চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

IM (DT) - অসমৰ প্রব্ৰজনৰ সমস্যাক উপলুঙা কৰা আইনখন, তাৰ প্রভাৱ আৰু বৰ্তমান চৰকাৰৰ ‘অদ্ভুত হিন্দু মানবতাবাদ’
ৰক্তিম গোস্বামী


IM (DT) আইনৰ কথা বা তাৰ ফলত অসমে বহন কৰিবলগীয়া বহুখলপীয়া সমস্যাৰ বিষয়ে ক’বলৈ যোৱাৰ আগতে দুটামান উধৃতি দিয়াৰ ঐতিহাসিক প্রাসংগিকতা আছে বুলি অনুভব কৰিছো। ‘Two Nation Theory’-ৰ পৃষ্ঠপোষক আৰু পাকিস্থানৰ পিতৃস্বৰূপ মহম্মদ আলি জিন্নাই তেখেতৰ সহ-ধৰ্মীয় বন্ধু মইনুল হক চৌধাৰীক কৈছিল-



“এটা দশকৰ ভিতৰত অত্যাধিক মুছলমানৰ প্রবজন ঘটোৱাই মই অসমক ইষ্ট পাকিস্তানৰ অৰ্ন্তভুক্ত কৰিব পাৰিম…”।


পৰবৰ্তি আন এজন পাকিস্থানি ৰাষ্ট্রপতি জুলফিকাৰ আলী ভুট্টুয়ে তেখেতৰ আত্ম জীৱনী “The Myth of Independence”-ত উল্লেখ কৰিছিল এইদৰে- “ভাৰতবৰ্ষৰ লগত আমাৰ বিবাদ কেৱল কাশ্মীৰকলৈ নহয়, অসমকলৈওঁ।অসমত কেইখনমান মুছলীম সংখ্যা গৰিষ্ঠ জিলা আছে যি কেইখনক দেশ বিভাজনৰ সময়ত পাকিস্থানক গতাই দিয়াতো উচিত আছিল, এই জিলাসমুহক ভুলকৈ ভাৰতত অৰ্ন্তভুক্ত কৰা হ’ল”। 

আবামী লীগৰ নেতা, তেতিয়াৰ বাংলাদেশৰ ৰাষ্ট্রপতি শ্বেইখ মজিবুৰ ৰেহমানেও এবাৰ উল্লেখ কৰিছিল যে- “ইষ্ট বেংগল (বাংলাদেশ) ৰ জনসংখ্যা দ্রুত গতিত বাঢ়ি আহিছে । ইয়াৰ জনগণে কমি অহা ভূমিৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে । বেংগলীসকলক ভূমিৰ প্রয়োজন, যি অসমে দিব পাৰে । অসম বনাঞ্চল আৰু প্রাকৃতিক সৌন্দৰ্যৰে ভৰি আছে।যদি বাংলাদেশৰ কিছুলোক অসমলৈ গৈ তাতে স্থায়ীভাবে থিতাপি লয় তেনেহ’লে তেওঁলোক বৰ সুখী হ’ব।আচলতে অসমখনক ইষ্ট বেংগলতে অৰ্ন্তভুক্ত কৰিব লাগিছিল”।

এইটোৱেই মানসিকতা। এই ঘাটক মানসিকতায়েই তেতিয়াৰ পৰা এতিয়ালৈকে ক্রিয়া কৰি আছে আৰু দেশীয় চৰকাৰৰ অৰ্কমন্যতাৰ সুৰুঙালৈ অবৈধ প্রবজনো চলি আছে নিৰন্তৰ। অসমবাসীক ফুচুলাবলৈ আৰু প্রকাৰান্তৰে অবৈধ বাংলাদেশীক প্রবজনকাৰীক ৰক্ষণাবেক্ষন দিবলৈ কেন্দ্রই তৈয়াৰ কৰিলে এখন অতি টুলুঙা আইন যাৰ নাম ILLEGAL MIGRANTS (DETERMINATION BY TRIBUNAL) ACT, 1983 বা চমুকৈ IM(DT) আইন। এই আইনখনে একে এষাৰত ক’ব গ’লে অসমক বাংলাদেশীৰ চৰণীয়া পথাৰ কৰাত বা বাংলাদেশীৰ অনুপ্রবেশৰ সমস্যাটোক জটিলৰ পৰা জটিল কৰি অসমৰ জনগাথঁনিক বিধস্ত কৰি অসমক ভাষিক, অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিকভাবে জুৰুলা কৰি পেলোৱাত আগভাগ ল’লে। ছয় বছৰীয়া অসম আন্দোলনৰ অন্তত যি উদ্যোশ্যৰে অসম চুক্তি স্বাক্ষৰিত হৈছিল সেই চুক্তিৰ পৰিণতিয়েই IM(DT) আইন, যি প্রকাৰান্তৰে ছয় বছৰীয়া অসম আন্দোলনৰ উদ্দেশ্যকেই উপলুঙা কৰিলে আৰু বৰং অবৈধ বাংলাদেশী আওঁপকীয়াকৈ প্রবজনকাৰীক আইনী ৰক্ষাকবচহে প্রদান কৰিলে।

IM(DT)- আইনৰ প্রস্তাৱনাত ভাৰত চৰকাৰে অবৈধ প্রবজনৰ কথা স্বীকাৰ কৰি (যিটো কংগ্রেছ দলৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈয়ে হাস্ব্যস্পদ ভাবে অস্বীকাৰ কৰিছিলে) এই দৰে উল্লেখ কৰিছে –“a good number of foreigners who migrated into Indian across the borders of the eastern and north-eastern regions of the country on and after the 25th day of March, 1971, have by taking advantage of the circumstances of such migration and their ethnic similarities and other connections with the people of India and without having in their possession any authority so to do, illegally remained in India.” 

সেয়েহে এই আইনৰ আক্ষৰিক উদ্দেশ্য আছিল অসমত অবৈধভাবে প্রবেশ কৰা অনুপ্রবেশকাৰীসকলক চিনাক্ত কৰা আৰু বহিষ্কাৰ কৰা। কিন্তু এই আইন প্রকৃতাৰ্থত দুমুখীয়া আছিল। এফালে বিদেশী বিতাড়ণৰ বাবে এই আইন প্রণয়ন কৰা হৈছিল, আনহাতেদি এই আইনেই বিদেশীসকলক দিছিল ৰক্ষণাবেক্ষন। এই আইনৰ উদেশ্যপ্রণোদিত বিফলতাৰ লক্ষণীয় দুৰ্বলতা বহু আছিল যদিওঁ তাৰে ভিতৰৰ কিছু তলত উল্লেখ কৰিলো-

১) দেশৰ কেৱল এখন ৰাজ্যত প্রবৰ্তিত হোৱা IM(DT) আইন আছিল দেশৰ দ্বিতীয়খন প্রবজন সম্বন্ধীয় আইন।যি আইনে Foreigners Act, 1946-ৰ অধীনত সোমাব নোৱাৰা অবৈধ প্রবজনকাৰীক এই আইনৰ সুৰুঙালৈ অসমত প্রবেশ কৰাৰ বাট প্রশস্ত কৰিলে।

২) এই আইনখনে কোনো এজন মানুহ অবৈধ প্রবজনাৰী হয়নে নহয় তাক প্রমাণ কৰাৰ দায়িত্ব আচৰিতভাবে সেই অবৈধ প্রবজনাৰীজনৰ বিষয়ে গোচৰ তৰা ভাৰতীয় নাগৰিকজনৰ ওপৰত অৰ্পণ কৰে।অৰ্থাৎ মই যদি গম পাওঁ যে মোৰ ঘৰৰ কাষত নতুনকৈ থাকিবলৈ লোৱা মানুহজন অবৈধ প্রবজনকাৰী আৰু মই যদি তেওঁৰ বিষয়ে গোচৰ তৰোঁ তেনেহ’লে তেওঁ অবৈধ প্রবজনকাৰী বুলি প্রমাণ কৰাৰ দায়িত্ব মোৰ হ’ব।

৩) পূৰ্বে আইনখনত আৰু এটা অতি বিস্ময়কৰ কথা উল্লেখ কৰা আছিল। সেইটো হৈছে যে কোনো ব্যক্তিয়ে তেওঁ থকা ঠাইৰ পৰা ৩ কিলোমিটাৰৰ ভিতৰৰ লোকৰ ওপৰতে অবৈধ প্রবজনকাৰী বিষয়ক গোচৰ তৰিব পাৰিব। পিছলৈ অবশ্যো যদিওঁ ইয়াক সংশোধন কৰি এই পৰিসীমা স্থানীয় পুলিচ থানাৰ পৰিসীমালৈ সলনি কৰা হয়। মুঠতে এই আইনে প্রকাৰন্তৰে এইটো পৰিস্থিতিৰ সৃষ্টি কৰে যে তেজপুৰৰ মানুহজনে কলিয়াবৰত অবৈধ প্রবজনকাৰী থকাৰ কথা জানিলেও সেই বিষয়ে গোচৰ তৰিব নোৱাৰে।

৪) এই আইনখনে ভাৰতৰ অন্যান্য ঠাইত খোপঁনি পুতা আৰু Foreigner Act, 1946-ৰ ৰোষত পৰিব পৰা অবৈধ প্রবজনকাৰীসকলক অসমলৈ ধাপলি মেলিবলৈ উচটনি দিলে কাৰণ অসমেই হৈছে সেইখন ৰাজ্য য’ত IM(DT) আইনৰ জড়িয়তে অবৈধ প্রবজনকাৰী ৰক্ষণাবেক্ষণ দিয়া হৈছিলে।

৫) এই আইনখনত IM(DT) Rules of 1984ৰ Form No.1ৰ No.5 rule-ৰ অধীনত বিচৰা তথ্যসমুহ লাভ কৰিবৰ সন্দেহযুক্ত নাগৰিকক বাধ্য কৰাব পৰা (যদি কনো লোকে তথ্য দিবলৈ অসন্মত হয়) কোনো আইনী ব্যৱস্থাৰ কথা উল্লেখ নাছিল।

৬) এই আইনখনে অনুসন্ধানকাৰী বিষয়াজনক সন্দেহযুক্ত নাগৰিকৰ ঘৰ বা থকা ঠাইত অনুসন্ধান চলাবলৈ বা সন্দেহযুক্ত নাগৰিক জনক লাগতীয়াল তথ্য যোগান ধৰিবৰ বাবে বাধ্য কৰিবলৈ ক্ষমতা অৰ্পণ কৰা নাছিল।

এই আইন সন্দৰ্ভত D.N. Bezboruah ডাঙৰীয়াই কোৱা কিছু কথা পাঠকসকলৰ বাবে আগবঢ়ালে অসমৰ বিস্তৰ ক্ষতি সাধন কৰা এই আইনখন আৰু অবৈধ প্রবজনৰ দৰে এটা ভয়ানক সমস্যাৰ প্রতি কেন্দ্রীয় চৰকাৰৰ মনোভাব আৰু দৃষ্টিভংগী কেনেকুৱা আছিল তাক বুজিবলৈ বহুগুণে সহজ হৈ পৰিব-

“মই এজন আইনজীবি নহয়। মোৰ কোনো আইন বিষয়ক অতীত নাই, কিন্ত মই অলপ নিজাববীয়া প্রচেষ্টা হাতত লৈছিলো।মই কি কৰিছিলো যে তিনিটা সৰু কথা উত্তৰ বিচাৰি পৃথিবীৰ ৪০খন গণতান্ত্রিক দেশৰ প্রবজন বিষয়ক আইনসমুহ ইন্টাৰনেট যোগে সংগ্রহ কৰি অধ্যয়ন কৰিছিলো:

(১) পৃথিবীত এনেকুৱা কোনো দেশ আছে নেকি য’ত দুখন প্রবজন বিষয়ক আইন প্রচলিত?…

(২) পৃথিবীত এনেকুৱা কোনো দেশ আছে নেকি যি অবৈধ প্রবজনকাৰীকলৈ সহৃদয়?…

(৩) পৃথিবীত এনেকুৱা কোনো দেশ আছে নেকি য’ত অবৈধ প্রবজনকাৰীৰ নাগৰিকত্ব প্রমাণৰ দায়িত্ব অবৈধ প্রবজনকাৰীৰ নহয় বৰং আন ব্যক্তিৰ?...”

তেওঁ ৪০খন গণতান্ত্রিক দেশৰ প্রবজন বিষয়ক আইনসমুহ বিষদভাবে কৰা অধ্যয়নৰ অন্তত এনে নীতি প্রচলিত এনে কোনো এখন দ্বিতীয় দেশৰ সন্ধান নাপালে। 

IM (DT) আইনৰ আঁৰলৈ অসমত দশক দশক ধৰি প্রবেশ কৰি থকা বাংলাদেশীলোকসকলে অসমৰ জনগাঁঠনিক বিধ্বস্ত কৰি পেলালে। প্রতি দশকৰ লোকপিয়লৰ তথ্যই এই ভয়াবহ সত্যতাক জনগণৰ আগত দাঙি ধৰিলে। লোকপিয়লৰ তথ্যই উদঙাই দিয়া এটা মু্খ্য দিশ হ’ল অসমত অস্বাভাবিকভাবে বৃ্দ্ধি হোৱা মুছলমান জনসংখ্যা। এইখিনিতে এইটোওঁ কথা উল্লেখ কৰিব বিচাৰো যে ১৯৯১ চনৰ বাংলাদেশৰ লোকপিয়লৰ তথ্যত এক অদ্ভুত কথা উল্লেখ কৰিছিল।১৯৯১ চনৰ বাংলাদেশৰ লোকপিয়লৰ এই তথ্য অনুযায়ী বাংলাদেশৰ পৰা প্রায় ৬০ লাখ মানুহ নাইকীয়া হৈছে বা অদৃশ্য হৈছে। নিজৰ দেশ এৰি ক’লৈ গ’ল এইসকললোক ? প্রসংগক্রমে এই কথা উল্লেখনীয় যে ১৯৭১ চনৰ পৰা ১৯৯১ চনৰ ভিতৰত অসমত মুছলীম জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৭৭.৪২।ইয়াৰ বীপৰিতে একেসময়ছোৱাত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৪১.৮০।বাংলাদেশৰ অদৃশ্য নাগৰিক আৰু অসমৰ জনবস্ফোৰণৰ এই পৰিসাংখ্যিক সংযোগক কাকতালীয় বুলি গ্রহণ কৰাৰ কোনো যুক্তি থাকিব নোৱাৰে। ক’লা আইন IM(DT)ৰ সুৰুঙাৰে পাৰ হোৱা অবৈধ প্রব্রজনকাৰীৰ অহৰহ সোঁতে অসমৰ জনসংখ্যাৰ কি পৰিবৰ্তন কৰিলে তাৰ তথ্য (ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধিৰ তুলনাত) তলত উল্লেখ কৰা তলিকা-১ আৰু তলিকা-২ ৰ সহায়ত দেখুওৱা হ’ল। তলিকা-৩ ১৯৪৫ ৰ পৰা ২০০৩ লৈকে IM(DT) সফলতাৰ খাতিয়ান দাঙি ধৰা হ’ল।


চৰকাৰী উপহাসৰ অস্ত্র IM (DT)- , এই আইনৰ ষড়যন্ত্রমুলক অভিসন্ধি আৰু ইয়ৰ ভয়ানক ফলশ্রুতিৰ কথা বাৰুকৈ উপলব্ধি কৰা অসমৰ পূৰ্বৰ ৰাজ্যপাল (Lt.Gen. (Retd.) S.K.Siha-ডাঙৰীয়াই ১৯৯৮ চনতে তৈয়াৰ কৰা অবৈধ প্রব্রজন বিষয়ক ৰিপৰ্টত ৰাষ্ট্রপতিলৈ লিখা এখন চিঠি আছিল এনেৰণৰ-



RAJ BHAVAN 

GUWAHATI 


D. O. No. GSAG.3/98/ 
November 8, 1998 

Dear Adarniya Rashtrapatiji, 

Large scale illegal migration from East Pakistan/Bangladesh over several decades has been altering the demographic complexion of this State. It poses a grave threat both to the identity of the Assamese people and to our national security. Successive Governments at the Centre and in the State have not adequately met this challenge. 

As Governor of Assam, I feel it is my bounden duty, both to the Nation and the State I have sworn to serve, to place before you this report on the dangers arising from the continuing silent demographic invasion. I have also formulated my recommendations for dealing with this issue of vital importance. I earnestly hope that this matter will receive due consideration and suitable action taken to avert the grave danger that has been building up for some time. 

With profound regards. 

Yours sincerely, 

(Lt Gen (Retd) S K Sinha, PVSM) 

উপৰোল্লেখিত চিঠিখনে অবৈধ প্রব্রজনৰ ভয়াবহতা আৰু অসমক ই কৰা ক্ষতিৰ এখন স্পষ্ট ছবি ডাঙি ধৰিছে। বৰ্তমানৰ মুখ্যমন্ত্রী মাননীয় সৰ্বানন্দ সোণোৱালে উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনৰ ভিত্তিত ২০০৫ চনৰ ১২ জুলাই তাৰিখে মুখ্য ন্যায়াধীশ R.C.Lahoti, ন্যায়াধীশ GP Mathur আৰু ন্যায়াধীশ P.K Balasubramnyan-ৰ দ্বাৰা গঠিত তিনিজনীয়া বেঞ্চে IM (DT)-ক অবশেষত ‘Ultra Virus’ বুলি ঘোষণা কৰে। কালক্রমত IM (DT)-ক ‘Ultra Virus’ বুলি ঘোষণা কৰিলেওঁ এই আইন বাহাল থকাৰ কালছোৱাত অসমৰ যি ক্ষতি হ’ল ই চিৰ দিনৰ বাবে অসমৰ জনগাঁঠনিক বিধ্বস্ত কৰি পেলালে। অসমৰ ভূমি, বনাঞ্চল, নদ-নদী, চৰ আদি অঞ্চলক সন্দেহজনক বাংলাদেশীলোকৰ চৰণীয়া পথাৰ কৰি পেলালে। খিলঞ্জীয়লোক সকল নিজৰ ভূমিৰ অধিকাৰৰ পৰাই বঞ্চিত হ’ল।লাহে লাহে অসমৰ অৰ্থনীতি আৰু ৰাজনীতিতো এইসকললোকৰ দখল গজগজীয়া হ’ল।

IM (DT)-ৰ পৰা পোৱা শিক্ষাৰ পৰা আমাৰ শিকিবলগীয়া আছে। আমি বিচাৰ কৰিবলৈ শিকিব লাগিব,যে চৰকাৰে দিয়া তথাকথিত সমাধানবোৰত বা প্রণয়ন কৰা আইনবোৰত প্রকৃতাৰ্থত কাৰ স্বাৰ্থ সিদ্ধিৰ মন্ত্র সম্বলিত হৈ আছে। আমি যি দেখো বা হয় বুলি ভাবো বা ৰাইজৰ হিতৰ বাবে বুলি ভাবো প্রকৃতাৰ্থত বহুক্ষেত্রত ইয়াৰ সম্পূৰ্ণ ওলোটাহে হয় । আন একো নহয় অসমীয়াক মূৰ্খ সজোৱা আৰু অসমক বিধ্বস্ত কৰা IM (DT) আইনখনেই ইয়াৰ জ্বলন্ত প্রমাণ। আমি জাতিগত দোষ ‘এলাহ’ আৰু ‘অবাবত সময় নষ্ট কৰা’ স্বভাৱ বাদ দি চৰকাৰৰ প্রতিটো পদক্ষেপৰ সচেতনভাবে বস্তুনিষ্ঠ বিশ্লেষণ কৰাৰ অভ্যাসক গঢ় দিলেহে আমি বিচৰা আমাৰ উন্নয়ন সম্ভৱ হ’ব বা চৰকাৰী ‘ঠগবাজী’ক প্রতিৰোধ কৰিব পাৰিম। শুনিব পাইছো চৰকাৰে পুণৰ কেইবালাখো বংলাদেশী(এইবাৰ যেনিবা হিন্দুৰ পোছাক পিন্ধা)ক মানবতাবাদৰ দোহাই দি ৰাজ আতিথ্যৰে দেশত আদৰণি জনোৱাৰ যো-জা চলাইছে, কোৱা হৈছে সমগ্র ভাৰতে হেনো ইয়াৰ বোজা ল’ব। হিন্দুৱেই হওঁক বা মুছলমানেই হওঁক এই কথাত দ্বিমত নাই যে সকলো বাংলাদেশীৰে প্রিয় চৰণীয়া পথাৰ অসম, বাংলাদেশৰ প্রিয় “ডাম্পিং গ্রাউণ্ড” অসম। আমন্ত্রিত বাংলাদেশীসকলক যদি নাগৰিকত্ব প্রদান কৰা হয় তেনেহ’লে ভাৰতীয় সংবিধাৰ মৌলিক অধিকাৰৰ অনুচ্ছেদ ১৯(১)(ঙ) দফায়ো (to reside and settle in any part of the territory of India) নিশ্চয় লাগো হ’ব আৰু যদি লাগো হয় তেনেহ’লে বিনাদ্বিধাই এই কথা মনি ল’ব লাগিব যে আমন্ত্রিত ৰাজ অতিথি সকলৰ সৰহসংখ্যকেই কালক্রমত অসমত (আৰু হয়তো কিছু পশ্চিম বংগত) খোঁপনি পিটিব কাৰণ ভাষিক আৰু গোষ্ঠীগতভাবে আপোন ঠাই এখনেই তেওঁলোকৰ প্রথম পচন্দ হ’ব। বাতৰিকাকততে দেখিবলৈ পাইছো যে এইবাৰ হেনো এওঁলোকক ৰক্ষণাবেক্ষন দিবৰ বাবে আইন, চৰকাৰি নীতি নিয়ম প্রণয়ৰ কথা ওলাইছে। পাকচক্রটো এনেকুৱা যে প্রথমে তেওঁলোকক দীঘলীয়া ম্যাদৰ ভিছা প্রদান কৰা হ’ব যাতে পিছলৈ ই নাগৰিকত্ব দাবী কৰিবলৈ সুবিধাজনক হয়।