চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
গুড গৰ্ভানেঞ্চৰ ‘টুপি’, ৰাইজৰ মোহভংগ 
আৰু ন-পৰিবৰ্তনৰ হাবিয়াস 
ৰক্তিম গোস্বামী

বৰ্তমান শাসকীয় দল বিজেপিয়ে নিৰ্বাচনী প্রচাৰৰ কালছোৱাত সবাতোকৈ বেছি ব্যবহাৰ কৰা শব্দযুগলেই বোধহয় আছিল- ‘Good Governance’. এই শব্দযুগল সাধাৰণ মানুহৰো অতি চিনাকী হৈ উঠিছিল কম সময়তে।জনতাৰো দৰাচলতে হেপাহ জাগিছিল স্বাধীনতাৰ পিছত অন্ততঃ এবাৰলৈ গুড গৰ্ভানেঞ্চৰ আমেজ লোৱাৰ।কেইবা দশকজোৰা কংগ্রেছৰ অপশাসনৰ অন্তত তেনেই স্বাভাবিক আছিল শত-সহস্র প্রতিশ্রুতিৰে ৰাইজক পতিয়ান নিয়াবলৈ সফল হোৱা কোনো এক নতুন দলৰ চৰকাৰৰ পৰা কৰা এই সুশাসনৰ হাবিয়াস।নৰেন্দ্র ম’ডীয়ে ৰাইজক গুড গৰ্ভানেঞ্চৰ সৰ্ম্পকে কৈছিল, “Good Governance with good intentions in the hallmark of our government. Implementation with integrity is our core passion.” এইদৰে কথা কোৱা চৰকাৰখনে এতিয়া কেন্দ্রত ৩ বছৰত শেষ কৰিলে আৰু আমাৰ ৰাজ্যত ২য় বছৰত ভৰি দিলে কিন্তু সু-শাসনৰ বিপৰীতে এই কালছোৱাত দেশত গজগজীয়া হ’ল সাম্প্রদায়িক সংকীৰ্ণতা আৰু ধৰ্মীয় উন্মাদনাৰ কলীয় ডাৱৰ।দুৰ্নীতিৰ বিৰুদ্ধে এখন বিয়াগোম যুঁজৰ আখৰা চলিল যদিওঁ ৰাইজে ইতিমধ্যোই বুজি উঠিল যে দুৰ্নীতিৰ প্রকৃত বিশাল মাছবোৰক ধৰিবলৈ চৰকাৰে যিখন জাল পেলোৱা উচিত সেইখন জাল পেলাব পৰাকৈ চৰকাৰ কলিজা নাই অথবা কোনো ৰাজনৈতিক স্বাৰ্থত সেই জাল পেলাবলৈ অপাৰগ।অবশ্যে এই কালছোৱাত ৰাজ্যবাসীৰ বাবে একো উল্লেখযোগ্য ঘটনা ঘটা নাই বুলিলে আসৈ মতা হ’ব কাৰণ এই কালছোৱাত ঘটা ৰাজ্যবাসীৰ বাবে সবাতোকৈ ডাঙৰ ঘটনা হ’ল – ‘মোহভংগ’। 

বানত ৰাজ্য আকৌ এবাৰ থানবান হ’ল। অসমৰ মানুহৰ জীৱন দুৰ্বিষহ হ’ল।লক্ষ লক্ষ থলুৱা মানুহ গৃহহীন- ভূমিহীন হ’ল। নিজৰ ভূমিতে অঘৰীৰ দৰে ঘূৰি ফুৰিল অলপ আশ্রয় অলপ খাদ্য বিচাৰি।বিদ্যুৎপৃষ্ঠ হৈ বহু জন মানুহ মৰিল।চৰকাৰ যি দৰে হিন্দু বাংলাদেশী সংস্থাপন দিয়া, ৰামদেবক হাজাৰ হাজাৰ বিঘা মাটি দিয়া, গো- ৰক্ষা আদি বিষয়লৈ সৰৱ, উত্তেজক, বলিষ্ঠ আছিল ‘চবকে সাথ চবকা বিকাশ’ ধ্বনিৰে তালফাল লগোৱা সেই একেখন চৰকাৰকে ৰাইজৰ এনে ভয়ানক বিপদৰ সময়ত নিষ্প্রভ, উদাসীন আৰু নিস্তেজ স্থিতিত দেখা গ’ল।বৰং সেই সময়ত অসমৰ এনে ভয়ংৰ দুৰ্যোগৰ পৰা ৰাইজক বিভ্রাত কৰিবলৈ ৰচনা কৰা হ’ল ‘শিক্ষকক ৰাজহুৱা অপদস্থ’ কৰাৰ দৰে এখন নিকৃষ্ট নাটক।এইখিনিতে ধন্যবাদৰ পাত্র ‘প্রিয়বন্ধু’ৰ দৰে অজস্র স্বেচ্ছাসেৱী সংগঠন আৰু ফেচবুকৰ বহু সৰু বৰ গোট যি কেৱল মানবীয়তা আৰু জাতীয় দায়বদ্ধতাৰ খাতিৰত আগবাঢ়ি আহিছিল বাৰ্নাতক যথোসাধ্য সহায় কৰিবলৈ।আন নলাগে দুটি কণামাণিয়েওঁ দান বৰঙণি গোটাই মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজিলৈ আগবঢ়াইছিল প্রায় ৬৫০(ছয়শ পশ্চাশ)টকা মান ধন।এতিয়া কথা হ’ল মাথো কিছুদিন আগেয়ে ব্রহ্মপুত্র নমনত ব্যস্ত থকা প্রধানমন্ত্রী এতিয়া ব্রহ্মপুত্রৰ সংহাৰী চৰিত্র দেখি ক’ত লুকাল? প্রতিকাৰ বাদ দিলো কিন্তু তেওঁৰ আন্তৰিকতাৰ এষাৰি মাত দিবলৈ সময় ন’হলনে? ৰাইজৰ মোহভংগ নহৈ পাৰে? 

