মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


সন্নিকটত সৰ্বানন্দ সোনোৱাল
বুলন কুমাৰ শইকীয়া
সম্ভৱতঃ অসমৰ সামাজিক আৰু ৰাজনৈতিক ইতিহাসৰ আটাইতকৈ সংকটপূৰ্ণ সময়ছোৱাৰ মাজত আমি আৱদ্ধ হৈ পৰিছো ৷ ২০১৭ চনটো শেষ হ’বলৈ হাতত মাথোঁ এটা মাহ ৷ এই মাহটো বহু কাৰণত তাৎপৰ্যপূৰ্ণ হৈ উঠিছে অসমৰ ভৱিষ্যতৰ কাৰণে ৷ হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ প্ৰতিও ৷ ডিচেম্বৰ শীতৰ মাহ যদিও এনে লগা নাই যে এইবাৰ আমাৰ সামাজিক -ৰাজনৈতিক পৰিস্থিতিক শীতে কোবাই যাবলৈ সক্ষম হ’ব ৷ কাৰণ মহামান্য উচ্চতম ন্যায়ালয়ে নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশৰ বাবে নৱেম্বৰৰ শেষৰ দিনটোতে নিৰ্দেশনা জাৰি কৰিছে ৷ কোনো কাৰণতেই যাতে এন.আৰ.চিৰ খচৰা প্ৰকাশত পলম নহয় ৷ ৩১ ডিচেম্বৰেই এন.আৰ.চি খচৰা প্ৰকাশৰ শেষ সীমা ৷ কেন্দ্ৰ চৰকাৰে খচৰা প্ৰকাশৰ বাবে সময়সীমা পিছুৱাবলৈ লৈছিল ২০১৮ ৰ জুলাই পৰ্যন্ত ৷ ন্যায়ালয়ে সেয়া নাকচ কৰিছে ৷ ইতিমধ্যে চৰ্চিতও হৈছে কেন্দ্ৰই খচৰা প্ৰকাশ পিছুৱাই থকাৰ আঁৰৰ কাৰণ ৷ কাৰণ হিন্দু শৰণাৰ্থীক সংস্থাপিত কৰিবলৈ কেন্দ্ৰৰ অহৰহ প্ৰচেষ্টা ৷ নাগৰিক আইন সংশোধনী বিধেয়ক গ্ৰহণ নকৰা পৰ্যন্ত কেন্দ্ৰই এন.আৰ.চিৰ খচৰা সম্পূৰ্ণ হোৱাটো বিচৰা নাছিল বুলি অভিযোগো উঠিছে ৷ ৩০ নৱেম্বৰৰ উচ্চতম ন্যায়ালয়ৰ স্থিতিয়ে কেন্দ্ৰক দস্তুৰমত কৌশল সলনি কৰিবলৈ বাধ্য কৰিব ৷

কেন্দ্ৰই শেহতীয়া ঘটনাক্ৰমত কি কৌশল গ্ৰহণ কৰিছে তাৰ ওপৰতে নিৰ্ভৰ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ৰাজনৈতিক ভৱিষ্যতো ৷ মুখ্যমন্ত্ৰী সোনোৱালৰ ওপৰত ৰাইজৰ আছিল অপাৰ বিশ্বাস ৷ সেই বিশ্বাসৰ সামান্য এটা অংশ এ.পি.এচ.চি কেলেংকাৰীৰ বিপক্ষে গ্ৰহণ কৰা স্থিতিৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰি ৰাখিবলৈ সক্ষম হৈছিল যদিও আমচাং কাণ্ডই তাৰো পৰিমাণ কমাই পেলালে ৷ আচলতে নব্বৈ দশকৰ অসমৰ দুৰ্যোগপূৰ্ণ সময়ৰ সংগ্ৰামী নেতা সৰ্বানন্দ সোনোৱাল, ২০০৪ চনত সংসদলৈ নিৰ্বাচিত হোৱা সৰ্বানন্দ সোনোৱাল আৰু এতিয়াৰ সৰ্বানন্দ সোনোৱালজনৰ মাজত বিস্তৰ পাৰ্থক্য আছে ৷ মুখ্যমন্ত্ৰী হোৱাৰ পাচত অসমৰ থলুৱা স্বাৰ্থ বিঘ্নিত হোৱা বহুবোৰ কথাত, যিবোৰৰ প্ৰকৃত নিয়ন্ত্ৰণ আছিল ১১, অশোকা ৰোড অথবা ৭, ৰেচ কোৰ্চ ৰোডৰ অথবা নাগপুৰৰ পৰা... সেইবোৰ কথাত মুখ্যমন্ত্ৰীৰ শুভাকাংক্ষীমহল সোনোৱালৰ ভূমিকাৰ ওপৰত নাৰাজ হৈছিল ৷ ইয়াত ইন্ধন যোগাইছিল কংগ্ৰেছৰ পৰা বিজেপিলৈ অহা হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰাসীৰূপত নিস্তেজ হৈ পৰা সোনোৱালৰ ভাৱমূৰ্তিয়েও ৷ 
অসমৰ আটাইতকৈ জনপ্ৰিয় বিবেচিত হ’ব পৰা মুখ্যমন্ত্ৰীগৰাকীক কেন্দ্ৰই এনে এটা অৱস্থা কৰি দিলে যে তেওঁ নিজৰ মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ বিষয়ে সিদ্ধান্তটো ল’ব নোৱাৰেই বৰঞ্চ বিষয়টোলৈ সংঘ পৰিবাৰৰ নেতাৰ সৈতে আলোচনাহে কৰিবলগীয়া হ’ল ৷ সৰ্বানন্দ সোনোৱালৰ সন্নিকটৰ পৰ্বও হয়তো সেইখিনিৰ পৰাই আৰম্ভ হৈ গৈছে ৷ এসময়ত অবৈধ বাংলাদেশী বিতাড়নৰ শ্লোগানত অভ্যস্ত সৰ্বানন্দ সোনোৱাল আজি কেন্দ্ৰৰ কৌশল অনুসৰি হিন্দু শৰণাৰ্থীৰ প্ৰবক্তা হ’বলগীয়াত পৰিছে ৷ তেওঁৰ অসহায় অৱস্থা অসমৰ মানুহে উপলদ্ধি কৰিব পাৰে ৷ কিন্তু এইষাৰ কথা পোনপটীয়াকৈ কোৱাই উচিত হ’ব যে, ৰেচ কোৰ্চ বা অশোকা ৰোড অথবা নাগপুৰৰ চকুত "গুড বয়" হ’বলৈ গৈ অভ্যাস কৰা নিৰ্লিপ্ততাই মুখ্যমন্ত্ৰীগৰাকীৰ অসহায় অৱস্থাৰ মূল কাৰক ৷ তেওঁ কিমান অসহায় সেয়া দেখুৱাই দিছে ভাৰত চৰকাৰৰ এটৰ্নি জেনেৰেল কে বেণুগোপালে ৩০ নৱেম্বৰত উচ্চতম ন্যায়ালয়ত প্ৰদৰ্শন কৰা স্থিতিয়ে ৷ আৰ্ছাদ মাদানী বোলাজনে অসমৰ পৰিস্থিতি ৰক্তাক্ত হ’ব বুলি ক’লে সোনোৱালে গুজৰি গুমৰি হুংকাৰ দিব পাৰে ৷ কিন্তু বেণুগোপাল ৰাষ্ট্ৰ ব্যৱস্থাৰ অন্দৰৰ মানুহ ৷ অসমত এখন নিৰ্বাচিত চৰকাৰ থকাৰ পিছতো এন.আৰ.চিৰ খচৰা প্ৰকাশ ডিচেম্বৰতে হ’লে ৰাজ্যখনত নৈৰাজ্যৰ সৃষ্টি হ’ব বুলি ব্যক্ত কৰিবলৈ তেওঁ কি ধৰণৰ "ইনপুট" পালে সেয়া অতি সন্দেহজনক ৷ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ লগে লগে সৰ্বানন্দ সোনোৱালে সেয়া আদৰণি জনাইছে আৰু ৰাজ্য প্ৰশাসনক তাৰ বাবে সাজু হ’বলৈ দিছে ৷ ভাল কথা, অত্যন্ত ভাল কথা ৷ কিন্তু কি তথ্যৰ আধাৰত দেশৰ এটৰ্নি জেনেৰেলে খচৰা প্ৰকাশৰ বিষয়টোত বিধি পথালি দিবলৈ কেৰেপ কৰা নাই সেই সম্পৰ্কতো এটা অনুসন্ধান হোৱা উচিত ৷

মাথোঁ কিছুদিনৰ আগতে কেন্দ্ৰৰ নিৰ্দেশ আহিছিল - ৰেচন কাৰ্ডকো এন.আৰ.চিৰ প-পত্ৰত তথ্য প্ৰমাণ হিচাপে গ্ৰহণ কৰিব লাগিব ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সেই কথাৰ আপত্তি কৰা দেখা নগ’ল ৷ লগত আছে হিন্দু শৰণাৰ্থী সংস্থাপনৰ বিষয়টোৱো ৷ আছে নাগৰিক আইন সংশোধনী বিধেয়কৰ প্ৰসংগটোৱো ৷ আশ্চৰ্যকৰ কথা যে সেইবিলাকত মুখ্যমন্ত্ৰী এতিয়াও নিশ্চুপ ৷ সম্ভৱতঃ এনেবোৰ বিষয়ত অসমীয়া মাত্ৰকেই তেওঁক সমৰ্থন দিব বুলি ধৰি লৈছে ৷ সোনোৱাল ডাঙৰীয়াৰ শুভবুদ্ধি উদয় হওক বা নহওক সেয়া আমাৰ বিচাৰ্য বিষয় নহয় ৷ কিন্তু একাংশই তেওঁক এতিয়াও অন্তঃকৰণেৰে বিশ্বাস কৰে ৷ সেইখিনিৰ মূল্য তেওঁ দিবলৈ চেষ্টা কৰা উচিত ৷ ডিচেম্বৰত নাগৰিক পঞ্জীৰ খচৰা ন্যায়ালয়ৰ নিৰ্দেশমতেই প্ৰকাশ কৰা হ’ব বুলি সোনোৱালে ঘোষণা কৰিছে হয় কিন্তু তেওঁ নিশ্চয় পাহৰি যোৱা নাই খচৰা সময়মতে প্ৰকাশ নকৰাৰ গুৰিতে আছিল দিল্লী ৷ সেই দিল্লী যাৰ বিপক্ষে যোৱাৰ সাহস দেখুৱাবলৈ পৰাটো বাদেই বৰঞ্চ ৰাজ্যখনৰ স্বাৰ্থৰ পৰিপন্থী দিল্লীৰ নিৰ্দেশক বিগত সময়ছোৱাত এবাৰলৈও তেওঁ অংগুষ্ঠ দেখুৱাব পৰা নাছিল ৷ এক কোটিৰো অধিকৰ নথি পত্ৰ পৰীক্ষা কৰিবলৈ বাকী থাকিল ৷ অথচ এন.আৰ.চিৰ ৰাজ্যিক সমন্বয়কে ঘোষণাই কৰিল ২৯ লাখ মুছলিম মহিলাৰ স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ নাই ৷ আচৰিত কথা নহয় নে ? কিয় দাঙি ধৰা হৈছিল অসম্পূৰ্ণ প্ৰক্ৰিয়া এটাৰ আধৰুৱা হিচাপ ? মাদানীৰ দৰে কে বেণুগোপালে কেনেকৈ আগতীয়াকৈ অনুমান কৰিবলৈ পাৰিছে অসম জ্বলিব ? আৰু যদি জ্বলে সঁচাকৈ ? সৰ্বানন্দ সোনোৱালে কাক দূষিব নে বেণুগোপাল যিটো ব্যৱস্থাৰ অংশীদাৰ সেই ব্যৱস্থাটোৱে দূষিব সোনোৱালক ? এই প্ৰশ্নবোৰ কিন্তু আমাৰ চিন্তাত বাগৰি ফুৰিব ধৰিছে ৷

No comments:

Post a Comment