সাম্প্ৰতিক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চৰকাৰী আদৰ্শ মহাবিদ্যালয়ঃ
 নামাকৰণ বনাম পুনঃনামাকৰণৰ ৰাজনীতি
অজয় লাল দত্ত


বিগত সময়চোৱাত কিদৰে অসমত চৰকাৰী পৃষ্ঠপোষকতাত স্থাপিত কলেজৰ নামাকৰণৰ প্ৰসংগক লৈ বিতৰ্ক আৰু তাৰ পাছৰ প্ৰতিবাদ হ'ল, সকলোৱেই দেখিলে। এতিয়া সেই ঢৌ মাৰ নৌযাওতেই ছাত্ৰ-মু্ক্তিৰ প্ৰতিবাদী ছাত্ৰৰ দলে গৈ বলপূৰ্বক ভাৱে সেই মহাবিদ্যালয়ৰ পুনঃ নামাকৰণৰ বাবে ফলক আঁৰি দিয়াক লৈ নতুনকৈ আলোচনাৰ জোৱাৰ সৃষ্টি হৈছে।
তাৰ মাজতে, আজি টিভিৰ পৰ্দাত প্ৰচাৰ কৰা দেখিলো যে বিটিএডিত বিধায়ক সকলৰ দাবী মৰ্মে চাৰিখনকৈ দীনদয়াল কলেজ স্থাপন কৰা হব! এই ঘোষণা কালিৰ ঘটনাৰ পাছত নতুনকৈ কৰা হৈছে। এয়া কোনো প্ৰতিবাদক পৰোৱাই নকৰো ধৰণৰ স্থিতিৰ ঘোষণাই নহয়নে? যিহেতু দিল্লীৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা আপত্তি বিভাগে, এগৰাকী প্ৰৱক্তাৰ চিঠিৰ উত্তৰত এই কথা পূৰ্বতেই স্পষ্ট কৰিয়েই দিছে যে, যিবোৰ অঞ্চলত শৈক্ষিক অনগ্ৰসৰতাৰ হাৰ অধিক, তাত কেন্দ্ৰীয় চৰকাৰৰ আঁচনি মতে 'চৰকাৰী পৃষ্ঠপোষকতাত' স্থাপিত হব কিছু আদৰ্শ মহাবিদ্যালয় আৰু এই মহাবিদ্যালয় সমূহৰ নামাকৰণ ৰাষ্ট্ৰজুৰি বা ৰাজ্যজুৰি একে অথবা এজন মনিষীৰ নামেৰে বা শব্দৰে হব লাগিব বুলি কোনো নীতি ৰাষ্ট্ৰীয় স্তৰত ঘোষিত হোৱা নাই (বাতৰি কাকত পূৰ্বতে সবিশেষ প্ৰকাশো হৈছে)।


মন কৰিব লগীয়া যে, অসমৰ বাহিৰে আন ৰাজ্যত ভেন্সাৰ স্কুল তথা ভেন্সাৰ কলেজ স্থাপনৰ থলুৱা তথা ৰাজহুৱা উদ্যমৰ মডেল নাইয়েই। আন ৰাজ্যত ট্ৰাষ্ট অথবা বেলেগ ন্যাস বা সংগঠনে স্থাপন আৰু পৰিচালনা কৰা শিক্ষানুষ্ঠানহে সৰহ আৰু বাকীবোৰ চৰকাৰী অথবা নগৰপালিকাৰ স্কুল বা শিক্ষানুষ্ঠান। আমাৰ দৰে অসমত মাটি দান কৰি, বাঁহ কাঠ তুলি, হুঁচৰি গাই, চান্দা তুলি, থিয়েটাৰ আনি পুঁজি গোটাই শিক্ষানুষ্ঠান পাতি শিক্ষা বিস্তাৰৰ বাবে ৰাইজে নিজে হাতে কামে লগাৰ উদাহৰণটো অতি একক। অসমত চৰকাৰী পৃষ্ঠপোষকতাত স্থাপিত স্কুলৰ সংখ্যা অতি নগন্য। কেইখনমান সাধাৰণ দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীক উন্নত শিক্ষা সুনিশ্চিত কৰাৰ লক্ষ্যৰে আৱাসিক এনভি, কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়াল তথা উদ্যোগ সমূহৰ সৰ্বভাৰতীয় ট্ৰেন্সফাৰেবল চাকৰিৰ সৈতে সুবিধা হোৱাকৈ কেন্দ্ৰীয় বিদ্যালয় আৰু সৈনিক স্কুলখন। এয়াই হৈছে চৰকাৰে বীজ ৰোৱা স্কুলৰ উদাহৰণ। তাৰ বাহিৰে বাকীবোৰ ৰাইজে পতাহে। একেদৰেই বৃটিছৰ দিনত চৰকাৰে পতাৰ বাহিৰে, প্ৰায়বোৰ কলেজো ৰাইজে পতাহে। চৰকাৰী পৃষ্ঠপোষকতাত পতা আৰম্ভণিৰে পৰা আন্তঃগাঁঠনি সম্পূৰ্ণকৈ থকা কলেজৰ উদাহৰণ পূৰ্বতে নায়েই বুলিব পাৰি।

পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দিনতে দেশৰ বিভিন্ন অনগ্ৰসৰ ঠাইত সমীক্ষাৰ ভিত্তিত চলিত শিক্ষাৰ আন্তঃগাঁথনিৰে মানৱ সম্পদ বিভাগে স্থিৰ কৰা লক্ষ্য উপনীত হোৱাত বাধা অহাৰ কথা সমীক্ষাত প্ৰকাশ পাইছিল। তাৰ পাছতে দেশজুৰি সৰ্বশিক্ষাৰে স্কুল আৰু বিশেষকৈ উচ্চ শিক্ষাৰে কিছু চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰে। এয়া ২০১৩-১৪ চনৰ পৰা আৰম্ভ হোৱা প্ৰক্ৰিয়াহে। তেতিয়াৰ পৰা ভূমি অধিগ্ৰহণ, ভৱন নিৰ্মাণ আদিৰ নিবিদা, নিৰ্মাণ আদি প্ৰক্ৰিয়াৰে গৈ এই চৰকাৰৰ দিনত নিযুক্তি আৰু শুভাৰম্ভ কৰাৰ দায়িত্ব আহি পৰিছে। গতিকে বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে দম্ভ সূচক ভাৱে তেওঁ অথবা তেওঁৰ বৰ্তমানে আশ্ৰিত দলৰ চৰকাৰে এই কলেজ সমূহ খুলিছে বুলি কোৱা কথাটো সম্পূৰ্ণ সত্য নহয়! কংগ্ৰেছ চৰকাৰে স্থাপন কৰা কলেজ সমূহৰ দুৱাৰ মুকলিৰ ব্যৱস্থাহে এই চৰকাৰে কৰিছে বুলিলেহে বেছি শুদ্ধ হব! অৰ্থাত স্থাপন নহয়, নিযুক্তি আৰু নামাকৰণহে এই চৰকাৰৰ কৃৰ্তিত্ব।

বিগত সময়চোৱাত, অসমৰ বৌদ্ধিক জগতত তথা বাতৰিকাকত, টিভিৰ মাধ্যমত তথা প্ৰতিবাদৰ ঢলত এই কথা স্পষ্ট হৈ পৰিছে, যে ৰাষ্ট্ৰীয় কোনো নীতিৰ অবৰ্তমানত এগৰাকী বিশেষ ব্যক্তিৰ নামেৰে সকলো মহাবিদ্যালয়ৰ নামাকৰণ কৰা হবই, আমি দৰমহা দিম, আমি নামাকৰণ কৰিম বুলি এগৰাকী বিশেষ নেতাইহে আগভাগ লৈ ঘোষণা কৰি ফুৰিছে। দেখি, শুনি আৰু তাৰ পাছৰ ঘটনাৰাজি দেখি, এই কথা সকলোৱেই বুজিছে যে, এই ৰাজ্যজুৰি নামাকৰণৰ ঘোষণা সেই ব্যক্তিবিশেষৰ ৰাজনৈতিক তোষামোদৰ অভিলাষপূৰণৰহে ফল! সৃষ্টি হোৱা বিতৰ্ক আৰু প্ৰতিবাদে কিন্তু সেই কথা স্পষ্ট কৰি দিলে। তথাপি ৰাজহুৱা দল-সংগঠনৰ প্ৰতিবাদ স্বত্বেও সেই বিভাগে বা চৰকাৰে স্থিতি সলোৱা পৰিলক্ষিত নহল। তাৰ পৰিবৰ্তে, সেই নামেৰেই নামাকৰণ কৰা আদৰ্শ মহাবিদ্যালয় মুকলিক প্ৰচাৰ আৰু প্ৰপাগাণ্ডাৰে ৰাজহুৱা মতৰ প্ৰতি ভ্ৰুকুটি প্ৰকাশ কৰিলে। ফলত তাৰো প্ৰতিবাদকাৰী আছে, প্ৰতিবাদকাৰীৰো বেলেগ বেলেগৰ চোক বেলেগ বেলেগ আৰু সেইমতে সুবিধা পাই সেই কলেজৰ ফলকত ক'লা চিঞাঁহী লগাই অসমৰ স্থানীয় পুৰোধা ব্যক্তিৰ নামেৰে ফলক ওলমালে! এইয়া প্ৰতিবাদৰ উচিত উপায় হয় নে নহয় সেইয়াও এক বিতৰ্কৰ বিষয়।

কিন্তু পূৰ্বৰ বিতৰ্কৰ জোৱাৰতে সকলোৱেই অনুমান কৰিব পাৰিছিল যে এনে দিন সমাগত যে এনে দাম্ভিক ঘোষণাৰে কৰা নামাকৰণৰ ফলক কোনোবাই নহয় কোনোবাই আঁতৰাব। আৰু অনাহক বিতৰ্কৰ মাজলৈ আনি এগৰাকী ৰাষ্ট্ৰীয় দলৰ প্ৰতিষ্ঠাপক সম্পাদকক আচলতে এই নেতাসকলে মানুহৰ মনত স্থান উন্নত কৰিলে নে, ক'লা চিয়াঁহী সানিব লগা পৰিবেশৰ সৃষ্টি কৰিবলৈ সুবিধা দি অৱনত কৰাৰ ব্যৱস্থা কৰিলে। বিশ্বস্ত সূত্ৰ অনুসৰি ৰাজনৈতিক দলটোৰ পিতৃ সামাজিক-সাংস্কৃতিক সংগঠনটোৰ মতেও প্ৰতিষ্ঠাতাৰ আদৰ্শহে ৰাইজৰ মাজলৈ দিয়াৰ উদ্দেশ্যহে ফলৱতী হব লাগে। নামাকৰণৰ ৰাজনীতি তথা অনাহূত বিতৰ্কক লৈ সংগঠনটোৰ ভিতৰতো বিৰূপ প্ৰতিক্ৰিয়াৰহে সৃষ্টি হৈছে।



আজি টিভিৰ পৰ্দাত প্ৰচাৰ কৰি থকা মতে বিধায়কৰ দাবী অনুসৰি বিটিএডিত চাৰিখনকৈ দীনদয়াল কলেজ স্থাপন কৰা হব। আচলতে নামাকৰণ যিয়েই নহওক, চৰকাৰী পৃষ্ঠপোষকতাত চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ দাবীহে বিধায়ক সকলেও কৰিছে চাগৈ আৰু সেয়া তেওঁলোকৰ নিজা সমষ্টিৰ প্ৰতি দায়বদ্ধতাৰ পৰিচায়কহে। সেই দাবীকো কেৱল অমুক নামেৰে ব্ৰেণ্ডিং কৰা আদৰ্শ মহাবিদ্যালয়হে বিচাৰিছে বুলি কৰা প্ৰপাগাণ্ডা উদেশ্যপ্ৰণোদিত আৰু বিভ্ৰান্তিমূলকহে।


এটা দলে নিজা দলৰ প্ৰতিষ্ঠাপকৰ নামেৰে ফলক লগাই কোনো প্ৰতিষ্ঠানৰ নামাকৰণ কৰিছে, তাত প্ৰতিবাদৰ নামত কালি এজাকে ক'লা চিঞাহী সানিছে। প্ৰতিবাদৰ নামত এই পদক্ষেপক প্ৰশংসা কৰিলে কিন্তু পৰহিলৈ ৰাষ্ট্ৰীয় দলৰ সদস্যই যদি পুনঃনামাকৰণত ব্যৱহাৰ হোৱা থলুৱা নেতাৰ ফলক নমাই বা চিয়াঁহী সানে, তেতিয়াও জানো প্ৰশংসা কৰিব নালাগিব! সেয়ে নামাকৰণ আৰু পুনঃ নামাকৰণৰ এনে টনা-টনিৰ ৰাজনীতিত মহিষী সকলৰ নামত ক'লা চিঞাঁহী সনাৰ পৰম্পৰা আৰম্ভ হোৱাটো প্ৰকৃতপক্ষেই বাৰণ কৰিব লাগে। এনে পৰিবেশৰ সৃষ্টি কাৰ সিদ্ধান্ত বা আঁকোৰগোজ স্থিতিৰ বাবে হৈছে, সেই কথাও ৰাইজে অনুধাৱন কৰিব লাগে। 

ৰাষ্ট্ৰীয় নেতাৰ নামেৰেও মহাবিদ্যালয় স্থাপন কৰাৰ সমানুপাতিক ভাৱে স্থানীয় মহিষী, জাতি-জনগোষ্ঠীয় নেতা, শ্বহীদ, সংগ্ৰামী, বৰেণ্য অসমীয়া সকলৰ নামেৰও চৰকাৰী স্কুল কলেজৰ নামাকৰণ হওক। ৰাইজেও তাকেই বিচাৰিছে। ৰাইজৰ মতক সন্মান কৰি চলিলেই চৰকাৰে প্ৰশংসাহে পাব আৰু পিতৃ সংগঠনেও চৰকাৰখনে সন্মান লাভ কৰাটোকেই বিচাৰে। উচ্চ শিক্ষাৰ আন্তঃগাঁঠনি উন্নয়নৰ বাবে আৰু ব্যাপক হাৰত চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ স্থাপন হওক আৰু অসম উচ্চ শিক্ষাৰ ক্ষেত্ৰত অগ্ৰণী হওক। এয়াহে হওক লক্ষ্য, অনাহূত নামাকৰণৰ বিতৰ্কৰ দৰে তুচ্ছ কথাত ৰাইজৰ সময় সমল খৰছ নহওক। চৰকাৰেও ৰাইজৰ মনৰ কথা বুজি কাম কৰি প্ৰশংসা বুটলিব লাগিব, তাৰ বাহিৰে যে গণতন্ত্ৰত গত্যন্তৰ নাই, সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment