মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইন্দিৰা গান্ধী ভাল নে বেয়া?
ময়ূৰ বৰা
মোৰ শৈশৱ আৰু কৈশোৰৰ সময়বোৰৰ মাজত অসম আন্দোলনৰ অলেখ স্মৃতিবিজড়িত হৈ আছে। আন লাখ লাখ ছাত্ৰ-ছাত্রীৰ দৰে ময়ো আন্দোলনৰ বাবে এটা শৈক্ষিক বর্ষ। হেৰুৱাইছিলো। মোৰ দেউতা-প্ৰয়াত ভাৰতচন্দ্ৰ বৰা চাকৰিৰ পৰা নিলম্বিত হৈছিল। আনকি চি আৰ পি-পুলিচৰ সন্ত্ৰাসৰ বাবে চানমাৰিৰ ইৰিগেছন কলনীৰ চৰকাৰী কোৱাৰ্টাৰৰ পৰা আতৰি নিশা অন্য স্থানত অতিবাহিত কৰাৰ কথাও মোৰ মনত আছে। দেউতা-মাৰ মুখত প্ৰায়ে শুনিছিলো কেনেকুৱা পৰিস্থিতিত মোৰ খুৰা অনিল বৰাই ১৯৭২ চনৰ মাধ্যম আন্দোলনত হোজাইত দুস্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুৱাইছিল। সেইকথাবোৰ কেঁচা ঘাৰ দৰে মনত লাগি আছিল, বৰং আজিও আছে বুলি ক’লেহে শুদ্ধ হ’ব। 


অৱধাৰিতভাবেই অসমীয়া জাতীয়তাবাদী চিন্তা-চেতনা আমাৰ মন-প্ৰাণৰ মাজত সোমাই পৰিছিল। আনন্দ আৰু গৌৰৱেৰে ক’ব –বিচাৰাে যে, আজিও মোৰ মনৰ মাজত সেই চেতনাৰ প্ৰভাৱ গভীৰ। আন্দোলনৰ উত্তাল সময়বোৰত সেই চিন্তাত আৱেগৰ প্ৰভাৱ আছিল যথেষ্ট বেছি। বর্তমান সময়ত বহু প্ৰয়াসৰ অন্তত সেই আৱেগৰ তীব্ৰতা কমাই নিজৰ মনতে জাতীয়তাবাদৰ এখন সুস্থ আৰু উদাৰ ছবি আকিবলৈ সমৰ্থ হৈছে যেন অনুভৱ হয়। বিচাৰৰ ভাৰ সচেতন পঢুৱৈ ৰাইজলৈ এৰিলো। মিছা নকওঁ এই জাতীয়তাবাদী চেতনাৰে আৱেগিক ৰূপটোৰ দ্বাৰা বেছি প্ৰভাৱান্বিত হৈ আছিলো বাবেই ইন্দিৰা গান্ধীৰ নামটোৱে কোনোদিনে বিশেষ আকৰ্ষিত কৰিব পৰা নাছিল। আন্দোলনৰ ৰূপটোৱে নেত্ৰীগৰাকীৰ প্ৰতি কেতিয়াবা ঋণাত্মক ভাৱৰহে জন্ম দিছিল। এনে ভাবো হৈছিল। তেওঁৰ কিছু কাৰ্যই যেন অসমীয়া জাতিটোক সাংঘাটিক ধৰণে ক্ষতিগ্ৰস্ত কৰিছে। ক্ষোভ আৰু উদাসীনতাৰ মাজত দোলায়িত হৈ থকা মনটোত বস্তুনিষ্ঠত হেৰাই গৈছিল। সেয়েহে বহু সুবিধা পোৱা সত্ত্বেও ইন্দিৰা গান্ধীৰ বিষয়ে বেছিকৈ জানিবলৈ বা বুজিবলৈ কাহানিও নিজকে প্রস্তুত কৰি তুলিব নোৱাৰিলো। 

আমাৰ অগ্ৰজসকলৰ লগতে আমাৰ প্ৰজন্মৰ অধিকাংশ মানুহৰে নিশ্চিতভাবে মনত থাকিব ১৯৮৪ চনৰ ৩১ অক্টোবৰৰ দিনটােৰ আটাইতকৈ গুৰুত্বপূর্ণ খবৰটােলৈ। সেই দিনটোতে প্রধানমন্ত্রী ইন্দিৰা গান্ধী নিজৰ ব্যক্তিগত দেহৰক্ষীৰ গুলীত নিহত হােৱা বাতৰিটােৱে সমগ্ৰ ভাৰততে যি ক্ৰোধ আৰু দুখৰ বন্যা বোৱাইছিল, তাৰাে প্ৰভাৱ অসমত ব্ৰহ্মপুত্ৰ উপত্যকাত আছিল সীমিত। অর্থাৎ ঐতিহাসিক অসম আন্দোলনে সেই নেত্ৰীগৰাকীক নিৰ্মোহভাবে বিশ্লেষণ কৰাত আমাৰ দৰে বহু অসমীয়াকে বাধা দিছিল। ইন্দিৰা গান্ধীক অন্বেষণ কৰাৰ ক্ষেত্ৰত আন্দোলনটো হৈ পৰিছিল এখন বৌদ্ধিক প্ৰাচীৰৰ দৰে। সেই প্ৰাচীৰখনক নিজৰ মনতে ন্যায্যতা দি মই নেত্রীগৰাকীক নিজৰ মনৰ পৰা নির্বাসিত কৰাৰ দৰেই হৈছিলগৈ। অলপতে সেই প্ৰাচীৰখন ভাঙিবলগীয়া হ’ল। ৰাজ্যসভাৰ সাংসদ তথা প্রদেশ কংগ্ৰেছৰ অধ্যক্ষ ৰিপুণ বৰাই অলপতে এটা অদ্ভুত অনুৰােধ কৰিলে। প্ৰথমতে তেওঁৰ ফোনটাে দেখি মই ভাবিছিলো তেওঁৰ পুত্ৰৰ বিয়াৰ অভ্যর্থনালৈ কৰা নিমন্ত্ৰণৰ বিষয়ে পুনৰ সোঁৱৰাই দিবলৈ কৰিছে। হয়ো, ফোনত সেইটো কথাও কৈছিল। কিন্তু প্ৰথমতে কৰা অনুৰােধটাে আছিল— ১৮ ফেব্ৰুৱাৰী তাৰিখে "জীৱন আৰু আদৰ্শ” শীর্ষক এখন ছেমিনাৰত মই এজন পেনেলিষ্ট হ’ব লাগে। আন দুজন পেনেলিষ্ট হ’ল “আমাৰ অসম’ কাকতৰ সম্পাদক প্রশান্ত ৰাজগুৰু আৰু জ্যেষ্ঠ অধিবক্তা সত্যেন শৰ্মা। ছেমিনাৰখনৰ মুখ্য বক্তৃতাটো দিবলৈ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ইতিহাসবিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক মৃদুলা মুখাজী আহিব বুলিও জনালে। মৃদুলা মুখাৰ্জী তথা তেওঁৰ গৃহস্থ আদিত্য মুখাৰ্জীয়ে লিখা আধুনিক ভাৰতীয় ইতিহাসৰ কেইবাখনো গ্ৰন্থ আমি পঢ়িছো। যোৱাটাে শতিকাৰ আশী আৰু নব্বৈৰ দশকত দিল্লীত মই পঢ়ি থকা কালতেই তেওঁলোক দুজনৰ গভীৰ পাণ্ডিত্যৰ লগত পৰিচিত হৈছিলো। সেয়েহে মনটো ভালেই লাগিছিল। কিন্তু মনৰ মাজত এটা মৃদু শংকাই দুদিনমান খেদি ফুৰিলে। কংগ্ৰেছ দলে তেওঁলোকৰ দলৰ অন্যতম গুৰুত্বপূর্ণ নেত্রী ইন্দিৰা গান্ধীৰ জন্মশতবৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰা ছেমিনাৰখন দলীয় ৰাজনৈতিক পাকচক্ৰৰ পৰা ওপৰলৈ উঠিব পাৰিবনে? মোৰ মনৰ সংশয় মোৰ স্কুলীয়া দিনৰে বন্ধু তথা ৰাজ্যিক কংগ্ৰেছৰ নেতা প্ৰদ্যুৎ ভূঞাই ঠিকেই ধৰিব পাৰিলে। ভূঞাই আশ্বস্ত কৰিলে যে, কংগ্ৰেছে আয়োজন কৰিবলৈও ছেমিনাৰখনত মুক্ত মনেৰে কথা কোৱাত কোনো বাধা নাথাকিব আৰু কংগ্ৰেছৰ দলীয় নেতা-কমীৰ উপৰিও অসমৰ বিদ্যায়তনিক জগতৰ (বিশেষকৈ ইতিহাস চর্চাৰ লগত জড়িত) আৰু নাগৰিক সমাজৰ বহুবোৰ লোক উপস্থিত থাকিব।

সন্মতি দিয়াৰ পাচতে 
ৰিপুণ বৰাই মৃদুলা মুখাৰ্জীৰ মূল গৱেষণা পত্ৰখন মই পোৱাৰ ব্যৱস্থা কৰি দিলে। ২০১৫ চনৰ ছেপ্টেম্বৰৰ ২০ তাৰিখে গহপুৰত আয়োজিত ছহিদ কনকলতা-মুকুন্দ কাকতিৰ স্মৃতিচাৰণ সভালৈ মুখ্য বক্তাহৈ যাওঁতে এটা কথা উপলব্ধি কৰিছিলো যে,ৰিপুণবৰাই যিকোনো কামসুচাৰুভাবে আৰু নিয়াৰিকৈ কৰাত খুব গুৰুত্ব দিয়ে। এইবাৰাে তাৰ ব্যতিক্রম নোহােৱাত ভাল পালো। ইফালে হাতত সময়ো বেছি নাই ছেমিনাৰখনলৈ। অফিচৰ লাইব্ৰেৰীয়ানাড” ৰূপালী শৰ্মাই মোক যথেষ্ট সহায় কৰিলে। মই কোৱাৰ লগে লগে ইন্দিৰা গান্ধী বিষয়ক বহুকেইখন গ্ৰন্থ আহিল। দুই-এজনে ইণ্টাৰনেটৰ সহায় ল’বলৈ ক’লে। মই অৱশ্যে এনেবোৰ বিষয়ত ইণ্টাৰনেটৰ পৰা খুঁচৰি লোৱা তথ্যতকৈ গ্ৰন্থৰ মাজত নিহিত হৈ থকা কথাবোৰকহে বেছি গুৰুত্ব দিওঁ। বিশেষকৈ যোৱা দুটামান বছৰত দেখিছো গান্ধী-নেহৰু পৰিয়ালৰ কোনোবা ব্যক্তিৰ বিষয়েইণ্টাৰনেটৰ পৰা তথ্য আহৰণ কৰিব বিচাৰিলেই অনেক ভিত্তিহীন, মনেসজা আৰু বাৰে বাংকৰ কথাৰে কম্পিউটাৰ স্ক্রীনখন ভৰি পৰে। বিশেষকৈ জৱাহৰলাল নেহৰুৰ গণতান্ত্রিক প্রমূল্যবোধ আৰু বৈবিধ্যময় ভাৰতীয় সত্তাটোৰ প্ৰতি থকা গভীৰ সন্মানৰ ধাৰণাটোক বর্তমান সময়ত শাসকীয় দলটােৰ সহযোগিতাত বলীয়ান হৈ পৰা এটা দুষ্টচক্ৰই মষিমূৰ কৰিবলৈ উঠিপৰি লাগিছে। এতিয়া প্রশ্ন হ’ল কি দিলে মোক এই নতুন অধ্যয়নে ? ইন্দিৰা গান্ধীৰ জীৱনৰ কেইটামান কথাই মোক আকর্ষণ কৰিলে। বেছিকৈ আকর্ষণ কৰা কথা দুটা তেওঁৰ বৈবাহিক জীৱন আৰম্ভ কৰা আগৰ। যক্ষ্মা ৰােগত আক্রান্ত হৈ চুইজাৰলেণ্ডত চিকিৎসাধীন হৈ থকা যুৱতী ইন্দিৰাৰ বয়স তেতিয়া ২২ বা ২৩। সেই ৰােগত পৰিলে তেতিয়াৰ দিনত অধিকাংশ লোকেই মৃত্যুৰ শীতল কোলালৈ আগবাঢ়ে। ইন্দিৰা গান্ধীৰ মাতৃ কমলা নেহৰুও একেটা ৰােগৰে বলি হৈছিল। তেনেসময়ত জৱাহৰলাল নেহৰুৱে “নেশ্বনেল হেৰাল্ড’ কাকতত লিখা এটা প্ৰবন্ধ ডাকযোগে ইন্দিৰাৰ হাতত পৰোতে তেওঁ গৰজি উঠিছিল। ছোভিয়েট ৰুছিয়াই ১৯৪০ চনত ফিনলেণ্ড আক্রমণ কৰি দখল কৰা ঘটনাটোত নেহৰুৱে ফিনলেণ্ডৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছিল। ইন্দিৰাই কিন্তু দেউতাকৰ কথা মানি লোৱা নাছিল আৰু ফিনলেণ্ডৰ সেই অৱস্থাৰ বাবে ৰুছ জার্মান চুক্তি আৰু ব্ৰিটিছ চৰকাৰৰ বৈদেশিক নীতিকহে দোষাৰােপ কৰিছিল। কোন শুদ্ধ বা কোন ভুল আছিল সেই কথা বেছি এগৰাকী যুৱতীয়ে তদানীন্তন আন্তঃৰাষ্ট্ৰীয় ঘটনাপ্রবাহৰ বিষয়ে সুচিন্তিত মতামত স্বাধীনভাবে দিবলৈ সমৰ্থ হৈছিল।

দ্বিতীয় ঘটনাটো ১৯৪১ চনৰ। সমগ্ৰ বিশ্ব দ্বিতীয় মহাসমৰৰ বাবে উত্তাল হৈ আছে। যক্ষ্মা ৰােগৰ পৰা ইন্দিৰা কিছু সুস্থ হৈ উঠিছে। হৃদয় কিন্তু উত্তাল হৈয়ে আছে। বহু তর্ক, বহু পত্ৰ আদান-প্ৰদানৰ পাচত ইন্দিৰাৰ প্ৰেমাস্পদ ফিৰোজ গান্ধীৰ প্ৰতি নেহৰু পৰিয়াল কিছু সদয় হৈ উঠিছে। ইন্দিৰাৰ মনতো আশাৰ গজালি মেলিছে। এখন জাহাজত উঠি দুয়ো যাত্ৰা আৰম্ভ কৰিছে ইংলেণ্ডৰ পৰা স্বদেশলৈ। আহােতে দক্ষিণ আফ্রিকাত এসপ্তাহৰ বাবে জাহাজখন ৰৈছে। দক্ষিণ আফ্রিকাৰ সংসদলৈ যাওঁতে ফিৰোজ আৰু ইন্দিৰাই শুনিছে জেনেৰেল স্মাৰ্টৰ সেই ভয়ংকৰ উক্তি— মানুহৰ দেহৰ বৰণেই পাছপ'ৰ্ট’। তাৰ লগতে দক্ষিণ আফ্রিকাৰ কৃষ্ণাংগসকলৰ জীৱনৰ অৱস্থা দেখিইন্দিৰা ক্ৰোধত জ্বলি-পুৰি উঠিছিল। তেনে এটা দিনতে দক্ষিণ আফ্ৰিকাত থকা ভাৰতীয়সকলে নেহৰুৰ জীয়ৰীক সম্বর্ধনা জনাব বিচাৰিলে। যথা সময়ত সভা আৰম্ভ হ’ল আৰু সভাপতিয়ে আদৰণি ভাষণ প্রদান কৰিলে। কোনেও ভবা নাই ইন্দিৰাই কিবা ক’ব বুলি। ভাবিছে সম্বর্ধনা লৈয়েই কামটো শেষ কৰিব। কিন্তু ইন্দিৰাৰ উদাত্ত কণ্ঠ নিনাদিত হ’ল। দক্ষিণ আফ্রিকাৰ শাসক গোষ্ঠীক তেওঁ হিটলাৰৰ নাজীবাদী দমনমূলক নীতিৰ লগত ৰিজালে। লগতে ঘোষণা কৰিলে কেইটামান দশকৰ পাচতে দক্ষিণ আফ্রিকাৰ শাসনভাৰ কৃষ্ণাংগসকলৰ হাতলৈ যাব।উক্ত সভাখনৰ পাচতে দক্ষিণ আফ্রিকাৰ ভাৰতীয়সকলে ফিৰোজ আৰু ইন্দিৰাক এৰাই চলিব ধৰে। ইন্দিৰাই তেওঁৰ ৰাজনৈতিক জীৱনৰ সূচনা কৰিছিল দক্ষিণ আফ্রিকাৰ মাটিতেই। হিটলাৰে দপদপাই থকা অৱস্থাতে এগৰাকী ২৩/২৪ বছৰীয়া অসুস্থ তথা নিজৰ বিবাহৰ বাবে উদ্বিগ্ন হৈ থকা যুৱতীয়ে এখন দেশৰ মাটিত থিয় হৈ সেই দেশৰে শাসকবৰ্গক ইমান কঠোৰভাবে সমালোচনা কৰিব পৰা কথাটোৱে তেওঁৰ সাহস আৰু দৃঢ়তাৰ বিষয়ে উমান দিয়ে।

প্রধানমন্ত্রী হৈ থকা অৱস্থাত তেওঁ লোৱা কেইটামান সিদ্ধান্তই (বেংক ৰাষ্ট্ৰীয়কৰণ, ৰাজন্য বৰ্গৰ সুবিধা বিলোপকৰণ আৰু সংবিধানত নাগৰিকৰ দায়িত্বৰ কথা অন্তর্ভুক্তি) ভাৰতীয় ৰাজনীতি আৰু অৰ্থনীতিলৈ বিপুল পৰিবর্তন আনিলে। একে সময়তে দেশত জৰুৰী অৱস্থা ঘোষণা কৰি আৰু লগতে Committed Judiciaryৰ কথা কৈ ইন্দিৰা গান্ধীয়ে কাললৈ কুখ্যাতি ৰাখি গ’ল। আমাৰ বয়সৰ অধিকাংশ অসমীয়াৰ মনতে ইন্দিৰা গান্ধীয়ে অত্যন্ত স্বেচ্ছাচাৰিতাৰে চলোৱা কৰ্মবোৰহে সজীৱ হৈ আছে। তেওঁৰ নিজৰ দোষতে নিজে কৰা অনেক ভাল কাম কালৰ কুটিল গতিত বিবৰ্ণহৈ পৰিছে। তদুপৰি কংগ্ৰেছ দলক পৰিয়ালতান্ত্রিক দললৈ ৰূপান্তৰিত কৰাৰ আৰতো মূল ভূমিকা লৈছিল ইন্দিৰা গান্ধীয়ে। মোটামুটিভাবে এইখিনি কথাকে ছেমিনাৰখনতকৈছিলো।

ছেমিনাৰ শেষ হােৱাৰ পাচত মুখ্য অতিথি প্রাক্তন কেন্দ্রীয় গৃহ তথা বিত্তমন্ত্রী পি চিদাম্বৰম, মৃদুলা মুখাজী আৰু আদিত্য মুখাজীয়ে মোৰ বক্তৃতাটাে সাহসী আৰু তথ্যনিৰ্ভৰ হােৱা বাবে প্রশংসা কৰিছিল। প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ, ৰিপুণ বৰা, দেৱব্ৰত শইকীয়া আদি অনেক কংগ্ৰেছী নেতায়ো ভাষণটোক শলাগ লোৱা কথাটোৱে মোক আনন্দ দিছিল। কেৱল ছচিয়েল মিডিয়াত ইতিমধ্যে চুচুৰীয়াকৈ ওলাই থকা কথা এটা সন্দৰ্ভত মোৰ স্থিতি স্পষ্ট কৰিব বিচাৰাে। প্রথম, কোনো ৰাজনৈতিক দলত মই যোগ নিদিওঁ। দ্বিতীয়, মোৰ কথনশৈলী বা বক্তৃত্যশৈলীটােৱেই তেনেকুৱা। সেয়া ৰাজ্যসভাত গৈ কথা কোৱাৰ কছৰৎ নহয়।
(লেখাটি পূৰ্বতে সাদিন কাকততো প্ৰকাশ পাইছে)

1 comment: