Friday, December 1, 2017

মুকলি চিন্তা


ভুল সপোনৰ গ্ৰাসত আমাৰ সমাজ 
পংকজ জ্যোতি মহন্ত  
কোনেনো ভাবিছিল প্ৰকাণ্ড পৃথিৱীখন অহৰহ টাকুৰী ঘূৰাদি ঘূৰি থাকে বুলি? কোনেনো ভাবিছিল পৃথিৱীখন সূৰ্য্যৰ চাৰিওপিনেও অহৰহ ঘূৰি থাকি বুলি? যিটো বেগ ছেকেণ্ডত প্ৰায় ৩০ কিলোমিটাৰ!! কেৱল সিমানেই নহয়। কোনেনো ভাবিছিল স্বয়ং সূৰ্য্যটোও একে স্থানতে ৰৈ থকা নাই, সিয়ো গোটেই সৌৰজগতৰ গ্ৰহ-উপগ্ৰহসমূহ লগতে লৈ এটা বেগেৰে মহাবিশ্বত গতি কৰি আছে বুলি?

এইসমূহ ভবাৰ দৰকাৰেই বা কি আছিল? আজিও এইসমূহ মানুহৰ প্ৰয়োজনেই বা কি? এইখিনি কথা নহ’লেওতো চলি যায়। এই কথাখিনিতো আমাৰ কাৰোৰে একোৱেই কামত অহা নাই। কিন্তু, এইসমূহেই হ’ল সত্য কথা, আৰু এই ধৰণৰ সত্যসমূহ অন্বেষণৰ চেষ্টাই মানৱ জাতিক কেৱল যে কিছুমান বৈজ্ঞানিক সত্যৰে সম্ভেদ দিলে এনে নহয়; এইসমূহৰ চৰ্চাই আমাৰ সমাজ-জীৱন, দৈনন্দিন জীৱনধাৰাও সলনি কৰি পেলালে। এই সত্যবোৰৰ স্থুল বৈজ্ঞানিক প্ৰভাৱক সম্পূৰ্ণ নিলগাইয়ো ক’ব পাৰি যে এই সত্যসমূহে মানুহৰ চিন্তাধাৰা, পৰস্পৰৰ যোগসূত্ৰত অমিয়া ঢালি দিলে। যাৰ বাবে পূৰ্বৰ মানুহতকৈ আজি এক নতুন মানুহ গঢ়ি উঠিল।


“Sapiens: A Brief History of Humankind” নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ লেখক, বুৰঞ্জীবিদ য়ুভাল ন'আ হেৰাৰিয়ে এটা বিখ্যাত বক্তৃতাত কোৱা কেইষাৰমান কথা তলত উল্লেখ কৰি ল’ব বিচাৰিছোঁ। হেৰাৰিৰ “ছেপিয়েন্স” গ্ৰন্থখন ২০১১ চনত মূল হিব্ৰু ভাষাত প্ৰকাশ হৈছিল, আৰু ২০১৪ চনত ইংৰাজীত প্ৰকাশ হয়। ইয়াৰ পিছতে গ্ৰন্থখন ৪৫টাৰো অধিক ভাষালৈ অনুবাদ হৈছে, মুঠ নিযুত সংখ্যক ক’পি বিক্ৰী হৈছে। গ্ৰন্থখনে বহু জ্ঞান আৰু নতুন চিন্তা পাঠকক যোগাবলৈ সক্ষম হৈছে। আন পণ্ডিতসকলৰ উপৰি হেৰাৰিৰ গুণগ্ৰাহী পাঠকৰ ভিতৰত আছে বাৰাক ওবামা, বিল গেটছ, মাৰ্ক জাকাৰবাৰ্গ আদি ব্যক্তিও। গ্ৰন্থখন এতিয়ালৈকে অসমীয়ালৈ অনুবাদ হোৱা নাই।

হেৰাৰিয়ে সেই বক্তৃতাটোত কৈছিল যে—

“যদি আপুনি মোক আৰু এটা চিম্পাঞ্জীক একেলগে এটা নিৰ্জন দ্বীপত থৈ আহে, কোনে তাত বেছি ভালকৈ টিকি থাকিব পাৰে তাক জানিবলৈ, তেন্তে মই নিশ্চিতকৈ চিম্পাঞ্জীটোত মোৰ বাজি লগাম; মোৰ নিজৰ ওপৰত মই বাজি নলগাও৷ আমাৰ আৰু আন জন্তুবিলাকৰ মাজৰ প্ৰকৃত পাৰ্থক্যটো আছে সামুহিক পৰ্যায়ত৷ মানুহে বিশ্বখন নিয়ন্ত্ৰণ কৰিছে এইকাৰণেই যে আমিয়েই মাথোঁ এনে জন্তু যি বহুল সংখ্যকেৰে সৈতে পৰিস্থিতিৰ অনুকূলে সহযোগিতা কৰিব পাৰোঁ৷ পৰুৱা আৰু মৌবোৰেও বহু সংখ্যক একেলগ হৈ কাম কৰিব পাৰে, কিন্তু সিহঁতে সেইটো কৰে এটা খুৱ থিৰ (অনমনীয়, ধৰাবন্ধা) ধৰণে। যদি এটা মৌচাকে এটা নতুন ভাবুকিৰ মুখামুখি হৈ থাকে বা এটা নতুন সুযোগ পায়, তেন্তে মৌবোৰে পৰিস্থিতিত ভালকৈ মোকাবিলা কৰিবলৈ একেনিশাই সিহঁতৰ এটা নতুন সমাজ প্ৰাণালী পুনৰোদ্ভাৱণ কৰিব নোৱাৰে। উদাহৰণস্বৰূপে, সিহঁতে ৰাণীজনীক মৃত্যুদণ্ড দিব নোৱাৰে আৰু গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰে, বা কৰ্মী মৌবোৰৰ কমিউনিষ্ট একনায়কতন্ত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰে। কুকুৰনেচীয়া বাঘবোৰে আৰু চিম্পাঞ্জীবোৰে পৰুৱাতকৈ বহু অধিক নমনীয়তাৰে সহযোগিতা কৰে, কিন্তু সিহঁতে সেইটো কৰিব পাৰে মাথোঁ সিমিত সংখ্যক খুৱ নিবিড়ভাৱে জনা সংগীৰ সৈতেহে। কুকুৰনেচীয়া বাঘবোৰ আৰু চিম্পাঞ্জীবোৰৰ সহযোগিতা ব্যক্তিগত পৰিচয় নিৰ্ভৰ। যদি মই এটা চিম্পাঞ্জী হওঁ আৰু মই আপোনাৰ লগত সহযোগিতা কৰিব বিচাৰোঁ, তেন্তে মই আপোনাক ব্যক্তিগতভাৱে জানিবই লাগিব: আপুনি কেনেকুৱা ধৰণৰ চিম্পাঞ্জী? আপুনি ভাল চিম্পাঞ্জী হয়নে? আপুনি এটা দানৱীয় চিম্পাঞ্জী নেকি? মই আপোনাৰ লগত কেনেকৈ সহযোগ কৰিম যদিহে মই আপোনাক নাজানো?

মাথোঁ হ’ম’চেপিয়েঞ্চ বিলাকেহে অগণন অচিনাকীৰ লগত অত্যন্ত নমনীয়তাৰে সহযোগ কৰিব পাৰে। আমাৰ এজনৰ ঠাইত এটা বা দহজনৰ ঠাইত দহটা চিম্পাঞ্জী ৰাখক; চিম্পাঞ্জীবোৰে আমাতকৈ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰি দিব পাৰে। কিন্তু ১০০০ চেপিয়েঞ্চৰ বিপৰীতে ১০০০ চিম্পাঞ্জী ৰাখি দিয়ক; চেপিয়েঞ্চবিলাক সহজেই জয়ী হৈ যাব। কাৰণটো সৰল, ১০০০ চিম্পাঞ্জীয়ে কেতিয়াও কাৰ্যকৰীভাৱে সহযোগিতা কৰিব নোৱাৰে। ১০০,০০০ চিম্পাঞ্জী ৱাল ষ্ট্ৰীট বা য়াংকী ষ্টেডিয়ামত ভৰাই দিয়ক, আৰু আপুনি পাব চৰম বিশৃংখলতা। তাৰ পৰিৱৰ্তে তাত ১০০,০০০ মানুহ ভৰাই দিয়ক, আৰু আপুনি পাব বানিজ্য নেটৱৰ্কবিলাক আৰু ক্ৰীড়া প্ৰতিযোগিতাসমূহ।

সহযোগিতা সদায় যে সুন্দৰ এনে অৱশ্যেই নহয়। গোটেই ইতিহাস জুৰি মানুহে কৰি থকা সমস্ত ভয়ংকৰ কামবোৰো জন-সহযোগিতাৰে ফল। কাৰাগাৰবোৰ, কচাইখানাবোৰ আৰু বন্দী নিৰ্যাতন শিবিৰবোৰ (কনচেনট্ৰেছন কেম্পবোৰ) সকলো গণ-সহযোগে দিয়া ব্যৱস্থা। চিম্পাঞ্জীৰ কাৰাগাৰ, কচাইখানা বা বন্দী নিৰ্যাতন শিবিৰ নাই।

তথাপি সকলো জীৱৰ মাজত কেনেকৈ কেৱল মানুহেহে বৃহৎ সংখ্যকেৰে নমনীয়তাৰে সহযোগিতা কৰিবলৈ সক্ষম, খেলিবৰ বাবেই হওক, বানিজ্যৰ বাবেই হওক বা বধ-কাৰ্য্যৰ বাবেই হওক? উত্তৰটো হ’ল আমাৰ কল্পনাশক্তি। আমি অনেক সংখ্যক অচিনাকীৰ লগত সহযোগিতা কৰিব পাৰো কাৰণ আমি কল্প-কাহিনী উদ্ভাৱন কৰিব পাৰোঁ, সেইবোৰ কেউপিনে বিয়পাই দিব পাৰোঁ, আৰু নিযুত সংখ্যক অচিনাকীয়েও সেইবোৰ বিশ্বাস কৰিবলৈ পতিয়ন নিয়াব পাৰোঁ। যেতিয়ালৈকে সকলোৱে একেখিনি কল্পকাহিনীকে বিশ্বাস কৰে, আমি সকলোৱে একেই নীতি পালন কৰোঁ, আৰু তাৰ ফলত আমি কাৰ্যকৰীভাৱে সহযোগিতা কৰিব পাৰোঁ।

এটা চিম্পাঞ্জীয়ে আপোনাক এটা কল দিবলৈ, তাক এই বুলি আশ্বাস দি আপুনি কেতিয়াও পতিয়ন নিয়াব নোৱাৰে যে— মৃত্যুৰ পিছত সি চিম্পাঞ্জীৰ-স্বৰ্গলৈ যাবলৈ পাব আৰু আজিৰ সুকৰ্মৰ বাবে সি তাত অগণন কল লাভ কৰিব। কোনো চিম্পাঞ্জীয়ে কেতিয়াও এনে কাহিনী বিশ্বাস নকৰে। মাথোঁ মানুহেহে এনে কাহিনী বিশ্বাস কৰে।”

হেৰাৰিয়ে ব্যাখ্যাৰে দেশৰ সীমাৰেখা, আইন, মানৱীয়তা, অৰ্থনীতি, মুদ্ৰা আদি কথাসমূহক কল্প-কাহিনী বুলি প্ৰতিপন্ন কৰিছে, আৰু কৈছে— এইবোৰ কেৱল মানুহেহে বিশ্বাস কৰিব পাৰে। আৰু ইয়াৰ দ্বাৰা তেওঁ, মানুহেই কিয় পৃথিৱীৰ অধিশ্বৰত পৰিণত হ’ব পাৰিছে তাৰ উত্তৰ সন্ধান কৰিছে। এখন বস্তুগত পৃথিৱীত বাস কৰা উপৰি মানুহে বাস কৰে এখন কাল্পনিক পৃথিৱীতো। এইদৰে সমান্তৰালভাৱে দ্বৈত পৃথিৱীত বাস কৰা মানুহে কাহিনীৰ দ্বাৰাই নদ-নদী, গছ-বন, জীৱ-জন্তু আদিতো কেনে প্ৰভাৱ পেলাব লাগে তাৰ বাবে আন বহুতক পতিয়ন নিয়াব পাৰিছে, তাৰ বাবে সংস্থা গঠন কৰিব পাৰিছে— এইটো কাম আমি কৰিব লাগে, এইটো কাম আমি কৰিব নালাগে।

এইসমূহ কথাৰ পৰা বহুকেইটা প্ৰসংগ আলোচনা কৰিব পৰা যাব; কিন্তু ইয়াত, মানুহে অৱলম্বন কৰিব লগা কাহিনীৰ সম্পৰ্কেহে কেৱল আলোচনা কৰিব বিচাৰিছোঁ। ৰাম ৰহিমৰ কাৰাদণ্ডৰ পিছতে যেতিয়া ভক্তগণ উন্মাদ হৈ উঠিছিল সেই সময়ত টিভিত দৃশ্যবোৰ বাৰে বাৰে দেখি হেৰাৰিৰ এই কথাবোৰেই মনলৈ আহিছিল। কাৰণ, সেই ভক্তগণে তেওঁলোকৰ “ঈশ্বৰ”ৰ মাজেৰে জীয়াই থকাৰ এটা অৱলম্বন পাইছিল, তেওঁলোকৰ নিজৰ মতে সুন্দৰ এখন পৃথিৱীৰ সপোন দেখিবলৈ পাইছিল; যিটো আছিল এটা ভুল অৱলম্বন, এটা ভুল সপোন। যিখন পৃথিৱী বাস্তৱত নাই, সম্পূৰ্ণৰূপে মনবোৰতহে আছে, এখন কাল্পনিক পৃথিৱী, কিন্তু সেইখনেই মানুহৰ আটাইতকৈ ডাঙৰ অৱলম্বন। আৰু সেই ভক্তগণে সেইখনকে হেৰুৱাই বলিয়া হৈ উঠিছিল। তাৰ পিছতেই আমাৰ কাকতবোৰত আমি পালোঁ “ৰাম ৰহিমৰ ভক্ত” বোলা বিদ্ৰূপসূচক এটা নতুন খণ্ডবাক্য। কিন্তু মানুহবোৰক কৰা এই ইতিকিঙে সমস্যাটো সমাধান কৰিলে জানো? বা কৰিব জানো? ইমান সংখ্যক মানুহ, এইসকল আমাৰ মাজৰে পৃথিৱীৰে মানুহ, অন্য গ্ৰহৰ পিশাছ নহয়। তেওঁলোক এতিয়াও ইয়তে আছে, অদৃশ্য হৈ যোৱা নাই। তাৰেই মাজতে আছে হাজাৰ সৰ্বহাৰা। সেইসকলৰ ঈশ্বৰ ৰঙাঘৰৰ বাসিন্দা হোৱাৰ পিছত তেওঁলোকৰ মানসিক জগতখনৰ অৱলম্বন এতিয়া কি তাৰ খবৰ আমি জানিবলৈ পোৱা নাই। তেওঁলোকক প্ৰয়োজন হোৱা নতুন সপোনটো কি হ’ব?

মাদানী-কাণ্ড, বৰ্তমানৰ উত্তপ্ত নগালেণ্ড সীমান্তত এইকেইদিনত গীৰ্জা স্থাপনৰ সংবাদ, দীপিকা পাডুকনৰ নাক কটাৰ ভাবুকি, দীপিকা আৰু ভাঞ্চালীৰ শিৰচ্ছেদ কৰোঁতালৈ পাঁচ কোটিকৈ টকা দিয়াৰ ঘোষণা...., এই গোটেইবোৰ উন্মাদনা এচাম মানুহৰ কল্প-কাহিনীত গভীৰ বিশ্বাসৰে ফল। ইয়াৰে দুটামানত যদিও মানুহৰ ভূমি সমস্যা, খাদ্যৰ সমস্যা আদিৰ কথা আছে, তথাপি এই সকলো সমস্যাৰে ঘাই শিপাডাল এটা এটা বৃহৎ সংখ্যক মানুহৰ গোটৰ নিজা নিজা কিছুমান কল্প-কাহিনী।

কিছুমান ভুল কাহিনী, ভুল সপোন বিশ্বাসৰ বাবেই গোটেই ভাৰতবৰ্ষৰ সমাজ-জীৱন ইমান উত্তপ্ত হৈ থাকে যে তৎমুহূৰ্ততে ঠায়ে ঠায়ে কেনে অৱস্থা পায়গৈ ধৰিব নোৱৰা হৈ থাকে। বৌদ্ধিক মহলে সুস্থ কাহিনীৰ প্ৰতি জনসাধাৰণক আকৰ্ষণ কৰিব পৰা নাই। যুক্তিৰ প্ৰতি মানুহক আকৰ্ষণ কৰিবলৈ প্ৰায়ে অযুক্তিকৰ অৱস্থাবোৰৰ নিন্দাহে কৰি থকা হৈছে। সেইবোৰ প্ৰয়োজনীয়। কিন্তু স্বয়ংসম্পূৰ্ণভাৱে কেৱল সুস্থ কাহিনীৰ প্ৰতি মানুহ আকৰ্ষিত হ’বলৈ ন্যূনতম কামো কৰা হোৱা নাই। কেইমাহমান আগতে কাকতত দুজনমান বুদ্ধিজীৱিৰ আলোচনা— নামঘৰ ভাল নে মন্দিৰ ভাল! সামুহিকভাৱে এটা পকাণ্ড বৌদ্ধিক শক্তি শুদ্ধ সপোনৰ দিশে কৰ্মত লিপ্ত হোৱা নাই।

সমস্যাৰ তাৎক্ষণিক সামাধানৰ ৰাজনৈতিক কৰ্মকাণ্ডবোৰৰ লগতে, বৌদ্ধিকভাৱে মানুহক শুদ্ধ সপোন দেখুওৱাৰ পথ হ’ল প্ৰাকৃতিক বৈজ্ঞানিক সত্যবোৰৰ সোৱাদ দিয়া। দাৰ্শনিক আলোচনা সাধাৰণ মানুহৰ মাজলৈ লৈ যোৱা। এই সত্যবোৰ মধুময় ভাষাৰে তুলি ধৰা। এই চৰ্চাবোৰ অধিক কৰি তুলিব লাগিব। এই চৰ্চাবোৰ অধিক পৰিমাণে থকা দেশবোৰত সুস্থিৰ বাতাৱৰণ দেখিবলৈ পোৱা যায় নেকি?

লেখক গণিত বিষয়ৰ এগৰাকী গৱেষক তথা গণিতচৰাৰ সহ-প্ৰতিষ্ঠাপক,
ম’বাইল— ৮৮৭৬৫৩৮৪০৪, ই-মেইল— pankaj@gonitsora.com

লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment