Friday, September 8, 2017

চিন্তন

শিল্পীৰ সামাজিক আৰু জাতীয় চেতনা
ড° বিজয় কৃষ্ণ চেতিয়া
সাম্প্ৰতিক সময়ত “শিল্পী” শব্দটোক লৈ আমাৰ মনত এক গভীৰ সংশয় ভাৱৰ সৃষ্টি হৈছে। আমি ভাৱিবলৈ বাধ্য হৈছো আচলতে শিল্পী নো কি বা শিল্পীৰ প্ৰকৃত সংজ্ঞাই বা কি? আমি আমাৰ সীমিত জ্ঞানে যি বুজি পাওঁ সেইমতে শিল্পী হ'ল এখন সমাজৰ বা এটা জাতিৰ উত্তৰণৰ আটাইতকৈ দায়িত্বশীল ব্যক্তি, যি নিজস্ব স্বপ্ৰতিভাৰে বিনা অহংকাৰে জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা সাহস কৰে, যি জাতিৰ সমস্যাক নিজৰ সৃজনশীল চিন্তাৰে সমাধানৰ পৰিৱেশ গঢ়ে।

আমি যদিহে উপৰিউক্ত সংজ্ঞাক মানি লওঁ, তেন্তে বৰ্তমান সময়ত জনপ্ৰিয়তাৰ শীৰ্ষত থকা সৰহ সংখ্যাক আমাৰ তথাকথিত শিল্পীকে আমি শিল্পী শাৰীৰ পৰা আঁতৰাই দিব লাগিব। কাৰণ তেওঁলোকৰ জাতীয় চেতনাক লৈ আমাৰ প্ৰশ্ন আছে বা সন্দেহ আছে। বৰ্তমান সময়ত অসমীয়া জাতিটোৱে নিজৰ অস্তিত্বকলৈ বিভিন্ন বিপদৰ সন্মুখীন হৈছে, এই বিপদ ভাষাকলৈ হৈছে, এই বিপদ জনসংখ্যাকলৈ হৈছে বা এই বিপদ নৱ প্ৰজন্মৰ জাতীয় চেতনাকলৈ হৈছে । কিন্তু সাম্প্ৰতিক সময়ত এই বিপদ সমূহৰ প্ৰতি কিছু মুষ্টিমেয় শিল্পীক বাদি সৰহসংখ্যাকৰ যি ধৰণৰ মনোভাৱ ইয়াক লৈ বৰ্তমান সময়ত আমাৰ মনত গভীৰ সংশয়ৰ সৃষ্টি হৈছে।

বৰ্তমান জাতীয় সমস্যা সমূহৰ সমাধান স্বাৰ্থত শিল্পীসমাজত যেনেধৰণৰ সৃষ্টি হব লাগিছিল সেইয়াও নাই হোৱা বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ আৰু এই বিষয়টোৱে আমাক যথেষ্ট চিন্তিত কৰি তুলিছে। এইক্ষেত্ৰত 'সৃষ্টি' বুলিলে আমি আমাৰ সীমিত জ্ঞানে যি বুজোঁ তাক কিছু সংক্ষেপে ব্যক্ত কৰিব বিচাৰিছোঁ। আমাৰ মতে সৃষ্টি হ'ল কোনো ব্যক্তিৰ স্বপ্ৰতিভাৰ সামাজিক স্বীকৃতি, সৃষ্টিৰ বাবে এক সুস্থিৰ আৰু গৱেষণালব্ধ মনৰ খুবেই প্ৰয়োজন বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। লগতে আমি অনুভৱ কৰোঁ ‘সৃষ্টি’য়ে জাতীয় চেতনাক প্ৰতিনিধিত্ব কৰিব পাৰিবই লাগিব আৰু জাতিৰ উত্তৰণৰ বাবে সৃষ্টি দায়বদ্ধ হ্বই লাগিব, ইয়াত জাতীয় শব্দটো বহল অৰ্থত মানৱ জাতিৰ বাবে ব্যৱহাৰ কৰা হৈছে।

এতিয়া যদি জাতীয় চেতনাক কিছু আঞ্চলিক চেতনাৰ গণ্ডীৰলৈ আনো অৰ্থাৎ অসমীয়া জাতীয় চেতনাৰ প্ৰসংগলৈ আহোঁ তেন্তে আমি দেখিম বৰ্তমান সময়ৰ তথাকথিত শিল্পী সকলে অসমীয়া জাতীয় চেতনাক যেনেদৰে প্ৰভাৱম্বিত বা প্ৰতিনিধিত্ব কৰিব পাৰিব লাগিছিল তেনেদৰে পৰা নাই। যি সৃষ্টি হৈছে সেইয়া কেৱল শিল্পী ব্যক্তিগত স্বাৰ্থপূৰণৰ বাবে হৈ আছে আৰু আমি অনুভৱ কৰোঁ এনে চিন্তা জাতিটোৰ স্বাৰ্থতে গ্ৰহণযোগ্য নহয়।

আমাৰ এই ধাৰণাক স্পষ্ট কৰিবলৈ দুটা উদাহৰণ দিলোঁ

ক । আজিও আমি কোনো জাতীয় সমস্যাত জাতিটোক জাতীয় চেতনাৰে একগোট কৰিবলৈ ভূপেন হাজৰিকা দেৱৰ “আহ আহ ওলাই আহ” গীত টোকে গাব লাগে। অৰ্থাৎ এনেধৰণৰ জাতীয় চেতনাৰে উপলব্ধ নতুন গীত নতুন চাম শিল্পীৰ চিন্তাত বা কণ্ঠত উপলব্ধ নহয়।

খ। জাতীয় প্ৰমূল্যবোধ ক্ষেত্ৰতও আজিও ভূপেন হাজৰিকা দেৱৰ “মানুহে মানুহৰ বাবে” গীতটোকে গাব লাগে।এই ক্ষেত্ৰও উপৰোক্ত চিন্তাকে উপস্থাপন কৰিব পাৰি।

উপৰিউক্ত উদাহৰণৰ দ্বাৰা এটা কথাই স্পষ্ট বৰ্তমান সময়ত জাতীয় চেতনাক ঐকবদ্ধ কৰাত বা জাতীয় প্ৰমূল্যবোধক সজাগ কৰিব পৰা সৃষ্টি কৰাত আমাৰ তথাকথিত শিল্পীসকল সক্ষম নহয় বা তেওঁলোক আগ্ৰহী নহয়। আজিৰ দিনত কেৱল মাত্ৰ অসমীয়াৰ আৱেগক আহিলা কৰি উৎসৱ কেন্দ্ৰীক চিন্তা কৰাতহে আমাৰ তথাকথিত শিল্পীসকল অভ্যস্ত বা ব্যস্ত; ব'হাগ মাহটো যেন তাৰেই উদাহৰণ।

শেষত আমি অনুভৱ কৰোঁ, বৰ্তমান সময়ত আমাৰ জাতিটো বিভিন্ন জাতীয় সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে আৰু এইসময়ত জাতিটোক এক সৱল কৰা স্বাৰ্থত এক সুস্থিৰ সাংস্কৃতিক আন্দোলনৰ খুবেই প্ৰয়োজন। গতিকে বৰ্তমান সময়ত নিশ্চয়কৈ আমি চিন্তা কৰা উচিত হব যে আমাক কেনে শিল্পীৰ প্ৰয়োজন আৰু তাৰবাবে আমি কেনে পৰিৱেশ গঢ়িব লাগিব তাৰ বাবেও চিন্তাৰ কৰা এক সময়ৰ আহ্বান আহি পৰিছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ।

ভূ-তত্ত্ববিদ, শিৱসাগৰ,অসম।, যোগাযোগ নম্বৰ ৯৯৫৪২-৫৩৫৫৩

No comments:

Post a Comment