সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

টুপি বিতৰ্কত জুবিন বনাম দেশৰ নতুন তাড়ণা

অজয় লাল দত্ত

এজন অভিনেতাই তেওঁৰ চলি থকা চিনেমাখনৰ প্ৰচাৰ কৰি থাকোতে ইঠাইৰ পৰা সিঠাইলৈ যাওতে প্ৰচাৰৰ খাতিৰত সেই চিনেমাৰ চৰিত্ৰৰ সাজ-পোছাক পিন্ধি যাব পাৰে নে নোৱাৰে সেয়াহে আচলতে এক প্ৰশ্ন হোৱা উচিত। কথাবোৰ বিচাৰ কৰিবলৈ যাওতে তাৰ পটভূমিও বিচাৰ কৰি চোৱা উচিত!

এটা প্ৰশ্ন হয়, যিদৰে অফিচত থাকোতে আমি সেই পদবীত থকা বিষয়া, ঘৰত বা গাঁৱত বা ৰাস্তাত সেই চাকৰি বা পদবী মতেই বাটৰুৱাৰ পৰা সন্মান পাম বুলি কোনোবাই গাৰাণ্টি দিব পাৰিবনে বা অফিচৰ বাহিৰত বা ব্যক্তিগত চাৰ্কোলত অফিচৰ পদ-মৰ্যদা হননৰ অভিযোগ তুলিব পাৰিনে? এই কথাটোও ভাবিব লগীয়া। একেদৰেই দায়িত্বত কৰ্মৰত তথা সেই ডিউটিত থকা ইউনিফৰ্মত থকা সময়ত পোৱা সন্মান বা ৰেচপন্স কোনোৱে সাধাৰণ ভাৱে বাটত কিয়নো পাব। তেতিয়া সেই ভূমিকাত নিশ্চয় নাই! চাবলৈ গ'লে চাকৰিয়ালো আচলতে জীৱন নাটৰ একোটা ভাৱৰীয়াহে। সেইমতে ব্যক্তিগত সময়ত, পদবীৰ আওতাৰ বাহিৰত থাকে একোজন মানুহ!

যিদৰে কালিৰে পৰা মিচন চাইনা ছবিৰ অভিনেতা-নিৰ্দেশক জুবিন গাৰ্গক লৈ বিতৰ্ক হৈছে সেই প্ৰসংগতে কথা কেইষাৰ লিখিছো। সাধাৰণ এজন মানুহেও বুজিব পাৰিছে যে, অভিনেতাই চলি থকা চিনেমাৰ প্ৰমোচনত ঘূৰি ফুৰোতে মই কৰ্নেল বুলি কোৱা কথাষাৰ এষাৰ 'সংলাপহে'! কিন্তু গুৱাহাটীত নামি 'অসমত থকা হ'লে' ধৰণৰ কথা বৰ্জন কৰাটো উচিত আছিল আৰু এই টিআৰপিৰ প্ৰেম প্ৰৱণতাত ভোগা সকলেও অনাহক বিতৰ্কৰ সমল পোৱাকৈ খুঁচৰিও থাকে। আজিকালিৰ সময় বৰ স্পৰ্শকাতৰ, অদৰকাৰীভাৱে স্পৰ্শকাতৰ। সেই কথা অভিনেতা শিল্পীয়েও বুজিব লাগিব। লগৰ ল'ৰাক আবে তাক আমাৰ গাঁৱত সি কব লাগিছিল, গুৰুলাগুৰুল দিলোহেতেন বুলি কোৱা কথা এটা আজি চ'ছিয়েল মেডিয়াত ধেমালি কৰিলেও কেচ হোৱা অসহনীয় অৱস্থাত থিয় দিছেহি সমাজ! আৰু কালিৰ বিতৰ্ক তাৰেই এক পৰিণতি।

দেশপ্ৰেম কেৱল সেনাবাহিনীত চাকৰি কৰা সকলৰে নাই বা তেওঁলোকৰহে কেৱল জন্মসিদ্ধ অধিকাৰ তেনেকুৱা নহয়। প্ৰায়বোৰ নিষ্ঠাবান নাগৰিকৰে মনত দেশভক্তি আছে। যিসকলে নিজা নিজা জীৱন নাটৰ নাম ভূমিকা গ্ৰহণ কৰি দেশৰ প্ৰতি সেৱা আগবঢ়াইছে, ভক্তি কৰিছে। সেনাৰ মাজতো ভাল বেয়া মানুহ আছে, সুকীৰ্তি যিদৰে সেনাৰ আছে, সেইদৰে আছে অগণন মানৱ অধিকাৰ উলংঘনৰো ইতিহাসো! সেনা বুলি কলেই সকলো শুদ্ধ এই ধাৰণা অথবা ভাৰতীয় সেনাৰ কোনো কাৰ্য সমালোচিত হলেই ই দেশদ্ৰোহ ধৰণৰ অৱধাৰণাও শুদ্ধ নহয়। সেনাত নিয়োজিত এজনক তেওঁৰ কৰ্তব্যত বাধা  দিয়া যিমান দোষণীয় অপৰাধ একেদৰেই আন এজন চৰকাৰী বিষয়াকো কৰ্তব্যত বাধা দিয়াটো সমানেই অপৰাধ। একেদৰেই এজন মানুহে স্বাধীন ভাৱে পিন্ধন-উৰণ চলন ফুৰনৰ নিজা অধিকাৰ একোটাও নাই জানো, তাতো হকা-বাধা কৰাটোও চাগৈ ব্যক্তিগত অধিকাৰ হননৰ আওতাতে পৰিব। কৰ্তব্যৰত অৱস্থাত নথকা অৱস্থাত যিকোনো নাগৰিকেই বাট পথে সাধাৰণ নাগৰিকৰ দৰেই চলিব নালাগিবনে। তেতিয়া কোনো কামত বাধা পালে বা তেওঁৰ অধিকাৰ হনন হ'লে তেওঁ চাকৰি কৰা সংস্থাৰ কথা টানি অনাটো নিশ্চয়কৈ উচিত নহয়।

ডিউটিত নথকা সময়ত এজন সাধাৰণ নাগৰিক হিচাবে নিজকে গণ্য নকৰা এগৰাকী বিষয়াৰ মনতো জানো এক অহমিকাহে প্ৰকাশ পোৱা নাই। অভিনেতাৰ বেশভূশাৰ পটভূমি নজনাকৈ আইন ভংগ অথবা আইন ৰক্ষাৰ স্বয়ম্ভু দায়িত্ব পালন কৰিবলৈ গৈ এগৰাকী অভিনেতাৰ ভুল নেদেখুওৱা হলেওনো কি মহাভাৰতখন অশুদ্ধ হ'লহেতেন! একো নহ'লহেতেন, নাটক, থিয়েটাৰৰ বাবে গৈ থাকোতেও পুলিচ ড্ৰেচত যোৱা বুলি কেচ তৰিবলৈ লাগিলে দেখোন সংস্কৃতিৰ বৰঘৰত তলা উলমিবলৈ কেতপৰ। কৃষ্ণৰ ৰূপত কাৰোবাক সজালেও ধৰ্মীয় অনুভূতিত আঘাত ধৰণৰ কথা কলেও লেঠা লাগিব। ভাৰতৰ সমাজ বহুত্ববাদৰ আৰু ভিন্নতাৰ ৰঙেৰে ৰঙীন। এই সমাজ কেতিয়াৰ পৰা ইমান ভংগুৰ হ'ল যে, কোনোবাই কৰ্নেলৰ ভাও ধৰি নিজা চিনেমাৰ প্ৰচাৰ চলাই থাকিলেও আইন ভংগ হোৱা হ'ল অথবা দেশৰ সামৰিক বাহিনীক অসন্মান কৰা হ'ল।

কথাবোৰ গমিপিতি চোৱাতো ভাল। বিতৰ্কৰ সৃষ্টি আৰু তাৰ জোৱাৰত প্ৰচাৰ আৰু তাৰেই কিবা প্ৰাপ্তি আজিৰ যুগৰ এক ফেশ্বন হৈ পৰিছে। ফেশ্বন হৈ পৰিছে কথাই প্ৰতি কেচ দিয়া তাড়ণাৰো। মানুহে ধেমালি, অভিনয় আজি যেন পাহৰি পেলাইছে। সকলোতে আইন, সংবিধান, দেশভক্তিৰ প্ৰলেপ দি দি কি প্ৰমাণ কৰিবলৈ বিচৰাৰ প্ৰস্তুতি চলিছে সেয়া সময়েহে কব পাৰিব। দেশৰ এই পৰিবৰ্তিত পৰিবেশত খেয়ালী মনৰ মানুহেও যে খেয়ালী সংলাপ বাদ দিব লাগিব সেই কথাও কিন্তু নিশ্চিত।

1 comment:

  1. ৰঞ্জন হাজৰিকাSeptember 13, 2017 at 7:16 PM

    কোনোবাই ক'ব পাৰিবনে?
    ----সামৰিক বাহিনীৰ uniformৰ লগত মিলা (আংশিক বা সম্পূৰ্ণভাৱে) পোছাক পিন্ধাতো illegal হয়, নে নহয়?
    ২০১৬ চনত এটা campaign আৰম্ভ কৰিছিল armyয়ে:
    "------spread awareness and start a campaign to prevent misuse of Army uniform and equipment as fashion statement,"
    Campaign শব্দটো থকা বাবে legalityৰ কথাটো উৎথাপন কৰিলো।
    এই বিষয়ত অভিজ্ঞজনৰ পৰা মন্তব্য আশা কৰিলো।

    ReplyDelete