Thursday, September 7, 2017

চিন্তন

অসমত থলুৱাৰ প্ৰভূত্ব ৰক্ষা হ’বনে?
দীপাংকৰ মল্ল বৰুৱা
সকলো মানুহে নিজৰ ঘৰখনত, নিজে থকা চুবুৰিটোত, নিজৰ গাওঁখনত মূৰ তুলি বাস কৰিব খোজে। এটা অঞ্চলৰ বহুদিনৰ পৰা বসতি কৰা ‘থলুৱা’ মানুহে সেই অঞ্চলটোত নতুনকৈ অহা মানুহখিনিয়ে তেওঁলোকক সমীহ কৰি চলাটো বিচাৰে। স্বাভাৱিকতে নতুন মানুহখিনিয়ে ‘থলুৱা’ৰ প্ৰভূত্ব মানি নচলিলে বা তেওঁলোকৰ স্বাভিমানত আঘাট দিলে নতুন আৰু পুৰণি মানুহচামৰ মাজত সংঘাট হোৱাটো অৱধাৰিত। কিন্তু আমি এই কথাও ভাবি চোৱাটো দৰকাৰ, কি পৰিস্থিতিত নতুন মানুহখিনিৰ হাতত পুৰণিচামে সন্মান হেৰুৱাবলগীয়া হয়।

নগাওঁত হোৱা অবাঞ্চিত ঘটনাটোৱে অসমৰ জনজীৱনক কিছু পৰিমাণে হ’লেও জোকাৰি গৈছে। নগাওঁৰ ঘটনাটো কেইজনমান ‘থলুৱা’ ডেকাক কেইজনমান ‘বহিৰাগত’ ব্যৱসায়ীয়ে মাৰ ধৰ কৰাৰ ঘটনা বুলি সংবাদ মাধ্যমত ব্যাপক প্ৰচাৰ হৈছে। টেলিছিচনৰ পৰ্দাত কেইজনমান ডেকাক আন কেইজনমানে নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ শব্দহীন ভিডিঅ’ ফুটেজ বাৰে বাৰে প্ৰচাৰিত হৈছে। খিলঞ্জীয়া মানুহৰ ওপৰত বহিৰাগতৰ অতপালি আৰু বিশেষকৈ অসমীয়াৰ ওপৰত বঙালীৰ অত্যাচাৰ বুলি প্ৰচাৰিত দৃশ্যাংশই সাধাৰণ মানুহক উত্তেজিত কৰি তুলিছে। প্ৰতিবাদত কঁপি উঠিছে নগাওঁকে ধৰি অসমৰ বিভিন্ন নগৰ চহৰ। যিকোনো কাৰণত কোনো মানুহেই আইন হাতত তুলি আনক মাৰ-ধৰ কৰাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তেনে কামত লিপ্ত প্ৰতিজন ব্যক্তিয়েই উপযুক্ত শাস্তি পোৱা উচিত।

মনকৰিবলগীয়া কথাযে ব্যৱসায়ীৰ প্ৰহাৰৰ সন্মুখীন হোৱা কেইজন প্ৰাক্তন আলফা সদস্য আছিল। তেওঁলোকে বান সাহাৰ্যৰ বাবে ব্যৱসায়ীৰ পৰা ধন সংগ্ৰহ কৰিবলৈ যোৱা বুলিও বাতৰিৰ যোগেদি জানিব পৰা গৈছে। এইখিনিতে প্ৰশ্ন উত্থাপিত হয়, বান সাহাৰ্যৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ যোৱা মানুহক বিনা কাৰণত কোনোবা ব্যৱসায়ীয়ে এইদৰে প্ৰহাৰ কৰিবনে? অসমত যুগ যুগ ধৰি ব্যৱসায় কৰি থকা যিকোনো ‘বহিৰাগত’ মানুহে বিনা কাৰণত ‘থলুৱা’ যুৱক এজনক গুৰুলা গুৰুলকৈ পিটিবলৈ মৰসাহ কৰিবনে? বান সাহাৰ্য বিচাৰি যোৱা সকলো মানুহৰ লগত চাহ মিঠাইৰ আপ্যায়নেৰে ব্যৱসায়ীয়ে বৈঠকত বহেনে? মোৰ দৃষ্টিত এইবোৰ বিষয়ৰ নিৰ্মোহ বিশ্লেষণ নকৰাকৈ নগাওঁৰ ঘটনাটোক কেৱল থলুৱাৰ ওপৰত বহিৰাগতৰ আক্ৰমণ বুলি অভিহিত কৰাটো সমীচিন নহ’ব।

বৰ্তমান সময়ত যিকোনো ব্যৱসায় বাণিজ্যৰ লগত জড়িত থকা মানুহেই জানেযে, কিছুমান শক্তিশালী দল সংগঠনক মাহেকে পষেকে বৰঙণি দি নাথাকিলে অসমত তেওঁলোকৰ ব্যৱসায় তিস্থি থকাটো সম্ভৱ নহয়। অসমৰ সৰু বৰ সকলো প্ৰতিস্থানেই এই সমস্যাৰ সন্মুখীন হৈ আহিছে। এই তথাকথিত শক্তিশালী সংগঠনবোৰৰ উপৰিও পাবত গজাদি নিতৌ নতুন সংগঠনৰ গঠন হৈয়েই আছে। অসম আন্দোলনৰ সময়তে আৰম্ভ হোৱা চান্দা সংস্কৃতি এতিয়া এনেদৰে শিপাইছেযে এতিয়া কেৱল ধন বৰঙণি সংগ্ৰহ কৰি বাৰটা মাহত তেৰটা উত্সৱ – পাৰ্বন অনুস্থিত কৰিবলৈকে কেইবাটাও সংগঠনৰ জন্ম হৈছে। আন কাম-বনত হাত দিয়াতকৈ দাদাগিৰী কৰি চান্দা সংগ্ৰহ কৰি সহজ ধন ঘটাতো এতিয়া এক পেছাত পৰিণত হৈছে। এইদৰে দাবী কৰা চান্দাৰ পৰিমাণ কেইশমান টকাৰ পৰা কেইবালাখো টকা হ’বগৈ পাৰে। ধন দাবীৰ এই অশুভ পৰম্পৰাৰ বাবেই বহুতো প্ৰতিস্থানে অসমত কাম কৰিব নোৱৰা পৰিৱেশৰ সৃষ্টি হৈছে। আজিও বৃহৎ উদ্যোগ বা প্ৰতিস্থানে অসমত বৃহৎ বিনিয়োগ কৰিবলৈ শংকাবোধ কৰে। অসমত কাম কৰি থকা বহুতো প্ৰতিস্থানে টালি-টোপোলা বান্ধি আন ৰাজ্যলৈ যোৱাৰ আয়োজন কৰাৰ খবৰো পোৱা যায়।


নগাওঁত হোৱা অবাঞ্চিত ঘটনাটোৰ মূল কাৰণ এতিয়াও তদন্তাধীন যদিও কাৰণটো হয়তো সাম্প্ৰদায়িক বিদ্বেষ মুঠেও নাছিল। এই মাৰ-পিটত অসমীয়া যুৱকো জড়িত থকাৰ কথাৰ পৰা এই কথা প্ৰতীয়মান হৈছেযে সমগ্ৰ বিষয়টো প্ৰচাৰ কৰি অহাৰ দৰে অসমীয়া বনাম বঙালীৰ সংঘৰ্ষ নাছিল। এতিয়া তদন্তৰ আউটিত থাকিলেও এটা কথা অনুমান কৰিব পাৰিযে ধনৰ লেনদেনৰ প্ৰসংগই এই মাৰ-পিটৰ মূল কাৰণ আছিল। প্ৰথমদিনা এই বাতৰিটো প্ৰচাৰ হওঁতে ধন দাবী কৰিবলৈ যোৱা প্ৰাক্তন আলফা সদস্যকেইজনে মাহকীয়া কিস্তিত নিয়মীয়াকৈ বৃহৎ পৰিমাণৰ ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছিল। পাছলৈ বান সাহাৰ্য দাবী কৰিবলৈহে যোৱা বুলি কৈফিয়ৎ দিয়া হয় যদিও কোনো কাৰণ নোহোৱাকৈ বান সাহাৰ্যৰ বাবে বৰঙণি সংগ্ৰহ কৰিবলৈ যোৱা কোনো ব্যক্তিক এইদৰে ব্যৱসায়ীয়ে প্ৰহাৰ কৰাটো বিশ্বাস কৰিবলৈ টান লাগে। কেৱল অবাঞ্চিত আৰু বলপূৰ্বক ধন দাবীৰ ক্ষেত্ৰতহে এনে ঘটনা সংঘটিত হ’ব পাৰে। কেৱল থলুৱা যুৱক হ’ল বুলিয়েই কোনো মানুহৰে আন মানুহৰ পৰা বলপূৰ্বক ধন দাবী কৰাটো কেতিয়াও সমৰ্থনযোগ্য হ’ব নোৱাৰে।

এই ঘটনাটোৰ পাছত প্ৰহাৰৰ সন্মুখীন হোৱা প্ৰাক্তন আলফা সদস্য কেইজনৰ প্ৰতি মানুহৰ অনুকম্পা আৰু সহানুভূতি মনকৰিবলগীয়া আছিল। গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন আলফা সদস্য এজনক মুকলি কৰাৰ দাবীত অসমৰ বিভিন্ন প্ৰান্তৰৰ পৰা গৈ আলফাৰ লগত জড়িত ব্যক্তিসকলে নগাওঁত প্ৰতিবাদ সাব্যস্ত কৰিলে। কেইদিনমানতে এনে এক ধাৰণাৰ সৃষ্টি হ’ল যেন বহিৰাগত বঙালীৰ কাৰণে অসমীয়াৰ অস্তিত্বই বিপন্ন হৈ পৰিছে। ৰাতিৰ ভিতৰতে কেইজনমান সশস্ত্ৰ সংগ্ৰামী জাতীয়তাবাদী গণতান্ত্ৰিক আন্দোলনৰ নেতা হৈ পৰিল। কোৱা হ’লযে অসমত থলুৱাৰ প্ৰভূত্ব বজাই ৰাখিবলৈ হ’লে সকলো অসমীয়া ৰাজপথলৈ ওলাব লাগিব, প্ৰয়োজন হ’লে ন-পুৰণি সশস্ত্ৰ সংগ্ৰামীসকলৰ নেতৃত্বত বিশাল গণ আন্দোলন কৰিব লাগিব। অসমৰ চুকে কোণে প্ৰতিবাদী সমদল উলিওৱা হ’ল। বাট পথ অৱৰোধ কৰি প্ৰতিবাদী সভা অনুস্থিত কৰা হ’ল। সৌসিদিনা থলুৱাৰ প্ৰভূত্ব ৰক্ষাৰ দাবীত দীঘলীপুখুৰীৰ পাৰত তিনিগৰাকী মহিলাই মুণ্ডনো কৰোৱালে। অসমৰ ৰাজপথত উচ্চাৰিত হ’ল “আলফা জিন্দাবাদ”, “পৰেশ বৰুৱা জিন্দাবাদ” ধ্বনি। ক্ৰমাৎ অপ্ৰাসংগিক হৈ পৰা সশস্ত্ৰ সংগ্ৰামীসকলে আকৌ বাতৰি কাকতৰ শিৰোনাম অধিকাৰ কৰিলে।

আমি অসমীয়াসকল অতি আবেগিক জাতি। ধানখেৰৰ দৰে মুহূৰ্ততে জ্বলি উঠা আমাৰ আবেগে বহুসময়ত বাস্তৱ অনুধাৱন কৰিবলৈ নিদিয়ে। আমাৰ মাজত থকা সুপ্ত জাতীয়তাবাদ মাজে সময়ে উগ্ৰ ৰূপত উদ্গাৰিত হয় আৰু আনলৈ আঙুলি টোঁৱাবলৈ আমি প্ৰৰোচিত হওঁ। কিন্তু অসমত অসমীয়া তথা থলুৱাৰ প্ৰভূত্ব ৰক্ষা কৰিবলৈযে ৰাজপথৰ আন্দোলনৰ নহয়, কৰ্ম আন্দোলনৰহে প্ৰয়োজন আছে সেই কথা আমি এতিয়াও অনুভৱ কৰিব নোৱাৰিলোঁ। আমি অতি আবেগিকভাৱে অসম আন্দোলন কৰিলোঁ, ৮৫৫ জন শ্বহীদে নিজকে আহুতি দিলে। কিন্তু আমাৰ আবেগিক আন্দোলনে তিনি দশকৰ পাছতো অসমৰ বিদেশী খেদিব নোৱাৰিলে। আমি এতিয়াও এই কথা বুজিবলৈ টান পাওঁযে আমাৰ আবেগিক আন্দোলনে কেতিয়াও অসমত থলুৱাৰ প্ৰভূত্ব ৰক্ষা কৰিব নোৱাৰে। আমি বাৰে বাৰে আনে পতা আবেগৰ জালত ভৰি দি নিজৰ সৰ্বনাশ কৰি আহিছোঁ। থলুৱাৰ আবেগেৰে বিবেচনা কৰিবলৈ গৈ আমি পাহৰি গৈছোঁযে আমি পৰোক্ষভাৱে বলপূৰ্বক ধন সংগ্ৰহৰ দৰে কামৰ প্ৰতি নৰম মনোভাৱ পোষণ কৰিবলৈ লৈছোঁ। ব্যৱসায়ীৰ পৰা থলুৱা ডেকাই বলপূৰ্বক আদায় কৰা প্ৰতিটো টকাই আওপকীয়াকৈ আমিয়েইযে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ৰূপত ভৰিবলগীয়া হয় সেই কথা আমি অনুধাৱন কৰিব পৰা নাই। আমি সচেতন হোৱা উচিতযে, থলুৱা হ’লেও কোনো দল সংগঠনক অনাহকত পোহ পাল দি ৰখাৰ আমি ঠিকা লৈ থকা নাই।

থলুৱাৰ প্ৰভূত্ব ৰক্ষা কৰিবলৈ হ’লে আমি নিজকে সেই প্ৰভূত্ব বজাই ৰখাৰ বাবে উপযুক্ত কৰি তুলিব লাগিব। বহিৰাগতই কৰা কামবোৰ কৰিবলৈ আমি নিজকে যোগ্য কৰিব লাগিব। শাৰীৰিক পৰিশ্ৰমৰ কামত বহিৰাগতৰ ঠাই থলুৱা যুৱকে ল’ব লাগিব। চান্দা বৰঙণি সংগ্ৰহ কৰি সহজলভ্য ধনেৰে জীৱন নিৰ্বাহ কৰাৰ মোহৰ পৰা নিজকে মুকলি কৰি কৰ্মক্ষেত্ৰত খোজ পেলাব লাগিব। কেৱল চাকৰিমূখী নহৈ, ব্যৱসায় বাণিজ্যত মনোনিৱেশ কৰি, নিজৰ দক্ষতা বিকাশ কৰি স্বনিয়োজিত হ’বলৈ আগবাঢ়িব লাগিব। যেতিয়ালৈ থলুৱা মানুহে সৰু বৰ কামৰ বাবে বহিৰাগতৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব, তেতিয়ালৈ থলুৱাৰ প্ৰভূত্ব কেতিয়াও ৰক্ষা হ’ব নোৱাৰে। আজিৰ বিশ্বায়নৰ যুগত, থলুৱা মানুহে বহিৰাগতৰ লগত সমানে ফেৰ মাৰিব নোৱাৰিলে কেৱল ‘থলুৱা’ পৰিচয়ৰ জোৰত কেতিয়াও নিজৰ প্ৰভূত্ব ৰক্ষা কৰিব নোৱাৰে। থলুৱা বুলি বিশেষ সুবিধা দাবী কৰাৰ দিনো এতিয়া উকলিল।

এইখিনিতে আমি এই কথা পাহৰি গ’লে নহ’বযে অসমৰ কেইবাখনো জিলাত বাংলা ভাষী মানুহ সংখ্যাগৰিষ্ঠ হৈ পৰিছে। স্বাধীনতাৰ সময়ত বংগদেশৰ বাংলাভাষী ছিলেট জিলাৰ এটা অংশ অসমৰ লগত চামিল হোৱাৰ বাবে অসমত বুজন সংখ্যক বাংলাভাষী মানুহ আছে। পূৰ্ব বংগীয় মূলৰ নামনি অসমত বাস কৰা মুছলমান সকলে অসমীয়া ভাষা গ্ৰহণ নকৰাহ’লে আৰু লোকপিয়লত মাতৃভাষা অসমীয়া বুলি ঘোষণা নকৰা হ’লে অসমত কেতিয়াবাই বাংলাভাষী সংখ্যাগৰিষ্ঠ হ’লহেতেন। অসমত অসমীয়া আৰু বঙালী এই দুই বৃহৎ জনগোষ্ঠীৰ মানুহ বহুযুগ ধৰি সমিলমিলেৰে বাস কৰি আহিছে। ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰা অসমীয়া আৰু বঙালী সম্প্ৰদায়ৰ মাজত এই মিলা প্ৰীতি অতীজৰে পৰা বৰ্তি আছে। মাজে মাজে সংঘাটৰ পৰিৱেশৰ সূচনা হ’লেও দুই পক্ষৰ উমৈহতীয়া প্ৰচেষ্টাত অসমত অসমীয়া বঙালীৰ ভাতৃঘাটী সংঘৰ্ষ অতি বিৰল।

নগাওঁত সংঘটিত হোৱা ঘটনাটোক সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ দিবলৈ কৰা চেষ্টা ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত হ’ব পাৰে। বৰ্তমানৰ সংবাদ মাধ্যমসমূহেও বিভিন্ন ৰাজনৈতিক শক্তিৰ প্ৰভাৱত উদ্দেশ্যপ্ৰণোদিত বাতৰি প্ৰচাৰ কৰে। আমি সাধাৰণ মানুহে মাথোন এটা কথা মনত ৰাখিব লাগিব, সমাজত সকলো সম্প্ৰদায়ে মিলা প্ৰীতিৰে বাস কৰাৰ গত্যন্তৰ নাই। সাম্প্ৰদায়িক বিদ্বেষে আমাৰ সমাজখন থান বান কৰি পেলোৱাৰ পৰা ৰক্ষা কৰিব লাগিব। লগতে এই কথাও মনত ৰাখিব লাগিবযে বহিৰাগতৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিলেই থলুৱাৰ প্ৰভূত্ব ৰক্ষা নপৰে। বৰং বহিৰাগতৰ হাতৰ কাম নিজৰ হাতলৈ অনাৰ ওপৰতহে থলুৱাৰ প্ৰভূত্ব ৰক্ষা পৰাটো নিৰ্ভৰ কৰিছে।

No comments:

Post a Comment