সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. গুৱাহাটী মেডিকেল কলেজৰ চৌহদত কালি মুকলি হয় ২০০ বিছনাযুক্ত কৰ্কট চিকিতসালয়। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নড্ডাই উদ্বোধন কৰি হাস্পতালখনক ‘ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান’ৰ মৰ্যদাও প্ৰদান কৰে। ধুবুৰীতো মেডিকেল কলেজৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰা হয় আৰু ইয়াৰ কাম অহা তিনি বছৰতে সম্পূৰ্ণ কৰি তোলা হব বুলিও স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। আজি নগাঁৱতো এখন মেডিকেল কলেজৰ ভূমি পূজন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হব।

২. অসম কন্যা অলংকৃতা বৰাই গ্লবেল বিজনেচ ইনফৰমেচনৰ উদ্যোগত আয়োজিত সপ্তম বাৰ্ষিক ৱমেন লীডাৰ্ছ ইন ইণ্ডিয়া শীৰ্ষক অনুষ্ঠানত ‘উদীয়মান অভিনেত্ৰী আৰু প্ৰতিশ্ৰুতিসম্পন্ন মডেল বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে। মুম্বাইত এই বঁটা গ্ৰহণ কৰিলে বলিউদৰ ‘ৰাজা এৱ্ৰডিয়া’ নামৰ নিৰ্মীয়মান ছবিত গুৰুত্বপূৰ্ণ ভূমিকাত অভিনয় কৰা অভিনেত্ৰী গৰাকীয়ে।

৩. কালিৰে পৰা আৰম্ভ হোৱা হাইস্কুল ও হাইমাদ্ৰাছা শিক্ষান্ত পৰীক্ষাত প্ৰথম বাৰৰ বাবে চিচি টিভিৰ পৰ্যবেক্ষণ ব্যৱস্থা ব্যৱহাৰ কৰা হয়। এই পদ্ধতিৰ উপৰিও চোকা নজৰৰ ফলত প্ৰথম দিনাই নকল কৰা শতাধিক পৰীক্ষাৰ্থী বহিস্কৃত হোৱা বুলিও জানিব পৰা গৈছে।

৪. কেন্দ্ৰীয় ৰেল মন্ত্ৰীয়ে বাজেটত কৰা ঘোষণা অনুসৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱে আৰু আই.আৰ.টি.চিয়ে কামাখ্যাধামক সামৰি কামাখ্যা-মালতীপাটপুৰ আস্থা চাৰ্কিট ৰেলৰ কালি শুভাৰম্ভ কৰে।

৫. যোৰহাটৰ জিমখানাত ঐতিহ্যমণ্ডিত জনমভূমি ঘোঁৰাদৌৰ প্ৰতিযোগিতাখনি ১৩৭তম বাৰৰ বাবে আয়োজিত হয়। এই প্ৰতিযোগিতাত এহেজাৰৰো অধিক ঘোঁৰাই অংশগ্ৰহণ কৰে।

৬. ‘সম্ভাৱনাপূৰ্ণ খাদ্য উদ্যোগীৰ চৰকাৰী আঁচনি আৰু বজাৰৰ সৈতে সম্পৰ্ক স্থাপন’ শীৰ্ষক এখনি আলোচনাচক্ৰ কালি অসম কৃষি বিশ্ববিদ্যালয়ত এছ’কেম অসমে অনুষ্ঠিত কৰে। উদ্যোগী, আত্ম-সহায়ক গোট, আগ্ৰহী ছাত্ৰ-ছাত্ৰী তথা ব্যৱসায়ী সকলে অংশলোৱা এই আলোচনা চক্ৰ উদ্বোধন কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই।

৭. অনাময় আৰু পৰিচ্ছন্নতাৰ মান ৰক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিতসালয়ে কেন্দ্ৰীয় চৰকাৰৰ পৰা ‘কায়কল্প বঁটা’ লাভ কৰিবলৈ সক্ষম হৈছে। নতুন দিল্লীত এই বঁটা গ্ৰহণ কৰে অধীক্ষক ডাঃ অৰুণ চন্দ্ৰ মহন্তই।

৮. কলাইগাঁৱৰ সমলাবড়ি প্ৰাথমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে আমেৰিকা নিবাসী অসমীয়া তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ডঃ অতুল চন্দ্ৰ শৰ্মা,মাইক্ৰচফটত সেৱাৰত অভিযন্তা অমৰজ্যোতি ডেকাই। বৰ্তমান অসমৰ শিক্ষা ব্যৱস্থা আৰু আমেৰিকাৰ শিক্ষা ব্যৱস্থাৰ পৰ্যালোচনা শীৰ্ষক আলোচনাত অংশ লৈ সুধীজনে আমেৰিকাৰ শিক্ষানুষ্ঠানত ৰাজনৈতিক হস্তক্ষেপ নচলে বুলিও মন্তব্য কৰে।

৯. অসমৰ ৰাজহুৱা খণ্ডৰ উদ্যোগ নুমলীগড় ৰিফাইনেৰী লিমিটেডে পৰিবেশ সুৰক্ষাৰ ক্ষেত্ৰত শ্ৰেষ্ঠতাৰ স্বীকৃতি স্বৰূপে পেট্ৰলিয়াম শোধনাগাৰ খণ্ডত প্ৰদান কৰা ‘ৰাষ্ট্ৰ বিভূষণ এৱাৰ্ড ২০১৬-১৭ প্লেটিনাম কেটেগৰী’ লাভ কৰিবলৈ সক্ষম হৈছে।

১০. ৰাজ্যত সুৰা নিষিদ্ধকৰণৰ পাছত এইবাৰ বিহাৰৰ চৰকাৰী কৰ্মচাৰীৰ আইন সংশোধনীৰে কৰ্মচাৰীক সুৰা সেৱনৰ পৰা বাৰণ কৰিবলৈ পদক্ষেপ লৈছে নিতীশ কুমাৰে। এই বিষয়ত সেৱা বিধিৰ সংশোধনীৰ বাবে বিহাৰ চৰকাৰৰ কেবিনেট বৈঠকে অনুমোদন দিয়াৰো সুখবৰো প্ৰকাশ পাইছে। সুৰা সেৱন কৰা কৰ্মচাৰীক বৰ্খাস্ত কৰা হব বুলিও বাতৰিত প্ৰকাশ।

No comments:

Post a Comment