প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
খিলঞ্জীয়া, থলুৱা পুঁজি আৰু অসমীয়াৰ সংজ্ঞা
ইন্দ্ৰজিৎ বৰা 

(১)
ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়াৰ (indigenous people) ব্যাখ্যা নৃতাত্বিক ৷ অৱশ্যে, ৰাষ্ট্ৰসংঘৰ ওচৰটো ইয়াৰ কোনো প্ৰতিষ্ঠিত সংজ্ঞা নাই যদিও, ”Practicing unique traditions, they retain social, cultural, economic and political characteristics that are distinct from those of the dominant societies in which they live” বুলি প্ৰকাশ কৰিছে ৷ অৱশ্যে, নৃতাত্বিক দৃষ্টিকোনৰ পৰাও খিলঞ্জীয়া এক আপেক্ষিক ধাৰণা হ’ব পাৰে ৷ সেয়ে, ৰাষ্ট্ৰসংঘই আকৌ লিখিছে, ”They are the descendants - according to a common definition - of those who inhabited a country or a geographical region at the time when people of different cultures or ethnic origins arrived. The new arrivals later became dominant through conquest, occupation, settlement or other means.” ৷ বিভিন্ন সোঁতৰ প্ৰব্ৰজনৰ পাছত, অসমৰ দৰে যিকোনো উত্তৰ ঔপনিৱেশিক প্ৰশাসনিক গোট বা ৰাষ্ট্ৰৰ ক্ষেত্ৰত খিলঞ্জীয়াৰ সংজ্ঞা কেৱল নৃতাত্বিক হৈ থাকিব নোৱাৰে৷

সেয়ে, আজি কেৱল অসমৰে নহয়, যিকোনো ৰাষ্ট্ৰ বা প্ৰশাসনিক গোটৰে খিলঞ্জীয়াৰ সংজ্ঞা কেৱল নৃতাত্বিক হৈ থকা নাই ৷ কাৰণ ই বিভিন্ন সোঁতৰ প্ৰব্ৰজন সাপেক্ষে আপেক্ষিক ৷ মন কৰিবলগীয়া যে আধুনিক ৰাষ্ট্ৰ গঠনৰ প্ৰাক্-মুহুৰ্তলৈকে কোনো মানুহ প্ৰকৃততে খিলঞ্জীয়া নাছিল ৷ কাৰোবাক প্ৰাকৃতিক পৰিৱেশে খেদিছিল বা মাতিছিল আৰু পাছলৈ কাৰোবাক আকৌ আদিম ৰজাই৷ কিন্তু ৰাষ্ট্ৰ বা অন্যান্য প্ৰশাসনিক গোট গঠনৰ লগে লগে সকলো কৰবাৰ নহয় কৰবাৰ বাসিন্দা হৈ পৰিল, ৰাজনৈতিকভাৱে স্বীকৃতি পালে বা পাবলৈ চেষ্টা কৰি আহিছে ৷ সেয়ে এতিয়া খিলঞ্জীয়াৰ সংজ্ঞা নৃতাত্বিক নহয় ৰাজনৈতিক ৷ এটা ভৌগলিক চাৰিসীমাৰ ভিতৰত খিলঞ্জীয়াৰ বহু প্ৰতিদন্দ্বিতামূলক ৰাজনৈতিক সংজ্ঞা থাকিব পাৰে ৷

আজি অসমীয়াক বা অসমৰ খিলঞ্জীয়াক সংজ্ঞাবদ্ধ কৰোঁতে আহি পৰা বিতৰ্কই এক ঐতিহাসিক গতিশীলতাৰে ইতিবাচক ইংগিত দিয়ে ৷ অন্যান্য জাতিসত্বাবিলাকক তুলনামূলকভাৱে বিবাদহীন যেন লাগিলেও তাৰ অন্তৰালতো এক আৰ্থ-সামাজিক সমীকৰণ নিশ্চয় থাকিব ৷ আৰ্থ-সামাজিক সংঘাতবোৰ ঐতিহাসিক পৰ্যায় অনুক্ৰমে সৰ্বাধিকাৰবাদৰ দিশত অগ্ৰগামী হ’বই ৷ এনে সন্ধিক্ষণত, এজন বেঙ্গলী বন্ধুৱে আক্ষেপ প্ৰকাশ কৰাৰ দৰে বেংগলৰ নৱজাগৰণত উদীয়মান মধ্যবিত্তসকল বিশ্বজনীন সৰ্বাধিকাৰবাদী ভাৱধাৰাৰে আপ্লুত হোৱাৰ বাবে হেনো জাতীয়তাবাদক আপোচ কৰা হ’ল ৷ সেয়ে, ই হয়তো ঐতিহাসিকভাৱে প্ৰতিষ্ঠিত জমা প্ৰক্ৰিয়াক অক্ষুন্ন ৰাখি সাম্ভাব্য থলুৱা জমা প্ৰক্ৰিয়াক সংকুচিত কৰি পেলালে ৷ এনেকৈয়ে, খিলঞ্জীয়াৰ সংজ্ঞা লৈ হোৱা বিবাদলৈ ই ”ইতিবাচক” সাৰ-পানী যোগান ধৰি থাকিব ৷

(২)

আনন্দ চন্দ্ৰ আগৰৱালাদেৱৰ ”আমাৰ গাঁও” খনিত থকা সহজ-সৰল অসমীয়া ঘৰখনৰ ঐতিহ্যক লৈ গৌৰৱবোধ নিভাঁজ ৷ উৰ্বৰা পথাৰৰ মাজৰ সেই স্বাৱলম্বী অসমীয়া ঘৰখনত কি নাছিল ? অৰ্থনীতিৰ প্ৰাথমিক আৰু তাৰ আনুষঙ্গিক কুটিৰ শিল্পৰ পৰ্যায়ত দ্বিতীয় খণ্ডৰ উদ্যোগ এই ঘৰখনৰ ভিতৰতে আছিল ৷ মানুহবিলাক এই উদ্যোগিক ঘৰখনৰ বাহিৰলৈ যাব লগীয়া নহৈছিল ৷ বহনক্ষমতাৰ সংজ্ঞা বিচাৰি থাকোতে এই ঘৰখন মনলৈ আহে ৷ এইখিনিতে এইটো আঙুলিয়াই দিব পাৰি যে আজি বিশ্বব্যাপী বহনক্ষম গ্ৰামীন আৰ্হিৰ ওপৰত যথেষ্ট গৱেষণা চলি আছে আৰু প্ৰয়োগিক প্ৰকল্পলৈয়ো ৰূপান্তৰ হৈছে ৷ এসময়ত, সামন্তীয় সম্পৰ্কৰ ভেটিত বৰ্তি থকা অসমীয়া ঘৰখনৰো বহুত ইতিবাচক বিশেষত্ব আছে আৰু সেয়ে ইও নিশ্চয় গৱেষণাৰ কেন্দ্ৰ হোৱা উচিত৷

এই স্বাৱলম্বী ঘৰখনৰ বাবে ঘৰুৱা উৎপাদনৰ বাহিৰেও সীমিত হলেও বহুতো বস্তু বা সেৱাৰ চাহিদাৰ সৃষ্টি হৈছিল ৷ সময়ৰ লগে লগে এই চাহিদা বাঢ়ি গৈছিল আৰু ব্ৰিটিছ ভাৰতত এই চাহিদা পূৰণ হৈছিল বিদেশী সস্তীয়া আমদানিৰে ৷ তেনেদৰে বৰ্ধিত জনসংখ্যা আৰু ঔপনিৱেশিক শাসনত লাহে লাহে এই ঘৰখনে নিজৰ সেই স্বাৱলম্বিতাৰ বিশেষত্ব হেৰুৱাই পেলাইছিল ৷ এটা কথা ঠিক যে সেই ঘৰখন স্পষ্ট কৰণতে বজাৰ কেন্দ্ৰিক উদ্যমিতাৰ দিশত তিলমানো আগবাঢ়ি যাব নোৱাৰিলে ৷ অৱশ্যে স্বাৱলম্বী আত্মনিৰ্ভৰশীল আত্ম সন্তোষ্টিৰে ভৰপূৰ এই ঘৰখনৰ ভেটিত গঢ়ি উঠা গণজীৱন আছিল নিভাঁজ এক যুগান্তকাৰী সত্তা ৷ এনেদৰে এই সহজ সৰল পৰিৱেশে সৃষ্টি কৰিছিল আঁকোৱালি লোৱাৰ এক অসাধাৰণ পৰম্পৰা ৷ কাৰণ সামন্তীয় সম্পৰ্কৰ মাজত জাতীয় চেতনা আহিব নোৱাৰে আৰু সেয়ে আমি-তোমালোক জাতীয় মনস্তাত্বিক সংজ্ঞাৰো অৱকাশ নাছিল ৷ ঔপনিৱেশিক শাসনত তলতীয়া হিচাবে থাকিব পাৰিলেও স্বৰাজোত্তৰ ভাৰতৰ গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ সম্প্ৰসাৰণত সেই সামন্তীয় সম্পৰ্ক বৰ্তি থাকিব নোৱাৰে ৷

