প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


নৱ্য গণমাধ্যম আৰু অসমীয়া বেৱচাইট 
ড° বুলজিৎ বুঢ়াগোহাঁই
বৰ্তমান দ্রুত পৰিবৰ্তনশীল তথ্য প্রযুক্তিৰ যুগ । নিতৌ বিভিন্ন ক্ষেত্রৰ পৰা আমি ন ন তথ্য লাভ কৰো । বিজ্ঞান - প্রযুক্তি বিদ্যাৰ অগ্রগতিৰ লগে লগে ইণ্টাৰনেটৰ সংযোগৰ দ্বাৰা বিভিন্ন আহিলা যেনে- কম্পিউটাৰ,স্মাৰ্টফ’ন, লেপটপ, নোটবুক আদিৰ যোগেদি বিশ্বৰ বিভিন্ন প্রান্তৰ লোকৰ মাজত বিভিন্ন তথ্যৰ আদান প্রদান তথা যোগাযোগ স্থাপন কৰিবলৈ সক্ষম হৈছো । বিভিন্ন তথ্যৰ আদান প্রদানৰ অনলাইন যোগাযোগৰ ব্যৱস্থাটোকে নব্য মাধ্যম বুলিব পাৰি । ইণ্টাৰনেটৰ সহায়ত কম্পিউটাৰত বাতৰি সংগ্রহ আৰু লিখাৰ ফলত নব্য মাধ্যমৰ ধাৰণা গঢ় লৈ উঠিছে । ইণ্টাৰনেটে এই ক্ষেত্রত নিশ্চিত কৰিছে যে, তথ্য আহৰণৰ ক্ষেত্রত আমি পিছপৰি নৰওঁ । নব্য মাধ্যমৰ বিভিন্ন ক্ষেত্র সমূহ হৈছে – ব্ল’গ, ৱেবছাইট, অসমীয়া ৱিকিপিডিয়াৰ(https://as.wikipedia.org), অসমীয়া বিকাশপেডিয়া (http://as.vikaspedia.in), ই–আলোচনী , বিভিন্ন ছ'চিয়েল নেটৱকিং ছাইট – ফেচবুক, ৱাটচআপ, টুইটাৰ, ই-মেইল, ইউটিউব , লিংকডইন আদি ।

ছপা মাধ্যমৰ নিচিনাকৈ নব্য মাধ্যম কেৱল মাত্র যোগাযোগৰ বাবে লিখিত শব্দৰ ওপৰত নিৰ্ভৰশীল নহয় । বৰঞ্চ লিখিত শব্দৰ লগতে বিভিন্ন দৃশ্য-শ্রাব্য ব্যৱস্থাও নব্য মাধ্যমত অন্তৰ্ভূক্ত । নব্য মাধ্যম সমূহৰ প্রকাশভঙ্গী সাধাৰণতে ৱেবছাইটৰ দ্বাৰা প্রকাশ কৰিব পাৰি । এই মাধ্যমত পঢ়ুৱৈ সকলে প্রত্যক্ষ ভাবে জড়িত হৈ নিজৰ মন্তব্য প্রকাশ কৰিব পাৰে আৰু ব্ল’গৰ যোগেদিও মন্তব্য প্রকাশ কৰিব পাৰে । ইয়াৰ সুবিধাজনক দিশটো হ’ল, এই মাধ্যমবোৰ যিকোনো ঠাইৰ পৰা যিকোনো সময়তে ব্যৱহাৰ কৰিব পাৰি । বিশেষকৈ, পেশাদাৰী ব্যক্তিসকলক নব্য মাধ্যমৰ অনলাইন নেটৱকিং ব্যৱস্থাই অধিক সুবিধা প্রদান কৰিছে । পেশাদাৰী ব্যক্তিসকলৰ বাবে এটা উল্লেখযোগ্য ছ'চিয়েল নেটৱকিং ছাইট হ’ল – লিংডিন । কিন্তু,নব্য মাধ্যমত তথ্য প্রকাশ কৰোতে সকলোৱে সাৱধানতা অৱলম্বন কৰাতো জৰুৰী, কিয়নো এই ব্যৱস্থাৰ দুৰ্বৱহাৰ কৰি হেকাৰে গুৰুত্বপূৰ্ণ ব্যক্তিগত তথ্যসমূহ সংগ্রহ কৰি কোনো ব্যক্তিৰ অজানিতে বিপদতো পেলাব পাৰে । ইয়াৰ উপৰিও নব্য মাধ্যমৰ অতিমাত্রা ব্যৱহাৰৰ ফলত মানুহৰ পৰস্পৰৰ মাজত প্রতক্ষ্য যোগাযোগ কমি আহিছে ।
সমাজ জীৱনৰ বিভিন্ন ক্ষেত্রৰ লগতে অসমীয়া ভাষা-সাহিত্যৰ জগতখনটো নব্য মাধ্যমে বিশেষ ভূমিকা গ্রহণ কৰিছে । বৰ্ধিত তথ্য প্রযুক্তিৰ যুগত অসমীয়া সাহিত্যক বিশ্বমুখী কৰাৰ ক্ষেত্রত নব্য মাধ্যমে গতিশীলতা প্রদান কৰিছে । বৰ্তমান সমাজত নব্য মাধ্যমৰ উপকৰণসমূহ মানৱ জীৱনৰ অপৰিহায্য অংগ হৈ পৰিছে । ই অসমীয়া ভাষাৰ উন্নতি আৰু প্রসাৰৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিছে । বহুজনে ইউনিক'ডত অসমীয়া লিপি ব্যৱহাৰ কৰি লিখিবলৈ আৰম্ভ কৰিছে । ই এক শুভ লক্ষণ। উল্লেখ্য যে, ইউনিক'ডত অসমীয়া লিখিলেহে অসমীয়া বিষয়ক তথ্য-পাতি আৰু বিভিন্ন উপাদানবোৰ ই-ব্ৰহ্মাণ্ডৰ ছাৰ্চ ইঞ্জিনৰ যোগেদি সন্ধান কৰিলে বিচাৰি পোৱা যাব । নব্য মাধ্যমত লেখা-মেলা আৰম্ভণি কৰা বহুকেইজন ব্যক্তিৰ ভিন্নসুৰীয়া গ্ৰন্থও ইতিমধ্যে প্ৰকাশ হৈছে । নব্য মাধ্যমে নতুন পাঠকৰ সৃষ্টি কৰাৰ লগতে ইয়াৰ সমান্তৰালভাবে লেখক আৰু পঢ়ুৱৈৰ মাজৰ পৰস্পৰৰ সংযোগ অধিক সুদৃঢ় কৰি তুলিছে । সাহিত্যৰ সৃষ্টি আৰু তথ্য প্রকাশৰ এক মঞ্চ হিচাপে নব্য মাধ্যমক আকোৱালি লোৱাৰ লগে লগে মানুহৰ সৃজনশীলতাও বৃদ্ধি হৈছে আৰু সাহিত্য চৰ্চা বিষয়টো কৰ্মময় জীৱনৰ বৰ্ধিত ব্যস্ততাৰ এক সংগী হৈ পৰিছে । প্রবাসী অসমীয়া সকলেও ছ'চিয়েল মিডিয়াৰ জৰিয়তে অসমীয়া সাহিত্যৰ চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে । নব্য মাধ্যমে মানুহৰ সৃজনশীলতা বৃদ্ধি কৰিছে যদিও ইয়াৰ অতিমাত্রা ব্যৱহাৰে বৰ্তমানৰ সমাজ ব্যৱস্থাত ইয়াৰ বিৰুপ প্রভাৱ পেলোৱাৰ কথাটোও নুই কৰিব নোৱাৰি । গ্রন্থ সংৰক্ষণৰ ক্ষেত্রটো নব্য মাধ্যম এক গুৰুত্বপূৰ্ণ মাধ্যম হিচাপে পৰিগণিত হৈছে ।
নব্য মাধ্যমত প্রকাশিত লেখাসমূহে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি তুলিছে । অসমীয়া ভাষাৰ কেইখনমান ই-আলোচনীৰ নাম হ’ল- অভিজ্ঞানম (http://abhigyanom.com) , আখৰ (http://www.aakhar.in) , আৰম্ভণি ( http://www.arambhani.com) , বৰ্ণিল (http://www.bornil.in) , বৌদ্ধিক বিচাৰ (http://bouddhikbichar.com), এনাজৰী (http://www.enajori.com) , ফেহুঁজালি ( http://fahujali.com) , গণিত চ’ৰা (http://as.gonitsora.com) , জোনাকীৰ বাটেৰে ( http://www.junakirbatere.com) , সৃষ্টিৰ জিলিঙনি ( https://sristirjiligoni.wordpress.com), আই(http://www.aai.ind.in), কৃষক বন্ধু (http://www.krishakbandhu.org) , মণিকূট (https://manikut.wordpress.com) , মুক্ত চিন্তা (http://muktosinta.org) , এন ই ফ’কাচ ডট কম (http://www.nefocus.com), নিজাইন (http://nezine.com) , নীলা চৰাই (http://nilacharai.com) , প্রজন্ম (https://prajonma.wordpress.com) , সেউজ চিন্তা (http://sheuj.com) , সেউজী ধৰণী (http://sadik2crs.blogspot.in) , সাহিত্য ডট্ অৰ্গ (http://www.xahitya.org) ,অসমীয়াৰ সুখ-দুখ (http://www.xukhdukh.com), সন্ধান (http://xondhan.com) , অসমীয়া ইয়ৰষ্টৰী (https://asamiya.yourstory.com) আদি ।
ইয়াৰোপৰি, প্রথম অসমীয়া অনলাইন অভিধান- শব্দ ডট্ অৰ্গ (http://www.xobdo.org) আৰু লক্ষ্মীনাথ বেজবৰুৱাৰ কৰ্মৰাজিৰ অনলাইন সংস্কৰণ “সাহিত্যৰথী (http://www.sahityarathi.com)” ৰ বিষয়ে উল্লেখ কৰিব পাৰি ।
অন্যহাতে, ছপা মাধ্যম আৰু নব্য মাধ্যমত প্রকাশিত অসমীয়া সাহিত্যৰ গুণগত মান একেই নহয় যদিও কিছু ক্ষেত্রত নব্য মাধ্যমত উচ্চ মানদন্ডৰ সাহিত্য চৰ্চা হোৱা দেখা যায় । নব্য মাধ্যম বৰ্তমান অতি জনপ্রিয় মাধ্যম হিচাবে পৰিগণিত হৈছে যদিও ছপা মাধ্যমৰ আদৰ সদায়েই থাকিব ।
 
নব্য মাধ্যমত দৃশ্য-শ্রব্য ব্যৱস্থা সংযোজিত কৰিব পৰা সুবিধা থকা হেতুকে অসমীয়া ভাষা-সাহিত্যৰ উপৰিও বিজ্ঞান, নাটক, সাংবাদিকতা, কৃষি, উদ্যোগ, শিক্ষা, ব্যৱসায়, ৰাজনীতি, ক্রীড়া, চিত্র-ভাস্কয্য আদি বিভিন্ন ক্ষেত্রসমূহতো ইয়াৰ বহুল প্রয়োগ হ’ব ধৰিছে ।

 
পয্যটনৰ ক্ষেত্রখনটো নব্য মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । উল্লেখযোগ্য পয্যটন ক্ষেত্রসমূহৰ সবিশেষ নব্য মাধ্যমৰ যোগেদি ফটো অথবা ভিডিঅ’ সহিত আকৰ্ষণীয় ৰূপত প্রদৰ্শন কৰি দেশী-বিদেশী পয্যটকক আকৃষ্ট কৰিব পাৰি ।

 
বৰ্তমান গৰিষ্ঠসংখ্যক ইন্টাৰনেট ব্যৱহাৰকাৰীয়েই চহৰীয়া মধ্যবিত্তৰ লোক যদিও প্রস্তাবিত ‘ডিজিটেল ইন্ডিয়া’ প্রকল্পটো সম্পূৰ্ণৰূপে কায্যক্ষম হৈ উঠিলে , নগৰৰ ওপৰিও গ্রাম্যাঞ্চললৈও নব্য মাধ্যমৰ প্রসাৰ বৃদ্ধি পাব বুলি আশা কৰিব পাৰি । ‘ডিজিটেল ইন্ডিয়া’ৰ প্ৰথম পদক্ষেপ হিচাপে ভাৰত চৰকাৰেwww.mygov.in নামেৰে এটি পর্টেল মুকলি কৰিছে । এই পর্টেলৰ জৰিয়তে জনসাধাৰণে চৰকাৰৰ বিভিন্ন কাম-কাজত প্ৰত্যক্ষভাবে অংশ গ্ৰহন কৰিব পাৰিব ৷ চৰকাৰক বিভিন্ন ধৰণৰ পৰামর্শ আগবঢ়াবলৈ অথবা চৰকাৰী কাম-কাজৰ বিষয়ে আলোচনা কৰিবলৈ এই ৱেবছাইটত লগ-ইন কৰিব পাৰে । এই সুবিধাসমূহ মোবাইলতো উপলব্ধ । Mygov.inৰ মোবাইল Application দ্বাৰা জনসাধাৰণে চৰকাৰৰ কাম কাজত প্ৰত্যক্ষভাবে অংশ গ্ৰহন কৰিব পাৰে । তাৰোপৰি , ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ বিভিন্ন চৰকাৰী বিভাগসমূহৰ একোটাকৈ নিজা অফিচিয়েল ৱেবছাইট আৰু কিছুমান বিভাগৰ অফিচিয়েল ফেচবুক পেজও আছে । ইয়াৰ যোগেদি চৰকাৰৰ বিভিন্ন বিভাগৰ শেহতীয়া তথ্যবোৰ লাভ কৰিব পাৰি । এই ৱেবছাইট তথা ফেচবুক পেজ সমূহ নব্য মাধ্যমৰে অন্তৰ্গত ।

 
স্বাস্থ্য সম্পৰ্কীয় ৱেবছাইট তথা ব্ল’গৰ যোগেদি জনসাধাৰণে শৰীৰ সম্পৰ্কীয় দিহা-পৰামৰ্শ লাভ কৰিব পাৰে । উদাহৰণস্বৰূপে, ডাঃ ভূপেন শইকীয়া দেৱৰ স্বাস্থ্য সম্পৰ্কীয় ব্লগটি (https://bhupensaikia.blogspot.in)ৰ কথা উল্লেখ কৰিব পাৰি ।

 
কেৰিয়াৰৰ বিষয়ে বিভিন্ন প্রশ্নৰ উত্তৰ জানিবলৈ ‘সমিধান (http://www.xomidhan.org)’ নামৰ ৱেবছাইটটিত প্রশ্ন উত্থাপন কৰিব পাৰি । লগতে , এই লেখকৰ লগতো প্রতি শণিবাৰে সন্ধিয়া ৬ বজাৰ পৰা ৯ বজাৰ ভিতৰত ফোনত যোগাযোগ কৰিব পাৰে । চাকৰি সম্পৰ্কে বিভিন্ন তথ্য লাভৰ বাবে এটা উল্লেখযোগ্য ৱেবছাইট হ’ল- http://www.sakori.org । মডেলিঙৰ প্রতি আগ্রহীসকলে ৱেবছাইট, ব্ল’গ তথা ছ'চিয়েল নেটৱকিং ছাইটৰ যোগেদি নিজৰ ফটো আপলোড কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে । সেইদৰে, ফটোগ্রাফীত আগ্রহীসকলে নিজে তোলা ফটোসমূহ বিভিন্ন নব্য মাধ্যমত আপলোড কৰি সমগ্র বিশ্ববাসীৰ লগত নিজৰ পৰিচয় দাঙি ধৰিব পাৰে । তদুপৰি সঙ্গীত শিল্পী সকলে নিজৰ গান তথা অন্যান্য ক্ষেত্রসমূহত প্রতিভা থকা ব্যক্তিসকলেও ইউটিউবৰ দৰে নব্য মাধ্যমৰ জৰিয়তে শ্রোতা-দৰ্শকৰ কাষ চাপিব পাৰে । চেলিব্রেটি সকলে নিজৰ অফিচিয়েল ৱেবছাইট, ফেচবুক, টুইটাৰ, ইউটিউব আদিৰ যোগেদি জনসাধাৰণৰ লগত সংযোগ স্থাপন কৰিব পাৰে ।

 
নব্য মাধ্যম বৰ্তমান ৰাজনীতিৰ ক্ষেত্রখনলৈও সম্প্রসাৰিত হৈছে । ব্ল’গসমূহত বিশাল অংশগ্রহণ আৰু আলোচনাই ৰাজনৈতিক ক্ষেত্রখনলৈ পৰিবৰ্তন আনিবলৈ সক্ষম হৈছে । আমেৰিকাকে ধৰি পৃথিৱীৰ অন্যান্য ৰাষ্ট্রসমূহৰ দৰে ভাৰতবৰ্ষটো গৰিষ্ঠ সংখ্যক নৱ প্রজন্মৰ যুবক-যুৱতী বৰ্তমান নব্য মাধ্যমৰ প্রতি আকৃষ্ট হৈ পৰিছে । এই যুবক-যুৱতী সকলেও ছ'চিয়েল নেটৱকিং ছাইটৰ প’ষ্ট বা ব্লগৰ দ্বাৰা নিৰ্বাচনী প্রচাৰ সমূহত অংশগ্রহণ কৰা পৰিলক্ষিত হৈছে ।
নব্য মাধ্যমৰ যোগেদি সুফল লাভ কৰিবলৈ হ’লে এই মাধ্যমক যোগাত্মক ভাবে প্রয়োগ কৰিলেহে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্রভাব পৰিব।

No comments:

Post a Comment