চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here
সন্তানৰ প্ৰতিপালন আৰু ভৱিষ্যতৰ শংকা
অজয় লাল দত্ত

“It is easier to build strong children than to repair broken men.”
-আমেৰিকান লেখক ফ্ৰেডেৰিক ডগলাচ

জীৱনৰ বাট সদায়েই একাবেঁকা। এই অজান বাটত বাট বোলোতে সদায়েই সাৱধান। কোন মুৰ্হূতত টাৰ্নিং আহিব কোনেও কব নোৱাৰে। আনকি কৰ পৰা জীৱনৰ ইউটাৰ্ণ লব লগা হয়, তাৰো কোনো নিশ্চয়তা নাথাকে। মূলতঃ যি কোনো ঘটনাতে মানুহৰ স্বাভাৱিক প্ৰতিক্ৰিয়া প্ৰকাশ পায়, আৰু আৰু যিহেতু ক্ৰিয়াত আমাৰ নিয়ন্ত্ৰণ নাথাকে, সেয়ে মহান মনিষী সকলে সদায়েই আমাৰ প্ৰতিক্ৰিয়াটোকে নিজৰ অধীন কৰি নিয়ন্ত্ৰণ কৰিবলৈ কৈ আহিছে। আমাৰ স্বতঃস্ফুত প্ৰতিক্ৰিয়াৰ সময়তে আমাৰ আচাৰ-আচৰণৰ আচল ৰূপ, সংস্কাৰ, অভ্যাস আদিৰ কথাও প্ৰতিফলিত হয়। সন্তানে কিবা এটা ঘটনা ঘটালে বা কোনো ঘটনাত জড়িত হোৱাৰ বাতৰি পালে, অভিভাৱকৰ মনতো প্ৰতিক্ৰিয়া হয় আৰু তেওঁলোকৰ মনৰ ভাৱ কথা আৰু কৰ্মৰ দ্বাৰাই বৰ্হিঃপ্ৰকাশ হয়।

এই ধৰক, কোনো এজন সন্তানৰ ওপৰত জীৱনৰ কোনো এটা দুৰ্বল মুহূৰ্তত ঘটা ক্ষণিকৰ কথাৰ বাবে কোনো অভিযোগ উঠিল। আৰু মাক দেউতাকৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গ’ল এইধৰণেৰে- "আমাৰ ল'ৰাই এনে কাম কেতিয়াও কৰিব নোৱাৰে!" আচলতে, অভিভাৱকৰ এই অৱধাৰণাই সন্তানৰ ওপৰত অন্ধভাৱে বিশ্বাস কৰাৰ নিচিনাহে বুজায়। যাৰ ফলত, দূৰৈত থকা সন্তানে কি কৰিছে, কি খাইছে, কি জীৱন ধাৰা গঢ়িছে বুজি উঠাতো তেওঁলোকৰ বাবে বাস্তৱিকতে সম্ভৱপৰ নহয়। কাৰণ, তেওঁলোকে মনত এক দৃঢ় ভাৱনা পোষণ কৰি আছেই যে আমাৰ ল'ৰাই একো বেয়া কাম কৰিব নোৱাৰে।

আমিও মাক-দেউতাক হৈছো। কিন্তু আমাৰ ধাৰণাটো বৰঞ্চ সম্পূৰ্ণ ওলোটাহে। আমি এইকথা মনতে ধাৰণা কৰি লৈছো যে আমাৰ ল'ৰাই যিকোনো কাম কৰিব পাৰে, সেয়ে সাৱধান! আমাৰ ল’ৰাই মাত্ৰ কি, আপোনাৰ ল’ৰা বা ছোৱালীয়েও। কাৰণ, এই শিশু বা কিশোৰ সকলৰ মন একদম ব্লেংক হাৰ্ড ডিক্সৰ নিচিনাহে। ইয়াত গীতাও লোড হব পাৰে, পাঠ্যপুথিও অথবা ‘আইছিছি’ অথবা ‘ব্লুহোৱেল’ৰ দৰে ভাইৰাছো। সেয়ে সেই শংকা আমি বহন কৰি তাৰ পৰা নিবাৰণ বা প্ৰতিৰোধ কৰাৰ দায়িত্ব নিশ্চয়কৈ আমি অভিভাৱকৰেই। আমি কোনো পধ্যেই ল'ৰাই একো অপকৰ্ম নকৰিব বুলি নাভাবো। কি পাত্তা, কি শিকিছে বাহিৰত, স্কুল, সংগত, পাঠত, ইণ্টাৰনেটত। আমি বা আপুনিতো চৌব্বিশ ঘণ্টাই সন্তানৰ ওপৰত চকু দি থাকিব নোৱাৰে বা সকলোতে ক্লজ চাৰ্কিট কেমেৰা লগাই থব নোৱাৰে। সেয়ে, যি কোনো দুস্কাৰ্য সংঘটিত হোৱাৰ বাতৰি বাবে সাজু হৈ থকাৰ বাহিৰে উপায় নাই আজিৰ অভিভাৱকৰ। আমাৰ সন্তানৰ একো এনে বাহিৰা প্ৰভাৱৰ প্ৰতিৰোধমূলক চিটাওটো দিয়া হোৱা নাই যে তাক বাহিৰা বস্তুৱে কোনো মুহূৰ্তত বেয়া কৰি নেপেলাব। কি কৰিব, ক'ত ফচিব আচলতে একো ঠিকনা নাই। কেতিয়াবা দোষ হয়তো নিজৰ সন্তানৰ গাত নাথাকিবও পাৰে, আনৰ দোষতো ফচাৰ চান্সো থাকিব। কিন্তু দুস্কাৰ্য, যি কোনো মুহূৰ্ততে ঘটাব পাৰে, সেই শংকা কিন্তু এশ শতাংশই জীৱনৰ এক তিতা সত্য!

আমাৰ নিজৰ ওপৰতে কিমান দৃঢ় আত্মবিশ্বাস আছে, এবাৰ চিকুটি চাওচোন আহ!। কোন মুহূৰ্তত জীৱনলৈ কি প্ৰলোভন আহে, কি মায়া জন্মে কোনে কব পাৰিব? ক'ত পিচল খাই যাও, কৰবাত যদি মন পিচলে! পৰিবেশে কি কৰিবলৈ ক'ত বাধ্য কৰে। আমাৰ মনত থকা ভিন্ন আদিম অনুভূতি, নিষিদ্ধ বস্তুলৈ হেঁপাহ আদিক আমি অৱদমন কৰি ৰাখো। এষাৰ শ্ৰেষ্ঠ কথা আছে- যেতিয়া কোনোৱেই আপোনাৰ ওপৰত দৃষ্টি ৰখা নাই, তেতিয়া আপুনি কি কৰে, সেয়াহে আচলতে আপুনি। 

আমেৰিকান লেখকে কোৱা কথাবোৰ আচলতে আমাৰ অসমীয়া ভাষাতো ফঁকৰা যোজনাৰ ৰূপত নীতিকথা অভিভাৱকৰ বাবে তৈয়াৰ কৰি থোৱা আছে। কুমলীয়াতে নোপোনালে, বুঢ়া বাঁহ পোনাব নোৱাৰি! হাতী লাদনেৰে খুৱাবা, বাঘ চকুৰে চাবা ইত্যাদি। সেয়ে আমাক সৰুৰে পৰা এই কথাই শিকাইছে যে কৰবাত কিবা কৰি আহিলে ঘৰত আৰু সোমাবলৈ নাপাম। আমাৰ ল'ৰাই একো বেয়া নকৰে ধৰণৰ বিশ্বাস আমাৰ মা-দেউতাই আমাক নকৰিলে, আমিও নকৰিবলৈ সিদ্ধান্ত লৈছো। সেয়ে সদায় মায়ে কয়, আনক ফাঁকি দিব পাৰিবি, পিছে নিজক কি ফাঁকি দিবি। সেয়ে কৰবালৈ অকলে যাত্ৰা কৰিলেই সেই কথাবোৰেই মনটোক সঁকিয়নি দি থাকে। এয়াই চাগৈ মানুহে কথা কথাই কোৱা 'সংস্কাৰ'। যাক ফ্ৰেম অৱ ৰেফাৰেন্স ৰূপে লৈ মানুহে সিদ্ধান্ত লয়। মনৰ কাছুটি ঘোঁৰাক নিয়ন্ত্ৰণ কৰে। কাৰণ সিদ্ধান্ত লোৱাৰ সময়কনেই হৈছে অতি গুৰুত্বপূৰ্ণ। কেতিয়াবা কোনো পৰিবেশত পৰিবেশসাপেক্ষে আমাৰ আচৰণে বিচাৰ বিবেচনাৰ কথালৈ বৰকৈ গুৰুত্ব নিদিয়ায়। তেতিয়াই অসতৰ্ক মুহূৰ্তবোৰৰ সৃষ্টি হয়! সেয়ে কোনো এটা ক্ষণিকৰ ঘটনাৰ বাবে গোটেই জীৱনটোৰ যাত্ৰাক কেতিয়াও দোষাৰোপো কৰিব নোৱাৰি। ঘৰ, সংস্কাৰকো নোৱাৰি। কিছুমান তাতক্ষণিক কথাৰ ফল পিছে দুৰ্ভাগ্যক্ৰমে বৰ বেয়া হয়গৈ, সেয়া জীৱনৰ এক আইৰণি।

হোষ্টেল, বেলেগ চহৰত, সংগদোষত আৰু আধুনিক জীৱনযাত্ৰাৰ এই সামাজিকভাৱেই প্ৰদূষিত পৰিবেশত, আজিৰ নৱ-প্ৰজন্মৰ মনলৈ কি সোমাইছে।আৰু সেইবোৰ শিকনৰ পৰা চেতন অৱচেতন মনত কিহে বাঁহ লৈছে, অনুমান কৰাটো অতি কঠিন। বহুতেই সন্তানকৈ দূৰৈত কুমলীয়া বয়সৰ পৰাই পঢ়িবলৈ পঠাই। মনে মনে মদ-ভাং-জুৱা আদিৰ কু-অভ্যাসো গঢ়ি উঠিব পাৰে, আসক্ত হৈয়ো যাব পাৰে, যিবোৰ কথা হয়তো ঘৰত সৰল ল'ৰাৰ ভেশচন দি লুকুৱায়ো ৰাখিব পাৰে। বহুতক দেখিছো, হোষ্টেল বা বাহিৰত প্ৰায়বোৰ কাণ্ডৰ মূল মানুহ, ঘৰত মাক-দেউতাকৰ আগত পিছে লগাতকৈ নম্ৰ, ভদ্ৰ আৰু যেন একেবাৰে অজলা ল'ৰাটোহে! গতিকে অভিভাৱকে এই কথা মানি লবই লাগিব যে, সন্তানৰ বৰ্ধিত বয়সৰ সৈতে তেওঁলোকৰ অভ্যাস গঠনৰ ওপৰত সুক্ষ্মদৃষ্টি ৰখাটো প্ৰায় অসম্ভৱেই। চাৰপ্ৰাইজ চেক কৰিও বহু কথা ধৰা পেলাব পাৰি, পিচে অন্ধভাৱে 'ঘৰত সৰল ইমেজক' বিশ্বাস কৰাৰ ফলতো এনে কথাবোৰ পোহৰলৈ নাহে।

কিন্তু, হঠাত কোনো সন্তান জড়িত থকাৰ ঘটনাই যেতিয়া সংবাদ শিৰোনামাৰ কাহিনী হয়, তেতিয়া কিন্তু তেনে মাক-দেউতাকে অনুশোচনা কৰা বহুতবাৰ দেখিবলৈ পাইছো। আমি তাক ইমান বিশ্বাস কৰিছিলো। কোনোৱে কিবা কলেও তাক আৱৰি ৰাখিছিলো। আৰু তেতিয়া মাক-দেউতাকে সাংঘাতিক ভাৱে মানসিক শ্বক পায়। আৰু এই শ্বক পোৱাৰ দিনটোৰ পাতনি লিখাৰ আৰম্ভণি হয়, সৰু সৰু ভুলত সন্তানৰ ওপৰত অন্ধপ্ৰেমৰ নিদৰ্শন দেখুওৱাৰ পৰাই।

বহুতে শিকায়, কোনোবাই মাৰিলেও একো নকৰিবি। আমি শিকাও, কেতিয়াও মাৰ খাই নাহিবি, মাৰিবলৈ সুযোগেই নিদিবি। নিজেও আগতে ফেপেৰী পাতি নামাৰিবি। কোনোবাই কিন্তু মাৰিলে সুদাই এৰি থৈ নাহিবি। কাৰণ, সিঁহতে যুঁজিবলৈ শিকিব লাগিব। পাছত মাৰ খাই অহাৰ পাছত মাক-দেউতাকক কমপ্লেইন দিয়াৰ ক্ষেত্ৰত দুটা সচৰাচৰ সম্ভাৱনা থাকে, এটা হৈছে, মাক দেউতাকে সন্তানক সুবিচাৰ কৰি শাস্তি দিব, আৰু কিছুমানে, আমাৰ ল'ৰাই এনেকুৱা কাম কৰিবই নোৱাৰে। কি আত্মবিশ্বাস! আৰু এই আত্মবিশ্বাস যেতিয়াই মাক-দেউতাকৰ মুখত এবাৰ সন্তানে দেখিবলৈ পায়, সিদিনাৰ পৰাই আৰম্ভ হয় অদেখা অধঃপতন। আমাৰ কথা, কোনোৱে যাতে কমপ্লেইন দিবলৈ সুযোগ নাপায়। কমপ্লেইন পোৱাৰ সম্ভাৱনা থকা কামেই নকৰিবি। কমপ্লেইন পালে, তোৰ শুদ্ধ অশুদ্ধ বিচাৰ নকৰিম! কমপ্লেইন দিয়াৰ সুযোগ কিয় দিলি, সেই কথাৰ বাবে শাস্তি হব ধুৰূপ। এইদৰেই ডাঙৰ হৈছো। এইদৰেই ডাঙৰ কৰিব বিচাৰিছো সন্তান। নাজানো কি হব। একো গাৰাণ্টি দিব নোৱাৰো, ভাল হবনে নহয়। কিন্তু আশা কৰিব পাৰো যে বেয়া কৰাৰ আগতে দহবাৰ মাক-দেউতাকৰ কথা ভাবিব, ভাবিব দুৱাৰখন চিৰকাললৈ বন্ধ হৈ যোৱাৰ ভয়-লগা সম্ভাৱনাৰ কথা।

সেয়ে ভাবো, আমাৰ সন্তানে এনেকুৱা কৰিব বুলি আশা কৰা নাছিলো বুলি আমি নিশ্চয়কৈ শ্বক খোৱাৰ সম্ভাৱনা নিশ্চয় আছে। কিন্তু ভৱিষ্যতে কোনো দিনেই নকও, যে আমাৰ সন্তানে এনে কাম কৰিব নোৱাৰে বুলি! কাৰণ সিও এক স্বাধীন প্ৰাণী আৰু তাৰ আচৰণ আৰু কৰ্ম নিয়ন্ত্ৰণ কৰিব সেই ক্ষণিকৰ ভাৱনাই, তাত হয়তো নাথাকিব বিবেক, সংস্কাৰৰ নিয়ন্ত্ৰণ। পৰিৱেশ-পৰিস্থিতিত ঘটি যাব পাৰে যিকোনো চাব নিবিচৰা পৰিঘটনা, যাৰ বাবে হয়তো কোনো মাক-দেউতাকেই সাজু নাথাকে বা সেইদিন চাব নিবিচাৰে! কিন্তু কিবা এটা ঘটিলে, পৰিস্থিতিক সহ্য কৰাৰ বাহিৰেইওতো জীৱনে কোনো ৰাস্তা নাৰাখে। সময়ে সকলো ঘটনাকে উপশম কৰে। তেনে অবাঞ্চিত ঘটনাৰ সময়ত সন্তানৰ সৈতে মানসিক সাহাৰ্য কৰাৰ অতি প্ৰয়োজন। মাক-দেউতাকৰ বুকুত সোমাই পোৱা প্ৰশান্তিৰে হয়তো যি কোনো ভুলৰ শুধৰণিৰ পথো বিচাৰি উলিয়াব পাৰে সন্তানে। জটিল সময়ত মানসিক পৰিচৰ্যা অতি স্পৰ্শকাতৰ কথা। কাৰণ, মানসিক ভাৰসাম্য হেৰুৱালে, সৰু ঘটনাৰ প্ৰভাৱতে আৰু অধিক ‘ঘটনা’ হৈ পৰাৰ সম্ভাৱনা বৃদ্ধি হয়। ঘটনা-দুৰ্ঘটনা ঘটিলে তাৰ কাৰক আৰু দোষ নিৰ্ণয় কৰাৰ দায়িত্ব আইনে লব, কিন্তু সন্তানক শুধৰণিৰ পথলৈ নি বা এনে ঘটনাত জড়িত হোৱাৰ ভৱিষ্যত সম্ভাৱনীয়তাৰ পৰা যে অভিভাৱকেই বাৰণ কৰিব লাগিব, সেই কথাও কিন্তু নিশ্চিত।

1 comment:

Post Bottom Ad

Responsive Ads Here

Pages