চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

 নাৰীৰ সুৰক্ষা আৰু অসম চৰকাৰৰ কৰণীয়
জ্যোতিৰূপম দত্ত
অসমৰ হাইলাকান্দি জিলাত শেহতীয়াভাৱে সংঘটিত হোৱা ঘৃণনীয় ধৰ্ষণকাণ্ডক গৰিহণা দিছো৷ দক্ষিণ হাইলাকান্দিৰ বেতছৰা গাঁওৰ দুৰ্ভগীয়া কিশোৰীগৰাকীক ঘৰত কোনো নথকাৰ সুযোগ লৈ দুৰ্বৃত্তই বলাৎকাৰ কৰি ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰা হৈছে। 

পিছে উদ্বেগজনক কথাটো হ’ল অসমত প্ৰায় প্ৰতিদিনেই এনে জঘন্য অপৰাধ সংঘটিত হৈ আহিছে৷ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে যোৱা ফেব্ৰুৱাৰী মাহত বিধানসভাত প্ৰকাশ কৰা তথ্য অনুসৰি ২০১৬ চনৰ এপ্ৰিল মাহৰ পৰা এই বছৰৰ জানুৱাৰী মাহলৈ ৩০০৯ টা ধৰ্ষণ আৰু ১৭,১০৬ টা নাৰী নিৰ্যাতনৰ ঘটনা আৰক্ষীৰ নথিত পঞ্জীয়ন হৈছে৷ চৰকাৰী তথ্যমতেই অসমত এবছৰত প্ৰায় পোন্ধৰশ ধৰ্ষণৰ গোচৰ পঞ্জীভুক্ত হৈছে৷ এই পৰিসংখ্যাটোৱেই নাৰীৰ সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ অসমৰ এক উদ্বেগজনক পৰিস্থিতিৰ কথা প্ৰকট কৰি তুলিছে৷ এই বিষয়টোত বৰ্তমান চৰকাৰ আৰু আগৰ চৰকাৰখনৰ দিনৰ তথ্যসমূহৰ আঞ্চলিক,ভাষিক তথা অৰ্থনৈতিক ভিত্তিত তুলনামূলক বিশ্লেষণ আদিলৈ নগৈ সাধাৰণভাৱেই কব পাৰি যে আৰক্ষী তথা সাধাৰণ প্ৰশাসন ব্যৱস্থাৰ ছিদ্ৰ লৈয়েই বৰ্তমানৰ চৰকাৰখনৰ দিনতো এনেধৰণৰ দুৰ্ভাগ্যজনক ঘটনা বহুলভাৱে সংঘটিত হৈ আহিছে৷ 

চৰকাৰীভাৱে প্ৰদান কৰা পৰিসংখ্যাৰ উপৰিও দুৰ্গম অঞ্চল তথা চহৰাঞ্চলৰ পৰা দূৰৈত সংঘটিত হোৱা এনেধৰণৰ বহু ঘটনা লোকচক্ষুৰ আগলৈ নাহেই৷ পৰিতাপৰ কথা এয়ে যে এনেধৰণৰ ঘটনাৰ আচল সংখ্যাবোৰ নিশ্চয়কৈ ইয়াতকৈয়ো বেছি হোৱাৰ সম্ভাৱনা আছে৷ আৰক্ষী-প্ৰশাসনৰ নজৰলৈ নহা এনেধৰণৰ ঘটনাৰ দোষীয়ে প্ৰশাসন, আইন-আদালত সকলোকে বৃদ্ধাংগুষ্ঠ দেখুৱাই সকলোৰে সমুখত নিৰ্বিঘ্নে চলাফুৰা কৰি থাকে৷ আনকি বহুক্ষেত্ৰত এনেধৰণৰ লোমহৰ্ষক ঘটনাৰ সংক্ৰান্তত আটক হোৱা বহুজনে প্ৰশাসনৰ হেমাহিৰ বাবে অথবা উপযুক্ত তথ্য-প্ৰমাণৰ অভাৱত সাৰি যোৱাও পৰিলক্ষিত হৈছে৷ 

অসমৰ সাধাৰণ জনগণৰ প্ৰশাসন তথা আইনৰ ওপৰত বিশ্বাস এতিয়াও আছে৷ কিন্তু লেহেমীয়া তদন্ত বা বিচাৰ প্ৰক্ৰিয়াৰ চেলু লৈ কোনো অপৰাধীয়েই যাতে কোনোপধ্যেই সাৰি যাব নোৱাৰে সেয়া সুনিশ্চিত কৰাটো বৰ্তমান সময়ত অতীব প্ৰয়োজনীয় কথা৷ এই গুৰুত্বপুৰ্ণ বিষয়টোত অসমৰ গৃহবিভাগৰো দায়িত্বত থকা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালদেৱৰ ফালৰ পৰা এক ক্ষীপ্ৰ তথা ফলপ্ৰসু ব্যৱস্থা আশা কৰিছো৷ এনে জঘন্য কাণ্ডৰ দোষীয়ে তৎকালীনভাৱে দৃষ্টান্তমূলক শাস্তি পাব লাগে৷ 

তদুপৰি এনে দোষীৰ শাস্তিৰ কথাও বহুলভাৱে প্ৰচাৰিত হোৱা উচিত৷ এই ক্ষেত্ৰত বিভিন্ন সামাজিক মাধ্যমৰো কৰণীয় আছে৷ দোষীক শাস্তি প্ৰদানৰ বাতৰিয়ে সৰ্বসাধাৰণৰ মনত প্ৰশাসনৰ প্ৰতি এক বিশ্বাসৰ ভাৱ গঢ়ি তুলি সমাজত আইন-শৃংখলা ব্যৱস্থা অটুত থকাৰ বিষয়ে এক ধনাত্মক বাৰ্তা প্ৰদান কৰিবলৈ সক্ষম হয়৷ এই ক্ষেত্ৰত প্ৰশাসন তথা সামাজিক সংস্থাসমূহেও চোকা দৃষ্টি দিয়া উচিত৷ 
☆★☆
লেখকৰ ঠিকনাঃ ‘নিভৃত নৈৰ্ঋত’, হাতীশিলা৷ চন্দ্ৰপুৰ, গুৱাহাটী ৷

No comments:

Post a Comment