ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়া চিনেমাৰ দর্শকৰ অভাৱ কিয়?
লীলাকান্ত পায়েং 
এখন ছবি বুলি ক’লে আমি কি বুজো। আমি ছবি কিয় চাওঁ। এখন ছবিত দর্শকক মনোৰঞ্জনৰ বাবে কি থাকিব লাগে। বিশ্বৰ ভিতৰত আমাৰ দেশত সকলোতকৈ বেছি ছবি মুক্তি লাভ কৰে। আমাৰ অসমৰ চলচ্চিত্র উদ্যাগ অন্য ৰাজ্যতকৈ বহু পিছপৰা। চিনেমা লাগিলে মালায়লি, কানাড়া, মাৰাঠি, বাঙালী, ভোজপুৰী, তামিল বা তেলেগু হওঁক সকলো দর্শকৰ বাবে উপভোগ্য হৈ পৰে। এইবোৰ চিনেমা চাই আমাৰ অসমৰ দর্শকেও চাই আশান্তি বা আমনি লাভ নকৰে। কিন্তু ইমান ব্যৱধান কিয় আহি পৰে আমাৰ চলচ্চিত্র উদ্যোগ আৰু অন্য ৰাজ্যৰ ছবিৰ মাজত? কিন্তু আমাৰ ৰাজ্যত অসমীয়া দর্শকে নিজৰ চিনেমা চাবলৈ ইমান কুণ্ঠাবোধ কৰে। 

আমাৰ অসমীয়া চলচ্চিত্র উদ্যাগ আশী বছৰৰ দেওনা পাৰ হ’ল যদিও এতিয়াও ছবিঘৰত দর্শকৰ অভাৱ হৈয়ে আছে। ১৯৩৫ চনৰপৰা ২০১৬ চনলৈ এক দীঘলীয়া যাত্রা। ১৯৩৫ চনৰ ১০ মার্চত মুক্তি পোৱা ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালৰ পৰিচালিত প্রথমখন অসমীয়া ছবি ‘জয়মতী’ৰ পিছৰপৰা অসমত বহু কেইখন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিলে। বিশেষকৈ আশী, নব্বৈৰ দশকত বহুকেইখন ছবিয়ে ভাল ব্যৱসায় কৰিছিল কিন্তু এই সংখ্যা খুব তাকৰ। নব্বৈ দশকৰ অশোক কুমাৰ বিষয়াৰ ‘যৌৱনে আমনি কৰে’, মুনিন বৰুৱাৰ ‘হিয়া দিয়া নিয়া’ আদি ছবিয়ে দর্শকক ছবিঘৰলৈ টানি লৈ গৈছিল। ইয়াৰ উপৰিও ‘দাগ’, ‘নায়ক’ আদি ছবিতো দর্শকৰ অভাৱ নাছিল। বর্তমানৰ কোনো এখন অসমীয়া ছবিয়ে এই ধাৰা অক্ষুন্ন ৰাখিবলৈ সক্ষম নহ'ল। ২০১১ চনৰ মুনিন বরুৱাৰ ‘ৰামধেনু’ ছবিয়ে কিছু সফলতা লাভ কৰিছিল। যোৱা তিনি চাৰি বছৰত কেইবাখনো অসমীয়া ছবিয়ে মুক্তি লাভ কৰিলে যদিও কোনো এখন ছবি ছবিঘৰত দর্শকৰ ভিৰ দেখা নাপালো। আমাৰ অসমীয়া চলচ্চিত্র উদ্যাগে কিয় দিব পৰা নাই এই মনোৰঞ্জন।

আমাৰ চিনেমাৰ উদ্যাগত অভাৱ কিহৰ? অভিনেতা-অভিনেত্রীৰ দুর্বল অভিনয় আরু চিনেমাত দেখুওৱা কাৰিকৰী কৌশলৰ অসুবিধা। কিন্তু তাৰ মাজতো দুই-তিনিখন ছবি দর্শকে আদৰি লৈছে। এনে দুই-তিনিখন ছবিয়ে দর্শকৰ সঁহাৰি পোৱাৰ কাৰণ নিশ্চয় আছে। বর্তমান ছবিঘৰলৈ অসমীয়া ছবি কেতিয়া আহে আরু কেতিয়া যায় হয়তো বহু দর্শকেই গমকেই নাপায়। তাৰ বাবে দায়ী মূলতে ছবি নির্মাণতাসকল আরু অভিনেতা-অভিনেত্রী।

বলীউডৰ ছবিৰ মুক্তিৰ পূর্বে বিভিন্ন ঠাইত প্রম’ৰ ব্যৱস্থা গ্রহণ কৰে। কিন্তু আমাৰ ইয়াত তেনেকুৱা কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা দেখা নেযায়। মুক্তিৰ পূর্বেও বলীউড বা আন ৰাজ্যৰ ছবিৰ ট্ৰেইলৰ ইন্টাৰনেট বা ছ’চিয়েল নেটৱর্কত উপলব্ধ হয় কিন্তু আমাৰ ছবিৰ ক্ষেত্রত তেনেকুৱা দেখা নেযায়। গতিকে ছবিঘৰত অসমীয়া ছবি কেতিয়া আহে বহু দর্শকে গমকেই নেপায়। দক্ষিণাত্যৰ ফালে দেখিছো যে ছবিঘৰত নিজৰ স্থানীয় ছবিয়ে মুক্তি লাভ কৰিলে অন্য ছবি যেনে বলিউডৰ চিনেমাই ঠাইয়েই নাপায়। কিন্তু আমাৰ ছবিঘৰত লোকচানৰ ভয়ত অসমীয়া ছবিকেই নচলায়।

এখন ছবিৰ বাবে প্রয়োজনীয় উপাদান হৈছে নায়ক-নায়িকাৰ অভিনয়, ছবিখনৰ কাহিনী আরু দর্শকক মুহি ৰাখিব পৰা কাৰিকৰী কৌশল। কিন্তু আমাৰ অসমীয়া ছবিৰ বেছিভাগ অভিনেতা-অভিনেত্রীয়ে বৰ দুর্বল অভিনয় কৰে। কিছুমান অভিনেতা-অভিনেত্রীয়ে দুটামান অভিনয় শিকিয়ে ছবিত অভিনয়ৰ পাতনি মেলে। শেহত দুর্বল অভিনয়ৰ বাবে ছবিঘৰত মুখ ঠেকেচা খাবলগীয়া হয়। এখন ছবিৰ সফলতা নির্ভৰ কৰে অভিনেতা-অভিনেত্রীৰ মুখৰ সংলাপৰ ওপৰতো। সাধাৰণতে দেখা যায় যে আমাৰ অভিনেতা-অভিনেত্রীসকলৰ সংলাপ কোৱাৰ ষ্টাইল বৰ দুর্বল। বিশেষকৈ নতুনকৈ অভিনয় জগতত প্রৱেশ কৰা অভিনেতা-অভিনেত্রীৰ ক্ষেত্রত এই সমস্যাই দেখা দিয়ে। এনে বহু দর্শক পাইছো যে মুখৰ সংলাপৰ বাবেই অসমীয়া ছবি চাবলৈ নাযায়। আন এচামে প্রয়োজনতকৈ লেহেম গতিৰ সংলাপ, আন কিছুমানৰ খৰতকীয়া সংলাপ আৰু অপ্রয়োজনীয় সংলাপে ছবিঘৰত দর্শকক আমনি দিয়ে। কিন্তু পুৰণি অভিনেতা-অভিনেত্রীৰ অভিনয় অতি দুর্দান্ত আৰু মুখৰ সংলাপ নতুনৰ তুলনাত যেন বহু ভাল আছিল। অসমীয়া ছবিৰ কাহিনীটো দুৰ্বলতা আছে নেকি, এয়াও বিচাৰ্য বিষয়। কেতিয়াবা কাহিনীৰ আৰম্ভনি আৰু শেষৰ খণ্ডৰ সামঞ্জস্য নাথাকে। মহাভাৰতৰ কাহিনীৰে আৰম্ভ হৈ ৰামায়ণত শেষ হয়, ফলত ফাঁট মেলা বসুমতী পাতালে লুকাও অৱস্থাত পৰিব লগা হয়।

ভাৰতবর্ষৰ অন্য ৰাজ্যৰ ছবিত উন্নত প্রযুক্তিবিদ্যা সমৃদ্ধ কৰি যি ধৰণৰ চমক দেখুৱাব পাৰে আমাৰ চলচ্চিত্র উদ্যাগে দেখুওৱাব নোৱাৰে। ছবিঘৰত অসমীয়া ছবিৰ বাণিজ্যিক বিফলতাৰ বাবেই বহু পৰিচালকে ইমান পইচা খৰচ কৰি উন্নত প্রযুক্তিবিদ্যাৰ কাৰিকৰী কৌশল ব্যৱহাৰ কৰাৰ ইচ্ছুক নহয়। আমাৰ ৰাজ্যত বিভিন্ন কাৰণত বহু ছবিঘৰ বন্ধ হৈ আছে। ইয়াৰ বাবে সন্ত্ৰাসবাদো দায়ী। বর্তমান কিছুমান চলচ্চিত্রপ্রেমীৰ তাড়নাত কিছুমান ছবিঘৰ মুকলি কৰা হৈছে। যোৱা তিনি বছৰত আশা কৰা মতে অসমীয়া ছবিয়ে মুক্তি লাভ নাপালে, বা পইচা ঘূৰি অহাকৈ সফল নহ'ল, তথাপি যেন হাৰ মনা নাই অসমীয়া প্রয়োজক-পৰিচালকে। কিন্তু কেতিয়ালৈ এই দুৰ্দশাৰ মাজেদিয়ে অসমীয়া চিনেমাই গতি কৰি থাকিব?

আমাৰ অসমীয়া ছবি চাবলৈ যোৱা দর্শকৰ সংখ্যা এটা দৰ্শনীত ১০-২০ জন হয়। ছবিঘৰত অসমীয়া ছবি চলা নাই যদিও ছবি নির্মাণৰ সংখ্যা কমা নাই। কোনো এখন ছবিয়ে দর্শকক সন্তষ্ট কৰিব পৰা নাই। আমি বিচাৰিছো কিছু ভাল ছবি। কিছুমান অসমীয়া ছবিৰ কাহিনী ভাল যদিও এনে ছবি সীমিত দর্শকে উপভোগ কৰে। তথপিও দর্শকে অপেক্ষা কৰিছে যে সময়ৰ বুকুত অসমীয়া প্রয়োজক-পৰিচালকে ভাল ছবি এখন নির্মাণ কৰিব আৰু দর্শকক সন্তষ্ট কৰিব, ছুপাৰহিট হব আৰু অসমীয়া ছবি জগতলৈ আনিব নৱ-জাগৰণ। 'ছাকিৰা আহিব বকুল তলৰ বিহুলৈ' য়ে কিছু আশাৰ সঞ্চাৰ কৰিছে। আমিও বাট চাইছো একাধিক নতুন ছবিলৈ, বহু আশাৰেই....। 

No comments:

Post a Comment