰী বনুৱাক গুলীয়ালে , ইত্যাদি ইত্যাদি।

আৰু আজিৰ পৰিস্থিতি এনেকুৱা যে আমি সাত এপ্ৰিলক লৈ চিন্তিত নহওঁ , ভয় নাখাওঁ , সাৱধান হৈ নাথাকো। সাত এপ্ৰিলক যে ভয়লগা দিন , বিপদজনক দিন আজি আৰু অনুভৱ নহয় , কিন্ত আমি সাত এপ্ৰিলক লৈ কোনোদিনে গৌৰৱ অনুভৱ কৰিব নোৱাৰিলো। অন্ততঃ এজন সাধাৰণ অসমীয়া হিচাবে। সাত এপ্ৰিল আমাৰ বাবে সদায়েই এক বুজিব নোৱাৰা দিন হৈ থাকিল।

অলপতে , প্ৰাগ চেনেলত সাংবাদিক অজিত কুমাৰ ভুঞাই লোৱা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াৰ এটা সাতক্ষাতকাৰ চাইছিলো। তাত চেতিয়াই স্পষ্টভাষাৰে ক’লে যে সংগ্ৰামখনত তেওঁলোকৰ ইতিমধ্যে পৰাজয় ঘটিছে। মুল দলটোৰ পৰা আঁতৰি গৈ সেনাধক্ষ্য পৰেশ বৰুৱাই পৃথকে আলফাৰ এই সংগ্ৰামখন চলাই আছে যদিও , গৰিষ্ঠসংখ্যক জেষ্ঠ্যে নেতাই সম্পাদক অনুপ চেতিয়া আৰু সভাপতি অৰবিন্দ ৰাজখোৱাৰ পক্ষত অৱস্থান লোৱা বাবে আমি অন্ততঃ এটা কথা বুজি পাইছো যে আলফাই চলাই থকা সংগ্ৰামখনৰ ইতিমধ্যে অন্ত পৰিছে। বাকী কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা-বিলোচনাবোৰ এক প্ৰকাৰ অপ্ৰয়োজনীয় আনুষ্ঠানিকতাহে মাথোন।

আলফাৰ এই সংগ্ৰামখনত কিয় পৰাজয় ঘটিল , সেই কথা বিশ্লেষণ কৰিব পৰাকৈ আমি সৰ্মথ নহওঁ , বা আমাৰ তেনেধৰণৰ যোগ্যতা আৰু অভিজ্ঞতা নাই। এজন সাধাৰণ অসমীয়াৰ এই সংগ্ৰামখনৰ প্ৰতি কেনে মনোভাৱ আছিল আৰু কেনেকুৱা ধৰণৰ আশা কৰিছিল সেইখিনিহে আমি ব্যক্ত কৰিব পাৰিম।

আমি আলফাৰ নামটো প্ৰথম শুনিছিলো প্ৰায় ১৯৮৫ চন মানত । ঘৰৰ কাষৰে প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী এজনক গুলিয়াই হত্যা কৰিছিল। তেনে এটা পৰিস্থিতি মোকাবিলা কৰিবলৈ সেইদিনবোৰত আমাৰ গোটেই অঞ্চলটোৱেই হয়তো সাজু হোৱা নাছিল। সেয়ে সৰবৰহী আৰু জনপ্ৰিয় সেই মন্ত্ৰীজন তেনেকৈ মৃত্যু হোৱা দেখি অঞ্চলটোৰ সকলোৱেই বিচলিত হৈ পৰিছিল আৰু আমি তেতিয়াই শুনিছিলো যে আলফাই তেখেতক মাৰিছে আৰু আলফাই অসমক স্বাধীন কৰিব। কিন্ত এজন প্ৰাক্তন অসমীয়া মন্ত্ৰীক হত্যা কৰি আলফাই কেনেকৈ অসমক স্বাধীন কৰিব ? সেই প্ৰশ্নটো মোৰ তেতিয়াৰ কৈশোৰ মনটোৱে নিজকে কৰিছিল আৰু যাৰ উত্তৰ মই আজিও সঠিককৈ নাপালো। ভাবিলে এতিয়া হাঁহি উঠে যে আলফাক মই তেতিয়া চিনেমাত দেখাৰ দৰে কোনোৱা অকলশৰীয়া বীৰ বুলিহে ভাবিছিলো। যেনেকৈ “ৰেম্বো” বা “ব্ৰুছলিয়ে” অকলেই চিনেমাত যুদ্ধবোৰত জয় কৰিছিল , ঠিক তেনেকৈ “আলফা” নামৰ বীৰজনেও অকলেই এইবোৰ কাম কৰিছিল বুলি ভাবিছিলো আৰু “আলফাক” লগ পাবলৈ খুব গৈছিল।

পিছে দিন যোৱাৰ লগে লগে দুৰৰ চিনাকী বা ওচৰৰ চিনাকী , আমাতকৈ ডাঙৰ ডাঙৰ দাদাবোৰৰ মৃতদেহবোৰ যেতিয়া ঘৰলৈ ঘুৰি আহিল , তেতিয়াহে লাহে লাহে বুজিবলৈ ধৰিলো যে আলফা কি?

আলফা কি , কিয় সাত এপিলত জন্ম হৈছিল , কি কি কৰিলে ইত্যাদিবোৰ কোনোজন অসমীয়াকেই আমি পৃথকে বুজাব নালাগে। নিজৰ নিজৰ দৃষ্টিকোণেৰে অসমীয়াৰ প্ৰতিটো প্ৰজন্মই আলফাৰ প্ৰতি এক নিজস্ব ধাৰণা লৈ থৈছো। সংগ্ৰামখনৰ অংশীদাৰ নহলেও আমি প্ৰতিজন অসমীয়াই প্ৰতক্ষ্য বা পৰোক্ষভাবে হলেও ভুক্তভোগী। কাৰণ এনেকুৱা দিনো আহিছে যে ঘৰত বিয়া পাতিবলৈও আমি এসময়ত প্ৰশাসনৰ অনুমতি লবলগীয়া হৈছিল । জোৰোণৰ মানুহ ৰভাতলিত সোমাৱাৰ পাছতো ,বিয়া ঘৰৰ আৰু ওচৰৰ পাজৰৰ মতামানুহবোৰ গৈ পথাৰত সেনা আৰু আৰক্ষীৰ সন্মুখত শাৰী পাতিবলগীয়া হৈছিল , অতি জৰুৰী কাম থকাৰ পাছতো গধুলি সোনকালে ঘৰত সোমাবলগীয়া হৈছিল , খৱৰ কাগজত পঢ়িবলগীয়া হৈছিল সেনাৰ অপাৰেচনৰ সময়ত সেনাৰ হাতত ধৰ্ষিতা হোৱা বহু অসমীয়া নাৰীৰ ভয়ংকৰ খৱৰ, আৰু শেহত ধেমাজিৰ সেই নিষ্পাপ শিশুহঁতৰ বতৰা। আজিও আলফাৰ সেনাধক্ষ্য পৰেশ বৰুৱাক কোনোবা সাংবাদিকে ধেমাজিৰ ঘটনাটোৰ বিষয়ে সুধিলে কয় যে তেওঁলোকে হেনো আগতেই সাৱধান কৰি থৈছিল সকলোকে, কিন্ত আমি কওঁ যে আলফা নথকা হ’লে ধেমাজিৰ সেই ঘটনাটো নঘটিলহেঁতেন।

ইমানৰ পাছতো সাত এপ্ৰিলৰ সেই উদ্দেশ্যেখিনিৰ কিবা এটা পূৰ্ণ হলনে ? কিন্ত এটা কথা সঁচা যে আলফাৰ সেই উদ্দেশ্যেখিনিয়েই আমাৰ অসমীয়াৰ বাবে মূল ইছ্যু আৰু সেইবাবেই এই ইচ্যু বোৰক লৈ যিয়েই আন্দোলন বা সংগ্ৰাম কৰে আমি সেইসকলৰ ফালেই আশাৰে বাট চাওঁ। সেই আশাৰ ৰেঙণি দেখাৰ বাবেই আমি এজন সাধাৰণ অসমীয়া হিচাবে সদৌ অসম ছাত্ৰসন্থা , অসম গণ পৰিষদ , অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শেহত আলফাৰ ফালে আশাৰে বাট চাইছিলো । কিন্ত যোৱা প্ৰায় চাৰিটা দশকত সেই উদ্দেশ্যেখিনি অলপো আগনাবাঢ়িল , তাৰ বিপৰীতে আমি আলফাৰ পৰা পৰিৰ্ৱতন হোৱা ছালফা নামধাৰী এজাক জীৱক পালো , হত্যা আমাৰ সমাজত সুলভ হ’ল , আমি আবেগিক হোৱাৰ পৰা অকণো মুক্ত নহ’লে আৰু আটাইতকৈ ডাঙৰ ক্ষতি হ’ল যে আমি জাতিটোৰ বাবে প্ৰয়োজনীয় মানুহ এজাকক হেৰুৱালো, যেনে পৰাগকুমাৰ দাস , কমলা শইকীয়া , অনিল বৰুৱা , কবিৰঞ্জন শইকীয়া , বিপুল মহন্ত , সঞ্জয় ঘোষ , সুৰেশ ফুকন , মানবেন্দ্ৰ শৰ্মা , ধৰণীধৰ দাসকে ধৰি আৰু বহু হাজাৰজন । এইসকল ব্যক্তি নিজৰ আৰ্দশৰ ক্ষেত্ৰত পৃথক পৃথক স্থানত অৱস্থান কৰিছিল যদিও জাতিটোৰ সামগ্ৰিক প্ৰশ্নত একোজনহঁত প্ৰয়োজনীয় ব্যক্তি আছিল।

আলফাৰ সংগ্ৰামখন সন্মুখত লৈয়ে আমি অসমত ডাঙৰ হোৱা প্ৰজন্ম। সেয়ে সংগ্ৰামখনে প্ৰতক্ষ্য ভাবে নহলেও অন্ততঃ পৰোক্ষভাবে আমাৰ ওপৰত যে প্ৰভাৱ পেলাই আহিছে সেই কথা অনস্বীকাৰ্য্য। সংগ্ৰামখনৰ এটা পৰ্যায় যৱনিকা পৰাৰ পাছত আমি আজি ভাবিছো যে আলফাই যিবোৰ ইচ্যুক লৈ সংগ্ৰামখন আৰম্ভ কৰিছিল সেই ইচ্যুবোৰৰ মীমাংসা আজিও হোৱা নাই আৰু ভিন , ভিন আৰ্দশত অৱস্থান কৰিলেও প্ৰতিজন অসমীয়াই সেই সমস্যা আৰু ইচ্যুবোৰক অস্বীকাৰ নকৰে বা আওকাণ কৰিব নোৱাৰে। উক্ত সমস্যাবোৰ সমাধান আমি প্ৰতিজন অসমীয়াই বিচাৰোঁ। সমস্যাবোৰৰ সমাধানৰ বাবে আলফাই সশস্ত্ৰ সংগ্ৰাম কৰিছিল , কিন্ত বিফল হ’ল আৰু বৰ্তমানেও সেই সমস্যাবোৰ মীমাংসা নোহোৱাকৈ ৰৈ গ’ল বুলি কব পাৰি। মুলসুঁতিৰ ভাৰতীয় আৰু অসমীয়া ৰাজনীতিকে সমস্যাবোৰৰ সমাধানৰ বাবে দিয়া আশ্বাসবোৰৰ যে কেৱল কিছুমান ভুৱা আশ্বাস আৰু মিথ্যাচাৰ , সেইকথা তেওঁলোকে নিজে নিজে প্ৰমাণ কৰি আছে , তেনেস্থলত আলফাই উত্থাপন কৰা সেই সমস্যাবোৰৰ কি হব ? স্বাধীন অসমৰ দাবীটোক আওকাণ কৰিও আমি কিন্ত তেওঁলোকে আমাৰ মাজলৈ লৈ অহা আন কোনো এটা বিষয়কেই নাকচ কৰিব নোৱাৰো। লাগিলে সেয়া আমাৰ জাতি গঠন প্ৰক্ৰিয়াত ৰৈ যোৱা আসোৱাহবোৰেই হওক বা আমাৰ প্ৰাকৃতিক সম্পদবোৰৰ সঠিক আৰু উপযুক্ত ব্যৱহাৰৰ বিষয়েই হওক। তেনেহ’লে আলফাই এসময়ত উত্থাপন কৰা সমস্যা আৰু বিষয়বোৰৰ কি হব? এজন সাধাৰণ অসমীয়া হিচাবে আমি এতিয়ালৈকে এই প্ৰশ্নটোৰ উত্তৰ পোৱা নাই।

আজি সাত এপ্ৰিল , ১৯৭৯ চনৰ এনেকুৱা এটা সাত এপিলৰ পৰাই আলফাত যোগদান কৰি হাজাৰ হাজাৰ অসমীয়া ডেকাই অকালতে , আদবাটতে সেনা-আৰক্ষীৰ হাতত প্ৰাণ দিলে । আনহাতে আলফাৰ হাততো হেজাৰ হেজাৰ অসমীয়াই প্ৰাণ দিলে। আলফাৰ হাতত প্ৰাণ দিয়াৰ ভিতৰত বহু উচ্চ শিক্ষিত , অৱস্থাপন্ন অসমীয়া আছে , ইয়াৰ বিপৰীতে আলফাত যোগদান কৰি মৃত্যু বৰণ কৰা ডেকা-গাভৰুৰ সৰহ সংখ্যকেই কিন্ত খাটিখোৱা গ্ৰাম্যঅঞ্চলৰ নিম্ন-মধ্যবিত্ত পৰিয়ালৰ। সেইসময়ত খৱৰ কাগজত প্ৰৱন্ধ লিখি নিম্ন-মধ্যবিত্তৰ অসমীয়া ডেকা-গাভৰুক আবেগিক কৰি আলফাত যোগদান কৰিবলৈ উত্সাহিত কৰোৱা কোনো এজন অসমীয়া মধ্যবিত্তীয় বুদ্ধিজীৱিয়েই কিন্ত নিজৰ সন্তানক আলফালৈ পঠোৱা নাছিল , ব্যক্তিক্ৰম আছিল একমাত্ৰ নিৱাৰণ বৰা। আনহাতে আলফাৰ খৱৰ আৰু আলফা সৰ্ম্পকীয় লেখা বিক্ৰী কৰি অসমৰ বাতৰি কাকতৰ মালিকে নিজকে ধনী কৰিলে। দুজনমান মানুহক হত্যা কৰিয়েই দেশ আৰু জাতিক উদ্ধাৰ কৰিম বুলি ভাবি থকা এজাকমান আলফা সদস্যই পাছলৈ ছালফা ৰূপ লৈ ধনী ধনী ব্যক্তিলৈ ৰুপান্তৰ হ’ল। আলফা নাম লৈয়ে আন কিছুমান জাতীয়তাবাদী নেতাই নিজৰ ৰাজনৈতিক জখলাডালত ওপৰলৈ উঠি গৈ থাকিল। আলফাৰ নাম লৈয়ে ইঞ্জিনিয়াৰ , বিষয়া আৰু নিজৰ প্ৰতিদ্বন্ধী ব্যৱসায়ীক ভাবুকি দি এচাম ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক সাম্ৰাজ্যখন বিস্তাৰ কৰিলে।

আজি ২০১৭ চনৰ সাত এপিলৰ দিনাখন সমগ্ৰ ঘটনাবোৰ এজন সাধাৰণ অসমীয়া ৰূপে উপলব্ধি কৰিছো যে সেই বুদ্ধিজীৱি , সেই বাতৰি কাকতৰ মালিক ,সাংবাদিক, ছালফা , ৰাজনৈতিক নেতা আৰু ব্যৱসায়ীয়ে ১৯৭৯ চনৰ পৰা প্ৰথম দুটা দশকত আলফাক অসমত প্ৰতিষ্ঠা কৰাৰ ছলেৰে নিজকহে অসমীয়া সমাজখনত প্ৰতিষ্ঠা কৰোৱালে আৰু ইয়াৰ পাছত সেইসকলে অতি কৌশলৰে আৰু নীৰৱে আলফাৰ পৰা আঁতৰি শাসকৰ বিশ্বস্ত সহযোগীৰ ৰূপ ল’লে।

১৯৭৯ চনৰ সাত এপিলৰ পৰা অসম আৰু অসমীয়া মানুহৰ মোটামুটি প্ৰাপ্তি এইয়াই। সাধাৰণ অসমীয়াই সংগ্ৰামৰ নামত দুয়োপক্ষৰ পৰা মুঠ প্ৰায় বিশহেজাৰৰ মৃতকৰ এখন দীঘলীয়া তালিকা পালে আৰু এচাম বুদ্ধিজীৱি , বাতৰি কাকতৰ মালিক , সাংবাদিক, ছালফা , ৰাজনৈতিক নেতা আৰু ব্যৱসায়ীয়ে সমাজত প্ৰতিষ্ঠা পালে আৰু আলফাই উত্থাপন কৰা সেই সমস্যাবোৰ সমাধানহীন আৰু প্ৰশ্নবোৰ উত্তৰহীন হৈয়ে থাকিল , আজিৰ তাৰিখতো। কিমধিকমিতি !!!!!!!!

No comments:

Post a Comment