ইয়াৰ লগতে চৰকাৰে দীঘলীয়া ভিছা লাভ কৰা সকলক আধাৰ কাৰ্ড, চালকৰ অনুজ্ঞা পত্র, PAN কাৰ্ড আদি প্রদানৰ কথাওঁ উল্লেখ কৰিছে যি তেওঁলোকৰ স্থায়ীভাবে থাকি যোৱাৰ পথৰ দুৱাৰসমুহ মুকলি কৰিব। চৰকৰে ইয়াৰ উপৰিও Passport (Entry into India) Act, 1920, আৰু Foreigners Act, 1946 ৰো কিছু সালসলনিৰ কথা বিবেচনা কৰিছে। মুঠতে মুল কথাটো হ’ল ৰাজনৈতিক স্বাৰ্থক মানবতাবাদ আৰু ধৰ্মৰ মুখা পিন্ধাই হ’লেওঁ বাংলাদেশীক আমাৰ দেশত বিশেষকৈ অসমত সোমোৱাৰ পথ প্রশস্ত কৰিবই। অসমৰ বান, নদীবান্ধ,অৰ্থনীতি, নিবনুৱা, গোষ্ঠিগত, জনজাতিয়, অবৈধ প্রব্রজন, চীনৰ ভৌগিকল আৰু অ্থনৈতিক আগ্রাসন আদি এশ এবুৰি সমস্যাৰ সমাধানত মানবতাবাদ নেদেখা, বা অসমীয়া ডেকা গাভৰুক সন্ত্রাসবাদ দমনৰ নামত আনৰ দেশত কুকুৰ-মেকুৰীৰ দৰে হত্যা কৰিলে মানবতাৰ ক্ষতি নোহোৱা বুলি ভবা এই চৰকাৰে মানবতাৰ সংজ্ঞা বিচাৰি পাইছে বাংলাদেশীক আপোন কৰাতহে। শেষত সকলো কথা বাদ দি কেৱল মাত্র সাধাৰণ জ্ঞানেৰে চৰকাৰী পক্ষৰ পৰা এটা প্রশ্নৰ পোনপটিয়া এটা শব্দৰ এটি চমু উত্তৰ বিচাৰিম। প্রশ্নটো হ’ল – অভাৱ অনাটনৰ মাজত এটা সৰু ঘৰত (ক) এটা ৫ জনীয়া পৰিয়াল যেনেতেনে চলি আছিল। ঘৰৰ কাষতে থকা জুপুৰীৰ (খ) এজন মানুহৰ পৰা এদিন ‘ক’ ঘৰৰ মালিকে অলপ সহায় বিচৰাত চেগবুজি অলপ ভালঘৰত থাকিবলৈ পোৱাৰ আশাত ‘খ’ ঘৰৰৰ আন ৪ জনলোক ‘ক’ ঘৰৰ মুৰব্বীৰ অৰ্কমণ্যতাৰ সুযোগলৈ তেওঁৰ ঘৰত জোৰ জুলুমকৈ প্রবেশ কৰি থাকিবলৈ ল’লে। তাৰফলত ‘ক’ ঘৰখনৰ মানুহৰ থাকিবলৈ, খাবলৈ বহু অসুবিধা হোৱাৰ লগতে দুয়ো পক্ষৰ মাজত সঘনাই সংঘাতো হ’বলৈ ধৰিলে কিন্তু ‘খ’ ঘৰৰ মানুহ মৰি গ’লেওঁ নিজ ঘৰলৈ উভতি নাযায়। এতিয়া কথা হ’ল এনে পৰস্থিতিত এতিয়া ‘ক’ ঘৰৰ মুৰব্বীয়ে ‘খ’ ঘৰৰ মানুহৰ বাবে হোৱা নিজৰ ঘৰৰ মানুহৰ দুৰবস্থাৰ কথা পাহৰি ‘খ’ ঘৰৰ পৰা আৰু মানুহ মাতি আনি (যি কাৰণতে নহওঁক) নিজৰ ঘৰত থাকিবলৈ অনুৰোধ কৰাতো যুক্তিসংগত হয় নে? সমগ্র বিশ্বতে অৰ্থনৈতিক প্রগতিৰ বাণী বিলাই ফুৰা প্রধানমন্ত্রী নৰেন্দ্র মোডীয়ে মুছলমান জনবিস্ফোৰণত জৰ্জৰিত অসমলৈ পুনৰ (প্রত্যক্ষ বা পৰোক্ষ ভাবে) বাংলাদেশৰ পৰা হিন্দুসকলক আমদানী কৰি আনি ধৰ্মৰ ভিত্তিত কি প্রগতি আনিব বিচাৰিছে সেয়া হয়তো কাৰোবাৰ বাবে সহজে অনুমেয় আৰু হয়তো কাৰোবাৰ বাবে দুৰ্বোধ্য।

----------------------------------------
লেখাটিত থকা বানান ভুল সমূহ আজিয়েই শুদ্ধ কৰা হব।

No comments:

Post a Comment