ASD 188: 8TH APRIL 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 188: 8TH APRIL 2013

ASD 188: 8TH APRIL 2013

Share This

অসমীয়া সুখ দুখৰ 


     ANDROID মবাইল বাবে apps 
------------------------------------------------------------

অসমীয়াৰ সুখ-দুখ

প্ৰথম বছৰঃ ১৮৮তম সংখ্যাঃ ৮ এপ্ৰিল ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক
(ইউনিকোডত অসমীয়া বাতৰি)

সুখৰ খবৰঃ

আজিৰে পৰা কাজিৰঙাত বন্যপ্ৰাণীৰ সুৰক্ষাত ড্ৰোণ, মানৱবিহীন এয়াৰ ক্ৰাফটেৰে চলিব নিৰীক্ষণঃ গঁড় হত্যাৰ তদন্তৰ ভাৰ প্ৰদান কৰা হ’ল চি.বি.আইক ৷

অসম বিধান সভাৰ মহাৰজত জয়ন্তীৰ সামৰণী অনুষ্ঠানৰ সফলতা পূৰ্বক উদযাপন ৷

গোলাঘাট প্ৰেছ ক্লাৱে প্ৰবৰ্তন কৰা হৰেন্দ্ৰ নাথ বৰুৱা স্মাৰক বঁটা প্ৰদান কৰা হয় প্ৰবীণ সংবাদিক যদু কাকতিক৷

আলফাৰ ৩৪তম প্ৰতিস্থা দিৱসত উঠিল নতুন আশাৰ ৰোলঃ অচিৰেই জনগণ আশ্বস্ত হব পৰাকৈ এক ৰাজনৈতিক সিদ্ধান্তত উপনীত হব পৰা যাব বুলি কৰিলে মত প্ৰকাশ ৷

দিল্লীত মুখ্যমন্ত্ৰী-ন্যায়াধীশৰ যুটীয়া সন্মিলনত মুখ্যমন্ত্ৰীয়ে গগৈয়ে ক’লে- প্ৰমাণ পালে ছিণ্ডিকেটত জযিত মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে গ্ৰহণ কৰা হব আইনী ব্যৱস্থা ৷

বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীয়ে কৰিলে আশ্বস্তঃ ক’লে- বিটিচিত লুপ্ত হবলৈ দিয়া নহ’ব অসমীয়া ভাষা ৷

ইংৰাজী মাধ্যমৰ চৰকাৰী বিদ্যালয় প্ৰসংগত একমুখে সৰৱ হ’ল আছু আৰু এবছুঃ মাতৃভাষা মাধ্যমক অৱহেলা কৰা নচলিব বুলি দিলে সকীয়নি ৷

নগাঁৱত উন্মোচিত হ’ল গুণমালাৰ ইংৰাজী অনুবাদ "গাৰলেণ্ড অৱ ভাৰ্চু", অনুবাদক ডঃ সঞ্জীৱ কুমাৰ বৰকাকতিয়ে, ইংৰাজী লিপ্যন্তৰ পণ্ডিত যাদৱ মহন্তৰ ৷ উন্মোচনী সভাত ভদ্ৰকৃষ্ণ গোস্বামীদেৱে ক’লে- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক বিশ্ব দৰবাৰলৈ লৈ যোৱাটো সময়ৰ আহ্বান ৷

চিৰাঙত আৰম্ভ হৈছে বড়ো সমাজৰ  কেন্দ্ৰীয় অধিবেশন ৷

পাকস্থলীৰ ৰোগত আক্ৰান্ত হোৱা নেলচন মেণ্ডেলা সুস্থ হৈ গৃহ অভিমুখী হোৱাৰ সু-খবৰ ৷

চাৰিজন প্ৰবীণ সংবাদিকলৈ সদৌ অসম সাংবাদিক সন্থা (আজু)ৰ কৃৰ্তিমান সাংবাদিকতা বঁটাঃ কেশৱ শইকীয়া, উমা গোহাঁই, সুৰেশ বৰঠাকুৰ আৰু ইকবাল আহমেদলৈ এই সন্মান ৷

ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ, অসমৰ উদ্যোগত চাবুৱাৰ ডিডিআৰ কলেজত অনুষ্ঠিত হ’ল অসমীয়া ইউনিক’ডত অসমীয়া লিখন কৰ্মশালাঃ ব্যৱহাৰ কৰিলে "ৰদালি" নামৰ লেখন সঁজুলি ৷

মেঘালয়ৰ আমজঙত অনুষ্ঠিত হ’ল তিৱা সাহিত্য সভাৰ অধিবেশনঃ উন্মোচিত হ’ল "লেমৰা", "থুংৰা", "তিৱা ভাষাৰ নেওতা", "কাদাল পিঠা" আদি গ্ৰন্থ ৷ 

তেজপুৰৰ গ্ৰাম্য গ্ৰন্থমেলাত অনুষ্ঠিত হ’ল মনোজ্ঞ আলোচনাঃ সংৰক্ষণৰ বাবে দহখনকৈ প্ৰাচীন পুথি শাখা সাহিত্য সভাক প্ৰদান কৰিলে মদাৰগুৰি সত্ৰৰ সত্ৰাধিকাৰে৷

চিন্তনীয় বাতৰিঃ

তথ্য প্ৰযু্ক্তিৰ অধিক প্ৰয়োগে নিদ্ৰাহীন কৰিছে এটা প্ৰজন্মকঃ এইমছৰ সমীক্ষা মতে দিল্লীবাসীৰ ৭০শতাংশই নিদ্ৰাজনিত ৰোগৰ ভুক্তভোগী ৷

যোৰহাটত সন্ত্ৰীসবিৰোধী শান্তি অভিবৰ্তনত নিৰ্যাতিত কিশোৰীয়ে উজাৰিলে ক্ষোভ-"চৰকাৰে মানুহ মৰা মানুহবোৰক পুৰস্কাৰ দিয়ে, অথচ নিৰ্যাতিতক একো নিদিয়ে" ৷

শুৱালকুচিত আঁতৰা নাই হিম-শীতল পৰিবেশঃ নাই মাকোৰ শব্দ, দুঃচিন্তাত ভূগিছে শিপীনি সকলে ৷

পাট-মুগাই নহয়, আমদানি চলি আছে দখনাৰোঃ বিজনীত এবছুৱে জ্বলালে ৬হাজাৰ দখনা ৷

প্ৰাইজমণিয়ে কৰিছে আকৰ্ষণ- এইবাৰ মফচলীয় চহৰ এৰি মহানগৰ মুখী হৈছে স্থানীয় বিহুশিল্পী প্ৰতিভা ৷

এইবাৰ কৃত্ৰিম নাটনিৰ সৃষ্টি কৰিবলৈ ছিণ্ডিকেট বাহিনীয়ে চলালে চেষ্টাঃ অসমলৈ চালানী মাছ নপঠাবলৈ অন্ধ্ৰ প্ৰদেশৰ ব্যৱসায়ীক ভাবুকি প্ৰদানৰ খবৰে পালে বাতৰিৰ শিৰোনাম৷

জাগীৰোডত চলি আছে শুকান মাছৰ ছিণ্ডিকেটঃ বিসম্বাদী যুৱ বিধায়কৰ আঙুলিৰ ঠাৰত চলে বজাৰ ৷

চমক সৃষ্টিৰ বাবেই ততাতয়াকৈ প্ৰকাশ কৰা হ’ল টেটৰ ভিত্তিত নিযুক্তি দিব লগা শিক্ষকৰ চাকৰিৰ নিযুক্তি তালিকাঃ একোজন প্ৰাৰ্থীকে একাধিক বিদ্যালয়ত নিযুক্তি দিয়াৰ ওলাইছে খবৰ ৷

বঙাইগাঁৱত মাষ্টাৰ প্ৰিণ্টেট নোটৰ বাণ্ডিলসহ তিনিজনক গ্ৰেপ্তাৰ ৷

ভূমি দখলক কেন্দ্ৰ কৰি গোৰেশ্বৰত উত্তেজনা অব্যাহতঃ ৰাজহ চক্ৰ কাৰ্যালয়ত ধৰ্ণা, সাতজনক জেললৈ প্ৰেৰণ, লাঠী জোং লৈ ৰাজপথত নামিল বহু লোক ৷

সংস্কাৰৰ নামত বিদ্যুত পৰিষদক হত্যা নকৰিবলৈ আহ্বান জনালে অসম যুৱ পৰিষদে ৷

দিনে দিনে বৃদ্ধি নাৰী অন্তৰ্ধানৰ ঘটনাঃ ঢেকীয়াজুলিত আটক হ’ল নাৰী সৰবৰাহ চক্ৰৰ লগত জড়িত লোক ৷

ৰাষ্টীয় মঞ্চতঃ
বৰষুণৰ অভাৱত খৰাং পীড়িত মহাৰাষ্ট্ৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ মন্তব্যক লৈ সৰ্বত প্ৰতিক্ৰিয়াঃ তেখেতে ক’লে- শুকান বান্ধত এতিয়া আমি প্ৰস্ৰাৱ কৰি দিলেহে হব!

বিজেপিৰ প্ৰাক্তন সভাপতি নিতীন গাড়কীৰি পুনৰ বিতৰ্কৰ আৱৰ্ততঃ প্ৰধানমন্ত্ৰী মনমোহন সিঙক তুলনা কৰিলে মহাত্মা গান্ধীৰ মুখত হাত দিয়া মৌন বান্দৰৰ সৈতে ৷

নৰেন্দ্ৰ মোদীয়ে ক’লে জনতাই ২০১৪চনত বিছাৰিছে কংগ্ৰেছ মুক্ত ভাৰতবৰ্ষ ৷

অৱশেষত বিজেপি দলে দিলে নিৰ্দেশঃ প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী সন্দৰ্ভত নলব কোনো নেতাৰ নাম !

বৈদেশিক মন্ত্ৰী চলমান খুৰশিদে ক’লে- ইউপিএ চৰকাৰে যদিও কাৰ্যকাল পূৰ কৰিব বিচাৰে, কিন্তু এতিয়ালৈ নাই কোনো নিশ্চয়তা ৷

নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক কৰ্টক অধিক কাৰ্যকৰী ৰূপত গঢ়ি তুলিবলৈ অন্যান্য মুখ্যমন্ত্ৰীৰ সতে সুৰ মিলাই সমৰ্থন কৰিলে গুজৰাটৰ মুখ্যমন্ত্ৰীয়ে নৰেন্দ্ৰ মোদীয়েওঃ দিল্লীত হোৱা হাইকৰ্টৰ মুখ্য ন্যায়াধীশ সকলৰ যুটীয়া অধিবেশনত ৷

এইবাৰ প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াৰ অধ্যক্ষ মাৰ্কেণ্ড কাটজুৰ নতুন মন্ত্বব্যঃ পাকিস্তান এখন ভূৱা দেশহে, অদূৰ ভৱিষ্যতে ই পুনৰ ভাৰতৰ লগতেই মাৰ যাব ৷

গ্ৰীষ্ম বতাহৰ সোঁতে উৰিষ্যাক কৰি তুলিছে ব্যতিব্যস্তঃ পাৰাস্তম্ভই বাৰে বাৰে চুইছে ৪২ ডিগ্ৰীৰ সীমা ৷

মহাৰাষ্ট্ৰ থানেৰ সাত মহলীয়া অট্ৰালিকা খহি পৰাৰ ঘটনাত নজনকৈ নিহতৰ চিনাক্ত হোৱা নাই এতিয়াওঃ এন চি পি দলে বহিস্কাৰ কৰিলে পৌৰ নিগমৰ নগৰসেৱকক ৷

প্ৰথমে সঠিককৈ ঘৰত খবৰ দিয়কঃ উচ্চতম ন্যায়ালয়ে সেই উদ্দেশ্যে এমাহৰ বাবে স্থগিত ৰাখিলে ৰাষ্ট্ৰপতিয়ে ক্ষমাদান নকৰা নজনকৈ অপৰাধীৰ ফাঁচিৰ নিৰ্দেশ ৷

ইঞ্জিনীয়াৰ হোৱাৰ সপোন খেদি দহ লাখতকৈ অধিক বিদ্যাৰ্থী অৱতীৰ্ণ হ’ল জে ই ইৰ মেইন পৰীক্ষাত ৷

ঋণৰ বোজা সহিব নোৱাৰি দিল্লীত জুইত আত্মজাহ দিলে দিল্লীৰ চাৰিজনীয়া পৰিয়ালে ৷

মই ভাগৰুৱা নহয় অথবা পলাবও নোখোজোঃ পুনৰ দিল্লীৰ শাসনৰ বাবে ভোট খুজিবলৈ সাজু হৈছে মুখ্যমন্ত্ৰী শীলা দীক্ষিত ৷

মুম্বাইৰ কান্দিভলীত বনকৰা মহিলাই বিষাক্ত পানীয় সেৱন কৰি আৰক্ষী থানাতে কৰিলে আত্মহ্ত্যাঃ কামকৰা ঘৰৰ পৰা ৪৪হাজাৰ টকা চুৰিৰ আহিছিল অভিযোগ ৷

মণিপুৰত মহিলা ডাক্তৰৰ মৃতদেহ উদ্ধাৰঃ হ্ত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত জাগি উঠিছে প্ৰতিবাদী জনগণ ৷

আন্তঃ ৰাষ্ট্ৰীয়ঃ

নাটোৰ নতুন আক্ৰমণত আফগানিস্থানত নিহত হ’ল ১৮জনঃ তাৰে ভিতৰত ১০জনকৈ শিশু বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ৷

কাশ্মীৰত বৃটিছ পৰ্যটক হত্যাৰ ঘটনাৰ নতুন মোৰঃ ডাচ্চ পৰ্যটকে স্বীকাৰ কৰিলে চুৰিকাঘাতৰ কথা ৷

ৰাষ্ট্ৰসংঘৰ প্ৰধান বেন কি মুনে পাকিস্তানী কিশোৰী মালালা য়ুচুফজাইক দিলে ৰাষ্ট্ৰসংঘৰ জীয়ৰী  আখ্যা ৷

চৌদি আৰৱৰ নতুন শ্ৰমিক আইনৰ ফলত দেশলৈ উভতিব লগা কেৰেলাৰ শ্ৰ্মিকৰ বাবে কেন্দ্ৰীয় চৰকাৰক পুনঃ সংস্থাপন আঁচনি ঘোষণাৰ বাবে জনালে দাবী ৷

এম ডি এম কেৰ নেতা ভাইকুৱে তুলিলে দাবীঃ শ্ৰীলংকাৰ তামিলৰ ভাগ্য নিৰ্ণয় হওক গণভোট যোগে, আন্তঃৰাষ্ট্ৰীয় স্বাধীন সংস্থাযোগে হওক যুদ্ধ অপৰাধৰ তদন্ত ৷

পাকিস্তানত আমেৰিকাৰ ড্ৰোন আক্ৰমণৰ আঁৰত আছিল চিআইএৰ সৈতে গোপন চুক্তিঃ এই তথ্য আহিছ পোহৰলৈ ৷

অৰ্থনীতিঃ
বিত্তমন্ত্ৰী পি চিদাম্বৰমে ক’লে- অহা বিত্তীয় বৰ্ষত ভাৰতৰ অৰ্থনৈতিক উন্নতিৰ হাৰ হব ৬%তকৈ অলপ বেছি৷

চাহাৰা ইণ্ডিয়াৰ ঠগবাজিৰ বিৰুদ্ধে সৰৱ হৈছে SEBI, অনিয়মৰ তদন্তৰ খৰছৰ বাবদ দাবী কৰিলে ৫৫কোটি ৷

প্ৰযুক্তিঃ

দুহেজাৰ কিলমিটাৰ যাব পৰা নিউক্লীয়াৰ শক্তি সম্পন্ন অগ্নি-২ মিছাইল সফল পৰীক্ষণৰ খবৰঃ উৰিষ্যাৰ উপকূলীয় অঞ্চলত ৷

ই-২অ’ ৰ পাছত এইবাৰ মহিন্দ্ৰাই গৱেষণা কৰিব, ডাঙৰ আকাৰৰ ইলেক্ট্ৰিক গাড়ীৰ নিৰ্মাণত ৷

বিআইটি, মেচৰাৰ গৱেষকে দাবী কৰিলে বিশ্বৰ সৰ্বাতোতকৈ ক্ষুদ্ৰ এণ্টেনা নিৰ্মাণৰ (Super compact ultra-wideband): আকাৰ মাত্ৰ ১১মিলিমিটাৰx১৪মিলিমিটাৰৰ ৷

এষ্টেৰইড(Asteroid) ধৰাৰ মিচনৰ বাবে নাচালৈ ১০০মিলিয়ন ডলাৰ আগবঢ়ালে আমেৰিকান চিনেটে ৷

No comments:

Post a Comment