ASD 186: 6TH APRIL 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 186: 6TH APRIL 2013

ASD 186: 6TH APRIL 2013

Share This

অসমীয়াৰ সুখ-দুখ
প্ৰথম বছৰঃ ১৮৬তম সংখ্যাঃ ৬এপ্ৰিল ২০১৩
সামাজিক যোগসূত্ৰৰ মঞ্চত অসমীয়া জন-জীৱনৰ বাৰ্তাবাহক

(ইউনিকোডত অসমীয়া বাতৰি)

সুখৰ খবৰঃ
১. উত্তৰ পূৱৰ পৰা প্রথম গৰাকী মহিলা প্ৰযোজকৰ ৰূপত বলিউদত ডিমাপুৰৰ যুৱতী ৰেবেকা চাংকিজাৰ প্ৰযোজনাঃ নিৰ্মিত হ’ল ৰহস্য ধৰ্মী চলচিত্ৰ "দ্য ডাৰ্ক চিক্ৰেট অৱ তনহি"৷ চলিত মাহতে মুক্তি পাব লগা ছবিত সন্ধান কৰিব ডাইনী প্ৰথাৰ গোপন তথ্যৰ ৷

২. বৰ্ণিল সাংস্কৃতিক পয়োভৰেৰে কাৰ্বি পাহাৰৰ বকলীয়াঘাটত অনুষ্ঠিত হৈছে তৃতীয় কাৰ্বি জুতাং মহোৎসৱঃ ঐক্য, শান্তি আৰু প্ৰগতিৰ বাণী হ’ল গুঞ্জৰিত ৷

৩. আন্না হাজাৰেৰ আহ্বানত কাইলৈ ১৯৩০চনত মহাত্মা গান্ধীয়ে লোণ আইন ভংগ কৰাৰ দিনটোত ১৫দিনৰ পাছত অনশন ভাঙিব অৰবিন্দ কেজৰীৱালেঃ ছয় লাখ লোকে বিজুলী আৰু পানীৰ বৰ্ধিত মূল্যৰ বিৰুদ্ধে সমৰ্থন পত্ৰত দিলে চহী ৷

৪. সাহিত্যিক অতুলানন্দ গোস্বামীৰ হাতেৰে অসম লেখিকা সংস্থাৰ প্ৰবীণা শইকীয়া বঁটা প্ৰদান ডঃ অৰূপা পটংগীয়া কলিতালৈ ৷

৫. ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ অধীনত সকলো খেলুৱৈৰ বাবে মাহেকত দুবাৰকৈ ড্ৰাগচ টেষ্ট কৰিলে বাধ্যতামূলকঃ বস্কাৰ বিজেন্দৰৰ ঘটনাৰ পাছত এই ব্যৱস্থা লোৱাৰ কথা জনালে দেশৰ ক্ৰীড়া মন্ত্ৰীয়ে ৷

৬. ডিব্ৰুগড়লৈ সম্প্ৰসাৰিত হ’ল শুৱালকুছিৰ বিদ্ৰোহঃ বেনাৰসী ছিল্কৰ বিৰুদ্ধে প্ৰতিবাদ জনালে ডিব্ৰুগড়ৰ শিপিনীয়েও ৷

৭. ১৯৮৫চনৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সংৰক্ষণ আৰু সুৰক্ষা আইনৰ অধীনত গামোচাকে ধৰি ১১বিধ সামগ্ৰী মেচিনেৰে তৈয়াৰ কৰি বিক্ৰী কৰাটো নিষিদ্ধ কৰিছে চৰকাৰেঃ নগাঁৱত প্ৰশাসনে গামোচা বিপনীত চলালে আৰ্হি পৰীক্ষাৰ অভিযান ৷

৮. তেজপুৰৰ ডিপোটাৰ দিহিঙীয়া চুবুৰী নামঘৰ প্ৰাঙ্গণতে অনুষ্ঠিত হ’ল চাৰি দিনীয়া গ্ৰাম্য গ্ৰন্থমেলাৰঃ উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ শলাগনীয় উদ্যোগ ৷

৯. ছিণ্ডিকেট কাণ্ডাৰীৰ গ্ৰেপ্তাৰৰ পিছতেই দাম কমিল মাছ কণীৰঃ জামিন নাকচ হ’ল ছিণ্ডিকেট চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হোলা মাইনা-নানকা-ধ্ৰুৱৰ ৷

১০. শিৱসাগৰতো চলিছে ছিণ্ডেকটৰ বিৰুদ্ধে অভিযানঃ দাম কমিছে খাদ্য সামগ্ৰীৰ ৷

১১. ৰাভা হাছঙৰ সমস্যাক লৈ চলিত মাহতে দল সংগঠনৰ লগত আলোচনাত বহিব ৰাজ্য চৰকাৰ ৷

১২.এইবাৰ আজান পীৰৰ নামত সাংস্কৃতিক প্ৰকল্পৰ দাবী, উজনিৰ মুছলমানৰ বাবে বিশেষ পেকেজ ঘোষণা, লগতে আজানপীৰ বঁটা নিয়মীকৰণৰ বাবে দাবী কৰিলে উজনি অসম মুছলিম কল্যাণ পৰিষদেঃ লগতে গৰিয়া উন্নয়ন পৰিষদ গঠনৰো দিলে প্ৰস্তাৱ৷

১৩. অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা উত্তৰ-পূব ৰে’লৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ অমিয় কুমাৰ বৰাক ৰে’লৱে ৰিক্ৰুইটমেণ্ট ব’ৰ্ডত নিযুক্তিত ব্যয়াপক অনিয়ম সংঘটিত কৰাৰ অপৰাধত চি বি আইৰ বিশেষ আদালতে ৩ বছৰৰ জে’ল আৰু জৰিমনা বিহাৰ খবৰ ৷

১৪. দলীয় অনুশাসন ভংগৰ অপৰাধত ছয়গাঁও সমষ্টিৰ বিধায়ক তথা সংসদীয় সচিব ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সম্পাদক দিগ্বিজয় সিঙে ৷

১৫. ক’লা গ্লাছৰ পিছত এইবাৰ ৰঙা লাইট, ৰাজনৈতিক নেতা, বিষয়াক ৰঙা লাইটৰ পয়োভৰ কমাবলৈ নিৰ্দেশ ছুপ্ৰীম ক’ৰ্টৰ ৷

ৰাষ্ট্ৰীয়ঃ 
১. ১০৮জন লোকক পদ্ম বঁটা সমূহ প্ৰদান কৰিলে ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়েঃ ২৪গৰাকী মহিলাৰ ভিতৰত উত্তৰ পূৱৰ গৌৰৱ মেৰী কমে গ্ৰহণ কৰিলে সন্মান ৷ এইবৰ্ষৰ ভাৰত ৰত্নৰ বাবে কাকো কৰা ন’হল বিবেচনা ৷
২. মুম্বাইৰ নিকটবৰ্তী থানেত খহি পৰিল সাত নহলীয়া বিল্ডিঙঃ ৫২ জন লোকৰ মৃত্যুৰ খবৰ ৷

আন্তঃ ৰাষ্ট্ৰীয়
১. পাকিস্তানত বিদ্যালয় স্থাপনৰ বাবে “মালালাছ ফাণ্ড ফ’ৰ গালৰ্ছলৈ” ২লাখ মাৰ্কিন ডলাৰ দান কৰিলে অভিনেত্ৰী এঞ্জেলিনা জ’য়ে ৷
২. জাপানৰ ছবি মহোৎসৱত বৰ্ফি লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান ৷

ৰাজনৈতিকঃ
১. মুখ্যমন্ত্ৰীৰ প্ৰতি পূৰ্ণ আস্থা প্ৰকাশ কৰিলে মন্ত্ৰী-জ্যেষ্ঠ বিধায়কেঃ বিধান সভা সচিবালয়ত পৃথক পৃথক বৈঠক কৰিলে দিগবিজয় সিঙে ৷

২. এ আই এই ডি এফৰে মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছৰ ক্ষতি হ’ব পৰা সিদ্ধান্ত নোলোৱাৰ প্ৰতিশ্ৰুতি দিলে দিগবিজয় সিঙে ৷

৩.গ্ৰাম্য বৈদ্যুতিকৰণৰ অনিয়মৰ তদন্ত বিচাৰি মুখ্য সচিবলৈ পত্ৰ দিলে বিজেপিৰ ৰাজ্যিক উপসভাপতি কামাখ্যা প্ৰসাদ তাছাই ৷

৪.এইবাৰ অগপৰ জগদীশ ভূঞাই কৰিলে দলত্যাগঃ অভিমান সামৰি দ্বায়িত্বলৈ ঘুৰি আহিল অতুল বৰা ৷

চিন্তাজনক খবৰঃ
১. মুকলি হ’ল কেগৰ প্ৰতিবেদনঃ পাতে পাতে উজলিল চৰকাৰৰ অনিয়ম ৷ ৰাজ্য চৰকাৰে নিস্কৰ্মাৰ ফলতে ১৪৮৬কোটিৰ ৰাজহ সংগ্ৰহ কৰাত ব্যৰ্থ হ’ল ২০১১-১২ বিত্তীয় বৰ্ষত ৷

২. নগাঁৱত চলি আছে ভুৱা বিত্তীয় কোম্পানীৰ লুণ্ঠনৰ হাতোৰাঃ বিলডাড আৰু এডভান্স কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ উঠিল দাবী ৷

৩. ৰবাৰ্ট ভদ্ৰাৰ কেচত শিৰোনামলৈ অহা আইএএছ বিষয়া অশোক খেমকাৰ ছমাহৰ ভিতৰতে পুনৰ বদলিঃ ২১বছৰত ৪০বাৰ বদলিৰ খবৰে কাঢ়িলে সচেতন ৰাইজৰ দৃষ্টি ৷

৫. ২৪ মাৰ্চৰ আমাৰ অসম কাকত প্ৰকাশিত প্ৰথম পৃষ্ঠাৰ বাতৰি "ডেৰ লাখ টকাত বিক্ৰী হৈছে ডক্টৰেট ডিগ্ৰী":চি এম জে বিশ্ববিদ্যালয়ৰ আচাৰ্যই ভিত্তিহীন অভিযোগ বুলি জনোৱা তথ্যৰ ভিত্তিত সকলো দিশ চালি জাৰি চাই বাতৰি প্ৰত্যাহাৰ কৰিলে আমাৰ অসম কাকতে ৷

৬. শুৱালকুচিৰ বস্ত্ৰ উদ্যোগৰ ঔতিহ্য ৰক্ষাৰ দাবীত লাষ্ট গেট কঁপালে অসম হস্ততাঁত সন্থাইঃ দাবী কৰিলে শুৱালকুছিত বস্ত্ৰতাঁত ভঁৰালৰ ৷ 

৭. জাল পুথি ৰূপে চিহ্ৰিত “আদি চৰিত”ৰ পুনৰ মু্দ্ৰণক লৈ বিতৰ্কঃ মায়ামৰা সাংস্কৃতিক মাজে প্ৰতিবাদত ৰাজ্যজুৰি উলিয়ালে মৌন সমদল, নিষিদ্ধ কৰণৰ বাবে তুলিলে দাবী ৷

৮. গুৱাহাটী বিশ্ব বিদ্যালয়ত আছুৰ ত্ৰিশ ঘণ্টায়ী অনশনঃ উপাচাৰ্যই দিলে প্ৰতিশ্ৰুতি, ১৫দিনৰ ভিতৰত ফলাফল, দুবছৰৰ ভিতৰত ২০টা বিষয়ত খুলিব নতুন বিভাগ ৷

বোল বচনঃ
স্বাস্থ্য মন্ত্ৰীয়ে ক’লে- "মুখ্যমন্ত্ৰী বটবৃক্ষ, বিসম্বাদ প্ৰচাৰ মাধ্যমৰহে সৃষ্টি ৷ গগৈদেৱৰ নেতৃত্বতে অহা নিৰ্বাচন খেলিব কংগ্ৰেছে"৷
শক্তি মন্ত্ৰীয়ে ক’লে- মে মাহৰ পৰা উন্নত হব, অসমৰ বিদ্যুত পৰিস্থিতি ৷

মেল-মিটিঙ-উৎসৱঃ
১. ধেমাজিৰ জামুগুৰি পাঁচআলি উচ্চ মাধ্যমাকি বিদ্যালয়ৰ ৰূপালী জয়ন্তীঃ ৫,৬,৭ এপ্ৰলিত ৷
২. অহা ৬ আৰু ৭ এপ্ৰিলত দৰং জিলা যোগী সনৱ্মিলনৰ দ্বি-বাৰ্ষিক সন্মিলন ৷

অসমীয়া বোলছবিঃ
১. আহি আছে যদুমনি দত্তৰ চিনেমা "পানী": বিৰাল্লিশ দিন গা নুধুৱাকৈ চৰিত্ৰ ৰূপায়ন কৰিলে হিমাংশু প্ৰসাদ দাসে ৷

২. অহা তিনি মেত মুক্তি পাব প্ৰদ্যুত কুমাৰ ডেকাৰ পৰিচালনাত "সূৰ্যাস্ত" ৷

৩. ১৯ এপ্ৰলত মুক্তি পাব ৰবি শৰ্মা অভিনীত একছন ধৰ্মী ছবি "ৰণাংগণ", পৰিচালনা প্ৰণৱজ্যোতি ভৰালীৰঃ আইটেম চঙ কৰিব প্ৰস্তুতি পৰাশৰে ৷

৪. মাজুলীক লৈ হিন্দী চিনেমা নিৰ্মাণত ব্যস্ত মিকচিজিলি খ্যাত ডাঃ ভূপেন কামানঃ নিৰ্মাণৰ প্ৰস্তুতি কৰিছে বহুভাষাত মুক্তি দিব লগা ৰোমাণ্টিক কমেডী "বেডমেন" ৷
হাস্য-ব্যংগৰ শিতানঃ
গুজৱঃ
১. ৰাহুল মাইনাই CII ৰ মঞ্চত দিয়া বক্তৃতাৰ ওপৰত কংৰ্গেছী নেতা সকলৰ গৱেষণা আৰম্ভঃ সৰ্বোকৃষ্ণ বাখ্যা কৰা সকলৰ বাবে লোভনীয়া পদ-ক্ষমতাৰ সপোন!

২. এইবাৰ সুন্দৰী যুৱতীৰ মায়াত পৰিছে আজকল দলৰ সদস্যঃ মৌলবী চাহাবৰ ওচৰত বিচাৰিলে মায়াৰোধক জৰা-ফুকাৰ পানী ৷

৩. বিশ্বদাৰ ঘৰত ভাত খাই ৩১ বিসম্বাদী গ’ল খানাপাৰাৰ ৰিজৰ্টলৈঃ আঞ্জাত সৰহকৈ নিমখ দি নিমখ হাৰাম নকৰাৰ প্ৰতিশ্ৰুতি লোৱাৰ খবৰ ৷

৪. গঁড় হত্যাৰ পিচতো বাঢ়ি আছে অসম গঁডৰ সংখ্যাঃ বনৰীয়া বিভাগে বাংলাদেশৰ পৰা সংখ্যা বৃদ্ধিৰ ভিটামিন আমদানিৰ নতুন প্ৰস্তাৱ দিয়াৰ যো-জা!

2 comments:

  1. ফেচবুকত যোগাযোগ কৰিব পৰা যাবনে ?

    ReplyDelete
  2. ফেচবুকত যোগাযোগ কৰিব পৰা যাবনে ?

    ReplyDelete