চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমৰ শক্তিখণ্ডলৈ পৰিবৰ্তন আহিবনে?
ডঃ বিজয় কৃষ্ণ চেতিয়া
শেহতীয়াকৈ অসম চৰকাৰৰ অধীনৰ বিভিন্ন নিগম নিকায় সমূহত নতুনকৈ অধ্যক্ষ আৰু উপাধ্যক্ষ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে।সাধাৰণতে এই নিযুক্তি প্ৰক্ৰিয়া সমূহত কাৰিকৰী দক্ষতাকৈ ৰাজনৈতিক প্ৰভাৱক অধিক গুৰুত্ব দিয়া হয় বুলি অসমীয়া ৰাইজৰ এক পুৰণি অভিযোগ আছে আৰু আমিও ব্যক্তিগতভাৱে তেনে অভিযোগক সমৰ্থন নকৰা নহয়। কিন্তু আজি আমি তেনে অভিযোগৰ পৰা বিৰত থাকি, কিছু গঠনাত্মক চিন্তাৰ এক আলোচনা আগবঢ়োৱাহে প্ৰয়াস কৰিছোঁ। আমি ব্যক্তিগতভাৱে জাতীয়তাবাদত বিশ্বাসী এজন ভূতত্ত্ববিদ আৰু আমি সদায় নিজৰ সামান্য ভূ-তাত্ত্বিক জ্ঞানেৰে অসমৰ বাবে কিবা এটা কৰা প্ৰয়াস কৰি আহিছোঁ আৰু কৰি যাম। যিহেতুকে আমি এজন ভূতত্ত্ববিদ গতিকে আজিৰ আলোচনাত অসম চৰকাৰৰ এটা অন্যতম নিগম “Assam Hydrocarbon and Energy Company Limited” অৰ্থাৎ AHECL ৰ বিষয়ে কিছু আলোচনা আগবঢ়াব বিচাৰিছোঁ।


আমি সকলোৱে বিশ্বাস কৰোঁ যে ভাৰতৰ শক্তিৰ চাহিদা পূৰণত বিশেষকৈ জীৱাষ্ম শক্তিক্ষেত্ৰত (Fossil Energy) অসমে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।এই জীৱাষ্ম শক্তিৰ উৎস সমূহৰ উন্নয়ণ তথা বিকাশত যদিও কেন্দ্ৰীয় চৰকাৰ ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহ জড়িত হৈ আছে, তথাপিও এই শক্তিৰ উৎস সমূহৰ উন্নয়ণ তথা বিকাশৰ দ্বাৰা ৰাজ্যৰ আৰ্থ-সামাজিক উন্নয়ণৰ আন্ত:গাঁঠনি মজবুত কৰা লগতে দেশীয় শক্তিখণ্ডৰ প্ৰ্তি অধিক অৰিহনা যোগোৱাত ৰাজ্য চৰকাৰও নিশ্চয়কৈ যথেষ্ট দায়িত্ব আছে। আৰু বিশ্বাস কৰোঁ এনে উদ্দেশ্যৰে অসম চৰকাৰে ২০০৬ চনৰ চেপ্তেম্বৰ মাহত “Assam Hydrocarbon and Energy Company Limited” নামৰ এক ৰাজ্যিক তৈল নিগম গঠন কৰিছিল। ভাৰতৰ তৈলক্ষেত্ৰলৈ মন কৰিলে আমি দেখিম যে অসমতকৈ আগতে গুজৰাটে ১৯৭৯ চনতেই নিজৰ ৰাজ্যিক তৈল প্ৰতিষ্ঠান “ Gujarat State Petroleum Corporation Limited” চমুকৈ ‘GSPC’ গঠন কৰিছিল আৰু এই প্ৰতিষ্ঠানে অতি কম সময়তেই দেশীয় আৰু আন্ত:ৰাষ্ট্ৰীয় তৈলক্ষেত্ৰত নিজৰ উপস্থিতি প্ৰমাণ দিবলৈ সক্ষম হৈছিল। আনহাতেদি অসম চৰকাৰে গঠন কৰা “Assam Hydrocarbon and Energy Company Limited” এ নিজৰ সৃষ্টিৰ আজি এটা দশক পাৰ হোৱা পিছটো নিজকে সুপ্ৰ্তিষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাই। গতিকে আজিৰ তাৰিখত আমি অনুভৱ কৰোঁ, অসম চৰকাৰৰ এই নিগমৰ ব্যৰ্থতাৰ কাৰণ সমূহৰ বৈজ্ঞানিক বিশ্লেষণৰ প্ৰয়োজন আছে আৰু ইয়াৰ বাবে গুজৰাটৰ দৰে ৰাজ্যৰ লগত এক তুলনামূলক অধ্যয়নৰ খুবেই প্ৰয়োজন বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ।

এইখিনিতেই গুজৰাটৰ “GSPC” য়ে তেওঁলোকৰ সফলতাৰ বাবে সুনিদিষ্ট কৰি লোৱা উদ্দেশ্য সমূহৰ বিষয়ে উল্লেখ কৰাটো প্ৰয়োজনীয় বুলি অনুভৱ কৰি সেই সমূহ তলত উল্লেখ কৰিলোঁ, ক। আন্ত:ৰাষ্ট্ৰীয় তৈল বজাৰত সুপ্ৰতিষ্টিত তৈল প্ৰতিষ্ঠানৰ লগত যৌথ বানিজ্যিক চুক্তি কৰা যাতে সেই প্ৰতিষ্ঠান সমূহৰ পৰা তৈল উদ্যোগ (খনন+উৎপাদন+পৰিবহন)ৰ বাবে প্ৰয়োজনীয় দক্ষতা আহৰণ কৰিব পাৰি। খ। তৈলক্ষেত্ৰৰ বাবে প্ৰয়োজনীয় বিভিন্ন সেৱাত নিজকে জড়িত কৰা। গ। তৈলক্ষেত্ৰৰ বিভিন্ন বিভাগৰ জ্ঞান আৰু অভিজ্ঞতাৰেপুষ্ট মানৱ সম্পদৰে নিজৰ এক সৰ্বকুশলী মানৱ সম্পদ বিভাগ গঢ় দিয়া। ঘ। তৈল উদ্যোগৰ লগত জড়িত পৰিৱেশ সম্বন্ধীয় প্ৰকল্পটোও নিজকে জড়িত কৰা। এতিয়া যদি আমি উপৰোক্ত উদ্দেশ্য সমূহক অসম চৰকাৰৰ প্ৰতিষ্ঠানৰ লগত তুলনা কৰোঁ তেন্তে দেখিম এনে উদ্দেশ্যসমূহক অসমৰ প্ৰতিষ্ঠানে কোনে দিনে গুৰুত্ব দিয়া নাই বা ইয়াৰ বাবে প্ৰয়োজনীয় মানসিক আন্ত:গাঁঠনিও প্ৰস্তুত কৰা নাই।

অসম চৰকাৰৰ প্ৰতিষ্ঠানত এনে উদ্দেশ্য সমূহৰ অভাৱ মূলত তিনিটা কাৰণৰ বাবে হোৱা বুলি ঠাৱৰ কৰিব পাৰি, ক। অসম চৰকাৰে এই নিগমত কাৰিকৰী জ্ঞানেৰে সমৃদ্ধ ব্যক্তিকৈ প্ৰশাসনিক বিষয়া অধিক গুৰুত্ব দিয়া যেন অনুভৱ হয়। খ।এক সুকুশলী মানৱ সম্পদেৰে সমৃদ্ধ মানৱ সম্পদ বিভাগ (Human Resource Department) গঢ় দিয়াত চৰকাৰৰ অনীহা। গ। সময় উপযোগী পৰিকল্পনা গ্ৰহণত চৰকাৰৰ দক্ষতাৰ অভাৱ। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বক দেশৰ তৈল উদ্যোগৰ মূল আৰ্কষণস্থল ৰূপে গঢ়ি তুলিবলৈ পৰিকল্পনা প্ৰস্তুত কৰিছে আৰু ইয়াৰ অংশ হিচাপে ইতিমধ্যেই “Hydrocarbon Vision 2030” প্ৰস্তুত কৰি উলিয়াছে। গতিকে আমি অনুভৱ কৰোঁ এনে পৰিৱেশত অসম চৰকাৰেও নিজস্ব তৈল প্ৰতিষ্ঠানক শক্তিশালী ৰূপত পুনৰ গঢ় দিয়াটো অতিকৈ প্ৰয়োজন।

এইক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰখনে তলত উল্লেখ কৰা দিশসমূহ বিবেচনা কৰিব পাৰে, ক।যিহেতুকে বৰ্তমান সময়ত “Assam Hydrocarbon and Energy Company Limited” ৰ আৰ্থিক অৱস্থাৰ লগতে মানৱ সম্পদ বিভাগটো টনকিয়াল নহয়, তেনেক্ষেত্ৰত ই পোনপটীয়াকৈ তৈলক্ষেত্ৰৰ খনন ও উৎপাদনত জড়িত হোৱাটো সম্ভৱ নহয়।আৰু সেয়হে আমি বিচাৰোঁ “Assam Hydrocarbon and Energy Company Limited” এয়ে বতৰ্মান সময়ত তৈল খনন আৰু উৎপাদনৰ বাবে প্ৰয়োজনীয় অন্যান্য সেৱা সমূহ প্ৰদানৰ বাবে আন্ত:গাঁথনি নিৰ্মানতহে গুৰুত্ব দিব লাগে। খ।বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে জীৱাষ্ম শক্তি উৎস সমূহৰ পৰা সৃষ্টি হোৱা প্ৰদূষণকলৈ বিভিন্ন চিন্তা-চৰ্চা আৰম্ভ হৈছে আৰু তেনে চিন্তাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ প্ৰায়বোৰ দেশে পুন:উজ্বিৱীত শক্তিৰ(Renewable Energy) উৎস সমূহৰ প্ৰতিহে অধিক আগ্ৰহ প্ৰকাশ কৰিছে,উদাহৰণস্বৰূপে সৌৰ শক্তি, বায়ু শক্তি বা জলবিদ্যুত শক্তি। এইক্ষেত্ৰত ভাৰত চৰকাৰেও বিশেষ আগ্ৰহ প্ৰকাশ কৰি বিভিন্ন আঁচনি গ্ৰহন কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰৰ তেনে আঁচনি অধীনত অসমতও পুন:উজ্বিৱীত শক্তি(Renewable Energy)মূলত: সৌৰ শক্তি আৰু বায়ু শক্তি বিকাশৰ বাবে “Assam Energy Development Agency” অৰ্থাৎ AEDA নামৰ এক সংস্থা ২০০২ চনতে গঠন কৰা হৈছিল।আজি তাৰিখত অসমৰ শক্তিখণ্ডৰ আমূল পৰিৱৰ্তন বাবে আমি অনুভৱ কৰোঁ, AHECL আৰু AEDA য়ে কিছু যুটীয়া কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰয়োজন আছে আৰু আমি আশাকৰোঁ এইক্ষেত্ৰত পৰিৱৰ্তনকামী চৰকাৰখনে এক সময়োপযোগী সিদ্ধান্ত গ্ৰহণ কৰিব। গ। তৃতীয়তে, আমি ইতিমধ্যেই ওপৰত উল্লেখ কৰা প্ৰতিটো চিন্তাৰ সফল ৰূপায়ণৰ বাবে একে গৱেষণামূলক পৰিৱেশৰ খুবেই প্ৰয়োজন আৰু এই দিশটোক গুজৰাটৰ দৰে শক্তি খণ্ডত চহকী ৰাজ্যই অধিক গুৰুত্ব দি ইতিমধ্যেই Gujarat Energy Research and Management Institute (GERMI)নামৰ এক গৱেষণা প্ৰতিষ্ঠান গঢ় দিছে।আমি বিচাৰোঁ অসমৰ বৰ্তমান চৰকাৰেও ৰাজ্যৰ শক্তিখণ্ডৰ উন্নয়ণৰ স্বাৰ্থত অসমতও এনে এক স্বতন্ত্ৰ উন্নতমানৰ গৱেষণা প্ৰতিষ্ঠান অসমত গঢ়ি তোলক আৰু ইয়াৰ আন্ত:গাঁঠনি নিৰ্মানৰ বাবে অসমত কৰ্মৰত বিভিন্ন শক্তি প্ৰতিষ্ঠানৰ সহায় লব পাৰে আৰু লগতে অসমৰ শৈক্ষিক প্ৰতিষ্ঠান সমূহকও এইক্ষেত্ৰত জড়িত কৰিব পাৰে। 
আমি জানিব পৰা মতে এইবাৰৰ বাবে “Assam Hydrocarbon and Energy Company Limited”ৰ অধ্যক্ষৰ পদ এজন নিকাভাৱমূৰ্তি সম্পন্ন জাতীয়তাবাদী নেতাৰ হাতত অৰ্পণ কৰা হৈছে, গতিকে আমি আশাকৰোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত আৰু নতুন জাতীয়ভাৱপূৰ্ণ অধ্যক্ষৰ তত্বাধাৱনত এই প্ৰতিষ্ঠানটোৱে আমাৰ উপৰোক্ত চিন্তা সমূহক যথোচিত গুৰুত্ব দি অসমৰ আৰ্থ সামাজিক উন্নয়ণত বিশেষ ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হব।
লেখকৰ ব্যক্তিগত ব্লগৰ সূত্ৰঃ https://bijoykrishna-bkc.blogspot.in  লেখাটি দৈনিক জনমভূমিতো প্ৰকাশ পাইছে।

No comments:

Post a Comment