Sunday, February 26, 2017

দৃষ্টিপাত

'জাতি-মাটি'ৰ প্ৰশ্নত
জনমুখী দ্ৰুত ভূমি বন্দৱস্তী অপৰিহাৰ্য্য
ভোগেশ্বৰ দত্ত 

            আমাৰ মাতৃভূমি ভাৰত এখন বিশাল দেশ। এই দেশ খনত বহু জাতি, জনজাতি, জনগোষ্ঠী আৰু সুকীয়া সুকীয়া ভাষা-ভাষী, ধৰ্মাৱলম্বী, কৃষ্টি সংস্কৃতিৰ ধাৰক-বাহক লোক সকল বহুশতিকা জুৰি একে লগেই বসবাস কৰি আহিছে।
            গ্ৰাম্য ভাৰতৰ জনগণৰ জীৱন ধাৰণৰ প্ৰধান আহিলা কৃষি। কৃষিজীৱী ভাৰতীয় জনতাই বৃটিছ সাম্ৰাজ্যবাদীৰ শাসন-শোষণ-নিপীড়নৰ গ্ৰাসৰ পৰা মুক্তি বিচাৰি প্ৰায় এশ বছৰ জোৰা জাতীয় মুক্তি সংগ্ৰামত ব্ৰতী হৈ আহিছিল।
            দেশৰ অন্যতম অংগ ৰাজ্য হিচাপে অসমবাসী লোক সকলেও জাতীয় মুক্তি সংগ্ৰামত অংশীদাৰ হৈছিল। দেশৰ অান আন অংগ অঞ্চলৰ দৰে অসমৰ কৃষিজীৱী লোক সকলৰ অগ্ৰগামী কৃষক সন্তান-সন্ততি বহু নাৰী-পুৰুষে জাতীয় মুক্তি সংগ্ৰামত শ্বহীদত্ব বৰণ কৰি মুক্তি সংগ্ৰামক মহিয়ান কৰি তুলিছিল।
মুক্তি সংগ্ৰামৰ মজিয়া: ভূমি অধিকাৰৰ দাবী
            জাতীয় মুক্তি সংগ্ৰামে দেশ জুৰি প্ৰসাৰ লাভ কৰাৰ পৰিপ্ৰেক্ষিতত মুক্তি সংগ্ৰামৰ মজিয়াতে অগ্ৰগামী কৃষক সন্তান সকলে সেইকালত প্ৰৱৰ্তিত সামন্তীয় ভূমি ব্যৱস্থাৰো সংস্কাৰ দাবী কৰিছিল। প্ৰাক-স্বাধীন জাতীয় কংগ্ৰেছৰ কেইবাখনো  মহাসভাৰ মজিয়াত জাতীয়তাবাদী-চচিয়েলিষ্ট-কমিউনিষ্ট নিৰ্বিশেষে অগ্ৰগামী বহু নেতা-কৰ্মী ঐক্যবদ্ধ হৈ নাঙল যাৰ মাটি তাৰসংগ্ৰামী ধ্বনি তুলিছিল।
            এনে এটা সংগ্ৰামী ধাৰাৰ প্ৰেক্ষাপটতে ১৯২০ চনত শ্ৰমিক শ্ৰেণীৰ বাটকটীয়া সংগ্ৰামী সংগঠন নিখিল ভাৰত ট্ৰেড ইউনিয়ন কংগ্ৰেছ (AITUC, এ আই টি ইউ চি) প্ৰতিষ্ঠা হৈছিল।  ১৯৩৬ চনত লক্ষ্নৌত নিখিল ভাৰত কৃষক সভা (AIKS, এ আই কে এচ) গঠন হৈছিল। এ আই টি ইউ চি আৰু এ আই কে এচৰ নেতা সংগঠক সকলে দল মত নিৰ্বিশেষে শ্ৰমিক-কৃষকৰ দাবী সমূহ জাতীয় মুক্তি সংগ্ৰামৰ মজিয়াত তুলি ধৰিছিল। এয়ে আছিল শ্ৰমিক-কৃষক সকলৰ শ্ৰেণীগত দাবী, আশা আকাঙ্খা সংগঠিত ৰূপত প্ৰকাশৰ মুকলি গণতান্ত্ৰিক মঞ্চ। বিপ্লৱী চিন্তা চৰ্চা, মতাদৰ্শ কৰ্ষণৰো মঞ্চ। প্ৰগতিশীল লেখক সংঘ  আৰু  নিখিল ভাৰত ছাত্ৰ ফেডাৰেচনৰ প্ৰতিষ্ঠাও এই সময়তে। এই গণ সংগঠন সমূহৰ মাধ্যমত অগ্ৰগামী মুক্তি সংগ্ৰামী নেতা-কৰ্মী সকলে জাতীয় মুক্তি সংগ্ৰামক গণ সংগ্ৰামৰ বহল মঞ্চ হিচাপে গঢ়ি তুলিছিল। শ্ৰমিক কৃষক সকলেও জাতীয় দাবীৰ লগতে শ্ৰেণীগত দাবী সমূহো তুলি ধৰিছিল। এই মঞ্চতে পূৰ্ণ স্বৰাজৰ ৰাজনৈতিক দাবীৰ লগতে শোষণমুক্ত আৰ্থ-সামাজিক ব্যৱস্থা আৰু প্ৰগতিশীল সাহিত্য সংস্কৃতিৰ নতুন ধাৰা এটা গঢ় দিয়াত বিপ্লৱী আৰু অগ্ৰগামী শক্তি সমূহ ব্ৰতী হৈছিল।
স্বাধীনোত্তৰ ভাৰত: ভূমি সংস্কাৰৰ পদক্ষেপ
দেশৰ স্বাধীনতা সংগ্ৰামৰ অভিজ্ঞতাআৰু জাতীয় মুক্তি সংগ্ৰামক নেতৃত্ব দিয়া ৰাজনৈতিক শক্তি সমূহৰ প্ৰতিশ্ৰুতিৰ আধাৰত দেশৰ বিভিন্ন অংগ ৰাজ্যৰ পৰা নিৰ্বাচিত প্ৰতিনিধিৰে গঠিত গণ পৰিষদ (Constituent Assembly)ৰ মজিয়াতে গৃহীত হৈছিল সামন্তীয় ভূমি ব্যৱস্থাৰ পৰিবৰ্তনৰ কেন্দ্ৰীয় সিদ্ধান্ত। এই সিদ্ধান্তৰ আধাৰতে দেশৰ সকলো অংগ ৰাজ্যত অৱসান ঘটিছিল জমিদাৰী ভূমি ব্যৱস্থাৰ আৰু মৌলিক ভূমি সংস্কাৰৰ নতুন দৃষ্টিভংগী - শ্ৰমজীৱী কৃষক-ৰায়তে ভূমি স্বত্বৰ অধিকাৰ লাভ কৰাৰ আৰম্ভণি।
শ্ৰমজীৱী কৃষকৰ স্বাৰ্থ-অধিকাৰৰ প্ৰশ্ন: অসমত ভূমি সংস্কাৰৰ পদক্ষেপ
            দেশত কেন্দ্ৰীয় সংবিধান সভাৰসিদ্ধান্ত মৰ্মেই অসম বিধান সভাত অসমৰ কংগ্ৰেছী শাসক চক্ৰই আধিয়াৰ কৃষকৰ নাৰ্য্য স্বাৰ্থ আৰু অধিকাৰক স্বীকৃতিৰ প্ৰথম পদক্ষেপ হিচাপত আধিয়াৰ ৰক্ষা আইন (১৯৪৮)গ্ৰহন কৰিছিল।
            পৰৱৰ্তী স্তৰত সংগঠিত শ্ৰমজীৱী কৃষক-ৰায়ত সকলৰ আন্দোলনৰ হেঁচাত জমিদাৰী অধিগ্ৰহন আইন (১৯৫১)’, কৃষি ভূমিৰ চিলিং আইন (১৯৫৬)’, ‘ধৰ্মানুষ্ঠান আৰু দাতব্য প্ৰতিষ্ঠানৰ ভূমি অধিগ্ৰহন আইন (১৯৫৯)’, ‘অসম ভূ-দান আইন (১৯৬৫)’, অসম অস্থায়ী ভূমি বন্দৱস্তী এলেকাৰ প্ৰজাস্বত্ব আইন (১৯৭১)অসম বিধান সভাত কংগ্ৰেছী শাসক বৰ্গৰ প্ৰাধান্য থকাৰ কালতে গৃহীত হৈছিল। সংশ্লিষ্ট আইন সমূহ যথাযথ ৰূপায়নৰ দাবীত সমকালীন অসমৰ সংগঠিত কৃষক সংগঠন বিলাকে গণতান্ত্ৰিক আন্দোলনো গঢ়ি তুলিছিল। বিভিন্ন জাতি, ভাষী, ধৰ্মাৱলম্বী হাতে হালোৱা কৃষিজীৱী ৰাইজৰ আন্দোলনৰ হেঁচাত ৰাজ্যৰ শাসক চক্ৰই ভূমি সংস্কাৰ আইন বিশেষকৈ কৃষিভূমিৰ চিলিং আইনৰ ৰূপায়ন কৰিবলৈ উদ্যোগ লৈছিল।
শাসক শিবিৰত অন্তৰ্বিৰোধ: ভূমি সংস্কাৰত হোঁহকা-পিছলা
            প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলৰ এদনীয়া শাসনত বিজুতি ঘটিছিল। দেশৰ নখন ৰাজ্যত কংগ্ৰেছ ক্ষমতাচ্যুত হৈছিল। নিৰ্বাচনী ৰায়ে শাসক দলৰ শীৰ্ষ স্তৰত অন্তৰ্বিৰোধ সৃষ্টি কৰিছিল। কেন্দ্ৰীয় চৰকাৰো অস্থিৰ হৈ পৰিছিল। এনে অৱস্থাত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশ জুৰি ভূমি সংস্কাৰ, কৃষি সংস্কাৰ, চৈধ্যতা বেংকৰ ৰাষ্ট্ৰীয়কৰণ, ৰাজন্যবৰ্গৰ বানচ কৰ্তন আদি কিছুমান জনমুখী ব্যৱস্থা হাতত লৈছিল। ১৯৭১ চনৰ মধ্যকালীন সংসদীয় নিৰ্বাচনত গৰীবি হটাওধ্বনিত দেশ তোলপাৰ লগাই দিছিল। আনহাতে কংগ্ৰেছ দলৰে কেন্দ্ৰীয় নেতৃত্বৰ একাংশকে ধৰি বহু ৰাজ্যৰ নেতা-পালি নেতাই প্ৰধান মন্ত্ৰীৰ জনমুখী ব্যৱস্থা বোৰৰ বিৰোধ কৰি সুকীয়া দলো গঠন কৰি সংসদৰ মধ্যকালীন নিৰ্বাচনত অংশ গ্ৰহন কৰিছিল। কিন্তু নিৰ্বাচনী যুঁজত দেখা গ'ল যে, ইন্দিৰা গান্ধীৰ গৰীবি হটাওধ্বনিৰ অনুকূলে জন ৰায় গ'ল।
            এনে ৰাজনৈতিক পৰিস্থিতিৰ প্ৰেক্ষাপটত অসমত কংগ্ৰেছ চৰকাৰে শৰৎ সিংহৰ মুখ্যমন্ত্ৰীত্বত ভূমি সংস্কাৰৰ চিলিং আইন ৰূপায়নৰ পদক্ষেপ লৈছিল। এই ক্ষেত্ৰত কিছুমান চাহ বাগিচা আৰু একাংশ ব্যক্তিগত মাটি মহাজনৰ মাটিত চিলিং আইন প্ৰয়োগ কৰিবলৈ উদ্যোগ লৈছিল। চাহ বাগিচাত চিলিং আইন প্ৰয়োগ কৰি ৪,১৬,৫৯১.৭২ একৰ আৰু ব্যক্তিগত মহাজনৰ পৰা ১,৯৩,৭৭৭.১৫ একৰ মাটি অধিগ্ৰহন কৰিছিল। অধিগৃহীত মুঠ মাটিৰ পৰিমাণ আছিল ৬,১০,৩৬৯.৬৭ একৰ। ইয়াৰে ৪,২১,০১১ একৰ মাটি ভূমিহীন পৰিয়ালক প্ৰশাসনৰ যোগেদি বিতৰণ কৰিছিল। কিন্তু বিতৰণ কৰা মাটি প্ৰকৃত হাতে হালোৱা ৰায়ত পৰিয়ালৰ হাতত নপৰাৰ অভিযোগ সংবাদ পত্ৰত প্ৰকাশো পাইছিল। তদুপৰি অধিগৃহীত মাটিৰ প্ৰায় দুই লাখ একৰ মাটি বিতৰণ নোহোৱাকৈ থাকি গ'ল।
            প্ৰসংগক্ৰমে মন কৰিবলগীয়া যে চিলিং আইন প্ৰয়োগৰ বিৰোধিতা কৰি স্থিতাৱস্থাৰ সমৰ্থকশাসক দলৰ ভিতৰে-বাহিৰে কিছু ন্যস্ত স্বাৰ্থ জড়িত শক্তিয়ে সিংহ চৰকাৰক ভূমি সংস্কাৰ প্ৰক্ৰিয়া স্থগিত ৰাখিবলৈ বাধ্য কৰিছিল।
মাটি দখলৰ সংগঠিত উদ্যোগ: মাটিৰ ভোগ দখল অব্যাহত
            এনে এটা অৱস্থাৰ প্ৰেক্ষাপটত শিৱসাগৰ জিলাৰ দেওপানী গ্ৰান্টত কৃষক সভাৰ উদ্যোগত চিলিং উদ্বৃত্ত মাটি আৰু ধেমাজি জিলাৰ মধুপুৰ চাহ বাগিচাৰ গ্ৰান্টৰ চিলিং উদ্বৃত্ত ওঠৰ শ বিঘা মাটিত দেশৰ অন্যান্য ঠাইৰ লগত সংগতি ৰাখি স্থানীয় কৃষক সভাৰ উদ্যোগত দখল কৰা মাটিত মাছখোৱা অঞ্চলৰ অনুসূচীত জাতি-জনজাতি, অন্যান্য পিছপৰা শ্ৰেণীৰ ভূমিহীন পৰিয়ালে আজিও দখল সাব্যস্ত কৰি আছে। তদুপৰি মধুপুৰ গ্ৰান্টৰ ৩২৫ বিঘাত স্বীকৃত ৰায়তে দৃঢ় স্থিতি লৈ আদালতৰ যোগে উক্ত মাটিত ভোগ দখল অব্যাহত ৰাখিছে। এই ক্ষেত্ৰত সেই সময়ৰ অসমৰ মুখ্যমন্ত্ৰী শৰৎ সিংহ আৰু গৃহ মন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ ন্যায় নিষ্ঠা তথা ৰাজনৈতিক আৰু প্ৰশাসনিক স্থিতিয়ে ৰায়ত সকলক প্ৰভূত সহায় কৰিছিল। কিন্তু ইয়াৰ পৰৱৰ্তী কোনো চৰকাৰে উক্ত মাটি ভোগ দখল কৰি থকা লোকৰ মাটিত বন্দৱস্তী আজি পৰ্য্যন্ত দিবলৈ ৰাজনৈতিক সদিচ্ছা দেখুওৱা নাই।
আত্ম সংস্থাপিত কৃষকক নিৰ্মম উচ্ছেদ: বিমলা প্ৰসাদ চলিহাৰ বদান্যতা
            প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে, - ১৯৫০ চনৰ বৰ ভূমিকম্প আৰু অভূতপূৰ্ব বানত সৰ্বহাৰা বিভিন্ন জিলাৰ কৃষক ৰাইজে ১৯৫৪-৬৫ চনৰ সময়চোৱাত সোৱনশিৰি বনাঞ্চলৰ মীংমাং অঞ্চলৰ মাটিত আত্ম সংস্থাপন  লৈছিল। উত্তৰ লক্ষীমপুৰ-ধেমাজি-ঢকুৱাখনা অঞ্চলৰ শাসক দলৰ একাংশ নেতাৰ হেঁচাত স্থানীয় বন আৰু ৰাজহ বিভাগৰ প্ৰশাসনে নিৰ্মমভাৱে আত্ম সংস্থাপিত দুখীয়া কৃষক সকলক উচ্ছেদ কৰিছিল।  মীংমাং ৰাজগড় এলেকাৰ শতাধিক জনজাতি, অজনজাতি ভূমিহীন কৃষকক প্ৰশাসনে কৰা নিৰ্বিচাৰ উচ্ছেদ অভিযানত ধানৰ ভঁৰালত জুই দিয়াৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰিছিল।
            কৃষক নেতা নৰেন বৰুৱা, সিন্ধুৰাম টায়ুং, বুদ্ধিৰাম কুলি, ভোগেশ্বৰ দত্ত, ৰমনী পাৱে, শৰৎ ৰাভা, কৰেন বড়ো, ডিম্বেশ্বৰ দলে, উটিৰাম দলে আদিৰ উদ্যোগত ʻমীংমাং কৃষক উচ্ছেদ বিৰোধী কমিটিʼৰ বহুমুখী প্ৰচেষ্টাত জনজাতি-অজনজাতি কৃষক সকল সংঘবদ্ধ হৈছিল। উচ্ছেদ বিৰোধী সভা-সমাবেশ, বিক্ষোভৰ শ্ল'গান আছিল – ʻহয় চৰকাৰে কৃষকক মাটি দিয়ক, নহয় চৰকাৰে উচ্ছেদিত সকলক গুলী দিয়কʼ
            এনে পৰিস্থিতিত ১৯৬৭ চনৰ নিৰ্বাচনত ঢকুৱাখনা বিধান সভা সমষ্টিৰ পৰা চি পি আইৰ প্ৰাৰ্থী নামেশ্বৰ পেগু বিধায়ক নিৰ্বাচিত হৈছিল। কমৰেড পেগুৰ প্ৰচেষ্টাত বিধায়ক সকল বিষ্ণুপ্ৰসাদ ৰাভা, ফনী বৰা, শৰৎ ৰাভা, ৰমেশ মোহন কুলি, দুলাল বৰুৱা, শৈলেন মেধিৰে গঠিত বিধায়কৰ প্ৰতিনিধি দল এটাই মীমাঙৰ উচ্ছেদিত কৃষকৰ দুৰৱস্থাৰ পৰিস্থিতি পৰ্য্যবেক্ষন কৰিছিল। প্ৰতিনিধি দলৰ প্ৰচেষ্টাত দল মত নিৰ্বিশেষে ৩৮ জন কৃষক দৰদী বিধায়কৰ যুটীয়া আবেদনৰ আধাৰত বিমলা প্ৰসাদ চলিহা চৰকাৰে সংৰক্ষিত বনাঞ্চলৰ একাৱন্ন হেজাৰ বিঘা মাটি সংৰক্ষন মুক্ত কৰি দি ৰাজনৈতিক বদান্যতাৰ আৰ্হি দেখুৱাইছিল।
            মীংমাং আঞ্চলিক কৃষক সভা আৰু ধেমাজিৰ চি পি আইৰ প্ৰচেষ্টাত বিধায়ক প্ৰমোদ গগৈ আৰু দুলাল খাউণ্ডৰ নিৰলস সহায় সহযোগিতাত মুখ্যমন্ত্ৰী শৰৎ সিংহ, বনমন্ত্ৰী মন্টু চৌধুৰীয়ে হস্তক্ষেপ কৰি ʻচৰকাৰে বিকল্প মাটি নিদিয়া পৰ্য্যন্ত কৃষক সকলক বস-বাসৰ স্থানত থাকিবলৈʼ হুকুম দিছিল। সেই স্থানত আজিও কৃষক পৰিয়াল সমূহে সম্প্ৰীতিৰে বস-বাস কৰি আছে। কিন্তু মীংমাং অঞ্চলৰ ভোগ দখলী এই কৃষক সকলে আজিও ভূমি বন্দৱস্তী পোৱা নাই।
তিতাবৰত কৃষক জাগৰণ: ৰায়তৰ নেতৃত্বত কৃষক সভা
            একে প্ৰসংগতে আঙুলিয়াব পাৰি যে, ১৯৬০ৰ দশকত তিতাবৰৰ দাংধৰা, বৰহোলা, জালুকনি, মাধৱপুৰ অঞ্চলত অধিবাসী ৰায়তে ভোগ দখলী মাটিত ভূমি অধিকাৰ বিচাৰি সংগঠিত আন্দোলন গঢ়ি তুলিছিল। তিতাবৰত কৃষক জাগৰণ গঢ়ি তোলাত যোৰহাটৰ মু্ক্তি যোদ্ধা আৰু প্ৰাদেশিক কৃষক নেতা কীৰ্তি বৰদলৈ, তিতাবৰৰ বিশিষ্ট মু্ক্তিযোদ্ধা যদু দাসৰ লগত সহযোগী ৰূপে সুৰেণ হাজৰিকাৰ আগৰণুৱা ভূমিকা আছিল। এই কৃষক জাগৰণৰ অংশীদাৰ কেইবা হাজাৰ কৃষক-ৰায়তে ভোগ-দখলী অধিকাৰ লাভ কৰি আছে, কিন্তু স্থায়ী ভূমি বন্দৱস্তী লাভ কৰিবলৈ আজিলৈকে সমৰ্থ হোৱা নাই।
অসমত অ-কংগ্ৰেছী চৰকাৰ: বৰবৰা চৰকাৰৰ প্ৰচেষ্টা
            ১৯৭৮ চনৰ বিধান সভাৰ নিৰ্বাচনত পূৰ্বৰ সমাজবাদী নেতা গোলাপ বৰবৰাৰ মুখ্যমন্ত্ৰীত্বত জনতা দলৰ অ-কংগ্ৰেছী চৰকাৰ দিছপুৰত গঠন হৈছিল। এই চৰকাৰে ৰাজনৈতিক কাৰণত অকালতে বিদায় লব লগা হৈছিল। কম সময়চোৱাতে এই চৰকাৰে কৃষক শ্ৰমজীৱী মানুহৰ স্বাৰ্থত কিছু জনমুখী কামৰ প্ৰচেষ্টা কৰিছিল
            নগাঁও জিলাৰ কাকী আৰু গোলাঘাটৰ টেঙানী বনাঞ্চলৰ কৃষক সকলৰ বিষয়টো তল পৰিছিল যদিও বৰবৰা চৰকাৰে দৈয়াং-মেৰাপানী অঞ্চলত আত্ম সংস্থাপিত অধিবাসী কৃষক ৰাইজক বনাঞ্চলৰ মাটি সংৰক্ষন মুক্ত কৰি দিছিল। ভোগ-দখলী মাটিত দুখীয়া ৰাইজে দখল অব্যাহত ৰাখিছে। জনাঞ্চলত ৰাইজে নতুন জীৱন ধাৰা গঢ়ি তোলাৰ প্ৰচেষ্টা কৰি আছে। অসম-নগালেণ্ড সীমান্ত এলেকাৰ ভোগ দখলকাৰী ৰাইজে নিয়মীয়া ভূমি বন্দৱস্তী পোৱা নাই বুলি জনা যায়। জনতা চৰকাৰে দহ বিঘা পৰ্য্যন্ত কৃষি ভূমিৰ খাজানাও মাফ ঘোষণা কৰিছিল।
            আনহাতে ১৯৮৬ চনৰ নিৰ্বাচনৰ পিছত অসম গণ পৰিষদৰ নেতৃবৃন্দই দিছপুৰত ক্ষমতা হাতত লৈছিল। অ গ প চৰকাৰে কৃষি ভূমিৰ চিলিং আইন (১৯৭১) সংশোধন কৰি ৰবৰ বাগিছা, তামোল পাণৰ বাৰী, চাহ বাগিচাৰ সম্প্ৰসাৰণ ইত্যাদিৰ নামত চাহ বাগিচা কৰ্তৃপক্ষ আৰু ব্যক্তিগত মহাজনৰ পৰা চিলিং আইনত পূৰ্বে অধিগৃহীত মাটি পূৰ্বৰ মালিক পক্ষক ঘুৰাই দিয়াৰ ব্যৱস্থা কৰিলে। কাজেই অসমত ভূমি সংস্কাৰ প্ৰক্ৰিয়া স্থবিৰ হৈ গ'ল। ফলত ʻগ্ৰাম্যাঞ্চলৰ ৰায়তী কৃষক সকলৰ মাজত অ গ প-ৰ গণ ভিত্তিত বিৰূপ প্ৰভাৱ পৰা ʼ বুলি সমাজ বিজ্ঞানীয়ে মত পোষণ কৰা পৰিলক্ষিত হৈছে।
আইন মতে জমিদাৰী ব্যৱস্থা ভাগিলকিন্তু দখলী ৰায়তৰ বন্দৱস্তী নাই
            জমিদাৰী মাটিত আইন মতে জমিদাৰী ভাগিল, কিন্তু নতুন ব্যৱস্থাত মাটি দখলকাৰী ৰায়তৰ নামত ভূমি বন্দৱস্তী নাই। এনেকুৱা মাটিৰ দখলদাৰ এতিয়াৰ কামৰূপ মেট্ৰ' জিলাৰ বেলতলা মৌজাৰ বেতকুছি গাওঁৰ ৰায়তৰ একাংশই ৰায়তী স্বত্ব লাভৰ স্বীকৃতি পাইছিল। অনেকৰ ৰায়তী স্বত্বৰ পত্ৰ নৱীকৰণো হৈছিল। আজিৰ পৰা দহ বছৰ মানৰ আগতে তিনিশৰো অধিক ৰায়তে সংঘবদ্ধ হৈ দিছপুৰ ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে ৰায়তী মাটিত মালিকী স্বত্ব বিচাৰি ব্যক্তিগত আবেদন কৰিছিল। একাংশ আবেদনকাৰীয়ে উপায়ুক্তৰ কাৰ্য্যালয়ত ʻপ্ৰিমিয়ামʼ-ও জমা দিছিল। কিন্তু ৰায়তে মালিকী স্বত্বৰে মাটিৰ বন্দৱস্তী পোৱাটো দূৰৰ কথা - ৰায়তে নাজানে ʻএই মাটিৰ বৰ্তমান স্থিতি (status) কি? ʼ
            গুৱাহাটী মহানগৰৰ অন্তৰ্ভুক্ত আন এটা এলেকা চূনচালি গ্ৰান্ট (পূৰ্বৰ চূনচালি চাহ বাগানৰ এলেকা)-ত বহু হেজাৰ লোকৰ বসতি আৰু ঘৰ মাটি আছে। দখলী ঘৰ-বাৰী-মাটিৰ ভূমিস্বত্ব নাই। ৰাজহ বিভাগৰ ৰেকৰ্ডত উক্ত মাটিৰ বৰ্তমান স্থিতি কি - ভোগ দখলকাৰী ৰাইজে নাজানে। এই মাটিৰ বন্ধ ফাইল কেতিয়াবা খোল খাবনে?
            পূৰ্বৰ অবিভক্ত গোৱালপাৰা জিলাৰ মাটিত জমিদাৰী প্ৰথাৰ অৱসান ঘটিল। কিন্তু বড়ো-ৰাভা-গাৰো-হাজং-কোঁচ ৰাজবংশী তথা ইছলাম ধৰ্মাৱলম্বী ৰায়তে দখল কৰি থকা মাটিত পৰিয়ালগত ভাৱে বন্দৱস্তী পোৱা নাই বুলি সামূহিক মন্তব্য শুনা যায়।
            বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি জিলাৰ পূৰ্বৰ জমিদাৰী এলেকাৰ মাটিৰ দখলদাৰী ৰায়ত সকলৰ ব্যক্তিগত বন্দৱস্তী হোৱা নাই। বাংলা ভাষী হিন্দু-ইছলাম ধৰ্মাৱলম্বী প্ৰজাগণৰ লগতে বিষ্ণুপ্ৰিয়া মণিপুৰী, প্ৰাক্তন চাহ শ্ৰমিক আৰু মৎস্যজীৱী দুখীয়া লোক সকলৰ বাৰী-মাটিত নিয়মীয়া বন্দৱস্তী নাই বুলি বৰাক উপত্যকাৰ ৰাজনৈতিক নেতৃবৃন্দ, বুদ্ধিজীৱী-সাংবাদিক সকলে কয়।
            সময়ৰ ৰাজনৈতিক ঢৌত সকলোৱে খাপ খাই চলি আছে, কিন্তু ভূমি বন্দৱস্তীৰ দৰে মৌলিক বিষয় তল পৰি গৈছে।
অৱহেলিত চৰ-চাপৰিবাসী নাগৰিক
            ব্ৰহ্মপুত্ৰ-বৰাক আৰু উপনদী সমূহৰ চৰ-চাপৰি বাসী শ্ৰমজীৱী কৃষি নিৰ্ভৰ নাগৰিক সকলৰ ভোগ-দখলী মাটিৰ জৰীপ আৰু বন্দৱস্তীৰ বিষয়টো দীৰ্ঘকাল অৱহেলিত হৈ থকা পৰিলক্ষিত হৈছে। প্ৰাপ্ত তথ্য মতে, চৰ-চাপৰি এলেকাৰ সকলো মাটিৰ জৰীপেই হোৱা নাই। জৰীপ হোৱা ১১.৯০ লাখ বিঘাৰ ভিতৰত ৯.৯০ লাখ বিঘাত বন্দৱস্তী দিয়া হৈছে। আন অংশ অৱহেলিত।
