ASD 182: 2ND APRIL2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 182: 2ND APRIL2013

ASD 182: 2ND APRIL2013

Share This


অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                                    Assamese MID-DAY on Social Media

             প্ৰথম বছৰ ১৮২তম সংখ্যাঃ  ২ এপ্ৰিল ২০১৩
                  (ইউনিকোডত অসমীয়া বাতৰি)

আজিৰ গুৰুত্বপূৰ্ণ খবৰঃ


ভাল খবৰঃ

নভাৰটিছ কোম্পানীয়ে হাৰিলে কেন্সাৰৰ ঔষধৰ পেটেণ্টৰ কেচঃ ৰোগীয়ে সকাহ পোৱাৰ সম্ভাৱনাত সচেতন মহল হৈ পৰিছে আনন্দিত ৷

১৮৩খন দেশৰ ৩০লাখ সুৰাপায়ীক সুৰাপানৰ অভ্যাসৰ পৰা মুক্ত কৰিলে এলক’হলিক এননিমাছেঃ এইবাৰ লক্ষ্য অসমৰ চাহ বাগানৰ সুৰাপায়ী ৰাইজ; সুৰাপানৰ বদ-অভ্যাস এৰিবলৈ যোগাযোগ কৰক ৯৮৬৪০-৬৯৩১৪ নম্বৰত ৷

পেট্ৰলৰ দাম প্ৰতি লিটাৰত ৰাজ্য বিশেষে কমিল এটকাকৈ ৷

বিৰাল্লিশটা বিভাগত ১৯,২০৭টা পদ খালীঃ জনগোষ্ঠীৰ আনুপাতিক হাৰত হব নিযুক্তি, তাৰ পৰামৰ্শৱলী তৈয়াৰ কৰিবলৈ চৰকাৰে গঠন কৰিব মন্ত্ৰী গোট ৷

বাতৰি কাকতৰ খবৰৰ ভিত্তিত ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিত লুণ্ঠনৰ কথা বিধান সভাত তুলিলে অগপ বিধায়ক ভূপেন দাসে ৷

ছয় হাজাৰ ঠিকাভিত্তিক শিক্ষকৰ চাকৰিৰ ম্যাদ বৃদ্ধি হ’ল ৩০ জুনলৈ ৷

আজিৰ দৈনিক বাতৰি প্ৰকাশন গোষ্ঠীৰ পৰা আৰম্ভ হ’ল নতুন আলোচনী-"মাহেকীয়া অনুভূতি": উন্মোচনী সভাত হোমেন বৰগোহাঞিয়ে নতুন প্ৰতিভাৰ আৱিস্কাৰত গুৰুত্ব দিবলৈ জনালে আহ্বান ৷

চিনাক্ত হৈছে শুৱালকুছিৰ শত্ৰুঃ ২০লাখ মূল্যৰ অবৈধভাৱে মজুত কৰা বেনাৰসী শাড়ী জব্দ, ৮ ক’লা বেপাৰী গ্ৰেপ্তাৰ ৷ চিল্কালয়, আণ্টীৰ দোকানতো চলিল তালাচী ৷

উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে শপত ল’লে অতিৰিক্ত ন্যায়াধীশ  উজ্জ্বল ভূঞাই ৷
বস্ত্ৰ ব্যৱসায়ী-শিপিনীৰ সৈতে আলোচনাৰ অন্তত মন্ত্ৰী প্ৰণতি ফুকনে কৰিলে ঘোষণাঃ গামোচা মেখেলা পাৱৰলুমত উৎপাদন কৰাটো আইনবিৰুদ্ধ!

অনলাইন আলোচনী বিটাজ’নে আগবঢ়ালে জুবিন গাৰ্গলৈ নৰ্থ ইষ্ট য়ুথ আইকন বঁটা ৷

১২ এপ্ৰিলত ভিক্টৰ বেনাৰ্জীয়ে আঁত ধৰিব বালিপৰা ফাউণ্ডেচন অনুষ্ঠানত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পতঃ লগতে অনুষ্ঠিত হব বক্তৃতানুষ্ঠানৰো ৷

আজিৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হব অসমৰ এনজিঅ’ সমূহৰ ৰাজ্যিক অভিবৰ্তনঃ সমাজ কল্যান বিভাগৰ উদ্যোগত ৷

চিন্তাজনক খবৰঃ

এইবাৰ শুৱালকুছিত অখিল গগৈঃ নিজৰ সম্ষ্টিৰ একমাত্ৰ আপুৰুগীয়া শিল্পটো ৰক্ষা কৰিব নোৱাৰা বিধায়ক হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ কৰিলে দাবী ৷

শুৱালকুছিৰ ৰাজপথত নামিল হাজাৰ হাজাৰ তাঁতী-শিপিনী ৷

দলৰ মন্ত্ৰী বিধায়কৰ ওপৰত খৰ্গহস্ত হ’ল মুখ্যমন্ত্রীঃ সজোৰে ক’লে- মোৰ পুত্ৰ কোনো ধৰণৰ ছিণ্ডিকেটৰ লগত জড়িত নহয় ৷

মাজুলীত মন্ত্ৰী অকণ বৰাৰ ভতিজাকৰ নেতৃত্বত আৰক্ষীক আক্ৰমণৰ ঘটনাই বিয়পাইছে উত্তেজনা ৷

বাগসাত সেনাৰ প্ৰহাৰত নিৰীহ লোকে পেহৰুৱালে প্ৰাণঃ ৰাজপথত মৃতদেহ থৈ ৰঙিয়া-ভূটান পথ অৱৰোধ কৰিলে ৰাইজে ৷

শিক্ষা বিভাগৰ বৈষম্যমূলক নীতিৰ ফলত এবছৰে দৰমহাৰ পৰা বঞ্চিত হৈ ৰল শিৱসাগৰৰ ১,৪৭৬জন প্ৰাথমিক শিক্ষক ৷

শ্ৰমিক নেতা গংগাৰাম ক’ল হত্যাৰ চিবিআই তদন্ত ঘোষণাঃ শুৱালকুছিৰ ঘটনাৰ হব ন্যায়িক তদন্ত ৷

অগপৰ নজনকৈ শীৰ্ষ নেতাই দলত্যাগ কৰি বিজেপিত যোগদানৰ কুচকাৱাজৰ ৰাজনৈতিক বাতৰি ৷

ইফাল-সিফালঃ
শুৱালকুছিৰ ঘটনা প্ৰসংগত ৰজাঘৰীয়াৰ ভিন্ন উক্তিঃ
মুখ্যমন্ত্ৰীয়ে ক’লে- "হিমন্তই মোক কোনো কথাই জনোৱা নাই"!
স্বাস্থ্যমন্ত্ৰী শৰ্মাই ক’লে-"মুখ্যমন্ত্ৰীৰ সতে ৭বাৰকৈ আলোচনা কৰিছিলো"
ৰেচম মন্ত্ৰী প্ৰণতি ফুকনে ক’লে-"শুৱালকুছিৰ সমস্যা সম্পৰ্কে কোনেও অৱগত কৰোৱা নাছিল!"

ৰাষ্ট্ৰীয়ঃ
আজি কলিকতাৰ ছল্টলেকত উদ্বোধনী অনুষ্ঠানঃ গ্লেমাৰ-বিতৰ্কৰে পুনৰ আৰম্ভ হ’ল এই বৰ্ষৰ আই পি এল ৷
আই পি এলত গ্লেমাৰ ধোনী পত্নীৰ


বিজেপিৰ সভাপতি ৰাজনাথ সিঙে মহাৰাষ্ট্ৰৰ শুষ্ক পীড়িত লোকৰ সকাহৰ বাবে বিচাৰিলে প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ ৷

গাড়ী মটৰৰ বিক্ৰীৰ হাৰ দিনক দিনে হ্ৰাস পোৱাক লৈ উদ্বিগ্ন হৈ পৰিছে মটৰ গাড়ী নিৰ্মাণ উদ্যোগ ৷

নিতীশ কুমাৰে ভাৰতীয় ক্ৰীড়া সংগঠনবোৰ ৰাজনৈতিক নেতাৰ হাতোৰাৰ পৰা মুক্ত কৰাৰ বাবে কৰিলে পোষকতা ৷

No comments:

Post a Comment