পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা



নিৰ্বাচনী ছন্দ বনাম ব্যৱস্থাগত পতন
অজয় লাল দত্ত
দেশ এখনত সময়ে সময়ে অনুষ্ঠিত হৈ থকা যিকোনো পৰ্যায়ৰ নিৰ্বাচনী ফলাফল সমূহক শাসনত থকা দল সমূহৰ নীতি তথা কৰ্মৰাজিৰ ওপৰত ৰাইজৰ শেহতীয়া প্ৰতিক্ৰিয়া বুলি গণ্য কৰা হয়। সেই সূত্ৰে গুজৰাট আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনী ফলাফলক লৈয়ো বিভিন্ন পৰ্যায়ৰ ৰাজনৈতিক বিশ্লেষণ হবলৈ ধৰিছে। দল হিচাবে কেন্দ্ৰ চৰকাৰৰ দায়িত্বত থকা দলেই দুয়োখন ৰাজ্যতে বিজয়ধ্বজ উৰুৱাবলৈ সক্ষম হৈছে আৰু সেই ফলাফলকে দেশৰ জনতাই চৰকাৰৰ শেহতীয়া নীতিকো সমৰ্থন কৰা বুলি ধাৰণা দিবলৈ শাসকীয় চৰকাৰে প্ৰচাৰ চলাব আৰু সেয়া স্বাভাৱিক কথাই। এই ফলাফলৰ পাছতে দেশৰ মানচিত্ৰত গেৰুৱা ৰঙ সানি কেৱল কেইখনমান ৰাজ্য বাদ দি সকলোতে একৰঙী ফটোৰ প্ৰচাৰেও সামাজিক যোগসূত্ৰৰ মাধ্যম ভৰাই পেলাইছে। মানুহৰ মনত সমান্তৰালকৈ এই প্ৰশ্নও উদয় হৈছে যে, দেশৰ গণতান্ত্ৰিক চৰিত্ৰক ধৰি ৰখাৰ বাবেই শক্তিশালী বিৰোধীৰো জানো প্ৰয়োজন নাই? এটা দল বা গোটৰ হাতলৈকে ক্ৰমাগত ভাৱে সৰ্বোচ্চ ক্ষমতা গুচি যাবলৈ ধৰাটো দেশৰ বাবে সঁচাকৈ সুখপ্ৰদ কথা হৈছেনে সেয়াও বিচাৰ্য বিষয় হৈ পৰিছে।



প্ৰাক্-নিৰ্বাচনী কুচকাৱাজ, নিৰ্বাচনী প্ৰচাৰৰ হাই-ভল্টেজ নাটকৰ মাজত ফুটি উঠা ভিন্ন দিশবোৰৰ মাজতে এগৰাকী সাংবাদিকে কৰা মন্তব্য অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, সেয়া হৈছে যে এই নিৰ্বাচনৰ ফলাফলত হয়তো দুয়োটা প্ৰধান দলৰে এটা নহয় এটা পৰাজিত হবই, কিন্তু আন এটা কিন্তু ইতিমধ্যেই পৰাজিত হৈছে, সেয়া হৈছে সাংবিধানিকভাৱে স্বতন্ত্ৰ সংস্থা নিৰ্বাচন আয়োগ! সদ্য সমাপ্ত নিৰ্বাচনত এই সংস্থাৰ শিথিল স্থিতিৰ বাবে সংস্থাটো কঠোৰ সমালোচনাৰ সন্মুখীন হব লগাটো হৈছেই আৰু ইয়াৰ সৈতে প্ৰশ্ন উঠিছে স্বতন্ত্ৰ সংস্থাবোৰৰ ওপৰত ক্ৰমাত স্পষ্ট হৈ উঠা ৰাজনৈতিক হেঁচাৰ চিন্তনীয় ধাৰাটোহে! আদালতৰ মজিয়াৰ পৰা ইলেক্ট্ৰনিক ভোটিঙ মেচিনৰ সৈতে সংযুক্ত পেপাৰ ট্ৰেইলৰ কিছু অংশ গণনা কৰি ইভিএমৰ ফলাফলৰ সৈতে অন্ততঃ ২৫শতাংশ মিলাই চাবৰ বাবে আহ্বান জনাব লগা হোৱা অৱস্থা আৰু সেই আহ্বানক আয়োগে নস্যাত কৰাৰ দৃষ্টিকটু স্থিতিয়ে কিন্তু ভৱিষ্যতে স্বতন্ত্ৰ সংস্থা সমূহৰ মাজতে ব্যৱস্থাগত কথাটো সংঘাত যে বৃদ্ধি কৰিব তাৰেই ইংগিত কিন্তু বহন কৰিছে।

ধৰা হওক, যদি এই নিৰ্বাচনী ফলাফলে একক সংখ্যাগৰিষ্ঠ কৰি এটা দলক শাসনৰ ভাৰ প্ৰদান নকৰিলেহেতেন, তেতিয়া হলেনো কি অৱধাৰিত আছিল? সৰ্ব বৃহত গণতন্ত্ৰখনৰ ইতিহাসেই তাৰ উত্তৰ প্ৰদান কৰিছে। গোৱাত কি হৈছিল, অথবা নাগালেণ্ডত। নিলৰ্জ হৰ্ছ ট্ৰেডিঙৰ মুকলি বেহাৰ যোগেদিয়ে কোনো এটা দলেই শাসন হস্তগত কৰিলেইহেতেন, এয়াই শাশ্বত সত্য। কিন্তু আগৰ ঘটনাবোৰৰ পৰা ভাৰতীয় গণতন্ত্ৰই ইয়াৰ প্ৰতিবিধানটো এতিয়াও গঢ়ি তুলিব নোৱাৰিলে। না-বিৰোধী, না-সৰু বৰ ৰাজনৈতিক দলে, সামাজিক সংগঠনে আজিও এবাৰ ভোট লোৱাৰ পাছত, ফলাফল পশ্চাত বেচা-কিনাৰ এই খেলখন বন্ধ কৰাৰ বাবে কোনো বিশাল জনমত গঢ়ি তুলিব নোৱাৰিলে। ৰাজনীতিত এইসমূহ নীতিহীন কথা স্বাভাৱিকেই বুলি মানি লব লগা অৱস্থাই আমাৰ দেশৰ নৈতিকতাৰ স্খলনকেই প্ৰতীয়মান কৰা নাইনে।


ধৰা হওক, যদি এই নিৰ্বাচনী ফলাফল ওলোটা হলহেতেন, বিৰোধীয়ে শাসকক হৰুৱালেহেতেন বিহাৰৰ লেখীয়াকৈ। তেতিয়া, সেই উদাহৰণকেই লওক, ৰাজ্যৰ বাবে লগা পুঁজিৰ বাবেই অৱশেষত জিকি অহাজনো হাৰি যোৱাজনৰ ওচৰতে শৰণ লবলৈ কিদৰে আজি বাধ্যই। কিদৰে কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পাছত অসমৰ কংগ্ৰেছৰ চৰকাৰলৈ পুঁজিৰ সোঁত শুকাই গৈছিল মনত পেলাওকচোন। অসমৰ মানুহে, ঠিকাদাৰে, কৰ্মচাৰীয়ে ভাবিবলৈ বাধ্য হৈছিল, কেন্দ্ৰত থকা দলৰে চৰকাৰ হওক, নহলে পাঁচ বছৰলৈ টুনীৰ মৰণ নিশ্চিতই। মেডিয়া মেনেজমেণ্ট আজি এক কলা, চচিয়েল মেডিয়াত প্ৰফেচনেল যোদ্ধা, অবিৰত প্ৰতিক্ষণ। কোনটো শুদ্ধক কেতিয়া হাজাৰ হাজাৰ ভুৱা প্ৰপাগাণ্ডাৰে জনমানসত ভুললৈ ৰূপান্তৰ কৰিব, কোনেও অনুমান কৰিব নোৱাৰা অৱস্থা! ইভিএম মেনুপুলেচনৰ সম্ভাৱনাৰ বিষয়ে বোলে ২০০৯তে কিতাপ লিখিছিল বিজেপিৰ ৰাষ্ট্ৰীয় নেতাই। জাপানে চাপ্লাই দিয়ে ইভিএম অথচ নিজে ব্যৱহাৰ কৰে কাগজৰ বেলট। এইদৰেই আজিৰ তাৰিখত, গণতন্ত্ৰক মেনুপুলেট কৰাৰ অজস্ৰ ন-ন বাট পোহৰলৈ আহিছে। আৰু সময়ৰ এই কঠিন পৰীক্ষাত আমাৰ দেশো অৱতীৰ্ণ হবই লাগিব, আৰু ইয়াৰ সমাধানো আনিব সময়েই। 


আজিৰ আধুনিক সময়ত যদিও ভাৰতৰ বেছিভাগ লোক নিৰক্ষৰ, আৰু লিখা-পঢ়া জনা মানেই ৰাজনৈতিক শিক্ষাৰে বিবেচনালব্ধ হোৱা বা দীৰ্ঘম্যাদি ফলপ্ৰসূ হোৱাকৈ নিৰ্বাচনত মত দিব পৰাৰ পৰিপক্কতা অহা বুলিওটো কব নোৱাৰি। সেয়েই সংখ্যাৰ খেলত গুণগত বিবেচনাৰ ভোটিঙ সদায়েই পৰাভূত হৈ আহিছে। এই পটভূমিত এতিয়াও সাময়িক প্ৰলোভন আৰু সামাজিক ক্ষণিকৰ উত্তেজনাৰ প্ৰসাৰে নিৰ্বাচনী ফলাফলত নিৰ্ণায়ক কাৰক হৈয়ে ৰৈছে। মানুহ বিবেকেৰে ভোট দি কিনো হব, বিবেকেৰে ভোট দিবলৈ যোগ্য প্ৰাৰ্থী জানো আছে, সকলো পাৰ্টি একে, বিবেক ভোট দিয়া এজনো প্ৰাৰ্থী আজিলৈকে জিকা নাই, এনেধৰণৰ হা-হুতাশ নাগৰিকৰ মাজত এতিয়াও সুস্পষ্ট। জাত-পাত-ধৰ্ম-সম্প্ৰদায়ৰ বিভাজনৰ খেল, সৰু সৰু গোট কৰি পুষ্টিকৰণ-তুষ্টিকৰণেৰে নিজৰ ফলীয়া কৰা ভিন্ন শক্তিৰ আগত সদায়েই দেশত ব্যৱস্থাগত পৰিবৰ্তন আৰু সামাজিক সূচকাংকৰ উন্নতিৰ বাবে দলগত ৰাজনীতিৰ উৰ্ধত কৰিব লগীয়া কামবোৰ, সদায়েই পশ্চাতমুখী হবলৈ বাধ্য হৈ আহিছে। চৰকাৰী পুঁজিৰ কিমান শতাংশ বাস্তৱত কামলৈ ৰূপান্তৰিত হৈছে, সেই শতাংশবোৰ বৃদ্ধিৰ বাবে ধৰাতলত কাৰ্যক্ষেত্ৰত কোনো ব্যৱস্থা গঢ় লৈ উঠা নাই। অফিচবোৰত ঘোঁচৰ পৰিমান কমিছেনে, খাদ্য বস্তুৰ ক্ষেত্ৰত মধ্যভোগীৰ ছুপাৰ প্ৰফিটত লেকাম লাগিছেনে, কৃষকে উচিত মূল্য লাভ কৰিবলৈ ধৰিছেনে, এইবোৰ পৰিবৰ্তনহে আমাৰ বাবে কাম্য। চৰকাৰত কোন বহিছে, কোনে দল সলোৱাৰ খেল পাতিছে, সেয়া বিচাৰ্য বিষয় নহয়। যি সময়ত অসমত স্বাস্থ্য সেৱাৰ খৰছ সৰ্বাধিক হোৱাৰ খবৰে শিৰোনাম দখল কৰিছে, প্ৰসূতি আৰু নৱজাতকৰ মৃত্যুৰ হাৰত শীৰ্ষস্থানত শাৰী পোনাইছে, তেতিয়া আৰু সুধিবলৈ মন নাযায়, আজি শাসনত কোন আছে, সুধিবলৈ মন যায়, ব্যৱস্থাৰ কত পতন হৈছে?


বিধান সভাৰ নিৰ্বাচনৰ ফলাফল কাৰোবাৰ বাবে অশ্বেমধ যজ্ঞৰ ঘোঁৰাৰ দৌৰ হব পাৰে, কাৰোবাৰ বাবে যুৱৰাজ পাতি অভিষেকৰ ক্ষণৰ প্ৰয়োজন হব পাৰে। তাৰ বাবে লাগিলে দেশত সংসদ নচলক, কাম ধাম এৰি মূল ব্যক্তিবোৰ ৰেলীতে ব্যস্ত থাকক! কিন্তু দলত নুঘূৰা বেছিভাগ মানুহৰ বাবেই প্ৰশ্ন আৰু আগ্ৰহবোৰ সঁচাকৈয়ে বেলেগ। দেশ কোনদিশে গতি কৰিছে, দেশত মানুহৰ বেছিভাগ মানুহৰ জীৱনযাত্ৰা ক্ৰমাত সুচলতৰ হৈ আহিছেনে, দুখীয়াই দুখ নিবাৰণৰ বাবে কৰ্মৰ আশ্ৰয় পাইছেনে, কামকৰাজনে সময়ত চৰকাৰী হাৰত মজুৰী পাইছেনে, ভৱিষ্যনিধিৰ ধন জমা হৈছেনে, চৰকাৰী চাকৰি-ঋণ-ৰাজসাহাৰ্য খাচি-খোচামতি নোহোৱাকৈ পোৱাৰ ব্যৱস্থা বৃদ্ধি হৈছেনে, কম খৰচত ভাল শিক্ষা-স্বাস্থ্য সেৱা, ভাল ৰাস্তা-পদূলি-আন্তঃগাঁঠনি, এইবোৰ আশাতহে মানুহ যায় ভোট দিবলৈ। যেতিয়া মজুৰী বিচাৰি যাওতে বনুৱাই গুলী খায়, সেই ঘটনাৰ অভিযুক্তক ৰাজ-আতিথ্য দিয়াৰ বিপৰীতে ঘটনাৰ শান্তিপূৰ্ণ গণতান্ত্ৰিক প্ৰতিবাদ কৰিবলৈ গলে পুলিচে গুৰুলা গুৰুলকৈ পিটে, তেতিয়া সুধিবলৈ মন নাযায়, শাসনত আজি কোন আছে, সুধিবলৈ মন যায়, ব্যৱস্থাৰ কত পতন হৈছে।


সাধাৰণ মানুহক ঠেঁটুৱৈ ধৰা শীতত ঘৰ ভাঙি উচ্ছেদ চলাবলৈ থমকি নৰয়, কিন্তু একেইধৰণৰ ভূমিত গা-কৰা ধনীৰ সম্পদত হাত নিদিয়ে কিয় বুলি প্ৰশ্ন উঠিলে, হেতাঁ-উপৰা লাগে চৰকাৰী শপতনামা দাখিল কৰি স্থগিতাদেশ আনিবলৈ কিয়? কেইঘৰমান বিশেষ সম্প্ৰদায়ৰ মানুহৰ ঘৰ ভাঙি উল্লাস কৰা সকলৰ বাবে কাজিৰঙা বেদখলমুক্ত হৈয়ে গল চাগৈ! আদালতৰ কাগজত উল্লেখ থকা বাকীবোৰ অঞ্চলত কোনো পদক্ষেপ নোলোৱাকৈ থমকি ৰোৱা বুলডেজাৰক লৈ কাৰো কোনো সমস্যাই নাই! নাগৰিকত্ব এটা বেলেগ ইছ্যু, আৰু মাটিত ভোগ দখল এটা চিভিল মেটাৰ আৰু কাগজপাতিৰ কথাহে। প্ৰাকৃতিক কাৰণত স্থানাচ্যুত হোৱা লাখ লাখ লোকক বিকল্প সংস্থাপন দিয়াৰ বাবে কোনো নিৰ্দিষ্ট নীতি তৈয়াৰ কৰি ঘৰ-মাটি একঠাকৈ দিবলৈ ইমান টকা আহিব বুলি প্ৰশ্ন হয়, কৰ পৰা মাটি ওলাব বুলি প্ৰশ্ন উঠে, পিছে উতসৱ পাতি ধন উৰুৱাবলৈ কেতিয়াও ধনৰ অভাৱ বুলি শুনা নাযায়। নমামিৰ পাছত এতিয়া ৰেলী-ফৰ-ৰিভাৰৰ উতসৱত বানাক্ৰান্তই সুখ বিচাৰিব লাগিব, অহাবাৰৰ বিপদৰ পৰা নিস্কৃতি আশা কৰিব লাগিব! কেইবাখনো দিল্লীৰ দৰে চহৰৰ সমান ভূমি ব্ৰহ্মপুত্ৰত জাহ গল বুলি তথ্য ওলালেও কোনো প্ৰতিক্ৰিয়া নহয়। নিজৰ নাগৰিকবোৰৰ কি হল, কলৈ গল, তাৰ দায়িত্ব লবলৈ ব্যৱস্থা নকৰা প্ৰশাসনে যেতিয়া হঠাত পেট্ৰিয়ট হৈ ঘৰ ভাঙি বেদখল উচ্ছেদ কৰাবলৈ যায়, তেতিয়া সুধিবলৈ মন নাযায়, কালি কোন ৰজা আছিল অথবা আজি কোন ৰজা। সুধিবলৈ মন যায়, ব্যৱস্থাগত পৰিবৰ্তন আজিও নহল কিয়।



নিৰ্বাচন আহিব আৰু যাব। কোনো ৰজা হব, বহিব, খহিব। নিৰ্বাচন জিকিবলৈ আৱেগ, ধন, প্ৰচাৰ, প্ৰপাগাণ্ডা, হেলিকপ্টাৰ-উভচৰী উৰাজাহাজৰ জোৱাৰো ধুমুহা অহাদি আহিয়েই থাকিব। সেইবোৰ নিৰ্বাচনী ছন্দতেই মগন হৈ থাকোতে ব্যৱস্থাগত পতনবোৰলৈ চকু নিদিলে কিন্তু, এই ধাৰা সমাজৰ বাবে যে দীৰ্ঘকালীন ৰূপত  সুখকৰ নহব, সেই কথাও কিন্তু নিশ্চিত।
লেখাটি দৈনিক জনমভূমি কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment