স্বাস্থ্য কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মেদবহুলতাৰ সমস্যাঃ 
শকত সকলে ক্ষীণোৱাৰ উপায়
ডাঃ ভূপেন শইকীয়া

ভাৰতবৰ্ষৰ বৰ্তমান জনসংখ্যাৰ (১,২৬৭,৪০১,৮৪৯ ) ভিতৰৰ এক কোটিৰো অধিক সংখ্যক লোক মেদবহুলতাৰ চিকাৰ৷ ইয়াৰ সৰহ সংখ্যকলোকৰ ওজন বৃদ্ধি প্ৰতিৰোধ কৰিব পৰা গ'লহেতেন৷ এতিয়াও উপযুক্ত পৰামৰ্শ পালে তেওঁলোকৰ স্বাস্থ্যৰ উন্নতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷এই জটিল বিষয়টোৰ ভিতৰত সোমোৱাৰ আগতে অলপ বিনোদন কৰা যাওক৷ বাতৰি কাকতত চকুত লগাকৈ এটা বিজ্ঞাপন ওলাল – শকতসকলৰ ওজন কমোৱাৰ গ্যাৰেন্টিযুক্ত চিকিৎসাৰ বাবে তলৰ ঠিকনাত যোগাযোগ কৰক৷ প্লেন-১: দহ দিনত ৫কেজি ওজন হ্ৰাস, ৫হেজাৰ টকাৰ পেকেজ৷প্লেন-২: দহ দিনত ১০কেজি ওজন হ্ৰাস, ১০হেজাৰ টকাৰ পেকেজ৷ প্লেন-৩: দহ দিনত ১৫কেজি ওজন হ্ৰাস,২০হেজাৰ টকাৰ পেকেজ৷ এজন শকতলোকে ফোনত প্লেন-১ৰ বাবে অনুৰোধ জনালে৷ নিৰ্দিষ্ট সময়ত সেইলোকজনৰ ঘৰৰ কলিংবেল বজালেহি এগৰাকী ট্ৰেকচুট পিন্ধা সুন্দৰী যুৱতীয়ে৷ যুৱতীয়ে জনালে এঘন্টাৰ দৌৰত মোক আপুনি পিছ পেলালে মোৰ চুম্বন লব পাৰিব৷ শকত ডেকাজনে বহু চেষ্টা কৰিও এদিনো যুৱতীক দৌৰত চেৰ পেলাব নোৱাৰিলে। কিন্তু দহ দিনত ৫কেজি ওজন ঠিকেই কমিল৷ কেইদিনমানৰ পিছত তেওঁ দুই নম্বৰ প্লেনটো লবলৈ মন কৰিলে৷ এইবাৰ আন এজনী আগতকৈ ধুনীয়া মিনিস্কাৰ্ট পিন্ধা যুৱতী আহি হাজিৰ হ'ল আৰু একেদৰেই দৌৰাৰ প্ৰস্তাৱ দিলে৷ শকত ডেকাজনে এইবাৰো বহু চেষ্টা কৰিও যুৱতীৰ কাষ চাপিব নোৱাৰিলে আৰু যথাসময়ত তেওঁৰ ১০কেজি ওজন কমিল৷ ইয়াৰ পিছত ডেকাজনে উৎসাহিত হৈ ৩নং প্লেন লবলৈ বুলি বিজ্ঞাপনদাতা কোম্পানীক ফোন কৰিলে৷ কোম্পানীয়ে জনালে এই প্লেনটো কিন্তু বৰ টান৷ ভাবি চিন্তিহে ৩নং প্লেনটো লব৷ পইচা ৰিফাণ্ড কোনো কাৰণত নহব৷ ৩নং প্লেনটো লবলৈ আগ্ৰহী যুৱকজনৰ কাষত এইবাৰ এজন ৭ফুটী হৃষ্টপুষ্ট কৃষ্ণকায় নিগ্ৰো আহি উপস্থিত হ'ল৷ আহিয়ে তেওঁ কলে মই ৩নং প্লেনৰ ইন্সট্ৰাক্টৰ - আপুনি যিমান পাৰে সিমাই বেগাই দৌৰক৷ চাব মোৰ হাতত যাতে আপুনি ধৰা নপৰে৷ মোৰ হাতত ধৰা পৰিলে মই কিন্তু আপোনাৰ চুম্বন লম !

কৌতুকৰ চলেৰে কথাখিনি কলেও এইটো সত্যযে দৌৰাটো শৰীৰৰ বাবে এক উপযোগী ক্ৰিয়া৷ কেবল দৌৰেই নহয়,বেগাই খোজকঢ়া, সাঁতোৰা,জপিওৱা, চাইকেল চলোৱা,খেল-ধেমালি,ব্যায়াম বা আসন কৰা এইবিলাক হ'ল শৰীৰৰ বাবে লাগতিয়াল উপকাৰী ক্ৰিয়া৷ ইয়াৰ ফলত সঠিকভাবেৰক্ত সঞ্চালন হয় আৰু শৰীৰৰ ৰক্তচাপ নিয়ন্ত্ৰিত হয়৷ শৰীৰৰ বাবে উপকাৰী এই ডি এল নামৰ কলেষ্টেৰলৰ বৃদ্ধি হয়৷ তেজত চুগাৰৰ পৰিমাণ হ্ৰাস পাবধৰে কাৰণ এইধৰণৰ যি কোনো কচৰতে শৰীৰৰ ভিতৰৰ ইনচুলিনৰ সক্ৰিয়তা বঢ়ায়৷ কচৰতে পেটৰ চৰ্বি কমায়৷ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে৷ কচৰতকৰিলে শৰীৰৰ ভিতৰত এণ্ডৰফিন উৎপন্ন হয় - যি আমাৰ দেহ আৰু মনক প্ৰফুল্লিত কৰে৷ গুৰুতৰ অসুখত আক্ৰান্ত লোক, হাঁপানী বা শ্বাসজনিত অসুখতভুক্তভোগী লোক,হৃদৰোগত ভোগা ব্যক্তি আৰু হাঁড়ৰ বিকাৰ থকা লোকৰ বাহিৰে ল'ৰা-বুঢ়া সকলোৱেই উল্লেখিত যি কোনো প্ৰকাৰৰ কচৰত কৰি স্বাস্থ্যক সুৰক্ষা প্ৰদান কৰিব পাৰে৷

এতিয়া মূল বিষয়লৈ যোৱাৰ আগতে পাঠকসকলক বি এম আই (Body Mass Index ) ওলিওৱাৰ সহজ পদ্ধতিটো কম৷ পোনতে শৰীৰৰ উচ্চতামিটাৰত জুখি লব ৷ উদাহৰণ ১৭২চেন্টিমিটাৰ মানে হব ১.৭২মিটাৰ৷ এতিয়া ১.৭২ক ১.৭২ৰে পূৰণ কৰক৷ ফলাফল হ'ল ২.৯৬স্কোৱাৰ মিটাৰ৷ ধৰি লওকআপোনাৰ শৰীৰৰ ওজন পালে ৭০কিলোগ্ৰাম৷ এতিয়া ৭০ক ২.৯৬ৰে ভাগ কৰক৷ ভাগফল হব ২৩.৬৪ কিলোগ্ৰাম প্ৰতি স্কোৱাৰ মিটাৰত৷ সহজ ভাষাত বিএম আই ওলাল ২৩.৬৪৷ ইয়াৰ ওপৰিও ইন্টাৰনেটৰ সহায়ত বি এম আই গণণা কৰা চাৰ্ট আপোনাৰ ম'বাইলত ডাউনলোড কৰি লৈ তাতো বি এম আইততালিকে জানিব পাৰিব৷ ১৮.৫ৰ পৰা ২৪.৯ বি এম আই হ'ল আদৰ্শ বা স্বাস্থ্যসন্মত বি এম আই ৷ ১৮.৫ৰ কম বি এম আই হলে আন্দাৰৱেইট৷ ২৫ৰ পৰা২৯.৯ হ'ল অভাৰৱেট অৰ্থাৎ বেচি ওজন থকা লোক৷ ৩০ৰ পৰা ৩৯.৯ হ'ল স্থুলকায় (Obese) ৷ বি এম আই ৪০ৰ ওপৰ হলে অতি স্থুলকায়৷ চিকিৎসাৰবিভিন্ন নিৰ্দেশনা দিবলৈ চিকিৎসকে প্ৰতিজন ৰোগীৰ বি এম আই জনাটো প্ৰয়োজনীয় হৈ পৰে৷ ইয়াৰ ওপৰিও প্ৰতিজন স্বাস্থ্য সচেতন ব্যক্তিয়ে নিজৰ বি এমআই জনাটো একান্ত আৱশ্যক৷ বি এম আইৰ ওপৰিও শকত হোৱা লোকৰ কমৰৰ ঘেৰা বাঢ়িবলৈ ধৰে৷ বছৰত এবাৰ সকলোৱে নাভিৰ ওপৰত এই ঘেৰাৰজোখ চাব লাগে৷ নিয়মীয়া স্বাস্থ্যৰলোকৰ পুৰুষৰ ৪০ইঞ্চি আৰু মহিলাৰ ৩৫ইঞ্চিৰ ওপৰ হব নালাগে৷

মানুহ শকত হোৱাৰ অপকাৰিতাসমূহ:
শকত লোকসকলে শাৰীৰিক আৰু মানসিক উভয়বিধৰ যন্ত্ৰণাৰ ভুক্তভোগী হয়৷ মানসিকভাবে ডিপ্ৰেচন, হীনমনস্কতা,আত্মবিশ্বাসৰ অভাৱত ভোগে৷শকত মানুহ অধিক কাৰ্য্যক্ষম নহয়, কামৰ ক্ষতি তেওঁলোকে বেচিকৈ কৰে৷ আয়ৰ এক বুজন অংশ চিকিৎসাৰ খৰচত ব্যয় হয়৷ শৰীৰ অলপতে ভাগৰুৱা হয়৷নানা ধৰণৰ ৰোগত বিশেষকৈ ডায়েবেটিজ,উচ্চ ৰক্তচাপ, কৰ্কটৰোগ (বক্ষ, কল'ন,জৰায়ু,প্ৰষ্টেট, কিডনি, লিভাৰ, পিত্ত, পেনক্ৰিয়াচ আদিৰ), হৃদৰোগ(কাৰ্ডিঅ'মায়'পেথি,হাৰ্ট ফেইলাৰ), ডিচলিপিডেমিয়া, পিত্তৰ পাথৰ,লিভাৰৰ অসুখ, হাঁড়ৰ ৰোগ (অস্তিঅ' আৰ্থাইটিচ), শ্বাস-প্ৰস্বাসৰ ৰোগ, নিদ্ৰাৰ বিকাৰ, মাহেকীয়াৰ বিসংগতি, সন্তানহীনতা আদিত সহজে আক্ৰান্ত হয়৷ পুৰুষে জননেন্দ্ৰিয় বিকাৰত(Erectile dysfunction) ভোগে৷ একেলগে মেদবহুলতা, ডায়েবেটিজ, উচ্চৰক্তচাপ আৰু ডিচলিপিডেমিয়া থাকিলে তাক মেটাব'লিক চিনড্ৰম বোলে৷ এনে ৰোগী সতৰ্ক নহলে তুলনামুলকভাবে কম আয়ুসহে জীৱিত থাকে৷
বিশ্ব স্বাস্থ্য সংস্থাৰ মতে বিশ্বত বছৰি ২-৮নিযুত লোক মেদবহুলতাৰ জটিলতাৰ ফলত মৃত্যুবৰণ কৰে৷ মৃত্যুৰ ৫টা প্ৰমুখ কাৰণৰ ভিতৰতমেদবহুলতাও এটা৷ এটা সময়ত ভাৰতত আৰম্ভ হোৱা এন্টি অ'বেচিটি ডে (World Anti Obesity Day) আজিকালি ২৬নভেম্বৰত বিশ্বৰ বিভিন্ন দেশতপালিত হয়৷ ঠিক এই বছৰৰ ২১জুনত আৰম্ভ হোৱা বিশ্ব যোগ দিবসৰ দৰে৷ বিশ্বৰ ১৯২খন দেশে এই যোগ দিবস পালন কৰি স্বাস্থ্য ৰক্ষাতযোগৰ গুৰুত্ব প্ৰতিপন্ন কৰি ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰিলে৷ নিয়মীয়া যোগ-ব্যায়াম কৰা লোক শকত নহয় বা মেদবহুলতাৰ চিকাৰ নহয়৷ 

মানুহ শকত কিয় হয় ? 
থুলমুলকৈ একে আষাৰে কবলৈ হলে শকত হোৱাৰ কাৰণ হ'ল অতিমাত্ৰা খোৱাৰ বিপৰীতে কৰ্মৰ নিস্ক্ৰিয়তা৷ গতিকে খাদ্যৰ পৰা আহৰণ কৰা কেলৰিখৰচ হবলৈ নাপালে সি শৰীৰত সেয়া চৰ্বিৰ ৰূপত সঞ্চিত হবলৈ ধৰে৷ গতিকে উজু সমীকৰণটো এনেকুৱা ধৰণৰ হব :
বেচি পৰিমাণৰ খাদ্য + অস্বাস্থ্যকৰ খাদ্য - শাৰীৰিক শ্ৰম = শকত হোৱাৰ প্ৰক্ৰিয়া ৷ সঘনাই বেচি পৰিমাণৰ খাদ্যৰ অৰ্থ শৰীৰে বেচি কেলৰি পোৱা৷ আকৌ জাংকফুডৰ দৰে অস্বাস্থ্যকৰ খাদ্যত সদায় বেচি কেলৰি থাকে৷ ইয়াৰ বিপৰীতে শ্ৰম নকৰিলেই কেলৰি খৰচ হবলৈ নাপায়৷ এজন মানুহ শকতহোৱাৰ একাধিক কাৰণ থাকিব পাৰে৷ ইয়াৰে অধিকাংশই কিন্তু আগতীয়াকৈ বাধা দি ৰোধ কৰিব পৰা ধৰণৰ (Preventable)৷

জীৱন যাত্ৰাৰ শৈলী - বহুতো পৰিয়ালত এলেহুৱা লাইফষ্টাইলৰ প্ৰচলন দেখা যায়৷ তেনে পৰিয়ালৰ একেঘৰৰ কেইবাজনক শকত হোৱা দেখা যায়৷ বহুআৰামদায়ক নিস্ক্ৰিয় জীৱনধাৰণৰ ওপৰিও এওঁলোকৰ খাদ্যাভাসো ত্ৰুতিপূৰ্ণ ৷অনবৰতে আৰামদায়ক বাতানুকুলিত পৰিবেশত থাকিলে শৰীৰৰ কেলৰিকমকৈ খৰচ হলে শৰীৰত চৰ্বি জমা হয়৷

খাদ্যৰ বিংসগতি- দৈনিক প্ৰচুৰ চৰ্বিযুক্ত অধিক কেলৰিৰ খাদ্য,জাংকফুড গ্ৰহণ কৰা৷ ফল আৰু শাক পাচলি নোখোৱা বা কমকৈ খোৱা৷
নিস্ক্ৰিয় জীৱন যাপন- ঘৰত এডাল কূটা দুডাল নকৰা, সমূলি খোজ কঢ়া বা খেলাধূলাত ভাগ নোলোৱা৷

বংশগতি- কোনো কোনো লোকৰ শকত হোৱাত কিছু পৰিমাণে বংশগতিৰো প্ৰভাৱ দেখা যায়৷

ৰোগৰ ফলত শকত হোৱা- নানাবিধ হৰমোনৰ বিকাৰ যেনে কুশ্বিং চিনড্ৰম, হাইপোথাইৰয়ডিজম, পলিচিষ্টিক অভেৰিয়ান চিনড্ৰম৷ বাৰডেট বিডেল, প্ৰেডাৰ ৱিলি চিনড্ৰম, অস্তিঅ'আৰ্থাইটিচ আদি ৰোগ শকত হোৱাৰ কাৰণ হব পাৰে৷

দৰবৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শকত হোৱা - প্ৰেডনিচলন,বিটামিথাচন বা আন ষ্টেৰইড, মৃগীৰোগত ব্যৱহৃত টেগ্ৰিটল, আন কিছুমান মানসিক ৰোগৰদৰব, ডায়েবেটিজৰ দৰব আৰু বিটা ব্লকাৰৰ অসতৰ্ক ব্যৱহাৰেও এজন লোকক শকত কৰি তুলিব পাৰে৷

সামাজিক কাৰণ - এখন এলেহুৱা সমাজত নিস্কৰ্মা বন্ধুবৰ্গৰ লগত গপ মাৰি সময় অবাবতে কটোৱা লোকো শকত হোৱা পৰিলক্ষিত হয়৷

কমকৈ বা বেচিকৈ শোৱা লোকসকলে সাধাৰণতে বেচি খাদ্য গ্ৰহণ কৰি শকত হোৱা দেখা যায়৷ 

কিছুমান মানসিক ৰোগীয়েও বাৰম্বাৰ খাই থাকি শকত হোৱা দেখা যায়৷


গৰ্ভাৱস্থাত আৰু মেনুপ'জৰ সময়ত হৰমোনৰ প্ৰভাৱত কিছুমান মহিলাক শকত হোৱা দেখা যায়৷প্ৰসৱ হোৱাৰ লগে লগে মহিলাসকল সতৰ্ক হব লাগে৷সামান্য পেটৰ আকাৰ বঢ়া যেন দেখিলে সতৰ্কতামূলক ব্যৱস্থা হিচাবে এবডমিনেল বেল্ট ব্যৱহাৰ কৰিব পাৰে৷ কাৰণ এবাৰ পেট বেচিকৈ ওলাই গলে তাক পুনৰ আগৰ অৱস্থালৈ অনাটো বেচ কঠিন৷


মেদবহুলতাৰ চিকিৎসা-

পোনতে নিৰ্ণয় কৰি লব লাগে যে ব্যক্তিজন আন ৰোগত আক্ৰান্ত হয়নে নহয়৷যদি আন ৰোগ আছে তাৰ উপযুক্ত চিকিৎসা কৰিব লাগিব৷ ছমাহৰভিতৰত ওজন কমোৱাৰ লক্ষ্য শৰীৰৰ মুঠ ওজনৰ ন্যুনতম ৫শতাংশৰ পৰা সৰ্বোচ্চ ৩০শতাংশলৈ ব্যক্তিভেদে চিকিৎসকে ঠাৱৰ কৰে৷ ইয়াৰবাবে ব্যক্তিজনৰ সদিচ্ছা, আগ্ৰহ আৰু সহযোগিতাৰ একান্ত আৱশ্যক৷

খোৱাৰ পৰিমাণ দৈনিক মহিলাৰ ১২০০আৰু পুৰুষৰ ১৫০০ কেলৰিত সীমাবদ্ধ ৰাখিব পাৰিলে ভাল৷ এইদৰে কেলৰি কমোৱাৰওপৰিও খাদ্যত বাচনি কৰি চলিব লাগিব৷ শাক পাচলি,ফল মূল,বেচি ফাইবাৰ থকা শস্য,দাইল, বীন, চয়াবীন, মাছ,কণীৰ বগা অংশ,অলিভ বা চানফ্লাৱাৰতেল গ্ৰহণ কৰিব৷ বীনত কলিষ্টিকাইনিন নামৰ হজম ক্ৰিয়াত সহায় কৰা এনজাইম থাকে৷ কণীত থকা প্ৰটিনে সহজে ভোক লাগিবলৈনিদিয়ে গতিকে কণী ওজন কমোৱাত এইদৰে সহায়ক৷ খাহী মাংস,বইলাৰ মাংসৰ ওপৰিও মাংসৰ তেল বিশেষকৈ বইলাৰ মূৰ্গীৰ ছালখন কেতিয়াও নাখাব৷ডায়েৰী প্ৰডাক্ট, ঘিউ,মাখন,পনীৰ,ক্ৰিম ত্যাগ কৰিব৷ কেক,পেষ্ট্ৰি আৰু শীতল পানীয় নাখাব৷ডালডা জাতীয় অপকাৰী ট্ৰান্সফেটত ভজা ফ্ৰেন্স ফ্ৰাই নাখাব৷ গাখীৰ আৰু দৈ চৰ্বিবিহীনহে লব৷ নিমখ আৰু মিঠা দুয়োটাই কমকৈ লব৷ মদ আৰু ধূম্ৰপান বৰ্জন কৰিব৷ বেচি ফাইবাৰ থকা খাদ্যই উদৰটো বেচি সময়লৈপৰিপূৰ্ণ কৰি ৰাখে আৰু ফলত সোণকালে ভোক নালাগে৷

পদীনা মিহলি চাহ, গ্ৰীণ টি আৰু নেমু মৌজোলৰ কুহুমীয়া পানী ওজন কমোৱাত সহায়ক৷ আয়ুৰ্বেদৰমতে কেঁচা বিলাহী আৰু পিঁয়াজ, বুটৰ দাইল আৰুমৌজোল শকত লোকৰ ওজন কমোৱাৰ বাবে লাগতিয়াল সিদ্ধ হৈছে৷ ক্ষীণাবলৈ ইচ্ছুকসকলে দৈনিক দুবাৰকৈ তিঁয়হ, গাজৰ,বীট,বিলাহী,পিঁয়াজ, মূলা,চালাড পাত আদিৰ চালাড অৱশ্য খাব লাগে - য'ত ভিটামিন-চি, ভিটামিন-ই,ফলিকএচিড,,লাইকোপেন আৰু কেৰোটিনেইড প্ৰচুৰ থাকে৷

চেকাৰিন আৰু এচপাৰটেমৰ ব্যৱহাৰে এচামুচ চেনিত থকা ৩৩কেলৰিৰ খৰচ বচাব পাৰে৷কিন্তু ফিনাইলকিটনইউৰিয়া নামৰ জেনেটিক ৰোগ থকালোকৰ বাবে এচপাৰটেমৰ ব্যৱহাৰ বিপদজনক৷

নিয়মিত কচৰতৰ (Exercise) আৱশ্যক - যাতে কেলৰি খৰচ হয়৷ সপ্তাহত ১৫০মিনিটৰে আৰম্ভ কৰি সপ্তাহত ৩০০মিনিটলৈ অনুশীলনৰ সময় বঢ়াবপাৰি৷

আজিকালি বিশ্বৰ বিভিন্ন ঠাইৰ লগতে ভাৰততো ওজন কমোৱা নানাবিধ দৰব উপলব্ধ ৷ বেলেগ বেলেগ দৰবৰ কামকৰাৰ পদ্ধতি আৰু পাৰ্শ্বক্ৰিয়া বেলেগ বেলেগ৷ চিকিৎসকৰ তত্বাবধানত গ্ৰহণ কৰি দৰবৰ দ্বাৰা উপকৃত হব পাৰি৷ ৰচনাদীঘলীয়া নকৰি দৰববিলাকৰ নাম মাত্ৰ তলত উল্লেখ কৰিলোঁ - Oristat (Xenical), Losaserin (Belvique), Phentermine (Adirex-P), Bupropion, Naltrexone(Contravene), Ifraglutide (Saxenda), Sibutramine (Medidia), Nupuntia, Hoodia, Ephedra (Mahuang) ৷ যিবিলাক ৰোগীৰ বি এম আই যথেষ্ট বেচি আৰু লগত আনুসংগিক ৰোগ ডায়েবেটিজ বা উচ্চ ৰক্তচাপ আদি আছে - তেনে লোকক ক্ষীণোৱা দৰব প্ৰয়োগ কৰা হয়৷

No comments:

Post a Comment