সীমান্তৱৰ্তী খেতিয়কৰ মাটিৰ প্ৰসংগ
            ৰাজ্যখনৰ কেইবাখনো জিলাৰ বান বিধস্ত, গৰাখহনীয়াত সৰ্বহাৰা হোৱা আৰু ১৯৫০ চনৰ ভূমিকম্পকে ধৰি প্ৰাকৃতিক দুৰ্য্যোগত পীড়িত হাজাৰ হাজাৰ অধিবাসী দুখীয়া পৰিয়ালে গছ-গছনি নথকা খেতি আৰু ভেটিৰ বাবে উপযোগী বনাঞ্চলৰ নামত পৰি থকা ৰাজ্যিক সীমান্তৰ মাটিত, বিশেষকৈ নগালেণ্ড, অৰুণাচল প্ৰদেশ, মেঘালয়, মিজোৰামৰ সাংবিধানিক সীমাৰেখাৰ বাহিৰৰ অসমৰ এলেকাভূক্ত মাটি, ভোগ-দখল কৰি আছে। ১৯৫৪-৫৫ চনৰ পৰা ১৯৮৫ চন পৰ্য্যন্ত এনেদৰে ভোগ-দখল সাব্যস্ত কৰি থকা ভেটি আৰু খেতিৰ মাটিত জৰীপেই হোৱা নাই বন্দৱস্তীৰ প্ৰশ্নটো বহু দূৰত।
            প্ৰসংগক্ৰমে প্ৰণিধানযোগ্য যে ১৯৮৬ চনৰ পূৰ্বে ভোগ-দখল কৰা বনাঞ্চলৰ মাটিত ১৯৮৬ চনত দিল্লীত হোৱা ৰাজ্যিক ৰাজহ মন্ত্ৰী সকলৰ সন্মিলনে যোগ্যতাৰ ভিত্তিত পট্টন দিবলৈ পৰামৰ্শ দিছিল। কিন্তু অসমত এনে ʻপৰামৰ্শʼ কাৰ্য্যকৰী কৰাৰ নজিৰ নাই। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহন কৰা ʻবন আইনʼ খনো অসমত ৰূপায়ণ কৰাৰ উদ্যোগ চৰকাৰে লোৱা নাই।
চাহ বাগিচাৰ গ্ৰান্ট সমূহৰ মাটিত পুণৰ জৰীপ হওক
            আমাৰ ৰাজ্যখনত প্ৰায় আঠশ খন চাহ বাগিচা আছে। বাগিচা বিলাকৰ গ্ৰান্টৰ মাটিৰ পৰিমাণ কিমান সেই সম্পৰ্কে বিতং জনা নাযায়। এই সন্দৰ্ভত জনমতত ভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া পৰিলক্ষিত হৈ আহিছে। গতিকে জনমনৰ আশংকা-প্ৰতিক্ৰিয়া দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে বাগিচা সমূহৰ গ্ৰান্টৰ মাটিৰ যথাযথ পুণৰ জৰীপ কৰি শেহতীয়া নথি প্ৰস্তুত আৰু প্ৰকাশ কৰাটো এটা অন্যতম গুৰুত্বপূৰ্ণ বিষয়।
            যথাযথ জৰীপৰ নথি প্ৰস্তুতিৰ পিছত বেআইনী ভাৱে দখলত ৰখা মাটিত সমীপৱৰ্তী প্ৰাক্তন চাহ শ্ৰমিকৰ শিক্ষিত নিবনুৱাকে ধৰি অন্যান্য নিবনুৱাক ক্ষুদ্ৰ চাহ খেতিৰ বাবে মাটি আৱন্টন/বন্দৱস্তী দিয়া উচিত। ইতিমধ্যে কিছু সংখ্যক নিবনুৱা যুৱকক ক্ষুদ্ৰ চাহ বাগিচাৰ বাবে ত্ৰিশ বিঘাকৈ মাটি উজনি অসমৰ কিছু এলেকাত চৰকাৰে আবন্টন দিছে। এনে প্ৰচেষ্টাক সম্প্ৰসাৰণ কৰা হওক।
জনজাতীয় বেল্ট-ব্লক সম্পৰ্কে পৰ্য্যালোচনা: সহমত প্ৰয়োজন
            অসম ভূমি ৰাজহ বিধি (১৮৮৬)ৰ লগত দশম অনুচ্ছেদ সংযোজন কৰি অসমৰ জনজাতীয় ভৈয়ামবাসী লোক  সকলৰ বাবে ভূমি সংৰক্ষণ কৰাৰ উদ্দেশ্যে জনজাতীয় লোক সকলৰ বসতি প্ৰধান এলেকাৰ সংলগ্ন ভূমিত বেল্ট/ব্লক গঠন কৰা হৈছিল। এই বেল্ট-ব্লক সমূহক সামূহিক ভূমি (community land) ৰূপে গণ্য কৰা হৈছিল। এনে সংৰক্ষিত ভূমি খণ্ডক ৰক্ষণাবেক্ষণ দিয়াত কৰ্তৃপক্ষ অমনোযোগী হোৱাত ʻথলগিৰিʼ কিছু শক্তিৰ সহায়ত বেল্ট-ব্লকৰ মাটিত বেদখল, বেআইনী হস্তান্তৰৰ প্ৰৱলতা বৃদ্ধি পাব ধৰিছে।
            তদুপৰি নতুন নতুন বাণিজ্যিক কেন্দ্ৰ, নতুন নতুন অফিচ-আদালত, স্কুল-কলেজ, শিল্প ক্ষেত্ৰ নিৰ্মাণৰ প্ৰয়োজনতো বেল্ট-ব্লকৰ মাটি সংকুচিত হ'ব ধৰিলে। আজি বেল্ট-ব্লক প্ৰায় বিপন্ন অৱস্থালৈ অৱনমিত হোৱা পৰিলক্ষিত হৈছে। কাজেই জনজাতীয় কৃষিজীৱী গোষ্ঠী সমূহে পূৰ্বে সংৰক্ষিত ভূমি হেৰুওৱাৰ আশংকা আৰু ক্ষোভ বাঢ়িছে।
            সেয়ে চৰকাৰৰ উদ্যোগত জনজাতীয় ৰাজনৈতিক-অৰাজনৈতিক সংগঠন, অন্যান্য প্ৰতিষ্ঠিত ৰাজনৈতিক দল, কৃষক সংগঠন সমূহৰ প্ৰতিনিধিৰ সকলৰ উমৈহতীয়া সভাত এই বিষয়ৰ পৰ্য্যালোচনা কৰা হওক। সকলোৰে সহমতৰ ভিত্তিত নতুন দৃষ্টিভংগীৰে সিদ্ধান্ত কৰি জনগোষ্ঠী সমূহৰ আশংকা আৰু ক্ষোভ দূৰ কৰিব লাগে। অন্যহাতে ইয়াৰ লগতে সংৰক্ষিত ভূখণ্ডৰ ভিতৰত পুৰুষাণুক্ৰমে বসবাসী অজনজাতীয় লোক সকলকো পৰিয়াল ভিত্তিত মাটি পট্টন দিয়াৰ নীতি প্ৰযোজ্য হওক।
ধৰ্মানুষ্ঠান-দাতব্য প্ৰতিষ্ঠানৰ ভূ-সম্পদৰ সম্পৰ্কত
            আমাৰ ৰাজ্য খনৰ সকলো ধৰ্মৰ ধৰ্মানুষ্ঠান-দাতব্য প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ধৰ্মানুষ্ঠান আৰু দাতব্য প্ৰতিষ্ঠানৰ ভূমি অধিগ্ৰহন আইন (১৯৫৯)খন প্ৰযোজ্য কৰিবলৈ কোনো চৰকাৰে উদ্যোগ লোৱা নাই। সামন্ত যুগৰ দেবোত্তৰ, ধৰ্মোত্তৰ, ৱাকফ, গিৰ্জাঘৰীয়া, দাতব্য প্ৰতিষ্ঠানৰ ভূমি ব্যৱস্থাত আমূল সংস্কাৰ অৱশ্যেই আজি হ'ব লাগে। খাট-পামৰ উদ্বৃত্ব ভূমি দখলকাৰী লোক সকলৰ নামত বন্দৱস্তী দিয়াটো সময় উপযোগী হ'ব বুলি মত পোষণ কৰি আহিছে বহু কেইবাপুৰুষ ধৰি দখলদাৰ পৰিয়ালে। তদুপৰি কোনো কোনো ঠাইত এনে মাটিৰ বেদখল, বেনামী হস্তান্তৰ হোৱাৰ অভিযোগ সংবাদ পত্ৰত প্ৰকাশ পাইছে। গতিকে বিষয়টোৰ বস্তুনিষ্ঠ পৰ্য্যালোচনা জৰুৰী হৈছে।
ভূমি বন্দৱস্তী ব্যৱস্থাত বিকেন্দ্ৰীকৰণ প্ৰক্ৰিয়া অপৰিহাৰ্য্য
            অসমত ভূমি বন্দৱস্তীৰ ক্ষেত্ৰত অসম ভূমি ৰাজহ বিধি (১৮৮৬)-ৰ সংশোধিত ৰূপ, ʻঅসম ৰিচেটলমেন্ট মেনুৱেল এক্ট (১৯৩৩) অসম লেণ্ড ৰেকৰ্ড মেনুৱেল ৰুলʼ প্ৰযোজ্য হৈ আছে। এই বিষয়টো সময়োপযোগী কৰাৰ স্বাৰ্থত পৰ্য্যালোচনা হ'ব লাগে। প্ৰচলিত ভূমি বন্দৱস্তী ব্যৱস্থাটো বিকেন্দ্ৰীকৰণ নহ'লে আমাৰ গাঁও-ভূই, চৰ-চাপৰিৰ বাসিন্দা লোক সকলে স্থাৱৰ সম্পত্তি ৰূপে ভূমি পট্টন ব্যৱস্থাটোৰ পৰা উপকৃত হোৱাৰ আশা সুদূৰ পৰাহত। স্বাধীনোত্তৰ অসমত সৰ্বসাধাৰণ ৰাইজে সন্মুখীন হোৱা ভূমি বন্দৱস্তীৰ তিতা-কেহা অভিজ্ঞতাই প্ৰচলিত ব্যৱস্থাটোৰ নেতিবাচক দিশটো উদঙাই দিয়ে। অন্যহাতে একাংশ ধনিক-বনিক শ্ৰেণীৰ লোকে ধনবল, বাহুবল আৰু ৰাজনৈতিক প্ৰভাৱ খটুৱাই ভূমি স্বত্ব লাভ কৰাৰ অনেক উদাহৰণ পৰিলক্ষিত হৈছে। গতিকে ʻসততা আৰু নিষ্ঠাৰেʼ ভূমি বন্দৱস্তী ৰাইজক দিবলৈ আইনগত ক্ষমতা দি ʻভূমি উপদেষ্টা সমিতিʼ গঠন কৰিব লাগে।
            ভাৰতৰ তিনিখন ৰাজ্য কেৰালা, পশ্চিম বংগ আৰু ত্ৰিপুৰাৰ বাওঁ চৰকাৰে ভূমি উপদেষ্টা সমিতিক  আইনগত ক্ষমতা (statutory power) দি দ্ৰুত গতিত সততা আৰু নিষ্ঠাৰে ভূমি বন্দৱস্তী দিয়াত দেশৰ ভিতৰতে ইতিমধ্যে আৰ্হি দেখুৱাইছে। ইতিবাচক আৰ্হি ৰূপে অসমতো তেনে নীতি গ্ৰহন কৰিব লাগে।
            স্বাধীনোত্তৰ বহু দশক ধৰি ৰাজ্যৰ দুখীয়া ভূমিহীন আৰু বিভিন্ন প্ৰাকৃতিক দুৰ্য্যোগত পীড়িত হৈ লাখে লাখে পৰিয়ালে চৰকাৰী ভূমিত আত্ম সংস্থাপিত হৈ ভোগ-দখলী মাটিত আইনগত ভূমি স্বত্ব লাভ কৰা নাই। এনে লোক সকল চৰকাৰী নথি মতে ভূমিহীন নাগৰিক। সেইদৰে পূৰ্বৰ জমিদাৰী মাটিৰ লোক সকলৰো যিহেতুকে ৰাজহ বিভাগৰ নথিত নাম নাই, গতিকে সেই সকলো ভূমিহীন নাগৰিক।
            আনহাতে যি সকল লোক ভূমি ভোগ-দখলত আছে কিন্তু চৰকাৰী নথি-পত্ৰৰ মতে তেনে লোকৰ নামত মাটিৰ আৱন্টন/বন্দৱস্তী নাই- সেই সকলৰ ভোগ-দখলৰ থকা মাটি বোৰ নথি মতে ʻখালি জমিʼ অৰ্থাৎ দখল বৰ্হিভূত ভাৱে পৰি আছে। প্ৰচলিত আইন ব্যৱস্থা মতে, সেই মাটিত দখলদাৰী নাগৰিক সকল বেদখলকাৰী” - গতিকে এনে ʻঅকৰ্তৃত্বহীন দখলকাৰীʼক বেদখলকাৰী সজাই, তেনে সকলক কৰ্তৃপক্ষই উচ্ছেদ কৰিব পাৰে বা কৰা উচিত বুলি চৰকাৰী পক্ষই কয়।
            এনে ধ্যান ধাৰণাই আমাৰ ৰাজ্যখনৰ জনজীৱনত সীমাহীন বিতৰ্ক আৰু সমস্যাৰ সৃষ্টি কৰিব পাৰে। তেনে সমস্যা এৰাই চলিবলৈ হ'লে কৰ্তৃপক্ষই নিৰ্বিচাৰ উচ্ছেদ বন্ধ কৰা উচিত আৰু নাগৰিকৰ মাটি ভোগ-দখলী স্বত্বক স্বীকৃতি দিয়া দৰকাৰ।
ʻজাতি-মাটিʼৰ প্ৰশ্নত: সাংবিধানিক ৰক্ষা কৱচ অপৰিহাৰ্য্য
            দেশৰ অংগ ৰাজ্য ৰূপে অসমৰ ʻজাতি-মাটিʼক সুৰক্ষিত কৰিবলৈ অসম চুক্তিৰ ষষ্ঠ অনুচ্ছেদ মতে অসমৰ বাবে সাংবিধানিক ৰক্ষা কৱচ বিষয়ত কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যখনৰ দল সংগঠন, নাগৰিক সমাজৰ সহমত প্ৰতিষ্ঠিত হৈ আছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীখন চুড়ান্ত কৰাত অগ্ৰাধিকাৰ দিব লাগে। ইও এই প্ৰসংগত আৱশ্যকীয় উপাদান। এনে অৱস্থাত আমি সংবিধানৰ ৩৭০ অনুচ্ছেদ অসমৰ ক্ষেত্ৰত প্ৰযোজ্য কৰি অসমৰ ভাষা-সংস্কৃতি আৰু ৰাজ্যখনৰ ৰাজনৈতিক স্বায়ত্বতাক সুৰক্ষিত কৰিব লাগে। সংবিধানৰ ৩৭০ অনুচ্ছেদ জম্মু-কাশ্মীৰৰ ক্ষেত্ৰত প্ৰযোজ্য কৰি সেই ৰাজ্যখনৰ ভাষা-সংস্কৃতি, ৰাজ্যিক স্বায়ত্বতাক সুৰক্ষিত কৰাৰ উদাহৰন দেশ-বিদেশৰ সচেতন মহলে দেখিছে। গতিকে এনে ব্যৱস্থা অসমৰ ক্ষেত্ৰটো শীঘ্ৰে প্ৰযোজ্য হ'ব লাগে।
            ইয়াৰোপৰি সংবিধানৰ ৩৭১() অনুচ্ছেদ অসমৰ ক্ষেত্ৰত প্ৰয়োগ কৰি ৰাজ্য খনৰ স্থাৱৰ ভূ-সম্পদ আৰু জল-বন-খনিজ সম্পদৰ ওপৰত অধিকাৰ স্বীকৃত হ'ব লাগে। ইতিমধ্যে সংবিধানৰ ৩৭১() অনুচ্ছেদ প্ৰযোজ্য কৰি উত্তৰ-পূব ভাৰতৰ নগালেণ্ডকে ধৰি পাহাৰীয়া ৰাজ্য কেইখনৰ ভূ-সম্পদ আৰু অন্যান্য সম্পদ সমূহৰ ওপৰত সংশ্লিষ্ট ৰাজ্যৰ অধিকাৰৰ স্বীকৃতি আৰু ব্যৱহাৰিক ক্ষেত্ৰত ৰাজ্যৰ অধিকাৰ সাব্যস্ত হৈ আছে।
            গতিকে অসমৰ ক্ষেত্ৰত ইয়াৰ ব্যতিক্ৰম হ'ব নালাগে। দেশৰ অংগ ৰাজ্য হিচাপে এই ৰাজ্যৰো সম-অধিকাৰ, সম-বিকাশ ʻসাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ ভাৰত প্ৰজাতন্ত্ৰʼত নিশ্চিত হ'বই লাগিব। আমাৰ ʻজাতি-ৰাষ্ট্ৰʼখনত বৈচিত্ৰ্যৰ মাজত একতা সুৰক্ষিত আৰু শক্তিশালী হোৱাৰ স্বাৰ্থত।


লেখকৰ ফোন - ৯৪০১৫৩৪৯৬৮

No comments:

Post a Comment