এতিয়া চচিয়ল মিডিয়াত প্রায়েই চৰ্চিত হয় যে যদি আজিৰ তাৰিখত দেশত নিৰ্বাচন পতা হয় তেনেহ’লে বিশেষকৈ অসমত বিজেপি বেয়াকৈ হতাশ হ’ব।ক্রমাৎ সৰহসংকলোকেই এই কথাত লাহে লাহে সহমত প্রকাশ কৰিব ধৰিছে।এসময়ত মোডী জ্বৰত আক্রা্ন্তজনেওঁ মুকলিকৈ ক’বলৈ লাজ নকৰা হ’ল ‘এসময়ত ময়ো ভক্ত আছিলো এতিয়া আমুৱাইছে আৰু’ বুলি।সাম্প্রদায়িক বিষবাষ্প বিয়পাই অসমীয়াৰ মন ধৰ্মৰ বলেৰে জয়ী কৰিব পাৰিব বুলি ভাবি চচিয়েল মিডিয়াত উপদ্রব কৰি ফুৰা এচাম ‘পেইড চেঙেলীয়া বিবেকহীন ধৰ্মান্ধ’ৰ বাহিৰে প্রতিজন অসমীয়াই লাহে লাহে উপলব্ধি কৰিব ধৰিছে কি দৰে হেৰাব ধৰিছে আমাৰ মাজৰ পৰা মুক্ত চিন্তা, মুক্তমনৰ পৰিবেশ।কি ধৰণে কেন্দ্রীয় চৰকাৰৰ তথাকথিত গুড গৰ্ভানেঞ্চৰ নীতি হৈ পৰিছে অসমীয়াৰ (বৃহত্তৰ অসমীয়া জাতিক গঢ় দিয়া প্রতিটো জাতি- উপজাতি আৰু ধৰ্মক সাঙুৰি) জাতি, ধৰ্ম, শিক্ষা, সংস্কৃতি আৰু সংস্কাৰৰ বাবে ভয়াবহ বিপদ সংকেত। 

‘গুড গৰ্ভানেঞ্চ’ হয়তো দৰাচলতে আছিল অসমীয়া অথবা অসমৰ বাবে বানপানী, বাংলা সীমান্ত, নিবনুৱা সমস্যা আদিৰ লগত বিজেপি চৰকাৰে যোগ দিয়া এক নতুন নিৰ্বাচনী ‘টুপী’ যাক আমি বুজাত ভুল কৰিলো।অসমৰ ৰাইজে যি গুড গৰ্ভানেঞ্চ বাবে আজিৰ চৰকাৰখনক গাডীত বহুৱাইছিল সেই গুড গৰ্ভানেঞ্চৰ অৰ্থ আছিল মৌলিক সমস্যাবোৰৰ সমাধান, সামাজিক আৰু অৰ্থনৈতিক উন্নয়ন আৰু অনৈক্যৰ মাজত ঐক্যতাৰে সহবস্থান আদিৰ দৰে কিছু বিষয়।আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল ৰাইজৰ মৌলিক সমস্যাবোৰলৈ পিঠিদি পতা কোনো উৎসৱ। আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল মাংস অথবা খাদ্যৰ নামত কটা-মৰা। আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল অপ্রতিৰোধ্য বানৰ অধিক ভয়াবহতা আৰু অধিক মৃত্যু।আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল হিন্দু বিদেশীক স্বদেশী কৰাৰ ষড়যন্ত্র।আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল GSTৰ নামত উত্তৰ-পূৱৰ লগত কৰা অৰ্থনৈতিক বৈষম্যতা।আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল ধৰ্মীয় উন্মাদনা।আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল শিক্ষক- বৰেণ্য বুদ্ধিজীৱিক ৰাজহুৱা অপদষ্ট কৰা। আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল কেৱল দলং আৰু নদীবান্ধ।আমাৰ বাবে গুড গৰ্ভানেঞ্চ কাহানিওঁ নাছিল কেৱল পুঁজিবাদীৰ ইচ্ছাত পৰিচালিত এখন চৰকাৰ। 

আমাক পৰিবৰ্তন লাগিছিল আৰু পৰিবৰ্তন হ’ল কিন্তু অনাকংক্ষিত আৰু ওলোটা দিশত- বহুকেইজন দূৰদৰ্শী ব্যক্তিয়ে নিৰ্বাচনী কুচকাৱাজৰ মাজত মুকলিকৈ কোৱাৰ ধৰণেই কিন্তু আমি পুণৰ এটা প্রশ্নতেই থমকি ৰ’ব লাগে- ‘আছে জানো আমাৰ হাতত এনে কোনো শক্তিশালী আঞ্চলিক ৰাজনৈতিক বিকল্প?’ তথাপিওঁ এটা কথা এইখিনিতে ধুৰূপ যে দেশৰ জনতাৰ বুকুত লাহে লাহে উকমুকাব ধৰিছে ন-পৰিবৰ্তনৰ হাবিয়াসে।
লেখকৰ ঠিকনাঃ 
C/o First Steps Pre-School/ Educo school of Art & Music, Kharati, Mazgaon, Tezpur, Assam-784001, Mobile- 8486038559 

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages