পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অসম চৰকাৰৰ পৃষ্ঠপোষকতাত আয়োজিত সাহিত্যৰথীৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীত মুখ্যমন্ত্ৰীয়ে সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি যোগোৱা ব্যক্তিক সন্মানিত কৰিবলৈ সাহিত্যৰথীৰ নামত ৰাজ্য চৰকাৰে বঁটা প্ৰৱৰ্তন কৰিব বুলি ঘোষণা কৰে। তদুপৰি নতুন দিল্লী, কলকতা আৰু বেংগেলুৰুৰ অসম ভৱনত সাহিত্যৰথীৰ প্ৰতিমূৰ্তি স্থাপন কৰিবলৈ চৰকাৰে পদক্ষেপ লব বুলিও সুখবৰ প্ৰকাশ কৰে। আনফালে গুৱাহাটী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত লক্ষ্মীনাথ বেজবৰুৱা ডেৰশ বছৰীয়া জন্ম-জয়ন্তী উদযাপন সমিতিয়েও দিনজোৰা কাৰ্যসূচীৰে সামৰণী অনুষ্ঠানৰ আয়োজন কৰাে। এই অনুষ্ঠানতে বেজবৰুৱাৰ উদ্ধৃতি সমূহৰ এখনি সংকলনো উন্মোচন কৰা হয়।

২. ৰাজ্য চৰকাৰৰ মৰগীয়া বানচ পুনৰ ৭ শতাংশ বৃদ্ধি কৰাৰ সুখবৰ প্ৰকাশ পাইছে। ফলত মৰগীয়া বানচৰ পৰিমাণ ১০৭ শতাংশলৈ বৃদ্ধি পাইছে।

৩. যোৱা পাঁচ বছৰৰ ভিতৰত পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতিৰ হাৰে সৰ্বনিম্ন স্তৰত উপনীত হৈ ২.৩৮ শতাংশলৈ নামি অহাৰ সুখবৰ।  এই নিম্নগামী পাইকাৰী মূল্যৰ মুদ্ৰাস্ফীতিৰ হাৰলৈ লক্ষ্য ৰাখি ভাৰতীয় ৰিজাৰ্ভ বেংকেও এতিয়া অতি শীঘ্ৰেই ঋণৰ সুদৰ হাৰ হ্ৰাস কৰাৰ সম্ভাৱনা থকা বুলি জানিব পৰা গৈছে।

৪. দেশৰ প্ৰধানমন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণলৈ আহিব নৰেন্দ্ৰ মোডী। অহা ২১, ২২ নৱেম্বৰত দুদিনীয়াকৈ গুৱাহাটীত দেশৰ আৰক্ষী সঞ্চালকপ্ৰধান আৰু মহাপৰিদৰ্শক সকলৰ বৈঠক উদ্বোধন কৰিবলৈ আহিব প্ৰধানমন্ত্ৰীজন। আগতে মাত্ৰ দিল্লীত অনুষ্ঠিত হোৱা এই বৈঠকখন প্ৰথমবাৰৰ বাবে দিল্লীৰ বাহিৰত গুৱাহাটীত অনুষ্ঠিত কৰিবলৈ লোৱাৰ সুখবৰ। এই বৈঠকত গৃহমন্ত্ৰী ৰাজনাথ সিঙেও অংশ গ্ৰহণ কৰিব।

৫. অসমত আঞ্চলিকতাবাদী শক্তিক পুনৰোদ্ধাৰ কৰিবৰ বাবে অগপই আহ্বান কৰা জাতীয় ৰাজনৈতিক অভিবৰ্তনত বিগত সময়ৰ ভুল-ত্ৰুটিৰ বাবে ক্ষমা ভিক্ষা কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। নিশ্চিত ধ্বংসৰ পৰা উদ্ধাৰ পাবলৈ অভিবৰ্তনে অনা শেষ সুযোগ গ্ৰহণ কৰিবলৈ নেতা সকললৈ আহ্বান জনালে হোমেন বৰগোহাঞিয়ে। ৰাজ্যৰ বহু গণ্য-মান্য আৰু নিজৰ ক্ষেত্ৰত বিশেষজ্ঞ ব্যক্তিয়েও অনুষ্ঠানটোত বিভিন্ন দিহা পৰামৰ্শ আগবঢ়োৱাৰ সুখবৰো প্ৰকাশ পাইছে।

৬. তেজপুৰৰ ভাৰতীয় সেনা ছাউনীৰ অভিযান্ত্ৰিক কাৰ্যালয়ত চিবিআইৰ দলে অভিযান চলাই ঘোচখোৰ সেনা বিষয়াক আটক কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

৭. ডাঃ সৰিতা টছনিৱালৰ হত্যাকাণ্ডৰ তদন্তত ত্ৰুটি ৰৈ যোৱা তথা ফৰেনচিক বিভাগে কৰা গাফিলতিৰ অভিযোগক গুৰুত্ব সহকাৰে লৈছে অসম চৰকাৰে। পৰিয়ালে আঙুলিয়াই দিয়া বিষয়টোত তদন্ত কৰিবৰ বাবে অসম চৰকাৰে ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব প্ৰতীক হাজেলাক দ্বায়িত্ব দিয়াৰ লগতে দ্ৰুত আদালতত বিচাৰ প্ৰক্ৰিয়া চলাবৰ বাবেও নিৰ্দেশ দিয়া বুলি খবৰ প্ৰকাশ পাইছে।

৮. লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন আৰু কৰ্মৰাজিক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যাবৰ বাবে বৰপেটা হাউলী কলেজে তেখেতৰ কৰ্মৰাজিৰ মূল্যায়ন কৰা ২৫টা প্ৰৱন্ধৰ ইংৰাজী অনুবাদেৰে "লক্ষ্মীনাথ বেজবৰুৱাঃ দ্য মেন এণ্ড মিচন" শীৰ্ষক গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে। কালি এই গ্ৰন্থখন গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচন কৰে প্ৰবীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে। একেটা অনুষ্ঠানতে বি এইচ কলেজ প্ৰকাশন সমিতিৰ আন চাৰিখন গ্ৰন্থও উন্মোচিত হোৱাৰ সুখবৰ।

৯. কিশোৰ কুমাৰ ফেন ক্লাৱৰ উদ্যোগত শিলচৰত স্থাপিত হ'ল মহান শিল্পী গৰাকীৰ এটি আবক্ষ প্ৰতিমূৰ্তি। এই প্ৰতিমূৰ্তি উন্মোচন কৰিলে অসম চৰকাৰৰ মন্ত্ৰী গৌতম ৰয়ে।

১০. মুখ্যমন্ত্ৰীৰ "পৰিস্কাৰ অসম অভিযান"ৰ অংশ হিচাবে ৰাজ্যিক আৰু জিলা পৰ্যায়ত আজিৰে পৰা পালিত হব "পৰিস্কাৰ আৰু সেউজ অসম সজাগতা সপ্তাহ"।  মুখ্যমন্ত্ৰীয়ে গুৱাহাটীত এই সজাগতা সপ্তাহ উন্মোচন কৰিব। এই কাৰ্যসূচীৰে ব্লক তথা গাঁও পৰ্যায়তো সকলো স্তৰৰ লোককে সমাৰি লোৱাৰ পদক্ষেপ লোৱা হব। আনহাতে মুখ্যমন্ত্ৰীয়ে টুইটাৰ যোগে প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰা "সাংসদ আদৰ্শ গ্ৰাম" যোজনাৰো প্ৰশংসা কৰিছে বুলিও বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment