আজিৰ ভাল খবৰবোৰ
১. অসম মাধ্যমিক শিক্ষা সংসদে নৱম আৰু দশম শ্ৰেণীত পুনৰ বাধ্যতামূলক ভাৱে ভূগোল আৰু বুৰঞ্জী বিষয় প্ৰৱৰ্তন কৰিবলৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যখনত সচেতন ৰাইজে দীৰ্ঘদিনৰ পৰা এই দাবী জনাই আহিছিল।
২. সুধাকণ্ঠৰ ‘এই পৃথিৱী এক ক্ৰীড়াঙ্গণ’ গীতেৰে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত শুভাৰম্ভ হয় দ্বাদশ দক্ষিণ এছিয় ক্ৰীড়া সমাৰোহ। ময়ূখ হাজৰিকাৰ পৰিচলনাত ৮খন দেশৰ ভাষাত পৰিবেশিত হয় এই থীম ছং। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সমাৰোহখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা সমাৰোহখনিত আঠখন দেশৰ ৪৪০০ খেলুৱৈ তথা কলা-কুশলীয়ে অংশগ্ৰহণ কৰিছে।
৩. লেপেটকটাত গেছ ক্ৰেকাৰ প্ৰকল্প দেশৰ নামত উছৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে। নুমলীগড় ৰিফাইনেৰীৰ এটি মম প্ৰকল্পও তেখেতে অনলাইন পদ্ধতিৰে উন্মোচন কৰে। শিৱসাগৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিবেশনতো মুখ্য অতিথি ৰূপে অংশগৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱে জাত-পাতৰ বিৰুদ্ধে জাগৰণ অনাৰ বাবে গ্ৰহণ কৰা যুগজয়ী প্ৰচেষ্টাৰ কথাও নৰেন্দ্ৰ মোদীদেৱে স্মৰণ কৰে।
৪. বিশিষ্ট বৈষ্ণৱ পণ্ডিত তথা মাজুলীৰ শ্ৰীশ্ৰী নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে ২০১৬চনৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ শিল্প সাধনা বঁটা। নগাঁৱৰ নেহৰুবালিত উদযাপিত ভাওনা সমাৰোহ উদযাপন সমিতিয়ে প্ৰৱৰ্তন কৰা এই বঁটা প্ৰথমবাৰলৈ প্ৰদান কৰা হব।
৫. উত্তৰ গুৱাহাটীত থকা নাৰায়াণা চুপাৰস্পেচিয়েলিটি হাস্পতালে গুৱাহাটীবাসীৰ বাবে উলুবাৰীত বৰ্হিবিভাগ ৰূপে ক্লিনিক মুকলি কৰিছে। প্ৰতি সন্ধিয়া বিশিষ্ট চিকিতসকৰ পৰামৰ্শ মহানগৰৰ মাজমজিয়াতে পোৱাৰ ব্যৱস্থা কৰা হৈছে। সন্ধিয়া ৬-৮বজালৈ এই সেৱা উপলদ্ধ হব। হেল্পলাইন ৮৮১১৮৮৮৮৮৮ ।
৬. বিশ্বনাথ চাৰিআলিৰ বিশিষ্ট খেতিয়ক নীলম দত্তই সন্মানজনক হলধৰ জৈৱিক খেতিয়ক বঁটা-২০১৪ লাভ কৰিবলৈ সক্ষম হৈছে। জৈৱিক খেতি, দুগ্ধ পালন আৰু মীন পালনৰ সংহত পাম খুলি আদৰ্শ দেখুওৱা দত্তক এই বঁটা কেন্দ্ৰীয় কৃষিমন্ত্ৰী ৰাধামোহন সিঙে প্ৰদান কৰে।
৭. উত্তৰ-পূৱতো আৰম্ভ হৈছে অনলাইন ফাৰ্মাচী সেৱা। ডাৱাইলো.কম নামৰ ফাৰ্মাচীসেৱাই ফোন বা অনলাইন যোগে লাভ কৰা অনুৰোধৰ পাছত ঘৰতে দৰৱ যোগান ধৰিছে বুলিও জানিব পৰা গৈছে। গুৱাহাটীতো এই সেৱা যোৱা তিনিমাহৰ পৰা সক্ৰিয় হৈ থকাৰ সুখবৰ।
৮. বিহপুৰীয়াৰ স্বেচ্ছাসেৱী সংগঠন প্ৰয়াসৰ উদ্যোগত নগৰখনৰ পৌসভাৰ সমুখত জোনাকীযুগৰ ত্ৰিমূৰ্তি হেমচন্দ্ৰ গোস্বামী, লক্ষ্মীনাথ বেজবৰুৱা আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ আৱক্ষ প্ৰতিমূৰ্তি স্থাপন কৰা হয়।উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে।
৯. ৰঞ্জী ট্ৰফীৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে অসম দলে। পাঞ্জাৱ দল ৫১ৰানত হৰুৱাই অৰূপ দাসৰ চমকপ্ৰদ বলিঙেৰে ১১টা উইকেট দখলৰ উজ্জীৱিত প্ৰদৰ্শনৰ সহায়ত এই কৃৰ্তিত্ব অৰ্জন কৰাৰ সুখবৰ।
১০. সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ষষ্ঠ বিংশতিতম সংখ্যক দ্বি-বাৰ্ষিক ধুবুৰী অধিৱেশন আজিৰে পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে। নেতাই ধুবুনী সমন্বয় ক্ষেত্ৰত হোৱা এই সমাৰোহত অন্তৰংগ আলাপ, প্ৰতিনিধি সভা, আলোচনা চক্ৰকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।

Happy Valentines Day 2016 Quotes SMS Cards Images
ReplyDeleteHappy Valentines Day 2016 Quotes
Happy Valentines Day 2016 SMS
Valentines Day 2016 Cards
Valentines Day 2016 Images
Valentine Day 2016 Gift Ideas
Valentine Day 2016 Wishes
Valentines Day 2016 Quotes
Happy Valentine Day 2016 Messages