মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিদ্যুৎস্পৃষ্ট হৈ শতাধিক লোকৰ মৃত্যুৰ বাবে দায়ী কোন?
মনোৰম গগৈ

যোৱা মাহত আগষ্টৰ ৭ তাৰিখে আছাম ইলেক্ট্ৰিচিটি ৰেগুলেটৰী কমিচনত এখন পিটিচন দিছিলোঁ। যোৱা এপ্ৰিল মাহৰ পৰা গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত বিদ্যুৎস্পৃষ্ট হৈ শতাধিক লোকে কৰুণভাৱে প্ৰাণ হেৰুৱাইছিল। এনেদৰে মৃত্যু সাৱটি লোৱা সকলৰ ভিতৰত কেইবাজনো বিদ্যুৎ কৰ্মীও আছে। মোৰ পিটিচনখনত অভিযোগ কৰিছিলোঁ যে অসমত বিজুলী শক্তি বিতৰণৰ দায়িত্বত থকা এপিডিচিএলেই এনে দুৰ্ঘটনাৰ বাবে সম্পূৰ্ণভাৱে দায়ী।মোৰ প্ৰধান অভিযোগবোৰ আছিল এনেধৰণৰ:

১। এপিডিচিএলে 'ইলেক্ট্ৰিচিটি এক্ট ২০০৩'ৰ কেইবাটাও ধাৰা সম্পূৰ্ণৰূপে ভংগ কৰিছে। বিশেষকৈ গ্ৰাহক আৰু বিদ্যুৎকৰ্মীৰ নিৰাপত্তাৰ দিশ এই কোম্পানীটোৱে সম্পূৰ্ণ উলাই কৰিছে।

২। বিদ্যুৎ বিতৰক কোম্পানীটোৱে বিভিন্ন ঠাইত বহুওৱা বিদ্যুৎ খুঁটাবোৰৰ বহুততে যাৱতীয় আৰ্থিং দিয়া হোৱা নাই!এইবোৰ দিশ চোৱা-চিতা কৰিবলৈ অসম চৰকাৰে এজন মুখ্য বিদ্যুৎ উপদেষ্টা তথা ইন্সপেক্টৰ নিয়োগ কৰিছে যদিও এই বিষয়াজনে সঠিকভাৱে দায়িত্ব পালন কৰিব পৰা নাই।

৩। 'ইলেক্ট্ৰিচিটি এক্ট ২০০৩' মতে বিদ্যুৎ বিতৰক কোম্পানীবোৰে ফিল্ডত কাম কৰিবলৈ যিবোৰ লাইনমেন তথা চুপাৰ ভাইজাৰক নিযুক্তি দিয়ে, সেই সকলোৰে অন্তত: দুবছৰৰ যাৱতীয় প্ৰশিক্ষণ বাধ্যতামূলক। কিন্তু বৰ্তমান সেই নিয়ম কোম্পানীটোৱে মানি চলা নাই! এই কোম্পানীয়ে উপযুক্ত প্ৰশিক্ষণ নথকাকৈয়ে বহু কৰ্মচাৰীক কামত খটুৱাই আছে।

৪।যিসকল নিৰীহ লোকৰ এপিডিএলচিৰ বিচ্যুতি বা অৱহেলাৰ বাবে মৃত্যু হৈছে সেইসকলৰ নিকট পৰিয়ালক কোম্পানীটোৱে কমেও এক কোটি টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব লাগে!

মোৰ পিটিচনৰ ভিত্তিত আজি কমিচনে শুনানি গ্ৰহণ কৰে।মুখ্য বিদ্যুৎ উপদেষ্টাৰ লগতে এপিডিচিএলৰ শীৰ্ষ বিষয়াবৰ্গই বক্তব্য প্ৰদান কৰা এই শুনানিত মই পুনৰ দোহাৰোঁ যে গ্ৰাহক, বিদ্যুৎ কৰ্মী তথা সাধাৰণ নাগৰিকক নিয়মীয়া, সুস্থিৰ বিদ্যুৎ যোগানৰ লগতে সকলোৰে নিৰাপত্তাৰ দিশটোত চকু ৰখাটো বিদ্যুৎ বিতৰক কোম্পানীটোৰ এৰাব নোৱৰা দায়িত্ব।এই বিতৰক কোম্পানীটোৰ ভুল বা অৱহেলাৰ বাবে ভৱিষ্যতে যাতে এজনো নিৰীহ ব্যক্তিয়ে কৰুণভাৱে প্ৰাণ হেৰুৱাবলগীয়া নহয়, তাৰ নিশ্চিতিৰ বাবেই আয়োগত এই আবেদন দাখিল কৰা হৈছে।

শুনানিত কোম্পানীটোৰ বিষয়াবৰ্গই অকপটে স্বীকাৰ কৰে যে যোৱা এপ্ৰিল মাহৰ পৰা আজি পৰ্যন্ত ৰাজ্যত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা শতাধিক ঘটনাৰ ২১টা এপিডিচিএলৰ ভুলৰ বাবেই হৈছে। লগতে বিভিন্ন আন্ত:গাঁথনিগত প্ৰতিবন্ধকতাৰ কথাও বিষয়াসকলে উল্লেখ কৰে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে মূলত: চৰকাৰৰ উপযুক্ত বিদ্যুৎ নীতি তথা দূৰদৰ্শিতাৰ অভাৱতে এনে কৰুণ ঘটনাবোৰ ঘটিবলৈ পাইছে।

উল্লেখযোগ্য যে মই পিটিচনখন দাখিল কৰাৰ প্ৰায় এসপ্তাহৰ পিচতে অসম চৰকাৰে এক জাননী যোগে জানিবলৈ দিয়ে যে এই মৃত্যুৰ ঘটনাবোৰৰ তদন্ত কৰিবলৈ চৰকাৰে ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশক দায়িত্ব প্ৰদান কৰি এখন এজনীয়া তদন্ত আয়োগ গঠন কৰি দিছে।এই ন্যায়িক তদন্ত ব্যৱস্থা কৰাৰ বাবেই কমিচনে মোৰ পিটিচনখনৰ আধাৰত পৰৱৰ্তী পৰ্যায়ত আৰু অধিক শুনানিৰ প্ৰয়োজন নাই বুলি জানিবলৈ দিয়ে আৰু মই উত্থাপন কৰা বিষয়সমূহ ন্যায়িক তদন্ত আয়োগৰ দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনায়।

সাংবাদিক বন্ধুসকললৈ অনুৰোধ: বিষয়টোৰ গুৰুত্ব বুজি যেন সকলোৱে এই বিষয়টোৰ সন্দৰ্ভত জনমত গঠন কৰিবলৈ চেষ্টা কৰে, যাতে ভৱিষ্যতে এনে কৰুণ ঘটনা যাতে ৰাজ্যত পুনৰ সংঘটিত নহয়।

(বিষয়টোত ৰাজহুৱা সচেতনতা বৃদ্ধিৰ বাবে লেখাটি প্ৰকাশ কৰা হৈছে)

3 comments:

  1. Likhoni tu khube important aru porhi val lagil. Very good job.

    ReplyDelete
  2. পিছে সাংবাদিক বন্ধুসকলে সহাৰী জনালেনে ?

    ReplyDelete
  3. Likhoni tu khube important aru porhi val lagail. Very good job

    ReplyDelete