চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


আমছাঙৰ প্ৰসঙ্গঃ নীতি-অনীতি আৰু উচ্ছেদ
ইন্দ্ৰজিত বৰা
মানৱ জাতিয়ে নিজৰ বুদ্ধিমত্তাৰ বলত প্ৰকৃতিৰ তথা অন্য জীৱ জগতৰ ওপৰত প্ৰভূত্ব খটুৱাবলৈ সক্ষম হ’ল । তাতে ক্ষান্ত নাথাকি বুদ্ধিমত্তাৰ নিৰন্তৰ বিকাশত মানৱ জাতিয়ে এনে আদিম অধিপত্যতকৈও সমৃদ্ধিশালী হৈ এক পৃথক মানৱ-প্ৰধান প্ৰকৃতিৰ (Anthropocentric Nature) সূচনা কৰে । আজিৰ এই মানৱ-প্ৰধান প্ৰকৃতিৰ মাজত মানুহে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশেৰে আদিম নিৰ্বাহৰ সমলবোৰৰ পৰা প্ৰথমে উদ্যোগিক উৎপাদন আৰু তৃতীয় খণ্ডৰ ব্যাপক প্ৰসাৰৰ যোগেদি দক্ষতাৰে আৰু ব্যাপকভাৱে প্ৰাকৃতিক সম্পদৰ লুন্ঠন কৰিবলৈ সক্ষম হৈছে ।

যেনেকৈ এই মানৱ-প্ৰধান প্ৰকৃতিৰ সৃষ্টিয়ে সমস্ত জীৱজগতৰ জীৱন স্বৰূপ প্ৰাকৃতিক জগতখনৰ ভাৰসাম্যতা বিনষ্ট কৰে আৰু অন্যান্য জীৱবিলাক লুপ্তপ্ৰায় হৈ পৰে, তেনেকৈ, প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ে মানৱ নিৰ্বাহলৈয়ো ভবুকিৰ সৃষ্টি কৰি আহিছে । প্ৰশ্ন হ’ল এই মানৱ প্ৰধান প্ৰকৃতিৰ ন্যায্য পৰিসীমা কি ? সেই সময়ত মানুহে বসতি কৰি থকা ৰাজহ ভূমিৰ ভিত্তিতে ৰাষ্ট্ৰৰ প্ৰশাসনিক ব্যৱস্থাই নিৰুপন কৰিলে ভূমিৰ শ্ৰেনীবিভাজন আৰু তাক আইনগতভাবে ন্যায্যতা প্ৰদান কৰা হ’ল ৷ তেতিয়াও জৈৱিক প্ৰকৃতিৰ সমীপত বসতি কৰা বহুলোকৰ জীৱন নিৰ্বাহ প্ৰাথমিক স্তৰতেই আছিল ।

এনে এক পটভূমিতেই আমছাঙৰ ভূমি উচ্ছেদ অভিযানটো বিশ্লেষণ কৰিব লাগিব ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাৰ আধাৰত আমছাং সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ বেদখল উচ্ছেদ এক প্ৰশাসনীয় পদক্ষেপ ৷ বন্য (সংৰক্ষন) আইন ১৯৮০ আৰু ভাৰতীয় বন্যজীৱন (সুৰক্ষা) আইন ১৯৭২ (১৯৯৩ চনলৈকে সংশোধিত) ৰ অন্তৰ্গত এই শ্ৰেনীৰ ভূমিত বসতি অবৈধ ৷ এইসূত্ৰে, ৰাজহুৱা বা সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰশাসনৰ সম্পূৰ্ণ দায়িত্ব থকা স্বত্তেও বেদখল হোৱা আৰু কেবা দশকজুৰি বসতি কৰি থকাটো অতি চিন্তনীয় ৷

পিছে এই ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ দিশ আওকাণ কৰিলে নহ’ব ৷ উচ্ছেদৰ লগে লগে বেদখল প্ৰতিৰোধৰ প্ৰশ্নটোও আহি পৰিব ৷ এই ক্ষেত্ৰত ভূমি প্ৰশাসনৰ ভূমিকা কি হ’ব ? বৃটিছৰ দিনৰ ৰাজহ বিভাগ আৰু এতিয়াৰ সাৰ্বভৌম ৰাষ্ট্ৰৰ ভুমি প্ৰশাসন একে হ’ব পাৰেনে ? পৰিস্থিতিসাপেক্ষে ঔপনিৱেশিক আমোলাতন্ত্ৰ আৰু প্ৰশাসনযন্ত্ৰটো স্বাধীন ভাৰতত বাহাল ৰখাটো অৱশ্যম্ভাৱী আছিল বুলি বহু ব্যাখ্যা পোৱা যায় । কিন্তু প্ৰশাসনযন্ত্ৰটো গনতান্ত্ৰিক আৰু উন্নয়নশীল সমাজৰ উপযোগীকৈ সময়সাপেক্ষ পুনৰগঠন, পৰিৱৰ্তন আৰু সংস্কাৰ প্ৰয়োজন আছিল, যিটো স্বাধীনতাৰ পাছত হৈ নুঠিল । কিয় হৈ নুঠিল বাৰু ? কাৰণ মিশ্ৰ অৰ্থনীতিৰ কৰ্নধাৰসকলৰ অজানিতেই আমোলাতন্ত্ৰই নৱ-সামন্তীয় প্ৰাক-পুঁজিপতি এটা বিশাল শ্ৰেণীৰ স্বাৰ্থ পূৰণ কৰিবলৈ সক্ষম হৈছিল । খৰতকীয়াকৈ সমাপ্ত ভূমি সংস্কাৰে হেনো এখন থলুৱা বজাৰ সৃষ্টি কৰাৰ লগতে সমৃদ্ধ কৰিছিল এই বিশাল শ্ৰেণীটো । যিসকল পুঁজিপতি আছিল তেওঁলোকেও আমোলাতন্ত্ৰৰ লগত সাঙুৰ খাই পৰি এক বন্ধ অৰ্থনীতিৰ পোষকতা কৰিছিল । গতিকে এই ভিন্নৰুপী নৱ-সামন্তীয়সকলৰ স্বাৰ্থতেই ভুমি প্ৰশাসনৰো সংস্কাৰ অসম্ভৱ হৈ ৰৈছিল । ভূমিৰ ব্যক্তিগতকৰণৰ লগে লগে প্ৰয়োজনীয় মালিকীস্বত্ব তথা ভূমিৰ বৈধতা সুৰক্ষাৰ বিপৰীতে ধুসৰ আৰু অপৈণত ব্যৱস্থা আৰু ভুমিৰ তথ্য সঞ্চালন প্ৰক্ৰিয়াৰ ইচ্ছাকৃত বেমেজালিৰ আলমত আমোলাতন্ত্ৰই পুৰন কৰি আহিছে আদিম সামন্তীয় পিপাসা । এটা সমীক্ষা মতে ভাৰতবৰ্ষত প্ৰতিবছৰে ভুমি প্ৰশাসনৰ সেৱাৰ বিনিময়ত প্ৰায় ৪,৫৫০ কোটি টকা উপঢৌকন হিচাবে দিব লগা হয় ।

গতিকে ন্যায্য প্ৰশাসনিক পৰিসীমাৰ মাজত ঐতিহাসিক মানবীয় প্ৰশ্নবোৰেই অৱহেলিত হৈ ৰ’ল ৷ প্ৰাকৃতিক সম্পদৰ কেৱল নাটনিয়েই নহয়, তাৰ বিতৰণ তথা অধিকাৰও এক ডাঙৰ প্ৰত্যাহ্বান । এই প্ৰত্যাহ্বান গনতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই গ্ৰহন কৰিবই লাগিব । আমছাঙত গৃহহীন হোৱাসকল দুবাৰকৈ গৃহহীন হৈছে ৷ প্ৰাকৃতিক দুৰ্যোগত গৃহহীন হোৱাসকলৰ পুনৰসংস্থাপনৰ বাবে ৰাষ্ট্ৰব্যৱস্থাৰ ওচৰত কিবা কটকটিয়া নীতি আছেনে?

সন্দেহ কৰা হৈছে যে মানৱতাই ইতিমধ্যেই বহমক্ষম ভৌতিক প্ৰয়োজনীয়তাৰ সীমা অতিক্ৰম কৰিছে । কাৰণ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই হয়তো প্ৰাকৃতিক সম্পদ আহৰণ আৰু তাৰ ব্যৱহাৰৰ পয়োভৰ বৃদ্ধি কৰিছে, কিন্তু এই সম্পদৰ অৱক্ষয়ৰ পটভূমিত, বহনীয়তাৰ দৃষ্টিকোনৰ পৰা প্ৰযুক্তিগত আৰু বিকাশৰ সীমাবদ্ধতাৰ অৱধাৰণাত প্ৰকৃতিৰ ভৌতিক সীমা আৰু সমষ্টিগত অৰ্থনীতিত বস্তুগত সমৃদ্ধিৰ বহনক্ষম সীমাৰ দৰে বহু আলোচ্য বিষয়ৰ জন্ম দিছে । মানৱীয় ক্ৰমবিকাশ পৰিৱেশৰ বহনক্ষমতা, প্ৰাকৃতিক সম্পদৰ অৱক্ষয়, আয়ৰ ভেদাভেদ আৰু একচেটিয়া পুঁজিৰ বিকাশৰ দৰে বহু মৌলিক প্ৰশ্নৰ সন্মুখীন হৈ আহিছে । সেয়ে আজি প্ৰকৃতি প্ৰেমক কেৱল মধ্যবিত্তৰ অৱসৰ বিনোদন আৰু প্ৰশাসনিক সজাগতা অভিযানতেই সীমাবদ্ধ নাৰাখি এহাতেদি মানৱ প্ৰধান প্ৰকৃতিৰ মানৱীয় ভাৰসাম্যতাৰ লগতে সামগ্ৰিক জৈৱ প্ৰকৃতিৰ লগত সৌহাৰ্দতাৰ দিশত বাস্তৱ কাৰ্যপন্থা হাতত ল’ব লাগিব ৷ এইখিনিতে মানৱ অস্তিত্বৰ সুৰক্ষাৰ পূৰ্বচৰ্ত হ’ল মৌলিক অধিকাৰ সুনিশ্চিত কৰা ৷ গতিকে প্ৰকৃতি প্ৰেম সদায় মানৱ প্ৰেমৰ পৰিপূৰক ৷

No comments:

Post a Comment