Sunday, April 9, 2017

জীৱনৰ অনুভৱ

অৰুণাচলত মনিকুন্তলা বাইদেউৰ সান্নিধ্যত...
চয়নিকা বৰুৱা
অসমৰ সাহিত্য জগতৰ এটি উজ্জ্বল প্রতিভা, এটি চিনাকি নাম মণিকুন্তলা ভট্টাচার্য বাইদেউ। ঔপন্যাসিক, গল্পকাৰ সাহিত্যতে সৃষ্টি কৰিছে। এটি নতুন ধাৰা। এইগৰাকী প্রতিভাশালী লেখিকাক প্রথম লগ পাইছিলো ২০১০ চনত মই কটন কলেজত পঢ়ি থকা অৱস্থাত, তেখেতৰ উপন্যাস "যমুনা’ৰ উন্মোচনী অনুষ্ঠানত। পাঠক হিচাপে অনুষ্ঠানৰ শেষত বাইদেউৰ সৈতে দুই এষাৰ কুশল মংগল বার্তালাপ হৈছিল। তেতিয়াই মোহিত হৈছিলো মণিকুন্তলা বাইদেউৰ সৃষ্টিৰাজিৰ ৰসাস্বাদন কৰি আহিছো যদিও সাহিত্যিকগৰাকীক সোঁশৰীৰে লগ পোৱাৰ সৌভাগ্য হোৱা নাছিল বহুবছৰে। কিন্তু সম্পূর্ণ ছটা বছৰৰ পাছত প্রিয় সাহিত্যিকগৰাকী আকৌ এবাৰ লগ পোৱাৰ সুযোগ পালো প্রকৃতিৰ লীলাভূমি অৰুণাচল প্রদেশত।


যোৱা বছৰ মার্চ মাহত ছ'চিয়েল মিডিয়াযোগে মণিকুন্তলা বাইদেউ অৰুণাচলৰ নাহৰলগুনত থকাৰ বাতৰি পালোঁ। মই থকা স্থানৰ পৰা নাহৰলগুন বৰ বেছি দূৰ নহয়। বিশ্ববিদ্যালয়ৰ ব্যস্ততাপূর্ণ সময়সূচীৰ মাজতো প্রিয় লেখিকাগৰাকীক আকৌ এবাৰ লগ পোৱাৰ হেপাহক নেওচা দিব নোৱাৰি তেখেতৰ লগত যোগাযোগ কৰিলোঁ। ব্যক্তিগত একো চা-চিনাকি নথকা সত্ত্বেও এগৰাকী অনুৰাগী পাঠক হিচাপে প্রথম বার্তালাপতে বাইদেৱে মোৰ লগত কৰা সৌজন্যমূলক কথাবতৰাত মুগ্ধ হ’লোঁ। বাইদেউক নিমন্ত্রণ জনালো আমাৰ বিশ্ববিদ্যালয়লৈ। মই যিহেতু দৈমুখ নামৰ ঠাইডোখৰত থাকোঁ, গতিকে তাতেই আমি লগ পোৱাৰ সিদ্ধান্ত কৰা হ’ল।
ফাগুনৰ ধূলিয়ৰী দুপৰীয়া এটিত আকৌ এবাৰ লগ পালো প্রিয় লেখিকাগৰাকীক। দেখাৰ লগে লগেই স্বভাৱসুলভ হাঁহিৰে কথা-বতৰা আৰম্ভ কৰিলে বাইদেৱে। যিহেতু আমাৰ গন্তব্যস্থান ৰাজীৱ গান্ধী কেন্দ্ৰীয় বিশ্ববিদ্যালয়, সেয়ে আমি বাইদেউৰ গাড়ীতেই ৰাওনা হ'লো বিশ্ববিদ্যালয় অভিমুখে।  তাতে থকা অসমীয়া ছাত্ৰ-ছাত্ৰী সকলে (Assam Student forum) মিলি বাইদেউৰ সৈতে এটি অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰিছিলো। বিশ্ববিদ্যালয়ৰ তোৰণ অতিক্রম কৰাৰ পাছতে এজাক ফাগুনৰ পছোৱাই আমাক স্বাগতম জনালে। বাইদেউৰ মুখৰ পৰা স্বতঃস্ফূর্তভাৱেই ওলাল ‘শুকান গছপাতে দৌৰি যোৱা আজি প্রথম দেখিলো৷” মণিকুন্তলা বাইদেউ উপস্থিত হোৱাৰ লগে লগেই সভাখন আৰম্ভ হ’ল। বহুজন ছাত্র ছাত্ৰীয়ে প্ৰিয় লেখিকাগৰাকীৰ সৈতে মত বিনিময় কৰিলে। শৈক্ষিক অনুষ্ঠানত উপস্থিত থাকি আটাইতকৈ ভাল পাওঁ বুলি ব্যক্ত কৰি মণিকুন্তলা বাইদেৱে লেখক জীৱনৰ বহু অভিজ্ঞতাৰ কথা ক’লে সকলোৰে আগত। লিখি থকা নতুন উপন্যাসখনৰ কথাও ক’লে তেখেতে । অৰুণাচলৰ পাহাৰৰ বুকুত এটি সুন্দৰ আবেলি পাৰ হ’ল প্রিয় সাহিত্যিকৰ সান্নিধ্যৰ সুবাসেৰে। 

মে’ মাহৰ পাঁচ তাৰিখে মণিকুন্তলা ভট্টাচার্য বাইদেউক আকৌ লগ পালোঁ। এইবাৰৰ স্থান অৰুণাচলৰ ডিক্ৰং নদীৰ পাৰৰ ওলমা দলং। মোৰ লগত দুজনী মৰম লগা ভণ্টী আমাৰ বিশ্ববিদ্যালয়ৰে ছাত্রী মেঘালী আৰু প্রিয়ংকা। বাইদেউৰ লগত আমি আমেজ ল’লোঁ। ধুনীয়া ধুনীয়া বগা কণমানি শিলগুটি বুটলাৰ। নৈপৰীয়া বতাহজাকত হেন্দোলনি খাই থকা ওলমা দলংখনত ৰৈ বহু কথাই পাতিলোঁ তেখেতৰ লগত। নদীৰ পাৰত আমি বহুকেইখন ফটো বন্দী হৈ ৰ’ল এই ধুনীয়া মুহুর্তবোৰ। নিৰহংকাৰী, মানুহক সহজে আপোন কৰি ল’ব পৰা গুণৰ অধিকাৰী আৰু বহল হৃদয়ৰ প্রতিভাশালী সাহিত্যিক মণিকুন্তলা বাইদেউৰ পৰা আমি সঁচাই শিকিব লগা আছে বহু কথা। সেই কাৰণেই তেখেত বহুতৰে প্ৰেৰণাৰ উৎস। বাইদেউৰ সুস্বাস্থ্য কামনা কৰিলো। নৱ নৱ সৃষ্টিৰে তেখেতে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰক, এয়াই আমাৰ আশা। 
লেখিকা গৱেষক ছাত্রী, গণিত বিভাগ, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়, অৰুণাচল প্রদেশ। লেখাটি নিয়মীয়া বাৰ্তাটো প্ৰকাশ পাইছে।

No comments:

Post a Comment