ASD 193: 14TH APRIL - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 193: 14TH APRIL

ASD 193: 14TH APRIL

Share This

অসমীয়া সুখ-দুখ পৰিয়ালৰ পৰা সকলো ৰাইজ তথা পাঠক সমাজলৈ ৰঙালী বিহু আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালো ৷
------------------

অসমীয়া সুখ দুখৰ 


     ANDROID মবাইলৰ বাবে apps 
                     ------------------------------------------------------------
অসমীয়াৰ সুখ-দুখ
প্ৰথম বছৰঃ ১৯৩তম সংখ্যাঃ ১৪এপ্ৰিল ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

(ইউনিকোডত অসমীয়া বাতৰি)
সুখৰ খবৰঃ

১. ৰঙালী বিহুৰ উচাহত মতলীয়া অসমবাসীঃ বিশ্বৰ বিভিন্ন প্ৰান্ততো বিহুৰ উলহ-মালহ তথা উদযাপনৰ খবৰ ৷

২. অসম সাহিত্য সভাৰ নতুন সভাপতিয়ে ৰাজ্যবাসীলৈ জনালে বিহুৰ শুভেচ্ছাঃ এইবাৰ ঘৰে ঘৰে গৈ বৰ্ষীয়ান লেখক-শিল্পীক বিহুৰ শুভেচ্ছা তথা নৱবৰ্ষৰ ওলগ জনাবগৈ সাহিত্য সভাৰ নেতা-কৰ্মীয়ে ৷

৩. আলফাই বিহু মঞ্চত হিন্দী গীত পৰিবেশনত জাৰি কৰিলে নিষেধাজ্ঞাঃ বৰ্হিঃ ৰাজ্যৰ শিল্পী আনি লাখে লাখে টকা আদায় দি বলিউদী বিহুৰ আয়োজক সকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়া ৷

৪, ন্যায়িক প্ৰক্ৰিয়াৰ বিসংগতি দূৰীকৰণৰ বাবে উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ঃ চিভিল কৰ্টত নাগৰিকত্ব বিষয়ক আবেদন কৰি সন্দেহজনক নাগৰিকক বহুদিনলৈ সুৰক্ষা প্ৰদান কৰাৰ বাট হব বন্ধ ৷

৫. হাফলঙৰ জয়শ্ৰী নাইডিঙৰ সফলতাঃ ভাৰতীয় বনসেৱালৈ নিৰ্বাচিত ৷

৬. অহা ১৭ এপ্ৰিলত যোৰহাটত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব শিশু উপযোগী চুইমিং পুল ৷

৭. ধুবুৰীত ৩৬ লাখ নগদ টকাসহ আৰক্ষীৰ জালত পৰিল কৃষি বিষয়াঃ মন্ত্ৰীয়ে ঘোষণা কৰি নিলম্বন ৷

৮. পহিলা বহাগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত জাতি-জনগোষ্ঠীৰ সংস্কৃতিৰ চানেকিৰে বৰ্ণিল হৈ উঠিব কলংপাৰৰ নেহৰুবালিঃ ৰঙালী বিহুৰ উদযাপনৰ লগতে অনুষ্ঠিত হব জাতীয় সাংস্কৃতিক সমাৰোহ ৷

৯. সাত মিটাৰ সাত ইঞ্চি দৈৰ্ঘৰ গগণা নিৰ্মাণ কৰি এইবাৰ বিশ্ব অভিলেখ গঢ়িবলৈ ওলাইছে নগাঁৱৰ চিত্ৰ-ভাস্কৰ্য শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই ৷

১০. চৰ-চাপৰি সাহিত্য পৰিষদৰ বছেৰেকীয়া মুখপত্ৰ “জাগৰণ” উন্মোচিত হ’ল অভয়াপুৰী মহাবিদ্যালয়ৰ সভাকক্ষতঃ ২১৭পৃষ্ঠাৰ এই আলোচনীখনৰ সম্পাদনা পৰিষদৰ পত্ৰিকা সম্পাদক বখসী হজৰত আলী আহমেদৰ ৷

১১. সৰ্বোচ্চ মাইলেজ দিয়া ডিজেলচালিত চিডানৰ দাবীদাৰ হোণ্ডা এমেজ মুকলি হ’ল উত্তৰ পূৱ ভাৰতৰ বজাৰৰ বাবেওঃ মুকলি কৰিলে হোণ্ডাৰ চিইঅ’ই গুৱাহাটীত ৷

সভা সমিতিঃ
১. আজিৰ পৰা গজাপাৰা আঞ্চলিক ৰাভা কৃষ্টি সন্মিলনীৰ বাৰ্ষিক অধিৱেশন ৷
২. মৰিগাঁৱত তিৱা স্বায়ত্ত পৰিষদৰ ১৮তম প্ৰতিষ্ঠা দিৱস উদযাপিত ৷

চিন্তাজনক খবৰঃ

১. বঙাইগাঁৱৰ পৰা যোগীঘোপামুখী কয়লাবাহী ট্ৰাকৰ পৰা কোটি কোটি টকাৰ গুণ্ডাকৰ সংগ্ৰহঃ ছিণ্ডিকেটৰ বিশাল সামাজ্যৰ কলীয়া ডাৱৰে চানি ধৰিছে ৰাষ্ট্ৰীয় ঘাইপথ ৷

২. ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ নাই আন্তঃ গাঁথনিঃ মাত্ৰ এজন সদস্যৰে, সৰু ভাৰাঘৰত চলি আছে  আয়োগ, সদস্যৰ পৰা ড্ৰাইভাৰ, চুইপাৰলৈ ৩৪টা পদ খালী, চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা ৷

৩. দুলাৰাই বড়ো সমাজৰ অধিবেশনত খাম্ফা বৰগয়াৰীয়ে ক’লে- “বিটিচিৰ গাঁও কৰ্তন চৰকাৰৰ ষড়যন্ত্ৰ”!

৪. ৰহাৰ জনবহুল এলেকা সৰাগাঁৱত বাঘৰ বিচৰণঃ গাড়ীৰ খুন্দাত নিহত হ’ল লতামাকৰি বাঘ ৷

৫. ৰাজ্য সভাত খালী হোৱা দ্বিতীয়খন আসনক লৈ পুনৰ গৰম হৈছে ৰাজ্যৰ ৰাজনীতিঃ একেখন আসনৰ দাবীদাৰ বিভিন্ন জনগোষ্ঠীয় সংগঠন, সিদ্ধান্ত বিচাৰি মুখ্যমন্ত্ৰী দিল্লীলৈ ৷

৬. নলবাৰীত পথ পকীকৰণৰ নামত ব্যাপক কেলেংকাৰিঃ ভুৱা বিলেৰে সৰকাই নিলে ৩৫লাখ ৷

৭. এতিয়াও শিক্ষাৰ বাট বহুত বাকীঃ ৰাজ্যৰ প্ৰাথমিক পৰ্যায়ত ১৬৮জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে মাথোন এজনকৈ শিক্ষক ৷

৮. সচিবালয়ৰ দেৱালত লাখ লাখ টকাৰ শিল্প ভাস্কৰ্যঃ বাৰেপাচি ভুলেৰে খোদিত হ’ল অসমীয়া ভাষা !

No comments:

Post a Comment