এই ঐতিহাসিক জাতীয় চেতনাবিহীনতা তথা অপৰিপক্ক হৈ ৰোৱা অসমীয়া জাতীয় চেতনাৰ সমকালীনভাৱে ঔপনিৱেশিক শাসনৰ অধীনত আৰম্ভ হোৱা মুদ্ৰাকৰণৰ লগে লগে বিভিন্ন জাতীয়তাৰ সোঁত প্ৰব্ৰজন হ’ল ৷ থলুৱাসকলৰ জাতীয় চেতনাহীন সময়তো কিন্তু প্ৰব্ৰজকসকলৰ নিজৰ নিজৰ জাতীয় চেতনাই অৰ্থনীতিৰ সম্ভাৱনীয় ক্ষেত্ৰবোৰ দখল কৰি ললে ৷ জাতীয় চেতনাৰ বাবে প্ৰয়োজনীয় সকলো উপাদান প্ৰব্ৰজকসকলৰ আছিল ৷ কিছুলোক আছিল নিজৰ জন্মস্থানৰ সামন্তীয় বৰ্বৰতাৰ পৰা পলায়ন কৰা মধ্যবিত্ত উদ্যমী, কিছুলোক ব্ৰিটিছ প্ৰশাসনযন্ত্ৰৰ আমোলতন্ত্ৰ নতুবা চাহ আৰু খনিজ উদ্যোগত নিয়োগৰ উদ্দেশ্যে আহিছিল আৰু কিছুলোক বেহা-বেপাৰ সম্প্ৰসাৰণৰ বাবে আহিল ৷ তেওঁলোকে নিজস্ব জাতীয় চেতনাৰে জাগৃত হৈ পৃথক পৃথক ভাৱে অৰ্থনীতিৰ প্ৰায়বোৰ ক্ষেত্ৰই দখল কৰিছিল ৷

আগতেই উল্লেখ কৰিছোঁ যে জাতীয় চেতনাৰ বিকাশৰ পুৰ্বচৰ্ত হ’ল মধ্যবিত্তৰ উত্থান ৷ সেই স্বাৱলম্বী ঘৰখনৰ আৰ্হিত আত্মসন্তুষ্টি লভি থকা থলুৱাসকলৰ মাজত মধ্যবিত্ত শ্ৰেণীৰ বিকাশ আৰু শিক্ষিত লোকৰ সংখ্যা বৃদ্ধিৰ লগে লগে নিজৰ স্বকীয়তাৰ প্ৰতি সচেতন হৈ উঠে ৷ অসমীয়া জাতীয়তাবাদৰ জন্ম হয় ৷ ইতিমধ্যে অৱশ্যে বিভিন্ন ক্ষেত্ৰবোৰ বহিৰাগতই দখল কৰি লৈছিলেই ৷ তেনেস্থলত, এই সজাগতাই তথা জাতীয় চেতনাই স্বৰাজোত্তৰ ভাৰতত আঞ্চলিকতাবাদী ৰাজনীতিৰ ৰূপ লোৱাটো স্বাভাৱিক আছিল ৷ নিজৰ মাজত উদ্যমিতাৰে এক সাংস্কৃতিক বিপ্লৱৰ সূচনা কৰাৰ বিপৰীতে এই জাতীয়তাবাদ মুলতঃ কেন্দ্ৰৰ ৰাজহুৱা ধনৰ ব্যাপক অংশীদাৰিত্বৰ আন্দোলনতেই সীমাবদ্ধ হৈ পৰিছিল ৷ অৱশ্যে, উৎপাদন ক্ষমতাৰ বাবে বজাৰৰো প্ৰয়োজন হ’ব যিটো ইতিমধ্যে দখলত আছিল ৷ বিকশিত একচেটীয়া বজাৰৰ মাজত আৰু স্বৰাজোত্তৰ ভৰতৰ বন্ধ অৰ্থনীতিৰ কাঠগৰাত নিজস্ব উদ্যমিতা অন্বেষণৰ বাট সুদুৰ পৰাহত ৰৈ গৈছিল ৷ একচেটিয়া পুঁজি বিকাশৰ সমাধান সূত্ৰ কোনো প্ৰচলিত ৰাষ্ট্ৰ ব্যৱস্থাৰ ওচৰত নাছিল । কাৰণ গণতান্ত্ৰিক গনৰাজ্যৰ আইন প্ৰণয়নৰ সমসাময়িকভাৱে বিৰাজমান হৈ থকা ইতিমধ্যে একচেটিয়া পুঁজিৰে জমা হোৱা সম্পত্তিয়ে বৈধতা অৰ্জন কৰে আৰু পাছত নব্য পুঁজিৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে । তেনেদৰে আঞ্চলিকতাবাদী ৰাজনীতিয়ে এসময়ত সন্ত্ৰাসবাদী সংগঠনৰো জন্ম দিছিল ৷

গতিকে, এয়াই সংঘাতৰ পটভূমি ৷ বুৰঞ্জীবিদ ড° অমলেনন্দু গুহৰ মতেও সৰ্বভাৰতীয় জাতীয়তাবাদ আৰু আঞ্চলিকতাবাদৰ প্ৰতিদ্বন্দীতামূলক উপস্থিতি ঔপনিৱেশিক অসমৰো বৈশিষ্ট্য আছিল । এই ঐতিহাসিক সংঘাতৰ সহজ ৰাজনৈতিক সমাধান নাই ৷ কিছুমানে হয়তো এইবুলিও মত পোষণ কৰে যে থলুৱা পুঁজি মানেও কেইজনমান মুষ্টিমেয়ৰ পুঁজিহে, গতিকে তেওঁলোকৰ জাতীয়তাৰ বিচাৰ নকৰিলেও চলে ৷ এই উদ্ভুত বাস্তৱতা হয়তো আজি ভাৰতীয় সংস্কৃতিৰ জয়গানৰ সমল ৷ আজি মধ্যবিত্তসকল সৰ্বভাৰতীয় পুঁজিৰ তলতীয়া হৈ আশ্বস্ত হলেও থলুৱা পুঁজিৰ বিকাশ অবিহনে এই সংঘাতৰ অৱসান নঘটে ৷

(৩)
যাৰ মাতৃভাষা অসমীয়া তেৱেঁই অসমীয়া, বোধহয় এইটোৱেই আটাইতকৈ সৰল, স্বাভাৱিক আৰু স্বতঃস্ফূৰ্তভাৱে প্ৰকাশ কৰা সংজ্ঞা। তাৰবাদে অসমৰ প্ৰশাসনীয় চাৰিসীমাৰ ভিতৰত বসতি কৰা প্ৰতিজন অসমবাসীক সাঙুৰি লোৱাকৈ বিভিন্ন স্তৰত সংজ্ঞাবদ্ধ কৰিবলৈ কৰা প্ৰচেষ্টাবিলাক আচলতে ৰাজনৈতিক প্ৰৱনতা । কিন্ত তেনে ৰাজনৈতিক প্ৰৱনতা জানো একেবাৰে ভিত্তিহীন ? অসমীয়া ভাষাৰ বিকাশও জানো গতিশীল সংস্কৃতিৰ বিশাল ধাৰাৰে অংশ নহয় আৰু ৰাজনৈতিক প্ৰৱনতাই তাক প্ৰতিফলিত কৰিব পাৰে । তেনে প্ৰৱনতা ঐতিহাসিক একচেটিয়া আৰ্থ-সামাজিক শক্তিৰ প্ৰকাশও হব পাৰে । তেনে সৰ্বব্যাপী সংজ্ঞা অসমৰ প্ৰশাসনীয় সুচলতাৰ পক্ষেও হ’ব পাৰে ।অসমৰ সমন্বয়ৰ পৰম্পৰাগত প্ৰক্ৰিয়ালৈ সচৰাচৰ প্ৰশাসনীয় প্ৰযুক্তিৰে সংজ্ঞাবদ্ধ কৰা জাতীয়তাবাদে কিবা অৱদান আগবঢ়াইছে নেকি? নাগৰিকত্বৰ বাবে অসমীয়াৰ কোনো আইনী সংজ্ঞা নালাগিলেও জাতি গঠনৰ এক ঐতিহাসিক প্ৰক্ৰিয়া বিদ্যমান । কথাবোৰ অলপ নৈৰাজ্যবাদী যেন লাগিলেও চিন্তা কৰিবলগীয়া ।

তেনেহলে সংজ্ঞাটো অলপ বহলাই দিওচোন ।ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম ৰাজত্বকাল বা তাৰ পূৰ্বে চহা জনজীৱনক কেন্দ্ৰ কৰি আৰম্ভ হোৱা বিভিন্ন জনগোষ্ঠীবোৰৰ সমন্বয়ৰপৰা ব্ৰিটিছ শাসনকালত সম্প্ৰসাৰিত চহৰ-কেন্দ্ৰিক সমন্বয়ৰ ঐতিহাসিক প্ৰক্ৰিয়াত সৃষ্টি এই গতিশীল সংস্কৃতিৰ বিশাল ধাৰাত বিলীয়মান হৈ অসমীয়াভাষাৰ এনাজৰীৰে বান্ধ খাই পৰা প্ৰতিজনেই অসমীয়া । কিবা বিশেষত্ব আছে নেকি এই সংজ্ঞাত?

এইখিনিতে দুটা পৃথক কিন্তু দেখাত পৰিপূৰক বৰ্ণন আছে । এটা হ’ল সমন্বয়ৰ ঐতিহাসিক প্ৰক্ৰিয়াত সৃষ্টিহোৱা অসমীয়া ভাষা-সংস্কৃতি আৰু অন্যটো হ’ল ভাষাভিত্তিক ৰাজনৈতিকভাৱে স্বীকৃতিপ্ৰাপ্ত এটা চাৰিসীমা । সংস্কৃতি গতিশীল ।অসমীয়াক সংজ্ঞাবদ্ধ কৰিবলৈ অসমীয়া ভাষাৰ এনাজৰীডালৰ বাদে কিবা গত্যন্তৰ থাকিব পাৰে নেকি? কিন্তু এই এনাজৰীডাল বিবাদমুক্ত নহয় । অসমৰ থলুৱা জনজাতীয় জনগোষ্ঠীবোৰৰ নিজস্ব ভাষা-সংস্কৃতি আছে । কিন্তু উমৈহতীয়াকৈ তেওঁলোক অসমীয়া ভাষা-সংস্কৃতিৰ অংগ আৰু সমন্বয় প্ৰক্ৰিয়াৰ অংশীদাৰ । কিছুমানে নিজকে অসমীয়া জনজাতীয় জনগোষ্ঠী বুলি চিনাকি দিয়ে । কিছুমানে হয়তো নিদিয়ে । বহু হয়তো পৰিচয়ৰ আলিদোমোজাত । অৰ্থনৈতিক অনগ্ৰসৰতাৰ হেতু প্ৰশাসনিক যন্ত্ৰটোৰ ওপৰত বিভিন্ন জনগোষ্ঠীবোৰৰ বৰ্ধিত প্ৰতিযোগিতামুলক দাবী আৰু তাৰ পূৰণৰ বাবে বিভিন্ন প্ৰশাসনীয় লোকপ্ৰিয় পদক্ষেপবোৰে সংঘাতৰ ইংগিত নিদিয়া নহয় ।অন্যহাতেদি, অসমত স্থায়ীভাৱে বাস কৰা অনা-অসমীয়া মূলৰ ভাৰতীয় নাগৰিকসকলেও হয়তো উমৈহতীয়াভাৱে অসমীয়া ভাষা ব্যৱহাৰ কৰে । তেওঁলোকক অসমীয়া বুলি কৱ পাৰি নেকি? তেওঁলোকৰ সৰ্বভাৰতীয়ভাৱে প্ৰতিষ্ঠিত এটা পৰিচয় আছে । কিন্তু এটা কথা স্পষ্ট যে ঐতিহাসিক প্ৰক্ৰিয়াত এই দুয়োটা প্ৰবাহৰ সমন্বয়তে অসমীয়া ভাষা-সংস্কৃতিৰ জন্ম আৰু বিকাশ হৈছে। তেন্তে আজি আমি এই সমন্বয়ৰ সীমাত উপনিত হৈছো নেকি ?

অসমৰ ৰাজনৈতিকভাৱে স্বীকৃতিপ্ৰাপ্ত এটা চাৰিসীমাৰ ভিতৰত স্থায়ীভাৱে বাস কৰা প্ৰতিজনক সাঙুৰি অসমীয়াক সংজ্ঞাবদ্ধ কৰাটো হয়তো অপ্ৰয়োজনীয়। কিন্তু জাতি গঠনৰ ঐতিহাসিক প্ৰক্ৰিয়া আৰু আধুনিক প্ৰশাসনীয় ব্যৱস্থাৰ অনিবাৰ্যতাৰ মাজৰ এই সংঘাতপূৰ্ণ যুগসন্ধিক্ষনত অসমীয়া আৰু অসমবাসীৰ সৌহাদ্যপূৰ্ণ পৰিচয়ৰ দায়িত্ব প্ৰতিজনৰে ।
(লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages