ইতিবাচকঃ জীৱন গঢ়াৰ সাধনা :: অজয় লাল দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচকঃ জীৱন গঢ়াৰ সাধনা   :: অজয় লাল দত্ত

ইতিবাচকঃ জীৱন গঢ়াৰ সাধনা :: অজয় লাল দত্ত

Share This

জীৱন গঢ়াৰ সাধনা  
অজয় লাল দত্ত
শৈশৱ তথা কিশোৰ কালটো হৈছে মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময়। এই কালচোৱা যদিও দেখাত ধেমালি প্ৰধান, কিন্তু নতুন কথা শিকি জীৱনৰ দিশ নিৰ্ণয় কৰাৰ বাবে এয়াই হৈছে আটাইতকৈ উত্তম কাল। এটা সফল জীৱন আচলতে ভাল কামত ব্যৱহাৰ হোৱা দিনবোৰৰ সমষ্টিহে। একোটা কাম প্ৰতিদিনে বা বাৰে বাৰে কৰিবলৈ ল’লে সেয়াই একৈশ দিনত হেনো একোটা পূৰ্ণ অভ্যাসলৈ পৰিণত হয়। সেয়ে জীৱনৰ সফলতাৰ সাধনাৰ প্ৰথম চৰ্তই হৈছে সুন্দৰ অভ্যাস গঢ়াৰ পথ নিৰ্বাচন কৰাটো।


দিন আৰু ৰাতি মিলাই যদিও চৌবিশটা ঘণ্টা থাকে। আজিৰ গতিশীল আৰু দ্ৰুত জীৱনধাৰাত প্ৰতিটো দিনৰ এই সময়বোৰৰ কি দৰে ব্যৱহাৰ কৰা যায়, সেয়া সময়-ব্যৱস্থাপনা এক প্ৰত্যাহ্বান হৈ পৰিছে। পেশাগত জীৱনৰ সৈতে সাংসাৰিক জীৱনক তাল মিলোৱাটো অভিভাৱক সকলৰ বাবে যিমান কঠিন, শিশু সকলৰ জীৱনো খেলা আৰু পঢ়াৰ লগতে বৰ্ধিত পাঠ্যক্ৰম বৰ্হিভূত কৰ্ছবোৰে চাপময় কৰি আনিছে।

প্ৰতিদিনৰ সময় খৰছৰ ধৰণো সলনি হৈছে। আধুনিক আহিলা মোবাইল, টিভিৰ গেম আদিত শিশুৰ বেছি সময় খৰছ হোৱাৰ ফলত আচল খেলপথাৰৰ খেলবোৰ বাদ পৰিছে। ককা-আইতা, ঘৰৰ ওচৰৰ মানুহৰ সৈতে কথা-বতৰা পতাতকৈ শিশু সকলে মেচিনৰ সৈতে সময় কটাই ভাল পোৱা হৈছে। এই ধৰণৰ অভ্যাসৰ বাবে নতুন যুগৰ কনমানি সকলৰ মন কি দৰে গঢ় লৈছে সেয়াও মাক-দেউতাকে বুজি নোপোৱাৰ উপক্ৰম হবলৈ ধৰিছে। মুখৰ ভাষাত মাতৃভাষাৰ সেই সুললিত সুৰতকৈ কাৰ্টুনৰ খিচিৰি শব্দাৱলী আখৈ ফুটিবলৈ ধৰিছে। এটা ফুটবল যে বাইশটা খেলুৱৈৱে ভাগবতৰা কৰি খেলিব পাৰে, তেনেকুৱা বিশাল ধাৰণা, খেলপথাৰৰ প্ৰতিযোগিতাৰে নিজৰ শাৰীৰিক সক্ষমতা-প্ৰতিভা দেখুওৱাৰ প্ৰত্যাহ্বান আদি এই অকলশৰীয়াকৈ সময় কটোৱাৰ অভ্যাসে মনবোৰত সোমাব পৰা নাই। সেই কাৰণে নিজে চ’চিয়েল মেডিয়াত মজি থকাৰ অভ্যাস গঢ়া স্বত্বেও, নতুন মাক-দেউতাক সকলে ‘গেজেট-ফ্ৰী’ বা ‘মোবাইল-ভিডিঅ গেম’ মুক্ত শৈশৱ উপহাৰ দিবৰ বাবে আজি চিন্তা কৰিব লগীয়া হৈছে। একক পৰিয়াল ভাল বুলি ভবা সকলেও এতিয়া আকৌ ককা-আইতাৰ সৈতে কনমানি সকলে সময় কটোৱাই আটাইতকৈ উত্তম আৰু বহুত বেছি শব্দ, কথা, জ্ঞান লভিব পাৰে বুলি ভাবিবলৈ বাধ্য হৈছে। গাঁৱত বহুত মানুহৰ মাজত ডাঙৰ হোৱা শিশু সকলৰ বিকাশ আৰু কথা-শিকাৰ হাৰ, চহৰত আচুতীয়াকৈ ডাঙৰ হোৱা শিশুতকৈ অধিক হোৱা দেখা গৈছে। ৰবীন্দ্ৰ নাথ ঠাকুৰৰ ‘মানুষেৰ মাজে আমি বাচিবাৰ চাই’ কথাষাৰ মেচিন বনাম মানুহৰ এই সন্ধিক্ষণত পুনৰবাৰ সাৰ্থক হবলৈ ধৰা দেখিবলৈ পোৱা গৈছে। মানৱীয় গুণবোৰ মানুহৰ কাষতহে কৰ্ষিত হব পাৰে সেই কথাৰ অনুভৱ আচুতীয়া জীৱনশৈলীৰ বৰ্ধিত জনপ্ৰিয়তাৰ বিপৰীতে প্ৰমাণিত হবলৈ ধৰিছে। সেয়ে, মানুহৰ পৃথিৱীত মানুহৰ সৈতে সুন্দৰ ব্যৱহাৰ, ভাষাৰ ব্যৱহাৰ, ভাল-বেয়াৰ বিচাৰৰ সংস্কাৰ আদি সৰু সৰু অথচ গুৰুত্বপূৰ্ণ অভ্যাসবোৰ গঢ়াত সৰু-বৰ সকলোৱেই গুৰুত্ব দিয়াৰ প্ৰয়োজনে দেখা দিছে। বহু-ভাষাৰ সংমিশ্ৰনে ধবংস কৰিবলৈ ধৰা কথিত মাতৃভাষাৰ বিকৃত ৰূপে ভাষাবোৰৰ ভৱিষ্যতক লৈয়ো প্ৰশ্ন থিয় কৰাইছে।

অসম আমাৰ মাতৃভূমি। ৰূপহী অসমৰ বিনন্দীয়া প্ৰকৃতি-গছ-বন-লতা-ফলফুল-চৰাই-চিৰিকতি, ইয়াৰ ৰূপ চৰোৱা গীত-মাত-খাদ্য আদিৰ মাজতে আমাৰ জীৱন। আনুষ্ঠানিক শিক্ষাই শিকোৱা কথাবোৰ মনপুতি গ্ৰহণ কৰিলে, সকলোৱেই ভালকৈ থাকিব পৰাকৈ ধন আৰ্জন কৰিব পাৰিব সেয়া নিশ্চিত। সেয়া চাকৰিয়েই হওক বা নিজৰ আত্ম-সংস্থানৰ জৰিয়তে। জানেনে, আজিকালি বিশ্বত বৰ্ধিত জনসংখ্যাৰ অনুপাতে নাটনি হৈছে মানুহৰ বাবে খাদ্যৰ। বহুতো বিদেশত পঢ়িবলৈ যোৱা, চাকৰি কৰিবলৈ যোৱা ডাঙৰ মানুহো নিজৰ দেশলৈ ঘূৰি আহি আধুনিক পদ্ধতিৰ খেতি, পশুপালন আদিৰ পাম খুলিছে। তেওঁলোকৰ প্ৰেৰণাও আকৌ বহুতো ধনী দেশত থকা বিশাল বিশাল বিজ্ঞান-ভিত্তিক কৃষিপাম সমূহহে। হায়দৰাবাদ, কেৰেলা, তামিলনাডুত এনে জৈৱিক, হাইব্ৰিড পামৰ সফলতাৰ উদাহৰণ আজি সুলভ হৈ পৰিছে। অসমীয়াত এষাৰ কথা আছে নহয়, বিদেশলৈ যাব লাগে, দেশ-দুনীয়া চাই শিকিবলৈহে-জ্ঞান লভিবলৈ, ধনৰ বাবে নহয়! বিশাল ধন কৰ্ম কৰি ঘৰতেই সততাৰেও আৰ্জন কৰিব পাৰি।

আজিৰ যুগত ডাঙৰ মানুহ হবলৈ কেৱল কিতাপত পোৱা ধৰণৰ ডাঙৰ নেতা, অফিচাৰ বা বিজ্ঞানী হোৱাৰ প্ৰয়োজন নাই, ডাঙৰ চহৰত থকাৰ প্ৰয়োজন নাই। মাত্ৰ ভাল কামেৰেই ডাঙৰ মানুহ হব পাৰি। মাজুলীৰ ওচৰৰ ব্ৰহ্মপুত্ৰৰ বালি চাপৰিৰ বালিত গছ পুলি ৰুই মানৱসৃষ্টৰ অৰণ্যৰ বাবে ‘অৰণ্য-মানৱ’ৰ আখ্যা পোৱা যাদৱ পায়েঙৰ উদাহৰণকে লোৱা হওক। তেওঁক বিদেশলৈকো মাতি নি সন্মান দিছে, দক্ষিণ আফ্ৰিকাৰ টিভিত তেওঁক লৈ বিজ্ঞাপন চলিছে। আমাৰ লখিমপুৰতে জীৱনৰ সাধনা কৰা উদ্ধৱ ভৰালী ডাঙৰীয়াই নিজৰ উদ্ভাৱনী শক্তিৰে নতুন নতুন আহিলা উদ্ভাৱন কৰি এতিয়া দেশে-বিদেশে সুখ্যাতি লভিছে। নিজৰ গাঁও অঞ্চলতে অন্ধ-বিশ্বাস আঁতৰাবলৈ চেষ্টা কৰি ডাইনী প্ৰথাৰ বিৰুদ্ধে যুঁজি বীৰুবালা ৰাভা এতিয়া ৰাষ্ট্ৰসংঘৰ অধিবেশনলৈ আমন্ত্ৰিত হৈছে। অসমৰ ৰাইজেও তেখেতলোকক সন্মান দিছে, আনকি বিশ্ববিদ্যালয় পৰ্যায়তো তেওঁলোকৰ প্ৰেৰণামূলক বক্তৃতা আয়োজিত হৈছে। মন কৰিব, এই সকল লোকে নিজৰ চৌপাশে থকা প্ৰকৃতি আৰু পৰিবেশলৈহে চাই, তাৰেই উন্নতিৰ বাবে নতুন চিন্তাৰে কাম কৰিছে আৰু তাৰেই লাভ কৰিছে সফলতা আৰু খ্যাতি। নিউটন, যি আপেল গছৰ পৰা আপেল সৰি ঘটনাৰ পৰাই আদিসূ্ত্ৰ মধ্যাকৰ্ষণ বলৰ ধাৰণা আহৰণ কৰিছিল। সেইবাবে, আমি চৌপাশৰ পৰিবেশ, প্ৰকৃতিলৈ চাবলৈ, বুজিবলৈ, পৰ্যবেক্ষণ কৰিবলৈ শিশু কালৰে পৰাই অভ্যাস গঢ়া উচিত। বিজ্ঞানেও এই প্ৰকৃতিৰ পৰিঘটনাবোৰকে পদ্ধতিগত ভাৱে পৰ্যবেক্ষণৰ দ্বাৰা বিজ্ঞানৰ সূত্ৰৰ ৰূপহে দিয়ে। শিল্পীয়ে প্ৰকৃতিৰ ছবি আঁকে, কবিতা-গীত-নাটক-চিনেমা আদিৰ সৃষ্টি কৰে। কিন্তু সকলোবোৰ সুকুমাৰ কলাৰ আৰম্ভ হয় প্ৰকৃতি দৰ্শন আৰু পৰিবেশক ভালপোৱাৰ অভ্যাসৰ পৰাই। আধুনিক নৱ-প্ৰজন্মক মোবাইল, টিভি অথবা মেচিনতে মগন হৈ থাকিবলৈ দিলে জানো হব? তেওঁলোকে খেলপথাৰত খেলিব লাগিব, খিৰিকি খুলি পৰিবেশ চাব লাগিব, আকাশ চাব লাগিব, দুৱাৰ খুলি চৌপাশৰ সৈতে মিলিব লাগিব। তেতিয়াহে উৰাৰ হেঁপাহ হব, দৌৰাৰ হেঁপাহ হব। এই প্ৰাকৃতিক সাৰপানীয়ে যোগোৱা প্ৰেৰণাহে শিশুক মানুহ কৰি তুলিব। ই কলাত্মক ৰূপতেই হওক বা বিজ্ঞানৰ ৰূপতেই।

জীৱনৰ প্ৰতিটো খোজেই আমাক নতুন নতুন কথা শিকায়, এয়া হৈছে অভিজ্ঞতাৰ শিক্ষা। আৰু মানুহে যুগ যুগ ধৰি এনেকৈ ঠেকি শিকা কথাবোৰেই লিপিদ্ধ হৈছে কিতাপত। সেয়ে শিকাৰ এই এৰাব-নোৱাৰা খেলটোত কিতাপ সদায়েই শ্ৰেষ্ঠ বন্ধু। পৃথিৱীৰ হাজাৰটা ভাষাত আছে লাখে লাখে কিতাপ। এটা পুথিভঁৰাল বা কিতাপৰ দোকানত গৈ থিয় দিলেহে গমপোৱা যায়, বাহ্, এইখন জ্ঞানৰ ৰঙীন মেলা। ইমান কিতাপ, ইমান কথা, ইমান জ্ঞান! গ্ৰন্থমেলাৰ শাৰী শাৰী বিপনীয়ে আনি দিয়া শিহৰণে মানুহক বুজাই দিয়ে, তুমিনো কি জানা? আমি কি নাজানো, সেই কথা অনুধাৱন কৰিব পৰাটোৱেই হেনো আৰম্ভণি নতুন জ্ঞানৰ অন্বেষণৰ। সেয়ে শিশু-ছাত্ৰ-ছাত্ৰী সকলক কিতাপৰ বিশাল জগতখনৰ সৈতে চিনাকি কৰাই দিব লাগে। গ্ৰাম্য, মহকুমা, জিলা সদৰত থকা পুথিভঁৰাল সমূহত থকা সুবিধাবোৰ দেখুৱাব লাগে। এবাৰ কিতাপৰ নিচাই ধৰিলে আৰু জ্ঞানপ্ৰাপ্তিৰ এই খেলখনত সেইজন খেলুৱৈক কোনেও পৰাজিত কৰিব নোৱাৰে। জ্ঞানেই হৈছে শক্তি, জীৱনত আগুৱাবলৈ। সেয়ে এই শক্তি গোটোৱা প্ৰক্ৰিয়াটোক এক খেলৰ দৰে আকৰ্ষণীয় কৰি তোলাৰ প্ৰয়োজন।

‘আপুনিও জয়ী হব’ নামৰ বহু-পঠিত গ্ৰন্থখনত লেখক শিৱ খেৰাই লিখিছে-‘বিজয়ী সকলে বেলেগ কাম নকৰে, কিন্তু বেলেগকৈ কৰে’! আহোম ৰজাৰ দিনত কেৱল নিজৰ বাৰী-ঘৰ-ফুলনি আটক-ধুনীয়াকৈ ৰখা দেখিয়েই মোমাই তামুলী বৰবৰুৱাক ৰজাই নি পুৰস্কৃত কৰিছিল, ৰজাঘৰীয়া বাব দিছিল। নিজা খেলৰ ধৰণ আৰু প্ৰতিভাৰ বাবেই বক্সিঙৰ ৰিঙত বিশ্ব-চেম্পিয়ন হ’লগৈ মণিপুৰৰ জীয়াৰী মেৰী কম, দৌৰত বিশ্বৰ দ্ৰুততম ব্যক্তি হব পাৰিলেগৈ জামাইকাৰ উছেইন বল্ট! সেয়ে জীৱত খ্যাতি পাবলৈ হ’লে, বেলেগ কিবা কৰাৰ প্ৰয়োজন নাই, কিন্তু একক আৰু অনন্যকৈ কৰাৰ প্ৰয়োজন আছে। আৰু এই কথাবোৰ শিকিব পাৰি, এনে সফল লোকৰ জীৱনীৰ পৰাহে।


সেয়ে সাধাৰণ মানুহৰ সফলতাৰ কাহিনীবোৰ শিশু সকলক সাধু কথাৰ দৰেই শুনোৱা উচিত। জীৱনীবোৰ পঢ়িবলৈ দিয়া উচিত। এগৰাকী গণিতৰ গৱেষক পংকজজ্যোতি মহন্তই ‘প্ৰতিভাৰ উতস’ নামৰ গ্ৰন্থ অসমীয়াতে লিখি প্ৰকাশ কৰিছে। এই গ্ৰন্থত দুৰ্গম যাত্ৰা, যুগান্তকাৰী অন্বেষণ আৰু সাধাৰণ মানুহ অসাধাৰণ হৈ উঠাৰ আখ্যান সমূহ সংকলিত হৈছে। তিনিচুকীয়াৰ অৰুণাচল সীমান্তৰ এখন দৰিদ্ৰপীড়িত পৰিয়ালৰ পৰা গৈ আমেৰিকাৰ বিশ্বৰ শীৰ্ষতম বিশ্ববিদ্যালয়ত এম.আই.টিত গৱেষক-বিজ্ঞানী হোৱা ডঃ ৰুবুল মাউতৰো আত্ম-জীৱনী ‘মোৰো এটা সপোন আছে’ এই বছৰেই প্ৰকাশ পাইছে। এনেবোৰ কিতাপে মন-মগজুলৈ অনা শিহৰণে জীৱনত মানুহ হোৱাৰ বাটত যে শিক্ষাৰ্থী সকলক সঁচাকৈ উদ্বুদ্ধ কৰিব পাৰিব, সেই কথাও কিন্তু নিশ্চিত।

লেখক xukhdukh.com অসমীয়াৰ সুখ-দুখৰ প্ৰতিষ্ঠাপক সম্পাদক। মোবাইল- 9531107150 , লেখাটি পূৰ্বে দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment